অনুবাদগল্প

পত্নী (মূল: জৈনেন্দ্ৰ কুমাৰ; অনুবাদ: কৃষ্ণা সোণোৱাল)

লেখক পৰিচিতি- জৈনেন্দ্ৰ কুমাৰ (০২ জানুৱাৰী ১৯০৫- ২৪ ডিচেম্বৰ ১৯৮৮) হিন্দী সাহিত্য জগতৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক। প্ৰেমচন্দোত্তৰ হিন্দী সাহিত্যিকসকলৰ ভিতৰত জৈনেন্দ্ৰ কুমাৰৰ স্থান বিশিষ্ট। তেওঁ আছিল একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নিৱন্ধকাৰ তথা অনুবাদক। তেখেতৰ সৃষ্টিসমূহৰ ভিতৰত পৰখ, সুনীতা, পূৰ্বোদয়, বাতায়ন, জয়সন্ধি, নীলম দেশ কী ৰাজকন্যা ইত্যাদি উল্লেখযোগ্য। হিন্দী সাহিত্যৰ ইতিহাসত মনোবিশ্লেষণাত্মক পৰম্পৰাৰ সূচনা তেখেতেই কৰিছিল। তেওঁৰ ৰচনাসমূহত চৰিত্ৰবোৰৰ বাহ্যিক সংঘটনাবোৰৰ অন্তৰালত নিহিত হৈ থকা মনোজগতৰ সূক্ষ্ম চাৰিত্ৰিক দেশসমূহ সুন্দৰকৈ প্ৰতিফলিত হয়। উত্তৰ প্ৰদেশৰ কৌঢ়িয়ালগঞ্জত আনন্দীলাল নামেৰে জন্মগ্রহণ কৰা এইজনা সাহিত্যিকে ১৯৬৬ চনত সাহিত্য একাডেমী বঁটাৰে আৰু ১৯৭১ চনত পদ্মবিভূষণ উপাধিৰে বিভূষিত হৈছিল।

চহৰখনৰ এটি অৱহেলিত পুৰণি দুমহলীয়া ঘৰ। দেৱালবোৰত সময়ৰ কোবাল সোঁতে আঁকি থৈ যোৱা আঁচোৰৰ চিন সুস্পষ্ট। ভাৰাক্ৰান্ত এটি দুপৰীয়া। চৌকাৰ আঙঠা সমুখত লৈ পাকঘৰৰ মজিয়াত বহি আছে প্ৰায় বিশ-বাইশমান বয়সৰ এজনী শীৰ্ণকায় নাৰী। আঙঠাবোৰে লাহে লাহে ছাঁইৰ ৰূপ লৈছিল। তাইৰ ধ্যান ক’ত আছিল জানো!!

হঠাতে উচপ খাই উঠি তাই নুমাই আহিব ধৰা জুইখিনিলৈ মন দিলে। আঁঠুৰ ওপৰত হাতেৰে বল দি তাই বহাৰপৰা উঠিল। কাষতে থোৱা কয়লাৰ দমটোৰপৰা কেইটুকুৰামান কয়লা লৈ আনিলে। সেইকেইটুকুৰা চৌকাৰ জুইত ঢালি দি পুনৰ এনেভাৱে বহি পৰিল যেন তাই থিৰাং কৰিব খুজিছে তাই আচলতে এতিয়া কি কৰা উচিত। কেইবাটাও কোঠালি থকা ঘৰটোত তাই এতিয়া সম্পূর্ণ অকলশৰীয়া। বেলি মূৰৰ ওপৰ পালেহি মানে নিশ্চয় ১২ বাজি পাৰ হ’ল। পুৱাই ওলাই যোৱা গিৰিয়েক ঘূৰি অহালৈ বাট চাই চাই পাকঘৰৰ চৌকাৰ কাষৰ মজিয়াত আঁঠুত মূৰ গুঁজি বহি থাকিল সুনন্দা।

সুনন্দাই ভাবে… নাই নাই; ক’তনো তাই ভাবে! বহিহে আছে তাই। ভাবিবই আছে যদি, তেন্তে এইটোহে.. যে, নতুনকৈ জাপি দিয়া কয়লাখিনি যাতে চৌকাত ৰুটী সেকিব নৌপাওঁতেই পুনৰ ছাঁই হৈ নাযায়..৷

কেতিয়া আহি পাব জানো তেওঁ.. এক বাজিও পাৰ হ’ল। কি যে এই মানুহজন.. যি হ’লেও অলপতো নিজৰ দেহৰ কথা ভাবিব লাগে। সুনন্দা বহিয়ে থাকিল। একো নকৰাকৈ। গিৰিয়েক ঘৰ আহি পালেই গৰমে গৰমে ৰুটী সেকি খাবলৈ দিব। ক’ত যে কি কৰি থাকে অতপৰলৈ..! কিমান দেৰিলৈ বহি থাকোঁ মই! মোৰ ধৈর্যৰ বান্ধ ছিঙো ছিঙো হৈছেগৈ আৰু। এইখিনি কয়লাও লাহেকৈ ছাঁই হ’বগৈ এতিয়া… নাই নাই। তাৱাখন তপত হ’বলৈ চৌকাত পাতি দিলে সুনন্দাই। ৰুটীকেইখন পুৰি থ’ব তাই এতিয়াই। কাঁহী এখনত আটা লৈ কামত ধৰিল তাই। তেনেতে বাহিৰত কাৰোবাৰ খোজৰ শব্দ শুনা গ’ল। তাইৰ ভাৱত যতি পৰিল। গিৰিয়েকৰ আগমনৰ সম্ভেদ পাই কিছু ক্ষণৰ বাবে তাইৰ মুখমণ্ডলত এটি আভাই ঢৌ খেলি গ’ল। পিছ মুহূর্ততে তাই নিজৰ কামত পুনৰ বিভোৰ হৈ পৰিল।

কালিন্দীচৰণ আহিল ঠিকেই। পিছে তিনিজন বন্ধুকো লগত লৈ আহিছে। তেওঁলোকে কিবা বিষয়ত বৰ উগ্ৰভাৱে আলোচনাত মত্ত হৈ থকা যেন লাগিল। কালিন্দীচৰণে বন্ধু তিনিজনক পোনচাতেই নিজৰ কোঠালৈ লৈ গ’ল। আলোচনা-বিতৰ্ক তেতিয়াও শাম কটা নাছিল। চাৰিওজনে দেশোদ্ধাৰৰ বিষয়ে নিজৰ নিজৰ মতাদর্শ দাঙি ধৰিছিল। ভাৰতমাতাক স্বাধীন কৰিবলৈ হ’লে এই মুহূর্তত হিংসা অহিংসাৰ মাৰ্গৰ কথাত লাগি থাকি সময় অপচয় কৰাটো ঘোৰ মূৰ্খামিৰ বাহিৰে আন একো নহয়। অহিংসা আৰু শান্তিৰ পথেৰে বহুত চেষ্টা কৰিও একো ফল নধৰিল। মিঠা কথাৰে বাঘৰ মুখৰপৰা পৰিত্ৰাণ পোৱা নগ’লে বাঘক নিধন কৰাই শেষ উপায়। আতংকৰ সৃষ্টি কৰিব লাগিব… ত্ৰাস!!  এৰা, আতংকৰ পথেই ল’ব লাগিব। মুঠতে আমাক দেশৰ স্বাধীনতা লাগে। নিজৰ জীৱন জীওৱাৰ হেঁপাহত কোঙা নহওঁ আমি, নাই আমাৰ পত্নী-পুত্ৰৰ মোহ, ধন-সম্পত্তিৰ দৰে পাৰ্থিৱ বস্তুৰ লালসাত বন্দী নহওঁ আমি.. তেতিয়াহ’লে আমি মৃত্যুবৰণ কৰিবলৈ স্বাধীন কিয় নহয়? মাতৃভূমিক উদ্ধাৰ কৰিবলৈ লোৱা পথত হিংসাৰ আশ্রয় ল’লেও তাত ক্ষতি কি? সেই লৈ আমি ভয় খালে নহ’ব। তাৰপিছত চাৰিওজন বন্ধুৱে মিলি এটা সিদ্ধান্তলৈ আহিল তেওঁলোকে কি কৰা উচিত।

হঠাতে কালিন্দীচৰণৰ মনত খেলালে যে তেওঁ আজি পুৱাৰেপৰা একো খোৱা নাই, আনকি অতিথি হৈ অহা বন্ধু তিনিজনকো একো সোধ-পোছ কৰা হোৱা নাই। বন্ধুৰপৰা ক্ষমা বিচাৰি তেওঁ তুৰন্তে পত্নী সুনন্দাৰ কাষ পালেগৈ। সুনন্দা য’তেই আছিল, তাতেই তেনেকৈ আছিল। ৰুটী পুৰি অঁটাই সুনন্দাই আঁঠুৰ ওপৰত মূৰটো থৈ পাকঘৰতে বহি আছিল। বহি বহি তাই কাষৰ কোঠাৰপৰা ভাহি অহা গিৰিয়েকহঁতৰ বাৰ্তালাপ শুনি আছিল। পিছে বুজি হ’লে একো পোৱা নাছিল। কিয়নো ইমান উত্তেজিত হৈ পৰিছিল মানুহকেইজন! উষ্মা-উত্তেজনা, উৎসাহ-উদ্দীপনা এইবোৰ তাইৰ আওতাৰ বাহিৰত। এইবোৰৰ সৈতে তাই তেনেই অপৰিচিত। তাইৰ বাবে এয়া বহু যোজন দূৰৈৰ বস্তু… স্পৃহনীয়, মনোৰম অথচ নিষিদ্ধ।

সুনন্দাই বুজিব বিচাৰে, জানিব বিচাৰে কথাবোৰ। ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে কি কৰা উচিত তায়ো জানিব খোজে। তাইৰো মন যায় আলোচনাবোৰত ভাগ ল’বলৈ। পিছে তাই যে আঁজলী, একো বুজি নাপায়। কথাবোৰ জনাৰ তীব্র হেঁপাহ এটাই তাইক ক্ষন্তেকৰ বাবে হ’লেও আন্দোলিত কৰি তোলে। জীৱনৰ প্ৰাত্যহিকতাই সুনন্দাক ৰিক্ত কৰি পেলাইছে; কিন্তু তাই জীয়াই উঠিব বিচাৰে স্বয়ংসম্পূর্ণা হৈ। তাইৰ ইচ্ছা আছিল গিৰিয়েকে যেন তাইৰ সৈতেও দেশৰ দহৰ কথা পাতে। বুদ্ধি বৃত্তিত কিছু কম হ’ল বুলিনো তাইক বুজাই দিলে তাই নুবুজিবনে! ভাবে তাই। শিক্ষা কম কাৰণেই তাইক আঁতৰাই ৰাখিব লাগেনে… পঢ়া আধৰুৱা হৈ থাকিল, তাতে তাইৰনো কি দোষ? এতিয়াওতো তাই পঢ়িব খোজে। কিন্তু পত্নীৰ সৈতে সময় কটাবলৈ, কথা পাতিবলৈ কালিন্দীচৰণৰ আহৰিয়েইবা ক’ত? বাৰু হ’ব.. যি কি নহওক সুনন্দাৰ কৰ্তব্য হ’ল স্বামী-সেৱা৷ এই বুলিয়ে নিজকে প্ৰবোধ দি কিবা শিকাৰ, জনাৰ বাসনাক গাপ দি গিৰিয়েকৰ সেৱাত নিজৰ কক্ষপথেৰে অহৰহ চলি গৈ আছে সুনন্দা। তাই অহৰ্নিশে কালিন্দীৰ সেৱাত নিমগ্ন হৈ থাকে। কিন্তু কেতিয়াও তেওঁৰ কামত দখল নিদিয়ে। ভাবিবই নোৱাৰে তেনে কথা তাই। এটা মাত্র কথাতে তাই পূৰ্ণ প্ৰতীয়মান যে গিৰিয়েকে যদি নিজৰ স্বাচ্ছন্দ্য এৰি অৰঙে দৰঙে ঘূৰি ফুৰি সভা মেল মিটিং কৰি ফুৰিছে, তেন্তে নিশ্চয় কিবা ভাল কামেই হ’ব। এনেকৈয়ে আশ্বস্ত, আপত্তিশূন্য হৈ ৰয় সুনন্দা প্ৰতিনিয়ত৷

পিছে গিৰিয়েকহঁতে লোৱা সিদ্ধান্তৰ কথা শুনি তাই ভয়ো খাইছে। তাই নাজানে চৰকাৰ মানে কি.. চৰকাৰ বুলিলে তাইৰ মনটোৱে ঢুকি পায় আৰক্ষী, জোৱান, মেজিষ্ট্ৰেট, হাকিম এইবোৰেই। এওঁলোকৰ বিৰুদ্ধেনো কোনোবাই যুঁজিব পাৰেনে বাৰু! কি যে কয় কালিন্দীহঁতে.. বুদ্ধিভ্ৰষ্ট হৈছে এওঁলোকৰ, নহ’লেনো এনে বিচাৰ মনলৈ আনেনে! আৰু ইমান জোৰে জোৰে কিয় কয় বাৰু কথাবোৰ; কোনোবাই শুনিলে কি হ’ব!? খাকী পোছাক পৰিহিত খঙাল পুলিচ এজনে বাটত অনবৰতে পহৰা দি থাকে। কিয় যে পাহৰি যায় এইটো কথা কালিন্দীচৰণে। ইমান জোৰকৈ চিঞৰি কথা কয় নে কোনোবাই!!

বহি বহি সুনন্দাই এইবোৰকে ভাবি থাকিল। সেয়া… দুই বাজিবৰে হ’ল; ইমান পৰে নিজৰ খোৱা-বোৱাৰ কথা ভাবিছে নে, মোৰ! মোৰ কথা বাৰু নাভাবিলেও নাই, নিজৰ কথাতো এবাৰ ভাবিব লাগে। এনে হেমাহি, উদাসীনতাৰ বাবেইতো কণমানি শিশুটি সিঁহতৰ মাজৰপৰা চিৰদিনৰ বাবে আঁতৰি গ’ল। তাইৰ মনটো যিমানেই ইফালে সিফালে বিচৰণ কৰি নুফুৰক কিয়, কিন্তু অকলশৰে থাকিলেই সকলো চিন্তা আহি সন্তানটিৰ অনুপস্থিতিৰ যন্ত্রণাত কেন্দ্ৰীভূত হয়। এযুৰি উজ্জ্বল চকু, সৰু সৰু আঙুলি, গুলপীয়া ওঁঠযুৰি — মাক সুনন্দাজনীৰ বৰকৈ মনত পৰে। শিশুটি ঢুকুওৱাৰ দিনটো আজিও তাইৰ জলজল পটপটকৈ মনত আছে। কি এই মৃত্যু! এদিন সকলোৱেই মৰিব লাগিব; অথচ মৃত্যুৰ কথা কোনেও নাভাবে। হেৰুৱা সন্তানৰ বেদনাই তাইক বিচলিত কৰি তোলে। বিহ্বল হৈ তাই শাৰীৰ আঁচলেৰে চকুলো মচে। নিজকে আন চিন্তাৰ মাজত বিলীন কৰি দিব খোজে তাই।

তাই বহাৰপৰা উঠিল। ইস্ ৰাম… বাচনবোৰ মাজিবলৈ দেখোন বাকীয়ে আছে। চৌকাও চাফা কৰিবলৈ আছে… তেনেকুৱাতে কালিন্দীও পাকঘৰলৈ সোমাই আহিল। সুনন্দাই শূন্যৰ ফালে নিজৰ দৃষ্টি নিৱদ্ধ কৰি ৰাখিলে। গিৰিয়েক অহা গম পায়ো তাই এবাৰলৈও তেওঁলৈ নাচালে। গিৰিয়েকে কৈ উঠিল, “সুনন্দা , খাওঁতা আজি আমি চাৰিজন।” তাই নিজৰ কামতে মজি থাকিল। একো নামাতিলে মুখেৰে। পুনৰ কৈ উঠিল কালিন্দীয়ে, ” শুনিছানে.. আজি মোৰ সৈতে বন্ধু তিনিজন আহিছে, খাদ্য চাৰিজনৰ বাবে আঁটিবনে?” তেতিয়াও সুনন্দাই একো নক’লে। আচলতে তাইৰ প্ৰচণ্ড খং উঠিছিল। খং এইবাবে; কাৰণ কালিন্দীয়ে তাইক এনেকৈ পৰৰ দৰে কিয় সুধিছে, ক’লেইতো হয় আৰু অলপ খাদ্য ৰান্ধি দিয়া বুলি.. মোক তেওঁ নিজৰ বুলি এইখিনি অধিকাৰেৰে ক’ব নোৱাৰেনে!! ঠিক আছে, ময়ো তেন্তে তেওঁৰ সেৱা কৰি মৰিবলৈ কোনো নহয়.. মই একো নাজানো খোৱা-বোৱাৰ কথা.. মোৰ কিবা আন কাম নাইনে! কথাবোৰ নিজৰ মনতে পকাই থাকি সুনন্দা মনে মনে থাকিল। এইবাৰ কালিন্দীয়ে কিছু জোৰকৈ মাতিলে, “সুনন্দা।” তাই ইমানেই ক্ৰোধান্বিত হৈ পৰিছিল যে হাতৰ কলচীটো মজিয়াত জোৰকৈ থেকেচি পেলাবৰ মন গৈছিল। কালিন্দীয়ে পুনৰ সুধিলে, “মুখেৰে মাতষাৰো দিব নোৱাৰানে?” সুনন্দা তেতিয়াও নীৰৱে থাকিল।

“ঠিক আছে, তেন্তে আমি এজনেও ইয়াতে আহাৰগ্ৰহণ নকৰোঁ।”- স্পৰ্ধাৰে কথাষাৰ সুনন্দালৈ নিক্ষেপ কৰি কালিন্দীচৰণ পাকঘৰৰপৰা ওলাই গ’ল।

বন্ধুমহলত কালিন্দীৰ এক সুনাম আছে বিবেকৱান বুলি। সন্মান আছে নিৰ্লিপ্ত আৰু পক্ষপাতশূন্য বুলি। বন্ধু তিনিজনে কালিন্দীৰ কোঠাত তেতিয়াও দেশৰ কথাতে নিমজ্জিত হৈ আছিল। কালিন্দীয়ে ক’লে, “তোমালোকৰ ভোক লগা নাইনে? মোৰ পত্নীৰ গাটো ভাল নথকা বাবে খাদ্য প্ৰস্তুত কৰিব পৰা নাই, গতিকে আমি আহাৰগ্ৰহণ কৰিবলৈ হোটেল এখনলৈকে যোৱাই ভাল হ’ব নেকি?” প্ৰত্যুত্তৰত এজনে ক’লে, “হোটেলৰপৰা কিছু খাদ্য কিনি আনি ইয়ালৈকে লৈ আহিব পৰা যায়।” আন এজন বন্ধুৱে মত দিলে হোটেলত গৈ খোৱাই সমীচীন হ’ব। আলোচনা চলি থকাৰ মাজতেই সুনন্দাই প্ৰকাণ্ড কাঁহী এখনত চাৰিজনৰ বাবে পৰ্যাপ্ত পৰিমাণৰ আহাৰ সজাই মেজৰ ওপৰত থৈ চুপচাপ গুচি গ’ল। ঘটনাৰ আকস্মিকতাত কালিন্দীয়ে বৰ হতচকিত হ’ল আৰু বৰ লাজো পালে। বন্ধু তিনিজনো নিমাত হৈ ৰ’ল। ভাবিলে চাগৈ পতি-পত্নীৰ মাজত কিবা কথাক লৈ বিবাদ চলিছে বুলি। এজন বন্ধুৱে কৈয়ে পেলালে, “কালিন্দী, তুমি দেখোন কৈছিলা খাদ্য ৰন্ধা হোৱা নাই বুলি?” বিবুধিত পৰা কালিন্দীয়ে কিবাকৈ ক’লে, “নহয় মানে খাদ্য পৰ্যাপ্ত পৰিমাণৰ নাছিল।” বন্ধুৱে ক’লে, “হ’ব কালিন্দী, এয়া যথেষ্ট।”

“চাওঁচোন আৰু কি আছে খাবলৈ” —  বুলি কৈ কালিন্দীয়ে পাকঘৰৰ ফালে খোজ ল’লে। আহিয়ে সুনন্দাৰ ওপৰত খড়্গহস্ত হৈ পৰিল; টানকৈ ক’লে, “তোমাক তালৈ আহাৰৰ কাঁহী নিবলৈ কোনে কৈছিল; মই কি কৈ গৈছিলোঁ তোমাক? যোৱা এতিয়াই কাঁহীখন লৈ আনা তাৰপৰা। আমি কোনোৱে ইয়াত আহাৰগ্ৰহণ কৰিব খোজা নাই, আমি হোটেললৈ যাবই ওলাইছিলোঁ।” সুনন্দাই নিশ্চুপ হৈ শুনি থাকিল। কালিন্দীয়ে আচলতে বৰ অপমানিতবোধ কৰিছিল বন্ধুকেইজনৰ সন্মুখত। আৰু এয়া সহ্যাতীত কালিন্দীৰ বাবে। মনে মনে থিয় হৈ থকা সুনন্দাক উদ্দেশ্যি তেওঁ পুনৰ ক’লে, “তুমি শুনা নাইনে মই কি কৈ আছোঁ?” সুনন্দাই এইবাৰ মুখখন আনফালে ঘূৰাই মনে মনে থিয় দি ৰ’ল। “মই কি এনেই চিঞৰি আছোঁ নেকি? মই সুধি আছোঁ যে আমি খাবলৈ হোটেলত যাম বুলি কোৱাৰ পাছতো তালৈ আহাৰৰ কাঁহী নিবলগীয়া হ’ল কিয়?” সুনন্দাই এইবাৰ লাহেকৈ ক’লে, “দুই বাজিল, আহাৰগ্ৰহণ নকৰেনে?” কালিন্দীৰ খং দুগুণে চৰিল। কিন্তু নিজকে সম্বৰণ কৰি লৈ সুধিলে, “খাদ্য আৰু লগা হ’লে কি হ’ব?”

“আচাৰ লৈ যাওক, ৰুটী আৰু নাই” – সুনন্দাই উত্তৰ দিলে৷

আচাৰৰ পাত্র এটা হাতত লৈ কালিন্দী পাকঘৰৰপৰা ওলাই বন্ধুহঁতৰ কাষলৈ আহিল।

সুনন্দাই নিজৰ বাবে অকণো খাদ্য বচাই ৰখা নাছিল। আচলতে তাইৰ ভবাই নহ’ল যে তায়ো একো খোৱা নাই পুৱাৰপৰা। কালিন্দীয়ে আৰু খাদ্য বিচৰাতহে মনত পৰিল কথাটো তাইৰ। পিছ মুহূর্ততে তাই নিজৰ ওপৰতে ৰুষ্ট হৈ পৰিল। এইবাবে নহয় যে তাই নিজলৈ অকণো খাদ্য নাৰাখিলে। বৰং তাই কঠোৰভাৱে নিজকে ধিক্কাৰ দিলে এইকাৰণে যে কেনেকৈ তাই ইমান নীচ কথা মনলৈ আনিব পাৰিলে… কেনেকৈ নিজৰ পেটৰ কথা ভাবিব পাৰিলে তাই! আকৌ পিছ মুহূর্ততে ভাৱ আহিল তেওঁ এবাৰৰ বাবে হ’লেওতো তাইক সুধি চাব পাৰিলেহেঁতেন তাই কি খাব। ছিঃ ছিঃ কিবোৰ খেয়াল যে মনলৈ আনিছোঁ মই! তাই উদৰ পূৰাই খাব আৰু গিৰিয়েকৰ মিত্রই ভোকত থাকিব!! এয়া অকল্পনীয় কথা। তাইৰ স্বাভিমান আছে। তাই সুখীহে হোৱা উচিত গিৰিয়েকৰ বাবে তাই এটা দিন উপবাসে থকাৰ সুযোগ পাইছে বাবে। কম পুণ্যৰ কথা নে এয়া.. মই অযথা বিমৰ্ষ হৈ পৰোঁ কেতিয়াবা। কিয় মই এনেকুৱা বাৰু!!  ভাবি ভাবি তাই এইবাৰ বাকী থকা লেতেৰা বাচন মাজি চাফা কৰাত লাগিল। তাৰপৰাই তাই শুনিলে গিৰিয়েকহঁতৰ আলোচনাবোৰ কিছু শান্ত হৈছে, মাজে মাজে হাঁহিৰ শব্দও ভাহি আহিছে।

আস্ কি যে কৰোঁ মই! বাচনবোৰ চোন পিছতো মাজিব পাৰিম.. হঠাৎ তেওঁলোকক কিবা প্ৰয়োজন হ’লে কি হ’ব.. মই কোঠাৰ দুৱাৰৰ কাষতে ৰৈ থাকোঁগৈ।

অলপ পৰ পিছতেই কালিন্দীৰ কোঠাৰপৰা বন্ধু এজনে কোৱা শুনিলে, “আচাৰ আৰু অকণ পামনে?”

কালিন্দীয়েও সুনন্দাক উদ্দেশ্যি অভ্যাসবসতঃ চিঞৰি ক’লে, “আনাহে আচাৰ আৰু অলপ।” সুনন্দা দুৱাৰৰ কাষতে ৰৈ আছিল, ততাতৈয়াকৈ আচাৰৰ অন্য এটি পাত্ৰ পাকঘৰৰপৰা আনি মেজত দি থৈ আহিলেগৈ। চুপচাপ ওলাই আহিব খোজা সুনন্দাক কালিন্দীয়ে পিছফালৰপৰা ক’লে, “অলপ পানীও আনিবা।” পানীও দি থৈ গ’ল তাই। কিন্তু পুনৰ সেই দুৱাৰৰ কাষতে ৰৈ থাকিল সুনন্দাই; জানোচা গিৰিয়েকে আকৌ কিবা বিচাৰি তাইক মাত লগায়… তাই সষ্টম হৈ থাকিল।

Leave a Reply

Your email address will not be published. Required fields are marked *