মনুবাদীসকলৰ বাবে ভাৰতীয় সংবিধান কিয় গ্ৰহণযোগ্য নহয় ।। মৈত্ৰেয়ী মিশ্ৰ
মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
১৯৪৯ চনৰ ২৬ নৱেম্বৰৰত সংবিধান সভাই স্বাধীন ভাৰতৰ সংবিধানখন চূড়ান্ত কৰে। তাৰ ঠিক ৪দিন পিচত অৰ্থাৎ ৩০ নৱেম্বৰত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (আৰ এছ এছ)ৰ মুখপত্ৰ ‘অ’ৰগেনাইজা’ৰত সংঘৰ সৰসংঘচালক গোলৱালকাৰে লিখিছিল ‘….আমাৰ সংবিধানত প্ৰাচীন ভাৰতৰ অনন্য সাংবিধানিক নীতি নিয়মৰ কোনো উল্লেখ নাই। …..মনুস্মৃতিত বৰ্ণিত আইনে আজি পৰ্য্যন্ত সমগ্ৰ পৃথিৱীৰ প্ৰশংসা উদ্ৰেক কৰি আহিছে আৰু স্বত:ফূৰ্ত আনুগত্য আৰু সন্মতি আদায় কৰিছে। কিন্তু আমাৰ সংবিধান প্ৰণয়ক পণ্ডিতসকলৰ বাবে তাৰ কোনো গুৰুত্বই নাই”। বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে গঢ়ি উঠা জাতীয় মুক্তি আন্দোলনৰ পৰা নিজকে সম্পূৰ্ণৰূপে আঁতৰাই ৰখা আৰ এছ এছ-এ ভাৰতৰ জাতীয় পতাকাখনকো স্বীকৃতি দিয়া নাছিল। ১৯৪৭ চনত স্বাধীনতাৰ ঠিক আগে আগে ‘অ’ৰগেনাইজাৰ’ৰ একেধাৰে ৩১ জুলাই আৰু ১৪ আগষ্ট সংখ্যাত ত্ৰিৰংগ পতাকা সম্পৰ্কত প্ৰকাশিত বিশ্লেষণ আছিল এনেধৰণৰ ‘ তিনি শব্দটো নিজেই এটা অশুভ শব্দ আৰু তিনিটা ৰং থকা এখন পতাকাই নিশ্চিতভাৱে সাংঘাতিক বেয়া মানসিক প্ৰভাৱ উৎপন্ন কৰিব আৰু সেয়া এখন দেশৰ বাবে ক্ষতিকাৰক হ’ব’ । আৰ এছ এছ-এ ভাৰতৰ জাতীয় পতাকাৰ ৰং গেৰুৱা হোৱাটো বিচাৰিছিল। অৰ্থাৎ আৰম্ভণিৰে পৰা হিন্দুত্ববাদীসকলে স্বাধীন ভাৰতৰ গেৰুৱাকৰণ বিচাৰিছিল। মহাত্মা গান্ধীৰ হত্যাৰ মাজেৰে সেই কথা স্পষ্ট হৈ পৰিছিল। পৰৱৰ্তী সময়ত হিন্দু ৰাষ্ট্ৰৰ সপোন ৰূপায়িত কৰাৰ বাবে বিবিধতাৰ মাজত ঐক্যৰ সলনি এক ভাষা, এক জাতি. এক ধৰ্ম, এক সংস্কৃতিৰ আধিপত্যৰ ধাৰণাক ৰাইজৰ মাজত গ্ৰহণযোগ্য কৰিবলৈ আৰ এছ এছ- এ যৎপৰোনাস্তি চেষ্টা চলাই আহিছে। বিজেপিৰ শাসন কালত এই শক্তিয়ে চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰাৰ ফলত সংবিধানৰ গণতান্ত্ৰিক তথা ধৰ্ম নিৰপেক্ষ পৰিমণ্ডল আধিপত্যবাদৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে।
মনুস্মৃতিৰ আধাৰত ভাৰতৰ সংবিধান গঢ় দিব বিচৰা আৰ এছ এছ আৰু আৰ এছ এছ পৰিচালিত বিজেপিয়ে ২০২৪ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ছোৱাত প্ৰক্ষেপ কৰা মুখ্য শ্ল’গানসমূহৰ ভিতৰত এটা আছিল ‘এইবাৰ চাৰিশ পাৰ’ আৰু সংবিধান সংশোধনৰ বাবে ই নিতান্তই জৰুৰী বুলি প্ৰচাৰ চলোৱা হৈছিল। ইয়াৰ অৰ্থ হ’ল সংঘ পৰিয়ালে বিচৰা ধৰণে সংবিধানৰ ব্যাপক সাল-সলনি কৰিবলৈ হ’লে সংসদক বিজেপিৰ একচেটিয়া দখললৈ নিয়াটো অপৰিহাৰ্য্য। কিন্তু ভাৰতৰ জনসাধাৰণে বিজেপিৰ সেই দূৰাকাংক্ষা নস্যাৎ কৰিলে আৰু বিজেপি ২৪০খন আসনতে সন্তুষ্ট থাকিবলগীয়া হ’ল। পিছে সংবিধানৰ গণতন্ত্ৰিক তথা ধৰ্মনিৰপেক্ষ কাঠামোৰ পৰিৱৰ্তন কৰাৰ বাবে আৰ এছ এছ এছৰ প্ৰচেষ্টা স্তিমিত হোৱা নাই। শেহতীয়াকৈ আৰ এছ এছৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোচবালে সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদী শব্দ দুটা বাদ দিয়াৰ দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিভিন্ন সময়ত সংবিধানৰ মৌলিক গাঁথনিৰ পৰিৱৰ্তন সম্ভৱ নহয় আৰু ওপৰোক্ত শব্দ দুটা মৌলিক গাঁথনিৰ অন্তৰ্ভূক্ত বুলি ৰায় প্ৰদান কৰিছে।
শিৰোনামত উল্লেখ থকা ধৰণে এই আলোচনাৰ মাজেৰে ভাৰতীয় সংবিধান মনুবাদীসকলৰ কাৰণে কিয় গ্ৰহণযোগ্য নহয় সেই কথা দাঙি ধৰাৰ চেষ্টা কৰা হৈছে। মনুবাদী শব্দটোৰ মাজেৰে বিশেষকৈ আৰ এছ এছ আৰু আৰ এছ এছৰ অনুগামীক লৈ গঠিত সংঘ পৰিয়ালৰ কথা ক’ব বিচৰা হৈছে। কিয়নো সংঘ পৰিয়াল হৈছে মনুবাদৰ ঘোৰ সমৰ্থক। ১৯৫০ চনৰ ৬ ফেব্ৰুৱাৰী সংখ্যা ‘অ’ৰগেনাইজাৰ’ত স্পষ্ট কৰি কোৱা হৈছে যে ‘মনুৱে আমাৰ হৃদয় নিয়ন্ত্ৰণ কৰে’(Manu Rules our Hearts)। সেই বাবে মনু নিৰ্দেশিত আচাৰ সংহিতা হিন্দুত্ববাদীসকলৰ পাথেয়। আনহাতে ভাৰতীয় জাতীয় মুক্তি আন্দোলনৰ পৰিক্ৰমাই গঢ় দিয়া ভাৰতীয় জাতীয়তাবাদৰ গৰ্ভত প্ৰস্ফূটিত হোৱা নতুন ভাৰতৰ ধাৰণাই স্বাধীনতাৰ পিছত সংবিধানৰ মাজেৰে মূৰ্ত হৈ উঠিছিল। নীতিগত বা আইনগতভাৱে হ’লেও জাতি-ধৰ্ম-বৰ্ণ-লিংগ নিৰ্বিশেষে সকলো নাগৰিকৰ সম অধিকাৰৰ ধাৰণাই মান্যতা পাইছিল। কিন্তু এই মান্যতাক মনুবাদীসকলে হঠকাৰী বুলি ভাবিছিল কাৰণ তেওঁলোকৰ বাবে মনুস্মৃতি হৈছে শ্ৰেষ্ঠ আইন।
প্ৰস্তাৱনাতে সমতাৰ বাৰ্তা বহন কৰা ভাৰতীয় সংবিধানৰ লগত মনুসংহিতাৰ পাৰ্থক্য বেলেগে বিশ্লেষণ কৰাতকৈ সংহিতাৰ পাঠ উদ্ধৃতি অধিক ফলপ্ৰসূ হ’ব বুলি বিবেচনা কৰি ডিব্ৰুগড়ৰ কৌস্তুভ প্ৰকাশনৰ দ্বাৰা মুদ্ৰিত ডা: প্ৰফুল্ল নাৰায়ণ বৰুৱা অনুদত ‘মনু-সংহিতা’ৰ পৰা কেইটামান শ্লোক উল্লেখ কৰিলোঁ।
মনু সংহিতাৰ আৰম্ভণিতেই চুৰ্তবৰ্ণৰ উল্লেখ পোৱা যায়। প্ৰথম অধ্যায়তে মহৰ্ষিসকলে মনুক সুধিছে, “হে ভগৱান! সকলো বৰ্ণ আৰু তাৰ অন্তৰ্গত যি বিভিন্ন জাতি আছে, সেই সকলোৰে ধৰ্ম অনুসৰি যি ধৰ্ম ব্যৱস্থা আছে, আমাক কওক’ (২ নং শ্লোক)। মনুৱে উত্তৰ দিছে ব্ৰহ্মাই ‘সংসাৰ বৃদ্ধিৰ বাবে মুখৰ পৰা ব্ৰাহ্মণক, বাহুৰ পৰা ক্ষত্ৰিয়ক, উৰুৰ পৰা বৈশ্যক আৰু চৰণৰ পৰা শুদ্ৰক উৎপন্ন কৰিলে”(৩১ নং শ্লোক)। বৰ্ণ ভিত্তিক কৰ্ম বিভাজন কৰি শুদ্ৰ সম্পৰ্কত কোৱা হৈছে এনেদৰে “নিন্দা, ইৰ্ষা, আৰু অভিমান এৰি ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যৰ যথাযোগ্য পৰিচৰ্য্যা কৰা আৰু তাৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা এই এক কামকেই শুদ্ৰৰ বাবে নিশ্চিত কৰিলে। পুৰুষৰ নাভিৰ ওপৰৰ অংশ অত্যন্ত পৱিত্ৰ বুলি ধৰে। ইয়াৰ ভিতৰত মুখখনকে সকলো অংগতকৈ পৱিত্ৰ বুলি ব্ৰহ্মাই কৈছিল। উত্তমাংগৰ পৰা উৎপন্ন হোৱাৰ কাৰণে আৰু (বেদ) ধাৰণ কৰাৰ কাৰণে সম্পূৰ্ণ সংসাৰৰ স্বামী ধৰ্মমতে ব্ৰাহ্মণেই’ (৯১,৯২, ৯৩নং শ্লোক)। ‘এই সংসাৰত যিবোৰ সম্পত্তি আছে সকলো ব্ৰাহ্মণৰ, কাৰণ সকলোতকৈ শ্ৰেষ্ঠ উৎপত্তিৰ কাৰণে তেওঁ সকলো সম্পত্তিৰ অধিকাৰী” (১০০ নং শ্লোক)। মনু সংহিতা পঢ়াৰ কৰ্ত্বৃত্বও অকল ব্ৰাহ্মণকহে দিয়া হৈছে, “এই শাস্ত্ৰ বিদ্বান ব্ৰাহ্মণে যত্ন সহকাৰে অধ্যয়ন কৰিব আৰু শিষ্যক পঢ়াব। আনে নপঢ়িব” (১০৪ নং শ্লোক)। “যি ব্ৰাহ্মণে শূদ্ৰক ধৰ্মৰ উপদেশ আৰু ব্ৰতৰ আদেশ দিয়ে তেওঁ শূদ্ৰৰে সৈতে অসংবৃত নামৰ অন্ধকাৰময় নৰকত পৰে”(তৃতীয় অধ্যায়, ৫৫-৫৬নং শ্লোক)। ব্ৰাহ্মণসকলে সকলো ধৰণৰ অপৱিত্ৰ কাৰ্য্যত ৰত থাকিলেও ব্ৰাহ্মণ সকলোৰে পূজনীয়, কাৰণ তেওঁলোক পৰম দেৱতা স্বৰূপ। (নৱম অধ্যায়, ৩১৯নং শ্লোক)
মনু সংহিতাত বৰ্ণ ভেদে উচ্চৰ পৰা নীচলৈ ভিন্ন আচাৰ- ব্যৱহাৰ, আইন আৰু কৰ্তব্যৰ নিৰ্দেশনা সন্নৱিষ্ট কৰা হৈছে। আনকি ধৰ্মীয় নিয়ম পালনৰ সময় আৰু ব্যৱহাৰ্য বস্তুও বৰ্ণভেদে ভিন্ন। যেনে “ধৰ্মাৰ্থী ব্ৰাহ্মণ ছাত্ৰই বেল বা পলাশৰ দণ্ড, ক্ষত্ৰিয়ই বৰ গছ বা খয়েৰৰ আৰু বৈশ্যই পীলু বা ঔদুম্বৰ (ডিমৰু) দণ্ড ধাৰণ কৰিব। ধাৰ্মিক ব্ৰাহ্মণ ছাত্ৰৰ দণ্ড মূৰৰ চুলিলৈকে দীঘল, ক্ষত্ৰিয়ৰ কপাললৈকে দীঘল আৰু বৈশ্যৰ ছাত্ৰৰ নাকৰ ভাগলৈকে দীঘল হ’ব লাগে”(দ্বিতীয় অধ্যায় ৪৫-৪৬নং শ্লোক)। “অব্ৰাহ্মণক দান দিলে যি ফল পোৱা যায়, অধ:পতিত ব্ৰাহ্মণক দিলে দুগুণ ফল পোৱা যায়”(সপ্তম অধ্যায় ৮৫নং শ্লোক)। আনকি সপ্তম অধ্যায়ত ৰাজধৰ্ম ব্যাখ্যা কৰি ১৩৩ নং শ্লোকত কোৱা হৈছে- “ৰজাই অত্যন্ত সংকটাৱস্থাত পৰিলেও শ্ৰোত্ৰিয় ব্ৰাহ্মণৰ পৰা কৰ নল’ব…”, আনহাতে ১৩৭-১৩৮ নং শ্লোকত কৈছে “ৰজাই নিজৰ ৰাজ্যত সৰু ব্যৱসায় কৰি জীয়াই থকা ব্যৱসায়ীৰ পৰাও কিঞ্চিত হ’লেও বাৰ্ষিক কৰ ল’ব লাগে। কাৰিকৰ, কমাৰ, শূদ্ৰ. মজদুৰ আদিৰ পৰা কৰ স্বৰূপে মাহৰ এদিনৰ কাম ল’ব।” “যদি শুদ্ৰই ব্ৰাহ্মণ আদিৰ দ্বিজাতিৰ নাম আৰু জাতত ধৰি বেয়া কথা কয়, তেতিয়া দহ আঙুল দীঘল জ্বলি থকা লোহাৰ শলা মুখৰ ভিতৰত ভৰাই দিব লাগে। যদি শূদ্ৰই অহংকাৰ কৰি কোনো ব্ৰাহ্মণক ধৰ্মৰ উপদেশ দিয়ে, তেতিয়া ৰজাই তাৰ মুখত আৰু কাণত উতলা তেল ঢালি দিয়াব”(অষ্টম অধ্যায়, ২৭১-২৭২নং শ্লোক)। “…অন্য জাতিক প্ৰাণদণ্ড দিব পাৰি। সকলো ধৰণৰ পাপ কৰিলেও ব্ৰাহ্মণক কেতিয়াও বধ নকৰিব।…” (অষ্টম অধ্যায়, ৩৭৯-৩৮০নং শ্লোক)।
মনু সংহিতাত নাৰীক যথোপযুক্ত সন্মান দিয়াৰ প্ৰসংগ বহুতে উত্থাপন কৰে। কাৰণ নাৰীৰ সন্মানৰ প্ৰসংগ আচাৰ সংহিতাখনত উপস্থাপিত হৈছে। পিছে বিভিন্ন নিৰ্দেশিকাৰ মাজেৰে তাত নাৰীক যি ধৰণে হেয় প্ৰতিপন্ন কৰা হৈছে, তেনে পৰিপ্ৰেক্ষিতত সন্মানৰ প্ৰসংগ নিৰৰ্থক। এইটো স্পষ্টভাৱে কোৱা হৈছে যে “বালিকাই হওঁক, যুৱতী বা বৃদ্ধাই হওক স্ত্ৰীয়ে স্বতন্ত্ৰতাপূৰ্বক ঘৰৰ কোনো কাম কৰিব নাপায়। স্ত্ৰী বাল্যকালত পিতাৰ, যৌৱনাৱস্থাত পতিৰ আৰু পতিৰ মৃত্যুৰ পিছত পুত্ৰৰ অধীন হৈ থাকিব। কেতিয়াও স্বতন্ত্ৰ নহ’ব”(পঞ্চম অধ্যায়ৰ ১৪৭-১৪৮নং শ্লোক)। “স্ত্ৰীৰ বাবে বেলেগ যজ্ঞ নাই, ব্ৰত নাই আৰু উপবাস নাই। পতিৰ সেৱাৰ দ্বাৰাই তেওঁ স্বৰ্গলোকত পূজিত হয় (পঞ্চম অধ্যায়, ১৫৫নং শ্লোক)। “যদি পতি অনাচাৰী হয়, বা পৰস্ত্ৰী অনুৰক্ত হয় বা বিদ্যা আদি গুণ ৰহিত হয়, তেতিয়াও সাধ্বী স্ত্ৰীয়ে সদায় দেৱতাৰ দৰে পতিক সেৱা কৰিব লাগে”(পঞ্চম অধ্যায়, ১৫৪নং শ্লোক)। নাৰীৰ বাবে শিক্ষাৰো কোনো প্ৰয়োজন নাই, কিয়নো “স্ত্ৰীৰ কাৰণে বিবাহ বিধিয়েই বৈদিক সংস্কাৰ। তিৰোতাৰ স্বামীৰ প্ৰতি থকা কৰ্তব্যই পতিৰ ধাৰ্মিক ছাত্ৰ হিচাবে গুৰুকুলত থাকি শিক্ষা লাভ কৰাৰ সমান। তিৰোতাৰ ঘৰৰ কাম-কাজ কৰাটোৱেই পুৰুষৰ অগ্নি পৰিক্ৰমাৰ সমান” (দ্বিতীয় অধ্যায় ৬৭নং শ্লোক)। নাৰীৰ নীচতাৰ প্ৰকাশ হৈছে এনেদৰে – “পুৰুষক দূষিত কৰাটো তিৰোতাৰ স্বভাৱ ….” (দ্বিতীয় অধ্যায় ২১৩নং শ্লোক)। “ব্ৰাহ্মণসকলে শ্ৰাদ্ধান্ন ভোজন কৰোঁতে যাতে চণ্ডাল, গাহৰি, কুকুৰা, কুকুৰ, ৰজস্বলা তিৰোতা আৰু নপুংসকে দেখা নাপায় তাৰ বাবে বিশেষ যত্ন ল’ব…”(তৃতীয় অধ্যায়, ২৩৯নং শ্লোক)। “অলোভী পুৰুষ এজন হ’লেও সাক্ষী হ’ব পাৰে, বহুত তিৰোতা পৱিত্ৰ হ’লেও সাক্ষী হ’ব নোৱাৰে। কাৰণ তিৰোতাৰ বুদ্ধি চঞ্চল।….” (অষ্টম অধ্যায়, ৭৭নং শ্লোক)। “পৰপুৰুষ দেখিলেই ভোগ কৰাৰ ইচ্ছা, চঞ্চলতা, স্বভাৱতেই স্নেহহীন হোৱাৰ কাৰণে ঘৰত যত্নপূৰ্বক ৰাখিলেও স্ত্ৰীয়ে পতিৰ বিৰুদ্ধে কাম কৰে। সৃষ্টিকৰ্তা ব্ৰহ্মাই স্ত্ৰীক এনে স্বভাৱেৰেই সৃষ্টি কৰিলে।…” (নৱম অধ্যায়, ১৫-১৬নং শ্লোক)।
আমাৰ দেশত চলি থকা সন্মানৰ বাবে কৰা হত্যা (honour killing?)ৰ সপক্ষে মনুসংহিতাত বিধান আছে, কোৱা হৈছে যে “উত্তম জাতিৰ পুৰুষৰ লগত তেওঁৰ দাসী-কন্যা শয্যা সঙ্গিনী হ’লে সেই কন্যাক কোনো দণ্ড নকৰিব। নিকৃ্ষ্ট জাতিৰ পুৰুষৰ লগত হ’লে সেই কন্যাক ঘৰত বন্ধ কৰি ৰাখিব। উত্তম জাতিৰ কন্যাৰ লগত সম্ভোগ কৰা নীচ বৰ্ণৰ পুৰুষৰ শাস্তি প্ৰাণদণ্ড হ’ব। …” (অষ্টম অধ্যায়, ৩৬৫-৩৬৬নং শ্লোক)। নাৰী প্ৰয়োজনীয় কাৰণ “তিৰোতাসকল সন্তান উৎপাদন কৰাৰ বাবে উপকাৰী, পূজনীয়া আৰু ঘৰৰ শোভা স্বৰূপ।…..সন্তান উৎপত্তি কৰি উৎপাদন হোৱাবোৰক পালন কৰি, সদায় গৃহ কাৰ্য্য কৰা, অতিথি সৎকাৰ কৰা আদি এই সকলো বস্তুৰ প্ৰত্যক্ষ কাৰণ তিৰোতাই।…” (নৱম অধ্যায়, ২৭-৩০নং শ্লোক)। স্বাভাৱিকতেই এনে ‘উপকাৰী’ ‘কাৰণ’ সন্তুষ্ট হৈ নাথাকিলে ঘৰৰ অশান্তি হ’ব, সেইবাবে মনু সংহিতাত তিৰোতাক বসন-ভূষণেৰে সন্তুষ্ট ৰখাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। কিন্তু নাৰী হত্যাক এটা লঘূ পাপ বুলিহে কোৱা হৈছে, “… মদাহী স্ত্ৰী গমন কৰা, স্ত্ৰী, শূদ্ৰ, ক্ষত্ৰিয় আৰু বৈশ্যক বধ কৰা, নাস্তিকতা – এইবোৰক উপপাতক বোলে” (একাদশ অধ্যায়, ৬৬নং শ্লোক) এনেবোৰ বিধানৰ পিছত “… যি কূলত তিৰোতা পূজিতা বা সন্মানিতা হয়, সেই কূলৰ প্ৰতি দেৱতাসকল প্ৰসন্ন হয়। য’ত তিৰোতাৰ (কন্যাৰ) অপমান হয়; তাত সকলো যজ্ঞাদি কৰ্ম নিস্ফল হয়” বুলি ক’লেই নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন হ’বনে?
চতুৰ্বৰ্ণ ভিত্তিক ভাৰতীয় সমাজত ব্ৰাহ্মণ্যবাদৰ প্ৰভাৱ সুপ্ৰাচীন। কিন্তু এই প্ৰভাৱে প্ৰাচীন যুগৰ পৰা আধুনিক যুগলৈ প্ৰৱাহমান হৈ থকা ব্ৰাহ্মণ্যবাদ বিৰোধী মতধাৰাৰ উত্থানক ৰোধ কৰিব পৰা নাই। জন্মভিত্তিক উচ্চ বা নীচ হোৱাৰ ধাৰণাক নস্যাৎ কৰি বৌদ্ধ, জৈন, ভক্তি আদিৰ দৰে তুলনামূলকভাৱে গণতান্ত্ৰিক মতবাদে সময়সাপেক্ষে যথেষ্ট শক্তিশালী ৰূপত মানুহৰ মাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। এমুঠিমান উচ্চ বংশীয়ৰ আধিপত্যবাদৰ বিপৰীতে সংখ্যাগৰিষ্ঠ অৱহেলিত খাটি খোৱা অংশৰ অধিকাৰক মৰ্য্যদা প্ৰদান কৰা এই ধাৰাসমূহে সেই সময়ৰ প্ৰচলিত ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত প্ৰগতিশীল ভুমিকা পালন কৰিছিল। ঊনেশ শতিকাত জ্যোতিৰাও ফুলে, বি আৰ আম্বেদকাৰ আদিৰ মনুবাদ বিৰোধী কঠোৰ স্থিতিয়ে হিন্দুত্ববাদীসকলক শ’লঠেকত পেলাইছিল আৰু তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ আছিল আৰ এছ এছৰ জন্মৰ আন্তৰালৰ এটা অন্যতম কাৰণ। বৰ্তমান সময়ত সংঘ পৰিয়ালে মনুবাদত নিহিত হৈ থকা বৰ্ণবাদী তথা নাৰী বিদ্বেষী নিৰ্ণয়ক হিন্দুত্ববাদৰ আৱৰণেৰে ঢাকি ৰাখিছে। সেইবাবে এই আৱৰণৰ আঁৰৰ স্বৰূপ উদ্ঘাটন প্ৰয়োজনীয় হৈ পৰিছে।


মনু সংহিতাৰ বিভিন্ন বিচাৰ সম্পৰ্কে এক সুন্দৰ ব্যাখ্যা আগবঢ়ালে। লেখাটোৰ বাবে ধন্যবাদ জনাইছোঁ।