নিৰপেক্ষতা, পক্ষপাতিতা আৰু সিদ্ধান্ত-(ঈশান জ্যোতি বৰা)
“Not to be absolutely certain is, I think, one of the essential things in rationality.”–Bertrand Russell
গৰখীয়াৰ মৃত্যু আৰু অনুমানজনিত ভুলঃ
গাঁৱৰ ৰাইজক ভয় খুৱাবলৈকে ‘বাঘে খালে, বাঘে খালে’ বুলি মিছা আৰ্তনাদ কৰিছিল দুষ্ট গৰখীয়াজনে৷ উদ্বিগ্ন আৰু আতংকিত হৈ গাঁৱৰ ৰাইজো ততালিকে ওলাই আহিল গৰখীয়াৰ প্ৰাণ বচাবলৈ৷ পিছে পথাৰত উপস্থিত হৈ তেওঁলোকৰ চকু কপালত উঠিল৷ ‘বাঘে খোৱা’ গৰখীয়াৰ মুখত ভয়ৰ পৰিৱৰ্তে আনন্দ আৰু উল্লাসৰহে চিন৷ দৰাচলতে এক ভুৱা জৰুৰীকালীন বিপদৰ সৃষ্টি কৰি গৰখীয়াজনে গাঁৱৰ মানুহৰ ৰংহে চালে৷ দুদিনমানৰ পিছত আকৌ অনুৰূপ ঘটনা৷ ‘বাঘে খালে, বাঘে খালে’৷ বিপদধ্বনি শুনি গাঁৱৰ ৰাইজ এইবাৰো ওলাই আহিল৷ কিন্তু এইবাৰো তেওঁলোকে তাজ্জব মানিলে৷ ক্ৰোধিত আৰু অপমানিত হ’ল৷ পথাৰত বাঘৰ কোনো চিন-চাব নাই৷ সকলো ঘৰা-ঘৰি গ’ল৷ তাৰ এসপ্তাহৰ পিছত পাহাৰৰ জংঘলৰ পৰা সঁচাকৈয়ে এটা বাঘ পথাৰলৈ নামি আহিল আৰু গৰখীয়াকে ধৰি কেইবাটাও গৰু-ছাগলী সি বধ কৰিলে৷
মানুহৰ সিদ্ধান্ত-গঠনৰ কাৰ্য-কলাপটো মূলতঃ ‘অনুমান’ৰ ওপৰত নিৰ্ভৰশীল৷ মনোবিজ্ঞানী লিজা ফেল্ডমেন বাৰেটে তেওঁৰ গ্ৰন্থ ‘হাউ ইম’ছনছ্ আৰ মেইড’ত উল্লেখ কৰা মতে ‘মানৱ-মগজুত ‘অনুমান’ আৰু ‘সংশোধন’ৰ খেল এখন অনবৰতে চলি থাকে৷’ বাৰেটৰ এই তত্ত্বটো চিন্তা উদ্ৰেককাৰী৷ তত্ত্বটোৰ গভীৰতাক সদ্যহতে একাষে থৈ আমি যদি দৈনন্দিন জীৱনৰ কেতবোৰ ঘটনা-পৰিঘটনাক চাওঁ, তেন্তে আমি দেখিম যে নিকট ভৱিষ্যত সম্পৰ্কে অনুমান এটা গঢ়াত প্ৰেৰণা যোগায় সদ্য-সমাপ্ত অতীতৰ ঘটনাৱলীয়ে৷ যিবোৰ ঘটনাৱলীক আমি সৰলকৈ ‘অভিজ্ঞতা’ বুলি কওঁ৷ বাঘ আৰু গৰখীয়াৰ ঘটনাটো জুকিয়াই চালেও অভিজ্ঞতা আৰু অনুমানৰ সম্পৰ্কটো উপলব্ধিটো কৰিব পাৰি৷ ধৰি ল’লোঁ-মই সেইখন গাঁৱতেই থকা এজন গঞা৷ যেতিয়া প্ৰথমবাৰৰ বাবে মই ‘বাঘে খালে’ আৰ্তনাদটো শুনিম, তেতিয়া মোৰ মগজুত এটা অনুমান তৈয়াৰ হ’ব যে-পথাৰলৈ বাঘ আহিছে৷ গৰখীয়াৰ বিপদ অনিবাৰ্য৷ দ্বিতীয়তে ক্ষুধাতুৰ বাঘৰ আতংক সম্বন্ধীয় অনেক ভয়লগা কথা মগজুত ইতিপূৰ্বেই জমা হৈ আছে৷ সেই ছবিবোৰৰ ভিত্তিতেই মোৰ মগজুৱে উক্ত অনুমানটো তৈয়াৰ কৰিব পাৰিলে৷
ওচৰে-পাজৰে বহুতো মানুহ দৌৰাদৌৰিকৈ ঘৰৰ পৰা ওলাই অহা দেখি মোৰ মগজুত সৃষ্টি হোৱা এই অনুমানটোৱে উৎসাহ লাভ কৰিলে৷ গতিকে সেই অনুমানৰ ভিত্তিত মই এটা সিদ্ধান্ত ল’লোঁ যে-‘মইও পথাৰলৈ যাম৷’ কিন্তু যেতিয়া পথাৰত উপস্থিত হৈ বাঘ নামৰ কোনো জন্তু নেদেখিলোঁ, তেতিয়া মোৰ সিদ্ধান্তটো ভুল প্ৰমাণিত হ’ল৷ মনোবিজ্ঞানী বাৰেটে কোৱাৰ দৰে মোৰ ‘অনুমান’টোৰ শুদ্ধতা চাবলৈ মগজুৱে চকুৰ জৰিয়তে এটা ‘চেন্সৰী ইনপুট’ লাভ কৰিছিল৷ যি চকুৱে এতিয়া ‘অনুমান’ আৰু বাস্তৱিক ‘তথ্য’ৰ মাজত ‘তুলনা’ কৰি মোৰ মগজুত এটা নতুন ধাৰণা সংস্থাপিত কৰিলে যে- ‘বাঘে খালে’ বুলি চিঞৰা মানেই বাঘ অহা নুবুজায়৷ মানুহেও কেতিয়াবা ফাঁকি দিব পাৰে৷’ এইটো এটা ‘সংশোধিত ধাৰণা’৷ ইয়াৰ পিছৰবাৰো ঠিক তেনেকুৱা ঘটনা এটাই ঘটিল৷ সিদ্ধান্তটো ভুল প্ৰমাণিত হ’ল৷ গুৰুত্বপূৰ্ণ কথা-যিমানেই সিদ্ধান্তটো ভুল প্ৰমাণিত হৈছে, সিমানেই মোৰ মগজুত গঢ়ি উঠা নতুন ‘সংশোধিত’ ধাৰণাটো শক্তিশালী হৈ গৈ আছে৷ পৰৱৰ্তীবাৰ যেতিয়া গৰখীয়াই ‘বাঘে খালে’ বুলি চিঞৰিলে, তেতিয়াও আগৰবাৰৰ দৰে এটা অনুমানৰ সৃষ্টি হ’ল৷ কিন্তু সংশোধিত ধাৰণাটোৰ মতে-‘বাঘে খালে বুলি চিঞৰা মানেই বাঘে খোৱা নুবুজায়’৷ এই ধাৰণাটোৰ সমৰ্থনত ইতিমধ্যেই দুটাকৈ অভিজ্ঞতা মোৰ লগত ঘটি গৈছে৷ সিপিনে বাহিৰলৈ ওলাই আহিও দেখিলোঁ-গাঁৱৰ কোনো এজন মানুহেই গৰখীয়াক উদ্ধাৰৰ অৰ্থে ওলাই অহা নাই৷ অতএব নতুনকৈ গঢ়ি উঠা ‘বাঘে খালে বুলি চিঞৰা মানেই বাঘে খোৱা নুবুজায়’ শীৰ্ষক অনুমানটো মোৰ দৃঢ় হ’ল৷ অভিজ্ঞতা, অনুমান, ধাৰণাৰ এই সমস্ত মনস্তাত্ত্বিক খেলখন খেলাৰ অন্তত মোৰ নতুন সিদ্ধান্তটো হ’ল-‘মই এইবাৰ নাযাওঁ৷’ কিন্তু যদিহে মই সেইখন গাঁৱৰ এজন নতুন গঞা, নাইবা আগৰ দুটা অভিজ্ঞতাৰ লগত মোৰ কোনো পৰিচয় নাই-তেন্তে সমগ্ৰ পৰিণতিটোৱে বেলেগ ফালে গতি কৰিলেহেঁতেন!
এতিয়া সাধুটো য’ত শেষ হৈছে, তাৰপৰা আৰম্ভ কৰোঁ৷ এই কাল্পনিক ‘মোৰ’টোৱে আমাৰ সিদ্ধান্ত-নিৰ্মাণৰ জগতৰ অইন এটা আমোদজনক দিশ পোহৰলৈ আনিব৷ হয়তো ‘নিৰপেক্ষ চিন্তা’ৰ সংজ্ঞা-নিৰূপণৰ ক্ষেত্ৰতো ই সহায়ক হ’ব৷ সেইদিনাই আবেলি গাঁৱৰ মানুহে বাঘটোৱে গৰখীয়াক ধৰা খবৰটো লাভ কৰিলে৷ গৰখীয়াজনক এইবাৰ সঁচাকৈয়ে বাঘে খাইছে৷ খবৰটোৱে কিছুসংখ্যকক আত্মতৃপ্তি দিলে, কিছুসংখ্যক অনুশোচিত হ’ল৷ কিন্তু একাংশ মানুহৰ মনত বাঘ আৰু গৰখীয়াৰ ঘটনাটোৱে এটা নব্য ধাৰণাৰ জন্ম দিলে৷ সেই সংশোধিত ধাৰণাটো হ’ল-‘আমি প্ৰতিটো ঘটনাকেই নতুন ধৰণে গ্ৰহণ কৰিব লাগে৷ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত গ্ৰহণ কৰা সিদ্ধান্তবোৰে কেতিয়াবা বিপাঙত পেলাব পাৰে৷’ এতিয়া, তেওঁলোকৰ এই সংশোধিত ধাৰণাটোকে আমি ‘নিৰপেক্ষ’ ধাৰণা বুলি ক’ব পাৰোঁনে-যিটো ধাৰণা অভিজ্ঞতাৰ পৰিৱৰ্তে গঠিত হ’ব সম্পূৰ্ণ বাস্তৱ-আৰ্জিত প্ৰমাণৰ ভিত্তিত! অৰ্থাৎ অনুমান এটাৰ শুদ্ধতা নিৰূপণৰ বাবে আমি অতীতৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে নতুন অনুমানটোৰ শুদ্ধতা পৰীক্ষণতহে অধিক গুৰুত্ব দিম! কামটো অত্যন্ত পাকলগা৷ এনেকুৱা চিন্তা লালন-পালন কৰাটোও অতি কষ্টসাধ্য৷ সেইকাৰণে বেছিভাগ ক্ষেত্ৰতেই মানুহৰ সিদ্ধান্ত পূৰ্বৰ অভিজ্ঞতাৰ দ্বাৰাই পৰিচালিত হয়৷ অভিজ্ঞতাৰ পৰা মানুহে শিক্ষা লয়৷ নিজকে সংশোধন কৰে৷ পুনৰ নতুন সিদ্ধান্ত এটাৰ নিৰ্মাণ কৰে৷
কোৱাটো নিষ্প্ৰয়োজন, অনুমানজনিত ভুলে (Prediction Error) মানুহক ‘নিৰপেক্ষতা’ আৰু ‘যুক্তিবাদ’ সম্পৰ্কে চিন্তা কৰিবলৈও বাধ্য কৰায়৷ উদাহৰণস্বৰূপে, এগৰাকী বিশিষ্ট লেখকৰ তিনিখন ‘বেষ্ট চেলাৰ’ গ্ৰন্থ পঢ়ি আপুনি তেওঁৰ চতুৰ্থখন গ্ৰন্থ পঢ়িবলৈ গ’ল৷ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত সৃষ্টি হোৱা ধাৰণাটোৰ দ্বাৰা পৰিচালিত হৈ আপুনি এইবাৰো অনুমান কৰিছিল (আচলতে সম্পূৰ্ণ বিশ্বাসীয়েই আছিল) যে তেওঁৰ চতুৰ্থখন গ্ৰন্থও উৎকৃষ্ট পৰ্যায়ৰ হ’ব৷ পিছে দুখৰ কথা৷ গ্ৰন্থখন একেবাৰে পাল মৰা জাতীয় চিন্তাৰে সমৃদ্ধ৷ আপোনাৰ অনুমান ভুল প্ৰতিপন্ন হ’ল৷ সেয়েহে তেওঁৰ লেখা-মেলাৰ বিষয়ে পূৰ্বতে কৰা মন্তব্যটো এইবাৰ সংশোধিত হ’ল৷ অতএব, তেওঁৰ পঞ্চমখন কিতাপ পঢ়িবলৈ আপুনি আগৰদৰে উৎসাহী মনোবৃত্তিৰে আগবাঢ়ি নগ’ল৷ কাৰণ অনুমানজনিত ভুলে আপোনাক এক নতুন শিক্ষা দিলে-‘মানুহজনৰ সকলো লেখায়েই উৎকৃষ্ট পৰ্যায়ৰ নহয়৷’ এইটো নিৰপেক্ষ চিন্তা হয় নে নহয়-সেইটো পাছ কথা৷ কিন্তু পূৰ্বতে কৰা ‘সকলো লেখায়েই ভাল’ শীৰ্ষক চিন্তাটোৰ তুলনাত এই শেহতীয়া চিন্তাটো অধিক বাস্তৱসন্মত নহয়নে? সেইটো প্ৰশ্নত ভেঁজা দিয়েই আমি ক’ব পাৰোঁ- মানুহৰ জীৱনত অনুমানজনিত ভুলবোৰৰ গুৰুত্ব অপৰিসীম৷ মনোবিজ্ঞানী বাৰেটেও সেয়েহে কৈছে-“Without prediction error, life would be yawning bore.”(অনুমানজনিত ভুলৰ অবিহনে জীৱনটো এক আমনিদায়ক কাৰবাৰলৈ পৰিণত হ’ব৷)
সংখ্যা আৰু উপস্থাপনশৈলীয়ে সৃষ্টি কৰা বিভ্ৰান্তিঃ
নিউজ চেনেল আৰু বাতৰিকাকতত সঘনাই আমি ‘নিৰপেক্ষ’ কথা শুনিবলৈ আৰু পঢ়িবলৈ পাই থাকোঁ৷ তেনে এটা কাল্পনিক বাতৰিৰ মতে -“দেশৰ ৩০% কলেজীয়া ছাত্ৰয়েই ড্ৰাগছ সেৱন কৰে৷” এই বিশেষ বাতৰিটো পঢ়ি উঠি সমাজকৰ্মী শ্ৰীধৰ বৰুৱাই মন্তব্য কৰিলে -“দেশখন শেষ বুজিছে !” কাষতে থকা ময়ো বিশেষ ভূ-ভা নোলোৱাকৈ মন্তব্য কৰিলোঁ-‘হয়, আপুনি ঠিকেই কৈছে৷’ শ্ৰীধৰ বৰুৱাৰ দৰে বাতৰিৰ শিৰোনাম চাই বাতৰিটোৰ সম্পৰ্কে এটা সাধাৰণীকৃত আৰু পক্ষপাতিত্বমূলক ধাৰণা গঢ়ি তোলাটো আমাৰ সমাজৰ এক চিনাকি দৃশ্য৷ ইয়াত অস্বাভাৱিকতা বুলিবলৈ একো নাই৷ কিন্তু কথাৰ আঁৰৰ কথাটো হৈছে-এনেধৰণৰ পৰিসংখ্যা-সন্নিৱিষ্ট বাতৰিৰ আমি কেৱল এটা দিশহে চাওঁ৷ অৰ্থাৎ, বাতৰিটোত সংখ্যাটোক যিদৰে উপস্থাপন কৰা হৈছে, ঠিক তেনেধৰণেই তাক গ্ৰহণ কৰোঁ৷
উক্ত বাতৰিটোত দুটা তথ্য আছে৷ এটা দৃশ্যমান৷ আনটো অদৃশ্যমান ৷ দৃশ্যমান তথ্যটো হৈছে- ‘দেশৰ ৩০% কলেজীয়া ছাত্ৰয়েই ড্ৰাগছ সেৱন কৰে৷’ আনহাতে অদৃশ্যমান হৈ থকা তথ্যটো হৈছে -‘দেশৰ ৭০% কলেজীয়া ছাত্ৰয়েই ড্ৰাগছ সেৱন নকৰে৷’ এই অদৃশ্যমান তথ্যটো বিবেচনা কৰি পুনৰ বাতৰিটো পঢ়িলে আমি পূৰ্বতে দেশৰ ল’ৰা-ছোৱালীৰ সম্পৰ্কে পোষণ কৰা ধাৰণাটোৰ বিস্তৰ সালসলনি নঘটিবনে? শ্ৰীধৰ বৰুৱাৰ দৰে সমাজকৰ্মীৰ খং, ক্ৰোধ সামান্য নকমিবনে?
ন’বেল বঁটা-বিজয়ী মনোবিজ্ঞানী ডেনিয়েল কাহনেমেন আৰু এম’ছ ভাৰস্কিয়ে ১৯৮১ চনত যুটীয়াভাৱে এক বিশেষ মনোবৈজ্ঞানিক পৰীক্ষাৰ আয়োজন কৰিছিল৷ পৰীক্ষাটোত তেওঁলোকে দেখুৱাইছিল- কিদৰে ভিন্ন শৈলীৰে লিখা বাক্যই মানুহৰ সিদ্ধান্ত-নিৰ্মাণৰ সমস্ত প্ৰক্ৰিয়াটোত পক্ষপাতিতা আৰু অযুক্তিবাদৰ সৃষ্টি কৰে৷ এটা কাল্পনিক পৰিস্থিতিৰ সৃষ্টি কৰি তেওঁলোকে ৬০০ গৰাকী ৰোগীৰ বাবে দুটা বেলেগ বেলেগ চিকিৎসা-পদ্ধতি নিৰ্বাচন কৰিছিল৷ “প্ৰথমটো পদ্ধতিত ৬০০ৰ ভিতৰত ২০০ গৰাকী ৰোগীৰ প্ৰাণ বাচিব বুলি কোৱা হৈছিল৷ আৰু দ্বিতীয়টো পদ্ধতিত ৪০০ গৰাকী ৰোগীৰ মৃত্যু হ’ব বুলি কোৱা হৈছিল৷ প্ৰথমটো পদ্ধতিৰ ৩৩% সম্ভাৱনা আছে যে ৬০০ গৰাকীৰেই প্ৰাণ বাচিব; কিন্তু ৬৬% সম্ভাৱনা আছে যে কোনো নাবাচে৷ আনহাতে দ্বিতীয়টো পদ্ধতিৰ ৩৩% সম্ভাৱনা আছে যে কাৰোৰেই মৃত্য নহয় আৰু ৬৬% সম্ভাৱনা আছে যে ৬০০ গৰাকীৰেই মৃত্যু হ’ব৷” এই দুয়োটা পদ্ধতিৰ মাজৰ পৰা যিকোনো এটা অংশগ্ৰহণকাৰীসকলক নিৰ্বাচন কৰিবলৈ দিয়া হ’ল৷ দেখা গ’ল, ৭২% অংশগ্ৰহণকাৰীয়েই প্ৰথমটো পদ্ধতি গ্ৰহণ কৰিছে-যিটো পদ্ধতিত এটা ইতিবাচক কাঠামোৰ জৰিয়তে তথ্যটো উপস্থাপন কৰা হৈছিল৷ য’ত ‘মৃত্যু হোৱাৰ’ বিপৰীতে ‘প্ৰাণ বাচিব’ শীৰ্ষক কথাষাৰ জোৰ দিয়া হৈছিল৷ এই বিশেষ মনোবৈজ্ঞানিক পৰীক্ষাটোৱে ‘কাঠামোবদ্ধ প্ৰভাৱ’ (Framing effect) নামৰ বোধগত পক্ষপাতিতাৰ একাধিক দিশ উন্মোচন কৰিলে৷ তথ্য এটা (সাধাৰণতে সংখ্যাজড়িত) ইতিবাচকভাৱে উপস্থাপন হৈছে নে নেতিবাচকভাৱে উপস্থাপন হৈছে-সেইটো এটা গুৰুত্বপূৰ্ণ বিষয়৷ কাৰণ ইতিবাচক উপস্থাপনে তথ্যৰ লগত জড়িত হৈ থকা ৰিস্কটোক কেতিয়াবা আওকাণ কৰিবলৈ প্ৰৰোচিত কৰে৷ আনহাতে নেতিবাচক উপস্থাপনে মানুহক ৰিস্কৰ প্ৰতি দুৰ্বল কৰি তোলে৷ ফলশ্ৰুতিত মানুহে যুক্তিবাদৰ পৰা ফালৰি কাটে আৰু এটা পক্ষপাতিত্বমূলক সাৰাংশ গঢ়ি তোলে৷ অথচ চাবলৈ গ’লে তথ্য একেটাই- যিটো আমি শ্ৰীধৰ বৰুৱা আৰু চিকিৎসা-পদ্ধতিৰ ঘটনা দুটাত দেখিবলৈ পালোঁ৷ সেয়েহে কাঠামোবদ্ধ প্ৰভাৱৰ দৰে বোধগত পক্ষপাতিতাৰ চিকাৰ নহ’বলৈ আমি যিকোনো তথ্য বা পৰিসংখ্যাই আঁতি-গুৰি মাৰি চাব লাগে৷ দৃশ্যমান তথ্যৰ লগতে অদৃশ্যমান হৈ থকা তথ্যটোকো সন্মুখলৈ আনিব লাগে৷ তেহে এটা সামগ্ৰিক সত্যৰ আমি ওচৰ চাপিব পাৰিম৷ নিৰ্বাচনৰ সময়ত, বাজেট দাখিলৰ সময়ত ৰাজনীতিবিদসকলে পৰিসংখ্যাক কিদৰে ব্যৱহাৰ কৰে, সেইটোক সূক্ষ্মভাৱে মন কৰিলেও আমি কাঠামোবদ্ধ প্ৰভাৱৰ আমোদজনক অথচ ক্ষতিকাৰক দিশবোৰৰ উমান পাব পাৰিম৷ ৰাইজৰ মন জয় কৰিবলৈ তেওঁলোকে প্ৰায়েই ইতিবাচক কাঠামোৰ ব্যৱহাৰ কৰে৷ অৰ্থাৎ, ‘৩০% নিবনুৱাই যোৱা বছৰত চাকৰি পাইছে’ বুলি কয়, কিন্তু ‘৭০% নিবনুৱাই যে এতিয়াও চাকৰি পাবলৈ বাকী আছে’-সেইটো তথ্য সদৰী নকৰে৷ ক’ৰ’নাকালীন সময়খিনিত কৰ’না-সম্পৰ্কীয় তথ্যবোৰতো কাঠামোবদ্ধ প্ৰভাৱৰ প্ৰভাৱ পৰিছিল৷ পূৰ্বৰ তুলনাত ভাৰতবৰ্ষত ক’ৰ’নাৰ পৰীক্ষাবোৰ বেছিকৈ হ’বলৈ লোৱাৰ পাছত ক’ৰ’না-আক্ৰান্ত ৰোগীও আগতকৈ অধিক চিনাক্ত হৈছিল৷ কিন্তু আমি বাতৰিকাকত পঢ়া বা নিউজ চোৱা মানুহে বেছিকৈ চকু দিছিলোঁ ৰোগাক্ৰান্ত মানুহৰ তথ্যটোত, অথচ একেটা সময়তে আমি ক’ৰ’না-পৰীক্ষাৰ ক্ৰমবৰ্ধমান হাৰটোলৈ মন কৰা নাছিলোঁ, বা তাক উপেক্ষা কৰিছিলোঁ৷ ফলত আমি অত্যধিক আতংকিত, উত্তেজিত, আৰু উৎকণ্ঠিত হৈ পৰিছিলোঁ৷
ভাইৰেল হোৱা প’ষ্ট আৰু মানসিক চমুপথঃ
বৈদ্যুতিক প্ৰৱাহ আৰু মানুহৰ মন, -এই দুয়োটা বস্তুৰ মাজতে এটা আমোদজনক চাৰিত্ৰিক সাদৃশ্য আছে৷ দুয়োটা বস্তুৱে এনে এটা পথ অনুসৰণ কৰিব বিচাৰে, যিটো পথত ৰোধ বা বাধাৰ মাত্ৰা কম৷ কিন্তু উদ্বেগৰ কথাটো হ’ল- ৰোধশূন্য বাট এটাৰে অনিয়ন্ত্ৰিতভাৱে বিদ্যুৎ পৰিবাহিত হ’লে অঘটন সংঘটিত হয়৷ ‘ছৰ্ট চাৰ্কিট’ নামৰ অবাঞ্ছিত ঘটনাটোও তেনেকৈয়ে সংঘটিত হয়৷ ঠিক সেইদৰে সিদ্ধান্ত এটা নিৰ্মাণ কৰিবলৈও মানুহৰ মনটোৱে চমুপথ কিছুমান চলাথ কৰি ফুৰে৷ তিনিশটা লাইক আৰু ডেৰশটা কমেণ্টৰ দ্বাৰা সমৰ্থিত হৈ থকা কথা এটা শ্বেয়াৰ কৰিবলৈ আমাৰ মনটোৱে যিমান আগ্ৰহ দেখুৱায়, সেই কথাখিনি পুনৰ্বিবেচনা কৰি তাৰ সঠিক বিশ্লেষণ কৰিবলৈ সি পিছে বৰ উৎসাহিত অনুভৱ নকৰে৷ আমি প’ষ্টটোৰ কাষত জিলিকি থকা তিনিশ আৰু ডেৰশ সংখ্যা দুটাহে দেখোঁ আৰু সেই দুটা সংখ্যাৰ ওপৰত ভিত্তি কৰিয়েই ‘তেওঁৰ পষ্টটোৱে বহুত সমৰ্থন আদায় কৰিছে’ বুলি সিদ্ধান্ত এটা গঢ়োঁ৷ নতুনকৈ চিন্তা-চৰ্চা আৰম্ভ কৰাৰ পৰিৱৰ্তে ইতিমধ্যেই স্বীকৃত হৈ থকা কথা এটাৰ প্ৰতি মানুহৰ স্বাভাৱিক দুৰ্বলতা আছে৷ ‘বহুত সমৰ্থন আদায় কৰা’ৰ তাৎক্ষণিক অৰ্থটো হৈছে-‘তেওঁৰ কথাটো সত্য৷ গতিকে ময়ো তাৰ সমৰ্থনেই কৰা উচিত৷’ এইটো এটা চমু পথ৷ কিন্তু কথাটো হৈছে- এই ‘বহুত’টো কিমান ‘বহুত’? আকৌ এবাৰ ছবিখন চাওঁ৷ তেওঁৰ বন্ধু তালিকাত পাঁচ হাজাৰ বন্ধু আছে৷ পাঁচ হাজাৰজন মানুহৰ ভিতৰত চৌবিশ ঘণ্টাত সক্ৰিয় হৈ থকা মানুহৰ সংখ্যা হৈছে কমপক্ষেও- এক হাজাৰ৷ তেন্তে এক হাজাৰ সক্ৰিয় সদস্যৰ ভিতৰত তিনিশজনে সমৰ্থন কৰালৈ চালে তেওঁৰ সেই কথাটোৰ সমৰ্থনকাৰী হ’বগৈ ত্ৰিশ শতাংশ৷ আৰু সমৰ্থন নকৰা বা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা মানুহৰ শতাংশটো হ’বগৈ সত্তৰ৷ তেন্তে ‘তেওঁৰ কথাটোৱে বহুত সমৰ্থন আদায় কৰিলে নে কম সমৰ্থন আদায় কৰিলে?’
কম আৰু বেছিৰ তুলনামূলক ধাৰণাটোক ইন্ধন যোগায় সেই সময়ত আমি প্ৰত্যক্ষ কৰা অইন কিছুমান প’ষ্টে৷ সেই সময়ত ফে’চবুকৰ মুখ্য পৃষ্ঠাত তেওঁৰ প’ষ্টটোৱেই যদি সৰ্বাধিক লাইকপ্ৰাপ্ত প’ষ্ট-তেন্তে আমাৰ মনত উপৰিউক্ত ‘বহুত’ৰ ধাৰণাটো জন্ম হোৱাৰ সম্ভাৱনা অধিক৷ কিন্তু যদিহে তেওঁৰ প’ষ্টটোৰ আগে-পাছে চাৰিশ আৰু পাঁচশ লাইক-প্ৰাপ্ত প’ষ্ট কিছুমান আছে, তেন্তে সম্ভাৱনা আছে যে তেওঁৰ প’ষ্টটোৱে তুলনামূলকভাৱে কম সঁহাৰি লাভ কৰিব৷ আচলতে গোটেই খেলখন সংখ্যাৰ৷ সংখ্যাৰ আধিক্যই মানুহৰ মনত তাৎক্ষণিকভাৱে এক সমৰ্থনসূচক ভাৱোচ্ছাস সৃষ্টি কৰে৷ যিটো এটা মানসিক চমুপথ৷ বিভিন্ন দিশৰ পৰা বিসংগতিপূৰ্ণ আৰু বিভ্ৰান্তকাৰী এই মানসিক চমুপথবোৰেই হৈছে বোধগত পক্ষপাতিতাৰ (Cognitive bias)ৰ উৎপত্তিস্থল৷ সেয়ে ‘ভাইৰেল হৈ পৰা প’ষ্ট’ এটাত সমৰ্থনকাৰীৰ সংখ্যাটোতকৈ প’ষ্টটোৰ কথাখিনিক অগ্ৰাধিকাৰ দিয়া উচিত৷ সংখ্যাই সৃষ্টি কৰা বিভ্ৰমজনক চমু পথবোৰ পৰিহাৰ কৰিব জানিলেই আমি নিৰপেক্ষ দৃষ্টিভংগী আৰু যুক্তিবাদৰ ওচৰ চাপিব পাৰিম৷
অজ্ঞাত তথ্য আৰু ক’লা ৰাজহাঁহৰ তত্ত্বঃ
কেতিয়াবা ‘নাই’ বুলি কোৱাতকৈ ‘মই আজিলৈকে দেখা নাই’ বা ‘মই আজিলৈকে শুনা নাই’ বুলি কোৱাটোহে শুদ্ধ, নিৰপেক্ষ আৰু যুক্তিসংগত ৷ কিন্তু আমি বহুতেই নজনা/নুশুনা কথা এটাৰ বিষয়ে সুধিলেও ‘হ’বই নোৱাৰে’ , ‘থাকিবই নোৱাৰে’ বুলি অতি-বিশ্বাসী হৈ কৈ দিওঁ ৷ অথচ আমি সেই বিশেষ কথাটোৰ বিষয়ে নূন্যতম তথ্যানুসন্ধানখিনিও নকৰোঁ৷ বহুদিনলৈকে মানুহে পৃথিৱীত কেৱল বগা ৰাজহাঁহ আছে বুলিহে ভাবি আছিল ৷ ৰাজহাঁহৰ ৰঙ যে কেতিয়াবা ক’লাও হ’ব পাৰে-এই বিষয়ে বহুদিনলৈকে মানুহৰ ধাৰণা নাছিল ৷ কিন্তু ১৬৯৭ চনত ক’লা ৰাজহাঁহ দেখা পোৱা গ’ল৷ অষ্ট্ৰেলিয়ামুখী অভিযান এটাত উইলেম ডি ভ্লেমিঙ নামৰ অভিযানকাৰীজনে পশ্চিম অষ্ট্ৰেলিয়াৰ অৰণ্যত ক’লা ৰাজহাঁহ এটা দেখা পালে৷ এই আলোড়ণকাৰী উদ্ঘাটনে এটা দীৰ্ঘদিনীয়া ‘Myth’ বা বিভ্ৰান্তি দূৰ কৰিলে৷ আমোদজনকভাৱে এই ঘটনাটোৱে এটা নতুন তত্ত্বৰেই জন্ম দিলে৷ যাক কোৱা হয় ‘ক’লা ৰাজহাঁহ তত্ত্ব’-‘ব্লেক শ্বান থিয়ৰি’ (Black Swan Theory)৷ ২০০৭ চনত গাণিতিক পৰিসংখ্যাবিদ তথা ৰিস্ক বিশ্লেষক নাছিম নিকোলাছ টালেবে এই বিশেষ তত্ত্বটোৰ নামেৰে এখন কিতাপো লিখিছে৷ নাম হৈছে ‘দ্য ব্লেক শ্বান’৷ ‘ছানডে টাইমছ’-এ এই কিতাপখনক দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী বাৰখন প্ৰভাৱশালী কিতাপৰ ভিতৰত স্থান দিছে৷ গতিকে তেওঁৰ তত্ত্বটো কিমান গুৰুত্বপূৰ্ণ-তাৰপৰাই কিছু আভাস পাব পাৰি৷
অস্তিত্বহীন বুলি ভাবি থকা বস্তু এটা বা পৰিঘটনা এটা আকস্মিকভাৱে উদ্ভাৱন হ’লে আৰু সমাজৰ বৃহত্তৰ অংশত তাৰ প্ৰভাৱ পৰিলে, সেই ঘটনাক ‘ক’লা ৰাজহাঁহ’ উপমাৰে বুজোৱা হয়৷ যেনে-ব্যক্তিগত কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ উত্থান৷ ই এটা অকল্পনীয় পৰিঘটনা৷ যাক অনুমান কৰা কঠিন আৰু যাৰ উদ্ভাৱনে সমাজত এক বৃহৎ প্ৰভাৱ পেলালে৷ বিত্তীয় লেনদেনত, বেংকিং খণ্ডত, শ্বেয়াৰ মাৰ্কেটত, বৈজ্ঞানিক বিশ্লেষণত, পৰীক্ষাগাৰত ক’লা ৰাজহাঁহ তত্ত্বৰ প্ৰভাৱ কোনেও নুই কৰিব নোৱাৰে৷
নিৰপেক্ষ চিন্তা আৰু বোধগত পক্ষপাতিতাৰ পৰিচয়সূচক সংজ্ঞা আৰু উদাহৰণেৰে সমৃদ্ধ ৰল্ফ ড’বেলিৰ ‘দ্য আৰ্ট অৱ থিংকিং ক্লিয়েৰলি’ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷ ব্লেক শ্বানৰ বিষয়ে আলোচনা কৰা প্ৰবন্ধটোত তেখেতে ডনাল্ড ৰামছফেল্ড নামৰ আমেৰিকান সচিবজনৰ এটা তাৎপৰ্যপূৰ্ণ দৰ্শনৰ কথা উনুকিয়ায়৷ ৰামছফেল্ডৰ মতে -(১) কিছুমান কথা আমি জানো,সেইবোৰ জনা কথা (২) কিছুমান কথা আমি নাজানো, সেইবোৰ নজনা কথা আৰু (৩) কিছুমান এনে নজনা-নুশুনা কথা আছে, যিবোৰৰ বিষয়েও আমি নেজানো৷ অষ্ট্ৰেলিয়াত দেখা পোৱা ক’লা ৰাজহাঁহটো ৩ নং শ্ৰেণীটোত পৰে ৷
আচলতে কিবা এটা কথাত জোৰকৈ খামুচি ধৰি থকাটোৱেই পক্ষপাতিতাৰ চিন৷ এই দৃষ্টিভংগীয়ে মানুহৰ সিদ্ধান্ত-নিৰ্মাণ আৰু যুক্তিবাদী চিন্তাৰ সামূহিক প্ৰণালীটোকে এক বিশেষ গণ্ডীৰ মাজত আবদ্ধ কৰি ৰাখে আৰু কেতিয়াবা ক্ষতিসাধনো কৰে৷ ওপৰত আলোচিত হোৱা কাঠামোবদ্ধ প্ৰভাৱ, ক’লা ৰাজহাঁহৰ তত্ত্ব আদিৰ দৰে শতাধিক প্ৰকাৰৰ পক্ষপাতিতা মনোবিজ্ঞানীসকলে বিগত সময়ত আৱিষ্কাৰ কৰিছে ৷ অৱশ্যে পক্ষপাতিতাৰ পৰা ৰক্ষা পাবলৈও বিভিন্ন কৌশল বিগত সময়ত আৱিষ্কৃত হৈছে৷ এক প্ৰতিৰক্ষামূলক পন্থা হিচাপে ডেনিয়েল কাহ্নেমেনৰ ‘Slow thinking’ বা লাহে লাহে চিন্তা কৰা’ৰ প্ৰপঞ্চটো গ্ৰহণযোগ্য বুলি ভাবোঁ৷ তথাপিও নিৰপেক্ষতা আৰু সিদ্ধান্ত-নিৰ্মাণৰ অনুশীলন কোনো মানুহৰ বাবেই উলামূলা কথা নহয়৷ কাৰণ মন আৰু মনোজগত তৰ্কাতীতভাৱে বৈচিত্ৰ্যময়, আৱেগসৰ্বস্ব আৰু পাকলগা৷ আনহাতে সংসাৰখন ভৰা তুমুল অনিশ্চয়তাৰে ৷ সেই অগতানুগতিকতা আৰু অনিশ্চয়তাপূৰ্ণ প্ৰাত্যহিকতাতেই আমি সমাজত পাৰস্পৰিক সংহতি বজাই ৰাখি কল্যাণমুখী দিশলৈ ধাৱমান হ’ব লাগিব৷ মোৰ বোধেৰে, সিদ্ধান্ত-নিৰ্মাণ আৰু যুক্তিবাদকো আমি সেই উদ্দেশ্যতেই ব্যৱহাৰ কৰা উচিত৷
অধ্যয়নপুষ্ট লেখা৷ ভাল লাগিল৷
মন্তব্যৰ বাবে ধন্যবাদ৷