অভিসন্ধি — (ৰাগিণী আল্যমান)
অন্ধকাৰ গলিটোত মাজৰাতি কেইটামান কুকুৰে বৰকৈ ভুকি আছে। ইমনাই টৰ্ছটো হাতত লৈ দুৱাৰখন লাহেকৈ জপাই বাৰীৰ পিছপিনেৰে বসন্তহঁতৰ ঘৰলৈ গ’ল। এনেদৰে ৰাতি ৰাতি বসন্তহঁতৰ পিছ চোতালত মেল বহা এমাহমান হৈছে। ইমানদিনে কোনো সিদ্ধান্ত ল’ব পৰাকৈ আলোচনা হৈ উঠা নাই। আজি শেষ দিন। কাইলৈ পুৱাই জনতা ভৱনৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখৰ ফিল্ডখনত ধৰ্ণাৰ কাৰ্যসূচী ৰখা হৈছে।
ইমনাই গাঁৱৰ মানুহখিনিৰ পাছফালে লেপেটা কাঢ়ী বহি ল’লে। তাই মেললৈ অহা পলম হ’ল। উপায়ো নাই। ঘৰত বাপেকটো অকলে। বয়স বৰ বেছি হোৱা নাই। হয়তো পঞ্চাছৰ ঘৰ চুইছে। কিন্তু মদে মানুহটোক একেবাৰে নিশকতীয়া কৰি পেলাইছে। ইমনাই দেউতাক-মাকৰ লগত এই গাঁওখনলৈ অহা বিশবছৰমান হৈছে। ইয়াৰ আগতে মৰিগাঁওৰ বানেধোৱা এখন গাঁৱত আছিল। তাই হয়তো চাৰি বছৰীয়া হৈছিল, যেতিয়া কলঙে সুঁতি সলাই সম্পূৰ্ণ গাঁওখনক নিজৰ বুকুত ঠাই দিছিল। চৰকাৰৰ পৰা কোনো সঁহাৰি নাপাই ইমনাৰ মাহীয়েকৰ ঘৰলৈ সিহঁত গুচি আহিছিল। পাছলৈ দালাল এটাৰ পৰা দহহাজাৰ টকা দি আমছিয়াঙৰ দাঁতিত গঢ়ি উঠা গাঁওখনত নিগাজিকৈ ঘৰ সাজিছিল।
আমছিয়াঙৰ দাঁতিত গঢ়ি উঠা গাঁওখনত ত্ৰিশ-পয়ত্ৰিশ ঘৰ মানুহ হ’ব। প্ৰথম অৱস্থাত গাঁৱত বিজুলী বাতিৰ ব্যৱস্থা নাছিল। আন্ধাৰ ৰাতি পানী আনিবলৈ বুলি ইমনাৰ মাকে ছাজিদহঁতৰ ঘৰলৈ যাওঁতে মাজবাটতে সন্ধানহীন হ’ল। পিছদিনা ইমনাৰ মাকক বিচাৰি গাঁৱৰ ৰাইজে হাবিলৈ যাওঁতে কাপোৰ-কানিবোৰত সিঁচৰতি হৈ থকা তেজৰ দাগবোৰ দেখি বাঘে খোৱা বুলি নিশ্চিত হ’ল। অৱশ্যে ওচৰে পাজৰে বাঘৰ পদচিহ্ন ক’তো বিচাৰি পোৱা নগ’ল। তেতিয়াৰে পৰা ইমনাৰ দেউতাকৰ প্ৰিয় হৈ পৰিল চুলাই মদ।
সময় বাগৰাৰ লগে লগে খোৱাপানীৰ ব্যৱস্থা, ইলেকট্ৰিচিটিৰ ব্যৱস্থা আদিৰ লগতে ল’ৰা-ছোৱালীবোৰ পঢ়িবলৈ ভেঞ্চাৰ স্কুল এখনো গাওঁখনত গঢ় লৈ উঠিছে। দুই এখন গেলামালৰ দোকান, চাইকেল মেৰামতি কৰা দোকান, মিঠাইৰ দোকানৰ লগতে ৰাজহুৱা নামঘৰ এটাও গাঁওখনত আছে। ইমনাই ভেঞ্চাৰ স্কুলখনতে সৰা-মছা কৰি পেটৰ ভাত মুঠি মোকলায়। সেই স্কুলখনতে কৰ্মৰত বসন্তৰ ডাঙৰ ডাঙৰ মানুহৰ লগত চিনাকি। নিতৌ বহুতো সংগঠনৰ নেতাৰ লগত তাৰ উঠা বহা। কেতিয়াবা দম্ভ মাৰি ইমনাক কয়— “মোৰ ভাল ভাল নেতাৰ লগত কণ্টেক্ট আছে বুজিছ, চাকৰি লাগিলে কবি। ৰ চোন তই আকৌ নাভাবিবি— নিজেই দেখোন ভেঞ্চাৰ স্কুলত চাকৰি কৰে মোক আকৌ চাকৰি দিবলৈ আহে বুলি। তাতো কথা আছে, তই বুজি নাপাবি।”
ইমনাই তাক কয়— “অলপ বুজাই দেছোন দাইটি, তই ভালদৰে বুজাই দিলে নুবুজাৰ জানো কাৰণ আছে!”
“এহ্ থাওকদে। কথাবোৰক উমনি ল’বলৈ দেচোন এদিন নিজেই বুজি পাবি”— বসন্তই কয়।
হাতচাপৰিৰ ধ্বনিত ইমনাই ভাবৰ সাগৰৰ পৰা ঘূৰি আহিল। সন্মুখত যুৱ নেতা খনীন কছাৰীয়ে কাইলৈৰ ধৰ্ণাৰ নিয়ম কানুন সমূহ বুজাই আছে। বসন্তক কাষৰে-পাজৰে থকা গাঁৱৰ পৰাও মানুহ আনিবলৈ নিৰ্দেশ দিছে, লাগিলে দুশ-তিনিশ টকা দি দিনটোৰ বাবে হাজিৰা দি হ’লেও মানুহখিনিক গোটাবলৈ কৈছে। খনীন কছাৰীয়ে মেলত বহি থকা মানুহখিনিৰ উদ্দেশ্যে কৈছে— “দহ বছৰৰো অধিককাল চৰকাৰে আমাক ভূমিপট্টা প্ৰদানৰ মিছা প্ৰতিশ্ৰুতিৰে ভোট বেংক গঢ়ি আছে। কিন্তু আজিলৈ খিলঞ্জীয়াৰ স্বাৰ্থত কোনো উন্নতিমূলক কাম কৰা নাই। আমাৰ খিলঞ্জীয়াক এইবাৰ চৰকাৰে ভূমিপট্টা দিবই লাগিব।আন্দোলন কঠোৰৰ পৰা কঠোৰ কৰি তুলিব লাগিব। লাগিলে জীৱন দিবলৈও কুণ্ঠাবোধ নকৰোঁ।”
পুৱাই জনতা ভৱনৰ সন্মুখত শ শ মানুহৰ ভিৰ। এমাহ আগতে চৰকাৰে উচ্ছেদ অভিযান চলোৱাৰ পৰণতি হিচাপে আজি নিজৰ ঘৰখন কুশলে ৰখাৰ স্বাৰ্থত ধৰ্ণা কাৰ্যসূচীত মানুহবোৰে ভাগ ল’বলৈ আহিছে। কিছুৱে আকৌ দিনটো কষ্ট নকৰাকৈ ইজি পকেটমানি বিচাৰিও এই ধৰ্ণাস্থলীলৈ আহিছে। সমদলৰ আগে আগে খনীন কছাৰী। যুৱ নেতাগৰাকীৰ ডিঙিত চাৰিখনমান বিভিন্ন জনগোষ্ঠীৰ গামোচা। বসন্ত, নিতুল, ছাজিদহঁতে বেনাৰ লৈ আগবাঢ়িছে। পাছে পাছে ইমনাৰ সৈতে গাঁৱৰ ছোৱালীবোৰে হাতত প্লে কাৰ্ড লৈ দিশপুৰ অভিমুখে যাত্ৰা কৰিছে। মাজে মাজে যুৱনেতাই মাইকত চিঞৰিছে— “ভূমিপুত্ৰক ভূমিপট্টা প্ৰদান কৰক।” পাছে পাছে সমদলে সমস্বৰে চিঞৰিছে— প্ৰদান কৰক… প্ৰদান কৰক…।
কলং-কপিলীৰ খহনীয়াত বহুতো খিলঞ্জীয়াৰ মাটি নদীৰ বুকুত জাহ গৈছে। ভূমিহাৰা মানুহখিনিৰ বাবে কোনোখন চৰকাৰে একো পদক্ষেপ লোৱা নাই। এইবাৰ নতুন চৰকাৰ আহিয়েই ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান কৰাৰ কথা আছিল। তাৰ বিপৰীতে আমছিয়াঙৰ দাঁতিত উচ্ছেদ অভিযান চলিল। ইমনাৰ চৰকাৰলৈ প্ৰশ্ন— “যদিহে গাঁওখন অবৈধ তেন্তে তাত বিজুলীৰ তাঁৰ কাৰ নিৰ্দেশত সংস্থাপন কৰা হৈছিল। কাৰ স্বাৰ্থত পানীৰ আঁচনিয়ে ঢুকি পাইছিল, কাৰ পকেটৰ ওজন বাঢ়ি পথটোৰ মেৰামতি হৈছিল?” তাই কথাবোৰ ভাবে কিন্তু ক’বলৈ সাহস নাই। কাৰ আগত মুখ খুলিব? কোনে বুজিব সিহঁতৰ দুখ?
সূৰ্য্যৰ তাপ বাঢ়ি অহাৰ লগে লগে আন্দোলনকাৰীসকলৰ মাজতো উত্তাপ বাঢ়ি গ’ল। পুলিচ আৰু সৰ্বসাধাৰণৰ মাজত শিলাবৰ্ষণ আৰম্ভ হ’ল। মাজে মাজে কন্দুৱা গেছ প্ৰয়োগ কৰি আন্দোলনকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ চেষ্টা কৰিলে। পুলিচে শূন্যলৈ গুলীচালনা কৰিলে। মুহূৰ্ততে জনতা ভৱনৰ সন্মুখভাগত অৰাজকতাৰ সৃষ্টি হ’ল। পুলিচৰ লাঠী চালনাত বহু কেইজন আঘাত প্ৰাপ্ত হ’ল। তেনে হুলস্থুলীয়া পৰিৱেশৰ মাজতে মানুহ এজন দৌৰি আহি দাওদাওকৈ নিজকে জ্বলাই জনতা ভৱনৰ বেৰিকেড ভাঙি ভিতৰলৈ সোমাই যাবলৈ অপচেষ্টা কৰিলে। ভিৰৰ মাজত ইমনাই প্ৰথমে ধৰিব পৰা নাছিল। পাছলৈ মানুহজন চিনিব পাৰি তাই দৌৰি যাব খোজোঁতেই ৰীণাৰ বাহুবন্ধনত আৱদ্ধ হৈ ৰ’ল। কিছু সময় যুঁজাৰ অন্তত ৰীণাৰ হাতৰ পৰা শৰীৰটো মোকলাই ইতিমধ্যে জ্বলি শেষ হোৱা মৃতদেহটোৰ ওচৰলৈ গৈ কান্দি কান্দি ক’ল— “দেউতা তই কি কৰিলি?”
লেডী পুলিচে ইমনাক টানি টানি ঘটনাস্থলীৰ পৰা লৈ গ’ল। ৰীণাই বসন্তক কাকূতি-মিনতি কৰি দুদিন পাছত পুলিচ থানাৰ পৰা ইমনাক ঘৰলৈ লৈ আহিলে। দেউতাকৰ এনে কাণ্ডই তাইক ভিতৰৰ পৰা জুৰুলা কৰি পেলালে। মদৰ নিচাত শুই থকা মানুহটোৱে কেনেকৈ ধৰ্ণাস্থলী পালেগৈ ইমনাই গম নাপায়। আগদিনা ৰাতিও তেনে কোনো ঘটনাৰ আগতীয়া উমান পোৱা নাই। দিনটোৰ ভিতৰতে কি হ’ল যে ইমনাৰ মূৰৰ চালিখন খহি পৰিল!
এনে এক মৰ্ম ঘটনাৰ পাছত কেছটো মানৱ অধিকাৰ আইনলৈ গ’ল যাৰ বাবে ন্যায়ালয়ৰ আওতাত আহি উচ্ছেদ অভিযান বন্ধ হৈ পৰিল। ভূমিহীন মানুহখিনিক চৰকাৰে কিছুবছৰৰ সময় দিলে। অকালতে দেউতাকক হেৰুৱাই ইমনা ভাগি পৰিব খোজোঁতেই জগতৰ হাত এখনে থাপ মাৰি ধৰিল।
জগতৰ ঘৰ ওচৰৰে গাওঁ এখনত। বিভিন্ন কামত ইমনাৰ গাঁৱত আহিলে তাইক লগ পাইছিল। জগতৰ ইমনাৰ প্ৰতি আগৰে পৰাই দূৰ্বলতা আছিল। তাইক কথাটো ক’ম ক’ম বুলি ভাবি থাকোঁতেই ইমনাৰ গাঁৱত চৰকাৰৰ উচ্ছেদ অভিযান চলিল। কথাটো কোৱা নহ’ল।
দুৰ্বল সময়ত জগতৰ সঁহাৰি পাই ইমনাইও লাহে লাহে কথাবোৰ পাহৰি কামলৈ যাবলৈ ধৰিলে। জগতে খনীন কছাৰীৰ গাড়ী চলাই। ড্ৰাইভাৰ জগত কিন্তু বসন্তহঁতৰ দৰে স্বাৰ্থলোভী নহয়। ঘটনা সংঘটিত হোৱাৰ দিনা জগত ডিব্ৰুগড়ত আছিল। যুৱ নেতাৰ ব্যক্তিগত কাম এটা সমাধা কৰাৰ গুৰু দায়িত্ব পালন কৰি আহি ইমনাৰ দেউতাকৰ খবৰটো পাইছিল।
ৰীণাৰ লগতে ইমনাৰ ঘৰলৈ গৈ জগতে তাইৰ খবৰ সুধিছিল আৰু কৈছিল— “ইমনা কিছুদিন ধৈৰ্য ধৰ, মই সকলো ঠিক কৰি দিম।”
ভালপোৱাৰ সংজ্ঞা জগতে নাজানে। নাজানে ইমনাইও। জীৱনৰ বাকী সময়খিনি পাৰ কৰিবলৈ জগততকৈ ভাল জীৱন সংগী হয়তো ইমনাই নাপায়। বসন্তই তাইক আগতেও কাণ চুৱায়। কিন্তু খুড়া বয়সীয়া বসন্তৰ লোলুপ চকুৰ চাৱনি তাই ঠিকেই বুজে। তেনে এজন কামনাবিলাসী মানুহৰ জীৱন সংগী হোৱাতকৈ জগতৰ দৰে সহজ-সৰল মানুহ এজনৰ লগত জীৱন কটাবলৈ বেছি সহজ হ’ব তাইৰ।
জোন গলা এটা জোনাকী নিশা জগতে ইমনাক নিজৰ কৰি লৈছিল। আমছিয়াঙৰ দাঁতিৰ সৰু পঁজাঘৰ এটাত সেইদিনা জোনাক ফুলিছিল। দেউতাকক পাহৰি প্ৰথমবাৰৰ বাবে জগতৰ লগত জীৱন কটোৱাৰ প্ৰতিশ্ৰুতি দিছিল।
সময় বাগৰিল।
তিনিবছৰ পাছত খিলঞ্জীয়াৰ বুকুত কুঠাৰ হানি খনীন কছাৰী মন্ত্ৰী হ’ল। বসন্তই বিয়া পাতি গড়চুকত ফ্লেট কিনিলে। মাজে মাজেহে স্কুললৈ আহে। আজিকালি সিও বৰনেতা হৈছে। ইমনাই স্কুলৰ কাম এৰিলে। বসন্তৰ দৃষ্টিৰে বহুবাৰ ধৰ্ষিতা হৈ আৰু কিমান দিন স্কুল চাফ-চিকুণ কৰিব! স্কুল এৰি আহিবৰ দিনা ইমনাই বসন্তক কৈছিল— “বসন্ত দাইটি তই তোৰ চকুজোৰ বৌটিৰ শৰীৰত বোৱাবি। তোৰ চকুৱে মোক খহাব নোৱাৰে। চাবি এদিন নিজৰে জুইত নিজেই দহি মৰিবি।”
সেইদিনা বসন্তই মাত মতা নাছিল। তাৰ চকুৰ আগত তিনিবছৰ আগতে জ্বলন্ত অৱস্থাত ইমনাৰ দেউতাকৰ শৰীৰটোহে ভাহি আহিছিল। এৰাতিৰ বাবে হ’লেও বসন্তই ধুনীয়া ছোৱালীজনীৰ দেহৰ ৰস পান কৰিবলৈ যথেষ্ট মন্ত্ৰণা কৰিছিল। ইমনাৰ দেউতাকক চুলাই মদৰ জোগাৰকণ সিয়ে কৰি দিছিল। মদৰ ৰাগীত আসক্ত মানুহজনে সেয়েহে বসন্তক ভগৱান দেখা দিছিল। তাৰ প্ৰতিটো কথাই মানি চলিছিল।
পুৰণা বিশ্বস্ত কৰ্মচাৰী জগতক লৈ বঙাইগাঁও চহৰৰ অভিভাৱক মন্ত্ৰী হিচাপে খনীন কছাৰী ভিজিটত গৈছিল। দীঘলীয়া বাটটোত অৰ্নগল কথা পাতি গৈছিল। কথা পতাৰ স্বভাৱটো যুৱ নেতা হৈ থাকোঁতেই আছিল, এতিয়া কথাৰ ধৰণবোৰ সলনি হৈছে। জগতলৈ মাজে মাজে ফোন অহা দেখি খনীনে বিৰক্তিৰে সুধিলে— “কাৰ ফোনহে জগত? মোৰ কথাতকৈও ইমান ইম্পৰটেণ্ট নে?”
: “নাই ছাৰ, মানে মোৰ মানুহজনীৰ ফোন। তাই গা-ভাৰী, সেয়ে ফোন আহিলে নধৰাকৈ থকা নাই। কিবা বিপদ-আপদো হ’ব পাৰে।”
:”তই আকৌ কেতিয়া বিয়া পাতিলি?”
:”ছাৰ ইলেকচনৰ সময়তে ছোৱালী এজনী ঘৰ সোমোৱালোঁ। বিয়া বুলি তেনেকৈ পতা নহ’ল।”
:ভালেই কৰিলি জগত, বৰলা হৈ থাকিব নাপায় হেঃ হেঃ হেঃ।
খনীনে হাঁহি হাঁহি পুনৰ ক’লে— “আমাৰ বসন্তই সিহঁতৰ গাঁৱৰে ছোৱালী এজনীক নিজৰ কৰিব খুজিছিল বুজিছ। তাইক আপোন কৰিব নোৱাৰিব বুলি কিছু বছৰ আগতে জনতা ভৱনৰ সন্মুখত হোৱা ধৰ্ণাত ছোৱালীজনীৰ দেউতাকক টেটুলৈকে মদ খোৱাই গাত পেট্ৰল ঢালি মানুহৰ মাজত লৈ আনি জুইশলা মাৰি মানুহটোক জ্বলাই দিলে। বুদ্ধিটো আকৌ কোনে দিলে বুলি ভাবিছ। এই খনীন কছাৰীয়ে। তাইৰ দেহৰ ভাগকণ মোলৈও আনিব কৈছিলোঁ। পিছে আজিলৈ কামফেৰা নহ’ল। শুনিছোঁ ছোৱালীজনীয়ে হেনো ৰাতি ৰাতিয়েই কৰ’বালৈ পলাই গ’ল।”
কথাখিনি শুনি জগতে ঘপকৈ ব্ৰেক মাৰি থিতাতে ৰৈ গ’ল। কাণে নুশুনিব লগা কিবা শুনিলে নেকি সি? নাই ঠিকেই বুজিছে সি; সেয়া ইমনাৰে দেউতাকৰ কথা কৈছে।
“ইমানজোৰে ব্ৰেক মাৰিলি যে কি হ’ল?”- খনীনে ক’লে।
“নাই ছাৰ, আগত মেকুৰী এটা পৰিছিল। হয়তো বিপদৰ সংকেত দিছে।” জগতে কথাখিনি কৈ পুনৰ গাড়ী চলালে।
জগতে এসপ্তাহ কথাখিনি পেটতে ৰাখি অৱশেষত সকলো কথা ইমনাক ক’লে। কথাখিনি জনাৰ অধিকাৰ নিশ্চয় আছে; নহ’লে গোটেই জীৱন প্ৰশ্ন এটাই তাক ভিতৰি ভিতৰি কষ্ট দি থাকিব। তাইটো ভবা নাছিল থিয় দি থাকিবলৈ মাটিখিনি মজবুত কৰিবলৈ যাওঁতেই দুঘণ্টা কি তিনিঘণ্টাৰ ভিতৰত বাপেকটো নাইকিয়া হৈ যাব। মদাহী হ’লেও সি তাইৰ দেউতাক। মৰমৰ মাত এষাৰ পাবলৈ, ৰাতি নিৰাপদে ঘৰটোত শুই থাকিবলৈ এই বাপেকটোৱেই জানো সাহস নাছিল!
সন্তান সম্ভৱা ইমনাই কথাখিনি শুনি খঙত নে দুখত চিৎকাৰ কৰি উঠিল। বহু সময় তলমূৰ কৰি তাই কিবা এটা ভাবিলে। জগতক ক’লে- “মোক বিছনাখনলৈ লৈ যাবি নেকি?” জগতে তাইৰ কান্ধত ধৰি বিছনাৰ ওচৰলৈ লৈ গৈ বহুৱাই দিলে। এনেকুৱা সময়ত সি কথাখিনি কৈ ভাল কৰিলে নে বেয়া কৰিলে বুজি নাপালে। ইমনাক শুৱাই থৈ সি বাহিৰলৈ গুচি গ’ল।
প্ৰায় দুমাহৰ অন্তত ইমনাই এটা ল’ৰা সন্তান জন্ম দিলে। জগতে খনীন কছাৰীৰ গাড়ী চলাবলৈ এৰি ঘৰৰ ওচৰতে চাহৰ দোকান দিছে। তেনে এজন ভোগবাদী নেতাৰ গাড়ী চলাবলৈ তাৰ মনে নকয়। ইমনাই জগতৰ প্ৰতিটো কামতে সহায় কৰি দিয়ে যদিও আজিকালি প্ৰায়েই অন্যমনস্ক হৈ থাকে। জগতে ভাবে নতুন মাতৃত্বৰ দায়িত্বই তাইক হয়তো অলপ অপ্ৰস্তুত কৰি তুলিছে।
কেইদিনমানৰ পৰা একেটা ব্ৰেকিং নিউজ দেখি দেখি ইমনা ভিতৰি ভিতৰি জ্বলি উঠিছে। খনীন কছাৰীৰ হানি ট্ৰেপিঙৰ ভিডিঅ’ই সংবাদ মাধ্যমৰ শিৰোনাম তোলপাৰ লগোৱাৰ ফলত চৰকাৰে মন্ত্ৰী পদৰ পৰা কছাৰীক বহিষ্কাৰ কৰিলে। ক্ষমতা হেৰুৱাই বেচিব অনা মাছৰ দৰে অলপ পানীতে সি চটফটাব ধৰিলে। বসন্তৰো পানীত হাঁহ নচৰা অৱস্থা হৈ ঘৰতে থাকিব লৈছে।
ইমনাই বসন্তহঁতৰ প্ৰতিটো কথাই কিছুদিন ধৰি অনুসৰণ কৰি আছে। কোন সময়ত খনীন কছাৰীৰ গেষ্ট হাউছত দুয়ো মিলিত হয়, কোন সময়ত খনীন আৰু বসন্ত ঘৰমুৱা হয় আদিৰ খবৰ পলে পলে ৰাখিছে। এই কামত সহায় কৰিছে গেষ্ট হাউছত ৰান্ধনীৰ কাম কৰা ৰীণাই।
ৰীণাই খবৰ দিলে, দূৰ্গা পূজাৰ নৱমীৰ দিনা বসন্ত আৰু খনীনে গেষ্ট হাউছত এক পাৰ্টীৰ আয়োজন কৰিছে; য’ত নামী-দামী মন্ত্ৰী, বিধায়ক, ব্যৱসায়ী সকলো আহিব। ইমনাৰ মনৰ জুইকুৰা নুমুৱাবৰ বাবে এই দিনটোৱে ভাল হ’ব। তাই ভেশ ধৰি ৰীণাৰ লগত পাৰ্টীলৈ গ’ল। সুযোগ বুজি খনীন কছাৰী আৰু বসন্তক পেণ্ট্ৰি ৰূমত বন্ধ কৰি জুইশলা এটা ৰুমটোলৈ দলিয়াই ইমনা আৰু ৰীণা গুচি আহিল। জুইৰ লেলিহান শিখাই পলকতে কছাৰীৰ গেষ্ট হাউছটো ছানি ধৰিলে। মানুহবোৰ যি যেনেকৈ পাৰে নিজকে বচাবলৈ তাৰ পৰা পলাবলৈ ধৰিলে। কিছু সময় জ্বলি থকা গেষ্ট হাউছৰ পেণ্ট্ৰিৰ পৰা বিকট শব্দ কৰি তিনিটা চিলিণ্ডাৰ বিস্ফোৰণ হ’ল।
আমছিয়াঙৰ কাষৰ গাঁওখনৰ সৰু পঁজাঘৰটোত জগতে বহুদিনৰ মূৰত ইমনাৰ মুখত হাঁহি দেখা পালে। জগতে হয়তো কেতিয়াও নাজানিব সেই হাঁহি বিজয়ৰ, সেই হাঁহি ভণ্ড নেতাক প্ৰদান কৰা উচিত শাস্তিৰ ফচল। আজি ইমনাই হাঁহিছে, ৰীণাই হাঁহিছে, ইমনাৰ দেউতাকৰ আত্মাই হাঁহিছে আৰু সেইদিনা ধৰ্ণাত পুলিচৰ লাঠীত আঘাত পোৱা প্ৰতিজনে হাঁহিছে। নতুনকৈ গঢ়ি উঠা গাঁওখনৰ কাষৰ পূজা মণ্ডপত বিজয়া দশমীৰ দিনা দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল—
“যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা
নমঃতস্বৈ নমঃতস্বৈ নমঃতস্বৈ নমো নমঃ।।”