ন হন্যতে— (মণিকংকণা বৰবৰা)
বহুদিন বোকা মাটিৰ লেপন নপৰা শেলুৱৈ বন্ধা বাৰান্দাখনৰ কাঠৰ পুৰণি চকীখনেই এতিয়া জীৱন গগৈৰ সংগী। লাখুটি ডালত ভৰ দি অলপমান ইফালৰ পৰা সিফাললৈ খোজ দিলেও তেওঁ পুনৰ ল’ৰালৰিকৈ চকীখনলৈকে উভতি আহিব লাগে। ভৰিৰ শিৰাবোৰ টানি ধৰে। অসহ্য বিষ হয়। বাৰান্দাখনৰ পৰা মাত্ৰ দহ-পোন্ধৰটা খোজৰ ব্যৱধানৰ সমুখৰ ৰাস্তাটোৰ অহা-যোৱাবোৰেই এতিয়া তেওঁৰ বাস্তৱ পৃথিৱীখন। বোৱাৰীয়েকে মাজে-সময়ে যাচি থকা গুৰ এডুখৰিৰ সৈতে ৰঙা চাহৰ বাতিটো তেওঁৰ বাবে মহৌষধ।
কোনোবা শ্ৰোতা পালে খন্তেকলৈ তেওঁ উৎফুল্লিত হৈ পৰে যদিও অতীতৰ ৰক্তিম দিনবোৰৰ কথা সোঁৱৰণ কৰি কৰি পুনৰ তেওঁ কঠোৰ, কৰ্কশ বাস্তৱলৈ ঘূৰি আহি আকৌ আগৰ দৰেই নীৰৱ হৈ পৰে। তেওঁ জীৱনত নিজে কি পালে – হিচাপ কৰিব খোজা নাই। কি দি থৈ যাব পাৰিলে – সেই হিচাপতহে খেলিমেলি লাগে তেওঁৰ। বুকুত জীয়া কাহিনী কঢ়িয়াই ফুৰা যুঁজাৰু গৰাকীৰ সমুখত এতিয়া কেৱল শূণ্যতা। এক তীব্ৰ অভাৱবোধত তেওঁৰ শৰীৰ-মন দুয়োটাই ভাঙি পৰিছে।
বান-গৰাখহনীয়াত ঘৰ-মাটি আটাইবোৰ সা-সম্পত্তি জাহ যোৱাই এই মাটিতে সপৰিয়ালে থিতাপি লোৱা জীৱন গগৈ কেইবাটাও উচ্ছেদৰ বলি হ’ব লগা হৈছিল। উচ্ছেদৰ বিৰোধিতা কৰিবলৈ গৈ পুলিচৰ লাঠী-গোৰ আৰু কেইবাবাৰো জেলৰ ভাত খাইছে। অসমৰ অ’ত-ত’ত গৈ কিমানখন কৃষক সভা কৰিলেগৈ। এতিয়াও সেই একেই বেদখলীৰে বদনাম। ইমানবোৰ যুঁজৰ পাছতো মাটিৰ পট্টা নহ’ল। মাটিৰ পট্টা নাই মানেই যে জীৱনৰো নিৰাপত্তা নাই। তাহানিৰ সেই যুঁজাৰু মানু্হবোৰো ক’ৰবাত হেৰাই থাকিল।
বিশেষ কামত গাওঁ এখনৰ পৰা উভতি আহোঁতে সমুখৰ পানী ভৰ্তি নৰ্দমা যেন ৰাস্তাটোত অলপমান ৰ’ব লগা হ’ল। চকু ফুৰাওঁতে দেখিলোঁ কাষৰ ঘৰটোৰ বাৰান্দাখনত বহি থকা মানুহজনে আমালৈকে একেথৰে চাই আছে।
কেইবাটাও বছৰৰ মূৰত তেখেতক লগ পালোঁ। আমাৰ বহুতৰ বাবে তেওঁ বৰদেউতা। প্ৰাণোচ্ছল মানুহজনক এনে হতাশাগ্ৰস্ত ৰূপত এনেদৰে প্ৰথমবাৰ দেখা পালোঁ। অতীতৰ তেওঁৰ জীৱনৰ বহু জীয়া কাহিনী আৰু বৰ্ত্তমানৰ জীয়া হুমূনিয়াহ আটাইবোৰ আমি তভক মাৰি শুনি গ’লোঁ। তেখেতেও আমাৰ পৰাও দেশৰ বা-বাতৰি শুনিবলৈ উৎসুক হ’ল।
বৰদেউতাক প্ৰতিশ্ৰুতি দিয়াৰ দৰেই কৈ উঠিলোঁ –
ফেঁহুজালি ফালি ওলাই অহা বেলিটো দেখি প্ৰতিটো পুৱাতেই তেওঁ যি আশা কৰে, ঠিক সেইদৰেই সমুখৰ এই ৰাস্তাটোৱেদি কিছুদিনৰ পাছৰে পৰা অনেক সমদল তেওঁৰ চকুৰ আগেদিয়েই পাৰ হৈ যাব! পথাৰে-সমাৰে ৰঙা পতাকা উৰুৱাই দৌৰি-ঢাপলি খেলি থাকিব আমাৰ শিশুবোৰে! কাৰণ দেশৰ চুকে-কোণে মৰণৰ দুৱাৰমুখত থিয় দিও এচাম মানুহে অহৰহ আমাৰ সকলোৰে হৈ যুঁজ এখন চলাই আছে এতিয়াও।
মৰণৰ দুৱাৰমুখত থিয় হৈ থকা মানুহ !
আটাইকেইজনৰ কিছুৰ বয়সে চল্লিশৰ দেওনা চুবলৈ গৈ থকা আৰু কিছুয়ে অতিক্ৰম কৰা। সত্তৰৰ ঘৰ অতিক্ৰম কৰা একমাত্ৰ ব্যক্তিজন হ’ল গোপাল মুণ্ডা। এই অৰণ্যৰ আৰু অৰণ্য সুৰক্ষাক লৈ চলি থকা সংগ্ৰামখনৰ দীৰ্ঘদিনীয়া যোদ্ধা তেওঁৱেই।
মৰণৰ দুৱাৰমুখত থিয় দি থকা মানুহ মানেই প্ৰাণ খোলা হাঁহিবোৰ গোটেই জীৱনটোলৈ দফন। কিজানিবা হঠাতে বন্ধ হৈ পৰিব বুকুৰ উশাহ-নিশাহ! কিজানিবা দেহৰ পৰা এৰা খাই পৰিব এবখলা মঙহ! কিজানিবা হঠাতে অন্ধকাৰ হৈ পৰিব সমুখৰ পৃথিৱীখন!
