কেন্দ্ৰীয় নিবন্ধনিবন্ধ

নৈতিকতা, সমাজ আৰু অৰ্থনীতি ।। বিস্ময় দাস

মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

ছাত্ৰ অৱস্থাত অনাহুত অভিজ্ঞতা এটাৰ সন্মুখীন হৈছিলোঁ। এনেকুৱা নহয় যে অকল সেয়াই আছিল এতিয়ালৈকে লাভ কৰা একমাত্ৰ অনাহুত অভিজ্ঞতা। জীৱনত বহুবাৰ এনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ। কিন্তু ছাত্ৰ অৱস্থাৰ সেই অভিজ্ঞতাটোৰেই পাতনি মেলিব লৈছো। অভিজ্ঞতাটো আছিল এনেকুৱা— এদিন বন্ধুবৰ্গৰ সৈতে খানা খাম বুলি কিছু বস্তু কিনিম বুলি এজন বন্ধুৰ সৈতে বজাৰলৈ গৈছিলোঁ। সেয়া আজিৰ পৰা প্ৰায় পঁচিশ বছৰৰ আগৰ কথা। এখন দোকানৰ পৰা নিমখ এপোৱা কিনি লৈ দোকানৰ পৰা উভতিছোঁ, সেই সময়ত পেকেট নিমখ নাছিল। নিমখ কিনি ওভতাৰ পাছ মুহূৰ্ততে হঠাতে “নিমখ পোৱা” হাতত লৈ থাকোঁতে অনুভৱ হ’ল টোপোলাটোত নিমখ হিচাপতকৈ কম আছে। বন্ধুক কথাটো ক’লোঁ। এনেয়ে সেই সময়ৰ পৰাই প্ৰতিবাদী সত্তা এটি মনৰ মাজত গঢ় লৈ উঠিবলৈ লৈছিল। বন্ধুক লৈ দোকানৰখনলৈ উভতিলোঁ। দোকানীজনক ক’লোঁ, ‘জোখা নিমখখিনি, সঁচাকৈয়ে এপোৱা নিমখ আছেনে আমি এবাৰ চাব খোজোঁ’! দোকানীজনে প্ৰথমে থেৰো গেৰো কৰি জুখিব খোজা নাছিল যদিও আমি জোৰ দি ধৰাত জুখিবলৈ বাধ্য হ’ল। দেখা গ’ল নিমখ এপোৱা নাই, দুশ গ্ৰামমানহে আছে। দোকানীজনক উভতি ধৰিলোঁ—, কিয় তেওঁ এপোৱা নিমখৰ দাম লৈ দুশ গ্ৰাম দিব! দোকানীজনৰ কথা— ইমানখিনি নিমখৰ বাবে কিয়নো ইমান হৈ হাল্লা কৰিব লাগে!! আমাৰ যুক্তি আছিল,’বুজি পালোঁ কমকৈ দিয়া নিমখ তেনেই কম আৰু মূল্যও উল্লেখযোগ্য নহয়, কিন্তু প্ৰশ্ন আৰু প্ৰতিবাদ তাতেই নিৰ্ধাৰিত নহয়। প্ৰশ্ন হৈছে নৈতিকতাৰ। তুমি এনেকুৱা অনৈতিক কামটো কিয় কৰিলা’!

তাতেই দোকানীজন মৌন হ’ল আৰু ক্ষমা খুজি নিমখ এপোৱা কৰি জুখি লৈ উঠি আমাক দিলে। দোকানীজনে এই অনৈতিক কামটো কৰাৰ বাবে কিদৰে আৰু ক’ৰ পৰা শিকিলে বা অনুপ্ৰাণিত হ’ল?

মানৱ-সমাজৰ অগ্ৰগতি অকল আৰ্থিক আৰু সামাজিক দিশতেই সীমাবদ্ধ হৈ থকা নাই। মানৱ-সমাজৰ অগ্ৰগতিৰ লগে লগে যিধৰণে এখন সমাজৰ ব্যক্তি নিৰ্বিশেষে অৰ্থনৈতিক সম্পৰ্কৰ সৈতে জড়িত হৈ আগ বাঢ়িছে, সেইধৰণে কিছুমান মূল্যবোধও গঢ় লৈ উঠিছে। সমাজ-সভ্যতাৰ অগ্ৰগতিৰ সংগ্ৰামখনে মানুহৰ মনোজগতখন নানাধৰণে প্ৰভাৱিত কৰি আহিছে। নৈতিক মূল্যবোধ, মানৱীয়তা, সমতা, ভাতৃত্ববোধ, ন্যায়, অন্যায় ইত্যাদি ইত্যাদি এনেধৰণৰ কিছুমান মূল্যবোধ—যিবোৰ মানৱ-সমাজৰ অগ্ৰগতিৰ সংগ্ৰামৰ পথটোত সময়ে সময়ে সমাজ-বাস্তৱতাৰ অভিজ্ঞতাৰে আহৰণ কৰিছে। যিয়ে আমাক আন আন জীৱকুলৰ সৈতে পৃথক কৰি ৰাখিছে। আধুনিক চিন্তা-চেতনাৰ মানৱ-সমাজত এইসমূহ ধ্যান-ধাৰণাৰ এক অপৰিসীম গুৰুত্ব আছে সেয়া আমি প্ৰতিজন মানুহে উপলব্ধি কৰোঁ। সমাজত এইবোৰ ধ্যান-ধাৰণাৰ অভাবে সমাজ এখনক সভ্য আৰু আদৰ্শৰ দিশত পিছ পেলাই ৰাখে। সমাজত বিশৃংখলতাই দেখা দিয়ে। চাৰিওফালে হিংসা, অনীতি, অবিচাৰ অন্যায় আৰু অৰাজকতাই বিৰাজ কৰিবলৈ ধৰে। এনে অৱস্থাত সমাজ এখন প্ৰকৃততে সমাজ হৈ নেথাকে।

ওপৰত যিসমূহ মূল্যবোধৰ কথা উল্লেখ কৰা হ’ল সেইসমূহ মানুহৰ মনোজগতলৈ কিদৰে আহিল আৰু কিদৰে সমাজত সেয়া মানুহৰ শ্ৰেষ্ঠ গুণ ৰূপে প্ৰোথিত হ’ল সেয়া এক বিৰাট প্ৰশ্ন।

আমি জানো মানৱ-সমাজত অৰ্থনৈতিক কৰ্মকাণ্ডই এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। সমাজ এখন মানুহৰ অৰ্থনৈতিক কৰ্ম কাণ্ডৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠে। এক কথাত ক’বলৈ গ’লে অৰ্থনীতিয়েই সমাজ এখনৰ মূল চালিকা শক্তি। অৰ্থনৈতিক কৰ্মকাণ্ড অবিহনে মানুহৰ সমাজ কল্পনা কৰা নেযায়। প্ৰতিজন মানুহৰ অৰ্থনৈতিক কাম-কাজে ইজনৰ সৈতে আন এজনক, তাৰ পিছত আন এজনক …. আৰু এনেকৈয়ে এক জটিল অৰ্থনৈতিক সম্পৰ্কৰ সূতাৰে বান্ধি ৰাখে আৰু সমাজ নিৰ্মাণত অৰিহণা যোগায়।

মানুহৰ মূল্যবোধসমূহ কোনো ওপৰৰ পৰা হঠাতে আহি মনোজগতত থাপিত হৈছিল—এনেকুৱা ধাৰণা অলৌকিক। ইয়াৰ এটি বাস্তৱ ভিত্তি আছে। আৰু এই ভিত্তিটোৱে হৈছে অৰ্থনৈতিক সম্পৰ্ক। এতিয়া প্ৰশ্ন হ’ল, অৰ্থনৈতিক সম্পৰ্কৰ ওপৰত ভিত্তি কৰিয়েই যদি মানুহৰ ইমান সুন্দৰ অনুভূতিৰ মূল্যবোধ গঢ় লৈ উঠে তেতিয়াহ’লে মানৱ-সমাজত ইমান কিয় অনৈতিকতা, হিংসা, অমানৱীয়তা, অন্যায়-অৰাজকতাৰ দৰে দানৱীয় মূল্যবোধৰ জন্ম হ’ল? ইয়াৰ উত্তৰো নিঃসন্দেহে হ’ব “অৰ্থনীতি” বা আন কথাত “অৰ্থনৈতিক ব্যবস্থা আৰু তাৰ ভিত্তিত গঢ়ি উঠা সমাজ”।

সমাজ-বিকাশৰ প্ৰতিটো স্তৰতে মানৱ-জাতিৰ অভিজ্ঞতা পৃথক হ’লেও মানুহে ইতিমধ্যেই থিৰাং কৰি পেলাইছে কোনবোৰ মানৱীয় অনুভূতিৰ কোনবোৰ আসুৰিক, কোনবোৰ চিন্তা-চেতনা মানৱ-সমাজৰ হিতাৰ্থে আৰু কোনবোৰ বিপৰীত। নৈতিকতা, মানৱীয়তা, সমতা, ভাতৃত্ববোধ, ন্যায়, অন্যায়ৰ ধাৰণা ইত্যাদি মানৱ-সমাজৰ চিৰাচৰিত চিৰযুগমীয়া মূল্যবোধ। সমাজ এখন বিজ্ঞান, প্ৰযুক্তিত, অৰ্থনীতি আদি বিষয়ত যিমানেই আগ নাবাঢ়ক কিয়, এইবোৰ মূল্যবোধক পৰিত্যাগ কৰি সমাজ এখন আৰু সমাজ হৈ নেথাকে। সেয়ে এইবোৰ প্ৰকৃতাৰ্থত সুস্থ সমাজ এখনৰ বাবে মৌলিক প্ৰয়োজনীয় সামাজিক চেতনা। সেয়ে প্ৰতিখন সমাজে প্ৰতিমুহূৰ্ততে এইসমূহ মূল্যবোধ প্ৰতিষ্ঠাপিত কৰাৰ অৰ্থে অহৰহ যুঁজ কৰি থাকে, যাতে সমাজৰ প্ৰতিজন ব্যক্তিয়ে ইয়াৰ সাধনা কৰে আৰু কাৰ্যত যেন ৰূপায়ন কৰে। কিন্তু প্ৰশ্ন হৈছে এইসমূহ মূল্যবোধক সমাজৰ প্ৰতিজন মানুহৰ মন-মগজুক কিদৰে ইতিবাচকভাৱে সুমুৱাই দিব পাৰি! ইয়াৰো উত্তৰ নিশ্চয় কৈ হ’ব অৰ্থনৈতিক বা অৰ্থনৈতিক ব্যবস্থা এটাত গঢ় লৈ উঠা সমাজৰ প্ৰতিজন মানুহৰ মাজৰ অৰ্থনৈতিক সম্বন্ধ।

অৰ্থাৎ আমি কি বুজাবলৈ খুজিছোঁ? আমি বুজাবলৈ খুজিছোঁ যে নৈতিকতা-অনৈতিকতা, মানৱীয়তা, সমতা-অসমতা, ন্যায়-অন্যায় আদি মানুহৰ সামাজিক চেতনা সমাজখনত বৰ্তি থকা অৰ্থনীতিক ব্যবস্থাটোৱে নিৰ্ধাৰণ কৰে। এইখিনি কথাকেই এচাম বুদ্ধিমান প্ৰভাবশালী লোকে সমাজখনৰ সাধাৰণ মানুহক জানিবলৈ আৰু বুজিবলৈ নিদিয়ে। কিয় নিদিয়ে, কাৰণ, এই সত্যটো বুজিলে মানুহবোৰে সমাজখন আৰু সমাজত বৰ্তি থকা অৰ্থনৈতিক দিশটোলৈ চকু দিব আৰু বুজিবলৈ চেষ্টা কৰিব। সাধাৰণ মানুহে এই কামটো কৰিবলৈ ল’লেই—কোনো এটা নিৰ্দিষ্ট অৰ্থনৈতিক ব্যবস্থাৰ জৰিয়তে সুবিধা লৈ লাহ-বিলাসত জীৱন কটোৱা কিছুমান বিশেষ শ্ৰেণীৰ লোকৰ অসুবিধা হ’ব। এইসকল কোন শ্ৰেণীৰ লোক যিয়ে এইবোৰ কথা বুজাৰ পৰা সাধাৰণ লোকক বিৰত কৰি ৰাখে‌? সেই সকলক চিনি থোৱাটো এটা বৰ দৰকাৰী কথা।

প্ৰতিষ্ঠানিক “ধৰ্ম” এতিয়াৰ নহয় অতীতৰে পৰা এটা নিৰ্দিষ্ট শ্ৰেণীৰ বাবে সুবিধা গ্ৰহণ কৰি জীয়াই থকাৰ আহিলা। এতিয়া ভাৰতত ই এটা বৃহৎ ব্যৱসায়লৈ পৰিৱৰ্তিত হৈছে। এই কথা কম বেছি পৰিমাণে সকলো লোকেই স্বীকাৰ কৰে। যিটো শ্ৰেণীয়ে সমাজত অতীতৰে পৰা কোনো এক অৰ্থনৈতিক ব্যবস্থাৰ জৰিয়তে সুবিধা ভোগ কৰি আহিছে সেই শ্ৰেণীটোৱে নৈতিক-অনৈতিক, মানৱীয়তা-অমানৱীয়তা, সমতা-অসমতা আদি মূল্যবোধক ধৰ্মৰ সৈতে সাঙুৰি লৈ সাধাৰণ মানুহক বিপথে পৰিচালিত কৰি আহিছে। ধৰ্মৰ জৰিয়তে তেওঁলোকে সংঘবদ্ধভাৱে এইটো প্ৰচাৰ কৰে যে ধাৰ্মিকসকল নৈতিক, ন্যায়পৰায়ণ, মানৱীয় ইত্যাদি। ধৰ্মভীৰু সাধাৰণ লোকসকলে সেইটোৱে বিশ্বাস কৰে, যদিও বাস্তৱ ক্ষেত্ৰত ইয়াৰ বিপৰীত দেখা যায়। বিশ্বাস আৰু বাস্তৱতাৰ এক বৃহৎ ব্যৱধান আমি সততে ধৰ্মীয় সমাজত লক্ষ্য কৰোঁ। ঠিক তেনেধৰণে আন আন মূল্যবোধৰ ধাৰণাবোৰকো ধৰ্মৰ সৈতে জড়িত কৰি সাধাৰণ মানুহক বিভ্ৰান্ত কৰি আহিছে। আৰু এই ধৰ্মীয় কৰ্মকাণ্ডৰ আঁৰত চলাই থাকে সেইসকল লোকে তেওঁলোকৰ অনৈতিক অৰ্থনৈতিক কামকাজ, নিৰ্মাণ কৰি লয় অনৈতিক এক অৰ্থনৈতিক ব্যবস্থা। যাৰ জৰিয়তে তেওঁলোকে এটি বিশেষ শ্ৰেণীৰ মৰ্যাদা লাভ কৰে। সেই বিশেষ শ্ৰেণীটোৰ বহতীয়া হৈ থাকে সমাজৰ এক বৃহৎ অংশৰ মানুহ। তেওঁলোকক ধৰ্মৰ জৰিয়তে নৈতিকতাৰ পাঠ পঢ়ুৱাই তেওঁলোকৰ অজ্ঞাতে এক নিৰ্দিষ্ট অৰ্থনৈতিক ব্যবস্থা এটি গঢ়ি লৈ অনৈতিকভাৱে, অমানৱীয়ভাৱে, অন্যায়ভাৱে প্ৰবঞ্চনা কৰি থাকে। সমাজৰ সামন্ত যুগত সামন্তপ্ৰভুসকল আৰু আধুনিক যুগত পুঁজিপতিসকল হৈছে সেই বিশেষ শ্ৰেণী। আৰু এই দুয়োটা ব্যবস্থাই হৈছে পৃথিৱীৰ মানৱ-ইতিহাসৰ অনৈতিক, অমানৱীয় অৰ্থনীতিক ব্যবস্থা। যি অৰ্থনৈতিক ব্যবস্থা অনৈতিক আৰু ইয়াতেই গঢ় লৈ উঠে মানুহৰ মাজৰ এক অনৈতিক অৰ্থনৈতিক সম্বন্ধ, তেনেকুৱা অনৈতিক ব্যৱস্থাত সমাজৰ সাধাৰণ লোকক নৈতিকভাৱে শক্তিশালী ৰূপত আমি কিদৰে আশা কৰিব পাৰোঁ‌?

শোষণ-বঞ্চনা এক অনৈতিক ব্যবস্থাৰ ফল। সামন্তবাদী সমাজত আৰু পুঁজিবাদী সমাজত চলা শোষণ-বঞ্চনা অনৈতিকেই নহয় অমানৱীয়ও। এই ব্যৱস্থাত মানুহক ব্যক্তিবাদী শিক্ষা দিয়া হয়, শিক্ষা দিয়া হয় আপোন ভালে সকলো ভাল, নিজে যিমান পাৰা ধনী হোৱা, লোকৰ চিন্তা কৰি লাভ নাই, নিজে ধনী হ’লে, ভাল হ’লে সমাজ ভাল হব!! এনেকুৱা চিন্তা আমাৰ সমাজত এতিয়া এটি প্ৰতিষ্ঠিত সত্য। এনেকুৱা ব্যক্তিকেন্দ্ৰিক চিন্তাত মানুহৰ নৈতিক অধঃপতন হ’বলৈ বেছি সময়ৰ দৰকাৰ নহয়। গতিকে যি ব্যবস্থাৰ ভিত্তিয়েই অনৈতিক, অমানৱীয়— তেনেকুৱা সমাজৰ মানুহৰ চিন্তা-চেতনা আমি কিদৰে নৈতিক আৰু মানৱীয় হ’ব বুলি কল্পনা কৰিব পাৰো! সমাজখনৰ গৰিষ্ঠ সংখ্যক মানুহেই লোভ আৰু উচ্চ আকাংক্ষাৰ বলি হৈ অনৈতিকতাৰ, আৰু কেতিয়াবা অমানৱীয়তাৰো আশ্ৰয় লয়। কিন্তু তৎসত্ত্বেও মানুহে স্থিতাৱস্থাত থাকিব নিবিচাৰে, মানুহৰ ভাল গুণৰ ভিতৰত উল্লেখযোগ্য ইও এটা। মানুহে পৰিৱৰ্তন বিচাৰে। ভাল সমাজ এখন কল্পনা কৰে। পৰিৱৰ্তনৰ বাবে পথৰো সন্ধান কৰে। পৰিৱৰ্তনৰ বাস্তৱ পথ কিছু সংখ্যকে বিচাৰি পায়, বেছিভাগেই বিচাৰি নেপায় বা পালেও আগতে উল্লেখ কৰা বিশেষ সুবিধাভোগী শ্ৰেণীটোৱে কোৱাৰ দৰে পৰিৱৰ্তনৰ সেই পথ ধৰ্মত বিচাৰি ফুৰে। আমি দেখিছোঁ হিন্দু ধাৰ্মিক ব্যক্তিসকলে যুগত বিশ্বাস কৰে, এটা যুগৰ পাছত আন এটা যুগৰ আৰম্ভণি হয় বুলি বিশ্বাস কৰে। ভগবানৰ ইচ্ছাত পৰিৱৰ্তন তেনেকৈয়ে হয় বুলি বিশ্বাস কৰে। ইয়াৰ বিপৰীতে বাস্তৱ আৰু সমাজ-বিজ্ঞানৰ দৃষ্টিভংগীৰে যিসকলে পৰিৱৰ্তনৰ পথৰ সন্ধান কৰে সেইসকলে সামন্তবাদ, পুঁজিবাদ, সমাজবাদ আদিৰ দৰে মানুহে নিৰ্মাণ কৰা সমাজ পৰিৱৰ্তনৰ পথেৰে আগুৱাই যোৱাৰ চেষ্টা কৰে।

যি ধৰ্ম অকল বিশ্বাসৰ ওপৰত ভিত্তি কৰি জন্ম হৈছে, যাৰ কোনো বাস্তৱ ভিত্তি নাই সেই ধৰ্মত বাস্তৱ সমাজৰ পৰিৱৰ্তনৰ পথ বিচাৰৰ সমান অবাস্তৱ কথা আন একো হব নোৱাৰে। এইবোৰ কথা বিশেষ সুবিধাভোগী শ্ৰেণীটোৱে খুব ভালদৰে জানে আৰু সেয়ে সিহঁতে ধৰ্মক সিহঁতৰ প্ৰতিৰক্ষাৰ ঢাল হিচাবে ব্যৱহাৰ কৰি আহিছে। সমাজ তাত্ত্বিক বিশ্লেষণেৰে প্ৰকৃত আৰু বাস্তৱ পথ পৰিৱৰ্তনকামী জনসাধাৰণে বিচাৰি পোৱা মানেই বিশেষ সুবিধাভোগী শ্ৰেণীটো বিলুপ্তৰ গৰাহলৈ গতি কৰা, এখন সমাজৰ পৰা আন এখন উন্নত সমাজলৈ গতি কৰা। যিখন সমাজত অৰ্থনৈতিক ব্যবস্থা হ’ব নৈতিক আৰু মানুহবোৰো স্বাভাৱিকভাৱে হ’ব নীতিনিষ্ঠ।

পৰিৱৰ্তন কামনা কৰিও পৰিৱৰ্তনৰ হকে কাম নকৰি কোনো অদৃশ্য শক্তিয়ে এদিন সকলো ঠিক কৰি দিব বুলি ভবা লোকসকলে দুখ-জ্বালা-যন্ত্ৰণা সহ্য কৰি একমাত্ৰ জীৱনটো জীয়াই ৰখাৰ স্বাৰ্থত সংগ্ৰাম কৰি থাকে। কিন্তু যিসকলে ভাবে যে মানুহেই এদিন সংঘবদ্ধভাৱে সমাজখন পৰিৱৰ্তন কৰিব, যাৰ বাবে লাগে এক সুসংঘবদ্ধ অৰ্থনৈতিক পৰিৱৰ্তনৰ বাবে নিৰলস সংগ্ৰাম। এই সংগ্ৰামখন বৌদ্ধিক আৰু ৰাজনৈতিকভাৱে পৈণত হ’ব লাগিব। তাৰবাবে প্ৰয়োজন ৰাজনৈতিক আৰু অৰ্থনৈতিক সচেতনতা আৰু ঐক্যবদ্ধ সংগ্ৰাম। সেইসকলে তাৰ বাবে সংগ্ৰাম কৰে, সেই সংগ্ৰামখনক আমি সমাজ পৰিৱৰ্তনৰ সংগ্ৰাম বুলি কওঁ।

সমাজৰ পৰিৱৰ্তনৰ গতিধাৰাটোক আগুৱাই নিয়াৰ বাবে যিয়ে অহৰহ সংগ্ৰাম কৰে, তেওঁলোকক সমাজত কমিউনিষ্ট বুলি কয়। কমিউনিষ্টসকলৰ আদৰ্শ হৈছে মাৰ্ক্সবাদ বা সাম্যবাদ। সাম্যবাদ এক সমাজ-ব্যবস্থা, যিটো ব্যবস্থা সম্পূৰ্ণ নৈতিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত, য’ত শোষণ, বঞ্চনা, শঠতা আদিৰ দৰে অনৈতিক, কুসংস্কৃতিৰ পৰা মানুহ মুক্ত। এনেকুৱা সমাজ এখন পাবলৈ সমাজৰ ঐতিহাসিক গতিধাৰাৰ ওপৰত ভিত্তি কৰি কি দৰে এখন সাম্যবাদী আদৰ্শ সমাজ পাব পাৰি, তাক বৈজ্ঞানিকভাৱে সুত্ৰায়িত কৰা পৃথিৱীৰ প্ৰথমজন দাৰ্শনিক হৈছে কাৰ্ল মাৰ্ক্স। কাৰ্ল মাৰ্ক্সৰ দৰ্শনক বিশ্বাস কৰা সকলকেই কমিউনিষ্ট বুলি কোৱা হয়। কেতিয়াবা চছিয়েলিষ্ট বুলিও কয়। সি যিয়েই নহওঁক, সাম্যবাদত বিশ্বাসীসকল স্বাভাৱিকতে নীতিনিষ্ঠ হোৱাটো জৰুৰী হৈ পৰে। যিয়ে এখন নৈতিক সমাজ কামনা কৰি সংগ্ৰাম কৰে, সেইসকলে অনৈতিকতাৰ ওচৰত আত্মসমৰ্পন কৰা মানে সমাজ-পৰিৱৰ্তনৰ সংগ্ৰামখনৰ পৰা পিচলি পৰা। কাজেই কমিউনিষ্ট হ’বলৈ হ’লে ন্যায়নিষ্ঠ আৰু নীতিনিষ্ঠ হোৱাটো জৰুৰী হৈ পৰে।

এই নীতিনিষ্ঠ কমিউনিষ্টসকলক কিন্তু বৰ্তি থকা অন্যায়জনক পুঁজিবাদী সমাজখনে স্বাভাৱিকভাৱে জন্ম নিদিয়ে। জন্ম হওঁতে কোনো কমিউনিষ্ট হৈ জন্ম নলয়, বৰঞ্চ আদিতে ব্যৱস্থাটোৱে কমিউনিষ্টবিৰোধী ৰূপেহে জন্ম দিয়ে। তেওঁলোক এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা বৌদ্ধিক কচৰৎ কৰি আৰু প্ৰৱৰ্তিত অনৈতিক ব্যবস্থাটোৰ বিৰুদ্ধে সংগ্ৰাম কৰি অৱশেষত কমিউনিষ্টলৈ পৰিৱৰ্তিত হৈ পৰে। এওঁলোকে সদায়ে অনৈতিক ব্যবস্থাটোৰ পৰিৱৰ্তনৰ হ’কে সংগ্ৰামখনত জড়িত হৈ পৰে। সেয়ে বহু লোকে ভবাৰ দৰে দুখীয়া, শোষিত, প্ৰবঞ্চিত হ’লেই কমিউনিষ্ট হ’ব—, ইয়াৰ বিপৰীতে হ’লে কমিউনিষ্ট নহ’ব বুলি ভবা কথাটো সত্য নহয়। ন্যায়ৰ পক্ষত, শোষণৰ বিৰুদ্ধে অনৈতিকতাৰ বিৰুদ্ধে যিসকলে সচেতনভাৱে বিৰুদ্ধাচৰণ কৰে আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় সমাজ-বাস্তৱতাৰ মাজত আৰু অৰ্থনৈতিক ব্যবস্থাৰ মাজত বিচাৰি পায় তেওঁলোকেই হৈছে প্ৰকৃত কমিউনিষ্ট।

এটা অভিজ্ঞতাৰ কথা উনুকিয়াব বিচাৰিছোঁ। এদিন দুজনমান বন্ধুৰ মাজত আলোচনা কৰি থকা অৱস্থাত কমিউনিষ্টৰ প্ৰসংগ ওলোৱাত এজনে ক’লে যে পৃথিৱীত যেতিয়ালৈকে দুখীয়া থাকিব তেতিয়ালৈকে কমিউনিষ্ট থাকিব। কথাটো অকল ধনী-দুখীয়াৰ ক্ষেত্ৰতে সীমাবদ্ধ হৈ থকা নাই। ইয়াত নৈতিকতাৰ প্ৰশ্নটোও জৰিত হৈ আছে। পৃথিৱীৰ বহু ধনী দেশৰ অৱস্থাসম্পন্ন মানুহ কমিউনিষ্ট আদৰ্শৰ। তেওঁলোকৰ বাবে ধনী-দুখীয়াৰ প্ৰসংগতকৈও নৈতিকতাৰ প্ৰসংগটো বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। ব্যক্তিগতভাৱে মানুহ অকল আৰ্থিক দিশটোৰ ওপৰত ভিত্তি কৰিয়েই নৈতিক সমাজ এখন পাবলৈ সংগ্ৰাম নকৰে, ইয়াত নৈতিক দিশটোও অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বিষয়ে ওপৰত আলোচনা কৰি অহা হৈছে। আৰ্থিক সমতা মানুহে কোনো সময়ত লাভ কৰিলেও নৈতিকতা, মানৱীয়তা, ভাতৃত্ববোধ আদিৰ দৰে মানৱীয় প্ৰমূল্যসমূহৰ বাবে মানুহৰ সংগ্ৰামখন অহৰহ চলি থাকিব ভবিষ্যতেও, ই নিশ্চিত। যাতে চিৰাচৰিত এইবোৰ প্ৰমূল্যৰ পৰা মানৱ-সমাজৰ বিচ্যুতি নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *