অস্তিত্ব ।। মূল: সৰবজীৎ সিং বেল; অনুবাদ: ৰুমা অধিকাৰী
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
মন্দিৰৰ আগতে মছজিদ আছিল
মছজিদৰ আগতে মন্দিৰ আছিল
সেই মন্দিৰৰ আগতে কি আছিল?
হয়তো বা এখন পাহাৰ আছিল
হয়তো বা তাত এখন পথাৰ আছিল
ধান নতুবা গমৰ
সকলোৰে সম্পৰ্ক আছিল পেটৰ ভোকৰ স’তে
ভোকে কোনো ধৰ্ম নামানে।
সেই পথাৰ কোন কাহানিবাই বেদখল হৈ গৈছে
সেই পথাৰখনৰ বাবে কোনে যুঁজ দিব?
সেই পথাৰৰো আগতে কি আছিল?
আল্লাহ-ৰামৰ নামৰো আগতে
কাবা-কাশী ধামৰো আগতে
ৰাম-ৰাম অভিবাদনৰো আগতে
হয়তো ঘন অৰণ্য আছিল
অৰণ্যত সকলো বৰেণ্য আছিল
আদম তেতিয়াও মানুহ হোৱা নাছিল
তেতিয়াও তেওঁ জুই জ্বলাবলৈ শিকা নাছিল
জুইৰ কোনো ধৰ্ম নাই।
সেই অৰণ্য পুৰি ছাঁই হৈ গৈছে
সেই অৰণ্যৰ বাবে কোনে যুঁজ দিব?
অৰণ্যৰো আগতে কি আছিল
শনশন শব্দেৰে গতি কৰা ব্ৰহ্মাণ্ড আছিল
চৌদিশে মাথোঁ ধোঁৱা আৰু ধোঁৱা আছিল।
তুমি নো ক’ত আছিলা, ময়েই বা ক’ত আছিলোঁ
ওহো কোনো হিন্দুও নাছিল, কোনো মুছলমানো নাছিল।
ক’তো কাৰো অস্তিত্বই নাছিল
অস্তিত্বহীনতাৰ কোনো ধৰ্ম নাছিল
সেই ব্ৰহ্মাণ্ড এতিয়া মন্দিৰ-মছজিদ হৈছে
সেই ব্ৰহ্মাণ্ডখনৰবাবে
কোনে যুঁজ দিব?

