৬ষ্ঠ বছৰ (দ্বিতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

মিচিং জনগোষ্ঠীৰ লোকগীত, এক চমু অৱলোকন-(নিতুল নন্দন ৰেগন)

মিচিং জনগোষ্ঠীৰ লোক জীৱনৰ আশা-প্ৰত্যাশা, আৱেগ-অনুভূতি, কামনা-বাসনা, প্ৰকৃতি প্ৰেম আদিক চহা মনৰ চহা ভাষাৰে গাঁঠি দিয়া সুৰীয়া আৱেদনক মিচিং লোকগীত আখ্যা দিব পাৰি। এনে সুৰীয়া আৱেদনৰ কাহিনীমূলক গীতক মালিতা বা বেলাড হিচাপে চিহ্নিত কৰিব পাৰি। মিচিং লোকগীতৰ মাজেৰে বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাই জীৱন্ত ৰূপত প্ৰকাশ পায়। মিচিং লোকগীতত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্য, সৰু বৰ জীৱৰ জন্মৰ কাহিনী আদিয়েও ঠাই পায়। মানৱীয় প্ৰেমৰ কথা অৰ্থাৎ নাৰী-পুৰুষৰ প্ৰেমৰ মাজেৰে সন্মুখীন হোৱা ঘাট-প্ৰতিঘাটৰ বিষয়েও স্বতঃস্ফূৰ্ত ভাৱে প্ৰতিফলিত হয়।

মিচিং ভাষাত গীত বা সংগীতক নিঃতম বুলি কোৱা হয়। মিচিং লোকগীতক অনন্য মাত্ৰা প্ৰদান কৰা কাহিনী মূলক গীত হৈছে আংবাং নিঃতম বা আঃবাং গীত। আঃবাং নিঃতম বা গীত মিচিং সকলৰ আটাইতকৈ পুৰণি আৰু মাঙ্গলিক কৰ্মত ব্যৱহাৰ হোৱা তাত্বিক অথবা দাৰ্শনিক ভাৱ গভীৰতা বিশিষ্ট গীত। এনে গীতত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আৰম্ভণি, জীৱ-জগতৰ সৃষ্টিতত্ব, অপদেৱতাৰ দৌৰাত্ম্য, জাতিগোষ্ঠীৰ বিচাৰ আদিয়েই মূল বিষয়বস্তু। আঃবাং গীতৰ মন কৰিবলগীয়া এটা বৈশিষ্ট্য এই যে, গীতৰ মাজেৰে প্ৰকাশ পোৱা ভাব অতি গভীৰ, তত্বমূলক আৰু অলৌকিক ভাবৰ প্ৰকাশ। আঃবাঙৰ ভাষা জটিল, সাধাৰণ মানুহৰ বোধগম্য নহয়‌। আঃবাঙক মিচিং সমাজৰ শাস্ত্ৰ হিচাপেও অভিহিত কৰিব পাৰি।

মিচিং লোকগীতৰ পথাৰক সমৃদ্ধ কৰা অন্য এক কাহিনীমূলক গীত হৈছে কাবান। কাবান একপ্ৰকাৰ বিৰহ-বেদনাৰ গীত, আশাভংগ হ’লে স্বতঃস্ফূৰ্ত ভাবে বিষাদ প্ৰকাশ পোৱা গীত। কাবানক অসমীয়াত বিননি বুলি আখ্যা দিব পাৰি। কাবানৰ মাজেৰে লোক মনৰ দুখ যন্ত্ৰণাক কাৰুণ্যৰ পোছাক পিন্ধাই দিয়া লোকগীত। কাবান গীত সমূহ দঃব কাবান, মেঃব কাবান আৰু দঃয়িং কাবান আদি ভাগত বিভক্ত কৰিব পাৰি।
দঃব শব্দৰ অৰ্থ হৈছে যুৰীয়া, যুৰীয়া জীৱনৰ পৰা বিচ্ছেদিত হৈ অকলশৰীয়া অনুভৱে মনৰ মাজত গুজৰি গুমৰি ধুমুহাৰ সৃষ্টি কৰা কাৰুণ্য সুৰৰ প্ৰকাশ।

মেঃব শব্দটোৱে য়াঃমে মূল শব্দটিৰ পৰা আহিছে, য়াঃমে অৰ্থাৎ ডেকাকাল বা যৌৱন কাল। ডেকা বয়সত নাৰী পুৰুষে বিভিন্ন ৰঙীন সপোনেৰে মালা গাঁথে, মিলন বাসনা পুহি ৰাখে। এনে আশা, কল্পনা বা সপোনবোৰে জীৱনৰ মাজবাটতে যেতিয়া লগ এৰা দিয়ে তেতিয়া তেনে মূহুৰ্তত অতীত ৰোমন্থন কৰি ইনাই বিনাই বিৰষ প্ৰকাশ কৰে, এইয়াই মেঃব কাবান। মিচিং লোকগীতৰ পথাৰক জীপাল কৰাত দঃয়িং কাবান বা নিঃতমৰ ভূমিকা অপৰিসীম | দঃয়িঙৰ অৰ্থ হৈছে কাহিনী বা সাধু কথা। সমাজত ঘটি যোৱা সঁচা ঘটনাক সুৰ লগাই গীতৰ আকাৰে গাই গাই প্ৰকাশ কৰা কাহিনী মূলক গীতক দঃয়িং নিঃতম বুলি কোৱা হয়। মিচিং দঃয়িং নিঃতমৰ জড়িয়তে অতীতৰ ৰাজনৈতিক, সামাজিক আদিৰ বিষয়ে কিছু আভাস পোৱাত সহায় কৰে। তেনে নিঃতমক চহা মনৰ কবিয়ে নিজস্ব প্ৰতিভাৰ পৰিচয় দাঙি গাঁৱে-ভূঞে মৌখিক ৰূপত পৰিৱেশন কৰে। জনমানসত সমাদৰ লাভ কৰা উল্লেখযোগ্য দঃয়িং নিঃতম সমূহৰ ভিতৰত গেলা গামৰ দঃয়িং নিঃতম, বিনোদ পিপলিৰ নিঃতম, দাময়কৌ নিঃতম আদি। দঃয়িং নিঃতমত অস্বাভাৱিক মৃত্যুৰ কথাই বিশেষ বৰ্ণনা পোৱা যায়। গেলা গামৰ নিঃতমত এজন ওখ ডাঙৰ দীঘল বলবান মানুহৰ অৱয়ব বৰ্ণনা কৰিছে। বৃটিছৰ সময়ত ঘটনা এটাৰ পাকচক্ৰত পৰি কলিয়াপানীত নিৰ্বাসন দিয়া হৈছিল। সেই ঘটনাক লৈ এটি গীতৰ সৃষ্টি হৈছিল সেইয়াই হৈছে গেলা গামৰ নিঃতম। দাময়কৌ নিঃতমত এজনী অমায়িক মৰমলগা গাভৰু ছোৱালীৰ কথা বৰ্ণনা পোৱা যায়। সৰ্প দংশনত অকালতে মৃত্যুক আকোৱালি ল’ব লগা ঘটনাক কেন্দ্ৰ কৰি লোকমনৰ কবিয়ে গোৱা কৰুণ গীতকে দাময়কৌ নিঃতম বুলি জনা যায়। বিনোদ পিপলিৰ নিঃতমত এহাল প্ৰেমিক প্ৰেমিকাৰ কৰুণ শেষ পৰিণতিৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়। পণ্ডিতৰ মহলৰ মতে বিনোদ পিপলিৰ নিঃতমৰ সৃষ্টিৰ সময় ১৯২০ ৰ পৰা ১৯৪০ ৰ ভিতৰত বুলি মত পোষণ কৰে। বৃটিছৰ কাঠৰ মিলত কৰ্মচাৰী হিচাপে কৰ্মৰত অনামিচিং বিনোদ আৰু কাঠক মিলখনৰ ওচৰৰ মিচিং গাঁৱৰ গাভৰু পিপলিৰ প্ৰেম কাহিনীক সজীৱ কৰা নিঃতম জনমানসত জনপ্ৰিয়। পৰম্পৰা, জাত পাতৰ বিচাৰত দুয়োৰে ভালপোৱাৰ মাজত হেঙাৰ হিচাপে ঠিয় দিছিল। এনে জটিল সন্ধিক্ষণত দিশহাৰা হৈ দুয়ো এদিন আলি-আঃয়ে-লৃগাঙৰ নিশা আত্মহত্যাৰ দৰে কঠিন পথ বাছি ল’ব লগা হৈছিল। সমগ্ৰ ঘটনাটোক মানুহৰ মুখে মুখে কাৰুণ্য সুৰেৰে প্ৰবাহিত কৰিছিল অনামী গায়ক শিল্পীয়ে ‌। কালক্ৰমত এনে নিঃতম সমূহৰ পৰবৰ্তী ৰূপ হিচাপে অইনিঃতমৰ প্ৰকাশ ঘটিছে। কাবান, দঃয়িং নিঃতম আদিৰ সংমিশ্ৰণে প্ৰেম ভাল পোৱা, বেদনাক নতুন সুৰীয়া লহৰত জনমানসত প্ৰতিষ্ঠা লাভ কৰে বৰ্তমান সময়ৰ অতি জনপ্ৰিয় গীত বা নিঃতম অইনিঃতম।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *