গল্প-কবিতা

ঝালি মাটিৰ গান।। পূৰবী ভৰালী

মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা

সি বাগৰ সলালে। বাঁহৰ বিচনাখন কেৰমেৰাই উঠিল। সি চকুহাল মোহাৰি বাহিৰলৈ চালে। মুধচেৰে সোমাই আহিছে এটি ক্ষীণ পোহৰৰ ৰেশ। আজি কৰবীৰ বিয়া। সিহঁতৰ গাঁৱৰ নিয়ম অনুসৰি বিহানে কাউৰীয়ে কা নৌ কৰোঁতেই পানী তোলা নিয়ম। বেণ্ড পাৰ্টিৰ শব্দত সি সাৰ পাই গ’ল। এটা সম্পূৰ্ণ উজাগৰী ৰাতিৰ শেষত তাৰ চকুহাল ক্ষন্তেক সময়ৰ বাবে জাপ খাইছিলহে মাথোন।

এতিয়া পাঁচজনী অকুমাৰী বৈৰাতীয়ে পাঁচটা মাটিৰ ঘট লৈ নদীৰ ঘাটলৈ গৈ পানী আনিব। সেই পানীৰে দুপৰীয়া কৰবীক গা ধুৱাব। ৰঙা পাৰী দিয়া বগা শাৰী পিন্ধি কৰবীয়ে কলপুলিৰ তলত হিয়ালি জিয়ালিকৈ কান্দিব। ক্ষন্তেকতে ঝালি মাটিৰ গান এফাঁকি তাৰ মনৰ মাজেৰে ইপাৰ-সিপাৰ হ’ল।

” দেখো মাই কালিন্দীৰো জল কালা ।

স্নান কৰিতে ভালা।”

ধেইৎ তেৰি, বিয়াততো এই গান নাগায়। মানুহৰ শেষ যাত্ৰাতহে এই গান গোৱা হয়। তাৰ এইফাঁকি গানহে মনলৈ আহিব লাগেনে!

ইতিমধ্যে চিঞৰ বাখৰ কৰি, বেণ্ড পাৰ্টিৰ তালে তালে নাচি নাচি দলটো সিহঁতৰ পদূলি পাৰ হ’ল। ঘৰৰ মূধচ চায়েই ধৰিব পাৰি বাহিৰত বেচ পোহৰ হৈছে। জাৰৌপ জাৰৌপ কৈ মাকে চোতাল সাৰিছে। মাকৰ গা পৰি আহিছে। আজিকালি প্ৰায়েই আঁঠুৰ বিষ বুলি মাকে ঠাইতে বহি পৰে। বেছিকৈ কাম কৰিলে বৰকৈ ফোঁপাবলৈ ধৰে। সেয়ে চাগে মাকে পানী তোলা সমদলটোৰ লগত যোগ নিদিলে। তাৰ আকৌ ঝালি মাটিৰ গান এফাঁকি মনলৈ আহিল।

” মাও মোৰ পালনী ৰে

অ মাও মোৰ পালনী ৰে

চাৰিয়া গেলি মোৰে(মোক হে)।

ভোকত দিছিলা ভাত ৰে মাও

পিয়াহত দিছিলা পানী,

পিন্ধিবাকো দিছিলা মাও

শুকল বস্ত্ৰ খনি। “

তাৰ দুচকুৰে দুটোপাল তপত চকুলো বাগৰি পৰিল। এই বিষাদ গধুৰ গানবোৰ সময়ে অসময়ে তাৰ মনলৈ আহে কিয় বাৰু! জন্মৰে পৰা এই বিষাদ গাঁথাবোৰ তাৰ চিনাকী বাবে চাগে। দেউতাকে এইটো অঞ্চলৰ প্ৰতিজন মৃতককে এই ঝালি মাটিৰ গান গাই গাই শ্মশানলৈ লৈ গৈছিল। কেতিয়াবা দূৰণিৰ গাঁৱলৈ তেওঁলোকে যাবলগীয়া হৈছিল কেৱল এই গানবোৰ জানে বাবেই। দেউতাকৰ কণ্ঠৰ গানবোৰ কেনেকৈ যে তাৰ কণ্ঠত বহি থাকিল, সি গমকে নাপালে। বৰ অস্থিৰ হ’ল সি। সি বিচনাত শুই থাকিব নোৱাৰিলে। সি উঠি বিচনাত কিছু পৰ বহি ৰ’ল।

“ৰাজীৱ, চাহকাপ খায়া গৰু দুটাক শালিভুঁইত থয়া আহ । নাৰাৰ তলেৰ কোমলা ঘাঁহগিলা খায়া ভাল পাব।”

মাকৰ মাতষাৰ শুনি ৰাজীৱৰ সকলো বিষাদবোধ ক’ৰবাত বিলীন হ’ল। সি ততাতৈয়াকৈ বিচনাৰ পৰা নামিল। শেষবাৰৰ বাবে বিচনাখনে অচিন ৰাগ এটা জুৰিলে কেৰ -ৰ -ৰ।

” আজি নিবেদিতা বাইদেউ আহিব। তয় ক’তো নাযাবি।”

মাকৰ কথাত সি একো নামাতিলেও মনে মনে বৰ ক্ষুণ্ণ হ’ল। নিবেদিতা বাইদেৱে ঝালি মাটিৰ গানৰ বিষয়ে অধ্যয়ন কৰি আছে। ডক্টৰেট ডিগ্ৰীৰ বাবে তেওঁ কোঁচ ৰাজবংশী জাতিটোৰ হেৰাই যাব ধৰা কিছু সংস্কৃতিৰ বিষয়ে লিখা-পঢ়া কৰি আহিছে। কৰক, কিন্তু তেখেতে দুদিনমান ধৰি তাক যে ইমান বিৰক্ত কৰিছে! সি গুৱাহাটীৰ ষ্টুডিও লৈ গৈ ঝালি মাটিৰ গান গাব লাগে, সেইটো কিবা কথা হ’ল নেকি? মানুহ মৰিলে কিমান নীতি-নিয়ম পালন কৰি যে দেউতাহঁতে এই গান গাইছিল!

দেউতাকৰ মৃত্যুৰ পাছত এই কামটো ৰাজীৱে চলাই আছে। নিজৰ বাবেও, ৰাইজৰ বাবেও। কিয়বা সি এই মৃত্যুমুখী গানবোৰ ভাল পায়! কৰবীয়ে এই গানবোৰ বেয়া পায় বুলি জনাৰ পাছত তাৰ গানবোৰৰ প্ৰতি মোহেই নোহোৱাৰ দৰে হ’ল। কিন্তু নিলাজৰ দৰে গানবোৰ তাৰ বুকুৰ মাজেৰে ইপাৰ-সিপাৰ হৈ থাকে তাৰ অজানিতেই।

ৰাজীৱে অসহায় হৈ মাকলৈ চালে। মাকৰ একান্ত ইচ্ছা, সি গানসমূহক ৰাইজৰ আগত তুলি ধৰক। দেউতাকৰ বাটেৰে সিও আগবাঢ়ক। নিবেদিতা বাইদেউৰ ইচ্ছা, সি হেৰাই যাব ধৰা সম্পদবোৰক উদ্ধাৰ কৰক। তাৰ গভীৰ কণ্ঠেৰে তেওঁ গানবোৰ বাণীবদ্ধ কৰাৰ কথা ভাবিছে। ইমানবোৰ ইচ্ছাৰ বিৰুদ্ধে গৈ সি কোন স’তে কয় এই গানবোৰ কাৰোবাৰ বাবে কেৱল “মৰা ফেলোৱা গান”।

কৰবীয়ে তাক লগ ধৰা শেষ সন্ধিয়াটোৰ কথা তাৰ মনত পৰিল। কৰবীয়ে চৰম অৱজ্ঞাৰে সেইদিনা কৈছিল,”এইবোৰ মৰা ফেলোৱা গান গাবলৈ বাদ দিয়া। “

অৱশ্যে ৰাজীৱে সেইদিনা গান গাবলৈ বাদ দিম বুলি ক’লেও তাই যে ৰে’লৰ চাকৰি কৰা দৰা এৰি তাৰ লগত নাহে সেয়া সি গম পাই গৈছে। থাকক, তাই সুখত থাকক। সি বুজিছে অধিকাৰৰ ঠাইডোখৰ য’ত শূন্য, তাত অভিমান কৰাটো এক মূৰ্খামি মাথোন।

মৰা কুঁজিয়াৰ পাৰৰ সেই বিষণ্ণ সন্ধিয়াটো তাৰ বাবে বেদনাদায়ক হৈ ৰ’ল চিৰদিন। কৰবীৰ বাবে হয়তো সেই সন্ধিয়াটো আছিল মুক্তিৰ সন্ধিয়া। তাৰ বন্ধনৰ পৰা মুক্ত হৈ তাইৰ চাগে সেইদিনা বৰ ভাল লাগিছিল।

তাৰ পাছৰ দিনবোৰত সি গানবোৰ গাবলৈ মন নকৰা হ’ল। বহু প্ৰস্তাৱ সি ঘূৰাই দিলে। মানুহবোৰ তাৰ ওপৰত বিৰক্ত হ’ল। কাৰণ মানুহে বিশ্বাস কৰে যে ঝালি মাটিৰ গান গাই বিদায় দিলে মৃত ব্যক্তিৰ আত্মাৰ সদ্গতি হয়। তাৰ পালিবোৰো তাক বুজাই বঢ়াই মান্তি কৰাব নোৱাৰিলে। তেওঁলোকৰ বাবে এয়া জীৱিকাৰো এটা মাধ্যম। মৃত ব্যক্তিৰ পৰিয়ালৰ ফালৰ পৰা যি সামান্য মাননি আগবঢ়ায়, তাৰে তেওঁলোকৰ অভাৱী সংসাৰৰ কিছু অভাৱ পূৰণ কৰিব পাৰে। গতিকে মানুহবোৰ তাৰ ওপৰত ক্ষুণ্ণ হ’ল।

সি অকলেই কঢ়িয়াই থাকিল কঢ়িয়াব নোৱাৰা গধুৰ যন্ত্ৰণাবোৰ। হ’ল বুলিনো এখন বুকুৱে কিমান দুখ কঢ়িয়াব !

সেই সন্ধিয়াটোৰ পিছৰ দিনবোৰত কৰবীৰ বিয়াৰ কাম-কাজবোৰ দ্ৰুত গতিত আগবাঢ়িছিল।

পানচেনীত দৰাঘৰৰ পৰা বহু মানুহ আহিছিল। গাড়ীৰ শাৰী ৰাজীৱহঁতৰ পদূলিমুখলৈ আহি শেষ হৈছিল। ৰাজীৱে সেইদিনা গোটেই দিনটো মৰা কুঁজিয়াৰ পাৰত বহি থাকিল। ফাগুনৰ উখাৰত খৰখৰীয়া হোৱা মাটিৰ দৰে সেইদিনা তাৰ মনটোও শুকাই খৰখৰীয়া হৈছিল।মানুহৰ এটা অনন্ত চাহিদা আছে, এজনে যিমান পৰিমানে আনজনক ভাল পায়, তেওঁ আশা কৰে আনজনেও তেওঁক সিমানেই ভাল পাওক। সি জানে মানুহৰ এই চাহিদা কেতিয়াও পূৰণ নহয়।

সন্ধিয়া চোতালত বহি মাকে কৰবীৰ দৰাৰ ৰূপ-গুণ- প্ৰতিপত্তিৰ কাহিনী তাক শুনালে। সি সুধিলে-

“কৰবীয়ে কান্দিছিল নে?”

“কিয় কান্দিব? হাঁহি হাঁহিয়েইচোন দুয়ো দুয়োকে আঙুঠি পিন্ধাইছিল। “

গাঁওখনৰ কাৰোবাৰ ঘৰত বিয়াৰ আয়োজন চলিলে চুবুৰীৰ প্ৰতিঘৰ মানুহেই কামত হাত উজান দিয়ে। সি নগ’ল। কোন স’তেনো যায়! য’ত সি বাৰে বাৰে অপমানিত হয়, য’ত তাৰ বুকুৰ আপোন গানবোৰ অপমানিত হয়! ভুলবোৰ ক্ষমা কৰি দিব পাৰি, কিন্তু অপমানবোৰ নোৱাৰি। অপমানবোৰে যে তাৰ আত্মসন্মানত আঘাত কৰিছে। নবীনহঁতে দল বান্ধি বিয়াৰ খৰি কাটিলে, ধান শুকাই মিলত দিলে, পাত-পটুৱা যোগাৰ কৰিলে। ৰাজীৱৰ মাকে চুবুৰীৰ খুৰীহঁতৰ লগত চাউল-দাইল জাৰিলে, চিৰা খুন্দিলে।

ৰাজীৱে পথাৰৰ পৰা আহি থাকোঁতেই দেখিলে নিবেদিতা বাইদেউৰ গাড়ীখন সিহঁতৰ পদূলিমুখত ৰৈ আছে। কলীয়া ডাৱৰে ক্ষন্তেকতে তাৰ মনলৈ এন্ধাৰ নমালে।

“চা ৰাজীৱ, এই গানবোৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈ আছে। আমিয়েই যদি সেইবোৰ উদ্ধাৰ নকৰোঁ, কোনে কৰিব? আমাৰ পিছৰ প্ৰজন্মই দেখোন একোৱেই নাজানিব। “

সদায় কোৱাৰ দৰে আজিও বাইদেৱে একেবোৰ কথাকেই কৈ আছে।

“বাইদেউ,মই আৰু এই মৃতকৰ বাবে গোৱা গীতবোৰ

নাগাওঁ।”

” কিয়?”

“এনে গীত গোৱা মানুহবোৰক সমাজে চুৱা বুলি গণ্য কৰে। “

“নকৰে, সেয়া তোমাৰহে মনৰ ভ্ৰম। এইবোৰ শোকগীত। পৃথিৱীৰ সকলো সমৃদ্ধ জাতিৰে এনে ধৰণৰ গীত আছে। কিছুমান চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল। ৰাভাসকলৰ “পাঞ্চুনা”, গাৰোসকলৰ “কাবে” এতিয়াও তেওঁলোকৰ মাজত সমাদৃত। ৰাজস্থানত এনে গান গাবৰ বাবে এদল ক্ৰন্দসী মহিলা নিয়োগ কৰা হয়, যাক “ৰুদালী” বুলি কোৱা হয়।”

সি শিল পৰা কপৌৰ দৰে থৰ হৈ শুনি থাকিল বাইদেউৰ শুনিলে শুনি থাকিবৰ মন যোৱা কথাবোৰ।

“মানুহে নিজে যিটো ভাল বুলি ভাবে সেইটোহে কৰিব লাগে। আনৰ চিন্তাধাৰা নিজৰ গাত সানি ল’ব নালাগে। আৰু এটা কথা ৰাজীৱ, আনে যোৱা বাটেৰে যোৱাতকৈ নিজে কাটি লোৱা বাটেৰে যোৱাটো বেছি মৰ্যাদাসম্পন্ন। তেনে মানুহকহে সমাজে পিছলৈ মনত ৰাখে। “

বেণ্ডপাৰ্টীৰ তালফাল লগোৱা শব্দ, ফটকাৰ আকাশ কঁপাই তোলা শব্দই বাইদেউৰ কথাষাৰ তল পেলালে। দুয়োজনে সেইফালে চালে। মহিলাবোৰে কইনাক গা ধুৱাই দিয়াৰ পিছত সুৱাগুৰি তুলিবলৈ গৈ আছে। বিয়াৰ যে কতো নিয়ম! গা ধুৱাই দিওঁতে কৰবীয়ে মাকক সাবটি কান্দোনত ভাগি পাৰিছিল চাগে।

“চোৱা, বিয়াৰ এই পুৰাতন নিয়মবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম চলি আহিছে। হয়তো পৰিৱৰ্তনৰ হেঁচাত পৰি কিছু নিয়মৰ হেৰ-ফেৰ হ’ব পাৰে। সেইদৰে ঝালি মাটিৰ গানবোৰকো আমি নতুন ৰূপেৰে উলিয়ালে ক্ষতি কি?”

বাইদেৱে তাৰ ফালে বৰ আশাৰে চাই থাকিল। সি একো কোৱা নাই। কোৱাৰ প্ৰয়োজনবোধো কৰা নাই।

“গুৰু মোৰে তৰাও ৰে তৰাও

তৰাও ৰে ৰঘূনাথ

চৰণ দুখানি সিখানে নাছিলা গুৰু

মই নিজকে নাজানং

আৰ অধমক দিয়া নাম ৰে

হায় ৰে গুৰু মই হাততে হাৰালং। “

মনলৈ অহা গানৰ কথাখিনিৰ মায়াত সি ক্ৰমে হেৰাই থাকিল। ইমান মোহ! আজন্ম চিনাকী কাৰণে চাগে তাৰ এই গানবোৰৰ প্ৰতি বৰ মোহ। জোনাক ৰাতি চোতালত ঢাৰি পাতি আপোনমনে দেউতাকে গানবোৰ গাইছিল। কি অদ্ভুতভাবে কৰুণ আছিল সেই সুৰবোৰ! গান লিখা বহীখন দেউতাকে ঘৰৰ ভিতৰত থোৱা নাছিল। বহীখন শ্মশানত লৈ যোৱা হয় বাবে তাত হেনো ভূত-প্ৰেত থাকে। গোহালিৰ বেৰত গুজি থোৱা বহীখনলৈ ৰাজীৱৰ বৰ কৌতুহল। কি যে মায়া সোমাই আছে সেই উৱলিব ধৰা কাগজৰ ক’লা ক’লা আখৰবোৰত! তাতেই হেনো থাকে মানুহৰ মুক্তিৰ পথ।

ৰাজীৱে নাজানে মুক্তি মানে কি। কিন্তু ক’ৰবাত মানুহ মৰিলে দেউতাকে তাত গান গাই পোৱা পইচা কেইটাৰে সিহঁতে ভোকৰ পৰা মুক্তি পাইছিল।

সিহঁতক ভোকৰ পৰা মুক্তি দিয়া দেউতাকজনে এদিন সামান্য জ্বৰতেই এই জীৱনৰ পৰা মুক্তি ল’লে। সেইদিনা বগা তিয়নীখন পিন্ধিয়েই সি কিতাপখন মেলি দেউতাকৰ আত্মাৰ চিৰমুক্তিৰ বাবে গান গাইছিল। সেয়াই আৰম্ভণি। সেইদিনাৰ পৰা ঝালি নামৰ সৰু কাঁহৰ তাল আৰু মাটিৰে নিৰ্মিত খোল তাৰ কান্ধত ওলমি থকা হ’ল। তাৰ নতুন পৰিচয় – ৰাজীৱ গীদাল। সি যেতিয়া গাবলৈ আৰম্ভ কৰে আৰু তেতিয়া পালি হিচাপে থকা নিকুঞ্জহঁতে সেই গানবোৰ আন্তৰিকতাৰে আওঁৰাই দুখৰ অনুভূতিবোৰক প্ৰকাশ কৰে। মৃতকক নতুন বস্ত্ৰ পৰিধান কৰোৱা, তেল আৰু কেঁচা মাহ-হালধি সানি নোৱাই দিয়া, ধূপ-দীপ জ্বলোৱা আদি প্ৰতিটো অনুষ্ঠানতে সিহঁতে অতি কৰুণ কাতৰ সুৰেৰে মৃতকৰ গুণগান গায়। সিহঁতে গানৰ মাজেৰে জীৱনৰ ক্ষণস্থায়ীত্বৰ তত্ত্বগধুৰ কথাবোৰো সৰলভাৱে উপস্থাপন কৰে। গান গোৱাৰ সময়ত অচিনাকী মৃতকজন তেওঁলোকৰ অতি আপোনজন হৈ পৰে।

“তুমি নাজানা সংগীতৰ ক্ষেত্ৰত তোমাৰ মাজত কি প্ৰতিভা লুকাই আছে। অসাধাৰণ। যি এবাৰ শুনে তেওঁহে উপলব্ধি কৰে। নিন্ম ৰুচিৰ কিছুমান কথাৰ বাবে এনে প্ৰতিভা হেৰাই যাবলৈ নিদিবা।”

বাইদেউৰ কথাষাৰ শুনি সি ক’লে,

“ঝালি মাটিৰ গান মই নাগাওঁ, অন্য গান মই গাম।”

“অন্য গানতো আন বহুতে গায়। তোমাৰ নিচিনাকৈ ঝালি মাটিৰ গানতো আনে গাব নোৱাৰে। গায়ক হিচাপে তোমাৰ জানো সামাজিক দায়বদ্ধতা নাই? ক্ষুদ্ৰ গণ্ডীৰ পৰা নিজকে মুক্ত কৰাচোন।”

ৰাজীৱে অসহায় হৈ তেওঁৰ মুখলৈ চাই ৰ’ল। কেনেকৈ কয় তেওঁক যে কৰবীয়ে এই গানবোৰ বেয়া পায়, কেনেকৈ কয় গাঁৱৰ কিছুমান মানুহৰ বাবে এই গানবোৰ কেৱল ভূতৰ গান! যুক্তিবাদী নিবেদিতা বাইদেৱে জানো তাৰ এই কথাবোৰ মানি ল’ব?

“তুমি গানবোৰ গাই ভালপোৱানে?”

বাইদেউৰ প্ৰশ্নত ৰাজীৱ আচৰিত হ’ল।

“উম”

“তেতিয়াহ’লে তুমি কিয় আনৰ কথাত তোমাৰ ভালপোৱাবোৰক বিসৰ্জন দিবা? যি তোমাৰ ভালপোৱাবোৰক সন্মান নকৰে তেনে মানুহৰ কথা ভাবি সময় নষ্ট কৰাৰ জানো কিবা যুক্তি আছে? য’ত তোমাৰ মূল্য আছে তুমি তালৈকেহে যোৱাটো উচিত।”

হয়, কৰবীৰ বাবে সি কেৱল সময় পাৰ কৰা এটা আহিলাহে আছিল। যেতিয়া চাকৰি কৰা দৰাৰ প্ৰস্তাৱ আহিল, তাই পোনচাটেই এটা সামান্য অজুহাত দেখুৱাই তাৰ পৰা আঁতৰি গ’ল। তাৰ দোষ সি ঝালি মাটিৰ গান গায়। বাহ! ইমান থুনুকা এই সম্পৰ্ক!

তাৰ নিজৰ ওপৰতেই খং উঠিল। কৰবীয়ে যেতিয়া চাকৰি কৰে বাবেই অন্য কাৰোবাক আপোন কৰিব পাৰিছে, তেতিয়া ৰাজীৱে কিয় বাৰু কৰবীয়ে দিয়া কষ্টবোৰক আপোন কৰিব!

গাব, সি আকৌ ঝালি মাটিৰ গান গাব। এই গানবোৰেইতো আটাইতকৈ সত্য। কাৰণ মানুহৰ নিজৰ বুলি ক’বলৈ কেৱল মৃত্যুৱেই আছে, জীৱনটোতো আনৰ লগত ভগাই লওঁতেই পাৰ হয়।

সি যেতিয়া মূৰ তুলি চালে তেতিয়া নিবেদিতা বাইদেউৰ গাড়ীখন ধূলি উৰুৱাই বহুদূৰ পালেগৈ। ছেহ!

সি বহাৰ পৰা উঠিল।

সি বাইদেউক ফোন কৰি তাৰ সিদ্ধান্তৰ কথা জনালে।

সি নিকুঞ্জহঁতক ফোন কৰি মাতিলে। য’ৰ কাম তাতে এৰি সিহঁত তাৰ ওচৰলৈ দৌৰি আহিল। ইমান দিনে কাৰো সংগ পছন্দ নকৰা সিহঁতৰ প্ৰিয় ৰাজীৱ গীদালে মাতিছে, গতিকে নহাকৈ থাকিব পাৰে জানো?

ৰাজীৱে সিহঁতক নিবেদিতা বাইদেউৰ কথাবোৰ ক’লে। স্টুডিঅত ঝালি মাটিৰ গান ৰেকৰ্ড কৰাৰ কথা ক’লে। এইবোৰৰ বাবে সিহঁতে আজিয়েই সন্ধিয়াৰ ৰে’লখনেৰে গুৱাহাটীলৈ যাব লাগিব।

ৰাজীৱৰ কথাবোৰ সিহঁতে সাধুকথাৰ দৰে ৰ’ লাগি শুনি থাকিল। ৰাজীৱে যে আকৌ ঝালি মাটিৰ গান গাব, সেই কথাষাৰেই সিহঁতৰ বাবে, সিহঁতৰ পৰিয়ালৰ বাবে মহৌষধস্বৰূপ।

কৰবীৰ দৰা আহি পাইছে চাগে’। কইনাঘৰৰ ফটকা আৰু বেণ্ড পাৰ্টিৰ শব্দই আকাশ কঁপাই তুলিছে।

ৰাজীৱে বেগত প্ৰয়োজনীয় বস্তুবোৰ এপদ এপদকৈ ভৰাই লৈছে। ঝালি, মাটিৰ খোল আৰু উৱলিব ধৰা কিতাপখন সাৱটি নিকুঞ্জহঁতৰ লগত সি বাটলৈ ওলাই আহিল।

আজি তাহানিৰ কৰবী আৰু ৰাজীৱৰ মৃত্যু ঘটিল। কৰবী তাৰ বাবে এতিয়া কেৱল চৰকাৰী চাকৰিয়াল এগৰাকীৰ পত্নী। ৰাজীৱ আজিৰ পৰা কেৱল ৰাজীৱ গীদাল, কৰবীৰ লগত তাৰ একো সম্পৰ্ক নাই।

সিহঁতে দৰাক বাটতে লগ পালে।

ৰাজীৱে মন প্ৰাণ ঢালি গালে এফাঁকি কৰুণ ঝালি মাটিৰ গান-

“সাগৰ শুকাল মানিক লুকাল

ব্ৰহ্মা মৰিল জানে।

এভৱ সাগৰে বাপ মাওক চাৰিলং

ভাইক চাৰিলং দেশে। “

নিকুঞ্জহঁতে পৰম আন্তৰিকতাৰে শব্দবোৰ আওৰালে।

দৰা আদৰিবলৈ ওলাই অহা ৰঙীয়াল মানুহবোৰৰ মনবোৰচোন সিহঁতৰ গান শুনি কিবা অজান দুখত কাতৰ হ’ল।

বি.দ্ৰ.

বিহানে- ৰাতিপুৱা

বৈৰাতী- আয়তী

পানচেনী- বিয়াৰ আঙুঠি পিন্ধোৱা অনুষ্ঠান

উখাৰ- খৰাং

শব্দবোৰ বঙাইগাঁও জিলাৰ কোঁচ ৰাজবংশী জাতিৰ লোকসকলে ব্যৱহাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *