অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (দ্বিতীয় সংখ্যা)

অসংগঠিতখণ্ডৰ শ্ৰমিকৰ ৰূপত কৃষক:এক সামাজিক দুৰ্যোগ (পূজা নিৰালা)

বৰপেটাৰ কৃষকৰ মাজত হাহাকাৰ অৱস্থা, কাৰণ বৰপেটাত কৃষকে নহৰু বিক্ৰী কৰিব লগীয়া হৈছে  ৫ টকা কেজি দৰত। আনফালে গুৱাহাটী বা অন্য ঠাইত কেজিয়ে প্ৰতি প্ৰায় ৮০ টকা । ইয়াৰপৰা এইটো স্পষ্ট যে কৃষক এজনে নহৰু উৎপাদনৰ পিছত প্ৰকৃত মূল্য নাপায়। এজন কৃষকৰ মতে নহৰু উৎপাদনৰ খৰছ বিক্ৰী কৰি পোৱা মূল্যতকৈ ৬গুণ বেছি।

কেৱল নহৰুৱে নহয়,অসমত বিশেষকৈ নামনি অঞ্চলত কেইবাবাৰো কৃষকে উৎপাদিত শস্যৰ প্ৰকৃত মূল্য নোপোৱাত শস্য বজাৰত পেলাই প্ৰতিবাদ কৰিব লগীয়া হৈছে। কিন্তু আনফালে মধ্যভোগী বেপাৰীয়ে অতি নিম্ন হাৰত কিনি গ্ৰাহকৰ ওচৰত বিক্ৰী কৰিছে প্ৰতি কেজিত৮০ টকাকৈ। আনফালে, একেখিনি কৃষকে বানপানী, গৰাখহনীয়াৰ দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে বছৰ বছৰ ধৰি।

যোৱা বছৰ মৰিগাঁৱৰ লাহৰীঘাটৰ কৃষকৰ হাজাৰ হাজাৰ বিঘা মাটি মৰাপাট শস্যৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত জাহ গৈছে। খেতিমাটিয়েই নহয়, উছন হৈছে ঘৰ-ভেটিও।একেদৰে, নামনিৰ চৰ-চাপৰিত কৃষিভূমি জাহ গৈছে। কৃষিভূমিৰ খহনীয়া,অপৰ্যাপ্ত বিক্ৰী মূল্য আৰু উৎপাদনৰ খৰছ বিক্ৰী মূল্যতকৈ ৬ গুণ বেছি ।স্বাভাৱিকতে এই কাৰণসমূহেই যথেষ্ট হৈ পৰে কৃষকৰপৰা শ্ৰমিকলৈ অৱনমিত হোৱাৰ।

যোৱা ৬মাৰ্চত মহাৰাষ্ট্ৰৰ নাচিকত প্ৰায় ২৫ হাজাৰ কৃষকে আৰম্ভ কৰা ‘কৃষক লং মাৰ্চ’  ৩দিনৰ দিনা মুম্বাই পোৱাৰ পিছতে সমগ্ৰ দেশজুৰি আলোড়নৰ সৃষ্টি হয় আৰু তেতিয়ালৈ ৰাজপথত কৃষকৰ সংখ্যা হয়গৈ ৫০ সহস্ৰাধিক। প্ৰায় সপ্তাহজোৰা আন্দোলনে সমগ্ৰ দেশবাসীৰ সমৰ্থন আৰু ৰাজ্যবাসীৰ সহযোগিতা লাভ কৰে। পৰিণতিস্বৰূপে মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰে কৃষকৰ দাবীসমূহ মানি ল’বলৈ বাধ্য হয়। আটাইতকৈ অধিক হাৰত কৃষকৰ আত্মহত্যাৰ ৰেকৰ্ড থকা ৰাজ্যৰ কৃষকে ন্যায্য অধিকাৰ কেনেদৰে কাঢ়ি আনিব লাগে তাৰ নজিৰ দেখুৱাই দিলে।

সমাজৰ প্ৰতিটো অংশ এটা আনটোৰ সৈতে ওতপ্ৰোতভাৱে পৰস্পৰ সম্পৰ্কিত। কিন্তু কৃষক সমাজৰ এনে এটা অংশ যাৰ ওপৰত সমগ্ৰ মানৱ জগত নিৰ্ভৰ কৰিবলগীয়া হয়। কৃষকে কৃষিকাৰ্য নকৰিলে খাদ্যৰ যোগান বন্ধ হৈ পৰিব।

অসমতো সময় আহি পৰিছেকৃষক বিদ্ৰোহৰ,আন্দোলনৰ- ন্যায্যপ্ৰাপ্তিৰ বাবে, অধিকাৰৰ বাবে। অসমৰ কৃষকৰ বাবে কৃষি ঋণ বিজ্ঞাপনতেই সীমাবদ্ধ। উন্নতমানৰ বীজৰ যোগান,উৎপাদনৰ পিছত শস্য বিক্ৰী কৰি উচিত মূল্য আদায় পোৱা,পূৰ্বৰ ঋণ মাফ কৰা,দৰিদ্ৰ কৃষকৰ অন্ততঃ এগৰাকী সন্তানক শিক্ষা বৃত্তি প্ৰদান কৰা,খহনীয়াত জাহ যোৱা কৃষিভূমিৰ বাবে পৰ্যাপ্ত ক্ষতিপূৰণ দিয়া  আদি দাবীৰে অসমৰ কৃষকো আজি ৰাজপথত ওলাই অহাৰ সময় সমাগত।অন্যথা গাঁওবোৰৰপৰা কৃষিভূমিৰ বিলুপ্তিৰ লগে লগে কৃষি-সংস্কৃতিয়েই বিলুপ্ত হৈ হেৰাই যাব।

গুৱাহাটী বা অন্য উন্নয়নশীল চহৰ বা মহানগৰসমূহতযদি ভালদৰে সোমাই চোৱা যায়,তেন্তে দেখা পোৱা যাব দৈনন্দিন  অসংগঠিতখণ্ডৰ শ্ৰমিকৰ সংখ্যা বাঢ়িছে। একেদৰে  ৰে’ললাইন,পৰিত্যক্ত ভূমি বা পাহাৰত জনবসতি ক্ৰমান্বয়ে বৃদ্ধি হৈছে।অসংগঠিতখণ্ডৰ শ্ৰমিকৰ মাজত অপ্ৰশিক্ষিত(unskilled)শ্ৰমিকসকলে কম মজুৰিত খাটি আছে। গৃহকৰ্মীৰ সংখ্যা বৃদ্ধি হৈছে। ফলত অতিনিম্ন মানৰ  মজুৰিৰ বাবদ তেওঁলোকে খাটিব লগা হৈছে। এই গোটেই ঘটনাপ্ৰবাহ বিচ্ছিন্ন নহয়।

হিন্দু-মুছলমান বুলি ধৰ্মীয় কিম্বা সাম্প্ৰদায়িক ৰাজনীতিৰ খোলাত সোমোৱাই কৃষক,কৃষি শ্ৰমিক অথবা শ্ৰমিকসকলক ভাগ কৰিব বিচাৰিছে আজিৰ সুবিধাবাদী ব্যৱস্থাই। কিন্তু বাস্তৱতাৰপৰা নিলগাই ৰখাৰ এই ষড়যন্ত্ৰ বুজিও আজিলৈ কিয় অসমত এটাও প্ৰগতিশীল কৃষক সংগঠনে এই দাবীসমূহৰসুশৃঙ্খলিত,সফল এক আন্দোলন গঢ়ি তুলিব পৰা নাই? এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি মনত ৰখা দৰকাৰ,যেতিয়াই চহৰত শ্ৰমিকৰ মাজত নিবনুৱাৰ সংখ্যা বাঢ়ে,অতি নিম্নমানৰ মজুৰিত শ্ৰমিক গেবাৰি খাটিবলৈ  প্ৰস্তুত হয়, তেতিয়াই সংকট আহিছে কৃষিখণ্ডলৈ। এই সংকট কৃষকৰ।

এফালে চৰকাৰৰ স্মাৰ্ট চিটিৰ আঁচনিৰ বিজ্ঞাপনে চকু চাট মাৰিছে। একেলগে এই ‘স্মাৰ্ট চিটি’ৰ বৈশিষ্ট্য মতে স্মাৰ্ট চিটি জ’নত  (zone)কোনো বস্তি অঞ্চল বা জুপুৰি থাকিব নোৱাৰিব।চৰকাৰী এই স্ববিৰোধী ব্যৱস্থাবোৰৰ ক্ষেত্ৰত এক মিনিট ভবাৰ  সময় আছেনে আমাৰ হাতত? প্ৰতিবাদ কৰা দূৰৰ কথা। এফালে সৰ্বস্ব হেৰুৱাই কৃষক এজন হয় কৃষি শ্ৰমিক অথবা চহৰত অসংগঠিতখণ্ডৰ শ্ৰমিক। আনফালে গাঁও এৰি  জীৱিকাৰ বাবে চহৰমুখী হোৱা শ্ৰমিকৰ বাবে সজা জুপুৰিৰ স্থান নাই ‘স্মাৰ্ট চিটি’ত । প্ৰকৃততে বিশ্লেষাত্মক দৃষ্টিত এই বিষয়বোৰ ভিন্ন বা বিচ্ছিন্ন নহয়। এই ব্যৱস্থাৰ শোষণৰ পৰিণতিৰ ভিন্ন ৰূপ মাথোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *