মনত ৰখা ভাল – (মূল – মনীষ আজাদ, অনুবাদ – কল্যাণী কোঁৱৰ)
[অনুবাদিকাৰ টোকা – ৰাজনৈতিক ভাৱে অতি সংবেদনশীল মনীষ আজাদৰ কবিতা সময়ৰ দলিল স্বৰূপ । প্ৰচলিত ধাৰাৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ আৰু মন মগজুক আলোড়িত কৰি তুলিব পৰা কবিতা। প্ৰতিটো কবিতাৰ কথাই যেন আমাক বৰ্তমানৰ সমাজ তথা ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি সদায় সজাগ আৰু সচেতন হৈ থাকিবলৈ সোঁৱৰাই থাকে।]
পাহৰি যোৱাটো সহজ
কিন্তু মনত ৰখাটো এক ধৰণৰ সংঘৰ্ষ
ঠিক দ কুঁৱাৰ পৰা পানী তোলাৰ দৰে
মনত পেলাওঁতে মুখত ফুটি উঠে সেই বিষাদ
যিদৰে মাটি কোৰোতে
চাবত উঠি আহে তলিৰ সেমেকা মাটি।
আজি যে আহি আমাৰ মূৰৰ ওপৰত বহি ললাহি
এইয়া আমাৰ পাহৰি যোৱাৰে পৰিণতি।
আমি পাহৰি গৈছিলোঁ সেই গোপন পথ
যি তোমাৰ অন্ধকাৰ গুপ্ত কোঠালৈকে যায়
সেই গুপ্ত কোঠা
ঘোপমৰা আৰু দুৰ্গন্ধময়
তাত তুমি এহাতে লিখিছিলা প্ৰাৰ্থনা পত্ৰ আৰু
আনখন হাতেৰে প্ৰস্তুত কৰিছিলা বিহগুটি।
সেই গুপ্ত কোঠালিৰ এখন দুৱাৰেদি ওলাইছিল
প্ৰাৰ্থনা পত্ৰ আৰু আনখনেৰে
এচিৰা এচিৰাকৈ বিহগুটি।
প্ৰাৰ্থনা পত্ৰবোৰ প্ৰেৰণ কৰা হৈছিল
সাত সমুদ্ৰৰ সিপাৰলৈ আৰু
বিহগুটিৰ চিৰাবোৰ
প্ৰতিৱেশীৰ পথাৰত পৰিছিল।
আমাৰ মাটিৰ উৰ্বৰতাৰ ওপৰত আমাৰ অগাধ বিশ্বাস
ভাবিছিলোঁ দুই চাৰিটা বিহগুটিৰ চিৰাই
মাটিৰ কি অনিষ্ট কৰিব!
আৰু আমি পাহৰি গ’লোঁ ……….
আমি পাহৰি গ’লোঁ
প্ৰাৰ্থনা পত্ৰ আৰু বিহগুটিৰ মাজৰ সম্পৰ্ক
মনুস্মৃতি জ্বলি গ’ল বুলি ভাবিছিলোঁ
ইয়াকো পাহৰি গ’লোঁ যে
সেই ঘোপমৰা আৰু দুৰ্গন্ধময় গুপ্ত কোঠাত
মনুস্মৃতিৰ ছপা কাম কেতিয়াও ৰৈ যোৱা নাছিল।
ভাবিছিলোঁ দেশ সংবিধান মতে চলি আছে
কিন্তু পাহৰি গ’লোঁ
ঠিক সংবিধানৰ তলেদিয়েই হাজাৰ লাখ মনুস্মৃতি
গাঁৱে গাঁৱে ঘৰে ঘৰে বিয়পি পৰিছে।
নিজৰ সপোনত বিভোৰ হৈ থাকি আমি
ভগত সিঙৰ সপোনটো পাহৰি গ’লোঁ
পাহৰি গ’লোঁ যে ইংৰাজ গুচি যোৱাটো
আমাৰ সুদীৰ্ঘ যাত্ৰাটোৰ এক বিৰতি ক্ষণ মাথো
সেইয়াই আমাৰ লক্ষ্য নহয়।
হয়, বিপ্লৱীসকলে নিশ্চিতকৈ সময়ে সময়ে
আমাৰ ‘স্মৰণ’ক গুলীৰে থকাসৰকা কৰিছিল
কিন্তু আমি তেওঁলোকক খাৰিজ কৰিছিলোঁ
‘লোকতন্ত্ৰ’ত তেওঁলোকৰ বাবে কোনো স্থান নাই বুলি কৈ
আমি শাসকৰ লগত মিলি বামপন্থী সকলক
মঞ্চৰ পৰা গতিয়াই বাহিৰ কৰি দিলোঁ
আৰু পাহৰি গ’লোঁ যে শাসকৰ চকুত আমিয়েই ‘বামপন্থী’
সিহঁতে এতিয়া আমাক মঞ্চৰ পৰা গতিয়াই বাহিৰ কৰি দিয়াৰ পূৰ্ণ প্ৰস্তুতি চলাইছে ।
এইটো পাহৰি যোৱাৰে শাস্তি যে
‘ভেল্কিবাজী’ সদৃশ সেই প্ৰাৰ্থনা পত্ৰখন
এতিয়া ‘সংবিধান’লৈ ৰূপান্তৰিত হ’ব ধৰিছে
মনুস্মৃতি এতিয়া দিনৰ পোহৰত ছপা হৈছে।
দুৰ্গন্ধময় ঘোপমৰা গুপ্ত কোঠালিৰ ঠাইত
এতিয়া বিশাল ভৱন থিয় কৰোৱা হৈছে
তাৰ পৰা এতিয়াও দুৰ্গন্ধ ওলাই আছে
আগতকৈ বহুগুণে বেছিকৈ
কিন্তু ইয়াৰ বিষয়ে চৰ্চা কৰাটো এতিয়া
‘ঈশ্বৰ নিন্দা’ হৈ পৰিছে
আৰু আমি …….
পাহৰি যোৱা দুৰ্গন্ধৰ মাজত থাকিম নে
মনত ৰাখি সংঘৰ্ষৰ মাজত থাকিম ……..
নিৰপেক্ষ বুলি কোনো পথ নাই কিন্তু ………