হিন্দুকুল-কামিনী প্ৰণীত ‘মনোত্তমা’: এটি পৰ্য্যালোচনা — সন্ধ্যা দেৱী
২০১৭ চনৰ ৫ ফেব্ৰুৱাৰীৰ আনন্দ বজাৰ পত্ৰিকাত এটি সৰু নিবন্ধ প্ৰকাশ পাইছিল। নিবন্ধটোৰ বিষয় অন্য একো নহয়—দুষ্প্ৰাপ্য কিতাপ এখন উদ্ধাৰ কৰাৰ চেষ্টা কিমান চিত্তাকৰ্ষক তাৰ এটি চমু বিৱৰণ। ঘটনাটি নো কি চোৱা যাওক। দুষ্প্ৰাপ্য এই কিতাপখনিৰ নাম ‘মনোত্তমা’। বঙ্গৰ মহিলাই লিখা প্ৰথম মৌলিক উপন্যাস। ১৮৬৮ চনত প্ৰকাশ পোৱা এই কিতাপখনি বংগত পাবলৈ নাই। এটা ফেলোশ্বিপৰ সুবিধা গ্ৰহণ কৰি ব্ৰিটিছ লাইব্ৰেৰীত অধ্যয়নৰত গৱেষক অদ্ৰীশ বিশ্বাস ‘মনোত্তমা’ৰ সন্ধানত কিছু তৎপৰ হ’ল। ‘মনোত্তমা’ৰ কপি ব্ৰিটিছ লাইব্ৰেৰীত পোৱা যাব পাৰে বুলি তেওঁ ইতিমধ্যেই শুনিছিল। নিজৰ দেশৰ সম্পদ হিচাপে ‘মনোত্তমা’ক উদ্ধাৰ কৰাৰ উদ্দেশ্যটিৰ কথা কোৱাৰ লগে লগে লাইব্ৰেৰীত থকা বিদেশী ভদ্ৰলোকজনে সহায়ৰ হাত আগবঢ়ালে। তেওঁ ‘ৰেয়াৰ’ বা দুষ্প্ৰাপ্য কিতাপৰ বিভাগত আৱেদন কৰাৰ পৰামৰ্শ দিয়ে। আৱেদন কৰাৰ এদিনৰ পাছত ‘জেদ প্লাচ’ নিৰাপত্তাত চব্বিশটা ভলিউমৰ কিতাপখিনি আহিল। আহিল এখন ডাঙৰ ভেনত— তাত ৰাইফলৰ সৈতে আগে-পিছে পুলিচ। কিতাপখিনি কেটলগবিহীন: যাতে চুৰ কৰাৰ বা লুট কৰাৰ সম্ভাৱনা নেথাকে। প্ৰত্যেকখন কিতাপ বিদেশী, কিন্তু সুন্দৰভাৱে সংৰক্ষিত। মহাৰাণীৰ দৰে জেদ প্লাচ নিৰাপত্তাৰে কিতাপখিনি অহাৰ ধৰণ দেখি গৱেষক বিশ্বাস হতবাক। বহুত বিচৰাৰ পিচত ‘মনোত্তমা’ উদ্ধাৰ হ’ল। অদ্ৰীশ বিশ্বাসৰ ভাষাত—‘মুহূৰ্তে আমাৰ শিৰা জুড়ে আনন্দেৰ ৰক্ত প্লাবন হয়”, কিতাপখন ফটোকপি কৰি তেওঁ দেশলৈ উভতিল।
দেশলৈ আহি ‘মনোত্তমা’ৰ বিষয়ে গৱেষণা আৰম্ভ হ’ল। কিতাপখনি ছদ্মনামত লিখা—‘হিন্দুকুল-কামিনী প্ৰণীত’। কোন এই লেখক বা লেখিকাগৰাকী? অৱশেষত ঊনৈশ শতিকাৰ বিভিন্ন পত্ৰিকাত প্ৰকাশ পোৱা বিজ্ঞাপনত কিছু তথ্যৰ সম্ভেদ ওলাল। ‘মনোত্তমা’ প্ৰকাশ হৈছিল ‘নবপ্ৰবন্ধ’ নামৰ এখন আলোচনীত ধাৰাবাহিকভাৱে। কিন্তু প্ৰশ্ন হ’ল—কোন এই ‘হিন্দুকুল-কামিনী’? উত্তৰ বিচাৰি তেওঁ অৱশেষত পুলিচৰ আকাৰ্ইভৰ শৰণাপন্ন হ’ল। অৱশেষত পুলিচৰ কেটলগত ছদ্মনামৰ আচল পৰিচয় পোৱা গ’ল। ফাইলৰ মতে এই কিতাপৰ ৰচয়িত্ৰী ‘হিন্দুকুল কামিনী’ অন্য কোনো নহয়, তেওঁৰ নাম কামিনী দেৱী৷ হুগলিত তেওঁৰ বাসস্থান। কিতাপখনৰ পাঁচশ কপি প্ৰকাশ হৈছিল সেই তথ্যটিও পোৱা গ’ল। কিন্তু গৱেষক বিশ্বাসৰ প্ৰশ্ন হ’ল—পুলিচৰ কেটলগত নাম কিয়? এই প্ৰশ্নৰ উত্তৰো ওলাল। চিপাহী বিদ্ৰোহৰ প্ৰতি বহুতো বুদ্ধিজীৱীৰ সমৰ্থন আছিল। সেইবাবে বঙ্গৰ লেখকসকলে তেওঁলোকৰ প্ৰকাশিত পুথিৰ দুই কপিকৈ পুলিচৰ হাতত জমা দিয়াটো বাধ্যতামূলক আছিল। এই দুই কপিৰ এখন থাকিছিল ভাৰতৰ পুলিচৰ হাতত। এইদৰে জমা দিয়া কিতাপৰ এখন কেটলগ পুলিচে প্ৰস্তুত কৰিছিল। এই কেটলগতেই ‘হিন্দুকুল-কামিনী’ৰ আচল নাম পোৱা গ’ল। জমা দিয়া আনটো কপি গৈছিল ইংলেণ্ডলৈ৷ এই প্ৰক্ৰিয়াৰ কাৰণেই ‘মনোত্তমা’ই এটা সময়ত ব্ৰিটিছ লাইব্ৰেৰীত ঠাই পালে আৰু সুৰক্ষিত হ’ল৷ গৱেষক অদ্ৰীশ বিশ্বাসৰ ভাষাত—‘আশ্চৰ্য্য এই সংগ্ৰহ আৰু সংৰক্ষণে মহিমা’৷
১৮৬৭-৬৮ ত ‘মনোত্তমা’ প্ৰথমে ধাৰাবাহিকভাৱে ‘নৱপ্ৰবন্ধ’ পত্ৰিকাত প্ৰকাশ হৈছিল৷ কিন্তু উপন্যাসখন প্ৰকাশ হৈছিল নামহীনভাৱে৷ ইয়াৰ কাৰণ বহুতো৷ মহিলা লেখিকা বুলিলে সমাজে হেয় প্ৰতিপন্ন কৰিব পাৰে—এই ভয় তেতিয়াৰ লেখিকাসকলৰ মনত থকাটো স্বাভাৱিক৷ নতুবা লেখিকাসকলে নিজৰ নাম গোপন কৰি হয়তো অস্বাস্তিবোধৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছিল৷ উল্লেখযোগ্য যে ১৯ শতিকাত ইংলেণ্ডতো বিখ্যাত ব্ৰাণ্টে পৰিয়ালৰ তিনিওগৰাকী সহোদৰাই ছদ্মনামতেই লিখিছিল৷ ঠিক তেনেকৈ মেৰী আ্যন ইভেনচে ছদ্মনাম লৈছিল জৰ্জ এলিয়টে৷ আমাৰ অসমৰ স্বৰ্ণলতা [বৰুৱা] ৰায়েও ‘হেমলতা দেৱী’ ছদ্মনামত লিখা প্ৰবন্ধ ওলাইছিল৷ [সঞ্জীৱ পল ডেকা সম্পাদিত, স্বৰ্ণলতা ৰায়ৰ আৰ্হি তিৰুতা, গুৱাহাটী, ২০১৯, পৃঃ ১১৮] উল্লেখ্য, ‘হেমলতা’- ৰ অৰ্থ ‘স্বৰ্ণলতা’৷ সি যি নহওক, গৱেষক অদ্ৰীশ বিশ্বাসে হিন্দুকুল-কামিনীৰ প্ৰকৃত নাম উদ্ধাৰ কৰি আমাক অৱগত কৰিছে যে ছদ্মনামত থকা মানুহগৰাকী হ’ল বংগৰ কামিনী দেৱী৷ লক্ষণীয় যে ‘মনোত্তমা’ৰ ছদ্মনামত ‘কামিনী’ শব্দটি আছে৷ কিন্তু ভাবিলে আচৰিত লাগে যে ‘মনোত্তমা’ বহুদিন ধৰি অৱহেলিত হৈয়েই আছিল৷ বৰ্তমান প্ৰজন্মৰ বহুতে হয়তো এই প্ৰতিভাশালী বাটকটীয়া মহিলা গৰাকীৰ নামেই শুনা নাই৷ ‘মনোত্তমা’ৰ সমসাময়িক বিদ্বানসকলৰ কথা বাদেই, আজিকালিৰ বিদ্বান আৰু সমালোচকসকলেও বিশেষ আগ্ৰহ দেখুৱা নাই৷ অদ্ৰীশ বিশ্বাসৰ ভাষাতেই ই হ’ল ‘‘বৈষম্যৰ ৰাজনীতিত গঢ়ি উঠা সচেতন অৱদমনৰ ফল [হিন্দুকুল-কামিনী প্ৰণীত, ‘মনোত্তমা’, আনন্দ প্ৰকাশ, কলকতা, ২০১১, পৃষ্ঠা ৮৷ ইয়াৰ পিছত কিতাপখনৰ কেৱল পৃষ্ঠা সংখ্যাৰহে উল্লেখ থাকিব৷] অৰ্থাৎ ই নাৰীৰ সামাজিক প্ৰান্তিকায়নৰ [Social Marginalisation) এক বিদ্যায়তনিক প্ৰতিফলন৷ সেয়ে গৱেষক বিশ্বাসৰ ‘মনোত্তমা’ উদ্ধাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷
‘মনোত্তমা’-ৰ কাহিনী কিছু ব্যতিক্ৰমী৷ ই সচৰাচৰ উপন্যাসত পোৱা প্ৰেম কাহিনী নহয়৷ ‘মনোত্তমা’-ৰ কাহিনীৰ নায়িকা মনোত্তমা৷ ১৯ শতিকাৰ মাজ ভাগত ৰক্ষণশীল বংগীয় সমাজত তেওঁৰ জন্ম হয়৷ যদিও সমাজৰ সকলো পুুৰণিকলীয়া ভাবধাৰা নেওচি পিতৃয়ে তেওঁক কৰি তুলিলে শিক্ষিতা, পিতৃ বন্ধুৰ মধ্যস্থতাত দুভাৰ্গ্যবশতঃ এজন অশিক্ষিত যুৱকৰ লগত তেওঁৰ বিবাহ হয়৷ বহুতো বুজনি দি মনোত্তমাই স্বামীক শিক্ষিত কৰি তুলিবলৈ বিচাৰে, কিন্তু সি আৰু হৈ নুঠে৷ স্থূল কুৰুচিপূৰ্ণ আমোদ-প্ৰমোদৰ প্ৰতিহে লম্পট স্বামীৰ আগ্ৰহ বেছি৷ শিক্ষিতা মনোত্তমাৰ বুজনিত স্বামীৰ আত্মসন্মান আৰু অহংবোধ বেছিকৈ ক্ষুণ্ণ হয়৷ বন্ধুবৰ্গৰ পৰামৰ্শ মতে প্ৰথমে স্বামীয়ে পত্নীক প্ৰহাৰ কৰে আৰু তাৰ পিছত অটলচিত্ত নম্ৰ পৰিবাৰক জব্দ কৰিবলৈ গৈ তেওঁ কৰে দ্বিতীয় বিবাহ৷ মনোত্তমাই কোনো প্ৰতিবাদ অথবা বিদ্ৰোহ নকৰি ব্যক্তিগত পাৰিবাৰিক সমস্যাৰ মীমাংসা কৰে৷ তেওঁ নিজৰ ল’ৰা-ছোৱালীৰ সৈতে সতিনীয়েকৰ ল’ৰাকো শিক্ষিত কৰি তোলে৷ মনোত্তমাৰ সংসাৰ সুখময় হৈ উঠে৷ অৱশেষত ওচৰৰ গাঁৱৰ ল’ৰা-ছোৱালীকো বিদ্যাৰে আলোকপ্ৰাপ্ত কৰি তেওঁ এক বিমল আত্মসন্তুষ্টি লাভ কৰে৷ স্বীকৃতি আৰু প্ৰশংসাৰ মাজতেই ‘মনোত্তমাই আত্মপ্ৰতিষ্ঠাৰ পথ বিচাৰি পায়৷
পাশ্চাত্যৰ প্ৰভাৱ তথা শিক্ষা, সংস্কাৰ আন্দোলন আৰু ব্ৰাহ্ম সমাজৰ প্ৰচেষ্টাত বঙ্গত স্ত্ৰী-শিক্ষাৰ দুৱাৰ মুকলি হয়৷ ১৮৫১ চনত বেথুন স্কুলৰ প্ৰতিষ্ঠাই সমাজত স্ত্ৰী-শিক্ষাৰ সপক্ষে কিছু উদ্দীপনা যোগালে৷ ইয়ং বেঙ্গল গোষ্ঠী, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, দক্ষিণাৰঞ্জন মুখোপাধ্যায়, মদন মোহন তৰ্কালংকাৰ আৰু সব্বোৰ্পৰি বেথুন ড্ৰিঙ্ক ৱাটাৰৰ উদ্যোগত স্ত্ৰীশিক্ষাৰ মাহাত্ম্য বাঢ়িল যদিও ৰক্ষণশীল শিবিৰে বিৰামহীনভাৱে ইয়াৰ বিৰোধিতা কৰি গ’ল৷ ঈশ্বৰ গুপ্তই স্ত্ৰী-শিক্ষা এক প্ৰহসন বুলি আখ্যা দি ব্যংগ কবিতাও ৰচিলে৷ নাৰীয়েই শিক্ষা লাভ কৰিলে ব্যভিচাৰিণী অথৱা বিধৱা হয়; অৰ্থাৎ বৈধৱ্যৰ লগত নৈতিকতাকো সাঙুৰি স্ত্ৰীশিক্ষাৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ চেষ্টা