৬ষ্ঠ বছৰ (দ্বিতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

ওজাপালিৰ বিষয়ে যৎকিঞ্চিৎ – (শ্ৰী নয়নজ্যোতি নাথ)

“নলয় বাট নলয় আলি তাকে বোলে ওজাপালি”
ওজাপালি অসমৰ এটি জনপ্ৰিয় নৃত্যানুষ্ঠান। প্ৰাচীন অসমৰ সংস্কৃতি সমূহৰ ভিতৰত ওজাপালি অন্যতম। ই অসমৰ ঐতিহ্যমণ্ডিত কলা। প্ৰাচীন কালৰে পৰা অসমীয়া জনমানসত ওজাপালি অনুষ্ঠানে এক সুকীয়া আসন দাবী কৰি আহিছে। সম্পূৰ্ণ ধৰ্মীয় বিশ্বাস আৰু লোক পৰম্পৰাৰে সংপৃক্ত অসমৰ ওজাপালি অতি প্ৰাচীন তথা পুৰাতন পৰিবেশ্য কলা। ওজাপালি মূলতঃ দুবিধ। ব্যাস ওজাপালি আৰু সুকনানী ওজাপালি। ব্যাস গোৱা ওজাপালিয়ে মহাভাৰত ৰামায়ণ আৰু পুৰাণৰ আখ্যানৰ কাহিনীসমূহৰ পদবোৰ পৰিবেশন কৰে। সুকনানী ওজাপালিয়ে বিভিন্ন পুৰাণ (চান্দ সদাগৰ, বেউলা লক্ষীন্দৰ)ৰ আখ্যানৰ পদবোৰ পৰিবেশন কৰে।
প্ৰচলিত যে মনকৰ দূৰ্গাবৰ কবি – সুকবি নাৰায়ণ দেৱৰ দ্বাৰা ৰচিত মনসা পাচনীক লৈ এই সংগীত গোৱা হয় বাবে কথিত ভাষাত ইয়াক সুকন্নানী নামেৰে অভিহিত হৈ আহিছে। ইয়াৰ পৰিবৃত্ত বৰ বিশাল।

সুকন্নানী ওজাপালি বা ৰংগোৱা ওজাপালি অনুষ্ঠান ঘাইকৈ মনসা পূজাৰ এক অবিচ্ছেদ্য অংগ। এই পূজা দৰংত মাৰৈ পূজা বা মনসা পূজা নামেৰে জনা যায়। এই মাৰৈ পূজা অনুষ্ঠানত আদিবাসী জনগোষ্ঠীৰ বিভিন্ন দেৱ-দেৱী আৰু কলা কৃষ্টি সমূহেও পিছত একেটা মণ্ডপতে সংহতি ভৃক্ত হৈ পৰে। কছাৰী সকলৰ বঢ়া বাথৌ বা বঢ়া গোঁসাইৰ লগতে আগম কলিয়াৰ বা চোং চাখৰ দেৱতা পূজা, বৌদ্ধৰ ধৰ্ম দেৱতা, আহোম সকলৰ সুভচনী বা সুভাচেনী , চুতীয়া সকলৰ কেঁচাই খাইটি, শাক্ত সকলৰ দূৰ্গা, মনসা, কালী, শিতলা , গণেশ, শিৱ, বিষ্ণু, ধৰ্ম দেৱতা আদি কৰি পঞ্চ দেৱতাৰ প্ৰমূখ্যে আৰ্য্য অনাৰ্য্য দেৱ-দেৱী সকলোৰে আদি পূজাৰ বেদীত অধিষ্ঠিত হয়।
সুকনানী ওজাপালিৰ ওজাই পোচাক হিচাপে গাত কপাহী বা পাটৰ চাপকণ চোলা পৰিধান কৰে। পাটৰ বা কপাহী সূতাৰ ভূনি পিন্ধে। মূৰত পাটৰ বা কপাহী সূতাৰ বগা চাদৰেৰে ডিম্বাকৃতিৰ কুহুম পাগুৰি মাৰে। হাতত ঘাম খাৰু , গলত মণিমালা , সোণৰ ঢোল মাদলি , কাণত কৰিয়া, কান্ধত পাটৰ চাদৰ আৰু কপালত ৰঙা চন্দনৰ বা সেন্দুৰৰ ফোঁট লয়। পালী সকলেও কপাহী সূতাৰ ভূনি পিন্ধে। মূৰত বগা চাদৰৰ মেৰা চালীয়া পাগুৰি মাৰে। গাত বগা কূৰ্তা চোলা পিন্ধে আৰু গাৰ বাওঁ কান্ধত ফুলাম গামোচা লয় আৰু ওজাৰ দৰে পালি সকলেও ৰঙা চন্দন বা সেন্দুৰৰ ফোঁট লয়।

ওজাপালি অনুষ্ঠানত মূল ওজাগৰাকীৰ লগত পালি সকলৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ। পালি সকলক ওজাৰ সহযোগী হিচাপে গণ্য কৰা হয়। ওজাই লগাই দিয়া আখ্যান, যুক্তপদ, দিহা সমূহ পিছত পালি সকলে দোহাৰি দোহাৰি গায়। পালি সমূহৰ ভিতৰতে ওজাৰ সম কক্ষপালি এগৰাকীয়ে ওজাৰ সতে সহযোগিতা আগবঢ়ায়। দিহা পদ, কথাৰ ভাঙনি, নৃত্য, এখন হাতত খুটি তাল, এখন হাতেৰে মুদ্ৰা, ঢোল বজোৱা, দেওঁ‌ধ্বনি নচোৱা আদি কামত নেতৃত্ব দি অনুষ্ঠানটি ৰসভোগ্য কৰি তোলে। তেনে বুদ্ধিমান প্ৰত্যুৎপন্ন পতি স্বভাৱৰ পালি গৰাকীক দাইনা পালি বোলে। ওজাপালি অনুষ্ঠানটিত পালিৰ ভূমিকা অপৰিসীম। সেয়ে কোৱা হয়-
ক) ওজা পোন পালি হালা।
তাহাৰ মাজত ৰসৰ খেলা।।
খ) ওজা বল পালি।
ঢোলৰ বল তালি।।
চৰাইৰ বল পাখি।
মোকোদোমাৰ বল সাক্ষী।।

সুকনানী ওজাপালিয়ে সমাজখনৰ মানুহক পৰিচালনা কৰাত অপৰিহাৰ্য সহায় কৰে। ওজাপালি আচলতে মনোৰঞ্জনেৰে ভৰপূৰ এক লোক- সংস্কৃতি। মানুহে ইয়াক উপভোগ কৰি অতি আনন্দিত হয়, সুখ পায়, দুখবোৰ পাহৰি যায়। মানুহবোৰ একগোট হয়। মানুহৰ মনৰ ভাবৰ আদান প্ৰদান হয়। ওজাপালিৰ লগত এটা অংশ আছে যাক আমি কথা ভাঙনি বা কথোপকথন বুলি কওঁ। এই কথা ভাঙনি ওজাজন আৰু দাইনা পালি জনৰ মাজত হয়। এই কথা ভাঙনিৰ জৰিয়তে গাই থকা আখ্যানৰ পদ , দিহা সমূহ সুন্দৰকৈ দৰ্শকৰ মাজত বুজায় দিয়ে আৰু এই কথা ভাঙনিৰ জৰিয়তে পুথিৰ কথাৰ বাদেও আমাৰ সমাজৰ কিছু ভাল বেয়া কথা দৰ্শকৰ আগত সুন্দৰকৈ উপস্থাপন কৰে। মূলতঃ ওজাপালিয়ে সমাজ এখন পৰিচালিত হোৱা এক বিশেষ ধৰণেৰে অৰিহণা যোগোৱা আমি দেখিবলৈ পোৱা যায়। ইয়াক আমি কৈ বা লিখি‌ বুজাই দিব নোৱাৰোঁ আৰু এটা কথা ক’ব লাগিব যে ওজাপালি বুলিয়ে নহয় অসমৰ সকলো লোক সংস্কৃতিয়ে আমাৰ অসমীয়া জাতিৰ পৰিচয়। এই পৰিচয়ৰ সন্ধানত নৱ প্ৰজন্মই কৰণীয় অত্যাধিক। জাতিৰ পৰিচয় এই সাংস্কৃতিক উপাদানবোৰৰ মাজতে লুকাই আছে। গতিকে জাতি জাতি বুলি চিঞৰি থকাসকলে লোক সংস্কৃতিৰ বিভিন্ন উপাদানসমূহ চৰ্চা বা গৱেষণা কৰা উচিত। তাকে কৰিলে নিজৰ বুৰঞ্জী আৰু সাংস্কৃতিক সমল সমূহ যুগ সাপেক্ষ কৰি লৈ যোৱাত সহায় হ’ব।

আমাৰ এই লিখনী ক্ষুদ্ৰ পৰিষৰৰ এক অধ্যয়নৰ ফচল। আমি আশা কৰিম আৰু অধিক লোকে ইয়াৰ ভিতৰত সোমাই থকা বিদ্যায়তনিক বিষয় সমূহ পুংখানুপুংখ ভাবে অধ্যয়ন কৰক। চৰকাৰেও এই অধ্যয়নক উৎসাহিত কৰিব পৰা পদক্ষেপ হাতত লওক। তেতিয়া অসমীয়া বাচিব।

Leave a Reply

Your email address will not be published. Required fields are marked *