বিবিধ চিন্তা

অসমীয়া উপন্যাস সাহিত্যত বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য আৰু ‘ৰাজপথে ৰিঙিয়ায়’- (জেনিফা পাৰবিন)

অসমীয়া সাহিত্যৰ এক আধুনিক সৃষ্টি হ’ল অসমীয়া উপন্যাস। পাশ্চাত্য সাহিত্যৰ প্ৰভাৱ আৰু প্ৰত্যক্ষ অনুকৰণত অসমীয়া উপন্যাসৰ জন্ম হৈছে। এটা বিশ্বাসযোগ্য কাহিনী,পৰিচিত নৰনাৰী, সমাজৰ বাস্তৱ সমস্যা আৰু মানুহৰ হৃদয়বেদনা আৰু আশা আকাংক্ষাই যেতিয়া সুগঠিত,সুসংহত ৰূপত প্ৰকাশ কৰে,তাকে উপন্যাস বোলে। আহোমৰ ছশ বছৰীয়া শাসনৰ পৰা আৰম্ভ কৰি অসম আন্দোলনৰ দৰে বিভিন্ন ঘটনা-পৰিঘটনাই সৃষ্টি কৰা পৰিৱেশ পৰিস্থিতিয়ে উপন্যাস সৃষ্টিৰ কাৰক হিচাপে কাম কৰি আছে। অসমীয়া সাহিত্যৰ অবিচ্ছেদ্য অংগস্বৰূপ এই অসমীয়া উপন্যাসে ভাৰতৰ আন ভাষাৰ মাজতো জিলিকি উঠিবলৈ সক্ষম হৈছে। খ্ৰীষ্টান মিছনেৰীসকলৰ “অৰুনোদই” পত্ৰিকাৰ জৰিয়তেই অসমীয়া সমাজে প্ৰথমে উপন্যাস সাহিত্যৰ লগত চিনাকি হয়। ১৮৬১ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহৰ পৰা “অৰুনোদই”ত প্ৰকাশিত John Bunyan ৰ “The Pilgrim’s Progress” ৰ অসমীয়া অনুবাদ ড° নাথান ব্ৰাউনৰ “জাত্ৰিকৰ জাত্ৰা” ৰ দ্বাৰা অসমীয়া পাঠকে প্ৰথমবাৰৰ বাবে অসমীয়া উপন্যাসৰ সোৱাদ ল’বলৈ সক্ষম হয়। তেতিয়াৰ পৰা বৰ্তমান পৰ্যন্ত অসমীয়া সাহিত্যত বিভিন্ন লিখকৰ জৰিয়তে অসমীয়া সাহিত্যই ভালেমান উপন্যাস গঢ় দিবলৈ সক্ষম হৈছে।
ৰচনাকালৰ ওপৰত ভিত্তি কৰি অসমীয়া উপন্যাসক দুটা ভাগত বিভক্ত কৰা হয়-
ক) প্ৰাকযুদ্ধ কাল= জন্মৰ পৰা দ্বিতীয় মহাসমৰলৈ
খ) যুদ্ধোত্তৰ= দ্বিতীয় মহাসমৰৰ পৰা বৰ্তমানলৈ।
যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্যৰ এজন উল্লেখযোগ্য ঔপন্যাসিক হ’ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসমীয়া উপন্যাস সাহিত্যৰ লব্ধ প্ৰতিষ্ঠিত ঔপন্যাসিকসকলৰ ভিতৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অন্যতম। তেওঁৰ উপন্যাসত উপযুক্ত বুষয়বস্তু নিৰ্বাচন,ভাৱৰ গভীৰতা আৰু সুক্ষ্ম জীৱনবোধ লক্ষ্য কৰা যায়। তদুপৰি, ভট্টাচাৰ্যৰ উপন্যাসত সততে স্পষ্ট হোৱা এটা বৈশিষ্ট হ’ল- ৰাজনৈতিক চেতনা। অসম তথা ভাৰতৰ জাতীয় জীৱনত প্ৰভাৱ পেলোৱা ঘটনাৰাজিক পটভূমি হিচাপে গ্ৰহণ কৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰায়সংখ্যক উপন্যাস ৰচনা কৰিছে।