হাঁহিবলৈ ভয়। মন খুলি কথা পাতিবলৈ ভয়। গুণগুণাবলৈ ভয়।
আৰু এদিন এনেকৈয়ে ভয়ক প্ৰতিহত কৰাৰ বাসনাত তীব্ৰ হৈ উঠা উদ্বাউল মনবোৰ ৰঙা জিঞা হৈ উৰিবলৈ ধৰে। নিজৰ প্ৰাণতকৈয়ো আপোন আৰু প্ৰিয় হৈ পৰা এই মাটি, এই জংঘল আৰু লুণ্ঠিত-শোষিত এই জনগণৰ বাবে নিজৰ জীৱনটোকে উৎসৰ্গা কৰিবলৈ ওলাই আহে তেজাল ডেকা-গাভৰু বোৰ।
হায়ে ৰে’ চৰগুজা নাচে’
অলথী কলথী মান্দৰ বাজে’
হায়ে ৰে’ চৰগুজা নাচে’।
এসময়ত মাদল বজোৱা হাতবোৰ হৈ পৰে বন্দুকেৰে গুলী চলোৱা পাকৈত হাত। ঝুমুইৰ নচা ভৰিবোৰলৈ নামি আহে দুৰ্দান্ত গেৰিলা যুঁজাৰুৰ কৌশল। কোঁহ কোমল কণ্ঠবোৰ হৈ পৰে ইস্পাতৰ দৰে কঠিন,উদাত্ত আৰু দৃঢ়।
শৰীৰ চেচাঁ পৰা ঘামত তিতি প’ডিয়ামে কৈ গ’ল-
“পথাৰত ধানগছৰ পৰা ধানবোৰ পৃথক কৰি থাকোঁতে বিছ মিটাৰ মান দূৰৰ ডাঙৰ গছ এজোপাত বোমাটো পৰিল। নিমিষতে গছজোপা ডাল-পাত ভাঙি-চিঙি মহতিয়াই বোমাটো মাটিত পৰি বিস্ফোৰণ ঘটিল। হঠাতে কাণ দুখনে একো নুশুনা হ’লোঁ। জীৱনটো ৰক্ষা কৰিবলৈ বুলি গভীৰ অৰণ্যৰ ফালে ভিৰাই দৌৰিবলৈ ধৰিলোঁ।”
বিষ্ণুয়ে ভাবিছিল কোনো বিদেশী সৈন্য আহি আমাৰ দেশখনকে আক্ৰমণ কৰিছেহি। আৰু এখন যুদ্ধৰ আৰম্ভণি এইয়া! অৱশ্যে সিহঁতবোৰৰ চকু-মনৰ ভ্ৰম ভাঙিবলৈ বেছিপৰ নালাগিল।
– ” কোনে এনেকৈ বোমা নিক্ষেপ কৰিছিল ?”
– “চৰকাৰে। আৰু কোনে কৰিব”!
আটাইকেইজনে চিঞৰি কোৱাদি কৈ উঠিল ।
পূব দিশত শিল আৰু গছ-গছনিৰে ভৰি থকা পাহাৰখনৰ দাঁতি-কাষৰীয়া পথাৰখনৰ গাঁতবোৰত এতিয়াও পৰি আছে বোমা আৰু সৰু সৰু ধাতুৰ বলৰ অৱশিষ্ট।
গাঁওবাসীৰ মতে, ২০২৩ চনৰ ১১ জানুৱাৰীৰ পুৱা প্ৰায় ১১ বজাৰ পৰা এই বোমা বিস্ফোৰণ আৰম্ভ হৈছিল। মুঠ নটা বোমা বিস্ফোৰণৰ পাছত আৰম্ভ হৈছিল গুলীচালনা। বীজাপুৰ জিলাৰ কেইবাখনো গাঁৱক সামৰি হোৱা এই বিস্ফোৰণ আৰু গুলীবৰ্ষণত মত্যু হোৱা মহিলা পটেম হুংগীৰ গিৰিয়েকৰ চকুহাল চলচলীয়া হ’ল।
সেইদিনটোত কোনোৱে হাত-ভৰি, কোনোৱে চকু, কোনোৱে হেৰুৱালে শ্ৰৱণ শক্তি। তেওঁলোকে প্ৰথমে দেখা আৰু অনুভৱ কৰা পৃথিৱীখন চিৰদিনৰ বাবে হেৰাই গ’ল। আধা পোৰা ঘৰবোৰে এতিয়া প্ৰতিপলতে মানু্হখিনিক সোঁৱৰাই থাকে অভিশপ্ত দিনটোৰ জয়াল অভিজ্ঞতাক। যুদ্ধত বিধস্ত হোৱা দেশৰ কাহিনীক এওঁলোকে কেতিয়াবা ৰামায়ণ-মহাভাৰতৰ দৰে সাধুকথাহে বুলি ভাবিছিল। এতিয়া এই বিধস্ত ভূমিত পতিত হৈ প্ৰত্যেকেই হৈ পৰিল যুদ্ধভূমিৰ একোটা জীয়া কাহিনী ।
দেশৰ ভিতৰতে আকাশী সামৰিক অভিযান অবৈধ আৰু আইন বৰ্হিভূত। কিন্তু অৰণ্য ভালপোৱা মানু্হখিনি চৰকাৰৰ চকুত অপৰাধী বাবেই তেওঁলোকৰ ওপৰত সামৰিক বাহিনীয়ে চলোৱা সকলো বৰ্বৰ অত্যাচাৰেই বিধিসন্মত।
– “বোমা পেলাব লগা হোৱাকৈ কালৈ ইমান ভয় চৰকাৰৰ?”
– “মাওবাদীলৈ!”
গোপাল মুণ্ডাৰ তাৎক্ষণিক উত্তৰ।
– “আমি আমাৰ জীৱন গ’লেও এই মাটি এৰি নিদিওঁ। এই অৰণ্য এৰি আমি ক’লৈকো নাযাওঁ। সেইকাৰণে সিহঁতে আমাক মাওবাদী সজাই লৈ মাৰে।”
জীৱন গগৈৰ চকুত কিবা এক গভীৰ বিষাদে ছানি ধৰিলে।
– ” আমাৰো ডেকা এটাক মাওবাদী সজাই মাৰি পেলাইছিল অ’!”
অৰণ্যৰ আটাইবোৰ সেউজীয়া আৰু লো-শিলৰ পাহাৰবোৰক জীয়ন দি থকা মানুহ এওঁলোক।
অৰণ্যৰ পশু-পখীবোৰক নিজৰ বুকুৰ উমত পোহপাল দি ৰাখিছে এওঁলোকেই। কিন্তু বিনাদোষতে বাৰে বাৰে জাপি দিয়া অপবাদ, উপৰ্যুপৰি দমন-পীড়ন সহন কৰি যাব পৰা সহনশক্তি কাৰ মাজতনো থাকে!
এদিন ভৰা যৌৱনৰ তেজত উতলা শৰীৰবোৰ ওপজা ভূমিৰ অঞ্জলি হ’বলৈ ওলাই আহিল। উজ্বল তৰাখচিত নাম এটা পিন্ধি মৰি যাব পৰাটোত ডেকা-গাভৰু জাকে বুকুত অনুভৱ কৰা হ’ল মান আৰু গৌৰৱ।
তাৰে আলমত চৰকাৰৰ দ্বাৰা সময়ে সময়ে হত্যাযজ্ঞ চলে, যাতে অৰণ্যৰ বুকু কুৰুকিবলৈ যোৱা পথটো সুগম হয়। নিৰীহ মানুহখিনিৰ ওপৰত চৰকাৰৰ ‘অপাৰেশ্যন সমাধান প্ৰহৰ’ চলে, যাতে চকলা চকলে মঙহ কাটি আনিব পৰাকৈ পাহাৰ বগুৱা জখলাডাল ডাল অনায়াসে গঢ়ি ল’ব পৰা যায়।
গোপাল মুণ্ডাই কথাবোৰ কৈ যাওঁতে তেওঁৰ মুখমণ্ডলে বাৰে বাৰে বৰণ সলায়। অতীতৰ সোঁৱৰণ কৰিবলৈ পাই তেওঁ উৎফুল্লিত হয় যদিও গোটেই সংগ্ৰামখনৰ পোৱা-নোপোৱাবোৰৰ হিচাপ কৰিবলৈ গৈ গোটেই মানুহজন আকৌ বিমূঢ় হৈ পৰে ঠিক আমাৰ জীৱন গগৈৰ দৰেই, আমাৰ কাজিৰঙাৰ চৰণ মাঝিৰ দৰেই।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া গাঁও এখনতে চৰণ মাঝিৰ ঘৰ। একেই উচ্ছেদ। একেই দমন-নিৰ্যাতন। একেই ক্ষোভ আৰু প্ৰতিবাদ। এসময়ত চৰণ মাঝিহঁতে তৰি লোৱা উচ্ছেদ প্ৰতিৰোধী সংগ্ৰামখনৰ সুবিধা লৈয়ে দুজন মান সতীৰ্থ ৰাজনৈতিক ক্ষমতালৈ গ’ল।গৈয়ে যুঁজ চলাই থকা মানুহখিনিলৈ পিঠি দিবলৈ ল’লে। যুঁজৰ মাজতে ইতিহাস সুঁৱৰি হুমূনিয়াহ কাঢ়ি কাঢ়িয়েই শিপা খামুচি ৰৈ থাকিল চৰণ মাঝি আৰু চৰণ মাঝিহঁতৰ দৰে সৰল মানুহবোৰ।
হেৰুওৱা দামুৰী পোৱালিটো বিচাৰি অৰণ্যলৈ সোমাই গৈ গুলী খোৱা কাজিৰঙাৰ বৰবিল গাঁৱৰ খেতিয়ক পামে’ পেগু হালবায় খাব নোৱাৰাকৈ চিৰপংগু হ’ল। খৰি লুৰিবলৈ যোৱা ছয়মতী দলে, কেঁচুৱাটোৰ বসন্তৰোগৰ ঔষধি পাত চিঙিবলৈ যোৱা পমিলা বড়িৰ বন্দুক-বেয়নেটেৰে শালি পেলোৱা মৰাশ দুটাৰ এটা উদ্ধাৰ হৈছিল শিয়ালে চোবাই থকা অৱস্থাত বিলৰ পাৰত । এটা দেহ অন্তৰ্ধান হ’ল।
‘শ্বুট এণ্ড ছাইট্ অৰ্ডাৰ’ !
শ্বুট এণ্ড ছাইট্ অৰ্ডাৰত মাজে মাজে এনেদৰেই কাজিৰঙাৰ বুকুখন পামে’ পেগু হঁতৰ নিচিনা নিৰীহ মানুহখিনিৰ তেজেৰে ৰাঙলী হৈ থাকে।
জীৱন গগৈৰ বুকুৰ পৰা ওলাই অহা এক গভীৰ নিশ্বাস বতাহত বিলীন হৈ গ’ল।
মাধ্ৱী হুংগীয়ে ক’বলৈ লৈ অলপ সময় বুকু ভাঙি কান্দি ল’লে। চকুৰ আগতে পুলিচৰ বন্দুকৰ গুলীত চিঞৰ এটা মাৰি মাটিত ঢলি পৰা মদকম সোণী,যাৰ ডেৰবছৰীয়া শিশুটিয়ে এতিয়াও মাকৰ বুকুৰ পিয়াহ বিচাৰি হাহাকাৰ কৰি আছে ! তৎক্ষণাৎ জিন্দা লাচ হৈ যোৱা সাতমহীয়া গৰ্ভৱতী পুনেম নাংগী, বহুসময়লৈকে যাৰ গৰ্ভত হাত-ভৰি আচালি আছিল এটা অৰ্দ্ধপূৰ্ণাংগ জীৱিত ভ্ৰুণে!
প্ৰত্যেকৰে মাজত চূড়ান্ততম অৱস্থাত থাকে জীৱন জীওৱাৰ তাড়ণা। কিন্তু এক অদৃশ্যময়তাৰ পৰা যুঁজি যুঁজি পোহৰৰ পৃথিৱী খনলৈ ওলাই আহিবলৈ আপ্ৰাণ চেষ্টা কৰা এই জীৱনস্পৃহাক কিহৰ সৈতে তুলনা কৰা যায়!
অসহঃনীয় ! কিন্তু তেতিয়ালৈ লাঠী-গুলী খাই পৰি থকা আহত মানুহৰ কাতৰ চিঞৰ, কেঁচা তেজৰ গোন্ধ আৰু কুহুমীয়া তেজৰ ছিটিকণিত মাধ্ৱীহঁতৰ চকুবোৰ থৰ হৈ পৰিছিল ।
সেয়া আছিল ২০২৪ চনৰ ১৯ জানুৱাৰীৰ কথা। গছ কটা বন্ধৰ প্ৰতিবাদত যোগদান কৰাটোৱেই আছিল পুনেমহঁতৰ অপৰাধ। হত্যাৰ পাছত তেওঁলোকৰ মৃতদেহবোৰ পুলিচে জ্বলোৱাৰ চেষ্টা কৰিছিল যাতে গুলীয়াই মাৰি পেলোৱাৰ প্ৰমাণ নাথাকে । আগতেও অনেক লোকৰ লাঠীৰে কোবাই কোবাই মাৰি পেলোৱা আৰু গুলীবিদ্ধ দেহ প্ৰশাসনে জ্বলাই দি নিজৰ নিৰ্দয়তাৰ প্ৰমাণ নিশ্চিহ্ন কৰি পেলাইছে। অৱশ্যে খঙে-ক্ষোভে উতপ্ত হৈ উঠা গাঁওবাসীৰ প্ৰতিবাদত পুনেমহঁতৰ মৃতদেহ জ্বলোৱাৰ চেষ্টা বিফল হ’ল। কিন্তু সন্ধিয়ালৈ চৰকাৰী প্ৰচাৰত দুয়োগৰাকী মহিলাই পালে একেই তৰাখচিত নামটো।
তাৰো কেইটামান দিনৰ আগত পৰিয়ালৰ বিবাহ অনুষ্ঠান এটাৰ পৰা ৰাতিৰ আহাৰ খাই উভতি অহাৰ পিছত চোৰাংচোৱাৰ সন্দেহত সুকমা,সোধি দেৱা আৰু ৰাৱা দেৱাক আৰক্ষী থানালৈ লৈ যোৱা হৈছিল । পিছত ওচৰৰ হাবিলৈ চোঁচৰাই লৈ গৈ সিহঁতৰ বুকুবোৰ গুলীৰে ফুটা কৰি পেলোৱা হ’ল। পিছদিনা সিহঁতেও পালে অৰণ্যৰ সেই চিৰাচৰিত নাম।
এনকাউণ্টাৰ!
এনেকৈয়ে এনকাউণ্টাৰৰ প্ৰতিটো দিনতে পদোন্নতিৰ উল্লাসত পুলিচ থানা এখন ৰঙীন পানীয়ৰ ৰাগীত ডুব যায়।
গোপাল মুণ্ডাই এই দেশ স্বাধীন দেশ বুলি ভাবি ল’ব নাই পৰা। কাৰণ আজিলৈকে তেওঁ জীৱনত স্বাধীনতাৰ ৰং-ৰূপ কেনেকুৱা সেয়া দেখা পোৱা নাই, চুবলৈও পোৱা নাই। মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈকো স্বাধীনতা নাই পোৱা কোনোদিন।
গোপাল মুণ্ডাহঁতে অৰণ্যবোৰক নিজৰ মাই-বাপৰ দৰে ভালপালে, অৰণ্যৰ স’তে সহবাস কৰি জী থকাৰ কথা ক’লে , সেয়েহে চৰকাৰৰ চকুত আটাইবোৰ মানুহ হৈ পৰিল অবৈধ আৰু টেৰ’ৰিষ্ট! গোপাল মুণ্ডাৰ মতে স্বাধীন দেশৰ মানুহৰ জীৱন এনেকুৱা নহয় আৰু এনেকুৱা জ্বালাময় হ’ব নোৱাৰে।
আপোনীয়তাৰ স্বাৰ্থত কোনো কাৰোৰ ঘৰলৈ যাব নোৱাৰে, চোৰাংচোৱা!
এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ অহা-যোৱা কৰিব নোৱাৰে,চোৰাংচোৱা !
সেনা-পুলিচে মৃত সুকুমা,সুধি দেৱাহঁতৰ নিথৰ হাতত বন্দুক একোটা থৈ ফটো এখন তুলি থয় যাতে হত্যাৰ পাছত সংবাদজগতৰ প্ৰশ্নৰ উত্তৰবোৰ সহজে দিব পৰা যায়।
লক্ষুৱে কথাবোৰ কৈ যাওঁতে মনৰ খং-দুখ সামৰিব পৰা নাই। গোটেই মানুহটো খঙত ৰঙা-ক’লা পৰিছে। কথাবোৰ কৈ যাওঁতে হাতত খৰি কাটিবলৈ লৈ ফুৰা চুটি দাখনেৰে মাজে মাজে জোৰকৈ ঘাপ দুটামান মাৰি চোতালৰ মাটি খিনি ফালি পেলাইছে।
যোৱা বছৰ গাঁৱৰ তিনিজনী মহিলাৰ সৈতে লক্ষুৰ ঘৈণীয়েক আৰু তেৰ বছৰীয়া জীয়েককো সেনাই শৰীৰৰ ভোক গুচাবলৈ এমাহ ধৰি ছাউনীত বন্দী কৰি ৰাখিছিল। জীয়েকৰ শুংসূত্ৰ আজিও নোলাল। সেনাই বখলা-বখলকৈ খোৱা শৰীৰটো লৈ ঘৈনীয়েকজনী ঘৰলৈ অহাৰ দুটা দিনৰ পাছতে ডিঙিত ফাঁচ লগাই আত্মঘাতী হ’ল।
টেৰ’ৰিষ্টৰ অভিযান মানে পকা আঙঠাত পৰি জ্বলি জ্বলি ছট্ফটাই মৰি থকাৰ দিন। তাহানিৰ অসমীয়া মানুহৰ ওপৰত চলি যোৱা অপাৰেশ্যন বজৰঙৰ অভিশপ্ত দিনকেইটাৰ কথা মনলৈ আহিলে আমাৰ অৱসৰী শিক্ষক উৎপল তালুকদাৰৰ দৰে বয়োবৃদ্ধ সকল আজিও শিল পৰা কপৌৰ দৰে জঠৰ হৈ পৰে।
সেনাৰ অভিযান মানেই প্ৰতিটো গভীৰ ৰাতিত অৰণ্য ফালি-ছিৰি ওলাই আহে যৌৱনৰ কুমলীয়া থুৰি মেলা কিশোৰীহঁতৰ মৰণকাতৰ চিঞৰ। যিদৰে আহত হৰিণীৰ চিঞৰত বিদীৰ্ণ আকাশৰ মৰহা তৰাবোৰ মাটিলৈ খহি পৰে! বুকুত কঁপনি লৈ ন-কৈ ওপজা পোৱালী কেইটিক আলফুলকৈ বুকুত সাৱটি নিৰৱে চকুলো টোকে বাহৰ শোকাতুৰ চৰাইবোৰে!
ঠিক সেইদৰেই কলিজা ফাটি ছিৰাছিৰ হোৱা যাতনাত পোহৰৰ মুখ নাচাওঁ বুলি ঘৰে ঘৰে মানুহবোৰে লণ্ঠন,টিপচাকিবোৰ জোৰকৈ ফু মাৰি নুমুৱাই পেলায়। মুখলৈ ভাত নাযায়। মাত হেৰায়। উশাহ হেৰায়।
অভিযানৰ প্ৰতিটো দিনত সেনাৰ ছাউনীত বুটজোতাৰ গচকত হোলোকা-হোলোকে তেজ বতিয়াবলৈ ধৰে জীয়া জীয়া পাহুৱাল ডেকাবোৰে।
পুতেকৰ সম্ভেদ দিব নোৱাৰা বৃদ্ধই গুপ্তাংগত ইলেকট্ৰিক শ্বক্ লৈ সেনাৰ ছাউনীতে এৰি পেলায় অন্তিমটো উশাহ।
অভিযানৰ শেষত পৃথিৱীৰ মায়া-মোহ নুবুজা ফুকলীয়া সন্তানে বন্দুক-বেয়নেটৰ খোঁচ আৰু খুন্দাত ঠেতেলা খোৱা শৰীৰটোৰ সৈতে দেউতাকক শিৱিৰৰ পৰা সাঙী কৰি আনেগৈ। কোনো মঠ-মন্দিৰৰ দেৱালৰ প্ৰাণহীন মূৰ্তি যেন তভক লাগি পৰা আউল-বাউল চুলিৰে বুকুত চোলা-চাদৰ নথকা বোৱাৰীয়েকক বৃদ্ধা শাহুৱেকে শিৱিৰৰ পৰা উভতাই আনে ঘৰলৈ। সৈনিকে কুঁহিয়াৰৰ সিঠা কৰি পঠিওৱা পত্নীক গিৰিয়েকে গ্ৰহণ নকৰে। ঘৰ হেৰুওৱা এই নাৰীবোৰ এদিন চিৰদিনৰ বাবে অদৃশ্য হৈ পৰে পৃথিৱীৰ বুকুৰ পৰা।
ৰাতিপুৱা পদূলিবোৰত পৰি থাকে অকথ্য নিৰ্যাতনৰ বলি হোৱা দেহবোৰ। শিলৰ চপৰা একোটাৰ দৰে নিথৰ । কোনোৰ শৰীৰৰ হাড়বোৰ গুড়ি হৈ হাত-ভৰি ওলমি পৰা। কোনোৰ মুখৰ পৰা দাঁত সুলকি পৰা। কোনোৰ গচকত পিষ্ট হোৱা মগজু আৰু কলিজা। ফালি পেলোৱা যোনী। কামুৰি চিঙি পেলোৱা স্তন।
মৃতদেহবোৰক সাৱটি আপোনজনৰ হিয়া ফলা কান্দোন। কান্দোনত আকাশ কঁপে। মাটি কঁপে। পাহাৰৰ বুকুত ঠেকা খাই খাই উভতি আহে বাবে বাহিৰৰ পৃথিৱীয়ে এই অৰণ্যৰ কান্দোন শুনিবলৈ নাপায়।
আৰণ্যক মানুহৰ কান্দোনৰ মমাৰ্থ সকলোৱে বুজিব নুখোজে বাবেই আমাৰ চৰণ মাঝিয়ে এই বয়সতো পুৰণি ভগা চাইকেল খনৰ পেডেল মাৰি মাৰি গাওঁবোৰ ঘুৰি থাকে। সৱৰে মনৰ খবৰবোৰ লয়,নিজৰো মনৰ খবৰবোৰ সকলোকে বিলায়।
জীৱন গগৈৰ চকুহাল শেলুৱৈ ধৰা পিৰালিটোত থৰ লাগি ৰ’ল।
গোপাল মুণ্ডাহঁতৰ জীৱনৰ পৰা এটা ভয়বিহীন দিন বা ৰাতি পাৰ হোৱাৰ ইতিহাস আজিলৈ সৃষ্টি হোৱা নাই।
ভয়ৰ মাজতে চলি আছে জীৱনৰ গতি আৰু যুঁজ।
এই যুঁজ চলি আছে কণ্ঠেৰে,খোজেৰে, কাগজ-কলমেৰে আৰু কেতিয়াবা ধেনু-কাঁড়েৰেও ।
ৰৈ যোৱা নাই জীৱনক উদযাপন কৰা স্পৃহা।
এতিয়াও সকলোৱে মাদলৰ তালে তালে ঝুমুই গায় আৰু নাচে। বিহু, বাগৰুম্বা,গুমৰাগৰ দৰেই তাৰ ৰং,ৰস আৰু ছন্দ।
নিজৰেই মানুহবোৰৰ জীৱনৰ ওপৰেদি পাৰ হৈ যোৱা বীভৎস ইতিহাস শুনি শুনি প’ডিয়ামৰ পঁয়ষষ্ঠী বছৰীয়া বৃদ্ধা মাতৃৰ চকুহাল খং আৰু ঘৃণা এসোপাত ৰঙা চলচলিয়া হৈ পৰে। যেন এইমাত্ৰ কাৰোবাক সমস্ত ঘৃণা এসোপাৰে গৰকিহে পেলাব। মানুহজনী গোটেই জীৱনটো দপ্ দপকৈ জ্বলি থকা জুই একুৰাতে দহি থাকিল। নুমাওতা নাই। নিজেও কোনোদিন জুইকুৰাৰ পৰা মুক্ত হৈ ওলাই আহিব নোৱাৰিলে ।
ঘৰখনৰ আপত্তি আছিল। জাত-কুল নিমিলে। নক্সালবাড়িৰ নাম শুনিও ভয়তে চক্ খাই উঠিছিল মাক – দেউতাক। কিন্তু তেতিয়ালৈ তাইৰ নিজৰ প্ৰাণতকৈয়ো প্ৰিয় হৈ উঠিছিল কমৰেড,কমৰেডৰ আদৰ্শ। চকুত দগ্ মগাই উঠিছিল পদদলিত মানুহ এখিনিক মুক্ত কৰাৰ সপোনে। ভালপোৱাৰ অৰ্থ হৈ উঠিছিল বিপ্লৱ। বিপ্লৱৰ অৰ্থ হৈ উঠিছিল যুঁজ,আত্মত্যাগ আৰু শৃংখল চিঙাৰ ন ন ৰণকৌশল।
দুৰ্ভিক্ষত সৃষ্টি হোৱা লঘোণৰ লগত যুদ্ধক্ষেত্ৰত সহিব লগা লঘোণৰ যাতনা নিমিলে। মান্ৱীয়ে ইয়ালৈ আহি দুয়োবিধ লঘোণকে সহিবলৈ আৰু গ্ৰহণ কৰিবলৈ শিকিলে।
পাৰ্টিৰ কমৰেড সকল আহিলে কেতিয়াবা চাউল -পাচলি লৈ আহে। সিদিনা তাইৰ পেটৰ ভোকটোহে সম্পূৰ্ণকৈ পূৰণ কৰাৰ সুবিধা পায়।
প্ৰথমতে দুই-তিনিদিন, তাৰপিছত সপ্তাহ আৰু শেষত মাহ আৰু বছৰ। অকলেই ঘৰত এৰি থৈ যোৱা কমৰেডৰ মনৰ খবৰ তাই নোপোৱা হ’ল। একেলগে দলিত-পীড়িতৰ মুক্তিক আঁজুৰি আনিব খোজা সপোনটোত হঠাতে সাৰ পাই ভ্ৰমিত হৈ অবাক লাগি থকাৰ দৰেই আজীৱন ৰৈ গ’ল তাই।
মাওবাদী নেতাৰ জীৱনসংগী হোৱা মানেই সকলো প্ৰকাৰৰ অকথ্য,অমানুষিক অত্যাচাৰ আৰু দমন-পীড়ন সহিবলৈ শাৰীৰিক- মানসিক ভাৱে সাজু থকা। সঘনে আহি ঘৰ চলাথ কৰি থকা সেনাৰ লাঠী-গোৰ,যৌন উৎপীড়ন। কমৰেড সকলৰ দ্বাৰা অত্যাচাৰে সীমা চেৰালেও মুখ বন্ধ ৰখাৰ সঘন ভাবুকি।
গৰ্ভাশয়ত লহপহকৈ বাঢ়ি অহা সন্তানৰ দেউতাকৰ পৰিচয়ক লৈও মান্ৱীৰ মুৰৰ ওপৰেদি হিচাপবিহীন ধুমুহা পাৰ হৈ গ’ল।
খং উঠে তাইৰ। সৎকাৰ কৰিব নোৱাৰাকৈ নিজকে পৰিচয় বিহীন কৰি থৈ যোৱা প’ডিয়ামৰ দেউতাকলৈ। কেতিয়াবা প’ডিয়ামৰ দেউতাকৰ সৰ্বশৰীৰ গুলীৰে ফুটা কৰি গভীৰ অৰণ্যত পেলাই থৈ যোৱা সেনাকেইটালৈ।
বছৰৰ পাছত বছৰ ধৰি মান্ৱী এনেকৈয়ে মৌন হৈ ৰৈ আছে। বুকুৰ মাজত এসোপা খং লৈ। ঘৃণা লৈ।
একে টুকুৰাই নুশুকুওৱা কেঁচা ঘা মান্ৱী অথবা মালতী দাদীৰ।
একেখিনিয়েই দুখ আৰু ক্ষোভৰ ঘাম গোপাল মুণ্ডা অথবা চৰণ মাঝিৰ।
তেজ দিম, মাটি নিদিওঁ!
জান দেংগে’, জমীন নহী! – একেখিনিয়েই বুকুৰ হুমূনিয়াহ অৰণ্য অথবা গাওঁ এৰি ক’লৈকো যাব নোখোজা মানুহখিনিৰ।
বছৰৰ প্ৰথমটো দিনতে ছমহীয়া কেঁচুৱাৰ তেজেৰে ৰাঙলী হোৱা একেখন দেশ একেখনেই দেশৰে মাটি।
গোপাল মুণ্ডাহঁতৰ অঞ্চলত প্ৰতি সাতো গৰাকী ব্যক্তিৰ বিপৰীতে ছাঁৰ দৰে থিয় দি আছে তিনিগৰাকীকৈ অৰ্দ্ধ সামৰিক সেনা। ৰাস্তাবোৰত কোনো মানুহৰ হাই-হুৰুমি নাই। দোকান-পোহাৰ নাই। আছে শিল, কয়লা, কটাগছ কঢ়িয়াই নিয়া বৃহৎ আকাৰৰ ট্ৰাকবোৰ আৰু মিলিটেৰীৰ বাহনবোৰৰ শব্দ। মানুহবোৰৰ মনৰ পৰা ঈশ্বৰ বিশ্বাস কেতিয়াবাই উৰিল যদিও গেৰুৱা বসনত পোত যোৱা চৰকাৰে ঠায়ে ঠায়ে বিলাই দিছে অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ উন্মাদনা।
ভৰিৰ তলৰ মাটি হেৰুওৱা মানুহবোৰৰ ঈশ্বৰ বহি আছে মছনদত। এই ঈশ্বৰক মাটি লাগে, কয়লা লাগে, অৰণ্য লাগে। এই ঈশ্বৰক কেঁচা তেজ পান কৰিবলৈ লাগে আৰণ্যক মানুহবোৰৰ।
– “প্ৰতিবাদ কৰিছে?”
– “কিয় নকৰিম! কেৱল প্ৰতিবাদ নহয়, প্ৰত্যুত্তৰো।”
মাদলৰ চেৱত একেলগে নাচি উঠে গোপাল মুণ্ডাৰ মন আৰু দেহ…
“গাঁও চৰৱ নহী
জংগল চৰৱ নহী
মাই-মাটি চৰৱ নহী
লড়াই চৰৱ নহী।”
বেলিৰ পোহৰ এচমকা পৰি চকু-মুখ উজ্বলি উঠা জীৱন গগৈৰ মনৰ ভিতৰতো গানৰ কলি এটাৰ গুণগুণনি উঠিল –
“ৰাইজে এক হ’লে কোনে বলে পাৰে
ৰাইজে বল দিলে পাহাৰ খহি পৰে।”
অৰণ্যক বচাবলৈ কাহিলীপুৱাতে মানুহবোৰ সাজু হ’ল। সাংস্কৃতিক দলটোৱে বৈপ্লৱিক গীতৰ আখৰা কৰিলে । এখিনিয়ে নিজৰ মাজতে আকৌ এবাৰ কথাখিনি আলোচনা কৰি ল’লে। পাকঘৰৰ কৰ্তব্যত থকা মানুহবোৰে খাদ্য প্রস্তুত কৰি সকলোকে খোৱালে, নিজেও খালে।
পেটৰ ভোক হেৰাইছে। কিন্তু জীয়াবলৈ যে খাব লাগিব। যুঁজিবলৈকে যে জীয়াই থাকিব লাগিব। বল শৰীৰতো লাগিব,মনতো।
কোনো এক আদিম যুগৰ স্বাক্ষৰ বহন কৰি ৰখাৰ দৰে জহ যোৱা ভগ্নপ্ৰায় পঁজাবোৰৰ মাজেদি চৰকাৰে গঢ়া অনেক কংক্ৰিটৰ পথ। জনকল্যাণৰ বিপৰীত এই পথৰ ওপৰেৰে মানুহবোৰে খোজৰ গতি বঢ়াই দিলে। আজি যুঁজিব আৰু যুঁজি জিকিবই ।
দেশৰ প্ৰান্তে প্ৰান্তে অপাৰেশ্যন। বজৰং,ৰাইনো, গ্রীণ হাণ্ট! অপাৰেশ্যনৰ নামেৰে বাঢ়ি যোৱা নৃশংস ৰাষ্ট্ৰ দমনৰ বিৰুদ্ধে বছৰ বছৰ ধৰি চলি অহা সংগ্ৰাম আৰু প্ৰতিৰোধৰ কচৰতে মানু্হখিনিক পাগত উঠা তীখাৰ দৰে কৰি তুলিছে।
এতিয়া এই মানুহখিনিৰ ওপৰত ‘অপাৰেশ্যন সমাধান প্ৰহৰ’।
জল-জমীন-জঙ্গলক লালন-পালন কৰি থকা মানুহখিনিক পুলিয়ে-পোখাই উভালি পেলাবলৈকে এতিয়া ‘অপাৰেশ্যন সমাধান প্ৰহৰ’।
খোপাত মহুৱা ফুল পিন্ধি খৰি লুৰিবলৈ যোৱা তিৰোতা বোৰৰ শৰীৰবোৰ নেফানেফ কৰি পেলাবলৈকে ‘অপাৰেশ্যন সমাধান প্ৰহৰ’।
আকাশী যানেৰে বোমা দলিয়াই জীৱন্তে গাওঁবোৰ পুৰি ছাই কৰি পেলাবলৈকে ‘অপাৰেশ্যন সমাধান প্ৰহৰ’।
লচমীৰ ছয়মহীয়া কেচুৱাঁটো গুলীৰে ফুটা কৰি পেলোৱা নিষ্ঠুৰ, নৃশংস দৈত্যটোৰ নামেই ‘অপাৰেশ্যন সমাধান প্ৰহৰ’।
প্ৰতি গৰাহ ভাত মুখলৈ নিওতে মানুহবোৰৰ হাতত কঁপনি উঠে। সমুখৰ ভাতৰ থালিৰ এগৰাহ মুখলৈ নিওঁতেই গুৰিয়াই-ভুকুৱাই কিমানক ঘৰৰ মজিয়াৰ পৰা টানি চোঁচৰাই লৈ যোৱা হৈছে তাৰ এতিয়ালৈকে হিচাপ নাই।
টেৰ’ৰিষ্টক পোহ দিয়াৰ অপৰাধ! ঘৰৰ ল’ৰাটো টেৰ’ৰিষ্ট হৈ যোৱাৰ অপৰাধ!
এই অপৰাধৰ ভাগীদাৰ হ’ব লগা হয় ঘৰখনত ৰৈ যোৱা মানুহবোৰ। ক’তো ওলাই যাব নোৱাৰে। যাব নোৱাৰে কিবা আনিবলৈ বা বিলাবলৈ। প্ৰশাসনৰ কাঢ়া নজৰত বন্দী হৈ থাকিব লগা হয় ওৰেটো জীৱন –
আধাপেটী, আধালঘোণ।
আধা স্বপ্ন, আধা দিঠক।
আধা জীয়া,আধা মৃত।
মানুহবোৰ শাৰী পাতি আগবাঢ়িছে, কোনেও কাৰো বাট কাটিব খোজা নাই আৰু কোনেও ইজনে সিজনক ঠেলি দিয়া নাই। কেইবাশ লোকেৰে মিলিত পদযাত্ৰা। শৃংখলাবদ্ধ। শান্তিপূৰ্ণ। যেন দীঘল নিচিঙা সূতা এডাল।
এনেকৈ প্ৰতিবাদত অংশগ্ৰহণ কৰা লোকৰ সঠিক সংখ্যা ৰখাটো ইমান সহজ নহয়। কিন্তু দীৰ্ঘদিনীয়া প্ৰতিৰোধ সংগ্ৰামে তেওঁলোকৰ সংঘবদ্ধতাক সকলো দিশৰ পৰা শৃংখল আৰু মজবুত কৰি তুলিছে। প্ৰতিখন গাঁৱৰ মুৰব্বীৰ পৰা কাৰ্যসূচীত কোন আৰু কিমান লোক উপস্থিত থাকিব সেই বিষয়ে আগতীয়া তথ্য ঠিক কৰিছে যাতে কোনো দুর্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হ’লে যেনে গ্ৰেপ্তাৰ বা আটক কৰাৰ পৰিঘটনা সংঘটিত হ’লে নিখুঁত তথ্য নিজৰ হাতত থাকে।
লাল চালাম কমৰেড!
বিপ্লৱ দীৰ্ঘজীৱি হওক!
ছহীদক সন্মান যাঁচিবলৈ দলটো খন্তেক সময় আধা ৰাস্তাতে পোৱা স্মৃতিসৌধ এটাৰ সমুখত ৰ’ল। পাঁচটা স্মৃতি বেদীৰ এটাত নামৰ ফলক নাই। অৰণ্যৰ ৰক্ষাৰ দাবীত প্ৰতিবাদ কৰিবলৈ ওলাই অহা মাকৰ গৰ্ভ ফাটি ভূমিলৈ চিটিকি পৰা শিশুটিয়ে নাম এটা নোলোৱাকৈ পৃথিৱী এৰিলে। মাকৰ কাষতে শিশুটিকো স্বতন্ত্ৰ আসন এখন দি চিৰদিনৰ বাবে শুৱাই দিয়া হৈছে।
ইমানবোৰ গাঁৱক একলগ কৰাই এনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা সকলোৰে পক্ষে সহজ নহয়। কিন্তু চুচান, আঁচল, অৰিন্দম, সূৰুজময়ীহঁতে ইয়াক সহজ কৰি তুলিবলৈ সক্ষম হৈছে। জণগনক একত্ৰিত কৰিব পৰাকৈ, সুশৃংখল ৰূপত পৰিচালিত কৰিব পৰাকৈ সিহঁত নতুন কেইটাই দীৰ্ঘ দিন ধৰি চলাই আহিছে অনুশীলন । পদ্ধতিগত পঢ়া-শুনা খিনিৰ উপৰিও জণগনৰ মাজৰে এজন হৈ সিহঁতে অশেষ কষ্টকৰ সাধনাত নিজকে উৎসৰ্গিত কৰিছে।
প্ৰতিবাদী সমদলটো শিবিৰ অভিমুখে গৈ থাকিল।
‘জান ডেংগে পৰ জমীন নহী’ , জান ডেংগে পৰ জংগল নহী’
‘ইধৰ সে পুলিচ কেম্প খালী কৰো’,
‘ নৰসনহাৰ বন্দ কৰো”
‘জংগল পে ড্রোন হামলে বন্দ কৰো’!
সমদলটো শিবিৰ স্থানত উপস্থিত হোৱাৰ লগে-লগে বেৰিকেড লগোৱা হ’ল । হেজাৰৰো অধিক সেনাই যেন বিদেশী শত্ৰুৰ বিৰুদ্ধেহে সশস্ত্ৰ যুঁজিবলৈ সাজু হৈছে! আগুৱাই যাব নোৱাৰি সমদলটো তাতেই বহিলৈ শ্লোগান জুৰি থাকিল।
কেৱল শ্লোগান। হাতত বন্দুক-বাৰুদ নাই। তীৰ-ধনু নাই। লাঠী-জোং নাই।
কেৱল শ্লোগানৰ বৰ্ষণ।
মেহনতী জনতাৰ কলিজা ফালি ওলাই অহা এই শ্লোগানবোৰ যেন অসংখ্য ৰঙা ফিৰিঙতি উফৰি পৰা একুৰা তপত জুই ! এচোতাল টিক্ টিকিয়া তেজবৰণীয়া ৰ’দ! হৃদয়ে হৃদয়ে ফুলিব ধৰা একোথোপা ৰঙা শিমলু ফুল!
‘জান ডেংগে পৰ জমিন নহী!’
‘জান ডেংগে পৰ জংগল নহী’!
বনবিভাগে শিৱিৰ উঠাই দিয়াৰ প্ৰতিশ্ৰুতি দিব নোৱাৰে! অৰণ্য উদং কৰি গছবোৰ কাটি নিয়া কাৰ্যও বন্ধ কৰিব নোৱাৰে! বন্ধ কৰিব নোৱাৰে পাহাৰবোৰৰ খনন!
মূৰৰ ওপৰত দুপৰৰ পকা বেলিৰ তাপ লৈ জনগণো অটল, আঁকোৰগোজ। সমাধানবিহীন উত্তৰ লৈ অহাবাটে উভতিব নোখোজে।
গছ বোজাই কৰি থোৱা অসংখ্য ট্ৰাক পুৱাৰে পৰা চহৰমুখী হ’বলৈ লানি পাতি আছিল। সেয়েহে বেলি নানামোতেই বাটৰ ভেটা ভাঙিবলৈ শ্লোগান বৰষি থকা মানু্হখিনিলৈ গুলীভৰ্তি বন্দুকবোৰ টোঁৱাই লোৱা হ’ল ।
মৰণকাতৰ চিঞৰ,মৰণকাতৰ ক্ৰন্দন।
অবিৰাম গুলীৰ শব্দক তল পেলাই পাহাৰৰ বুকুত ঠেকা খাই খাই ঘূৰি থাকিল শ শ মানুহৰ মৰণক নেওচা শ্লোগানবোৰ ।
ঘৰলৈ উলটি অহাৰ আগত ভাঙি-চিঙি তচনচ হৈ যোৱা শিৱিৰবোৰৰ মাটিত মানুহবোৰে ৰঙা পতাকা আৰু প্লেকাৰ্ড, পোষ্টাৰবোৰ গুঁজি থৈ আহিল।
পাহাৰৰ বুকুৱেদি বেলিটো ঢলিবলৈ আৰম্ভ কৰিলেই
গোপাল মুণ্ডাৰ খৰখেদা লাগে। হাতেৰে চিলাই লোৱা খাদী সূতাৰ মোনাখনত বেটুপাতৰ ৰং মচ খোৱা পুৰণি নোটবুক খন ভৰাই লৈ ঘৰৰ পৰা ওলাই যায়। এই মুহূৰ্ত্তলৈ শ্বহীদৰ ইতিহাসৰ পাতত লচমীৰ ছয়মহীয়া কেঁচুৱাটোৱেই হ’ব অন্তিমটো নাম।
গোপাল মুণ্ডাহঁতৰ খবৰবোৰ শুনি বৰদেউতা দুখত যিমান কাতৰ হ’ল তাতকৈ বেছি উৎসাহিত হ’ল। তেওঁৰ চকুহালত আৰম্ভ হ’ল ৰঙা পতাকাৰ দোলন।
সত্তৰোৰ্দ্ধৰ জীৱন গগৈৰ গাল-মুখ তেজগোৰা হ’ল। মুহূৰ্ততে জীৱন গগৈ যেন এটা ৰঙা জিঞা হৈ পৰিল। মুকলি আকাশৰ শূন্যতাত আপোনমনে মেলি দিছে তাৰ ৰঙা পাখি দুখন। উৰি আছে, উৰি আছে আৰু উৰিয়ে আছে !
চাৰিওফালে ৰঙা আৰু ৰঙা ! ৰঙা পাখিৰে ৰাঙল হোৱা আকাশ!
আমি ওপৰলৈ মূৰ তুলি অবাক লাগি চাই ৰ’লোঁ!
অবাক লাগি শুনিবলৈ ধৰিলোঁ ৰঙা পাখিয়ে বতাহ ফালি আগুৱাই গৈ থকাৰ শব্দ!