গান শুনো আহক

শৈল্পিক চেতনাৰে সমৃদ্ধ ৰিপন চৰকাৰৰ নতুন গান, ‘যখন দেখি তখন ভাবি’ ।। শ্বব্‌নম শ্ববু

মুক্ত চিন্তা । ১০ম বছৰ ।। ৬ষ্ঠ সংখ্যা

যুগ-যুগ ধৰি গানে মানুহৰ চেতনা আৰু মনস্তত্বক এক পৰিশীলিত ৰূপ দিয়াত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। শিল্পৰ নামত বাণিজ্যিক লাভালাভ অথবা মুনাফা অৰ্জনৰ উদ্দেশ্যেৰে সৃষ্টি হোৱা শেহতীয়া অসংখ্য তৰল গীতে অসমীয়া গীতৰ জগতখনক যি এক নৈৰাজ্যবাদী গ্ৰাসত পেলাইছে সেয়া সাংস্কৃতিক, বৌদ্ধিক,সামাজিক, আৰ্থ-সামজিক, ৰাজনৈতিক সকলো দিশকে কোঙা কৰাৰহে আখৰা সদৃশ কাৰ্য। গীতৰ বিষয়বস্তুৰ নামত পুৰুষতান্ত্ৰিক অৱদমন, বডিশ্বেইমিং, ইভটিজিং ইত্যাদিৰ দৰে বিষয়বস্তুৱে আহি স্থান লোৱা শেহতীয়া বহু অসমীয়া গীতো আজি জনপ্ৰিয়তাৰ শীৰ্ষত। যাৰ দ্বাৰা বৌদ্ধিক উৎকৰ্ষতা সাধনৰ দিশটো অৱহেলিত হ’ব ধৰাৰ লগতে এক সাম্ভাব্য বৌদ্ধিক স্থৱিৰতাৰ দিশহে উন্মোচিত হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ইতিহাসলৈ মন কৰিলে এটা দিশ স্পষ্ট হৈ পৰে যে সময়ে-সময়ে মানুহৰ চিন্তা-চেতনাক জাগ্ৰত কৰি প্ৰগতিৰ দিশে ধাৱমান হোৱাত গানে যি বিপ্লৱৰ সূচনা কৰিছে সেয়া মানৱ সভ্যতাৰ একোটা অবিস্মৰণীয় দলিল। সাম্প্ৰতিক অসমীয়া গীতৰ পথাৰখন অসংখ্য তৰাং গীতেৰে ভৰি পৰাৰ বিপৰীতে আজিও বাংলা গীতৰ পথাৰত কিছু লোকশিল্পীয়ে মাথো বানিজ্যিক লাভালাভৰ অংকতে নিজক ব্যস্ত নাৰাখি কলাত্মক, সৃষ্টিশীল আৰু মানৱ চেতনাক উদ্ধুদ্ধ কৰা গানৰ সৃষ্টি অব্যাহত ৰাখিছে।
World Music Dayতেই এনে এটা বাংলা গান শুনিবলৈ পালো। সেই গানটো সম্পৰ্কে সংক্ষিপ্ত চৰ্চা এটা আগবঢ়াবলৈ ওলোৱাৰ কাৰণটো হ’ল গানটোৰ ব্যতিক্ৰমী দৰ্শনৰ উপৰিও বিষয়বস্তুৰ লগত সামঞ্জস্য বজাই ৰাখি ইয়াৰ পৰিশীলিত উপস্থাপন।

গীতিকাৰ আৰু গায়কৰ বিষয়ে কিছু কথাঃ

গানটোৰ কথা আৰু কণ্ঠ বাংলাদেশৰ শিল্পী বগা তালেব ওৰফে ৰিপন চৰকাৰৰ। কণ্ঠৰ বলিষ্ঠতা, গানৰ দাৰ্শনিক চেতনা আৰু গীতৰ উপস্থাপনত কলাত্মক নৈপুন্যৰ বাবেই হয়তো ৰিপনে খুব কম বয়সতে বাংলা গানৰ ক্ষেত্ৰখনত নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে। বাংলাদেশত গীতৰ কপি লেফ্‌ট মুভমেণ্টৰ সূচনাৰে ৰিপনে কিছু সহযাত্ৰীৰে সৈতে খুব কম বয়সতে এটা মিউজিক বেণ্ড গঢ়ি ঢাকা ইণ্টাৰনেশ্বনেল ফ’ক ফেষ্টিভেল যি দেশ-বিদেশৰ গায়ক তথা সংগীতপ্ৰেমী ৰাইজৰ দৃষ্টিকৰ্ষক এক অনুস্থান তাতো গীত গোৱাৰ সুযোগ লাভ কৰে। সেই সফলতাতে ক্ষান্ত নাথাকি ৰিপনে নিজৰ সংগীত যাত্ৰা অব্যাহত ৰাখি পুনৰ দুবাৰকৈ ক’ক ষ্টুডিঅ’ বাংলাত নিজৰ কণ্ঠ নিগৰোৱাৰ সুযোগ লাভ কৰে। শিল্পীজনৰ সংগীত সাধনা আৰু শিল্পকৰ্মৰ আন কিছু আকৰ্ষণীয় দিশ থকা স্বত্বেও সেইবোৰ পিছলৈ ঠেলি তেওঁৰ সদ্য প্ৰকাশিত গীতটোৰ চৰ্চালৈ উভতি আহিছো।

গানৰ কথাঃ

“যখন দেখি ওই অভিমানী বিড়ালটা অভিমান করে ঘুমিয়ে পড়েছে কোন বইয়ের স্তুপে তখন ভাবি কেন হইনি বিড়াল আমিও ॥

যখন দেখি ওই পিঁপড়ের দল একদানা গুড়ের চারপাশে নেচে নেচে আনন্দে মেতে করছে উৎসব তখন ভাবি কেন হইনি পিঁপড়ে আমিও ॥

হয়তোবা কোকিলের ভাষা বুঝতো ওই একশো বছরের বৃদ্ধা, তাইতো কোকিল গাইলে হঠাৎ ফোঁকলা দাঁতে কত হাসি ঝরে পড়ছে তার। আমিও তো গান গাই কত সুর আর কত তান কভু আমার গানের সুরে হাসে না যখন ওই শতবর্ষী তখন ভাবি কেন হইনি কোকিল আমিও ।

শুনেছি সবাই বলে একবার মরলে পরের জন্মে আমি যা চাই তাই হতে পারি শুধু মানুষ ছাড়া, তাই ভেবেছি এবার আমি কোকিল হবো তাই ভেবেছি এবার আমি পিঁপড়ে হবো তাই ভেবেছি এবার আমি বিড়াল হবো।”

গানৰ বিশ্লেষণঃ
গানটো যেন অন্তৰ্মুখী, আত্মসমালোচনামূলক আৰু গভীৰ দাৰ্শনিক প্ৰশ্নবোধকেৰে ভৰা এক নিপুণ কাব্যিক প্ৰকাশ। গানটোত যদিও আধুনিক সমাজ ব্যৱস্থাত মানৱ জীৱনৰ অপূৰ্ণতা, ক্লান্তি, হতাশা আৰু একাকীত্ব স্পষ্টভাৱে প্ৰকাশ পাইছে তথাপি সেয়া যেন মাথো মানৱ জীৱনৰ প্ৰতি এক ক্ষোভ হোৱাৰ পৰিবৰ্তে সকলো মানৱী উচ্চাকাঙ্ক্ষাৰ পৰা মুক্তি পোৱাৰহে এক কৰুণ অথচ হৃদয়স্পৰ্শী অভিব্যক্তি। মানৱ জীৱন নিজ অস্তিত্বৰ সন্ধানত ক্লান্ত, প্ৰকৃতিৰ অন্যান্য নিৰীহ জীৱকূল মানুহতকৈ বেছি সুখী নেকি? নিজৰ শিল্পৰ নৈপুন্যতা, সৃষ্টিৰ অৰ্থ বিচাৰি পোৱাত ব্যৰ্থ বা সন্দিহান এক মনোভাৱেৰে ভৰা এই গীতৰ কথা গভীৰ অস্তিত্ববাদী চেতনাৰেই যেন এক বহিঃপ্ৰকাশ।
জীৱশ্ৰেষ্ঠ বুলি নিজকে নিজে দাবী কৰি অহা মানুহে আজিও মানৱ জীৱনক জন্তুৰ লগত তুলনা কৰা কাৰ্যক নিজৰ প্ৰতি এক অপমানজনক কাৰ্য বুলি গণ্য কৰাই নহয়; নিজৰ এই অহংকাৰত মত্ত হৈ সংকীৰ্ণ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবেই বিভিন্ন সময়ত প্ৰকৃতি আৰু ইয়াৰ অন্যান্য জীৱকূলৰ ওপৰত চলোৱা অবাধ লুণ্ঠণৰ উদাহৰণৰ অভাৱ নাই। ‘মানুহতকৈ জন্তুৰ জীৱন বেছি সুখকৰ’ এই ধাৰণাক তুলি ধৰি এই গীতটোৱে ‘জীৱশ্ৰেষ্ঠ মানৱ’ৰ ধাৰণাটোক যেন এক প্ৰত্যক্ষ প্ৰত্যাহ্বান জনাইছে। যুগ-যুগ ধৰি জীৱনৰ জয়গান গোৱা মানৱ সমাজে আজি ভোগবাদৰ কবলত পৰি নিজৰ প্ৰাপ্য অধিকাৰখিনি দাবী কৰিবলৈ গৈ অত্যাধিক প্ৰতিযোগিতা, এক নিৰ্দয় অসমতাৰ সন্মুখীন হৈ কক্‌বকাব ধৰিছে য’ত মানৱ জীৱনৰ মূল্য দিনক-দিনে হ্ৰাস পাইছে। তেনে এক দূৰ্যোগ পূৰ্ণ সময়ে মানুহৰ মানসিক দিশটোকো নিৰ্মমভাৱে প্ৰভাৱিত কৰিছে। যাৰ ফলত হতাশা, অত্যাধিক চাপ, একাকীকত্বৰ দ্বাৰা আক্ৰান্ত মানুহ আজি হীনমন্যতাৰো চিকাৰ হৈছে। মানৱ জীৱনৰ সুখ পুঁজিবাদী চেতনাৰে পৰিচালিত হৈ সংকীৰ্ণ আত্মস্বাৰ্থ, লাভ-লোকচানৰ অংকতে সীমাবদ্ধ হৈ পৰাৰ সময়তে মানৱ সমাজে আজি জন্তুৰ জীৱনৰ মহত্ব মানৱ জীৱনতকৈ অধিক, এনে এক ধাৰণা গুপুতে মনত পুহিবলৈ বাধ্য হৈছে। মানৱ জীৱনৰ গুণগত মান অৱনমিত হোৱা এনে এক সময়ত সমাজৰ অসহায় শ্ৰেণীটোৰ প্ৰতিজন মানুহৰে এনে এক উপলব্ধি হোৱাতো খুবেই স্বাভাৱিক। গানটোৱে আমাক Walt Whitmanৰ ‘The Animals’ নামৰ কবিতাটোলৈ মনত পেলাই দিয়ে। Whitmanৰ এই কবিতাটোও যেন সামন্ততন্ত্ৰৰ দ্বাৰা সৃষ্ট শ্ৰেণীবিভাজন তথা ধৰ্মীয় নিপীড়ন আৰু ভোগবাদী চেতনাৰ দ্বাৰা পৰিচালিত বিছিন্নতা, নৈতিক ভণ্ডামিৰ বিৰুদ্ধে এক মৌন প্ৰতিবাদ য’ত তেওঁ সামন্তবাদ আৰু পুঁজিবাদৰ প্ৰভাৱে মানুহৰ জীৱনৰ পৰা কাঢ়ি নিয়া সহজ-সৰল, অকৃত্ৰিম আৰু প্ৰাকৃতিক জীৱন শৈলী পশুৰ মাজত দেখি অনৰ্থক জাক-জমকতাহীন তেনে সৰল জীৱনৰ প্ৰতি মন্ত্ৰমুগ্ধ হৈ পশু জীৱনৰেই জয়গান গাইছে।
বৈষম্যপূৰ্ণ এই সমাজ ব্যৱস্থাৰ প্ৰভাৱত মানুহ যে আজি দুখী অথচ প্ৰকৃতি আৰু প্ৰকৃতিৰ জীৱকূলৰ ওপৰত মানুহে চলোৱা কত নিৰ্মম অত্যাচাৰৰ বলি হৈয়ো জীৱকূল নিজৰ জীৱনত সুখী, এনে এক ধাৰণাই মানুহৰ মন ভাৰাক্ৰান্ত কৰিছে। ভোগবাদে সৃষ্টি কৰা নৈতিকতাও যেন বাহ্যিকতাক বাদ দি আন একো নহয়; যাৰ দ্বাৰা ব্যক্তিস্বাৰ্থৰ উৰ্ধত গৈ বৃহৎ সামাজিক স্বাৰ্থ সিদ্ধি যেন অসম্ভৱ হৈ পৰিছে। সেই সকলোবোৰৰ পৰা মুক্ত হৈ আজি পশু জীৱন যেন মানৱ জীৱনতকৈ তুলনামূলকভাৱে বহু উন্নত। Walt Whitmanৰ ‘The Animals’ কবিতাটোৰ দৰেই এই গানটোৱেও যেন প্ৰকৃতিৰ অন্যান্য জীৱকূলৰ জয়গান গাইছে। ভোগবাদী সমাজব্যৱস্থাত মানুহৰ উচ্চাকাঙ্ক্ষা আৰু ইয়াৰ ফলস্বৰূপে অতৃপ্তিৰ বেদনাৰ বিপৰীতে জন্তুবোৰ ভৱিষৎ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত সম্পত্তি আহৰণ বা অৰ্জন কৰা দায়বদ্ধতাৰ পৰাও মুক্ত। এনে বহু কাৰণতেই আজি সাধাৰণ মানুহৰ জীৱন ব্যৰ্থ যেন হৈ পৰিছে নেকি? গানটোৱে এনে এক প্ৰশ্নই যেন উত্থাপন কৰিছে।

মানৱীয় আবেগ আৰু সম্পর্কও পণ্য সদৃশ হৈ পৰাৰ এই সন্ধিক্ষণতো জন্তুৰ আছে অকৃত্ৰিম আবেগ আৰু নিভাঁজ সম্পৰ্কৰ বান্ধোন। তাৰ বিপৰীতে মানুহৰ আবেগ আৰু সম্পৰ্কবোৰ জটিলতাৰে ভৰি পৰিছে। এনে এক উপলব্ধি বা ভাৱনাত্মক দ্বন্দ্বৰ ফলস্বৰূপে একাংশ মানুহ আজি মানৱ জীৱন শৈলীতকৈও জন্তুৰ জীৱন শৈলীৰ প্ৰতি আকৰ্ষিত হৈছে নেকি?
ক্ৰমশঃ হ্ৰাস পোৱা মানুহৰ ব্যক্তি স্বাধীনতা, আত্মিক পৰিপূৰ্ণতায়ো মানুহক পশুৰ জীৱনৰ প্ৰতি আকৰ্ষিত কৰিছে নেকি? আজি প্ৰকৃতিৰ বুকুত মুক্ত হৈ প্ৰাকৃতিক জীৱন শৈলীৰে জীয়াই থকাৰ অধিকাৰ উপভোগ কৰিছে মাথো পশুৱে আৰু মানৱ সমাজে ৰাতিৰ জুই খেদা দি ধন অৰ্জনৰ প্ৰতিযোগিতাত নামিবলৈ বাধ্য হৈ সেই আনন্দ উপভোগ কৰাৰ পৰা বঞ্চিত হৈছে। গানটোৰ শেষ হৈছে বস্তুবাদী সমাজ ব্যৱস্থাত বানিজ্যিক লাভালাভৰ উদ্দেশ্যেৰে, মাথো বিনোদনধৰ্মী সৃষ্টিয়ে কলাৰ উদ্দেশ্যধৰ্মীতা আৰু নান্দনিক দিশটোকো প্ৰত্যাহ্বান জনাই প্ৰকৃত কলা আৰু কলাকাৰক হতাশ অথবা নিৰাশ কৰিছে। তাৰ বিপৰীতে প্ৰকৃতিৰ বুকুত মুক্তমনে গীত গোৱা কুলি চৰাইজনী আজিও যেন নিজৰ কণ্ঠৰ সন্মোহনী কলাৰে মানুহক নিভাঁজ সুখ বিলোৱাত সফল। এন এক বিৰহেৰে এজন শিল্পৰ সাধকে নিজৰ এই জীৱনৰ ব্যৰ্থতাক পূৰ্ণতা দিবলৈ অহা জনমত চৰাই, মেকুৰী, পৰুৱা ইত্যাদি হৈ জনম ল’বলৈ ইচ্ছা প্ৰকাশ কৰি মানৱ জীৱনৰ উদ্দেশ্যৰ সন্ধানত সৃষ্টি কৰা এই গীত এক নতুন অস্তিত্ববাদী দৰ্শনৰেই বহিঃপ্ৰকাশ ।

সংগীত ব্যৱস্থাপনা আৰু ভিডিঅ ‘ ঃ

গানটোৰ সংগীত ব্যৱস্থাপনাৰ ক্ষেত্ৰতো দেখা যায় যে গানটোৰ দৰ্শনৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিহে সংগীত ব্যৱস্থাপনা কৰা হৈছে। গানটোৰ বিষয়বস্তুৰ লগত সামঞ্জস্য ৰাখি সীমিত কিছু বাদ্যযন্ত্ৰেৰে গানটোক সৰলৰূপত উপস্থাপন কৰাৰ প্ৰয়াসত প্ৰকৃতিৰ বুকুৰ সৰলতাখিনিয়েই যেন পৰিস্ফূত হৈছে। প্ৰথমে গীটাৰৰ এক শান্ত, কোমল আৰু শ্ৰুতিমধুৰ টানেৰে গানটোৰ আৰম্ভণি কৰি যেন শ্ৰোতাক এই বস্তুবাদী জগতৰ পৰা আন এক জগতলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে য’ত মাথো প্ৰকৃতিয়েই সৰ্বেসৰ্বা, য’ত আছে নিৰ্মল আনন্দ আৰু মুক্তিৰ ৰহস্য। সেই নিঁভাজ আনন্দ আৰু সৰলতাৰ সমান্তৰালকৈ ফুটি উঠিছে মানৱ জগতৰ ক্লান্তি, হতাশা, অপূৰ্ণতা আৰু একাকীকত্ব। গানটোত ব্যৱহৃত বাদ্যযন্ত্ৰৰ ভিতৰত ডুবকিয়ে গানটোক এক অনন্য মাত্ৰা দিছে যি গানটোৰ গোটেই নান্দনিক দিশটো উপস্থাপনত যেন মূখ্য ভূমিকাহে পালন কৰিছে। ডুবকিৰ প্ৰতিটো তালেই প্ৰকৃতিৰ অন্যান্য জীৱকূল আৰু মানুহ, এই দুই জগতৰ মাজত যোগসূত্ৰ বজাই ৰাখি তুলনামূলক এক বিশ্লেষণৰহে যেন বাট দেখুৱাইছে। ডুবকিৰ প্ৰতিটো উঠা-নমা তালে যেন শ্ৰোতাক এবাৰ লৈ যায় পশুৰ জীৱনৰ নিৰ্মল আৰু মুক্তিৰ আনন্দ উপভোগ কৰিবলৈ; পুনঃ যেন লৈ ওভতাই আনে মানুহৰ বাস্তৱ জগতলৈ য’ত ভৰি আছে অপূৰ্ণতা, হতাশা, ক্লান্তি আৰু একাকীকত্ব। আকৌ যেন ডুবকিৰ চেৱে-চেৱেই আমাৰ মনস্তাত্ত্বিক জগতত প্ৰৱেশ কৰে প্ৰকৃতিৰ বুকুৰ শান্তি-নিস্তব্ধতা।
গানটোৰ অন্তৰ্নিহিত দৰ্শনৰ দাবীতেই যেন ভিডিঅ’ ব্যৱস্থাপনাৰ ক্ষেত্ৰটো গানটোত উল্লেখিত জীৱকেইটাৰ এনিমেটেড ছবিৰেই ব্যৱহাৰ কৰা হৈছে। প্ৰকৃতিৰ আন জীৱকূলৰ জীৱন শৈলীত বিৰাজমান সৰল আনন্দ প্ৰকাশৰ ছন্দ আৰু প্ৰকৃতিৰ মাজত প্ৰাকৃতিকভাৱে জীয়াই থকাৰ নিভাঁজ সুখখিনি দৃশ্য আৰু শ্ৰাব্যৰে একাত্ম হৈ দৰ্শকৰ মনস্তত্বক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে যিটো গানটোৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ।

শেষত গানে কি আনেঃ
মানৱ জীৱন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। এই সকলো অবেগ-অনুভূতি বহিঃপ্ৰকাশৰ এক শক্তিশালী মাধ্যম হ’ব পাৰে গান। মাথো বিনোদনৰ আহিলা হৈ ক্ষন্তেকীয়া আনন্দ দিয়েই গানে মানুহৰ প্ৰতি নিজৰ দায়িত্ব সামৰিলে মানৱীয় চিৰন্তন মূল্যবোধৰ প্ৰতি ই হৈ পৰিব এক দুৰ্ঘোৰ অন্যায়। ইয়াৰ ফলত শিল্পকৰ্মৰ নামত ক্ষণস্থায়ী উদ্দেশ্যবিহীন, সম্পূৰ্ণ বিনোদনধৰ্মী গীতে মানুহক ক্ষন্তেকীয়া সুখ দিয়াৰ বাদে মানুহৰ মুক্তি, সভ্যতা আৰু প্ৰগতিৰ হকে গানৰ নাথাকিব কোনো অৰিহণা। সমাজৰ দুৰ্বল শ্ৰেণীয়ে নিজৰ কণ্ঠ হেৰুৱাব আৰু গান হৈ পৰিব অভিজাত শ্ৰেণীৰ মনোৰঞ্জন যাৰ জীৱনত নাই কোনো সমস্যা, কোনো অভাৱ; অভাৱ আছে যদি সেয়া বিলাসী জীৱনৰ পৰা আজৰি হৈ লোৱা বিনোদনৰহে অভাৱ। তেনে বিনোদনত প্ৰয়োজন নাথাকিব পাৰে কোনো বৌদ্ধিকতাৰ, প্ৰয়োজন নাথাকিব পাৰে সামাজিক দায়িত্ববোধৰ, নাথাকিব নাগৰিক অধিকাৰ সাব্যস্ত কৰাৰ তাড়না। তেনে বিনোদনধৰ্মী গীত মাথো অভিজাত শ্ৰেণীটোৰ বাবে য’ত নাথাকিব পাৰে শোষিতৰ নিনাদ, যন্ত্ৰণাৰ কোনো চিন-চাপ। তেনে গীতেৰে গীতৰ পথাৰ ভৰি পৰিলে সভ্যতাৰ অগ্ৰগতি ৰুদ্ধ হোৱাতো নিশ্চিত।

গানটো তলৰ লিংকত শুনিবলৈ পাব।
https://youtu.be/FkOHGOrVNng?si=SrYofeBswWI5CepW

Leave a Reply

Your email address will not be published. Required fields are marked *