নিবন্ধসম্পাদকীয়

জ্যৰ্ডানো ব্রুনো আৰু যুক্তি দিৱস (কৌশিক দাস)

(মানুহ মনৰ চুকে-কোণে সোমাই থকা অনিষ্টকৰ আৰু ভ্ৰান্ত অথচ অমিত শক্তিশালী বদ্ধমূল বিশ্বাসৰ বিৰোধিতা কৰাটো বৰ এটা সহজ নহয়। অতীতত কথাটো অধিক কঠিন আছিল। নক’লেও হ’ব, তেনে অনিষ্টকৰ ধ্যান-ধাৰণাবোৰ আছিল বিজ্ঞানবিৰোধী, প্ৰগতিৰ গতিৰোধক। আমি দেখিবলৈ পাওঁ, ইতিহাসত কোনো কোনো অকুতোভয় মানুহে অনিষ্টকৰ ধ্যান-ধাৰণা আৰু প্ৰথা-পৰম্পৰাৰ বিৰুদ্ধে মাত মাতি আহিছে অসীম সাহসেৰে। তাৰ বাবে তেনে লোকসকল ভয়াবহ বিপদৰো সন্মুখীন হ’বলগীয়া হৈছে। তেনে বিপদ মূৰ পাতি লৈয়েই তেওঁলোকে মানৱজাতিক আগ বঢ়াই লৈ গৈছে, পৰৱৰ্তী যুগে তেওঁলোকক সভ্যতাৰ পথিকৃৎ বুলি অভিবাদন জনাইছে।

মৃত্যুৰ মাজেদি চিৰকাল অমৰ হৈ থকা তেনে এগৰাকী অসীম সাহসী মানুহৰ নাম জ্যৰ্ডানো ব্রুনো। ব্রুনো আছিল বিজ্ঞান-ছহিদ, যুক্তিবাদৰ ছহিদ। ১৬০০ চনৰ ১৭ ফেব্রুৱাৰীত হত্যা কৰা হৈছিল এইগৰাকী অসামান্য মেধাৰ অধিকাৰী মুক্ত-চিন্তকগৰাকীক।

পাঠকসমাজ নিশ্চয় অৱগত যে “যুক্তি-বিকাশ সমিতি, অসম” আৰু তাৰ সহযোগী গোট “মুক্ত চিন্তা”-ই অসমত যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ হকে ২০০৩ চনৰ পৰাই সাংগঠনিক প্ৰচেষ্টা চলাই আহিছে। গোটটিৰ উদ্যোগত প্রত্যেক বছৰ জ্যৰ্ডানো ব্রুনোৰ মৃত্যুৰ দিনটোৰ সৈতে সংগতি ৰাখি ১৭ ফেব্রুৱাৰীৰ দিনটো উদ্‌যাপন কৰি আহিছে “যুক্তি দিৱস” হিচাপে। ১৭ ফেব্রুৱাৰীৰ দিনটো খোলা দিন হ’লে, “যুক্তি দিৱস” উদ্‌যাপন কৰা হৈ আহিছে তাৰ পৰৱৰ্তী বন্ধৰ দিনটোত।

অসমত পোন-প্রথমবাৰৰ বাবে যুক্তিৰ নামত দুটাকৈ দিন উদ্‌যাপিত কৰা হৈছিল ১৭ আৰু ১৮ ফেব্রুৱাৰী, ২০১৮ চনত।

উল্লেখ কৰিবলগীয়া কথা, এইবাৰ (২০২২ চন) অসমৰ বিভিন্ন প্ৰান্তত, বিভিন্ন বিজ্ঞানমনস্ক গোট-সংগঠনে আয়োজন কৰিছে “যুক্তি দিৱস”-ৰ। অৱশ্যে, এইটো বছৰত কভিড-১৯ ৰোগ আৰু তৎজনিত প্ৰশাসনীয় বাধা-নিষেধৰ বাবে পূৰ্বৰ দৰে বৃহৎ পৰিসৰত “যুক্তি দিৱস”-ৰ পৰিকল্পনা কৰাটো সম্ভৱ নাছিল। তথাপি—অনুষ্টুপীয়াকৈ হ’লেও—আয়োজন কৰা হ’ল “যুক্তি দিৱস”। তেনে কাৰ্যসূচীৰ এটি অংশ হিচাপে ঠিক কৰা হৈছিল, ১৭ ফেব্রুৱাৰীৰ দিনা এই অন-লাইন আলোচনীখনৰ সংখ্যা এটাও প্ৰকাশ কৰা হ’ব। উক্ত পৰিকল্পনাৰ আধাৰতেই “মুক্ত চিন্তা”-ৰ এই সংখ্যাটি প্ৰকাশ কৰা হ’ল। ফলত পূৰ্বৱৰ্তী সংখ্যা আৰু এই বিশেষ সংখ্যাটোৰ মাজত সময়ৰ ব্যৱধান যথেষ্ট হ্ৰাস পাইছে ; অৱশ্যে লগতে আলোচনীখনত প্ৰকাশিত ৰচনা-প্ৰবন্ধৰ সংখ্যাও অলপ কমিছে। পূৰ্বৰ দৰে “সম্পাদকীয় টোকা”-ও এইবাৰ নাই; তাৰ পৰিৱৰ্তে, জ্যৰ্ডানো ব্রুনোৰ সংক্ৰান্তত ২০১৯ চনতেই “অসমীয়া খবৰ”-ত প্ৰকাশিত এটি প্ৰবন্ধ সামান্য পৰিবৰ্ধিত ৰূপত সন্নিবিষ্ট কৰা হৈছে। বিজ্ঞান আৰু যুক্তিবাদৰ ছহিদ অকুতোভয় জ্যৰ্ডানো ব্রুনোৰ সোঁৱৰণত উক্ত লিখাটি আগ বঢ়োৱা হ’ল)

আমি মানৱজাতিটোৱে বাস কৰোঁ এটা গ্রহত। আমি গ্রহটোৰ নাম ৰাখিছোঁ পৃথিৱী। পৃথিৱীয়ে নিজৰ কক্ষত, সূৰ্য নামৰ নক্ষত্র এটাক কেন্দ্র কৰি অবিৰাম আৱৰ্তন কৰি আছে। সূৰ্যৰ চাৰিওফালে ঘূৰি থকা আৰু কেইটিমান গ্রহ আছে। অৰ্থাৎ, সৌৰজগত নামৰ পৰিয়ালটোৰ আটাইকেইটি সদস্য সূৰ্যক কেন্দ্র কৰি আৱৰ্তিত হৈ আছে; সৌৰজগতৰ কেন্দ্রত সূৰ্যৰ অৱস্থান।

এইখিনি কথাতো স্কুলীয়া পাঠ্যপুথিতেই পোৱা যায়! তেনেহলেনো ইমান সাধাৰণ কথা এটাই এই চমু ৰচনাখনৰ প্রথমতেই স্থান পাইছে কিয়, এইটো প্রশ্ন সংগত কাৰণতেই উত্থাপিত হ’ব। সচাঁ কথা, সৌৰজগতৰ কেন্দ্রত সূৰ্যৰ অৱস্থান— এই কথাটো আজি আমাৰ বাবে এটা অতি সহজ সত্য। কিন্তু আজি অতি সাধাৰণ যেন লগা, পাঠশালাৰ কণ কণ ছাত্র-ছাত্রীও জনা উক্ত সহজ কথাটো কোৱাৰ বাবে এজন মানুহক বন্দী কৰি ৰখা হৈছিল। সিমানেই নহয়, বন্দীগৰাকীয়ে কৰা তেনে “অপৰাধ”-ৰ বাবে আইনী প্রক্রিয়াৰে বিচাৰ চলোৱা হৈছিল প্রায় এটা দশক ধৰি, বন্দীগৰাকীক “ভুল” স্বীকাৰ কৰিবলৈ বাৰে বাৰে হেঁচা দিয়া হৈছিল। বন্দীগৰাকী আছিল অসাধাৰণ বুদ্ধিমত্তাসম্পন্ন বিৰল প্রতিভাৰ অধিকাৰী। নাম আছিল জ্যৰ্ডানো ব্রুনো।

ব্রুনোৰ জন্ম হৈছিল ১৫৪৮ চনত, ইটালীৰ নোলাত। পাছৰ জীৱনত ব্রুনোৱে লেখিছিল যে সৰু কালত তেওঁৰ ঘৰৰ পৰা ডাঠ কুঁৱলিৰে আৱৰি থকা বিছুভিয়াছৰ সুউচ্চ শৃংগটো চকামকাকৈহে দেখিবলৈ পোৱা গৈছিল; তেতিয়া তেওঁ ভাবিছিল, বিছুভিয়াছেই হৈছে পৃথিৱীৰ শেষ সীমা। ব্রুনোৰ বয়স যেতিয়া পোন্ধৰ বছৰ, তেতিয়া তেওঁ শিক্ষা গ্রহণৰ বাবে প্রৱেশ কৰে ইটালীৰেই এখন ডমিনিকান মঠত। তাৰ পাছত ব্রুনোৱে অলপ দিনৰ বাবে আৰম্ভ কৰে ধৰ্মযাজকৰ জীৱন।

সৰু কালত ব্রুনোৰ ঘৰৰ পৰা ডাঠ কুঁৱলিৰে আৱৰি থকা বিছুভিয়াছৰ সুউচ্চ শৃংগটো চকামকাকৈহে দেখিবলৈ পোৱা গৈছিল; তেতিয়া তেওঁ ভাবিছিল, বিছুভিয়াছেই হৈছে পৃথিৱীৰ শেষ সীমা

ব্রুনো আছিল অতি অধ্যয়নশীল, আশ্চৰ্যকৰ স্মৃতি শক্তিৰ অধিকাৰী এগৰাকী মুক্ত চিন্তক। মঠত থকা সময়ত বিভিন্ন বিষয়ৰ অসংখ্য গ্রন্থ তন্ন তন্নকৈ অধ্যয়ন কৰিছিল তেওঁ। তেনে সময়তেই তেওঁৰ হাতত পৰিল এখনি ক্রান্তিকাৰী গ্রন্থ, ৰচক নিকোলাছ ক’পাৰ্নিকাছ।

ক’পাৰ্নিকাছৰ গ্রন্থখন আছিল সঁচাই যুগান্তকাৰী। বহু যুগৰ আগতেই প্রাচীন আলেকজান্দ্রিয়াৰ গ্রীক্‌ পণ্ডিত ক্লডিয়াছ টলেমিয়ে বিশ্বব্রহ্মাণ্ডৰ এটি আৰ্হি আগব‌ঢ়াইছিল। উক্ত আৰ্হিটোত আমাৰ পৃথিৱীখনে স্থান পাইছিল সমগ্র বিশ্বব্রহ্মাণ্ডৰ কেন্দ্রত; পৃথিৱীক কেন্দ্র কৰি আৱৰ্তিত হৈছিল সূৰ্যকে ধৰি ব্রহ্মাণ্ডৰ সকলো গ্রহ-নক্ষত্র। সেই সময়ৰ মানুহৰ সীমাবদ্ধ জ্ঞান আৰু অভিজ্ঞতাৰ বাবে তেনে ধাৰণাৰ জন্ম হোৱাটো আছিল স্বাভাবিক কথা। কিন্তু পৰৱৰ্তী কালত কথাটোৱে একেবাৰেই বেলেগ ৰূপ ধাৰণ কৰিলে। ভূ-কেন্দ্রী ব্রহ্মাণ্ডৰ উক্ত আৰ্হিটোক প্রচণ্ড প্রভাৱশালী এৰিষ্টটলেও সত্য বুলি ধাৰণা কৰিছিল। পাছলৈ উক্ত তত্ত্বটো ধৰ্মবিশ্বাসৰ সৈতেও সম্পৃক্ত হৈ পৰিল। সেই কালত অতি ক্ষমতাশালী ধৰ্মৰ বিপৰীতে কোনো কথা উপস্থাপন কৰাটো অভাৱনীয় আছিল। প্রচলিত ধৰ্মই যিহেতু ভূ-কেন্দ্রী ব্রহ্মাণ্ডৰ আৰ্হিটোক অনুমোদন জনাইছিল, সেইবাবে সহস্র বছৰৰ বাবে তত্ত্বটোৱে প্রশ্নাতীত “সত্য”-ৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল।

হেজাৰ বছৰ তেনেদৰেই পাৰ হৈ গ’ল। পোলেণ্ডৰ নিকোলাছ কপাৰ্নিকাছ (১৪৭৩-১৫৪৩চন) নামৰ যাজক এগৰাকীয়ে গভীৰ পৰ্যবেক্ষণৰ পৰা নিশ্চিত হ’ল যে আমাৰ সৌৰজগতৰ কেন্দ্রত পৃথিৱী নাই, তাত সূৰ্যৰহে অৱস্থান। কপাৰ্নিকাছে সৌৰজগতৰ সূৰ্যকেন্দ্রিকতাৰ কথাটো প্রতিপন্ন কৰি গ্রন্থ এখন ৰচনা কৰিলে। ইংৰাজীত তৰ্জমাত গ্রন্থখনৰ নাম On the Revolutions of the Celestial Spheres। সূৰ্যকেন্দ্রিকতাৰ কথা তেতিয়া প্রকাশ কৰাটো আছিল মৰ সাহসৰ কাম। কথিত আছে যে কপাৰ্নিকাছৰ মৃত্যুৰ দিনাখনহে গ্রন্থখনৰ মুদ্রিত পৃষ্ঠাকেইটা তেওঁৰ হাতত পৰিছিল; আগকথাটোত কপাৰ্নিকাছৰ চহী নাছিল, সেইটো লিখিছিল তেওঁৰ এগৰাকী বন্ধুৱে। তাত কোৱা হৈছিল যে কিতাপখনত বৰ্ণনা কৰা তত্ত্বটো সঁচা আৰু সম্ভৱ নহয়। ধৰ্মৰ কোপদৃষ্টিৰ পৰা হাত সাৰিবলৈকে তেনে কৰা হৈছিল। গ্রন্থখন আছিল সাধাৰণ মানুহৰ বাবে দুৰ্বোধ্য জটিল কৰিকৰী তথ্য-তত্ত্বৰ সমাহাৰ। কিন্তু গ্রন্থখন প্রকাশ কৰাৰ আগতেই মানুহৰ মাজত সূৰ্যকেন্দ্রিক মডেলটোৰ নানান গুজব ওলাই গৈছিল। ১৫৩৯ চনতেই ধৰ্মসংস্কাৰ আন্দোলৰ কাণ্ডাৰী মাৰ্টিন লুথাৰে প্রচণ্ড ব্যংগৰে কৈছিল যে অখ্যাত কোনোবা মূৰ্খ এটাই পৃথিৱীখন ঘূৰি থাকে বুলি ধাৰণা কৰে— এনেকুৱা কথা এটা শুনিবলৈ পোৱা গৈছে।

ব্রুনোৰ হাতত যে কপাৰ্নিকাছৰ যুগান্তকাৰী গ্রন্থখন পৰিছিল, সেইটো উনুকিয়াই আহিছোঁ। তীক্ষ্ম মগজুৰ অধিকাৰী, পূৰ্বধাৰণাৰ পৰা মুক্ত ব্রুনোৱে তৎকালেই কপাৰ্নিকাছৰ তত্ত্বটোৰ গুৰুত্ত্ব বুজি পাবলৈ সক্ষম হ’ল। ব্রুনো আছিল কাকো কেৰেপ নকৰা মানুহ। কপাৰ্নিকাছৰ তত্ত্বটো যে শুদ্ধ, টলেমিৰ ব্রহ্মাণ্ডৰ আৰ্হিটো প্রমাদযুক্ত, সেই কথাটো কোনো লুক‌ঢাক নোহাৱাকৈ ব্রুনোৱে প্রচাৰ কৰিবলৈ আৰম্ভ কৰিলে। লগে লগে ব্রুনো সন্মুখীন হ’ল ধৰ্মবেত্তাসকলৰ ভয়ংকৰ ভাবুকিৰ। বিপদৰ আশংকা ঘনীভূত হৈ পৰাত ১৫৭৮ চনত তেওঁ ইটালী এৰি জেনেভালৈ গুছি যায়। তাতো ব্রুনো নিশ্চুপ হৈ নাথাকিল। নিজে সঁচা বুলি ভবা কথাবোৰ অবিৰতভাবে মানুহৰ মাজত প্রচাৰ চলাবলৈ ধৰিলে। ফলত অলপ দিনৰ পাছতেই জেনেভাতো একেই অৱস্থাৰ উদ্ভৱ হয়। জেনেভাতো স্থান নাপালে তেওঁ। এইবাৰ তেওঁ গমন কৰে ফ্রান্সলৈ। ব্রুনোৰ পাণ্ডিত্যৰ বাবে ফ্রান্সে প্রথমতে তেওঁক আদৰি লৈছিল। তাত তেওঁ আৰম্ভ কৰিলে বিভিন্ন বিশ্ববিদ্যালয়ত অধ্যাপনাৰ কাম। কিন্তু তাতো অপ্রিয় হ’বলৈ ব্রুনোৰ বেছি পৰ নালাগিল, ফ্রান্সতো ঘটিল একেই ঘটনাৰ পুনৰাবৃত্তি। ১৫৮৩ চনত ইংলেণ্ডলৈ গুছি যায় ব্রুনো। তাত তেওঁ আছিল দুবছৰ। ইংলেণ্ডত তেওঁ বহুতো গ্রন্থ ৰচনা কৰে। কিন্তু নিজৰ মতৰ বাবে তাতো দিনকাল বেয়ালৈ যোৱাত ১৫৮৫ চনত পুনৰ ফ্রান্সলৈ উভতি আহে তেওঁ। তাত তেওঁ এইবাৰ আছিল মাত্র এটা বছৰ। সেই তাকৰীয়া সময়তো ব্রনো গ্রন্থ-ৰচনাত নিমগ্ন হৈ আছিল। ক্রমাৎ বিপদৰ আশংকা তীব্র হৈ অহাত ১৫৮৬ চনত তেওঁ জাৰ্মানীলৈ যায়। জাৰ্মানীত থকা সময়তেই ব্রুনোৱে এৰিষ্টট’লৰ তত্ত্বৰ বিৰুদ্ধে ১২০-টা প্রস্তাৱ উত্থাপন কৰে। তাৰ ফল কিমান ভয়ংকৰ আছিল, সেইটো নক’লেও হ’ব। ১৫৮৮ তেওঁ প্রাগলৈ গুছি যায়। তাত থকা কালতো তেওঁ অবিৰতভাবে গ্রন্থ ৰচনা কৰি গৈছিল। ১৫৯০ চনত তেওঁ পুনৰ জাৰ্মানীলৈ উভতি আহে। এইবাৰ তাতেই ব্রুনোৱে তেওঁৰ বিশ্বতত্ত্বৰ গ্রন্থ ৰচনা কৰে।


“জ্যৰ্ডানো ব্রুনো”। চন্দ্ৰৰ বুকুৰ এটি গহ্বৰ, মুক্ত চিন্তকগৰাকীৰ শ্ৰদ্ধাত কৰা নামকৰণ।

ফটোৰ উৎস : http://lroc.sese.asu.edu/posts/540

নিজে সঁচা বুলি ধাৰণা কৰা কথাবোৰত অনড় হৈ থকাৰ বাবে, সেই কথাবোৰ মানুহৰ মাজত কোনো দ্বিধা নোহোৱাকৈ প্রচাৰ কৰাৰ বাবে দেশহীন যাযাবৰ হৈ পৰিছিল ব্রুনো। তেওঁ কৈছিল, যিজনে জ্ঞানচৰ্চা কৰিবলৈ আগবা‌ঢ়ে, তেওঁ সকলো কথাতে সংশয় প্রকাশ কৰিব লাগিব। গুজবে কি কৈছে, অধিকাংশ লোকে কি কয়, কোৱা লোকজনৰ বয়স, বিদ্যা, সামাজিক প্রতিপত্তি, সেইবোৰ নিজৰ মতামতৰ ভিত্তি হ’ব নেলাগে, সত্য প্রতিষ্ঠা কৰিব লাগিব যুক্তিক ভিত্তি কৰি। ব্রুনোৱে নিজে কোনো বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰা নাছিল। অন্য বৈজ্ঞানিকে উনুকিয়াই দিয়া কৰা কথাবোৰক যুক্তিৰ তুলাচনীৰে বিচাৰ কৰিছিল নিৰ্মোহভাবে, তাৰ পাছত সেইসমূহক পৰিশ্রুত কৰি নিজৰ মতে ব্যাখ্যা কৰিছিল। তেনে মুক্ত চিন্তাৰ ফলতেই তেওঁ ক’বলৈ সক্ষম হৈছিল যে সূৰ্য এটা নক্ষত্র, গ্রহবোৰে সূৰ্যক কেন্দ্রত লৈ আৱৰ্তন কৰি থাকে। তেওঁ সেই তেতিয়াই অভাবনীয় অন্তৰ্দৃষ্টিৰে ঘোষণা কৰিছিল যে অন্য নক্ষত্রৰো সূৰ্যৰ দৰেই গ্রহ কথাটো সম্ভৱ। তেওঁ কৈছিল, গ্রহ আৰু নক্ষত্রৰ দুই প্রকাৰৰ গতি আছে; আনকি অক্ষ আৰু কক্ষৰ ধাৰণাটোও ব্রুনোৱে ডাঙি ধৰিছিল। ব্রুনোৱে কৈছিল, বিশ্বব্রহ্মাণ্ড অসীম, গতিকে তাৰ কেন্দ্র কি, সেইটো এটা অৰ্থহীন প্রশ্ন। কোনে জানিছিল, বিছুভিয়াছেই পৃথিৱীৰ শেষ সীমা বুলি বিশ্বাস কৰা কণমানি ল’ৰা এটা পৰৱৰ্তী কালত হৈ পৰিব অসীম বিশ্বব্রহ্মাণ্ডৰ ধাৰণাৰ নিৰ্ভীক প্রবক্তা। তেতিয়াৰ যুগত বিশ্বব্রহ্মাণ্ডৰ অসীমত্বৰ কথা মনলৈ অহাটোৱেই আছিল এটা পৰম আশ্চৰ্যৰ কথা। মুক্ত চিন্তাৰ অবিহনে সেইটো সম্ভৱ নাছিল। তেওঁ কৈছিল যে বিশ্বব্রহ্মাণ্ড নিয়ত পৰিৱৰ্তনশীল। ব্রুনোৱে কোনো দ্বিধা নোহোৱাকৈ সুস্পষ্টভাবে কৈছিল, বিশ্বব্রহ্মাণ্ড যিহেতু একেধৰণৰ বস্তুৰেই গঠিত, সেইবাবে কিছুমান বস্তু পাৰ্থিৱ আৰু কিছুমান স্বৰ্গীয়, তেনে মতবাদ ভ্রান্ত। নক’লেও হ’ব, ব্রুনোৰ সেইবোৰ কথা আছিল প্রচলিত ধৰ্মৰ ওপৰত একো একোটা প্রচণ্ড আঘাত।

বিছুভিয়াছেই পৃথিৱীৰ শেষ সীমা বুলি বিশ্বাস কৰা কণমানি ল’ৰা এটা পৰৱৰ্তী কালত হৈ পৰিছিল অসীম বিশ্বব্রহ্মাণ্ডৰ ধাৰণাৰ নিৰ্ভীক প্রবক্তা

১৫৯১ চনত ব্রুনোৰ হাতত পৰিলহি এখন চিঠি। চিঠিখনত তেওঁৰ এগৰাকী প্রাক্তন ছাত্রই ভাষাৰ সংক্রান্তত পাঠদান কৰিবলৈ ব্রুনোক ইটালীলৈ নিমন্ত্রণ কৰিছিল। সেইমৰ্মে ব্রুনো ইটালীলৈ যায়। চিঠিখন আছিল এটা ফান্দ। ব্রুনোক বন্দী কৰি ধৰ্মীয় বিচাৰ আৰম্ভ কৰা হ’ল। তেওঁৰ ওপৰত আৰোপ কৰা হ’ল ১৩০-টা অভিযোগ। যুগন্ধৰ এই মহাপ্রতিভাক এটা সৰু কোঠাত কাৰাৰুদ্ধ কৰি অবিৰাম চলাই যোৱা হ’ল ভয়ংকৰ নিৰ্যাতন। অৰ্ধাহাৰে ৰখা হৈছিল ব্রুনোক। মাজে মাজে তেওঁক দিয়া হ’ল ভুল স্বীকাৰৰ বিনিময়ত মুক্তিৰ লোভনীয় প্রস্তাৱ। কিন্তু ব্রুনো নিজৰ মতত অটল হৈয়েই থাকিল। উপায় নাপাই ১৬০০ চনত পুনৰ বিচাৰ সম্পন্ন কৰা হয়। ৮ ফেব্রুৱাৰীত ধৰ্মীয় আদালতে ৰায় দিলে যে বিনা ৰক্তপাতে ব্রুনোক মৃত্যুদণ্ড দিয়া হ’ব। সেইটো আছিল এটা নিৰ্মম-নিষ্ঠুৰ পৰিহাস। বিনা ৰক্তপাতৰ অৰ্থ আছিল— জীয়াই জীয়াই অপৰাধীক জ্বলাই হত্যা কৰা। অতি সাহসী লোকো তেনে ৰায় শুনি কঁপি উঠিব। কিন্তু ব্রুনো নামৰ এই অদ্ভূত অকুতোভয় মানুহজনে ৰায়টো শুনি যিটো কথা কৈ গ’ল, সেইটোৱে যুগ যুগ ধৰি অগণন সত্যানুসন্ধানী মানুহক অনুপ্রাণিত কৰি ৰাখিব। ৰায়দান কৰা বিচাৰকক ব্রুনোৱে কৈছিল, মই মোৰ মৃত্যুৰ ৰায় শুনি যিমান ভয় খাইছোঁ, তাতোতকৈ মোৰ সত্যক আপোনালোকে বহুত বেছি ভয় খাইছে!

যিখিনি ঠাইত ব্ৰুনোক জ্বলাই দিয়া হৈছিল, তাত এতিয়া ব্ৰুনোৰেই মূৰ্ত্তি। (ফটোখন উইকিপেডিয়াৰ পৰা সংগ্ৰহিত)

১৬০০ চনৰ ১৭ ফেব্রুৱাৰীক জ্বলাই মাৰি পেলোৱা হ’ল জ্যৰ্ডানো ব্রুনোক। ব্রুনোৰ সকলোবোৰ ধাৰণা শুদ্ধ নে অশুদ্ধ, সেইটো এটা বেলেগ প্রসংগ। ডাঙৰ কথাটো হৈছে ব্রুনোৱে প্রাণ দিছিল চিন্তাৰ স্বাধীনতাৰ বাবে, চিন্তাৰ মুক্ততাৰ বাবে, যুক্তিৰ বাবে। ব্রুনোৰ হত্যা মানৱ ইতিহাসৰেই এটা উল্লেখযোগ্য ঘটনা। বিজ্ঞানমনস্কতা আৰু মুক্ত চিন্তাৰ বাট এনেও মসৃণ নহয়, সম্প্রতি তেনে পথ অধিক কন্টকাকীৰ্ণ আৰু প্রতিকুল হৈ পৰিছে। এই পটভূমিত যুগনায়ক জ্যৰ্ডানো ব্রুনোৰ অদম্য সাহসৰ নিদৰ্শনে বৰ্তমান সময়ৰ যুক্তিবাদী মুক্ত চিন্তকসকলকো নিশ্চয় উজ্জীৱিত-অনুপ্রাণিত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *