পাবলো নেৰুদাৰ শেষ যাত্ৰা (মূল: মাৰ্ক আইনাৰ, অনুবাদ: অৰুণ কুমাৰ শৰ্মা)
[Mark Eisner-ৰ The Biography of A Poet নামৰ কিতাপখনৰ Introduction পৰ্বৰ এচোৱাৰ অনুবাদ]
শব্দই তেজত উপজি,
দেহৰ আন্ধাৰত খকা-খুন্দা খাই
ডাঙৰ দীঘল হৈ,
ওঁঠ আৰু মুখেৰে
ওলাই উৰা মাৰিছিল
–“শব্দ” (Word)
১৯৭৩ চনৰ ১১ ছেপ্টেম্বৰৰ নিচেই পুৱাতে, চিলিৰ সৈন্যবাহিনীৰ সেনাধ্যক্ষসকলে, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাষ্ট্ৰপতি চালভাদৰ এলেন্দেৰ মাৰ্ক্সীষ্ট সমাজবাদী চৰকাৰৰ বিৰুদ্ধে সামৰিক অভ্যুত্থান (coup d’ etat) সংঘটিত কৰিছিল। বায়ুসেনাই বোমাৰে আঘাত কৰিছিল ৰাষ্ট্ৰপতি ভৱনত; পদাতিক বাহিনীয়ে ঘেৰি ধৰিছিল চৌদিশ। এলেন্দেই আত্মসমৰ্পণ নকৰি, জনগণক সম্বোধি ছয় মিনিটৰ এটা চমু ভাষণ দি, বন্দুকৰ গুলীৰে আত্মঘাতী হৈছিল।
বাৰ দিন পাছত, চিলিৰ বামপন্থী আন্দোলনৰ মধ্যমণি আৰু চিলিৰ জনগণৰ অতিকৈ প্ৰিয় কবি পাবলো নেৰুদাই ছাণ্টিয়াগো হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছিল৷ তেওঁ বহুদিন ধৰি মেটাষ্টেতিক প্ৰষ্ট্ৰেট কেন্সাৰত (Metastatic Prostrate Cancer) গুৰুতৰভাৱে ভুগি আছিল। বহুতে কয় যে সন্ত্ৰাসে সমগ্ৰ দেশ ছানি ধৰাত, মৰমৰ দেশৰ জনগণ আৰু বন্ধু-বান্ধবীসকল নিৰ্যাতিত হোৱাত আৰু সংগ্ৰামৰ জৰিয়তে অৰ্জন কৰা সমস্ত সামাজিক প্ৰগতি আৰু সুফল ব্যাহত হোৱাৰ দুখত তেওঁৰ অন্তৰ বাৰুকৈয়ে ভাগি পৰিছিল। তেওঁ যেতিয়া হস্পিটেলত আছিল, সামৰিক বাহিনীয়ে তেওঁৰ ঘৰখন লণ্ডভণ্ড কৰিছিল।
নেৰুদাৰ অন্ত্যোষ্টিক্ৰিয়া আগষ্টো পিনছেতৰ একনায়কত্বৰ বিৰুদ্ধে প্ৰথম ৰাজহুৱা প্ৰতিৰোধৰূপে আত্মপ্ৰকাশ ঘটিছিল। যেতিয়া হেজাৰ-বিজাৰ চিলিৰ জনগণ দুষ্ট শাসকৰ আতিশয্যৰ বলি হৈছিল, গ্ৰেপ্তাৰ হৈছিল, বহুতৰ শুংসূত্ৰ নোহোৱা হৈছিল, তেতিয়া নেৰুদাৰ বন্ধু-বান্ধৱী আৰু অনুৰাগীসকলে—যিসকল তেতিয়াও গ্ৰেপ্তাৰ নোহোৱাকৈ আছিল—তেওঁলোকে লাখে লাখে ওলাই আহি তেওঁৰ কফিন কান্ধত লৈ ছানণ্টিয়াগোৰ ৰাস্তাৰে মিছিলে মিছিলে অগ্ৰসৰ হৈছিল। ওৰে জীৱন নেৰুদাই তেওঁৰ দেশৰ জনগণৰ প্ৰতি দায়বদ্ধ থাকি শান্তি আৰু ন্যায় প্ৰতিষ্ঠাৰ হকে হাতত যে কলম তুলি লৈছিল এনে নহয়, প্ৰতি পদে পদে তেওঁলোকৰ জীৱন-জীৱিকাৰ সংগ্ৰামত একনিষ্ঠভাবে ব্ৰতী আছিল। এতিয়া সামৰিক বাহিনীয়ে তেওঁলোকৰ স্বাধীনতা খৰ্ব কৰাৰ পৰতো, মৃত্যুৰ পাছতো তেওঁ পুনৰায় যেন তেওঁলোকৰ সপক্ষে মাত মাতিছে।
তেওঁৰ অন্তৰংগ বন্ধুবৰ্গই আৰু বিদেশী ৰাষ্ট্ৰদূতসকলে নেৰুদাৰ কফিন কবিতাৰ গৰিমাৰে সমুজ্বল ইচলা নেগ্রাৰ বাসগৃহৰ পৰা কবৰস্থানলৈ অতি গম্ভীৰতাৰে এচকৰ্ট কৰি নিছিল। সেই ৰাতিপুৱা তেওঁৰ কফিন কঢ়িয়াই নিয়া শোক মিছিলত যোগ দিয়া লক্ষ-লক্ষজনৰ উপস্থিতিৰ বাতৰি সমগ্ৰ ছাণ্টিয়াগোতে বনজুইৰ দৰে বিয়পি পৰিছিল৷ স্বয়ংক্ৰিয় ৰাইফেলধাৰী মিলিটেৰীয়ে শাৰী পাতি গিজগিজাই থকা স্বত্তেও শ’ই শ’ই জনগণে সততা আৰু অদম্য সাহসৰ প্ৰতিমূৰ্তি এই মহান ব্যক্তিগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাবলৈ ওলাই আহি শোক মিছিলত যোগ দিছিল আৰু তেৰ দিন পূৰ্বে ঘটা সামৰিক অভ্যুত্থানৰ প্ৰতি তীব্ৰ ঘৃণা প্ৰকাশ কৰিছিল। তেওঁলোকে তেওঁলোকৰ হিয়াৰ আমঠু কবিজনৰ মৃত্যুত মৰ্মাহত হৈ গভীৰ শোক প্ৰকাশ কৰিছিল, তেওঁলোকে নিখোঁজ হোৱা তেওঁলোকৰ বন্ধুবৰ্গৰ লগতে যিসকলক চিৰতৰে হেৰুৱালে তেওঁলোকৰ স্মৃতিতো শ্ৰদ্ধা তৰ্পণ কৰিছিল আৰু নিজ দেশৰ গণতন্ত্ৰ নিধনকাৰী দস্যুসকলক তীব্ৰ গৰিহণা দিছিল। সামৰিক বাহিনীয়ে, হাতে হাতে বন্দুক থকা স্বত্তেও, এই ঐক্যবদ্ধ মিছিলক, মুখ মেলি চাই থকাত বাহিৰে উপায় নাছিল। নিষ্ঠুৰ শাসক পিনচেতো আছিল নিৰুপায়। কাৰণ এয়াতো আন কোনো নহয়, এয়া যে পাবলো। তাতে আন্তৰাষ্ট্ৰীয় সাংবাদিকসকলে এই দৃশ্য তুলি ধৰাৰ বাবে কেমেৰা পোনাই বাতৰি সংগ্ৰহৰ বাবে ভিৰ কৰি আছিল ৰাস্তাই ৰাস্তাই। সমগ্ৰ পৃথিৱীৰ দৃষ্টি নিৱদ্ধ আছিল চিলিৰ জনগণৰ এই শোক মিছিলত৷
নেৰুদা হৈ পৰিল প্ৰতিবাদৰ প্ৰতীক। সমগ্ৰ জীৱন জুৰি তেওঁ সক্ৰিয়তাৰে এই ভূমিকাকেই পালন কৰি আহিছিল। ১৯২১ চনত এজন লাজকুৰীয়া ডেকা নৈৰাজ্যবাদী হিচাপে ছাণ্টিয়াগোত আগমণ, তেওঁৰ প্ৰজন্মৰ এজন প্ৰবক্তা হিচাবে ছাত্ৰ আন্দোলনৰ মাধ্যমেদি উত্থান আৰু পাছত চিলিৰ অশান্ত পৰিস্থিতিত আলেন্দেৰ নিৰ্বাচনৰ মাজেদি তেওঁৰ আলোকোজ্বল আত্মপ্ৰকাশ—এয়া আছিল তেওঁৰ জীৱন পৰিক্ৰমা। নেৰুদাই কবি হিচাবে তেওঁৰ যি তাগিদ তাক পুৰামাত্ৰাই পৰিপূৰ্ণ কৰিছিল। এই তাগিদ বুজাওঁতে আমি বুজোঁ তেওঁৰ কবি হিচাবে কৰ্তব্য, সামাজিক দায়বদ্ধতা, পেছা আৰু আৱেগ। ফলত, অকল চিলি কিম্বা লেটিন আমেৰিকাৰেই নহয়, সমগ্ৰ পৃথিৱীৰেই শ্ৰমজীৱি জনগণৰ অধিকাংশই আৰু দেশে দেশে প্ৰগতিশীল কৰ্মীয়ে তেওঁক বীৰৰ মৰ্যাদাৰে একান্ত আপোন বুলি সাৱটি লৈছিল। তেওঁ নিঃসন্দেহে হৈ পৰিছিল প্ৰকৃতাৰ্থত সমগ্ৰ বিশ্বৰ এজন দৰদী কবি, ’জনগণৰ কবি’।
শোকসন্তপ্তসকলে শৱযানৰ পিছে পিছে শাৰী পাতি গৈছিল। ফুলেৰে আবৃত কফিনৰ বাকচটো যানখনৰ ভিতৰত ৰখাৰ বিপৰীতে ওপৰত ৰখা হৈছিল যাতে তেওঁৰ অগণিত ‘পুৱেবলো’ই (জনগণে) শেষবাৰৰ বাবে কবিগৰাকীৰ দৰ্শন লভিব পাৰে।
অতি আন্তৰিকতাৰে আৰু দৃঢ়তাৰে তেওঁলোকে মুষ্টিবদ্ধ হাত তুলি গাইছিল শ্ৰমিক শ্ৰেণীৰ আন্তৰ্জাতিক সংগীত। “জাগা জাগা, হে ভোকাতুৰ বন্দীসকল, জাগা! জাগা, হে বসুধাৰ দুৰ্গতসকল! কাৰণ, ন্যায়ে বিচাৰিছে দণ্ডাদেশ : উপজিব এখন উত্তম সমাজ”!
শোকত ভাগি পৰাসকলে উজাৰি গাইছিল গান: “তেওঁ মৃত্যু বৰণ কৰা নাই, তেওঁ মৃত্যু বৰণ কৰা নাই! তেওঁ বিশ্ৰাম লৈছে, টোপনি গৈছে, যেনেকৈ সূৰ্যাস্তৰ পিছত ফুলবোৰে টোপনি যায়, ঠিক তেনেকৈ, তেওঁ মৰা নাই, তেওঁ মৰা নাই, তেওঁ মাথোঁ টোপনিহে গৈছে”!
যেতিয়া শোক-মিছিল গৈ ছাণ্টিয়াগোৰ মূল কবৰখানা পাইছিল, তেতিয়া চিলিৰ ৰঙা, নীলা, বগা পতাকাৰে মেৰিওৱা কফিনটো কবৰস্থলীত নমোৱা হৈছিল আলফুলে। এগৰাকী মহিলাই ফোনৰ সম্মুখত থিয় হোৱাৰ দৰে মুখলৈ হাতখন নি চুঙাৰ দৰে কৰি অবিচলিতনেত্ৰে চিঞৰিছিল, “jota! jota! Juventudes Comministas de Chile”! “Communist Youth Of Chile! “চিলিৰ যুৱ কমিউনিষ্টসকল”, তেওঁ আকৌ দোহাৰিছিল, “Compenero Pablo Neruda”!
লক্ষজনে গৰ্জি উঠিছিল, “Presente”! “He is present”! “তেওঁ জীৱিত”!