মৰিচিকা ।। পৰাণ জ্যোতি নাথ
এটি প্ৰহেলিকাৰ মাজত বিলীন হৈ
সঁচা-মিছাৰ পম খেদি ফুৰোঁতে,
সময়ে জীৱনৰ চাকনৈয়াত ঘূৰোঁতে
পূৰ্ণিমাৰ ৰাতি অমাৱশ্যা হ’লগৈ।
সঁচা-মিছাৰ পম খেদি ফুৰোঁতে,
সময়ে জীৱনৰ চাকনৈয়াত ঘূৰোঁতে
পূৰ্ণিমাৰ ৰাতি অমাৱশ্যা হ’লগৈ।
চুচৰি-বাগৰি সপোনে পোখা মেলিছিল
আশাৰ ওলোমা বাগানত গোলাপো ফুলিছিল,
পিছে হঠাতে অহা ধুমুহা-বৰষুণে
সকলো ভাঙি মোহাৰি পেলালে।
আশাৰ ওলোমা বাগানত গোলাপো ফুলিছিল,
পিছে হঠাতে অহা ধুমুহা-বৰষুণে
সকলো ভাঙি মোহাৰি পেলালে।
এটি ভাল ল’ৰা আগুৱাই গৈছিল
বাধা নেওচি জীৱন গঢ়াৰ পথত,
নিষ্ঠুৰ সময়ৰ জুৱা খেলৰ গোন্ধে
গোটেইবোৰ গেলাই পেলালে।
বাধা নেওচি জীৱন গঢ়াৰ পথত,
নিষ্ঠুৰ সময়ৰ জুৱা খেলৰ গোন্ধে
গোটেইবোৰ গেলাই পেলালে।
মানুহৰ ভুল হয় জানো?
নে সময়ৰ ভুল আছিল?
আচলতে মৰিচিকা খেদোঁতে
সময়েই প্ৰহেলিকা হ’ল।
নে সময়ৰ ভুল আছিল?
আচলতে মৰিচিকা খেদোঁতে
সময়েই প্ৰহেলিকা হ’ল।

