নিউট্রাচিউটিকেল : এটি প্রাৰম্ভিক আলোচনা – (সুদেষ্ণা বৰুৱা)
আৰম্ভণিৰ কথা
আমি সকলোৱে জানো যে মানুহে দৈনন্দিন জীৱনত গ্রহণ কৰা খাদ্যসমূহে মানৱ-দেহত শৰ্কৰা, প্র’টিন, চৰ্বি, খাদ্যপ্রাণ, খনিজ লৱণ আদিৰ যোগান ধৰে। আহাৰত এইসমূহ উপাদানৰ সন্তুলিত উপস্থিতি যে মানৱ-শৰীৰৰ যথাযথ পৰিপুষ্টিৰ বাবে অপৰিহাৰ্য সেই কথাটোও সৰ্বজনবিদিত। তেনেবোৰ খাদ্য-উপাদানৰ গুণাগুণৰ কথা বহুলভাৱে চৰ্চিত। সম্প্রতি তেনেবোৰ খাদ্য-উপাদানৰ উপৰিও, অন্য একধৰণৰ বিশেষ গুণসম্পন্ন খাদ্য-উপাদানৰ সন্দৰ্ভত একাংশ বিজ্ঞানী গভীৰ চিন্তা-চৰ্চা আৰু গৱেষণাত নিমগ্ন হৈ আছে। এই সংক্রান্তত উদ্ঘাটন হোৱা বিপুল তথ্য-পাতিয়ে পৰিপুষ্টি-বিজ্ঞানৰ ক্ষেত্রত উন্মোচন কৰিছে নতুন দিগন্তৰ। তেনে খাদ্য-উপাদানসমূহে মানৱ-শৰীৰত পৰিপুষ্টি সাধন কৰাৰ উপৰিও অন্য এটা বিশেষ দিশত অৰিহণা যোগায়। সেই বিশেষ দিশটো হ’ল, তেনে উপাদানসমূহে মানুহৰ ৰোগ নিৰাময় কৰাতো এটা নিৰ্ণায়ক ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হয়।

১৯৮৯ চনত পুষ্টি আৰু ঔষধি গুণসম্পন্ন তেনে উপাদানসমূহক নিউট্রাচিউটিকেল (Nutraceutical) বুলি অভিহিত কৰিছিল “ফাউণ্ডেচন্ ফৰ্ ইন’ভেনচন্ ইন্ মেডিচিন্” নামৰ সংস্থাটোৰ প্রতিষ্ঠাপক ষ্টিফেন্ ডিফেলিছে (Stephen L DeFelice)। সহজ ভাষাত ক’বলৈ গ’লে, নিউট্রাচিউটিকেলসমূহ হ’ল সেইবোৰ খাদ্য বা খাদ্যৰ উপাদান যিসমূহ পুষ্টিকাৰক হোৱাৰ উপৰিও সেইবোৰৰ মাজত ঔষধি গুণাগুণ বিদ্যমান ; অৰ্থাৎ, নিউট্রাচিউটিকেলসমূহ মানুহৰ ৰোগ নিৰাময় কৰিবলৈও সক্ষম। এইটোৱেই হৈছে নিউট্রাচিউটিকেলসমূহৰ মাজত থকা ওপৰঞ্চি গুণ। নানান উপকাৰী বেক্টেৰিয়া, মিনাৰেল, পাচক এনজাইম, ফাইবাৰ, প্রাকৃতিক এন্টিঅক্সিডেন্ট, উপকাৰী ফেটি এচিড (যেনে, ওমেগা-৩ ফেটি এচিড), চাহৰ ফিন’ল, কেৰাটিনইড ইত্যাদি সকলোবোৰকেই সাধাৰণভাৱে নিউট্রাচিউটিকেল গোটত অন্তৰ্ভুক্ত কৰা হয়।
উল্লেখ কৰি আহিছোঁ যে নিউট্রাচিউটিকেলৰ সন্দৰ্ভত একাংশ বিজ্ঞানী বহুতো উচ্চ পৰ্যায়ৰ পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণাত নিমগ্ন হৈ আছে। তেনে গৱেষণাই প্রাকৃতিক খাদ্যৰপৰা নিউট্রাচিউটিকেলসমূহক নিষ্কাশন কৰাটো সম্ভৱ কৰি তুলিছে। তাৰ ফলত, নিষ্কাশিত নিউট্রাচিউটিকেলবোৰ টেবলেট কিম্বা তৰল হিচাপে সহজলভ্য হৈ খাদ্যৰ পৰিশিষ্টৰূপে বহুজনৰ খাদ্যাভাসত অন্তৰ্ভুক্ত হৈ পৰিছে। এই নিউট্রাচিউটিকেলসমূহক মূলতঃ তিনিটা ভাগত ভাগ কৰা হয়। প্রথম ভাগটোক কোৱা হয় কাৰ্যকৰী খাদ্য (Functional food)। দ্বিতীয় ভাগটো হ’ল কাৰ্যকৰী পেয় (Functional beverage)। তৃতীয় ভাগটো হৈছে খনিজ পৰিশিষ্ট (Mineral supplement)।
বৰ্তমান যুগত চিকিৎসা-বিজ্ঞানৰ অগ্রগতি যিদৰে ত্বৰাণ্বিত হৈ আহিছে, তেনেদৰেই বাঢ়ি আহিছে মানুহৰ স্বাস্থ্যৰ প্রতি সজাগতা। তাৰ ফলত স্বাস্থ্যখণ্ডৰ অন্যান্য দিশৰ দৰেই নিউট্রাচিউটিকেলৰ সন্দৰ্ভত বৈজ্ঞানিক গৱেষণা আৰু তৎজনিত বাণিজ্যিক দিশটোৱে অত্যধিক গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে। সম্প্রতি ৰক্তপ্রবাহী সিৰা-উপসিৰাবোৰত চৰ্বি জমা হোৱা উপসৰ্গ (Atherosclerosis), কৰ্কট (Cancer) আদিত আক্রান্ত ৰোগীৰ ক্ষেত্রত এই নিউট্রাচিউটিকেলসমূহৰ ইতিবাচক গুণৰ কথা আলোচিত হৈছে। এইক্ষেত্রত ভালেমান উদ্যান-শস্য, বিশেষকৈ নানান ফলমূল আৰু শাক-পাচলি বিভিন্ন নিউট্রাচিউটিকেল, ভিটামিন-চি, বিটা কেৰ’টিন, পটাছিয়াম, বিভিন্ন পলিফিনল, ফাইবাৰ ইত্যাদিৰ গুৰুত্বপূৰ্ণ উৎসৰূপে পৰিগণিত হৈ পৰিছে। উদাহৰণস্বৰূপে, আঙুৰ, নেমুজাতীয় ফল (Citrus) আৰু অনাৰসৰ ৰস, মছলাজাত সামগ্রীত থকা ৰোগ নিৰাময়ৰ ক্ষমতাযুক্ত উদ্ভিদ-ৰসায়ন, আলংকাৰিক উদ্ভিদৰ ভক্ষণীয় ফুলৰ ৰোগ নিৰাময়কাৰী ক্ষমতা আদিয়ে উদ্যান-শস্যক এইক্ষেত্রত বিশেষ গুৰুত্ব প্রদান কৰিছে।
নিউট্রাচিউটিকেল আৰু উদ্যান শস্য : কেইটিমান উদাহৰণ
এন্টিঅক্সিডেন্ট (Antioxidants)

লাইক’পিন (Lycopene)-ৰ প্রধান উৎসৰ ভিতৰত বিলাহী, গুলপীয়া বা ৰঙচুৱা ৰঙৰ ৰবাব টেঙা আৰু তৰ্মুজেই অন্যতম। আনহাতেদি, গাজৰ, মিঠাআলু, স্কোৱাচ্, ব্রক’লি, পালেং, এপ্রিক’ট, নৰাবগৰী আদি হ’ল বিটা-কেৰাটিনৰ সমৃদ্ধ উৎস। সেউজীয়া শাক-পাচলি, কমলা টেঙা, মৌচাম্বী আদি হ’ল লিউটিন (Lutein) আৰু জিয়াজেন্থিন্ (Zeazanthin)-ৰ উৎস। নেমুজাতীয় ফলসমূহত থকা এন্টিঅক্সিডেন্টৰ নাম হ’ল হেছপেৰিডিন্ (Hesperidin); ঠিক তেনেদৰে অন্য কিছুমান এন্টিঅক্সিডেন্টৰ নাম সেইবোৰৰ উৎসৰ সৈতে তলত দিয়া হৈছে।
- কোৱেৰচিটিন (Quercetin) : পিয়াঁজ, আপেল, ৰঙচুৱা আঙুৰ, ব্র’ক’লি।
● ছেলেনিয়াম (Selenium) : বাদামজাত ফল, পিয়াঁজ, নহৰু।
● ভিটামিন চি (Vitamin C) : নেমুজাতীয় ফল, ষ্ট্র’বেৰি, কিৱি ফল, বিলাহী, ব্রক’লি, সেউজীয়া শাক-পাচলি ইত্যাদি। - ভিটামিন ই (Vitamin E) : বাদাম, নানান ফল, শাক-পাচলি।

অন্যান্য এন্টিঅক্সিডেন্টৰ ভিতৰত চাহৰ পলিফিনলো অন্যতম। শৰীৰৰ বিভিন্ন বিপাকীয় ক্রিয়াত এবিধ অতি ক্ষতিকাৰক মূলকৰ উদ্ভৱ হয়। এইটো হৈছে কিছুমান একক আৰু স্বাধীন অক্সিজেনৰ অণু। এই বিশেষধৰণৰ অক্সিজেনৰ অণুৱে ডি.এন.এ (DNA) আৰু অন্যান্য আনুবংশিক সামগ্রীবোৰক ক্ষতিগ্রস্ত কৰিব পাৰে। এন্টিঅক্সিডেন্টবোৰ তেনে হানিকাৰক একক আৰু স্বাধীন অক্সিজেনৰ অণুবোকৰ নিষ্ক্ৰিয় কৰি কৰ্কট ৰোগ, হাৰ্টৰ বিসংগতি আদিৰ আগ্রাসনক বাধা গিয়ে।
বিভিন্ন শাৰীৰিক অসুখৰ বিৰুদ্ধে কিছুমান নিউট্রাচিউটিকেল
- ● হৃদৰোগ বা বিভিন্ন কাৰ্ডিঅ’ভাছকুলাৰ অসুখ নিবাৰণৰ বাবে এন্টিঅক্সিডেন্ট, ভিটামিন, ফাইবাৰ, মিনাৰেল আদি প্রয়োজনীয়।
- ● আঙুৰত থকা পলিফিনলে বিভিন্ন ধমনীয় ৰোগৰ (Arterial disorder) নিৰাময় কৰিব পাৰে।
- ● পিয়াঁজ, পাচলি, আঙুৰ, আপেল আদিত থকা ফ্লেভেনইড্চে তেজ আৰু বায়ু চলাচল কৰা ক্ষুদ্র সিৰাবিন্যাসবোৰ সবল কৰি তোলাৰ লগতে সেইসমূহত অত্যাৱশ্যকীয় পুষ্টিৰ যোগান ধৰে।
- ● ইথাইল এষ্টাৰ, লিপইক এচিড, ফাইবাৰ আদিয়ে ডায়েবিটিছ ৰোগীৰ স্বাস্থ্যত ইতিবাচক প্রভাৱ বিস্তাৰ কৰে।
- ● ইফেড্রিন (Ephedrine), কেফেইন, গ্রিন টি, গ্লোক’মেনন (Glucomannon), কাইট’জেন (Chitosan), মিথি (Fenugreek), ভিটামিন চি, পেপচাইচিন্, তিতা কেৰেলাৰ ৰস, ঔটেঙাত থকা হাইড্র’ক্সি চাইট্রিক এচিড আদিৰ মেদবহুলতা কমোৱাৰ ক্ষমতা আছে।
- ● এছট্র’জেনজনিত (Estrogen induced) কৰ্কট ৰোগ নিবাৰণৰ বাবে ফ্লেভেনইড্চ্ উপকাৰী। হালধিত থকা কুৰকুমিন (Curcumin); বিলাহীত থকা লাইক’পিন ; মটৰ, ছয়াবিন, পালেং, বিলাহী, আলু আদিত থকা চেপ’নিনৰো কেন্সাৰ আৰু টিউমাৰ প্রতিৰোধী ক্ষমতা আছে।
- ● বিটা কেৰাটিন, কুৰকুমিন, লিউটিন, লাইক’পিন আদিয়ে স্নায়ুজনিত বিসংগতি, যেনে এলজাইমাৰ ৰোগৰ ক্ষেত্রত বিশেষ উপকাৰিতা দিবলৈ সক্ষম।
- ● আম, মিঠাআলু, গাজৰ, স্কোৱাচ, বিলাহী, সেউজীয়া শাক-পাচলিত থকা লিউটিন দৃষ্টিশক্তিৰ সৈতে সম্পৰ্কিত অসুখ নিৰাময়ত অতি কাৰ্যকৰী। তদুপৰি, জিয়াজেন্থিন্ নামৰ উপাদানটি দৃষ্টি-সমন্ধীয় বিকাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। এইবধ নিউট্রাচিউটিকেলৰ উৎস হৈছে ব্রক’লি, ফ্রেন্সবিন, সেউজীয়া মটৰ, বন্ধাকবি, পালেং, লেটুচ, কিৱি আদি।
নিউট্রাচিউটিকেল : কেইটিমান বিশেষ ফল
- ● কল : কল মূলতঃ ভিটামিন বি আৰু চি, পটাছিয়াম আদিৰ উৎস। কলত থকা ভিটামিন বি-৬ (Vitamin B6)-এ শৰীৰত চেৰটনিন্ৰ সংশ্লেষণত সহায় কৰে। এই চেৰটনিনে মানসিক উদাসীনতা বা বিষাদগ্রস্ততাৰ (Depression) আশংকা হ্রাস কৰে। শুবলৈ যোৱাৰ আগতে এটা কল খালে বিষাদগ্রস্ত লোকৰ নিদ্রাহীনতা দূৰ হয়।
- ● আনাৰস : আনাৰসত থকা এবিধ প্র’টিন অপঘটনকাৰী এনজাইম থাকে। নাম, ব্রমেলিন। এইবিধ এনজাইমে মানুহৰ শৰীৰত গেছট্র’ইন্টেছটাইনেল (Gastrointestinal) উপকাৰিতা যোগায়।
- ● নেমুজাতীয় ফল : ভিটামিন চি, বিভিন্ন ফ্লেভেন’ইড্চ্ (যেনে, হেচ্পিৰিডিন, নিয়’হেচ্পিৰিডিন, নাৰিঞ্জিন, অউৰান্টামাৰিন, টেঞ্জেৰিন আদি)ৰ কৰ্কট ৰোগ, হৃদৰোগ প্রতিৰোধী ক্ষমতা আছে।
- ● আম : আমত থকা এন্টিঅক্সিডেন্টে (মেংগিফেৰিন) হদৰোগ আৰু মূত্রসমন্ধীয় বিসংগতিত বলবৰ্ধক (Tonic) হিচাপে কাম কৰে।
- ● আমলখি : আমলখিত থকা এন্টিঅক্সিডেন্ট ইমব্লিকেচিন যকৃতৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
সামৰণি
নিউট্রাচিউটিকেলৰ বাণিজ্যিক গুৰুত্ব অপৰিসীম। ইতিমধ্যেই নানান প্রাকৃতিক উৎসৰপৰা বিভিন্ন উপকাৰী নিউট্রাচিউটিকেলসমূহক নিষ্কাশন কৰিব পৰাৰ উন্নত পদ্ধতি আৱিষ্কৃত হৈছে। সেইবোৰ সহজতে টেবলেট অথবা তৰলীকৃত ঔষধৰ ৰূপত প্রস্তুত কৰি বিশ্বৰ বিভিন্ন স্থানৰ গ্রাহকৰ মাজত বিতৰণৰ বাবে বিভিন্ন ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় কোম্পানিবোৰে অহৰহ প্রচেষ্টা চলাই আহিছে। প্রধান উদ্যান শস্যসমূহৰ উপৰিও স্থানীয় বহুতো ফল-মূল, শাক-পাচলিবোৰো অন্যান্য বহুতো নিউট্রাচিউটিকেলৰ উৎস হ’ব পাৰে; তেনেক্ষেত্রত দেশ-বিদেশে থকা গৱেষণাগাৰবোৰে স্থানীয়ভাৱে অন্বেষণ আৰু পৰ্যবেক্ষণ কৰি এই বিভাগত অধিক লেখত ল’বলগীয়া যোগদান আগ বঢ়াব পাৰে।