কেন্দ্ৰীয় নিবন্ধনিবন্ধ

ৰাজনীতি, নিৰক্ষৰতা, নিৰপেক্ষতা ইত্যাদি ।। ৰঞ্জিত ভূঞা।

মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা

প্ৰসিদ্ধ গ্ৰীক দাৰ্শনিক পণ্ডিত এৰিষ্ট’টলে(৩৮৪ খৃঃ পূঃ-৩২২ খৃঃ পূঃ ) খৃঃ পূঃ চতুৰ্থ শতিকাতে জীৱ শ্ৰেষ্ঠ মানুহ সম্পৰ্কে কৈছিল – Man is by nature a political animal অৰ্থাৎ মানুহ প্ৰকৃতিৰ বিধান অনুসৰিয়েই এটা ৰাজনৈতিক প্ৰাণী। ইয়াৰ দ্বাৰাই এই প্ৰাচীন গ্ৰীক দাৰ্শনিক চিন্তানায়ক গৰাকীয়ে মানুহৰ জীৱনৰ চিন্তা-চেতনা আৰু কাম-কাজৰ এক বিস্তৃত পৰিসৰৰ বিষয়ে ইংগিত কৰিছে যাৰ অনুশীলনৰ দ্বাৰা এটি সুস্থ সংস্কৃতিবান মানৱ জাতি, এখন সুসভ্য দেশ গঢ়ি তুলিব পৰা যায়। ইয়াত ৰাজনীতি মানে, ৰাজনৈতিক জীৱন মানে আজিৰ কেৱল সংকীৰ্ণ দলীয় নিৰ্বাচনী ৰাজনীতিত সাধাৰণ নাগৰিকক জড়িত হোৱাৰ কথাই তেওঁ ক’ব বিচৰা নাই। তেওঁ সৰ্বান্তঃকৰণে বিশ্বাস কৰিছিল যে মানুহ এই বাবেই ৰাজনৈতিক প্ৰাণী কাৰণ সকলো জীৱ-জন্তুৰ ভিতৰত একমাত্ৰ মানুহেই সমাজ পাতি বাস কৰি সামুহিক চিন্তাৰে, আলাপ-আলোচনাৰে, উচিত -অনুচিত বিচাৰ কৰিব পৰা, সিদ্ধান্ত ল’ব পৰাৰ ক্ষমতা আছে আৰু সেই চিন্তা-চেতনা, কাম-কাজ এখন নগৰৰ সকলোৰে ভাল কৰিব পৰা নীতি আধাৰিত কৰি গঢ়ি তোলাৰ দক্ষতা আছে। তেনে কৰিব পাৰিলেহে ৰাজনৈতিক আৰু সামাজিক প্ৰাণী হিচাপে মানুহ সফল হ’ব পাৰিব। তেনেহলে ৰাজনীতি কি, ৰাজনৈতিক প্ৰাণী হিচাপে প্ৰতিজন মানুহৰ ভূমিকা কি হোৱা উচিত? সেই প্ৰাচীন কালতে গ্ৰীক দাৰ্শনিক, চিন্তনায়ক গৰাকীয়ে কোৱা ৰাজনীতি, ৰাজনৈতিক জীৱনৰ চিন্তাৰ প্ৰতিফলন আমি পঞ্চাশৰ দশকত আমাৰ মহান সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ লেখনিৰ মাজত বিচাৰি পাইছোঁ। ৰাজনীতি কি ,এই বিষয়ে ৰাভা দেৱে সহজ ভাষাৰে লিখিছে এনেদৰে –

“কেঁচুৱাই জন্মৰ লগে লগেই কান্দে, কান্দে তিনিটা কাৰণত। মাতৃ গৰ্ভৰ পৰা সি যি কষ্ট-পৰিশ্ৰমেৰে ওলাই আহে, সি ভাগৰি যায়; ভোক পিয়াহত কাতৰ হয়,-সি তেতিয়া কান্দে। মাকে তেতিয়া তাক পিয়াহ খুৱাই সান্ত্বনা দিয়ে। তেতিয়া তাৰ কান্দোন থামে। মাকৰ গৰ্ভৰ পৰা ওলাই সেই কেঁচুৱা টোৱে অকলশৰীয়াকৈ মাটিত পৰে। মাতৃৰ গৰ্ভ তেনেই কোমল, কিন্তু মাটি টান, গতিকে সি আশ্ৰয় বিচাৰি কান্দি উঠে। মাকে তেতিয়া তাক কোলাত আশ্ৰয় দি সান্ত্বনা দিয়ে। তাৰ কান্দোন থামে। মাতৃৰ গৰ্ভ তপত; তাত কেঁচুৱাটোৱে জাৰ নাপায়। মাতৃ গৰ্ভৰ পৰা ওলাই ধৰণীৰ বা-বতাহ লগাত কেঁচুৱাটোৱে জাৰত কঁপি উঠে, কান্দে। তেতিয়া মাকে তাক বাহুৰ বান্ধোনেৰে আঁকোৱালি ধৰে। তেতিয়া সি বাহুৰ আৱৰণ পাই সান্তনা লাভ কৰে,-নাকান্দি মনে মনে থাকে।.এই আহাৰ, আশ্ৰয় আৰু আৱৰণৰ কাৰণে মানুহে জন্মৰ পৰাই কান্দে। এই খাদ্য, ঘৰ-বাৰী আৰু উৰণ-পিন্ধনৰ কাৰণে মানুহে জন্মৰ পৰাই সংগ্ৰাম কৰে। এই তিনিটাৰ অভাৱতে মানুহৰ জীৱন সংকটপূৰ্ণ হৈ উঠে। মৃত্যুয়ে সুবিধা পাই জীৱন মাৰি পেলায়। এই তিনিটাৰ কাৰণে মানুহে জনমৰ পৰা মৰণ লৈকে কান্দে-যুঁজে।এইটোৱেই, এই তিনিটাৰ কাৰণে কন্দাই ৰাজনীতি-আচল ৰাজনীতি।”ৰাজনৈতিক বিচিত্ৰা-বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ।(পৃষ্ঠা ৮৫১)”

সেয়া আছিল সৈনিক শিল্পী বিষ্ণু ৰাভাৰ ৰাজনীতিৰ সংজ্ঞা, তেওঁৰ ভাষাত ‘আচল ৰাজনীতি’। ইয়াতকৈ সহজ-সৰলকৈ ৰাজনীতিৰ সংজ্ঞা আন কোনোবাই দিব পাৰিছে যেন নালাগে। সহজ-সৰল ভাষাত চহা ৰাইজে বুজিব পৰাকৈ কোৱা কাৰণেই বিষ্ণু ৰাভাৰ ৰাজনীতি, বিপ্লৱৰ বাণীয়ে সাধাৰণ মানুহক আকৃষ্ট কৰিব পাৰিছিল। ৰাইজৰ অকুণ্ঠ সমৰ্থন পাবলৈ তেওঁ সমৰ্থ হৈছিল। গতিকে মানুহ যে জন্মগতভাৱেই ৰাজনৈতিক প্ৰাণী, মানুহৰ ব্যক্তিগত জীৱন, সামাজিক জীৱন ৰাজনীতিৰ দ্বাৰা, ৰাজনৈতিক নীতিৰ আধাৰতে পৰিচালিত হয়, তাক অস্বীকাৰ কৰিব পৰা যায় কেনেকৈ! কিন্তু এচাম শিক্ষিত মানুহেই নিজকে “অৰাজনৈতিক” ,’ ৰাজনীতিৰ সৈতে মোৰ/আমাৰ একো সম্পৰ্ক নাই,” মই/আমি নিৰপেক্ষ” বুলি কৈ নজনাকৈয়ে হওক অথবা জানিয়ে হওক এই চিৰন্তন সত্যক অস্বীকাৰ অথবা আওকাণ কৰিব খোজে। নিৰপেক্ষ, নিৰপেক্ষতা এই লৈ আমাৰ কিছু কথা এইখিনিতে মনলৈ আহিছে। আমি ভাবো যে প্ৰকৃততে কোনো মানুহেই সমাজত সম্পুৰ্ণ নিৰপেক্ষ হৈ নাগৰিকৰ কৰ্তব্য পালন কৰিব নোৱাৰে। কিবা অনুষ্ঠান, ৰাজপথ ,অফিচ কাছাৰী অথবা বজাৰৰ মাজত কাৰোবাৰ প্ৰতি হোৱা অন্যায়, অপমান দেখিও যদি আমি এষাৰ মাত নামাতো, গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত চৰকাৰ এখনে গ্ৰহণ কৰিব খোজা নাগৰিকৰ প্ৰতি ক্ষতিকাৰক ৰূপে বিবেচিত নীতিৰ বিৰুদ্ধে নিৰপেক্ষতাৰ দোহাই দি যদি আমি একো নামাতো, প্ৰতিবাদ নকৰোঁ, তেন্তে ক্ষতি আমাৰেই নহ’বনে? কাৰোবাৰ ওপৰত হোৱা অন্যায় অপমান আমাৰ নিজৰ ক্ষেত্ৰতে যদি কেতিয়াবা হয়, তেতিয়াও আমি মাত নমতাকৈ থাকিম নে, থাকিব পাৰিম নে অথবা থকাটো উচিত হব নে? আমি মাত মাতিবই লাগিব ,এই যে আমি মাত মাতিম, প্ৰতিবাদ কৰিম, তেতিয়াই আমি এটা পক্ষ লব লাগিব আৰু সেই পক্ষটোৱেই হৈছে সত্যৰ পক্ষ, ন্যায়ৰ পক্ষ, নাগৰিক হিচাবে থকা আমাৰ মৰ্য্যদা অক্ষুণ্ণ ৰখাৰ পক্ষ। এই ক্ষেত্ৰত নিৰপেক্ষ হৈ থকাৰ অৰ্থ মৰ্য্যদাহীন জীৱন কটোৱা যি জীৱন প্ৰকৃততে মূল্যহীন, জীয়াই থাকিও মৃত্যুৰ সমতুল্য! এইখিনিতে ৰাজনৈতিক ভাৱে অসচেতনতাৰ কথাও আহে যি একপ্ৰকাৰৰ নিৰক্ষৰতাৰ শাৰীতে পৰে বুলি ক’ব পৰা যায়।

