গল্প-কবিতা

আমি তোমাৰ বেলটৰ গণতন্ত্ৰক নকৰোঁ বিশ্বাস ।। ৰশ্মিৰীয়া গগৈ

মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা

আমি দেখিছোঁ তোমাৰ গণতন্ত্ৰ
যাক এখন জাতীয় পতাকাৰ দৰে
ভাঁজ কৰি থৈ দিছা হিতাধিকাৰীৰ জিভাত
আৰু ভিতৰত লুকুৱাই থৈছা গুলি।

যি গণতন্ত্ৰ‌ৰ মুখৰ মাতত শোষিতৰ নাম ফুটি নুঠে
যি গণতন্ত্ৰই তিৰাশীৰ জুয়ে পোৰা মঙহবোৰ নিচিনে
নিচিনে ভোকাতুৰ শিশু
ডিঙিলৈকে ঋণগ্ৰস্ত মোৰ অজলা পিতাইৰ বেজাৰক চিনি নাপায়

কোনো বিয়াগোম মাৰ্বল-প্ৰাসাদত যেতিয়া উজ্বলি উঠে লয়লাস জমক
পথৰুৱা মানুহবোৰে সেই পোহৰতে লোণ-ভাত গিলি থয়
মুধচহীন ঘৰবোৰৰ খোলাত।

আৰু তুমি কোৱা আমি স্বাধীন, সেই ৰেখাৰ ভিতৰত—
যি ৰেখাৰে দুভৰিৰ খোঁজবোৰ আমি নিজেই বান্ধি থওঁ

তোমাৰ গণতন্ত্ৰই প্ৰসাধন সানে
সানে লিপষ্টিক
হেজাৰ নিখোঁজ সন্তানৰ মাতৃৰ চকুগলা পানীৰ পৰা যি প্ৰস্তুত হয়
শতিকাৰ অৰ্ধভস্ম মৃতদেহবোৰৰ পৰা যি ছাঁই-তেজ নিৰ্গত হয়!

মই নতশিৰ হ’ব নোখোজোঁ
তোমাৰ সংসদৰ দুভৰিত
য’ত শ্লোগান-চিঞৰ-হাতবোৰ
ভাঙি টুকুৰা কৰি পেলাই দিয়া হয়।
য’ত কন্ঠ অপহৃত হয়
য’ত ভোগবাদে বিলাসৰ আটাইবোৰ ঘৰ দখল কৰি লয়।

মই মানি লওঁ সেই স্বাধীনতা
যি শ্ৰমিকৰ পিঠিৰপৰা কাঢ়ি ল’ব পাৰে বোজা

বিচাৰি থাকোঁ তেওঁলোকৰ সেই ভাষা, যি হয় কেৱল প্ৰশ্নৰ
যি প্ৰশ্ন‌ত তোমাৰ পঞ্চ‌-ইন্দ্ৰিয়‌ কঁপনিত স্থিৰতা নোহোৱা হয়!

তোমাৰ চ’ৰাঘৰত প্ৰদৰ্শিত সংবিধানৰ আগত মোক নতশিৰ হ’বলৈ নকবা
তাতকৈ অন্ধকাৰ কুঠৰিত নিৰলে এটি নিষিদ্ধ গীত গাম,
যি হ’ব তোমাৰ চ্যুট-টাই পৰিহিত মিথ্যাৰ ভস্ম যজ্ঞৰ জল।

আৰু নিৰ্বিকাৰে যি গাই যাব
“গণতন্ত্ৰ গৰীবৰ কাপোৰ
গণতন্ত্ৰ গৰীবৰ ৰুটি
গণতন্ত্ৰ গৰীবৰ ঘৰ
গণতন্ত্ৰ গৰীবৰ কিতাপ
গণতন্ত্ৰ গৰীবৰ শ্বাস-প্ৰশ্বাস”

যেতিয়ালৈ মোৰ প্ৰাণৰ গণতন্ত্ৰৰ নহয় এনে মান
তেতিয়ালৈ আমাৰ বিদ্ৰোহ চলি থাকিব সৰ্বকাল

হয়তো আমাৰ হাতত থাকিব কেৱল এটা কবিতা
যি হ’ব অস্ত্ৰ আমাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *