অন্ধবিশ্বাস, কুসংস্কাৰ আৰু জনপ্ৰতিনিধিৰ বিজ্ঞানমনস্কতা-(দুলেন চমুৱা)
বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন উন্নত দেশৰ লগত আমাৰ দেশ ভাৰতে বিজ্ঞান-প্ৰযুক্তিৰ দিশত সমানে সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে। যোৱা জুলাই মাহৰ ২২ তাৰিখে ভাৰতীয় মহাকাশ গবেষণা সংস্থাই চন্দ্ৰৰ বুকুলৈ চন্দ্ৰযান-২ প্ৰেৰণ কৰিছিল। এই অভিযান সম্পূৰ্ণ সফল নহ’লেও বিশ্বৰ উন্নত দেশসমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। ইছৰোৰ এই অভিযান সফল হোৱা হ’লে বিশ্ব দৰবাৰত ই এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’লহেঁতেন। কিন্তু এফালে বিজ্ঞানৰ জয়জয়কাৰ আৰু আনফালেদি কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত ডুব গৈছে দেশ। অতি পৰিতাপৰ কথা এয়ে যে বিজ্ঞানৰ এনে জয়যাত্রা অব্যাহত থকাৰ সময়তে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত ডুব গৈছে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমো। ভূত, পিশাচ, ডাইনী, পশুবলি, নৰবলি, বেজালি আদি বিভিন্ন কুসংস্কাৰ আৰু অন্ধবিশ্বাসে ৰাজ্যখনক আৱৰি ধৰিছে। গৰিষ্ঠসংখ্যক মানুহৰ মন-মগজুৰ পৰা বিজ্ঞানমনস্কতা পলাই ফাট মাৰিছে। কাৰ্বি আংলঙৰ নীল, অভিজিৎ কাণ্ডৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই পুনৰ ওদালগুৰি জিলাৰ কলাইগাঁৱত সংঘটিত হ’ল আন এক ৰোমহৰ্ষক ঘটনা। এগৰাকী বিজ্ঞান শিক্ষক কেনেদৰে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বলি হ’ল তাৰেই শেহতীয়া উদাহৰণ হ’ল কলাইগাঁৱৰ যাদৱ চহৰীয়া। তেনেদৰে কেইদিনমানৰ পূৰ্বে বাতৰিকাকতত পঢ়িবলৈ পোৱামতে যোৰহাটত এজন বেজে এগৰাকী ৰোগীক চিকিৎসা কৰাৰ নামত লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে।
কেইমাহমানৰ পূৰ্বে ৰাজ্যৰ মুৰব্বীগৰাকীয়ে ডিব্ৰুগড়ৰ এখন শৈক্ষিক সভাত উদাত্ত কণ্ঠেৰে কৈছিল- “অন্ধবিশ্বাস আৰু অপসংস্কৃতিৰ বিৰুদ্ধে সকলো এক হ’ব লাগিব। একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত অন্ধবিশ্বাস আৰুসংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক। সামাজিক ব্যাধি, অন্ধবিশ্বাসৰ বিৰুদ্ধে সকলো সকলো সজাগ আৰু সচেতন হৈ থাকিব লাগিব।” চৰকাৰৰ মুৰব্বীগৰাকীৰ এনে গুৰুত্বপূৰ্ণ বক্তব্য শুনাৰ পিছত আমাৰ দৰে ক্ষুদ্ৰ মগজুৰ নিঃকিনসকলৰ মনত স্বাভাবিকতে কিছু প্ৰশ্নৰ উদয় হৈছে । নদী পূজনৰ নামত নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক কোনে অনুষ্ঠিত কৰিছিল ? ৰাজ্যত শান্তি প্ৰতিষ্ঠাৰ বাবে অতিৰুদ্ৰ মহাযজ্ঞ কোনে অনুষ্ঠিত কৰিছিল? কিহৰ তাড়নাত ৰাজ্যৰ বাহিৰৰ পৰা পুৰোহিত, গাইগৰু উৰাজাহাজত আনি এনে পূজা, যজ্ঞ পাতি দুখীয়া ৰাজ্যখনৰ কোটি কোটি টকা পানীত পেলোৱা হ’ল ? এনে যজ্ঞ,পূজা পাতি অমৰত্ব লাভ কৰা, যুদ্ধৰ বাবে বিশেষ অস্ত্র লাভ কৰা, নিঃসন্তান নাৰীয়ে দেৱতাক পূজা কৰি সেই দেৱতাৰ দ্বাৰা গৰ্ভধাৰণ কৰাকে ধৰি বিভিন্ন পৌৰাণিক আখ্যান পঢ়ি আমোদ লাভ কৰো। ইন্দ্ৰ, বায়ু, বৰুণ , অগ্নি আদি কৌটি কৌটি দেৱতাৰ অনেক মুখৰোচক কাহিনী। পঢ়িছো নৰকৰ যমৰাজৰ কথা, পঢ়িছো যমৰ সচিব চিত্রগুপ্তৰ সেই বিশেষ ডায়েৰী নে খাটাবহীখনৰ কথা। পঢ়িছিলো বৰষুণৰ বাবে বৰুণ দেৱতাক পূজা কৰাৰ কথা, সূৰ্য দেৱতাই কুমাৰী কুন্তীৰ আমন্ত্ৰণ ক্রমে গৰ্ভধাৰণ কৰোৱাৰ কথা। পঢ়িছিলোঁ পাণ্ডুপুত্র যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞ কৰি একছত্রী সম্ৰাট হোৱাৰ বাসনাৰ কথা। সেইবোৰ পৌৰাণিক কাহিনী পঢ়ি ল’ৰালি কালত আনন্দ লাভ কৰিছিলো। কিন্তু সেই দিন আৰু আজি এইদিন? সেই সময়ত বিজ্ঞানৰ কণকঠীয়া আছিল নে? সূৰ্যক নক্ষত্ৰ বুলি বৰ্ণনা কৰা নাছিল, সূৰ্য আছিল এজন প্ৰতাপী দেৱতা। গতিকে প্ৰতাপী সূৰ্যৰ পৰা শক্তিমান পুত্র লাভ কৰিবলৈ কুন্তীয়ে পূজা কৰিছিল আৰু তাৰ পৰিণতিত জন্ম লাভ কৰিছিল মহাবীৰ কৰ্ণই। এই কাহিনী একৈশ শতিকাত গ্ৰহণযোগ্য নে ? সূৰ্যক পূজা কৰিলে নামি আহিবনে জ্বলন্ত অগ্নিকুণ্ডটো ? তেন্তে বিজ্ঞানৰ এনে জয়জয়কাৰৰ দিনত নমামি ব্ৰহ্মপুত্ৰ, অতিৰুদ্ৰ মহাযজ্ঞৰ বাস্তৱিকতা আছেনে? এনে ভূমি পূজা, নদী পূজা, মহাযজ্ঞ পাতি চৰকাৰ চলোৱা, বিজ্ঞানৰ প্ৰসাৰৰ বাবে কাম কৰা একোজন শিক্ষিত জনপ্ৰতিনিধিয়েই যদি এনে কুসংস্কাৰ আৰু অন্ধবিশ্বাস, অপসংস্কৃতিৰ বলি হয় তেনে সৰ্বসাধাৰণ অশিক্ষিত লোকলৈ থাকিল কি? সচেতন লোকসকলে নিশ্চয় দেখিছে যে গৰিষ্ঠসংখ্যক জনপ্ৰতিনিধি, কৌটিপতি লোক, একাংশ ডাক্তৰ, বিজ্ঞানীয়ে দুয়োখন হাতৰ দহোটা আঙুলিত ভিন্ন পাথৰ সংলগ্ন লাখ লাখ টকীয়া আঙুঠি পৰিধান কৰিছে। কপালত ডাঙৰ ডাঙৰ ফোঁট লৈ, পূজা, যজ্ঞ, হাতৰ দহটা আঙুলিত জ্যোতিষীয়ে বিধান দিয়া মতে গ্ৰহ ৰত্ন পৰিধান কৰি তেওঁলোকে কেনেধৰণৰ বিজ্ঞানমনস্কতা প্ৰদৰ্শন কৰে সেই কথা আমাৰ দৰে সাধাৰণ মানুহৰ বুজিবলৈ কষ্ট হয়। যি জ্যোতিষীয়ে জীৱ-জন্তুৰ হাড়,ছাল, শিং আদি অবৈধভাৱে ৰখাৰ বাবে আৰক্ষীৰ গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰিব লগীয়া হয় তেনে জ্যোতিষীৰ পৰা আমাৰ জনপ্ৰতিনিধিয়ে লাখ লাখ টকীয়া ৰত্ন পৰিধান কৰি বিপদৰ পৰা নিৰাপদ অনুভৱ কৰে ।দুবছৰমান আগেয়ে শিবসাগৰৰ এটি পৰিয়াল জ্যোতিষীৰ ওচৰত ভবিষ্যত গণনা কৰি ঘৰলৈ ঘূৰি আহোঁতে পানীত পৰি গোটেই পৰিয়ালটোৰ মৃত্যু হৈছিল ।ভবিষ্যত নিৰ্ধাৰণ কৰিব পৰা, বিপদ-আপদত সুৰক্ষা দিয়াৰ দাবী কৰা জ্যোতিষীজনে সেই দুৰ্ভগীয়া পৰিয়ালটোৰ মুহূৰ্তৰ ভবিষ্যতটোকে নিৰ্ণয় কৰিব নোৱাৰিলে কিয়? আশ্ৰম, মন্দিৰ, বাবাজীৰ ওচৰত বেছিকৈ ভীৰ কৰা লোকসকলেই হ’ল দেশ চলোৱা, জনসাধাৰণৰ ভবিষ্যত নিৰ্ধাৰণ কৰা ধনৱান ৰাজনীতিকসকল। এনে আশ্ৰমৰ ৰখীয়া, বাবা, সন্ন্যাসী, গডমেন ৰামৰহিম, আশাৰাম বাপুকে ধৰি অসংখ্যজনৰ যৌন কেলেংকাৰিৰ কথা, তেওঁলোকে সংঘটিত কৰা হত্যাকাণ্ডৰ কথা, শই শই অবৈধ মাৰণাস্ত্র মজুত ৰখাৰ কথা নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই ।তেন্তে এনে আশাৰাম বাপু, ৰামৰহিম, ৰজনীশ আদিৰ দৰে নিজকে গডমেন বুলি দাবী কৰা কুখ্যাত লোকৰ চৰণত দেশ চলোৱা, ৰাজ্য চলোৱা সৰহসংখ্যক ৰাজনীতিক, একাংশ ডাক্তৰ, বিজ্ঞানীয়ে শৰণ লয় কিয়? নমামি ব্ৰহ্মপুত্ৰ পাতি গৰাখহনীয়া, বানপানী ৰোধ কৰিব নোৱাৰি শেহতীয়াকৈ ব্ৰহ্মপুত্ৰক সন্তুষ্ট কৰিবলৈ পুনৰ ৬০ কোটি টকা খৰচ কৰি “ব্ৰহ্মপুত্ৰ পুষ্কৰণ” নামৰ যজ্ঞ পাতিবলৈ চৰকাৰে সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। যিসময়ত বানপানীত আক্রান্তসকলক সহায় কৰিব পৰা নাই, শিক্ষকক ধনৰ অভাৱত দৰমহা দিব পৰা নাই, ধনৰ অভাৱত বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব পৰা নাই, তেনে সময়ত ৰাজকোষৰ ৬০ কোটি খৰচ কৰি ব্ৰহ্মপুত্ৰ পুষ্কৰণ পাতিবলৈ সিদ্ধান্ত লোৱাটো কিমান যুক্তিসংগত? বাতৰিকাকতত পঢ়িবলৈ পোৱামতে এই পূজাৰ বাবে ৰাজ্যৰ বাহিৰৰ পৰা ৫০ হাজাৰ পুৰোহিত অনা হ’ব। যিসময়ত ধনৰ নাটনিৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ পৰা দান-বৰঙণি বিচাৰি বিজ্ঞাপন দিব লগা হৈছে , তেনে সময়ত অনৰ্থক, অন্ধবিশ্বাসৰ নামত ইমান বৃহৎ পৰিমাণৰ ধন অপব্যৱহাৰ কৰাটো কিমান যুক্তিসংগত ? যিসময়ত টকা-পইচা কেছলেচ ব্যৱস্থাৰ কথা কোৱা হৈছে, সমগ্ৰ ব্যৱস্থাক ডিজিটেলাইজ কৰি আধুনিক ৰূপ দিয়া হৈছে, সেই সময়ত নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক পাতি বানপানী ৰোধ কৰিবলৈ চেষ্টা কৰা , অতিৰুদ্ৰ মহাযজ্ঞ পাতি ৰাজ্যত শান্তি স্থাপন কৰিবলৈ অপচেষ্টা কৰা, দহটা আঙুলিত দহটা ভিন্ন পাথৰ ধাৰণ কৰি নিজৰ ৰাজনৈতিক যাত্ৰা সুৰক্ষিত কৰিবলৈ অপচেষ্টা চলোৱাটো কেনেধৰণৰ বিজ্ঞানমনস্কতা? বাতৰিকাকতত পঢ়িবলৈ পোৱামতে পবিত্ৰ বুলি জ্ঞান কৰা গংগা নদীৰ পানী আটাইতকৈ বেছি বীজাণুযুক্ত। কিন্তু সেই গংগাৰ বীজাণুযুক্ত পানী চৰকাৰীভাৱে মূল্যৰ বিনিময়ত ধৰ্মভীৰু লোকসকলক যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। এফালে ডিজিটেল ইণ্ডিয়া আনফালেদি নদী পূজন, যজ্ঞ পাতি বানপানী ৰোধ, শান্তি স্থাপনৰ অপ্ৰয়াস। এইখিনিতে আন কিছুমান প্ৰশ্নয়ো আমাৰ মনত চিন্তাৰ উদ্ৰেক ঘটায় । এইযে অসমত যাগ-যজ্ঞ পাতিবৰ বাবে বাহিৰৰ পৰা হাজাৰ হাজাৰ পুৰোহিত আনিব লগা হয়, এই কথাটোত অসমৰ পুৰোহিতসকলৰ বাৰু নাকত ধৰে নে নধৰে? অসমৰ পুৰোহিতসকলৰ যোগ্যতা নাই নে কি? নে তেওঁলোকৰ লাইচেঞ্চৰ ম্যাদ উকলিল ? অসমত বিজ্ঞান সমিতি বুলি বিয়াগোম সংস্থা এটা আছে। কিন্তু এই বিজ্ঞান সমিতিখনে চৰকাৰৰ এনে অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ বিৰুদ্ধে কিয় ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি নকৰে সেই কথাহে বুজিবলৈ অসুবিধা হয়। অসম বিজ্ঞান সমিতিৰ কামেই হ’ল জনসাধাৰণৰ মনত বিজ্ঞানমনস্কতা গঢ়ি তোলাটো। কিন্তু এনে চৰকাৰী কুসংস্কাৰৰ বিৰুদ্ধে তেওঁলোক নিমাত কিয়? তেনেদৰে সেই তাহানিতেই শংকৰদেৱে পূজা-পাতলৰ বিৰোধিতা কৰিছিল। শংকৰদেৱৰ এনে আদৰ্শ প্ৰচাৰৰ বাবেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছিল। বৰ্তমান সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘ এক বিশাল অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। কিন্ত এই বিশাল অনুষ্ঠানটোৱেও এনে কুসংস্কাৰৰ বিৰুদ্ধে মাত মতা দেখা নাই। চৰকাৰে এফালে বিজ্ঞানৰ জয়যাত্রাৰ কথা, আধুনিক টেক্ন’লজিৰ কথা, ডিজিটেল ইণ্ডিয়াৰ কথা কোৱাৰ বিপৰীতে, আনফালে নমামি ব্ৰহ্মপুত্ৰ, অতিৰুদ্ৰ মহাযজ্ঞ পাতি কেনেধৰণৰ উদাহৰণ দেখুৱায় সেইকথা মোৰ দৰে ক্ষুদ্ৰ মগজুৰ নৰমনিচে বুজিবলৈ টান হয়। চৰকাৰ, জনপ্ৰতিনিধিৰ এনে বিপৰীতমুখী কাম-কাজে আমাৰ দৰে সাধাৰণ লোকৰ মনমগজুত নানা প্ৰশ্নৰ উদ্ৰেক ঘটায়। অসমৰ সুধী সমাজে মোক এই উত্তৰটো দিয়কচোন যে এনে ধৰণৰ জনপ্ৰতিনিধিৰ দ্বাৰা বিজ্ঞানমনস্কতা গঢ়ি উঠা সম্ভৱনে ?