অস্তিত্ব ।। মূল: সৰবজীৎ সিং বেল, অনুবাদ: ৰুমা অধিকাৰী
মন্দিৰৰ আগতে মছজিদ আছিল
মছজিদৰ আগতে মন্দিৰ আছিল
সেই মন্দিৰৰ আগতে কি আছিল ?
হয়তো বা এখন পাহাৰ আছিল
হয়তো বা তাত এখন পথাৰ আছিল
ধান নতুবা গমৰ
সকলোৰে সম্পৰ্ক আছিল
পেটৰ ভোকৰ স’তে
ভোকে কোনো ধৰ্ম নামানে |
সেই পথাৰ কোন কাহানিবাই বেদখল হৈ গৈছে
সেই পথাৰখনৰ বাবে কোনে যুঁজ দিব ?
সেই পথাৰৰো আগতে কি আছিল?
আল্লাহ -ৰামৰ নামৰো আগতে
কাবা -কাশী ধামৰো আগতে
ৰাম -ৰাম অভিবাদনৰো আগতে
হয়তো ঘন অৰণ্য আছিল
অৰণ্যত সকলো বৰেণ্য আছিল
আদম তেতিয়াও মানুহ হোৱা নাছিল
তেতিয়াও তেওঁ জুই জ্বলাবলৈ শিকা নাছিল
জুইৰ কোনো ধৰ্ম নাই |
সেই অৰণ্য পুৰি ছাঁই হৈ গৈছে
সেই অৰণ্যৰ বাবে কোনে যুঁজ দিব?
অৰণ্যৰো আগতে কি আছিল
শন্ শন্ শব্দেৰে গতি কৰা ব্ৰহ্মাণ্ড আছিল
চৌদিশে মাথোঁ ধোঁৱা আৰু ধোঁৱা আছিল |
তুমি নো ক’ত আছিলা,
ময়েই বা ক’ত আছিলোঁ
ওহো কোনো হিন্দুও নাছিল,
কোনো মুছলমানো নাছিল |
কতো কাৰো অস্তিত্বই নাছিল
অস্তিত্বহীনতাৰ কোনো ধৰ্ম নাছিল
সেই ব্ৰহ্মাণ্ড এতিয়া মন্দিৰ -মছজিদ হৈছে
সেই ব্ৰহ্মাণ্ডখনৰ বাবে কোনে যুঁজ দিব ?

