অনুবাদকবিতা

নিঃসংগ (মূল: এডগাৰ এলেন পো; ভাবানুবাদ: যশোৱন্ত নিপুণ)

মোৰ শৈশৱৰ মুহূৰ্তৰ পৰাই মই
আনৰ দৰে নাছিলোঁ— মই চাব পৰা নাছিলোঁ
যেনেদৰে আনে চাইছিল— একেই বসন্তৰ পৰা
মোৰ আৱেগ জাগ্ৰত কৰিব পৰা নাছিলোঁ—
একেই উৎসৰ পৰা দুখবোৰ
অনুভৱ কৰিব পৰা নাছিলোঁ— একেই সুৰৰ
এটি লহৰেৰে উদ্বেলিত কৰিব পৰা নাছিলোঁ মোৰ বুকু—
আৰু যাক ভাল পাইছিলোঁ— অকলশৰেই ভাল পাইছিলোঁ—
তেতিয়াই— মোৰ শৈশৱত— প্ৰবল ধুমুহাক্লান্ত জীৱন
এটাৰ দোকমোকালিত— পান কৰিছিলোঁ
প্ৰত্যেক সুন্দৰতা আৰু দুৰ্যোগৰ গভীৰতাৰ পৰা—
সেই ৰহস্য যিয়ে মোক আজিও মেৰিয়াই ৰাখে—
ধাৰাসাৰ বৃষ্টিৰ, বা নিজৰাৰ পৰা—
পৰ্বতৰ তেজৰঙা শিখৰৰ পৰা—
মোক আবৰা সূৰ্য্যৰ পৰা যিয়ে
শৰতৰ সোণালী আৱেশত নিজেই নিমগ্ন—
আকাশৰ বিজুলীৰ চমকনিৰ পৰা
যি সুতীব্ৰ বেগেৰে পাৰ হৈ যায়—
বজ্ৰ আৰু ধুমুহাৰ পৰা—
আৰু সেই সজল মেঘৰ পৰা যিয়ে
(যেতিয়া সৰগৰ অন্য সকলো নীলা মাথোঁ নীলা)
এটা দৈত্যৰ ৰূপ লৈছিল মোৰ দৃষ্টিত

(Alone :: Edgar Allan Poe)

Leave a Reply

Your email address will not be published. Required fields are marked *