মুক্ত চিন্তাৰ গান: আলোড়িত মানুহৰ প্ৰাণ – (বৰ্ণালী বৰুৱা দাস)
ভূমিকা
তাহানিৰ সেই হাতোৰা ঘূৰাই বজোৱা কলগানৰ পৰা উন্নত হৈ হৈ আজি গান শুনাৰ কলগানটো আমাৰ হাতৰ মুঠিতেই আবদ্ধ হৈছেহি। এটা ক্ষুদ্ৰ চিপ্চত সংগীতৰ এটা বৃহৎ ভঁৰাল আমি অনায়াসে লৈ ফুৰিব পৰা হৈছোঁ। শব্দ প্ৰযুক্তিয়ে দিয়া নৱ নৱ আহিলাই সংগীত শুনাৰ ক্ষেত্ৰত এক বিপ্লৱৰে সূচনা কৰিছে। হাজাৰ হাজাৰ মানুহে একেলগে শুনিব পৰা উচ্চ প্ৰাৱল্যৰ চাউন্ড চিষ্টেমৰ পৰা কাষৰজনকো ভাগ নিদিয়াকৈ হাজাৰ কোলাহলৰ মাজতো নিভৃতে নিৰলে নিজৰ পছন্দৰ গান শুনিব পৰা বিভিন্ন জটিল আৰু আলফুলীয়া (চফেচ্টিকেটেদ) হে’ড ফ’নলৈকে অজস্ৰ সঁজুলি। কিন্তু এই উন্নত, আধুনিক সঁজুলিত শুনিবলৈ আমি উন্নত, আধুনিক অসমীয়া গান ক’ত পাম? ‘উন্নত’ আৰু ‘আধুনিক’ অসমীয়া গান বিচাৰি পোৱা নাই বুলি ক’লে হয়তো বহুতেই নানান উদাহৰণ লৈ হাজিৰ হ’বহি। ক’বহি, কিয় এইবোৰ ‘উন্নত’ নহয় নেকি? নহয় নেকি ‘আধুনিক’? সঁচাকৈয়ে, ‘উন্নত’ আৰু ‘আধুনিক’ৰ সংজ্ঞা নিৰ্ধাৰণ কৰা সহজ কথা নহয়, কিয়নো সংস্কৃতিৰ বিচাৰত এই প্ৰশ্নটো আপেক্ষিক, লগতে ৰাজনৈতিকো। তথাপি বহু সংখ্যক সংগীতৰ ৰসগ্ৰাহী শ্ৰোতাই যেতিয়া এই শূন্যতাৰ কথা ব্যক্ত কৰে তাৰ ভিত্তি বিচাৰ কৰাৰ প্ৰয়োজন নিশ্চয় আছে। উন্নত প্ৰযুক্তিৰ সংগীত উদ্যোগৰ পৰা উৎপাদিত কোনবোৰ অসমীয়া গান নো উন্নত সঁজুলিৰ মাজেৰে মানুহৰ কাণলৈ গৈ আছে। অলপ বিচাৰ কৰি চালেই দেখা পোৱা যাব, একেখিনি কথা, একেখিনি শব্দ, একেখিনি সুৰৰ বিৰক্তিকৰ পুনৰাবৃত্তিৰেই গান উৎপাদন হৈ আছে। নতুন আৰু ৰঙচঙীয়া সাজেৰে কৰা নাচোন বাগোন, ব্যয়বহুল কাৰুকাৰ্যৰে ভৰা ভিডিঅ’ আৰু চমকপ্ৰদ প্ৰচাৰৰ জোৰত সেইবোৰকেই নতুন অসমীয়া গান বুলি ৰাইজৰ বিৰাট এক অংশই আঁকোৱালী লৈছে। এই আঁকোৱালী লোৱাৰ পৰিসংখ্যাটো যিমানেই ডাঙৰ নহওক লাগিলে, গানটোক ‘আধুনিক’ বা ‘উন্নত’ বুলি ক’বলৈ সিয়েই যথেষ্ট নহয়। তথাপিও কিন্তু সংগীত উদ্যোগৰ পৰা উৎপাদিত এনে গীতেই এতিয়া ‘জনপ্ৰিয় গান’ হৈ বাজি আছে বিভিন্ন পৰিসৰত। অসমীয়া গানৰ এই হতাশাজনক পৰিস্থিতিত এটা নতুন অসমীয়া গানৰ বিষয়ে আৰু সেই গানটোৱে কঢ়িয়াই অনা সম্ভাৱনাৰ বিষয়ে কিছু আলোচনা কৰিব খুজিছোঁ। গানটো হ’ল সমুদ্ৰ কাজল শইকীয়াই লিখা আৰু সুৰ দিয়া ‘মুক্ত নহয় চন্দ্ৰ সূৰ্য’ শীৰ্ষক মুক্ত চিন্তা অন লাইন আলোচনীৰ শীৰ্ষ গীতটো।
গীতটোৰ সৈতে জড়িত চমু ইতিহাস:
ইণ্টাৰনেটৰ বহল প্ৰসাৰৰ লগে লগে অসমীয়া ভাষাতো বহুকেইখন অনলাইন আলোচনীয়ে আত্ম প্ৰকাশ কৰিছে। তাৰে কিছুমান এবছৰ বা দুবছৰ আড়ম্বড়পূৰ্ণভাৱে প্ৰকাশ পোৱাৰ পাছত হয়তো বিভিন্ন কাৰণত বন্ধও হৈ গৈছে। কিছুমান নিয়মীয়াভাৱে প্ৰকাশ হৈ আছে। কিন্তু এই সমূহ আলোচনীৰ সৈতে “মুক্ত চিন্তা” নামৰ আলোচনীখনৰ এটা মূলগত পাৰ্থক্য হ’ল ই বহন কৰা আদৰ্শগত দিশটো। সাধাৰণভাৱে দুই এটা গল্প-কবিতা-প্ৰবন্ধ প্ৰকাশ কৰি সাহিত্য চৰ্চা কৰা ইয়াৰ উদ্দেশ্য নহয়। ২০০৩ চনত গঠন কৰা ‘যুক্তি বিকাশ সমিতি, অসম’ নামৰ অনুষ্ঠানটোৰ পৰা প্ৰকাশ কৰা আলোচনীখনে সমাজত বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰৰ দ্বাৰা এক যুক্তিবাদী আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্য আগত লৈয়েই কাম কৰি আহিছে। মানৱ মননত বিজ্ঞানমনস্কতাৰ বীজ ৰোপনেৰে এক সাংস্কৃতিক বিপ্লৱৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰিয়েই ‘মুক্ত চিন্তা’ই কাম কাজ কৰি আহিছে। সেই কামৰ অংশ ৰূপে ২০১৭ চনত মুক্ত চিন্তাৰ অৰ্থ বহন কৰা এক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। সেই প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত গীতটিক মুক্ত চিন্তাৰ গীত হিচাপে গ্ৰহণ কৰা হয়। তেতিয়াৰ পৰা ‘যুক্তি বিকাশ সমিতি’ৰ যি কোনো অনুষ্ঠানৰ আৰম্ভণিতে এই গীতটো পৰিৱেশন কৰা হৈ আহিছে।
অনলাইন আলোচনী এখনৰ এটা শীৰ্ষ গীত থকা কথাটোৱেই আন আলোচনীৰ সৈতে থকা ইয়াৰ পাৰ্থক্যটোক সূচীত কৰে। আলোচনীখনৰ পঠনেও যি কোনো পাঠককে এই উপলব্ধিটো কৰাব। লগতে ৫ টা বছৰ নিজৰ গুণগত মান অক্ষুণ্ণ ৰাখি প্ৰকাশ কৰি থাকিব পৰাটোও ‘যুক্তি বিকাশ সমিতি, অসম’ৰ এক সাফল্য বুলি নি:সংকোচে ক’ব পাৰি। মুক্ত চিন্তাৰ গানটোৰ প্ৰতি ৫ জুলাইৰ ৫ম বৰ্ষপূৰ্তিত বিভিন্নজনে জনোৱা সঁহাৰিয়ে কেৱল মুক্ত চিন্তা আলোচনীখনৰ ইতিহাসতে নহয়, সামগ্ৰিকভাৱে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতেই এক ঐতিহাসিক ঘটনা বুলি চিহ্নিত হোৱাৰ সম্ভাৱনা আছে। কিয়? সেই কথালৈ যোৱাৰ আগতে সেইদিনটোত কি নো ঘটিছিল সেইটো চমুকৈ কৈ লোৱা উচিত হ’ব।
ছ’চিয়েল মিডিয়াত এটি উত্তাল দিন:
৫ জুলাই, ২০২০ চন। অসমৰ বাবে ছ’চিয়েল মিডিয়াৰ এটি ব্যতিক্ৰমী দিন। সেইদিনা আছিল ‘যুক্তি বিকাশ সমিতি, অসম’ ৰ অনলাইন আলোচনী মুক্ত চিন্তাৰ ৫ম বৰ্ষপূৰ্তি। কৰ’নাক্ৰান্ত সময়। মানুহৰ মুক্ত চলনত বাধা। গতিকে আলোচনীখনে পূৰ্বাপৰ কৰি অহাৰ দৰে বৰ্ষপূৰ্তিৰ কোনো অনুষ্ঠান আয়োজন কৰাটো আছিল দুৰূহ। সেয়েহে আলোচনীৰ তৰফৰ পৰা ছ’চিয়েল মিডিয়াত সক্ৰিয়ভাৱে গান গাই থকা কেইগৰাকীমানৰ সৈতে যোগাযোগ কৰা হৈছিল। লগতে তাৰ আগৰ বছৰ বৰ্ষপূৰ্তিৰ সময়ত আলোচনীখনে আয়োজন কৰা গণ-সংগীতৰ কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতেও যোগাযোগ কৰা হৈছিল। তেওঁলোকক অনুৰোধ কৰা হৈছিল যেন সেই দিনটোত মুক্ত চিন্তাৰ শীৰ্ষ গীতটি গাই নিজৰ টাইম লাইনত আপল’ড কৰে। সেই অনুৰোধ ৰক্ষা কৰি ৫ জুলাইৰ দিনা কেইজনমানে গানটো গালে। তাৰপাছতেই সংঘটিত হ’ল এক ঘটনা। বিভিন্নজনে গোৱা গীতবোৰ প্ৰচাৰ কৰাৰ লগে লগে দ্ৰুত গতিত সংক্ৰমণ হ’বলৈ ধৰিলে। গীতটোৰ প্ৰতি মুগ্ধ হৈ ইজনৰ পাছত সিজনকৈ বহু গায়ক গায়িকাই গীতটি গাবলৈ ধৰে। কেৱল গায়ক গায়িকাই নহয়, কোনোদিনে ৰাজহুৱাভাৱে গীত পৰিৱেশন নকৰা মানুহেও গীতটি গাবলৈ আৰম্ভ কৰে। ছ’চিয়েল মিডিয়াত ফেইচবুকৰ দেৱালে দেৱালে বাগৰিবলৈ ধৰে গীতটি। গীতটি গোৱাৰ ধাৰা আনকি তাৰো পাছলৈ কেইবাদিনো ধৰি চলি থাকে। হয়তো চলি থাকিব আৰু বহু দিন। গানটো যেন আক্ষৰিক অৰ্থতে মানুহৰ মুখে মুখে, হৃদয়ে হৃদয়ে বাগৰি যোৱা মানুহৰ গান হৈ পৰিল।
মানুহৰ কণ্ঠত মুখৰিত হোৱাতেই ঘটনাটো শেষ হোৱা নাই। ছ’চিয়েল মিডিয়াত গানটো সম্পৰ্কে হোৱা পৰৱৰ্তী আলোচনাই প্ৰমাণ কৰে যে গানটোৰ কথাই মানুহক ভাবিবলৈকো বাধ্য কৰাইছে। মুক্ত চিন্তাৰ ধাৰণাটোক লৈ কিছু জৰুৰী প্ৰশ্ন আলোচনালৈ আহিছে। নতুন প্ৰজন্মই সদায় এটা বিকল্পৰ সন্ধান যে কৰি আছে সেই সম্পৰ্কীয় আলোচনাও হৈছে। মুঠতে এই গোটেই পৰিঘটনাটোৱেই এক সম্ভাৱনা কঢ়িয়াই আনিছে। সেই সম্ভাৱনাৰ কথাখিনিলৈ যোৱাৰ আগতে গানটোৰ কথা আৰু সুৰৰ বিষয়ে চমুকৈ কৈ লোৱা উচিত হ’ব।
মুক্ত চিন্তাৰ গীতটোৰ কথা:
মুক্ত নহয় চন্দ্ৰ সূৰ্য,
মুক্ত নহয় নদী,
মুক্ত নহয় এই পৃথিৱী
নহয় বনৰ পক্ষী।
পুৱা উঠি যি মাৰ যায় বিয়লি
বান্ধোনতে ঘূৰে বেলি,
জোনৰো আছে আপোন নিয়ম
আহে পষেকতে ঘূৰি।
কোন বাটে গৈ কাক সাৱটিব
জানি আগুৱায় নদী,
দিক বিদিক ঘূৰি আপোন বাহলৈ
পক্ষীটি আহেই ঘূৰি।
এই জগতত মুক্ত নহয়
কোনো ক’তো তুমি জানা
মুক্ত কেৱল চিন্তা তোমাৰ
তাৰেই জোৱাৰ আনা।
আওপুৰণি চিন্তাধাৰাৰ
ঢাকোন আঁতৰ কৰা
নতুন চিন্তাৰে আজিয়েই
জগত সুন্দৰ কৰা।
থাকিব কেৱল মানুহৰ টান
থাকিব প্ৰেমৰ গান,
মুক্ত চিন্তাৰ নৱ বীক্ষাৰে
জাগিব নতুন প্ৰাণ।
খুব সৰল ভাষাৰে লিখা এটি অৰ্থবহ গীত। গীতটোত সচৰাচৰ শুনি থকা বিপ্লবী গীতবোৰৰ দৰে কোনো তেজ উতলোৱা উদ্দাত্ত আহ্বান নাই। তাৰ সলনি আছে এক আত্মমগন গভীৰ উপলব্ধি। আনক নহয়, নিজকে নিজেই যেন কৈ আছে, মই মোৰ চিন্তাক মুক্ত কৰি নিদিওঁ কিয়? বিশেষকৈ প্ৰথম অংশখিনিত বস্তু জগতৰ নিৰীক্ষণৰ পাছত হোৱা সৰল উপলব্ধি, “এই জগতত মুক্ত নহয়, কোনো ক’তো তুমি জানা, মুক্ত কেৱল চিন্তা তোমাৰ তাৰেই জোৱাৰ আনা”, এইখিনিলৈকে হোৱা আত্ম উপলব্ধি খুব সযতনে তথা গভীৰ প্ৰত্যাশাৰে আনলৈ আহ্বানৰূপে প্ৰেৰণ কৰা হৈছে। গানটো ঠিক এইখিনিতেই শেষ হ’লেও তাত মুক্ত চিন্তাৰ প্ৰতি আহ্বান জনোৱা কামটো সমাধা হ’লহেতেন। কিন্তু গানটোৰ পৰিমণ্ডল আৰু অধিক ব্যাপ্ত। গানটোৰ সাৰ্থকতা তাতেই।
আমি জানো, উগ্ৰ ব্যক্তি স্বাতন্ত্ৰ্য পুঁজিবাদ সৃষ্ট ভোগবাদৰ এক মহাৰ্ঘ্য শ্লোগান। সেয়েহে ‘মুক্ত চিন্তা’ক উগ্ৰ ব্যক্তি স্বাতন্ত্ৰ্ৰ্যৰ নামান্তৰ ৰূপে প্ৰক্ষেপিত কৰাৰ পূৰ্ণ সম্ভাৱনা থাকে। উগ্ৰ ব্যক্তি স্বাতন্ত্ৰ্যৰ নামত আনৰ অধিকাৰ ভূলুণ্ঠিত কৰাৰ দৰে চিন্তাক মুক্ত চিন্তাৰ আওতালৈ আনিব নোৱাৰি। সেয়েহে নিজৰ চিন্তাক মুক্ত কৰিবলৈ দিয়া আহ্বানৰ লগতেই খুব সচেতনভাৱে বিধৃত কৰা হৈছে মুক্ত চিন্তাৰে সজোৱা সেই নতুন জগতৰ প্ৰমূল্যগত দিশটোও। এই মুক্ততা ভোগবাদী লেগামহীন, নিৰালম্ব মুক্ততা নহয়, বৰং মানৱ প্ৰেমৰ সুদৃঢ় ভেটিত প্ৰোথিত মুক্ততা।
গানটোৰ সুৰ আৰু তাল:
সৰল কথাখিনিৰ সৈতে সামঞ্জস্যপূৰ্ণ এটি সৰল আৰু চিনাকি সুৰে গানটোক আপোন কৰি লোৱাত সহায় কৰিছে। সংগীতত পৰিচিত সুৰৰ সদায় এটা বিশেষ আকৰ্ষণ থাকে। এই আকৰ্ষণৰ সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তি আছে। পৰিচিত সুৰ এটাৰ যি স্বৰ সজ্জা সি মানুহৰ মগজুত সযতনে সংৰক্ষিত হৈ থাকে। কেচুৱাৰ পৰা শুনি শুনিয়েই হওক বা জৈৱ-বিৱৰ্তনিক কাৰকৰ বাবেই হওক পৰিচিত সুৰ এটাত শ্ৰোতাই আৰাম আৰু সুৰক্ষা পায়। ঠিক মাকৰ কোলাত কেচুৱাই পোৱা আৰাম আৰু সুৰক্ষাৰ দৰেই। বিহু বা আন লোকগীতৰ পেন্টাটনিক সুৰৰ লহৰে আমাক সহজেই আকৰ্ষণ কৰাৰ কাৰণটোও আমাৰ মগজুত সোমাই থকা এই পৰিচিত সুৰৰ মায়া।
সি যি নহওক, এই সুৰটোতো আমাৰ পৰিচিত সুৰৰ আৱেশ আছে। জ্যোতি সংগীতৰ গা-পা-মা-গা-ৰে-গা-সা-ৰে-গা-ৰে-সা, (‘সেউজী ধৰণী ধুনীয়া’ লৈ মনত পেলাব পাৰে) এই সজ্জাটো বাৰে বাৰে ঘূৰি আহিছে ‘নহয় বনৰ পখী’, ‘পখীটি আহেই ঘূৰি’ ‘তাৰেই জোৱাৰ আনা’ বা ‘জাগিব নতুন প্ৰাণ’ আদি শাৰীবোৰত। সুৰৰ এই পৰিচিত সৰলতাই গানটোৰ কথাখিনিক আগুৱাই নিয়াত আৰু শ্ৰোতাক হৃদয়ংগম কৰোৱাত সহায় কৰিছে। কোনো বিশেষ বাদ্যযন্ত্ৰৰ অবিহনেই সুৰটোৱে গায়ক গায়িকাৰ কণ্ঠত সুন্দৰ সাংগীতিক ব্যঞ্জনা আনি দিছে। দাদৰা তালত গানটো বন্ধা যদিও বহুতে তালবিহীনভাবেই পৰিবেশন কৰিছিল গতিকে লয়টোও আছিল গায়ক গায়িকা সকলে নিজে ঠিক কৰা।
গানটো পৰিৱেশন কৰা শিল্পীসকল:
যোৰহাটৰ তাৰকা গৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুক্ত চিন্তা আলোচনীৰ দ্বিতীয় বৰ্ষপূৰ্তিত গীতটো প্ৰথম আনুষ্ঠানিকভাৱে পৰিৱেশন কৰা হয়। গায়িকা আছিল যুগব্ৰতা দাস। তাৰ পাছত বিভিন্ন সময়ত সুকন্যা গগৈ, শান্তামণি বৰা আদি কেইবাগৰাকীয়েও মুক্ত চিন্তাৰ অনুষ্ঠানসমূহত গীতটো পৰিৱেশন কৰিছে। নুমলিগড়ৰ কলিয়ানী নদীৰ পাৰত অসম গণ-নাট্য সংঘৰ ‘কথা মৃদংগ’ নামৰ এক ব্যতিক্ৰমী সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণীও কৰা হৈছিল সমবেতভাৱে পৰিৱেশন কৰা মুক্ত চিন্তাৰ এই গীতটিৰে। ২০১৭ চনৰ আগষ্ট মাহত নতুন দিল্লীৰ তিহাৰ জেইলৰ উদ্যোগত ললিত কলা একাডেমী আৰু সাহিত্য কলা পৰিষদে যৌথভাৱে আয়োজন কৰা এক কলা শিবিৰৰ সময়ত ‘কাণখোৱা’ৰ দ্বাৰা প্ৰচাৰিত এটি ইউটিউব ভিডিঅ’ত গানটোৰ একাংশ থুৰীয়াৰ কণ্ঠত পৰিৱেশিত হৈছিল। মুক্ত চিন্তাৰ ৪ৰ্থ বৰ্ষপূৰ্তিৰ সময়ত আয়োজন কৰা এক গণ-সংগীতৰ কৰ্মশালাতো অন্যান্য গীতৰ লগতে এই গীতটোও বহু সংখ্যক প্ৰশিক্ষাৰ্থীক শিকোৱা হৈছিল। তাৰ সমল ব্যক্তি আছিল সুকন্যা গগৈ। কিন্তু গীতটোৰ কোনো এলবাম নাছিল বা কোনো বিখ্যাত গায়ক গায়িকাই কেতিয়াও ক’তো গীতটো পৰিৱেশনো কৰা নাছিল।
যোৱা ৫ জুলাই ২০২০ তাৰিখৰ পৰা ছ’চিয়েল মিডিয়াত প্ৰায় শতাধিক লোকে গীতটো পৰিৱেশন কৰিছে। সকলোৰে নাম ইয়াত উল্লেখ কৰাটো সম্ভৱ নহয়। তথাপিও শৰ্মিষ্ঠা চক্ৰৱৰ্তী, থুৰীয়া শইকীয়া, উপত্যকা দত্ত, সম্প্ৰীতি গোস্বামী, বিথীকা হাজৰিকা, বৰ্ণালী বৰুৱা, অৰুন্ধতি শইকীয়া, কৰবী দত্ত, শৰ্মিষ্ঠা গোস্বামী, জাহ্নবী মিশ্ৰ, মিনাক্ষী বৰুৱা, কৌমুদী কাশ্যপ, ৰিজু বৰঠাকুৰ, অনন্যা দত্ত, অনিন্দিতা দাস, আদ্ৰিতা ভূঞা, অপৰ্ণা দেবী, অদিতি বৰুৱা, বৰষা বৰা, চয়নিকা চাংমাই বৰুৱা, ডেইজী বৰ্মন, আলপাইন শৰ্মা বৰুৱা, গীতা তালুকদাৰ, জয়শ্ৰী বৰা, কৰবী কাশ্যপ, মাহমুদা বেগম, ময়ূৰপংখী চেতিয়া, মুনমুন চৰকাৰ শইকীয়া, মূৰ্চ্ছনা মহন্ত, মৈত্ৰেয়ী পাতৰ, নাং নম্ৰতা, নাৰ্জী মৌচুম শৰ্মা, চিম্পী শইকীয়া, সুজাতা হাতী বৰুৱা, সৃষ্টিশ্ৰী ৰাজগুৰু, সুশ্মিতা কোঁৱৰ, সুৰভী পাঠক, তন্বিতা ভৰদ্বাজ, কৃষ্ণা ময়ূৰী হাজৰিকা, বৰ্ণালী বৰা, ৰজীতা শৰ্মা, প্ৰণালী শৰ্মা, তুলিকা নায়ক আদি গায়িকাৰ নাম বিশেষভাৱে উল্লেখযোগ্য। যিসকল পুৰুষ গায়কৰ কণ্ঠই সেইদিনা গানটোত প্ৰাণ দিলে সেইসকলৰ ভিতৰত কমল নয়ন মিশ্ৰ, দীপাংকৰ কাশ্যপ, সুদৰ্শন বৰবৰা, ভাগ্য কোঁৱৰ, ভৱেশ নাথ, ধৰ্মেন্দ্ৰ বৰা, ইন্দুকল্প শইকীয়া, হামজা চৌধুৰী, হিমাংশু চুতীয়া শইকীয়া, মাহমুদুল হাচান, নয়নজ্যোতি ভূঞা, ৰক্তিম প্ৰীতম দাস, শশীন্দ্ৰ ফুকন, উন্মীলন ভিকি কলিতা, উৎপল জ্যোতি দত্ত, অৰ্ণৱ বৰঠাকুৰ, ভাস্কৰ্য ভূষণ বাজু, প্ৰাচুৰ্য দেউৰী আদিৰ নাম উল্লেখ কৰিব পাৰি। গল্পকাৰ ডালিম দাস, বোলছবি পৰিচালক ৰিমা বৰা, গীতটিৰ গীতিকাৰ তথা সুৰকাৰ সমুদ্ৰ কাজল শইকীয়াইও উদ্বুদ্ধিত হৈ উক্ত দিনা গীতটি নিজা ধৰণেৰে পৰিৱেশন কৰে। ছ’চিয়েল মিডিয়াৰ সেই গানৰ দিনটোত বিশেষভাৱে উল্লেখযোগ্য আছিল শিশু আৰু কিশোৰসকলৰ অংশগ্ৰহণ। আধা ফুটা মাতেৰে জিলমিল জোনাক নামৰ কণমানি এজনীৰ কণ্ঠও শুনা যায়। অভিশ্ৰুতি শৰ্মা, কৃতিষ্ণা বৰা, বিদিশা হাজৰিকা, বেডিষ্ণা দেৱী, গাৰ্গী হাতীবৰুৱা, ইমন কল্যাণ, অমন প্ৰয়াস আদি শিশু কিশোৰে গীতটি অতি সুন্দৰভাৱে পৰিৱেশন কৰে। বোকাখাট জাতীয় বিদ্যালয়ৰ দুটা দলে গীতটি দলীয়াভাৱে পৰিৱেশন কৰে। জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে গীতটি স্বকীয় শৈলীৰে পৰিৱেশন কৰি এক অনন্য মাত্ৰা প্ৰদান কৰে। নূপুৰ হৃষিকেশনৰ কি-ব’ৰ্ড আৰু পংকজ কুমাৰ নাথৰ সুহুৰীও আছিল অনবদ্য। সুগায়ক বিক্ৰম বৰকটকী আৰু ভাগ্য কোঁৱৰে গানটোত নিজা সুৰেৰে সজোৱাৰ প্ৰয়াস কৰে। যিহেতু মুক্ত চিন্তা আলোচনীৰ বৰ্ষপূৰ্তিৰ দিনটোৰ পাছতো ছ’চিয়েল মিডিয়াত বিভিন্ন প্ৰান্তৰ পৰা গীতটো গাই নিজৰ টাইম লাইনত আপল’ড কৰাৰ কাম চলি আছে, সেই সকলোৰে নাম উল্লেখ কৰাটো সম্ভৱ নহ’ল। তাৰবাবে গায়ক গায়িকাসকলৰ ওচৰত ক্ষমাপ্ৰাৰ্থী।
সম্ভাৱনাৰ ভাবনা:
অসমীয়া লঘূ সংগীত বা জনপ্ৰিয় সংগীতৰ যিকণ ইতিহাস আমি খুচৰিব পৰাকৈ সন্মুখত পাওঁ, সেইখিনিৰ পৰা এটা কথা ক’ব পাৰি যে অসমীয়া সংগীতৰ এটা পৰ্যায়লৈকে এক সজীৱ ধাৰা আছিল। কলগানৰ পাছতেই মূলত: আকাশবাণীয়ে আৰু অসমীয়া বোলছবিয়েই জনপ্ৰিয় সংগীতৰ ধাৰাটো বোৱাই নিছিল। আকাশবাণীৰ বহুতো গীতেই নিষ্প্ৰাণ আৰু গতানুগতিক হ’লেও সি সুৰ-তাল-মান, গায়কৰ কণ্ঠ আদিত এটা নিজস্ব মান ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। বোলছবিৰ গীতবোৰতো এটা সময়লৈকে ছিনচিয়েৰিটি আছিল। কিন্তু লাহে লাহে সংগীতৰ ৰেকৰ্ডিং আদি ব্যক্তিগত ব্যৱসায়ীৰ হাতলৈ যোৱাৰ লগে লগে স্বাভাৱিকতেই আন সকলো উৎপাদিত সামগ্ৰীৰ দৰেই গানলৈও মুনাফাৰ প্ৰশ্ন আহিল। মুনাফাৰ বাবে আন্তৰ্জাতিকভাৱে যি একক ৰুচিৰ প্ৰয়োজন সেই ৰুচি গঢ় দিয়াৰ কাম নিৰন্তৰ চলি থাকিল। যৌন উত্তেজনাৰ সৃষ্টি কৰিব পৰা কথা আৰু সুৰ আৰু বিশেষকৈ দ্ৰুত লয়ে প্ৰাধান্য পাবলৈ ধৰিলে। তৰুণ চামক আকৰ্ষণ কৰিবলৈ চলোৱা এই প্ৰচেষ্টাই শ্ৰোতাৰ ৰুচিক নতুনকৈ গঢ় দিবলৈ ধৰিলে। আন্তৰ্জাতিক পুঁজিয়ে সৃষ্টি কৰা একান্তই বজাৰমুখী বিনোদন সৰ্বস্ব ৰুচি আৰু সংস্কৃতিয়েই আজিৰ জনপ্ৰিয় সংস্কৃতি। এই ধাৰাৰ সংস্কৃতিৰ জনপ্ৰিয়তাৰ আৰ্থ-ৰাজনৈতিক, সমাজ বৈজ্ঞানিক আৰু জৈৱ-বিবৰ্তনিক কাৰকৰ বিশ্লেষণ কৰা নিশ্চয়কৈ প্ৰয়োজনীয়। সেইখিনি প্ৰসংগান্তৰলৈ থৈ এটা কথা ক’ব পাৰি যে এই একান্ত বজাৰ সৰ্বস্ব সংস্কৃতিৰ প্ৰতিমুখে জন সংস্কৃতিৰ ঐতিহ্যময় সুঁতিটোক পুনৰ সজীৱ কৰি তুলিবৰ বাবে এক সচেতন প্ৰচেষ্টাৰ প্ৰয়োজন। এসময়ত ভাৰতীয় গণ নাট্য সংঘই যি প্ৰচেষ্টাৰে এক সাংস্কৃতিক আন্দোলনৰ সূচনা কৰিছিল সেইধৰণৰ প্ৰচেষ্টাৰ প্ৰয়োজন। কিন্তু সেই প্ৰচেষ্টাও আওপুৰণি শৈলীৰে কৰা প্ৰচেষ্টা হ’লে নহ’ব। ট্ৰাকত উঠি কৰা সুৰ বাহিনীৰ যাত্ৰাই এই সময়তো মানুহক আকৰ্ষণ কৰিব বুলি ভাবি থাকিলে ভুল হ’ব। তদুপৰি জনগণৰ বাবে সৰল সহজবোধ্য ৰচনাৰ লগতে তুলনামূলকভাৱে উচ্ছাংগৰ সংস্কৃতিও অপৰিহাৰ্য। সংস্কৃতিক জনপ্ৰিয় কৰা আৰু মান উন্নত কৰা, এই দুইটা কাম পৰস্পৰ সম্পৰ্কিত। এইখিনি কথাৰ পৰিপ্ৰেক্ষিততেই মুক্ত চিন্তাৰ গীতটোৰ বিস্তাৰৰ এই পৰিঘটনাটোৰ গুৰুত্ব আছে।
তথাকথিত ‘জনপ্ৰিয় সংস্কৃতি’ত গান এটা জনপ্ৰিয়কৰণৰ প্ৰক্ৰিয়াটোলৈ মন কৰিলেই এই গুৰুত্বটো উপলব্ধি কৰিব পৰা যাব। গানৰ বজাৰখনত আজিকালি গান ‘বনোৱা’ হয়। ভাল ভাষাত কোৱা হয় গানৰ এটা প্ৰজেক্ট লোৱা হয়। শব্দ জোৰা দিয়া, সুৰ জোৰা দিয়া, চেলিব্ৰেটি গায়কৰ কণ্ঠ জোৰা দিয়া, বাদ্য জোৰা দিয়া, ষ্টুডিঅ’ৰ ভিতৰৰ বাহিৰৰ ভিডিঅ’ জোৰা দিয়া ইত্যাদি সকলো জোৰা দিয়াৰ পাছত আহে চমকপ্ৰদ প্ৰচাৰ। মুঠতে গান যিয়েই নহওক, জনপ্ৰিয় হ’বলৈ সি বাধ্য। এইখিনি প্ৰক্ৰিয়াৰ মাজেৰে নোযোৱাকৈ কেৱল গানৰ নিজৰ শক্তিৰ জোৰত জনপ্ৰিয় হোৱাৰ বাট এটা যে এতিয়াও আছে সেই কথাটোকে উক্ত পৰিঘটনাটোৱে প্ৰমাণিত কৰিলে। কণমানি শিশুৰ পৰা বয়সস্থ মানুহলৈকে সকলোৱে গানটো নিজৰ কৰি ল’বলৈ কৰা এই প্ৰয়াসে হেমাংগ বিশ্বাসৰ এই কথাখিনিলৈকে যেন মনত পেলাই দিলে, -“ কোনো প্ৰহৰীয়েই গানক বাধা দিব নোৱাৰে। গানৰ বাবে পাচপৰ্ট নালাগে। সৰাপাতৰ তলত আজি সেউজীয়া ঘাঁহ যিমানেই ঢাক নাখাওক কিয়, বৰদৈ চিখলাৰ পকনীয়াত সৰাপাতৰ পাহাৰ উৰি গ’লেই মূৰ দাঙি উঠিব ঘাঁহৰ অংকুৰে। আমি পুনৰ তুলিব লাগিব প্ৰগতি সংস্কৃতিৰ ধুমুহা।”
আশাকৰোঁ এই প্ৰগতি সংস্কৃতিৰ ধুমুহাজাক এনেকৈয়ে আৰম্ভ হ’ব।