চলিল৷ এনে কাৰ্য্যত কিছু শিক্ষিতা আৰু সচেতন নাৰী ক্ষুণ্ণ হয় যাৰ আভাস আমি কৈলাসবাসীনী দেৱীৰ আত্মকথাত [১৮৬৩] পাওঁ৷ তেওঁ অভিযোগ কৰি লিখিছিল , ‘‘স্ত্ৰী স্বামীৰ সহ-ধাৰ্মিনী, তাৰা সুখ দুঃখেৰ সমান অংশভাগিনী, কিন্তু বাস্তৱে স্ত্ৰী স্বামীৰ দুঃখেৰ অংশভাগী, দুখেৰ নয়৷ তা না হ’লে শিক্ষাৰ অধিকাৰ থেকে কে’ন তাৰা আমাদেৰ বঞ্চিত কৰেন? আসলে তাৰা চিৰদিনেই আমাদেৰ দাসী কৰে ৰাখতে চান, তাই শিক্ষাৰ সুযোগ দেনা৷ তাৰা ভয় পান যে শিক্ষা পেয়ে মেয়েৰা পুৰুষৰ মতন সচেতন হতে পাৰবেন। [সুপৰ্ণা গুপ্ত সম্পাদিত, ইতিহাসে নাৰী: শিক্ষা, কলকাতা ২০০১, পৃঃ ৮০-৮১]। ‘বামাবোধিনী’ পত্ৰিকাতো [১৮৬৩] ৰাজাবালা দেৱীৰ একেসুৰীয়া বিস্ফোৰক মন্তব্য—‘মেয়েদেৰ এই হীনাবস্থাৰ জন্য সমাজ ও পুৰুষেৰা দায়ী’। [ইতিহাসে নাৰী – পৃঃ ৮০] সম্ভৱ ‘মনোত্তমা’ দুই শিবিৰৰ বিবাদ-বিৰোধৰে ই ফচল৷ যদিও এই কথাত কোনো সন্দেহ নাই যে ‘মনোত্তমা’ৰ লেখিকাৰ অৱস্থান কৈলাসবাসিনীৰ দৃঢ়, স্পষ্ট আৰু মৰ্য্যাদাকামী সংস্কাৰমূলক বক্তব্যৰ পৰা বহু দূৰত৷
‘মনোত্তমা’ৰ সাহিত্য গুণ কিমান তাৰ বিচাৰতকৈ আমাৰ বাবে উপন্যাসখনৰ সামাজিক গুৰুত্বহে অনুধাবণযোগ্য৷ আলোচক অনুৰাধা ৰায়ৰ মতে ‘মনোত্তমা’ ৰচনাৰ উদ্দেশ্য হ’ল সংস্কাৰ [reform]ৰ প্ৰচাৰ [অনুৰাধা ৰায় : দুঃখিনী সতী চৰিত, কলকাতা, ২০১১, পৃঃ ২১]। সংস্কাৰ আন্দোলনৰ কেন্দ্ৰীয় বিষয় আছিল নাৰী-কল্যাণ আৰু তাৰ সৈতে জড়িত স্ত্ৰীশিক্ষাৰ প্ৰয়োজনীয়তা। ‘মনোত্তমা’ পঢ়িলে ইয়াৰ কিছু আভাস পোৱা যায়। কিয়নো সংস্কাৰ আন্দোলনৰ কিছু চিত্তাকৰ্ষক বিষয় ইয়াত ভালকৈ প্ৰতিফলিত হৈছে মনোত্তমা আৰু তেওঁৰ স্বামীৰ কথোপকথনত। অশিক্ষিত স্বামী নীলব্ৰত স্ত্ৰীশিক্ষাৰ প্ৰতিপক্ষ৷ সেয়ে স্ত্ৰীশিক্ষাৰ নাম শুনিলেই ক্ৰোধত তেওঁৰ সৰ্ব্বশৰীৰ জ্বলি যায় [পৃঃ ৭৩]৷ স্বামীৰ মতে প্ৰকৃততে বিদ্যাৱতী মনোত্তমা ‘ধৰ্ম্মঘাতিনী, পাপীয়সি, কুলকণ্টকী আৰু স্বেচ্চাচাৰিনী’৷ মনোত্তমাই সমৰ্থন কৰা স্ত্ৰীশিক্ষা আন একো নহয়—ই বেশ্যাবৃত্তিৰ আৰম্ভণ৷ [পৃঃ ৬৮] মনোত্তমাই কিন্তু সংস্কাৰসকলৰ পক্ষপাতিত্ব কৰিছে এইদৰে— অৰ্থোপাৰ্জনৰ কাৰণে নহয়, স্ত্ৰীশিক্ষাৰ প্ৰয়োজন গাৰ্হস্থ্যধৰ্মৰ সুৰূপায়ণৰ কাৰণে৷ ‘মনোত্তমা’ মুখৰ এনে সংস্কাৰমূলক প্ৰচাৰ বাণী শুনি ভাব হয় অনুৰাধা ৰায়ৰ মন্তব্যটি সত্য৷ কিতাপখনৰ কাহিনীভাগ পঢ়িলে এনে লাগে স্ত্ৰীশিক্ষাক কেন্দ্ৰ কৰি হোৱা বাক-বিতণ্ডাৰ ‘মনোত্তমা’যেন এক মুকলি মঞ্চহে৷
‘মনোত্তমা’ৰ কেন্দ্ৰীয় বিষয় হ’ল শিক্ষা৷ ওপৰে ওপৰে পঢ়িলে এনে লাগে যে ইয়াৰ মূল বিষয় স্ত্ৰীশিক্ষাহে৷ কিন্তু ইয়াৰ লগত পুৰুষৰ শিক্ষাহীনতাৰ সমস্যাও জড়িত হৈ আছে৷ কাহিনীভাগ ভালকৈ পঢ়িলে বুজা যায় অশিক্ষিত স্বামীয়ে কেনেকৈ শিক্ষিতা স্ত্ৰীৰ গাৰ্হস্থ্যজীৱন বিষময় কৰি তোলে, কেনেকৈ পৰম্পৰাই সমৰ্থন কৰা পুৰুষসুলভ দম্ভেৰে পদে পদে তেওঁ পত্নীক আঘাত কৰে৷ শিক্ষিতা স্ত্ৰী আৰু অশিক্ষিত স্বামীৰ বাবে সংসাৰত যেন অশান্তিৰ অন্ত নাই৷ এনে ক্ষেত্ৰত স্বামীৰ বাবে শিক্ষাৰ পোহৰেৰে আলোকিত পত্নী হৈ পৰে অসন্তোষৰ কাৰণ৷ ‘মনোত্তমা’ত লেখিকাই কৈছে—‘হায়! অকৃতবিদ্য যুবকেৰ পক্ষে বুদ্ধিমতী ও বিদ্যাৰস গ্ৰাহিনী ৰমনী যে কত অসন্তোষ ও ক্লেশদায়িনী, তাহা কথায় বলিয়া শেষ কৰা যায় না [পৃঃ ৬১]। ‘মনোত্তমা’ত নীলব্ৰতৰ মুখেৰে স্ত্ৰীশিক্ষাৰ নিন্দুকসকলৰ বক্তব্য দাঙি ধৰা হৈছে৷ নীলব্ৰতৰ মুখত, সংস্কাৰবিৰোধী পক্ষৰ দৰেই, স্ত্ৰীশিক্ষা নিন্দাৰ কথা বাৰে বাৰে উচ্চাৰিত হৈছে৷ নীলব্ৰতৰ মতে স্ত্ৰীশিক্ষাই ব্যভিচাৰিণীৰহে জন্ম দিব—‘কুমাৰীগনকে বিদ্যালয়ে দিয়া বেশ্যাবৃত্তি অৱলম্বন কৰিতে শিক্ষা দিউক’ [পৃঃ ৬৮]। নিবোৰ্ধসকলেহে বালিকাসকলক বিদ্যালয়লৈ পঠিয়ায় [পৃঃ ৬৮]। নীলব্ৰতৰ বন্ধুবৰ্গও সংস্কাৰ-বিৰোধী, নাৰী-বিদ্বেষী৷ সংস্কাৰকসকলৰ প্ৰতিও তেওঁলোকৰ আছে অৱজ্ঞামিশ্ৰিত ঘৃণা—কাৰণ সংস্কাৰকসকল হ’ল এই কালৰ কলঙ্ক৷ সংস্কাৰসকলক আজিৰ যুগৰ শাস্ত্ৰকাৰ আখ্যা দি ঠাট্টাৰ সুৰত নীলব্ৰতৰ বন্ধুসকলে কৈছে, ‘অতএব বোধ হইতেছে যে অধুনা মনুপ্ৰভৃতি স্মৃতিকাৰগণ পুনৰায় পৃথিৱীতে অৱতীৰ্ণ হইতেছেন, তাহাৰাই যেন এক্ষনে স্ব স্ব নিয়মসকল অশুদ্ধ বিবেচনা কৰিয়া সংশোধন কৰিয়া দিতেছেন’ [পৃঃ ৬৮]। স্ত্ৰীৰ আনুগত্য লাভ কৰাৰ উপায় হিচাপে নীলব্ৰতৰ বন্ধুসকলে শাৰীৰিক শাস্তিৰ পৰামৰ্শ দিছে [পৃঃ৭৪-৭৫] আৰু নীলব্ৰতই এই পৰামৰ্শ মানি লৈছে৷ শিক্ষিতা স্ত্ৰীয়ে এনে এজন লোকক শিক্ষিত কৰিবলৈ কৰা চেষ্টা বিফল হোৱাটোৱেই স্বাভাৱিক৷ নীলব্ৰতৰ ধাৰণা অনুযায়ী স্ত্ৰীৰ এনে শিক্ষা শিৰোধাৰ্য্য কৰা মানে তেওঁৰ পুৰুষত্বৰ অপমান, অহংবোধৰ স্খলন৷
১৯ শতিকাত স্ত্ৰীশিক্ষাৰ বিষয়টো লৈ হোৱা তৰ্ক-বিতৰ্কৰ কথা আমি আগতেই উনুকিয়াইছিলোঁ৷ এই ক্ষেত্ৰত সংস্কাৰকসকলৰ মাজতো কিন্তু মত-বিৰোধ নথকা নহয়৷ আনকি স্ত্ৰীশিক্ষাক লৈ উৎসাহ প্ৰদৰ্শন কৰা ব্ৰাহ্মসমাজো এই বিষয়ত কিছু দ্বিধাগ্ৰস্ততাত ভুগিছিল৷ এই পৰিপ্ৰেক্ষিতত আমি নাম ল’ব পাৰোঁ ব্ৰাহ্ম সমাজৰ অন্যতম নেতা স্বয়ং কেশৱচন্দ্ৰ সেনৰ৷ স্ত্ৰীশিক্ষাকলৈ হৈ চৈ লগোৱা এই প্ৰসিদ্ধ সংস্কাৰকগৰাকী কিন্তু নাৰী-স্বাধীনতাৰ ক্ষেত্ৰত কিছু ৰক্ষণশীলেই আছিল৷ এই প্ৰসংগত Meredith Borthwick-ৰ সাৰগৰ্ভ মন্তব্য উল্লেখ কৰিব পাৰোঁ৷ কেশৱচন্দ্ৰ সেনৰ মতে নাৰীসকলৰ হ’ব লাগিব ‘Custodians of tradition’—পৰম্পৰাৰ ৰক্ষক আৰু সেয়ে তেওঁ নাৰীসকলৰ মুক্তাৱস্থা বিচৰা নাছিল—‘He never declared himself to be in favour of the complete emanicipation of women’ (Meredith Borthwick: Keshub Chunder Sen: A Search for Cultural Synthesis, Calcutta, ১৯৭৭ p. ৪৮)। কেশৱচন্দ্ৰই নাৰীৰ উন্নতিৰ বাবে আহ্বান জনাইছিল, কিন্তু তেওঁ নাৰীৰ শিক্ষাৰ ক্ষেত্ৰত একধৰণৰ ৰক্ষণশীল মনোভাবৰেই পোষকতা কৰিছিল৷ তেওঁৰ মতে নাৰীসকলৰ বাবে উচ্চ আনুষ্ঠানিক শিক্ষা কাম্য হ’ব নেলাগে৷ বৰঞ্চ কিছু প্ৰাথমিক শিক্ষা গ্ৰহণৰ দ্বাৰা সুগৃহিনী আৰু সুমাতৃ হোৱাৰ আদৰ্শ সহজেই লাভ কৰিব পাৰি৷ সেয়ে তেওঁৰ মতে মহিলাৰ বাবে স্কুলৰ পাঠ্যপুথি এনেধৰণৰ হ’ব লাগে—acquiring knowledge by studying natural sciences, biographies of good women, sermons, ethics, history, literature and arithmetics and of cultivating the spirit of prayer, conversation. The highest domestic duty was to be service of one’s husband…” (Borthwick – p.২০৭)। তেওঁৰ অনুগামী বহু ব্ৰাহ্ম সংস্কাৰকো কেশৱ সেনৰ দৰে নাৰী শিক্ষাৰ ক্ষেত্ৰত ৰেডিকেল মত পোষণ কৰা নাছিল৷ লক্ষণীয় যে এইধৰণৰ বাক্-বিতণ্ডাৰ ধামখুমীয়াত নাৰীৰ নিজস্ব প্ৰয়োজনৰ বাবেও যে শিক্ষা দৰকাৰ: এনে চিন্তা ভাৱনাই বিশেষ গুৰুত্ব নেপালে৷ ১৯ শতিকাত পুৰুষ সংস্কাৰসকলে প্ৰৱৰ্তন কৰা স্ত্ৰীশিক্ষাৰ মূল উদ্দেশ্য আছিল নাৰীসকলক সুগৃহিনী কৰা, আদৰ্শ মাতৃ গঢ়া, পৰম্পৰা-সচেতন কৰা আৰু পুৰুষসকলৰ অভাৱ পূৰণ কৰা৷ শিক্ষাৰ মূল উদ্দেশ্য, যেনে: জ্ঞান পিপাসা বৃদ্ধি কৰা, আত্ম-আনন্দ লাভ কৰা, মস্তিষ্কৰ আৰু ব্যক্তিত্বৰ বিকাশৰ পথ সুগম কৰি আত্ম বিকাশৰ সকলো মাৰ্গ মুকলি কৰা—এনে মূলবোধবিলাক নাৰীসকলে অনুধাবন কৰাৰ সুযোগেই পোৱা নাছিল৷
সামাজিক বাতাৱৰণৰ এইধৰণৰ বাধাৰ কাৰণেই হয়তো ‘মনোত্তমা’ৰ নায়িকাই স্ত্ৰী শিক্ষাৰ পক্ষপাতিত্ব কৰিলেও সি কোনো অৰ্থতেই ৰেডিকেল নাছিল৷ তেওঁ যেন সংস্কাৰকসকলৰ আদৰ্শৰ এক জীৱন্ত প্ৰতিমূৰ্ত্তি: সুগৃহিণী, সহনশীলা, ধৈৰ্য্যশীলা আৰু গভীৰ দায়বদ্ধতাৰে পতিৰ প্ৰতি নিঃচৰ্তভাৱে অনুগতা৷ তেওঁ ব্ৰাহ্ম সংস্কাৰকসকলৰ বক্তব্যই যেন দাঙি ধৰিছে—‘‘বিবেচনা কৰুণ, কামিনীগনেৰ বিদ্যা-শিক্ষা ধনোপাজেৰ্নৰ কাৰণ নহে৷ যথা সম্ভৱ নীতি শিক্ষা কৰিয়া পৰিবাৰ প্ৰতিপালন ও পুত্ৰ কন্যা লালন পালন, গৃহকাৰ্যেৰ তত্ত্বাৱধান ও পতিশুশ্ৰূষা প্ৰভৃতি কৰ্ম্মেৰ অনেক অনুকূল্য হয় বলিয়া লোক বালিকাগণকে বিদ্যাশিক্ষা কৰাইতে আগ্ৰহ প্ৰকাশ কৰিয়া থাকে’ [পৃঃ ৬৭]। শিক্ষা গ্ৰহণ কৰি নাৰী অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ কথা ১৯ শতিকাত এক ভাবিব নোৱৰা কথা আছিল—‘পুৰুষেৰ পক্ষে অৰ্থকাৰী ও জ্ঞানকাৰী দুই প্ৰকাৰ বিদ্যা শিক্ষা কৰাই বিধেয়, কিন্তু ৰমনীগন শেষোক্ত বিদ্যায় যথোচিত আলোচনা কৰিলেই যথেষ্ট উপকাৰ দৰ্শিতে পাৰে’ [পৃঃ ৬৭]। এনে উক্তিৰ পৰাই আমি গম পাওঁ যে পাৰিবাৰিক গণ্ডী আৰু চিৰাচৰিত ৰীতিৰ বৃত্ত ভাঙি তাৰ পৰা মুকলি হৈ আত্মপ্ৰতিষ্ঠা বিচৰাটো এক অকল্পনীয় কথা আছিল৷ উল্লেখ্য, বিদেশত কিছু মধ্যবিত্ত মহিলাই ইতিমধ্যে অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীলা হৈ প্ৰায় স্বাধীনভাৱে জীৱন কটাইছিল৷ ভাৰততো তেওঁলোকৰ অনুগামী ওলাব পাৰে বুলি সংস্কাৰকসকল হয়তো কিছু শংকিত হৈছিল৷ ‘মনোত্তমা’ত আমি লক্ষ্য কৰোঁ সংস্কাৰমূলকসকলৰ দৰে এক আপোচকামী মনোভাব—য’ত ভাৰসাম্য ৰক্ষাৰ চেষ্টা সুস্পষ্ট৷ নিঃসন্দেহ ক’ব পাৰি যে এই আপোচকামী মনোভাব বাস্তৱ অৱস্থাৰেই প্ৰতিফলন, কিয়নো সেই কালত ৰেডিকেল স্থিতি লোৱা প্ৰায় অসম্ভৱেই আছিল৷
মনোত্তমাৰ বৈবাহিক জীৱন সুখহীন—বিষময় আৰু বিষাদময়৷ শিক্ষিতা মহিলা হিচাপে তেওঁ স্বামী বা পৰিয়ালৰ পৰা যি সন্মান বা আদৰ পাব লাগিছিল সেইটোৰ পৰা তেওঁ সম্পূৰ্ণভাবে বঞ্চিত হ’ল৷ তেওঁৰ বিদ্যা আৰু ব্যক্তিত্বই কোনো স্বীকৃতি নেপালে৷ তাৰ বিপৰীতে শিক্ষিতা বুলিয়েই তেওঁ তেওঁৰ স্বামীৰ ৰোষত পৰিল—ঘৃণা আৰু নিন্দাৰ পাত্ৰী হ’ল৷ স্বামী নীলব্ৰত লম্পট, ব্যভিচাৰী, অপব্যয়ত অভ্যস্ত, গণিকা গমনৰ দোষত দুষ্ট৷ মনোত্তমাৰ দৰে উন্নতমনা মহিলাৰ কাষত তেওঁৰ স্বামী একেবাৰেই নিষ্প্ৰভ, ব্যক্তিত্বহীন৷ ফলস্বৰূপে স্বামীৰ মনত গঢ় ল’লে সংকোচবোধ আৰু হীনমন্যতা৷ ঘাইকৈ এই মানসিক দশাৰ বাবেই বন্ধুবৰ্গই তেওঁক স্ত্ৰীৰ প্ৰতি উগ্ৰ আৰু হিংসাত্মক ব্যৱহাৰ কৰিবলৈ উচটনি দিওঁতে তেওঁ কোনো কুণ্ঠাবোধ নকৰি তৎক্ষণাত সেই কু-পৰামৰ্শ গ্ৰহণ কৰিছে৷ নীলব্ৰতৰ বন্ধুসকল পুৰুষতন্ত্ৰৰ উগ্ৰতম সংস্কৰণৰ সমৰ্থক৷ তেওঁলোকে হীনমন্যতাত ভোগা নীলব্ৰতৰ আহত অহংবোধৰ জ্বলা জুইত ঘিঁউ ঢালি দিলে—ছি তুমি কাপুৰুষ৷ বিবাহিতা ভাৰ্য্যা কি এত প্ৰবলা হইতে পাৰে? প্ৰহাৰেন সুমঙ্গলম৷ প্ৰহাৰে ভূত বশ হয়, আৰ মানুষ বশ হয় না [পৃঃ ৭৪-৭৫]? তেওঁলোকৰ পৰামৰ্শ মতে নীলব্ৰতই মনোওমাক প্ৰহাৰ কৰে আৰু পত্নীক বশলৈ আনিবলৈ দ্বিতীয় বিবাহ পৰ্য্যন্ত কৰে৷ নিৰ্মম আত্যাচাৰৰ বলি হ’লেও মনোত্তমাৰ কথা, ব্যৱহাৰ আৰু স্থিতিত কোনো প্ৰতিবাদ বা ক্ষোভ নাই৷ অনুগতা মনোত্তমাৰ আদৰ্শ হ’ল দশৰথৰ পাঁচ পত্নী, সতী, দেৱযানী, আৰু শৰ্মিষ্ঠা— মনোত্তমা সেইৰূপ সহিষ্ণুতা অৱলম্বন কৰিয়া পতি শুশ্ৰূষা ও সপত্নীপুত্ৰেৰ প্ৰতি যথাবৎ ন্যায়ানুগত আচৰণ কৰিতেন’ [পৃঃ৮৩]।
আধুনিক অৰ্থত মনোত্তমা শিক্ষিতা যদিও তেওঁ আধুনিকতা আৰু পৰম্পৰাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ সচেষ্টা—এইটোও অৱশ্যে বহুপৰিমাণে সংস্কাৰবাদীসকলৰ দ্বাৰাই অনুপ্ৰাণিত৷ তেওঁৰ ব্যক্তিত্বৰ বৈশিষ্ট্য হৈছে তেওঁ বিদ্যাৱতী, কিন্তু দাম্ভিক, অবাধ্য বা মুখৰা নহয়৷ অদ্ৰীশ বিশ্বাসৰ ভাষাত—‘ভাৰসাম্য ৰক্ষা কৰা এই চৰিত্ৰেৰ বৈশিষ্ট্য’ [পৃঃ ৪০]। পিছে কাহিনীভাগ পঢ়ি গ’লে ধাৰণা হয় যে তেওঁ পৰম্পৰাৰ পিনেহে বেছি ঢাল খাইছে৷ এই অনুমানৰ সমৰ্থনত ‘মনোত্তমা’ত বহুতো দৃষ্টান্ত আছে৷ সতী-সাবিত্ৰীক আদৰ্শায়িত কৰিলে এনে হোৱাটো অৱশ্যে একো অস্বাভাৱিক নহয়৷ উদাহৰণ হিচাপে আমি ক’ব পাৰোঁ যে মনোত্তমাই অশিক্ষিত স্বামীক শিক্ষিত কৰিবলৈ ভাল কিতাপ পঢ়ি শুনাইছিল, ভাল বাণীৰ দ্বাৰা ভাল কথা শিকাবলৈ যত্ন কৰিছিল৷ পিছে স্বামীৰ অসন্তুষ্টিৰ বাবে সেইটো বৰ্জন কৰিলে, কাৰণ ‘পতিৰ অপ্ৰিয় কাৰ্য্য কৰিয়া কেনই বা ধৰ্ম্মৰ নিকট অপৰাধিনী হই’ [পৃঃ ৬২]? দশৰথৰ ভাৰ্য্যা কৈকেয়ীৰ দৰেই পতিৰ দ্বিতীয় বিবাহত তেওঁৰ কোনো খেদ নাই—‘মনোত্তমা সপত্নী বা সপত্নীপুত্ৰ হইয়াছে বলিয়া এক দিনেৰ জন্য ক্ষুদ্ধ হন নাই, বৰং সত্নীকে সহোদৰা ভগিনী ও তৎপুত্ৰকে স্বৰ্গভজাত অপত্যসম জ্ঞান কৰিতেন৷ পতিভক্তিৰো বিন্দুমাত্ৰ ক্ৰটি কৰিতেন না—আজ্ঞামাত্ৰেই আদেশ পালনে যত্নৱতী থাকিতেন৷ তাহাতে অনুমাত্ৰেই ব্যতিক্ৰম বা বৈলক্ষণ্য দৃষ্ট হই নাই’ [পৃঃ ৮২-৮৩]। তিলে তিলে দগ্ধ হৈও তেওঁ মৌন হয়েই ৰ’ল৷ আনকি স্বামীৰ পদাঘাতো মৌনভাৱে আৰু নতশিৰে মানি লয়, ‘ইহাতে চৰণ প্ৰহাৰ হইলে তাহা আমাৰ পক্ষে শ্লায্য৷ তিৰস্কাৰ লাভ হইলেও তাহা পুৰস্কাৰ’ [পৃঃ ৮৯-৯০]৷ উপন্যাসৰ শেষত মনোত্তমাৰ আত্মসমৰ্পণৰ চৰম ৰূপ দেখি কিছু আচৰিতেই হ’ব লাগে৷ দেখা যায় স্বেচ্চাচাৰী, বিবেকহীন আৰু লম্পট স্বামীৰ সীমাহীন অপমান-অবিচাৰৰ তিতা সোৱাদ পোৱা সত্ত্বেও মনোত্তমাই পিতৃগৃহলৈ যাবলৈ বিচৰা নাই, তেওঁ আত্মত্যাগ আৰু আত্মসমৰ্পণৰ গুণানুকীৰ্তন কৰা নাৰীত্বৰ পৰম্পৰাগত আদৰ্শ আৱেগভৰা ভাষাৰে আকোৱালি লৈছে, ‘পিত্ৰালয়ে সহস্ৰ সহস্ৰ সুখজনক দ্ৰব্য থাকিলেও স্বামীৰ দাস্যপনা কৰা স্ত্ৰীলোকৰ পক্ষে আদৰণীয়৷ কিম্বা যদি কোনপ্ৰকাৰ ঐহিক সুখ কামনাও না থাকে, তথাপি পিতৃভৱনে নিয়ত বাস কৰা শাস্ত্ৰ নিষিদ্ধ৷ আকৌ, ‘পতীব্ৰত্য ধৰ্ম ভিন্ন অবলাগনেৰ আৰ কি উৎকৃষ্ট ধৰ্ম আছে? আমি এই মহাধৰ্ম পতিসেৱা পৰিত্যাগ কৰিয়া এক দিনেৰ জন্য যাইতে পাৰব না’ [পৃঃ ১০৬]। এয়া পুৰুষতান্ত্ৰিক পৰম্পৰাৰ প্ৰতি চৰ্তহীন আনুগত্যৰ নিদৰ্শন৷ এই আনুগত্য দেখি মনোত্তমাৰ পিতৃ জীয়েকৰ প্ৰশংসাত পঞ্চমুখ, ‘তুমিই ৰমনী নামেৰ সাৰ্থকতা সম্পাদন কৰিলে’ [পৃঃ ১০৭]।
আত্মসমৰ্পণ কৰিলেও মনোত্তমাক, অদ্ৰীশ বিশ্বাসৰ ভাষাত, ‘‘স্বাধীনভাৱে দেখা হয়েছে’’ [পৃঃ ৪২]। সময় আৰু সুযোগ পালে তেওঁৰ স্বামীৰ লগত তৰ্কতো লিপ্ত হয়—বিনয় আৰু নম্ৰতাৰে৷ সহিষ্ণুতা অৱলম্বন কৰিলেও [পৃঃ ৮৩] তেওঁ এই কথা উপলব্ধি কৰিছিল যে ‘শ্লোষক্তি সহ্য কৰিয়া’ নিৰুত্তৰ হৈ থকাটোও বাঞ্ছনীয় নহয় [পৃঃ ৬৬-৬৭]। আদেশ পালন কৰিবলৈ সদাপ্ৰস্তুত মনোত্তমাই নিজৰ আৰু সতিনীয়েকৰ ল’ৰা-ছোৱালীক শিক্ষিত কৰি নিজৰ ব্যক্তিত্বৰ মৰ্যাদা অক্ষুণ্ণ ৰাখে যদিও নীলব্ৰতক শিক্ষা দিয়াত তেওঁ বিফল হ’ল আৰু এই ব্যৰ্থতাই তেওঁক কৰি তোলে নিঃসহায় আৰু নিস্ব৷ কিন্তু এই কথাও লক্ষণীয় যে কোনো কুণ্ঠাবোধ নকৰি তেওঁ নীলব্ৰতক তেওঁৰ বদস্বভাৱৰ কথা সোঁৱৰাই দিয়ে প্ৰায় প্ৰকাশ্যভাৱে৷ স্বামীৰ স্বভাৱ-চৰিত্ৰ সলনি হ’ব—এই আশা তেওঁ বহুদিনলৈ মনত পুহি ৰাখিছিল: ‘দেখি যদি কোনোৰকমে কিছু স্বভাৱ পৰিৱৰ্তন কৰিতে পাৰি’ [পৃঃ ৬৯]। শিক্ষিতা বাবেই নিশ্চয় মনোত্তমাই বহুক্ষেত্ৰত—প্ৰতিকূল পৰিৱেশতো—মনৰ দৃঢ়তা আৰু আত্মবিশ্বাসৰ পৰিচয় দিয়া দেখা যায়৷
‘মনোত্তমা’ৰ লেখিকাৰ মতে শিক্ষিতা নোহোৱা হ’লে স্বামীৰ কটু বাক্য মনোত্তমাই সহ্য কৰিব নোৱাৰিলেহেঁতেন [পৃঃ ৬৩]। অৱশ্যে তেওঁ স্ত্ৰীশিক্ষাৰ সপক্ষেহে এনে যুক্তি দাঙি ধৰিছে৷ কিন্তু নায়িকাৰ এনেধৰণৰ মনোভাৱ বা আচৰণ অবাস্তৱ যেনেই বোধ হয়৷ পদাঘাত খায়ো বা স্বামীৰ দ্বিতীয় স্ত্ৰী আনোতেও মনোত্তমা নীৰৱ—এইধৰণৰ আচৰণ আজিৰ যুগত কিয়, সেইকালৰ কিছু ব্যক্তিয়েও নিশ্চয় বৰ পছন্দ নকৰিলেহেঁতেন৷ স্ত্ৰীশিক্ষাৰ প্ৰতিপক্ষসকলে সাধাৰণতে এইবুলি মতামত দিয়ে—শিক্ষিতা নাৰী দাম্ভিক, তৰ্কপ্ৰিয়, গাৰ্হস্থ্যধৰ্ম পালনত অক্ষম৷ মনোত্তমাই যেন সেই জনপ্ৰিয় প্ৰচলিত ধাৰণা সত্য নহয় বুলি প্ৰমাণ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে৷ সংস্কৃতিৱান, সুশীলা, মৃদুভাষিনী মনোত্তমাৰ স্বভাৱ মধুৰ৷ বিদ্যাৱতী হৈও তেওঁ শান্তিপ্ৰিয় [পৃঃ ৮৪]। লেখিকাৰ মতে এনে ব্যক্তিৰ চৰিত্ৰ বা ব্যক্তিত্বৰ কেতিয়াও ক্ষয় বা স্ফলন হ’ব নোৱাৰে—‘চন্দন কাষ্ঠকে পুনঃহ ঘৰ্ষণ কৰাতেই কি তাহা সুস্পষ্ট হয়? এবং সুচাৰু স্বৰ্ণকে বাৰম্বাৰ হুতাশন দগ্ধ কৰা হয় বলিয়া কি সুবৰ্ণ আপন চাৰু সুবৰ্ণ পৰিত্যাগ কৰে’ [পৃঃ ৮৪]? আদৰ্শ সতী নাৰী হৈ ৰক্ষণশীলসকলৰ তীব্ৰ সমালোচনাক যেন মনোত্তমাই সম্পূৰ্ণভাৱে নস্যাৎ কৰি প্ৰত্যুত্তৰ দিছে৷ তেওঁ যেন কৈছে—চোৱা মই শিক্ষাৰ পোহৰ পাইছোঁ, কিন্তু তোমালোকে অভিযোগ কৰাৰ দৰে মই দাম্ভিক, মুখৰা বা বিপথগামিনী হোৱা নাই৷ পাৰিবাৰিক বন্ধনক এক উচ্চ আসন আৰু মৰ্যাদা দিয়াটোৱেই যেন নায়িকাৰ মূল লক্ষ্য৷ পৰিয়াল যেন কেতিয়াও অৱক্ষয় বা ধ্বংসৰ মুখামুখি নহয়— এয়ে যেন মনোত্তমাৰ লক্ষ্য৷
মনোত্তমাৰ বিপৰীত স্থিতিৰ অন্য এটা দিশ উপন্যাসখনত উন্মেচিত হৈছে নীলব্ৰতৰ দ্বিতীয় বিবাহৰ পিছত৷ এই সময়ছোৱাত নায়িকাৰ প্ৰতিক্ৰিয়া আৰু আচৰণ পুৰুষতান্ত্ৰিক সমাজত এটি চিৰাচৰিত ধাৰণাৰ সত্যতাক স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিছে৷ ধাৰণাটো হ’ল, নাৰী স্বভাৱগতভাৱে ঈৰ্ষাপৰায়ণ৷ মনোত্তমাই ধাৰণাটোৰ মূলতেই আঘাত কৰিছে৷ লেখিকাৰ মন্তব্যত ইয়াৰ আভাস স্পষ্ট—‘‘স্ত্ৰীলোক হইলেই যে ঈৰ্ষা ও অসূয়া পৰবশ হইতেই হয়, এমন কিছু কথা নাই’’ [পৃঃ ৮৩]। স্বামী, সপত্নী আৰু তেওঁৰ পুত্ৰৰ প্ৰতি যথাযথ মৰ্যাদা আৰু স্নেহ দেখুৱাই তেওঁ বাৰে বাৰে আমাক সোঁৱৰাই দিছে যে— নাৰী-প্ৰকৃতি সম্পৰ্কে প্ৰচলিত যি নেতিবাচক ধাৰণা সি অমূলক৷ কাৰণ অতীজত দশৰথৰ পত্নীসকলৰ কোনেও কাকো হিংসা কৰা নাছিল৷ এইক্ষেত্ৰত সেয়ে মনোত্তমাৰ মন ঈৰ্ষাপৰায়ণ বা কলুষিত নহয়, ‘নিৰ্ম্মল শশীকলা ৰাহুকৰ্ত্তৃক গ্ৰাসিত হয় বলিয়াই কি ৰাহু তাহাকে মলিন কৰিয়া ৰাখিতে পাৰে’ [পৃঃ ৮৩]? এইখিনিতে উল্লেখ কৰিব পাৰি যে নাৰীৰ আত্মসমৰ্পণৰ গুণানুকীৰ্ত্তন কৰিলেও অলপ বেলেগধৰণৰ মতো আমি ‘মনোত্তমা’ত পঢ়িবলৈ পাওঁ৷ দ্বিতীয় বিবাহৰ পিছত নীলব্ৰতৰ ‘অপব্যয়, সুৰাসেবা ও বাৰঙ্গনাবিলাস কিছুই দমন বা হ্ৰাস [পৃঃ ৮১] নহ’লেও তেওঁ কিন্তু ‘দিবানিশি অন্তঃপুৰেই আছেন’ [পৃঃ ৮৫]। নীলব্ৰতৰ সম্পৰ্কে লেখিকাই আমাক জানিবলৈ দিয়া এই দুটা কথাৰ মাজত বিৰোধ থকা যেন লাগে৷ পিছে আমি ইয়াত দাম্পত্য জীৱন সম্পৰ্কে লেখিকাৰ ভিন্নসুৰীয়া মতৰ কথাহে উল্লেখ কৰিব বিচাৰিছোঁ৷ দ্বিতীয় বিবাহৰ পিছত নীলব্ৰত অন্তঃপুৰত আবদ্ধ হৈ পৰাৰ প্ৰসংগত লেখিকাৰ মন্তব্য অৰ্থপূৰ্ণ—‘‘ভাৰ্য্যা যদি স্নিগ্ধ প্ৰকৃতি সুবুদ্ধিমতী হয়, তবে তাহাৰ বাক্যে যথোচিত সমাদৰ কৰিতে হানি নেই৷ অথবা অতিশয় বাড়াবাড়ীও ভাল নহে’’ [পৃঃ ৮১]। মন কৰিবলগীয়া কথা, লেখিকাই এই মত পুনৰ উল্লেখ কৰিছে – ‘‘সমতুল্য সদগুণশালিনী ৰমনীৰ বশীভূত থাকা তাদৃশ অনিষ্টকৰ নহে৷ অথবা অতিশয়ও ভাল নহে৷ ’’ [পৃঃ ৮৬] খুব সম্ভৱ, দাম্পত্য জীৱনত পত্নীৰ বাবে ক্ষমতাৰ ক্ষুদ্ৰ ক্ষেত্ৰ এখন তৈয়াৰ হোৱাটো লেখিকাই কামনা কৰিছিল৷ ঊনৈশ শতিকাৰ বংগীয় ‘বাবু’ সমাজৰ নৈতিক উশৃংখলতা— যেনে মদ্যপান, বাইজীৰ নিচা, বেশ্যা গমন আদি দেখি তেওঁ এই মত পোষণ কৰিছিল যেন লাগে৷
আমি জানো, পাশ্চাত্য প্ৰভাৱৰ ফলত ১৯ শতিকাৰ মাজভাগৰ পৰা কিছু ব্যক্তিৰ মনত দাম্পত্য সম্পৰ্কক এক নতুন দৃষ্টিভঙ্গীৰে চোৱাৰ মানসিকতা গঢ় লৈছিল৷ ফলত লাহে লাহে সৃষ্টি হৈছিল দাম্পত্য জীৱনৰ এক নতুন ধাৰা যাৰ বাবে স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ মাজত ঘনিষ্ঠতা আৰু সহমৰ্মিতা কিছু হ’লেও ঠন ধৰি উঠিছিল [সম্বন্ধ চক্ৰৱৰ্তী, অন্তৰে অন্তৰে: উনিশ শকতে বাঙালি ভদ্ৰ মহিলা, কলকাতা, ১৯৯৫, তৃতীয় অধ্যায় দ্ৰষ্টব্য৷]। বৈবাহিক জীৱনৰ এই তুলনামূলকভাৱে সুখী দাম্পত্য সম্পৰ্কৰ ছবিখন সম্ভৱ লেখিকাৰ মনতো অংকুৰিত হৈছিল অথবা খুব সতৰ্কভাৱে এই নতুন পাৰিবাৰিক সম্পৰ্কৰ ক্ষীণ আভাস দিবলৈ তেওঁ যত্ন কৰিছিল৷ বিবাহিত জীৱনক ‘মনোত্তমা’ৰ নায়িকাই যিদৰে গঢ় দি ল’ব বিচাৰিছে, নিজৰ শিক্ষাৰ পোহৰেৰে যেনেকৈ স্বামী-স্ত্ৰীৰ সম্পৰ্কক উজলাই তুলিব বিচাৰিছে, তাৰ মাজেৰে যেন লেখিকাৰ আকাংক্ষা প্ৰতিফলিত হৈছে৷ কিন্তু নীলব্ৰতৰ আৰু মনোত্তমাৰ মাজত তেনে সম্পৰ্ক গঢ় লৈ নুঠিল৷ মনোত্তমাৰ উচ্চ শিক্ষা আৰু অশিক্ষিত নীলব্ৰতৰ স্থূল মত তথা ৰুচিৰ বাবে তেওঁলোকৰ মাজত বিভেদ আৰু ভাঙোন আহিল৷ মত, ৰুচি, মূল্যবোধৰ মাজত মিল নেথাকিলে দাম্পত্য জীৱন সুখময় হোৱাৰ কোনো আশা নাই৷ এই বক্তব্য দাঙি ধৰাত ‘মনোত্তমা’ৰ লেখিকাৰ প্ৰয়াস সাৰ্থক বুলি ক’ব পাৰি৷
অনুৰাধা ৰায়ৰ মতে ‘মনোত্তমা’ৰ লেখিকাৰ সমাজ ভাৱনা জাতীয়তাবাদৰ সৈতে যুক্ত [অনুৰাধা ৰায়, পৃঃ ২১]। মন্তব্যটিত যুক্তিযুক্ততা আছে৷ আমি ইয়াৰ প্ৰমাণ পাওঁ প্ৰাচীন ভাৰতৰ গুণানুকীৰ্ত্তনত—য’ত তেওঁ কৈছে যে ইংৰাজসকল ভাৰতৰ বহু পিছতেহে সভ্য হ’ল, ‘‘এই ভাৰতবৰ্ষে পূৰ্বকালীন ৰাজগণ যেৰূপ পুণ্যাত্মা ছিলেন, তাহা স্মৰণ হইলেও ভাৰতবৰ্ষবাসীদিগকে ধন্যবাদ প্ৰদান কৰিতে হয়৷ ভাৰতবৰ্ষয় ব্যক্তিগণ বহু দিন পূৰ্বে সভ্য হয়েছিলেন’’ [পৃঃ ৯৭]। কথাটি আংশিকভাৱে অতিৰঞ্জিত যদিও ইয়াৰ কাৰণ নথকা নহয়৷ পৰাধীন দেশৰ বাসিন্দা হিচাপে এনে ধৰণৰ উক্তিৰ দ্বাৰা লেখিকাই হয়তো নিজৰ মনক কিছু সান্ত্বনা দিব পাৰিছিল৷ তদুপৰি অতীতৰ গৌৰৱোজ্জ্বল কাহিনী শুনাই তেওঁ ভাৰতীয়ৰ ভাৱনাক প্ৰগতিমুখী কৰিবলৈ বিচাৰিছিল৷ এই কৌশল এচাম সংস্কাৰকৰ লেখা-মেলাতো পোৱা যায়৷ ‘মনোত্তমা’ৰ জৰিয়তে আমি উপলব্ধি কৰিব পাৰোঁ যে লেখিকাও সংস্কাৰসকলৰ পক্ষতেই আছিল, কিন্তু পৰম্পৰাক তেওঁ পৰাপক্ষত আঘাত কৰিব বিচৰা নাছিল৷ ই কিমানদূৰ কৌশলগত সেই কথা আমি জনাৰ উপায় নাই৷ পিছে কৌশল হিচাপে আধুনিকতা আৰু পৰম্পৰাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টা এচাম সংস্কাৰকৰ কথা আৰু কামত দেখা যায়৷ এই চেষ্টাৰ কিছু লক্ষণ ‘মনোত্তমা’ত নথকা নহয়, যদিও শেষ পৰ্যন্ত পৰম্পৰাৰেই জয় হয়৷ পৰিশেষত ক’ব পাৰি যে বাংলা ভাষাত মহিলাই লিখা প্ৰথম উপন্যাস হিচাপে ‘মনোত্তমা’ৰ লেখিকা কামিনী দেৱী নিঃসন্দেহে বাটকটীয়া৷ কিন্তু উপন্যাসখনে যি বাটৰ সন্ধান দিছে সি আজি পৰিত্যক্ত৷