ভট্টাচাৰ্যৰ উপন্যাস সমূহ অধ্যয়ন কৰিলে দেখা যায় যে তেওঁ তেওঁৰ উপন্যাসৰ জৰিয়তেই নিজৰ জীৱন-দৰ্শন,ৰাজনীতি তথা সামাজিক সমস্যাৰ প্ৰতি তেওঁৰ যি দৃষ্টিভংগী,সেয়া প্ৰকাশ কৰিবলৈ যত্ন কৰিছে।
ঔপন্যাসিক হিচাপে অসমীয়া সাহিত্যত প্ৰতিষ্ঠিত বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য গল্পকাৰ, কবি, নিবন্ধকাৰ তথা সাংবাদিক হিচাপেও বিশেষভাবে পৰিচিত। সাহিত্য সাধনাত ব্ৰতী ভট্টাচাৰ্যৰ সৃষ্টিৰাজিক অসমীয়া পাঠক সমাজে আদৰি লোৱাৰ লগতে অনন্য সৃষ্টিৰ বাবে বিভিন্ন বঁটাৰেও তেওঁক সন্মানিত কৰিছে। তাৰে ভিতৰত, ভট্টাচাৰ্যৰ ৰচিত “মৃত্যুঞ্জয়” উপন্যাসৰ বাবে ১৯৭৯ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছে। উল্লেখযোগ্য যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম অসমীয়া সাহিত্যিক,যিগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি, “ঈয়াৰুইংগম” উপন্যাসৰ বাবে ভট্টাচাৰ্যই ১৯৬১ চনত সাহিত্য অকাডেমি বঁটাও লাভ কৰিছে। ১৯৮৩ চনত অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনত সভাপতিত্ব কৰা বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য অসমীয়া ভাষাৰ মৰ্যদাৰ পথ প্ৰদৰ্শনকাৰী হিচাপে পাঠকৰ মনত চিৰস্থায়ী হৈ ৰ’ব।
বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যই ভালেমান উপন্যাস ৰচনা কৰে। তেওঁৰ প্ৰথমখন উপন্যাস “মহাপ্ৰস্থানৰ পথিক” ১৯৪৬ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষত হেৰাই যোৱাত প্ৰকাশৰ মুখ নেদেখে। সেয়েহে ১৯৬৬ চনত প্ৰকাশিত তেওঁৰ “ৰাজপথে ৰিঙিয়ায়” উপন্যাসখনকে তেওঁৰ প্ৰথম উপন্যাস হিচাপে অভিহিত কৰা হয়। তেওঁৰ দ্বিতীয়খন উপন্যাস “প্ৰতিপদ” অসমীয়া সাহিত্যৰ এক অনন্য সংযোজন। ১৯৩৮-৩৯ চনৰ ডিগবৈ তেল কোম্পানীৰ বিখ্যাত বনুৱা ধৰ্মঘটক কেন্দ্ৰ কৰি “প্ৰতিপদ” উপন্যাসখন ৰচিত হৈছে। “ৰঙা মেঘ” ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত অন্য এখন জনপ্ৰিয় উপন্যাস। স্বাধীনোত্তৰ কালত ক্ষমতালোভত মত্ত তথাকথিত নেতাসকলৰ দিন উকলাৰ লগতে একশ্ৰেণীৰ আত্মত্যাগী তথা সমাজৰ প্ৰকৃত মংগলকামী প্ৰকৃত নেতাই সেই ঠাই পূৰোৱাৰ প্ৰসংগত “ৰঙা-মেঘ” উপন্যাসখন ৰচিত। ১৯৭৯ চনৰ ভট্টাচাৰ্যৰ “মুনিচুনিৰ পোহৰ” নামৰ উপন্যাসখনত দুখীয়া ৰাইজৰ সেৱাৰ বাবে মাৰ্ক্সবাদী আদৰ্শতকৈ গান্ধী বিনোৱাৰ আদৰ্শ যে বেছি ফলপ্ৰসূ, সেই কথাকে উল্লেখ কৰা হৈছে। ভট্টাচাৰ্যৰ ১৯৬০ চনৰ “ঈয়াৰুইংগম” নামৰ বিখ্যাত উপন্যাসখন নগাপাহাৰৰ ৰাজনীতিক লৈ ৰচিত। অসমৰ এচোৱা ৰাজনৈতিক কাল বা সময়ৰ ওপৰত ৰচিত ভট্টাচাৰ্যৰ “মৃত্যুঞ্জয়” এখন জনপ্ৰিয় উপন্যাস। অসম তথা ভাৰতৰ স্বাধীনতা  আন্দোলনৰ পৰিপ্ৰেক্ষিতত হিংসা আৰু অহিংস আন্দোলনে সৃষ্টি কৰা পৰিস্থিতিৰ পটভূমিত “মৃত্যুঞ্জয়” উপন্যাসখন ৰচিত হৈছে। ভট্টাচাৰ্যৰ ১৯৬০ চনত ৰচিত “আই” উপন্যাসখনত বৰ্ধিত জনসংখ্যাৰ বিপৰীতে খেতিৰ মাটিৰ পৰিমাণ একে থকাৰ ফলত সৃষ্টি হোৱা মানসিক অশান্তি তথা অন্তৰ্দ্বন্দ্বৰ কথা বৰ্ণিত আছে। তদুপৰি ১৯৬২ চনৰ চীন – ভাৰতৰ যুদ্ধক লৈ ৰচিত ভট্টাচাৰ্যৰ উল্লেখযোগ্য উপন্যাস হ’ল ‘শতঘ্নী। ভটাচাৰ্যৰ দ্বাৰা ৰচিত যুদ্ধ বিষয়ক আন এখন উপন্যাস হ’ল “কবৰ আৰু ফুল” (১৯৭১ চনৰ ভাৰত – পাকিস্থানৰ যুদ্ধক লৈ ৰচিত)। ভটাাচৰ্যৰ ৰচিত সামাজিক উপন্যাসৰ ভিতৰত অন্যতম ১৯৬৮ চনত ৰচিত ‘নষ্টচন্দ্ৰ’। নতুন যুগৰ তৰুণী পত্নীৰ সৈতে বৃদ্ধ স্বামীৰ মানসিক অশান্তিক উপন্যাস খনৰ জৰিয়তে ফুটাই তোলা হৈছে। তদুপৰি তেওঁৰ ‘চিনাকী সুঁতি’, ‘ডাইনী’ আদি উপন্যাসত নাৰী চৰিত্ৰৰ উজ্জল ৰূপৰ বহি:প্ৰকাশ হৈছে।
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰথম প্ৰকাশিত “ৰাজপথে ৰিঙিয়ায়” এটা দিনৰ কাহিনীৰে আগবাঢ়িছে। উপন্যাসখনৰ নায়ক মোহনে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা দিনটোত (১৫  আগষ্ট, ১৯৪৭) দুখীয়া তথা পীড়িতসকলৰ বাবে কৰা ভিন্ন ধৰণৰ কাম-কাজৰ মাজেৰেই উপন্যাসখনৰ আৰম্ভণি তথা পৰিসমাপ্তি ঘটিছে। মূলতঃ উপন্যাসখনত ভাৰতৰ স্বাধীনতা লাভৰ প্ৰথম দিনটোত ঘটা বিবিধ ঘটনাৱলী বৰ্ণিত আছে। মোহনে অনুভৱ কৰিছে যে ভাৰতবৰ্ষই যি স্বাধীনতা লাভ কৰিছে, সেই স্বাধীনতা কেৱল মুষ্টিমেয় পুঁজিপতিসকলৰ বাবেহে প্ৰযোজ্য। দেশৰ হাজাৰ হাজাৰ শোষিত, পীড়িত,তথা দুখীয়া শ্ৰেণীৰ বাবে মোহন সন্দিহান হৈ পৰিছে। যি সময়ত দেশৰ উচ্চশ্ৰেণীৰ সমাজে নতুনকৈ লাভ কৰা স্বাধীনতাৰ বাবে  আনন্দত উৎফুল্লিত আছিল, সেই সময়ত মোহনৰ ভাৱ-চিন্তা, সহানুভূতি দেশৰ নিম্ন শ্ৰেণীৰ সমাজৰ বাবে আবদ্ধ  আছিল। সেয়েহে, দেশৰ দুখীয়া শ্ৰেণীৰ স্বাৰ্থত ১৯৪৭ চনৰ ১৫  আগষ্টৰ দিনটোত মোহন ওলাই আহিছে। এই ঐতিহাসিক দিনটোত পুৱাৰ পৰা বিয়লিলৈকে মোহনে শোষিতসকলৰ ভাৱ-চিন্তাত কটোৱাৰ পিছত স্বাধীনতা উদযাপনৰ বাবে পতা ৰাজহুৱা সভাত উপস্থিত হয়। সেই সভাত ভাষণ দিয়াৰ বাবে মোহনে অনুমতি লাভ কৰা নাছিল যদিও মাইকৰ ওচৰলৈ গৈ ভুৱা স্বাধীনতাৰ বিৰুদ্ধে উদাত্ত কণ্ঠেৰে বিপ্লৱী বক্তৃতা আৰম্ভ কৰে। ফলত মোহন গ্ৰেপ্তাৰ হ’ল। কাহিনীৰ ঘটনা তথা মোহনৰ কাম-কাজ তথা ভাৱ-চিন্তাই এই কথা স্পষ্ট কৰে যে মোহন কমিউনিষ্ট আদৰ্শৰ প্ৰতি অনুগামী। সহানুভূতি তথা গভীৰ একাত্মবোধেৰে মোহনৰ চৰিত্ৰটো অংকণ কৰা হৈছে। ধাৰণা কৰিব পাৰি যে মোহনৰ স্ৰষ্টা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰো মোহনৰ আদৰ্শৰ প্ৰতি আনুগত্য আছে।
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ “ৰাজপথে ৰিঙিয়ায়” উপন্যাসখন সমালোচকসকলে ৰাজনৈতিক উপন্যাস হিচাপে অভিহিত কৰিব বিচাৰে। ৰাজনৈতিক ঘটনা প্ৰবাহ তথা আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাৰ নিৰংকুশ প্ৰাধান্যৰ বাবে সত্তৰৰ দশকৰ পিছৰ পৰা বিভিন্ন আদৰ্শই গঢ় লোৱা ৰাজনৈতিক বিষয়সমূহে সকলো স্তৰৰ পৰ্যটকক আকৰ্ষণ কৰে। Irving Howe ৰ মতে যি উপন্যাসত ৰাজনৈতিক চিন্তা চৰ্চাই প্ৰাধান্য লাভ কৰে, বা ৰাজনৈতিক বাতাবৰণে উপন্যাসৰ পটভূমি নিৰ্ণয় কৰে, তেনে উপন্যাসক ৰাজনৈতিক উপন্যাস বোলে। বিশ্ব উপন্যাস সাহিত্যৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে একো একোটা ৰাজনৈতিক ঘটনা বা পৰিক্ৰমাক কেন্দ্ৰ কৰি বহুতো উপন্যাস ৰচিত হৈছে। উদাহৰণস্বৰূপে, স্পেইনৰ গৃহযুদ্ধৰ পটভূমিত ৰচিত আৰ্নেষ্ট হেমিংৱেৰ “For whom the Bell Tolls”, নেপোলিয়নৰ ৰাছিয়া অভিযানক লৈ ৰচিত টলষ্টয়ৰ “War And Peace”, বংগদেশৰ সন্ন্যাসী বিদ্ৰোহক কেন্দ্ৰ কৰি বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত “আনন্দ মঠ”, ভাৰত ত্যাগ আন্দোলনৰ পটভূমিত ৰচিত  আদিবি বাপুৰাজৰ “নাৰায়নাবাড়ু” আদি। অসমীয়া উপন্যাস সাহিত্যটো প্ৰাক্ স্বাধীনতা কালতে দণ্ডিনাথ কলিতাৰ “সাধনা”,দৈৱচন্দ্ৰ তালুকদাৰৰ “অপূৰ্ণ”  আদি উপন্যাসৰ জৰিয়তে ৰাজনৈতিক উপন্যাসৰ ধাৰা এটি গঢ়ি উঠে। ৰাজনৈতিক উপন্যাস বুলি ক’লে সততে কেইটামান কথা মনত ৰখা উচিত-
১) উপন্যাসখনৰ পটভূমিটো ৰাজনৈতিক বাতাবৰণৰ দ্বাৰা পৰিপুষ্ট হ’ব লাগিব।
২) সমাজত প্ৰচলিত বা সংঘটিত হৈ যোৱা কোনো ৰাজনৈতিক ঘটনা বা বিভিন্ন ৰাজনৈতিক কাৰ্য-কলাপৰ লগতে দৈনন্দিন সমাজৰ এক চিত্ৰ উপন্যাসখনত থাকিব লাগে।
৩) উপন্যাসখনৰ মাজেৰে ঔপন্যাসিকৰ ৰাজনৈতিক ভাৱধাৰা ব্যক্ত কৰাৰ উপৰিও তাৰ মাজেৰে জীৱনৰ বিষয়েও এক ধাৰণা ফুটাই তুলিব পাৰিব লাগিব।
৪) ৰাজনৈতিক চেতনাৰে সিক্ত উপন্যাসসমূহক দুটা ভাগত বিভক্ত কৰা হয়- ক) বৈজ্ঞানিক সমাজবাদ বা মাৰ্ক্সীয় সমাজবাদ খ) মোটামুটিভাবে গণতান্ত্ৰিক সমাজবাদ।
৫) ৰাজনৈতিক উপন্যাসে ৰাজনৈতিক কোনো কাৰ্যকলাপ, ৰাজনৈতিক ব্যৱস্থা আৰু তত্ত্বৰ ওপৰত পাঠকৰ মনৰ সমালোচনাত্মক দৃষ্টিভংগী আগবঢ়ায়।
“ৰাজপথে ৰিঙিয়ায়” উপন্যাস খন বাৰঘণ্টীয়া সময়ৰ পৰিধিৰে এটি বিপ্লৱৰ কাহিনী। য’ত আছে বিপ্লবী মনোভাবেৰে বিশ্ব পৰিৱৰ্তন কৰিবলৈ লোৱা দৃঢ় সংকল্প। উপন্যাসখনৰ উদ্দেশ্য হ’ল শ্রেণী বৈষম্যহীন, শোষণমুক্ত, এখন সমাজবাদী সমাজৰ আদৰ্শ আগত ৰাখি বিপ্লবী মনোভাব আৰু নিষ্পেষিত দুৰ্বলৰ প্ৰতি সহানুভূতিশীল দৃষ্টিভংগী প্ৰদান কৰা। উপন্যাসখনৰ বিষয়বস্তুৰ ধাৰণা, ভাৱচিন্তা, পটভূমিৰ ধাৰণাই ৰাজনৈতিক উপন্যাসৰ ধাৰণাক স্পষ্ট কৰে। অৰ্থাৎ ৰাজনৈতিক উপন্যাসৰ বাবে নিৰ্ধাৰিত বৈশিষ্ট্যবোৰেৰে  ‘ৰাজপথে ৰিঙিয়ায়’ৰ বিষয়বস্তু সমৃদ্ধ। উপন্যাসখন বৈজ্ঞানিক সমাজবাদক বা মাৰ্ক্সীয় সমাজবাদৰ ওপৰত প্ৰতিষ্ঠিত। ৰাজনৈতিক উপন্যাসৰ ধাৰণাপুষ্ট ‘ৰাজপথে ৰিঙিয়ায়’ এখন সম্পূর্ণ ৰাজনৈতিক বাতাৱৰণ সমৃদ্ধ উপন্যাস। সম্পূর্ণ উপন্যাসখন ৰাজনৈতিক ঘটনাৰ বৰ্ণনাৰে আৰম্ভ হৈ ৰাজনৈতিক সন্ধিৰ মেৰপাকত সমাপ্ত হৈছে। সমাজত প্ৰচলিত ৰাজনৈতিক অস্থিৰতা আৰু সমাজৰ ৰাজনৈতিক পৰিৱেশৰ বাবে বিভিন্ন ধৰণৰ সংস্কাৰমূলক চিন্তাধাৰাৰে উপন্যাসখন বৰ্ণিত হৈছে। এনেবোৰ দৃষ্টিভংগীৰ পৰাই বহুতো সমালোচকে ‘ৰাজপথে ৰিঙিয়ায়’ উপন্যাস খনক ৰাজনৈতিক উপন্যাসৰ সমধৰ্মী বুলি ক’ব বিচাৰে।
বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যৰ ‘ৰাজপথে ৰিঙিয়ায়’ উপন্যাস খনত মূলতঃ মানৱীয় অনুভূতি আৰু সমসাময়িক চেতনাৰ ছবি স্পষ্টৰূপত অংকিত হৈছে। সাধাৰণ জনসাধাৰণৰ বাবে ভাৰতবৰ্ষই নতুনকৈ লাভ কৰা স্বাধীনতা কিমানদূৰ সুদূৰ প্ৰসাৰী, সেই সম্পর্কে নায়ক মোহন সন্ধিহান হৈ উঠিছে। সেয়েহে উপন্যাসখনত ১৯৪৭ চনৰ ১৫ আগষ্টৰ ঐতিহাসিক দিনটোত নায়ক মোহনে তথাকথিত স্বাধীনতা উদযাপন কৰাৰ বিপৰীতে লাঞ্ছিত, শোষিত আৰু সাধাৰণজনৰ অৰ্থনৈতিক স্বাধীনতাৰ কথা চিন্তা কৰিছে। অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন। উপন্যাসখনত ঔপন্যাসিকে সেই সময়ৰ ৰাজনৈতিক কৰ্মী এজনৰ ক’বলগীয়াখিনি প্ৰকাশ কৰা দেখা গৈছে।
উপন্যাসখনৰ বিষয়বস্তু অনুসৰি, সেই সময়ত দেশখনে নতুনকৈ স্বাধীনতা লাভ কৰিছে। ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে। কিন্তু উপন্যাসখনৰ নায়ক মোহনে অনুভব কৰিছে যে এই স্বাধীনতা প্ৰকৃত স্বাধীনতা নহয় — “য়ে আজাদী ঝুথা হেঁই”। অৰ্থাৎ মোহনে উপলব্ধি কৰিছে যে ইংৰাজৰ পৰা মুক্ত হৈ স্বাধীন মন তথা চিন্তাৰ যি স্বাধীনতা ভাৰতবাসীয়ে কামনা কৰিছে, সেই স্বাধীনতা দৰাচলতে ভাৰতবাসীয়ে পোৱা নাই।
মানুহৰ মৌলিক প্ৰয়োজন খাদ্য, বস্ত্ৰ আৰু বাসস্থান। ইংৰাজৰ অধীনত থকা ভাৰতবাসীয়ে এই সাধাৰণ মৌলিক প্ৰয়োজন কেইবিধৰ বাবে কষ্ট ভুগিব লগা হৈছে। সেয়ে ভাৰতবাসীয়ে কামনা কৰিছে যে দেশ স্বাধীন হোৱাৰ লগে লগে মানুহে নিজৰ মৌলিক প্ৰয়োজনবোৰ পূৰণ কৰাত অসুবিধাৰ সন্মুখীন নহয় যেন। ভাৰতবাসীয়ে ধাৰণা কৰিছে যে দেশৰ স্বাধীনতাই মানুহৰ মন- মগজু, চিন্তাৰ পৰিধিৰ ক্ষেত্রতো প্ৰসাৰতা আনিব। কিন্তু দেশে লাভ কৰা নব্য স্বাধীনতাৰ সংজ্ঞা আছিল সম্পূর্ণ বিপৰীত। দেশ স্বাধীন হোৱাৰ পিছত যি এক পৰিস্থিতি জনসাধাৰণে কামনা কৰে, প্ৰকৃত অৰ্থত তাৰ এক পৃথক ছবিহে দেখা দিয়ে। সেই সময়ত সাধাৰণ প্ৰজাই অনুভব কৰিলে যে দেশ স্বাধীন হোৱাৰ আগৰ পৰিস্থিতিতকৈও স্বাধীনতা লাভ কৰাৰ পিছৰ পৰ্যায়ত জনসাধাৰণৰ অৱস্থা শোচনীয় হ’ল। দেশৰ নব্য স্বাধীনতাই ধনী শ্রেণীক অধিক ধনী আৰু দুখীয়া শ্রেণীক অধিক দুখীয়া কৰিলে।
নতুনকৈ স্বাধীনতা লাভ কৰা মানুহৰ যি মানবীয় অনুভূতি তথা মনৰ ধাৰণা; অৰ্থাৎ পূর্বৰ ধাৰণাৰ লগত বৰ্তমানৰ ধাৰণা তথা অৱস্থাৰ যি বৈপৰীতা প্ৰকাশ হৈছিল, সেয়াই উপন্যাসখনৰ জৰিয়তে দাঙি ধৰা হৈছে। উপন্যাসখনৰ মূল চৰিত্ৰ মোহনৰ দ্বাৰা এক সাম্যবাদী ধাৰণা প্ৰকাশ পাইছে। সাম্যবাদৰ অৰ্থ হ’ল সকলো মানুহ সমান। এই সমানতা অৰ্থনৈতিক ভাৱে আহিব লাগিব। সাম্যবাদী ধাৰণাই আৰ্থিকভাৱে সকলোকে সমানে উন্নত হোৱাটো বিচাৰে। যেতিয়া প্ৰতিজন মানুহে সমানে আৰ্থিক তথা আন সুবিধাবোৰ লাভ কৰিব, তেতিয়াহে দেশৰ প্ৰকৃত স্বাধীনতা হোৱা বুলি সাম্যবাদে ধাৰণা কৰে। মোহনৰ চৰিত্ৰটোৰ দ্বাৰা উপন্যাসখনত এই সাম্যবাদী ধাৰণাৰে সকলোৰে উন্নতি হোৱাটো কামনা কৰিছে। উপন্যাসখনৰ বিষয়বস্তুৰে সেই সময়ৰ মানুহৰ অন্তৰৰ অনুভূতি তথা সমসাময়িক চেতনাৰ প্ৰকাশ কৰা হৈছে এনেদৰে-
(ক) মানুহে অৰ্থাৎ সাধাৰণ প্ৰজাই যি স্বাধীনতা আশা কৰিছিল, আকাংক্ষিত স্বাধীনতা অনাকাঙ্ক্ষিত হ’ল।
(খ) যি স্বাধীনতাই মানুহৰ মৌলিক প্ৰয়োজন পূৰাব নোৱাৰে, সেই স্বাধীনতাক প্ৰকৃত স্বাধীনতা বুলিব নোৱাৰি। অৰ্থাৎ ১৯৪৭ চনৰ ১৫ আগষ্টত লাভ কৰা স্বাধীনতা সাধাৰণ প্ৰজাৰ বাবে কেতিয়াও আকাংক্ষিত বা প্ৰকৃত স্বাধীনতা বুলি ক’ব নোৱাৰি। কাৰণ সেই স্বাধীনতা ই ধনী শ্রেণীক ধনী কৰাৰ বিপৰীতে দুখীয়া শ্রেণীক অধিক দুখীয়া কৰাৰ পোষকতা কৰে।
আলোচনাখিনিৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যৰ ৰচিত ‘ৰাজপথে ৰিঙিয়ায়’ উপন্যাসখন এখন সৰ্বাংগীন পূর্ণ উপন্যাস (ৰাজনৈতিক)। সমাজৰ পৰিবৰ্তন তথা সমাজৰ বিভিন্ন দিশক কেন্দ্র কৰি উপন্যাসৰাজি ৰচনা কৰা ভট্টাচার্য অসমীয়া সাহিত্যৰ এক পুৰোধাস্বৰূপ। প্ৰগতিশীল মনৰ পৰিচয় দিয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই তেওঁৰ উপন্যাস ৰচনাৰ প্ৰতিভাৰ বাবে অসমীয়া পাঠকৰ মানসপটত চিৰস্থায়ী হৈ ৰ’ব বুলি আশা কৰিব পাৰি। অসমীয়া উপন্যাস সাহিত্যক অনন্য গতি প্ৰদান কৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যৰ উপন্যাসৰাজি অসমীয়াৰ লগতে ভাৰত তথা পৃথিবীৰ আন ভাষাতো অনুদিত আৰু সমাদৃত হওক— তাৰেই কামনা কৰিছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *