গণপ্ৰহাৰ, গণউন্মাদনা আৰু কিছু চিন্তা (মনোৰঞ্জন বৰদলৈ)
যি কোনো মৃত্যুৱেই অসহনীয় আৰু যি কোনো হত্যাই নিন্দনীয় তথা অক্ষমনীয়। তাতে যদি সেই মৃত্যু হিতাহিত জ্ঞানশূণ্য উন্মত্ত জনতাৰ জিঘাংসাৰ ফলস্বৰূপে হয়, সি আৰু বেদনাদায়ক। যোৱা কিছুদিন ধৰি অসমত এই জাকৰুৱা আক্ৰমণৰ দূৰ্ঘটনা উদ্বেগজনকভাবে বৃদ্ধি পাইছে। বিগত দুটা বছৰত অভিজিত্-নিলোত্পল, দেবেন দত্তৰ পাছতে শেহতীয়াকৈ সনাতন ডেকা, পৰাগজ্যোতি নেওঁগ আৰু দেৱাশীষ গগৈ উন্মত্ত জনতাৰ জিঘাংসাৰ বলি হ’ব লগা হৈছে। মৰিয়াই মৰিয়াই লোক এজনক মাৰি পেলাব পৰা এইধৰণৰ নাৰকীয় ঘটনাই সচেতন মহলৰ মন-মগজু জোকাৰি গৈছে, সামাজিক মাধ্যমত এইসমূহ দূৰ্ঘটনাৰ সম্পৰ্কে সৰৱ আলোচনা-প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। প্ৰতিটো ঘৃণনীয় হত্যাকাণ্ডৰ পাছতে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন হৈছে, কিন্তু এই ধৰণৰ ঘটনা কমক চাৰি দিনে দিনে বাঢ়িছেহে। কিয় এনে হৈছে? এই সমূহ ঘটনা ৰোধ কৰাৰ কোনো ফলপ্ৰসূ ব্যৱস্থা নাই নেকি? অপ্ৰিয় হ’লেও সত্য যে অপৰাধ প্ৰৱণতা মানুহৰ এক জিনীয় পৰিঘটনা। ক্ৰমবিকাশৰ বিভিন্ন পৰ্যায় অতিক্ৰম কৰি মানৱ সমাজে সভ্য ৰূপ পালেও জিনীয় গঠনত বৰ্বৰতা লুপ্ত হৈ যোৱা নাই। সেয়েহে সুযোগ-সুবিধা পালেই সভ্য মানুহৰো জান্তৱ প্ৰবৃত্তি জাগ্ৰত হৈ উঠে। আচলতে সেই সুপ্ত (লুপ্ত নহয়) বৰ্বৰ প্ৰবৃত্তিক অৱদমিত কৰি শৃংখলিত আৰু সুসংহত ৰূপ দিব পৰা কলাটোৰ আয়ত্বকৰণেই হৈছে সভ্যতা। সমাজৰ একাংশই এই কলাটোৰ লগত একাত্ম হ’ব পাৰিলে়ও আন একাংশই এতিয়াও তাক আত্মস্থ কৰিব পৰা নাই। শিক্ষা-দীক্ষা, সংস্থাপন, অৰ্থনৈতিক স্বাৱলম্বিতা, অন্ধবিশ্বাস-কুসংস্কাৰ, মাদক দ্ৰব্যৰ প্ৰভাৱ, সামাজিক পৰিৱেশ আদি বহুবোৰ কাৰক ব্যক্তিৰ অপৰাধ প্ৰৱণতা বৃদ্ধিৰ বাবে জগৰীয়া।সভ্যতাৰ কলা আয়ত্ব কিব নোৱাৰা, সংযমহীন আৱেগৰ বন্যাত উটি-ভাঁহি ফুৰা এচাম লোকেই সংঘটিত কৰে না না ধৰণৰ অসামাজিক কাৰ্য। জ্ঞান়শূণ্য, চিন্তাৰহিত এদল লোক একগোট হ’লে যিকোনো পৰ্যায়ৰ কুকৰ্ম কৰিবলৈ সাহসী হৈ উঠে। লী বন (Le Bon) নামৰ মনস্তাত্বিক বিশেষজ্ঞ এজনে ১৮৯৬ চনতে আগবঢ়োৱা এটি তত্বৰ মতে কোনো ব্যক্তি যেতিয়া এটা গোটৰ লগত চামিল হয়, ব্যক্তিজনে নিজস্ব পৰিচয় বিসৰ্জন দি গোটৰ পৰিচয়ৰ লগত বিলীন হৈ পৰে। গোটৰ প্ৰতিজন ব্যক্তিৰ “সন্মোহনী অৰ্ধচেতন” (Hypnosis of Trance) অৱস্থা প্ৰাপ্তি হয় আৰু সম্পূৰ্ণ গোটটোৱেই একক ব্যক্তিৰ দৰে আচৰণ কৰে। এনেধৰণৰ জ্ঞানশূণ্য ব্যক্তিসমষ্টিয়ে সাধাৰণতে গোটৰ ভিতৰতে এজন দলপতিৰ সন্ধানত থাকে যি ৰিং মাষ্টাৰৰ দৰে দলটোৰ মানসিকতাক পৰিচালিত কৰিব পাৰে। এনে অৱস্থাত সচেতন বা অচেতন ভাবে বাচি লোৱা দলপতিৰ মানসিকতাই গোটটোৰ উমৈহতীয়া মানসিকতা হৈ পৰে। ইয়াৰ পৰা এটা কথা নিশ্চিত হ’ব পাৰি যে সমূহীয়া অপৰাধজনিত কাৰ্যকলাপৰ নেপথ্যৰ মূল ধাৰণাটো ৰাজহুৱাভাবে অনেক মগজুত একেসময়তে উত্পাদিত ধাৰণা নহয়; ই একক মগজুত উত্পাদিত এটি ধাৰণাৰ সামূহিকীকৰণ ৰূপহে। সেয়েহে এনেধৰণৰ দূৰ্ঘটনাৰ অনুসন্ধান কালত এই বিষয়টোত দৃষ্টিপাত কৰাটো অতি প্ৰয়োজনীয়।আইনী সুৰুঙাৰে বা ৰাজনৈতিক পৃষ্ঠপোষকতাত দোষী ব্যক্তি সৰি যোৱাটো অসম মুলুকত এটা সাধাৰণ ঘটনাত পৰিণত হৈছে। এই অৱস্থাই অপৰাধপ্ৰৱণ মানুহখিনিৰ মনত বেপেৰুৱা ভাৱ এটা সৃষ্টি কৰা অস্বাভাৱিক নহয়। অপৰাধ কৰি শাস্তি নোপোৱাখিনি এই ক্ষেত্ৰত বেছি ভয়ংকৰ। অপৰাধ সংঘটিত কৰি নিৰপৰাধীৰ দৰে মুক্ত মনে ঘূৰি ফুৰিব পৰা ব্যৱস্থাটোৱে অপৰাধীসকলক পুণৰ অপৰাধ কৰিবলৈ উদগনি যোগায়। এই কথাটো আমাৰ আইনী আৰু গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতিয়েই ভাবুকিস্বৰূপ। এতিয়া কথা হ়’ল এই ধৰণৰ সামুহিক অপৰাধ প্ৰৱণতা ৰোধ কৰাৰ উপায় কি? আমাৰ বোধেৰে কেইবাটাও দিশৰ একাধিক কাৰ্যব্যৱস্থাৰ সফল ৰূপায়ণেহে এনে ধৰণৰ অপৰাধ ৰোধ কৰিব পাৰিব।প্ৰথম কথা হ’ল দোষীয়ে শাস্তি পাবই লাগিব। সেই পৰ্যায়ৰ শাস্তি যি শাস্তিত জনসাধাৰণ আশ্বস্ত হয় আৰু দোষী বা অপৰাধপ্ৰৱণ ব্যক্তিয়ে দ্বিতীয় বাৰ অপৰাধ কৰাৰ কথা ভাবিবলৈও ভয় খায়। প্ৰয়োজন সাপেক্ষে আইন কঠোৰ কৰা হওক যাতে দোষী ব্যক্তিয়ে দৃষ্টান্তমূলক শাস্তি পোৱাটো নিশ্চিত হয়। উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি, সজাগতা অভিযানেৰে অন্ধবিশ্বাস-কুসংস্কাৰ দূৰ কৰি সভ্যতাৰ এক সন্মানীয় স্তৰত এচাম লোকক উপনীত কৰাবলৈ এক সুসংহত পৰিকল্পনাৰ প্ৰয়োজন; তাতোকৈ বেছি প্ৰয়োজন সেই পৰিকল্পনাক বাস্তবায়িত কৰাৰ নিখুত আঁচনি। পৰিতাপৰ কথা যে পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ কথাটোত আমি পুতৌজনক ভাবে পাছপৰা। কল্যানকামী আঁচনিবোৰ যেতিয়ালৈকে কেৱল “চৰকাৰী আঁচনি” হৈ থাকিব তেতিয়ালৈকে আমি শৃংখলাপূৰ্ণ সমাজ এখনৰ আশা কৰাটো ভুল।আমাৰ স্কুলীয়া কালত নীতি-শিক্ষা নামৰ এখন পাঠ্যপুথি আছিল। উপমন্যু-আৰুণিৰ গুৰুভক্তি, কাছাবিয়াঙ্কাৰ পিতৃভক্তি আদি সদুপদেশমূলক কাহিনীৰে আমাৰ শৈশৱ মোহাচ্ছন্ন হৈ আছিল – যিয়ে নেকি হয়তো নৈতিকতা প্ৰমূল্যবোধৰ ভেঁটিটো কিছু দৃঢ়কৈ বান্ধিবলৈ সক্ষম হৈছিল। তদুপৰি সেইকালৰ সামাজিক পৰিৱেশত ঔচিত্যবোধৰ কটকটীয়া বান্ধোনেৰেও আমাৰ কৰ্ম-কাৰ্যক নিয়ন্ত্ৰণ কৰিছিল। কিন্তু বিশ্বায়নৰ পাছতেই দ্ৰুতগতিত সলনি হোৱা আজিৰ বান্ধোনহীন মুক্ত পৰিৱেশত নৈতিকতা ধোঁৱাচাঙত উঠিল। পাঠ্যক্ৰমৰ পৰা “নীতি-শিক্ষা”ৰ বহিষ্কাৰে ইতিমধ্যেই নৈতিকতা-প্ৰমূল্যবোধক অপ্ৰয়োজনীয় আবেগিক বিলাসত পৰিণত কৰিলে। পৰিকল্পিত ভাবে শৈশৱৰে পৰা মানবীয় প্ৰমূল্যবোধৰ পাঠ নিশিকা এচাম “জীৱ”ৰ পৰা আজিৰ সমাজত মানৱীয় নিদৰ্শন আশা কৰাটোও ভুল। সেয়েহে হয়টো বৰ্তমান সময়ত অনৈতিক দূৰ্ঘটনাবোৰ সুলভ হৈ পৰিছে। আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে বাসোপযোগী এখন সুস্থ সমাজ গঢ়ি যোৱাৰ স্বাৰ্থতেই সচেতন সমাজে কথাবোৰ দকৈ গমি চোৱা ভাল। অন্যথা ভৱিষ্যতৰ ইতিহাসে আমাকেই দোষাোপ কৰিব।