অৰাজনৈতিক বুদ্ধিজীৱীসকল
এদিন
মোৰ দেশৰ
অৰাজনৈতিক বুদ্ধিজীৱীসকলক
জেৰা কৰিব
আমাৰ আটাইতকৈ হোজা মানুহখিনিয়ে
তেওঁলোকক সোধা হ’ব,
তেওঁলোকে কি কৰিছিলে
যেতিয়া তেওঁলোকৰ দেশখন
লাহে লাহে মৰি আহিছিল
একুৰা মিঠা জুইৰ দৰে
সৰু আৰু অকলশৰে।
কোনেও তেওঁলোকক নুসুধিব
তেওঁলোকৰ পোছাকৰ বিষয়ে,
তেওঁলোকৰ দুপৰীয়াৰ
দীঘলীয়া ভাত ঘুমটিবোৰৰ বিষয়ে,
কোনেও জানিব নিবিচাৰিব
তেওঁলোকৰ সেই তুচ্ছতাৰ বন্ধ্যা সংগ্ৰাম
কোনো ব্যতিব্যস্ত নহ’ব
তেওঁলোকৰ উচ্চ বিত্তীয় জ্ঞানক লৈ
গ্ৰীক ৰূপকথাক লৈ
তেওঁলোকক প্ৰশ্ন সোধা নহ’ব
অথবা তেওঁলোকৰ আত্মগ্লানিক লৈও
যেতিয়া তেওঁলোকৰ নিজৰ ভিতৰতে
কোনোবা এজন
ভয়াতুৰৰ দৰে মৰিবলৈ ধৰে
তেওঁলোকক একো সোধা নহ’ব
গোকোট মিছাৰ ছায়াত জন্ম পোৱা
তেওঁলোকৰ অযুক্তিকৰ ওকালতি
সেইদিনা
হোজা মানুহবোৰ আহিব
যাৰ কোনো ঠাই নাছিল
সেই অৰাজনৈতিক বুদ্ধিজীৱীসকলৰ
কিতাপ আৰু কবিতাত
কিন্তু যি দৈনিক যোগান ধৰিছিল
তেওঁলোকৰ শাক-পাত-চাউল
মাছ আৰু পাচলি।
সেইসকল যিসকলে তেওঁলোকৰ গাড়ী চলাইছিল,
যিসকলে তেওঁলোকৰ
কুকুৰ আৰু ঘৰ-বাৰীবোৰ চাইছিল
আৰু তেওঁলোকৰ বাবে দেহা পানী কৰিছিল
আৰু তেওঁলোকে সুধিব :
“তোমালোকে কি কৰিছিলা
যেতিয়া দুখীয়াসকলে কষ্ট পাইছিল
যেতিয়া জ্বলি ছাই হৈ গৈছিল তেওঁলোকৰ জীৱন আৰু সমস্ত কোমলতা?”
মোৰ মৰমী দেশখনৰ
অৰাজনৈতিক বুদ্ধিজীৱীসকল,
তোমালোকে উত্তৰ দিব নোৱাৰিবা
শগুণ-সদৃশ এক নীৰৱতাই
ফালি-ছিৰি খাব তোমালোকৰ সাহসক।
তোমালোকৰ নিজৰ দুৰ্গতিয়ে
আত্মাক আৱৰি পেলাব
আৰু তোমালোক
লাজত মূক হৈ ৰ’বা।
মূল স্পেনিছ : অট্ট’ ৰেনে কেষ্টিলো
ইংৰাজীৰপৰা ভাবানুবাদ : সুজাতা হাতীবৰুৱা