নিৰক্ষৰতাৰ অৰ্থ আমি সকলোৱে জানোঁ। কিন্তু নিৰক্ষৰতাৰো যে ভাগ আছে, সেই কথা হয়তো ভাবি নাচাওঁ। নিৰক্ষৰতাৰ তেনে এটা ভাগ হল,”ৰাজনৈতিক নিৰক্ষৰতা”, ইংৰাজীত যাক কোৱা হৈছে Political illiteracy, যাৰ বিষয়ে প্ৰথিতযশা জাৰ্মান নাট্যকাৰ, কবি, বিশ্বৰ বিস্ময়কৰ নাট্য প্ৰতিভা  বেৰ্টলট্ ব্ৰেখ্টে(সম্পূৰ্ণ নাম-Eugen Berthold Friedrich Brecht(1898-1956) কৈছিল, “নিৰক্ষৰতাৰ ভিতৰত ৰাজনৈতিক নিৰক্ষৰতা হ’ল আটাইতকৈ বেয়া৷ এনে ৰাজনৈতিক নিৰক্ষৰসকলে কাৰো কথা নুশুনে, কাকো নেদেখে, কোনো ৰাজনৈতিক কৰ্মকাণ্ডত ভাগ নলয়৷ তেওঁ নুবুজে যে জীৱনযাত্ৰাৰ মূল্যমান, পাচলিৰ দাম, মাছৰ দাম, আটাৰ দাম, বৰ্দ্ধিত ভাৰা, জোতাৰ দাম , দৰৱ পাতিৰ দাম ইত্যাদি ৰাজনৈতিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল৷ তেনে ৰাজনৈতিক নিৰক্ষৰজনে আকৌ নিজৰ ৰাজনৈতিক অজ্ঞতাৰ বাবে ওলোটাই গৌৰৱ বোধ কৰে, নিজৰ বুকুত চপৰিয়াই কয় যে তেওঁ ৰাজনীতিক ঘিণ কৰে৷ তেওঁ নাজানে যে তেওঁৰ এই অপৰিপক্বতাৰ বাবে, মূৰ্খতাৰ বাবে অৰ্থাৎ ৰাজনীতিত অংশ গ্ৰহণ নকৰাৰ ফলত হাজাৰ হাজাৰ গণিকা, গৃহহাৰা শিশু, চোৰ-ডকাইত আৰু অধম ৰাজনীতিকৰ উৎপত্তি সমাজত হব পাৰিছে আৰু আটাইতকৈ জঘন্য কথাটো হ’ল যে দুৰ্নীতিগ্ৰস্ত বিষয়াবৰ্গ আৰু শোষণসৰ্বস্ব বহুজাতিক নিগমৰ পদলেহনকাৰীসকল এওঁলোকৰ কৃপাতে বিচৰণ কৰিব পাৰিছে ।”

বৰ্তমান পৰিৱেশ-পৰিস্থিতিলৈ লক্ষ্য কৰিলে কথাখিনিৰ প্ৰাসংগিকতা কমক চাৰি বাঢ়িছে যেন অনুভৱ কৰোঁ। বিষ্ণু ৰাভাৰ ৰাজনীতিৰ ইমান প্ৰাঞ্জল বাখ্যা  আৰু ব্ৰেখ্তৰ ৰাজনৈতিক নিৰক্ষৰতাৰ সংজ্ঞাৰ সৰল বিশ্লেষণৰ পাছত শিক্ষিত বুলি, ৰাজনৈতিক ভাবে নিৰপেক্ষ বুলি নিজকে ভবা সকলে নিজকে নিজে প্ৰশ্ন কৰা, ভাবি চোৱা উচিত নহব নে – সঁচাকৈ তেওঁলোক ৰাজনৈতিক ভাৱে শিক্ষিত হয় নে? সেয়া আচলতে নিৰপেক্ষতা নে নিৰক্ষৰতা? সকলো জানি-বুজিও নিজৰ স্বাৰ্থ পূৰণৰ বাবে সদায়ে তোষামোদৰ পথ লোৱা, সকলো জানি বুজিও সুবিধাবাদী অৱস্থান গ্ৰহণ কৰাসকলৰ কথা বাৰু সুকীয়া, কিন্তু সমাজৰ হিত চিন্তা কৰিবলৈ আগবাঢ়ি অহাৰ মন থকা সকলে নিশ্চয় গুৰুত্ব সহকাৰে কথাবোৰ ভাবি চোৱা উচিত কাৰণ সমাজৰ দহজনৰ ভাল হোৱাৰ প্ৰভাৱ ব্যক্তিগত জীৱনতো পৰে আৰু তেতিয়াহে সুস্থ সংস্কৃতিবান আৰু শান্তিপূৰ্ণ নাগৰিক জীৱন নিশ্চিত হয়।

আজি আমি সাম্ৰাজ্যবাদৰ, পুঁজিবাদ আৰু পুঁজিবাদী অৰ্থনীতিয়ে বিশ্বজুৰি সাধাৰণ মানুহৰ জীৱন জীৱিকালৈ কঢ়িয়াই অনা অনিশ্চয়তা, অবৰ্ণনীয় দুখ-যন্ত্ৰণাৰ কথা আলোচনা কৰিছোঁ, তাৰ পৰা পৰিত্ৰাণৰ উপায়ৰ কথা ভাবিছোঁ, শ্ৰম কৰি জীৱন অতিবাহিত কৰা মানুহে মৰ্য্যদা সহকাৰে জীয়াই থকাৰ বাবে, নায্য প্ৰাপ্য আদায়ৰ বাবে ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰিছোঁ। কিন্তু আজিৰ পৰা সাত দশকৰো আগেয়ে শিৱসাগৰত বহা সদৌ অসম শিল্পী সংঘৰ প্ৰথম অধিৱেশন (১৯৪৮)ত ৰূপান্তৰৰ শিল্পী, গণশিল্পী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই এই সংকটৰ কথা সঠিক ভাৱেই অনুধাৱন কৰি কৈছিল, — “সাম্ৰাজ্যবাদ আৰু ধনতন্ত্ৰ বাদ এই দুয়োটাই পৃথিৱীৰ বুৰঞ্জীত সংস্কৃতিৰ ৰূপত ছদ্মবেশী দুস্কৃতিৰ পূৰ্ণ ৰূপ। আমি যদি এনে ছদ্মবেশ আমাৰ ক্ষুদ্ৰ মনীষাৰ অভাৱত ধৰিব নোৱাৰোঁ তেন্তে এটা কথাত তাৰ নিৰ্ঘাট প্ৰমাণ ওলাব। সেইটো হৈছে সেই বাদবোৰে জনতাৰ জীৱনত, ৰাইজৰ এই সংসাৰী জীৱনৰ ওপৰত আৰু সিহঁতৰ নৈতিক জীৱনৰ ওপৰত কি প্ৰতিক্ৰিয়া কৰিছে তাক চালেই হ’ল। সাম্ৰাজ্যবাদে আমাৰ জনতাক কি কৰিলে, ধনতন্ত্ৰ বাদে তাৰ বৈজ্ঞানিক শোষণ নীতিৰে জনতাক কি কৰিলে বা কৰিছে সি আজি সকলোৰে আগত জল জল পট্ পট্। দুস্কৃতি- সি যি মেধা বুদ্ধিৰ উন্নতি কৰি দুস্কৃতিমূলক বিকৃত জীৱন দৰ্শন, সমাজ দৰ্শন, অৰ্থনীতি, শাসন নীতি সকলো বৈজ্ঞানিক প্ৰণালীৰে কৰি লয় আৰু তাক সংস্কৃতি বুলি দেখুৱায় আৰু সংস্কৃতি ভক্ত মানুহকে ভ্ৰান্তিত পেলাই জনতাৰ ভাগ্য কাঢ়ি নিয়ে। এই সাম্ৰাজ্যবাদ আৰু ধনতন্ত্ৰ বাদ আমাৰ ভাৰতীয় ঐতিহ্যৰ নহয়।(জ্যোতি চিন্তা, পৃষ্ঠা ৩৭)। এই মহান শিল্পী জনাই এইদৰেই সাম্ৰাজ্যবাদী , আধিপত্যবাদী ৰাজনীতি আৰু ইহঁতৰ সুযোগ্য সহচৰ ধনতন্ত্ৰ বাদ, পুঁজিবাদী অৰ্থনীতিয়ে যে সমগ্ৰ বিশ্বৰ শ্ৰমজীৱি সাধাৰণ মানুহৰ জীৱন-জীৱিকা, কৃষ্টি-সংস্কৃতি গ্ৰাস কৰি সীমাহীন দুৰ্যোগৰ মাজলৈ ঠেলি দিব পাৰে তাকেই সঁকিয়াই থৈ গৈছিল যাক আমি বেদনাৰে প্ৰত্যক্ষ কৰিব লগা হৈছে। তেওঁ আৰু কৈছিল —”যি অৰ্থনীতিৰ দ্বাৰা জনতাই সংস্কৃতি গঢ়িবলৈ সুযোগ নাপায় সেই অৰ্থনীতি অনুপযোগী।সি সাংস্কৃতিক অৰ্থনীতি নহয় –সি দৃষ্কৃতিমূলক অৰ্থনীতি।” আজি আমি আমাৰ দেশত কি দেখিবলৈ পাইছোঁ? নিজৰ দেশত উপজি আজি এক বুজন সংখ্যক শিশু নিজৰ অধিকাৰৰ পৰা বঞ্চিত। ভূমিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, পেট পূৰাই এসাজ আহাৰ খোৱাৰ পৰা নিৰ্মমভাৱে বঞ্চিত হ’ব লগাত পৰিছে। জ্যোতিয়ে তেওঁৰ ‘লভিতা’ নাটকৰ ডেকা গাভৰুৰ সমবেত কণ্ঠৰ মাজেৰে ক’ব বিচাৰিছে জন্ম ভূমিত উপজিয়েই এটি শিশুৱে লাভ কৰা অধিকাৰৰ কথা, মৰ্য্যদাৰ কথা এইবুলি — একঠা মাটি মই উপজিয়েই পাওঁ

তেওঁ প্ৰশ্ন তুলিছে —

এমুঠি পেটৰ ভাত

এখনি কাপোৰ গাত

আজি কিয় তাকো নাপাওঁ?

অধিকাৰৰ কথা আৰু অংগীকাৰ প্ৰকাশ কৰিছে —

এই মাটি মোৰ অধিকাৰ

মোৰে ভাত মোৰে কাপোৰ

মোৰে দেশ আজি মই নিজে ৰখাওঁ

কালৰ মূৰ্ত্তি ধৰি শতৰু মূৰত

আকাশৰ চৰগ্ পেলাওঁ।

কিন্তু বৰ্তমানে আমি কি দেখিবলৈ পাইছোঁ? বণিয়া,উদ্যোগপতিৰ স্বাৰ্থত নিজৰ জন্মভূমিতে বহুতৰে বাসগৃহত নিৰ্মম উচ্ছেদ চলিব ধৰিছে। তাক বাধা দিয়াৰ চেষ্টা কৰাৰ বাবেই শাসকৰ পুলিচ বাহিনীৰ নিৰ্মম অত্যাচাৰ চলিছে দুখীয়া নিঃসহায় মানুহৰ ওপৰত। শিশু, গৰ্ভৱতী নাৰীকে ধৰি বহুজনে প্ৰাণ দিব লগত পৰিছে। জনজাতীয় সংৰক্ষিত অঞ্চলৰ মাটি কাঢ়ি লৈ, বিল, জলাশয় পুতি,  নিৰ্দয় ভাবে পাহাৰ কাটি, অৰণ্য ধ্বংস কৰি বণিয়া গোষ্ঠীক ডাঙৰ ডাঙৰ ষ্টাৰ হোটেল, হস্পিটেল ,বিলাসী ৰিজ’ৰ্ট খুলিবলৈ মাতি অনা হৈছে। খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ, মৰ্যদা সহকাৰে নিজৰ ভূমিত জীৱন নিৰ্বাহ কৰাৰ অধিকাৰ গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। হাজাৰ হাজাৰ নিঃস্ব মানুহ গৃহহীন হৈছে। বণিক গোষ্ঠীৰ স্বাৰ্থতে ইতিমধ্যে নিৰ্মিত আৰু নিৰ্মীয়মান অৱস্থাত থকা বৃহৎ বৃহৎ নদী বান্ধ সমূহে সাধাৰণ ৰাইজলৈ আৰু পৰিৱেশ তন্ত্ৰ তথা জৈৱ বৈচিত্ৰ্য ৰক্ষালৈ যি আশংকা নমাই আনিছে তাৰ পৰিচয় ইতিমধ্যে পোৱা গৈছে। অনাগত দিনত ই কি ৰূপ লবগৈ ভাবিবলৈও ভয় লগা। গতিকে এই অৰ্থনীতি যি অৰ্থনীতিয়ে খাটি খোৱা মানুহৰ জীৱন যাপন ইমান জটিল আৰু অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে, সি জ্যোতিৰ ভাষাৰেই ‘দুষ্কৃতিমূলক অৰ্থনীতি’ নহৈ আৰু কি হ’ব পাৰে? বিশ্ববিখ্যাত ফৰাচী দাৰ্শনিক ৰুছোৱে (Jean Jacques Rousseau) কৈছিল,”Man is born free but everywhere he is in chains”। ইয়াৰ বিভিন্ন বাখ্যা হব পাৰে কিন্তু এটা কথা ঠিক যে জন্মতে এই ধৰালৈ সকলোৱে মানুহ হিচাবে সমান অধিকাৰ লৈ আহে,কিন্তু মানুহ সৃষ্ট  সমাজ ব্যৱস্থাই এক বিৰাট অসমতাৰ, প্ৰাচীৰৰ সৃষ্টি কৰিছে। এফালে মুষ্টিমেয় একাংশই সীমাহীন দুৰ্নীতি, অনিয়মেৰে  সম্পত্তিৰ পাহাৰ গঢ়িছে আৰু আনফালে এক বৃহৎ সংখ্যকে সীমাহীন দাৰিদ্ৰৰ মাজত কালতিপাত কৰিব লগাত পৰিছে। বিশ্বৰ মানৱ অধিকাৰৰ যি ঘোষণা পত্ৰ তাতো মুকলিকৈ কোৱা হৈছে –“We are all born free” , কিন্তু বাস্তৱত আমি আজি তাৰ সম্পূৰ্ণ ওলোটা ছবি দেখিবলৈ পাইছোঁ।  মানৱ অধিকাৰ নির্মম ভাবে ভূলুণ্ঠিত হৈছে। বিশ্বৰ পৰিস্থিতিলৈ লক্ষ্য কৰিলে আমি দেখিবলৈ পাইছোঁ —যুদ্ধ উন্মাদ নেতাৰ ৰণছালি, আধিপত্য বিস্তাৰৰ উন্মাদনাই বহু কেইখন দেশৰ জনজীৱন বিপৰ্য্যস্ত কৰিছে। সমগ্ৰ বিশ্বজুৰি তাৰ কুপ্ৰভাৱ পৰিছে। অৰ্থনীতি, সমাজনীতি কলুষিত হৈছে, ক্ষতিগ্ৰস্ত হৈছে আৰু তাৰ প্ৰভাৱ সাধাৰণ মানুহৰ ওপৰতে বেছিকৈ পৰিছে। উঠি অহা প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰাছন্ন হৈ পৰিছে। এনে এক পৰিৱেশ পৰিস্থিতিৰ মাজত এখন দেশৰ সচেতন নাগৰিক হিচাবে আজি আমাৰ দায়িত্ব অধিক বাঢ়িছে। নিজৰ স্বাৰ্থত, আমাৰ উঠি অহা প্ৰজন্ম আমাৰ সতি-সন্ততিৰ স্বাৰ্থত, এখন শান্তি আৰু সমৃদ্ধিৰে ভৰা সমাজ গঢ়াৰ স্বাৰ্থত আমি নাগৰিক হিচাপে আমাৰ সঠিক কৰ্তব্য আৰু দায়িত্ব পালন কৰিবলৈ ব্ৰেখ্তে কোৱা ‘ৰাজনৈতিক নিৰক্ষৰতা’ অতিক্ৰমি ‘ৰাজনৈতিক নিৰপেক্ষতা’ৰ অভিনয় ত্যাগ কৰি গণতান্ত্ৰিক দেশৰ দায়িত্বশীল নাগৰিক হিচাবে সকলো বিষয়তে চিনাকি দিব পাৰিব লাগিব, সঁচা অৰ্থত সক্ষম নাগৰিক হব পাৰিব লাগিব। এয়াই বৰ্তমান সময়ৰ দাবী, সুস্থ মানুহৰ সমাজ গঠনৰো পূৰ্ব চৰ্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *