অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (চতুৰ্থ সংখ্যা)

অপবিজ্ঞান/ছদ্মবিজ্ঞান আৰু সমাজত ইয়াৰ প্ৰভাৱ -(নয়নমণি মেধি)

এতিয়াৰ পৰা তিনি দশক মানৰ পূৰ্বে যুক্তিবাদী লেখক দেৱকান্ত সন্দিকৈয়ে “এক প্লেট বিজ্ঞান” শীৰ্ষক এক চিন্তা উদ্ৰেককাৰী ৰচনাৰ যোগেদি বিজ্ঞান শিক্ষা যে আমাৰ দেশত সঠিক ৰূপত প্ৰয়োগ হোৱা নাই সেই দিশলৈ বহুজনৰ দৃষ্টি আকৰ্ষণ কৰিছিল। নক’লেও হ’ব যে বিজ্ঞান শিক্ষা আমাৰ দেশত আজিও চূড়ান্তভাৱে অৱহেলিত আৰু লক্ষ্যভ্ৰষ্ট। বিজ্ঞান শিক্ষা আধুনিক ভাৰতবৰ্ষত প্ৰকৃত লক্ষ্য-উদ্দেশ্যৰ পৰা ফালৰি কাটি আহি মাথোন জীৱিকা অৰ্জনৰ আহিলাত পৰিণত হৈছে বুলিব পাৰি। সাম্প্ৰতিক সময়ত বিজ্ঞানৰ বিদ্যায়তনিক চৰ্চা পূৰ্বৰ তুলনাত কিছু বৃদ্ধি হৈছে যদিও সমাজত বৈজ্ঞানিক মানসিকতা আৰু মানুহৰ, বিশেষকৈ শিক্ষিত মানুহৰ চিন্তাচৰ্চাত বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ তেনেই নগণ্য। বৰঞ্চ বিজ্ঞানৰ নামত সৰ্বত্ৰ অপবিজ্ঞান আৰু ছদ্মবিজ্ঞানৰে ব্যাপক চৰ্চা হ’বলৈ ধৰিছে। ইয়াৰ বিৰুদ্ধে ২০১৭ চনৰ ৯ আগষ্টত সমগ্ৰ বিশ্বৰে বিজ্ঞানী তথা বিজ্ঞানৰ গৱেষকসকলে “গ্ল’বেল মাৰ্চ ফৰ চায়েন্স”ৰ আহ্বান দিয়াত অবৈজ্ঞানিক চিন্তা আৰু ছদ্মবিজ্ঞানৰ প্ৰসাৰ ৰোধ কৰিবলৈ বিজ্ঞানমনস্ক তথা বিজ্ঞান জগতৰ সচেতন লোকসকলে ৰাজপথত এক সমদল উলিয়াইছিল। ভাৰতবৰ্ষতো প্ৰতিবছৰে ৯ আগষ্ট তাৰিখে বহুতো নগৰ-চহৰত এনে বিজ্ঞান সচেতনতা কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে ।

অপবিজ্ঞান আৰু ছদ্মবিজ্ঞান — অৰ্থগতভাৱে দুয়োটা নিকট সম্পৰ্ক থকা ধাৰণা। কোনো অমূলক অথবা ভিত্তিহীন ধ্যান-ধাৰণাক বিজ্ঞানৰ নামত আগবঢ়াই লৈ যাব বিচৰা কাৰ্যই হ’ল অপবিজ্ঞান। এনে কাৰ্য স্বাভাৱিকভাৱেই সমাজৰ প্ৰগতিৰ বাবে ক্ষতিকাৰক। কেতিয়াবা কোনো কোনো দেশ নেতাৰ মুখত কেতবোৰ উদ্ভট কথা-বতৰা শুনিবলৈ পাওঁ। যেনে, গৰুৱে নিশাহত অক্সিজেন ত্যাগ কৰে, হিন্দুৰ দেৱতা গণেশৰ মূৰটো প্লাষ্টিক চাৰ্জাৰী কৰা, মহাভাৰতৰ যুগতো ইন্টাৰনেট আছিল, গোমূত্ৰ পান কৰিলে কেঞ্চাৰ ৰোগ আৰোগ্য হয়, গোবৰত ক’ৰোনা ভাইৰাছ প্ৰতিৰোধী শক্তি আছে ইত্যাদি। আনহাতেদি, কোনো ত্ৰুটিপূৰ্ণ বা অস্তিত্বহীন বৈজ্ঞানিক প্ৰমাণৰ ওপৰত ভিত্তি কৰি আগবঢ়োৱা সিদ্ধান্ত আৰু সেইবোৰকে বিজ্ঞান বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰাটোৱেই হ’ল ছদ্মবিজ্ঞান। দৰাচলতে ছদ্মবিজ্ঞান কোনো বিজ্ঞান নহয়, ই বিজ্ঞানৰ ছদ্মবেশত নিভাঁজ ফাঁকি মাত্ৰ। ছদ্মবিজ্ঞানে সমাজত কেতবোৰ বিশ্বাস বা তত্ত্ব ব্যাপক প্ৰচাৰৰ জৰিয়তে বিজ্ঞানৰ ৰূপত তুলি ধৰাৰ প্ৰয়াস কৰে। কিন্তু বাস্তৱক্ষেত্ৰত সেইসমূহৰ কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু সিবোৰ প্ৰমাণসিদ্ধও নহয়। এনে কিছুমান প্ৰচলিত জনপ্ৰিয় ছদ্মবিজ্ঞান হ’ল –

(১) জ্যোতিষচৰ্চা: জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰা এয়া এক চূড়ান্তভাৱে অবৈজ্ঞানিক ধাৰণা। শিক্ষিত সমাজৰ এটা বিৰাট অংশও ইয়াৰ সৈতে জড়িত হৈ আছে। চৰ্চাকাৰীসকলে এই বিদ্যাক ‘জ্যোতিষ বিজ্ঞান’ বুলি দাবী কৰিব বিচাৰে যদিও ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই। অৰ্থাৎ বিজ্ঞানৰ চৰিত্ৰ জ্যোতিষত একেবাৰেই নাই। কিন্তু তেওঁলোকে এই কৌশলী বিদ্যাক জনগণৰ অধিক বিশ্বাসযোগ্য কৰি তুলিবলৈ আজিকালি কম্পিউটাৰৰ দৰে আধুনিক প্ৰযুক্তিও ব্যৱহাৰ কৰিবলৈ লৈছে।

(২) সৃষ্টিতত্ত্ব: ছদ্মবিজ্ঞানৰ সাধকসকলে বাইবেল কথিত সৃষ্টি সূত্ৰ বা হিন্দু ধৰ্মীয় অৱতাৰবাদৰ আধাৰত সকলো জীৱই ‘ঈশ্বৰ’ৰ সৃষ্টি বুলি পতিয়ন নিয়াবলৈ পাকে প্ৰকাৰে ডাৰউইনৰ জীৱৰ উৎপত্তি আৰু ক্ৰমবিকাশ তত্ত্বক নাকচ কৰে। ধৰ্ম পুস্তক কথিত এই সৃষ্টিতত্ত্ব বিভ্ৰান্তিকৰ আৰু ই কেতবোৰ অবৈজ্ঞানিক ধাৰণাৰ সমষ্টি।

(৩) পাথৰ বা গ্ৰহৰত্নৰ প্ৰভাৱ: ছদ্মবিজ্ঞানৰ এই শাখাই মানুহৰ দুখ দুৰ্দশাৰ বাবে সৌৰজগতৰ (!) কেতবোৰ গ্ৰহকে দায়ী কৰে আৰু তাৰ পৰা পৰিত্ৰাণৰ বাবে বিবিধ পাথৰ বা গ্ৰহৰত্ন পৰিধান কৰাৰ ধাৰণা এটাক দৃঢ়ৰূপত প্ৰতিষ্ঠা কৰে। আধুনিক বিজ্ঞান শিক্ষাৰ উচ্চ ডিগ্ৰীধাৰী এচামেও এই পন্থাত আস্থা ৰখা দেখা যায়। মানুহৰ ভৱিষ্যতৰ ওপৰত গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ পৰে বুলি কোনো বৈজ্ঞানিক প্ৰমাণ নাই।

(৪) হোমিঅ’প্যেথি: বিস্ময়কৰ কথাটো হ’ল এয়ে যে আধুনিক চিকিৎসা বিজ্ঞানৰে এটা শাখা বুলি ভবা হোমিঅ’প্যেথিকো দৰাচলতে ছদ্মবিজ্ঞানৰ শাৰীতেই থোৱা হৈছে। ১৭৯৬ চনত জাৰ্মান বিজ্ঞানী চেমুৱেল হ্যেনিমেনে চিকিৎসা ব্যৱস্থাৰ সংকট জোৰা মাৰিবলৈ এই চিকিৎসা পদ্ধতি আৱিষ্কাৰ কৰিছিল। ইয়াৰ মূল তত্ত্ব আছিল যি দ্ৰব্যই সুস্থ মানুহৰ দেহত ৰোগ সৃষ্টি কৰে, সেই দ্ৰব্যই অসুস্থ মানুহৰ শৰীৰত তাৰ ঠিক বিপৰীত কাম কৰিব। অৰ্থাৎ সি ৰোগ প্ৰতিষেধকৰ কাম কৰিব। পৰৱৰ্তী কালৰ আধুনিক গৱেষণাত সেইটো এটি ভ্ৰান্ত বিদ্যা বুলি প্ৰমাণিত হৈছে। তাৰ পাছতো কিন্তু এই চিকিৎসা পদ্ধতি তুলনামূলকভাৱে বিশ্বৰ অনুন্নত আৰু উন্নয়নশীল দেশবোৰত চলি আছে।

(৫) হস্তাক্ষৰ অধ্যয়ন: মানুহৰ হাতৰ আখৰ অধ্যয়ন কৰি ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি বুলিও এটা ছদ্মবিজ্ঞানে বিকাশ লাভ কৰিছে।

(৬) ফেংচুই / বাস্তুশাস্ত্ৰ : গৃহ নিৰ্মাণৰ পৰামৰ্শভিত্তিক এক অবৈজ্ঞানিক পদ্ধতি। আজিকালি ব্যৱসায়িক স্বাৰ্থত আধুনিক স্থাপত্যবিদসকলেও ইয়াৰ প্ৰলেপ সনা দেখা গৈছে।

(৭) ইউ এফ অ’ আৰু এলিয়েন সংক্ৰান্তীয় বিশ্বাস: পৃথিৱীত অন্য গ্ৰহৰ প্ৰাণীৰ উপস্থিতি বা তেনে জীৱই পৃথিৱীৰ কোনো কোনো ঘটনাক অধিকাৰ কৰি ৰখা বুলি ৰহস্যজনক খবৰ মাজে সময়ে ওলায়ে থাকে। এনেবোৰ বিশ্বাসৰো কোনো বৈজ্ঞানিক ভিত্তি নাই।

(৮) ৰেইকি: হোমিঅ’প্যেথিৰ দৰে এই চিকিৎসা পদ্ধতিৰো কোনো বৈজ্ঞানিক ভিত্তি নাই। এইবোৰ নিভাঁজ ছদ্মবিজ্ঞান।

সকলো আধুনিক মানুহৰে বিজ্ঞানৰ প্ৰতি আস্থা আৰু অনুৰাগ আছে। বিজ্ঞানৰ ইতিবাচক প্ৰভাৱো জনগণে প্ৰত্যক্ষ কৰে। সেয়ে বিজ্ঞানৰ ছদ্মবেশ ধৰিয়েই অপবিজ্ঞান বা ছদ্মবিজ্ঞানে জনগণৰ মাজলৈ প্ৰৱেশ কৰে। নিজে নজনাকৈয়ে মানুহে অপবিজ্ঞানৰ চিকাৰ হৈ পৰে। এটা কথা ঠিক যে, অপবিজ্ঞান/ছদ্মবিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ আপোনা-আপুনি নহয়। ইয়াৰ আঁৰত কেইবাটাও উপাদান নিহিত হৈ থাকে। যেনে:

(ক) মানুহৰ অজ্ঞতা, অসচেতনতা, মতান্ধতা বা ধৰ্মান্ধতা।
(খ) সন্মোহন, বাণিজ্যিক ছল- চাতুৰ্য।

(গ) ৰাজনৈতিক কাৰচাজি, সামাজিক গোড়ামি, গোষ্ঠীগত আধিপত্য ইত্যাদি।

অপবিজ্ঞান প্ৰয়োগ কৰি বাণিজ্যিক ছল-চাতুৰ্যৰে কিদৰে মুনাফা আদায় কৰিব পাৰি তাৰ দুটামান উদাহৰণ দিওঁ :
হৰলিক্স মধ্যবিত্ত জীৱনৰ এটা চিনাকি ব্ৰেণ্ড। হৰলিক্স বা তেনে জাতীয় পুষ্টিদায়ক(!) খাদ্যবিধ নিয়মীয়াকৈ খোৱালেহে শিশুৰ (এতিয়া মাথো শিশুৰেই নহয়, প্ৰাপ্তবয়স্ক পুৰুষ-মহিলা, প্ৰসূতি মাতৃ সকলোৰে বাবে আছে) শাৰীৰিক আৰু মানসিক গঠন সঠিকভাৱে হয় বুলি অহৰহ বিজ্ঞাপন প্ৰচাৰ কৰি থকা হয়। বাঢ়ি অহা শিশুৰ বাবে পুষ্টিকৰ খাদ্যৰ নিশ্চয়কৈ প্ৰয়োজন। স্বাভাৱিকতেই এই পুষ্টি আহিব সুষম আহাৰৰ পৰা। সহজতে পোৱা সুষম আহাৰ গ্ৰহণ নকৰি কেৱল দুচামুচ/চাৰিচামুচ হৰলিক্সৰ গুড়ি খালেই পুষ্টি পোৱা নাযাব। হৰলিক্স তৈয়াৰৰ ঘাই উপকৰণ হ’ল আটাগুড়ি, গাজ ওলোৱা ঘেহু, বাৰ্লি ইত্যাদি। বাঢ়ি অহা শিশুৰ খাদ্যত নিয়মিত পৰিমাণৰ সুষম আহাৰ থাকিলে হৰলিক্স জাতীয় খাদ্যৰ বিশেষ প্ৰয়োজন নাথাকে। কিন্তু হৰলিক্সৰ বিজ্ঞাপনত পুষ্টিৰ উপাদানসমূহৰ বিষয়ে বৈজ্ঞানিক পৰিভাষা ব্যৱহাৰ কৰি এনেদৰে উপস্থাপন কৰা হয় যে এই খাদ্য অপৰিহাৰ্য বুলিয়েই সাধাৰণ মানুহৰ মনত স্বাভাৱিকতেই ধাৰণা হয়। দ্বিতীয়তে, বজাৰত সহজলভ্য ফেয়াৰনেচ ক্ৰীমবোৰে আমাৰ দৰে ক’লা আৰু মিঠা বৰণীয়া ছালৰ মানুহক (মহিলা-পুৰুষ নিৰ্বিশেষে) বগা ছাললৈ ৰূপান্তৰিত কৰিব পাৰে বুলি প্ৰচাৰ কৰা বিজ্ঞাপনবোৰ দেখি দেখি সেই প্ৰসাধন সামগ্ৰীবোৰ কিনিবলৈ গ্ৰাহকে হেতা-ওপৰা লগায়। দৰাচলতে এই বিজ্ঞাপনৰো কোনো বাস্তৱ ভিত্তি নাই। মানুহৰ গাৰ ছাল ক’লা হোৱাৰ বাবে দায়ী(!) ছালৰ কোষত উৎপন্ন হোৱা মেলানিন (Melanin) নামৰ ৰাসায়নিক পদাৰ্থ বিধ। কিন্তু বিজ্ঞাপনত দেখুওৱাৰ দৰে ফেয়াৰনেচ ক্ৰীমবোৰে মেলানিনৰ মাত্ৰা কমাব নোৱাৰে। আৰু এটা কথা– মেলানিনৰ মাত্ৰা কমিলে মানুহৰ ছালৰে ক্ষতি হোৱাৰ সম্ভাৱনা। বগা ছালৰ মানুহবোৰ (মেলানিনৰ মাত্ৰা কম বাবেই তেওঁলোকৰ ছাল বগা) আমাৰ দৰে গৰম দেশত সহজেই ছালৰ ৰোগত আক্ৰান্ত হয় বা অন্য সমস্যা আহি পৰে। হৰলিক্স বা ফেয়াৰনেচ ক্ৰীমৰ যাদুকৰী গুণত বিশ্বাসক আধুনিক যুগৰ এক মধ্যবিত্তীয় অন্ধবিশ্বাসহে বুলিব পাৰি।

অপবিজ্ঞান/ছদ্মবিজ্ঞানৰ ৰাজনৈতিক ভূমিকাৰ বিষয়েও অলপ কোৱা যাওক। মাজে সময়ে কোনো কোনো ৰাজনৈতিক দলীয় নেতাই কিছুমান গছত গৰু উঠাৰ দৰে কথা কয়। এনে কাৰ্যত আমি সাধাৰণতে ৰস পাওঁ আৰু বক্তাজনৰ জ্ঞানৰ পৰিসৰক লৈ পুতৌ জন্মাওঁ। তেওঁলোকৰ এনে উদ্ভট বক্তব্যৰ আঁৰতো যে কোনো ৰাজনৈতিক অভিসন্ধি লুকাই থাকিব পাৰে সেইকথা সাধাৰণতে আমাৰ মনলৈ নাহে। প্ৰকৃত বিজ্ঞানে আমাক সন্দেহ কৰিবলৈ শিকায়। তেওঁলোকৰ সেই উদ্ভট বক্তব্যবোৰো যদি আমি কিছু সন্দেহেৰে আৰু সন্ধিৎসুভাৱে বিচাৰ কৰি চাওঁ তেন্তে জোলোঙাৰ মেকুৰী ওলাই পৰে। কোনো কোনো বিশেষ ৰাজনৈতিক দল আৰু নেতাই অহৰহ সমাজত এক অবৈজ্ঞানিক বাতাৱৰণ বৰ্তাই ৰাখিব বিচাৰে। জনতা বিজ্ঞানমনস্ক আৰু যুক্তিবাদী হৈ উঠিলেই তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব। সেইবাবেই তেওঁলোকে নানান অবৈজ্ঞানিক কথা-বতৰা, ধৰ্মৰ প্ৰলেপ সনা নীতিকথা, ধৰ্মৰ ভয়, সংকীৰ্ণ চিন্তা আৰু আদৰ্শৰ কথা কৈ সমাজখনৰ লগতে দেশখনকো মধ্যযুগীয় অন্ধকাৰৰ গহ্বৰলৈ লৈ যাবলৈ প্ৰয়াস অব্যাহত ৰাখে। ইয়াৰ বাবে অপবিজ্ঞান/ছদ্মবিজ্ঞান তেওঁলোকৰ ডাঙৰ অস্ত্ৰ। এনে দেশনেতাই আনকি বিজ্ঞানৰ মহাসভা পাতিও তাত ছদ্মবিজ্ঞানেই প্ৰসাৰ কৰাৰ কৌশল প্ৰস্তুত কৰে। দুখৰ কথা যে এনে দুষ্কৰ্ম সাধন কৰিবলৈ দুৰ্বুধীয়া এচাম তথাকথিত বিজ্ঞানৰ সাধকো সাজু হৈ থাকে।

অপবিজ্ঞান-ছদ্মবিজ্ঞানৰ গ্ৰাসৰ পৰা সাধাৰণ জনতাক আঁতৰাই ৰাখিবলৈ হ’লে সমাজত বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ হকে কাম কৰিব লাগিব। বিজ্ঞানমনস্কতাই মানুহক যুক্তি নিৰ্ভৰ কৰি তোলে; বিজ্ঞান আৰু অপবিজ্ঞানৰ মাজৰ পাৰ্থক্য নিৰ্ণয়ত সহায় কৰে। বিজ্ঞান চৰ্চাই হ’ল অপবিজ্ঞান – ছদ্মবিজ্ঞানৰ উত্তম প্ৰতিষেধক।

Leave a Reply

Your email address will not be published. Required fields are marked *