অনুবাদপ্ৰবন্ধ

পাভলভ আৰু “ধর্মবিযুক্ত” চোৱিয়েট ৰাষ্ট্ৰ (মূল: আশিস লাহিড়ী; অনুবাদ: কৌশিক দাস)

(পাক্ষিক পত্ৰিকা “আৰেক ৰকম“-ৰ ১-১৫ আগষ্ট, ২০২২ সংখ্যাত মূল বাংলা প্ৰবন্ধটো প্ৰকাশ হৈছিল)

১৯২০-ৰ দশকৰ প্ৰথম ফালে পাভলভক প্ৰশ্ন কৰা হৈছিল, তেওঁ ধৰ্মবিশ্বাসী নে? উত্তৰত মৃদু হাঁহিৰে তেওঁ কৈছিল,“শুনা ভাই, মোৰ ধাৰ্মিকতা, মোৰ ধৰ্মবিশ্বাস, মই চাৰ্চলৈ যোৱা—এইবোৰক লৈ বহুতে বহুত কথা কয়। এইবোৰৰ মাজত কোনো সত্য নাই, সকলো কল্পনা। মই প‌ঢ়াশুনা কৰিছিলোঁ ধৰ্মীয় বিদ্যালয়ত (চেমিনাৰিত)। ধৰ্মীয় স্কুলৰ বেছিভাগ ছাত্ৰৰ দৰেই ময়ো স্কুলত থাকোঁতেই ধৰ্মত বিশ্বাস হেৰুৱাই নিৰীশ্বৰবাদী হৈ পৰিছিলোঁ”।

এই শেষৰ বাক্যটি খুব কৌতূহলজনক। ধৰ্মীয় স্কুলত পঢ়িছিলে কাৰণেই তেওঁ  “নিৰীশ্বৰবাদী” হৈ পৰিছিল। সংশয়হীন আপ্তবাক্যক মানি ল’ব পৰা নাছিল তেওঁ; তেওঁৰ সংশয়ী মনে বিচাৰশীল ভাবনা-চিন্তাক প্রাধান্য দিছিল। পৰৱৰ্তী সময়ত তেওঁ দেখুৱাইছিল, মস্তিষ্কৰ বিভিন্ন টাইপ আছে; তাৰ ওপৰতেই বহুদূৰলৈ নিৰ্ভৰ কৰে ব্যক্তিৰ মনৰ প্ৰৱণতা; কোনোবা আপ্তবাক্যত বিশ্বাসপ্রৱণ; কোনোবা সংশয়ী, যুক্তিবাদী।

ইভান পেত্রোভিচ পাভলভ

যিসকল তেওঁৰ ভাষাত একধৰণৰ “দৃঢ়” মস্তিষ্কৰ অধিকাৰী, তেওঁলোকে ঈশ্বৰৰ ধাৰণাটিক যুক্তিৰ পোহৰত বিচাৰ-বিশ্লেষণ কৰি পৰিত্যাগ কৰিব পাৰে, তাৰ বাবে তেওঁলোক নিৰাপত্তাহীনতাত ভুগিবলগীয়া নহয়। অন্য কোনো এটা উৎসৰ পৰা, হয়তো বিজ্ঞান বা সামাজিক আন্দোলনৰ পৰা তেওঁলোকে নিৰাপত্তা বিচাৰি পায়। কিন্তু সৰহভাগ মানুহৰেই মগজু তেওঁৰ ভাষাত “দুর্বল”, তেওঁলোকে আপ্তবাক্যৰ ওপৰত অধিক নিৰ্ভৰশীল, সেইবাবেই সকলোৰে ঊৰ্ধত সৰ্বশক্তিমান কোনো সমস্যা-সমাধানকাৰীৰ কাল্পনিক অভিভাবনাৰ ব্যতিৰকে তেওঁলোকৰ ভয় আঁতৰ নহয়। সেইটো সঁচা নে মিছা, সেইটো বিবেচ্য নহয়; কিন্তু সেইটোৱে যে স্বস্তি দিয়ে, ভয় আঁতৰায়, সেইটোৱেই ডাঙৰ কথা। মিছা অভিভাবনাৰ মাজৰ পৰা মানুহে স্বস্তিৰ বোধ বিচাৰি পোৱাৰ এই প্ৰক্ৰিয়াটোও বিৱৰ্তনৰ বাটতেই বিকশিত হৈছে। এইটো বাস্তৱ। সেইবাবেই তেওঁ নিজে আকৈশোৰ ঈশ্বৰক অস্বীকাৰ কৰিলেও, ঈশ্বৰভিত্তিক ধৰ্ম যে ব্যাপক মানুহৰ বাবে মৌলিক অৰ্থত প্ৰয়োজনীয়, আনকি অপৰিহাৰ্য বস্তু, সেইটো কথা তেওঁ মানিছিল।

১৯৩১ চনত মেক্সিম গোৰ্কিয়ে তেওঁক চিধাচিধিকৈ সুধিছিল, তেওঁ ধৰ্মবিশ্বাসী হয় নে নহয়? উত্তৰত পাভলভে কৈছিল,“মই নিশ্চিতভাৱে সৰুকালতেই ধৰ্মবিশ্বাস হেৰুৱাই পেলাইছিলোঁ। সেইটো কেনেকৈ হৈছিল, তাৰ ব্যাখ্যা কৰা টান। ভগ্‌ট আৰু মোলেস্কট-ৰ ৰচনাত, তাৰপাছত প্রকৃতি বিষয়ক বিজ্ঞানত মই নিমগ্ন হৈ থাকিছিলোঁ। গোটেই জীৱনতেইতো এই ক্ষেত্ৰতেই কাম কৰি গ’লোঁ; বস্তুক লৈয়েই মোৰ কাৰবাৰ”।

১৯৩৫ চনত ৮৬ বছৰ বয়সত পাভলভে কৈছিল, “মোৰ দেউতা আছিল যাজক, মই ডাঙৰ-দীঘল হৈছিলোঁ ধৰ্মীয় পৰিৱেশত, কিন্তু পোন্ধৰ-ষোল্ল বছৰ বয়সত মই বিভিন্নধৰণৰ কিতাপ পঢ়ি মোৰ মত সলনি কৰি পেলালোঁ”।

এই “বিভিন্নধৰণৰ” কিতাপৰ কিছু পৰিচয় দিয়া যায়। পাভলভৰ কিশোৰকালৰ প্রিয় ওলন্দাজ লেখক জেকব মোলেস্কট-ৰ (১৮২২-১৮৯৩) “জীৱচক্ৰ” গ্ৰন্থখনে ঊনবিংশ শতিকাৰ বস্তুবাদক যথেষ্ট শক্তি যোগাইছিল। হলেণ্ডৰ চিকিৎসক আৰু শৰীৰতত্ত্ববিদজনে এই গ্ৰন্থখনত “বৈজ্ঞানিক প্রশ্নৰ বৈজ্ঞানিক উত্তৰ” সন্ধান কৰাৰ দাবী উত্থাপন কৰিছিল। তেজ আৰু বিপাকক্ৰিয়াৰ (মেটাবলিজ্‌ম) সন্দৰ্ভত তেওঁৰ  গৱেষণাই শৰীৰবৃত্তীয় ৰসায়নৰ বিকাশত অতি গুৰুত্বপূৰ্ণ প্রভাৱ পেলাইছিল। আৱেগ আৰু চিন্তাৰো শৰীৰবৃত্তীয় ভিত্তি আছে—এইটো মতত বিশ্বাসী আছিল তেওঁ। “ফচফৰাছ নাই মানে চিন্তাও নাই”—এইটো আছিল তেওঁৰ এটা বিশেষ প্রিয় বিবৃতি।

১৮৬০ৰ পৰা ১৮৭০ চনলৈকে—যেতিয়ালৈকে পাভলভে গীৰ্জাৰ বিদ্যালয়ত পঢ়িছিল, সেইটো আছিল ৰাচিয়াত এটা বিৰাট পৰিৱৰ্তনৰ সময়। সেই সময়তেই জাৰ আলেকজাণ্ডাৰে ভূমিদাস প্ৰথা নিষিদ্ধ কৰিছিল। ৰাচিয়াৰ ভৱিষ্যতক কেন্দ্ৰ কৰি প্ৰচণ্ড বিতৰ্কৰ জন্ম হৈছিল। পশ্চিমৰ পৰা অহা ধ্যানধাৰণাৰ প্ৰসাৰ দ্ৰুত হৈ পৰিছিল। ডি. আই. পিচাৰভে (১৮৪০-১৮৬৮) বিজ্ঞানৰ পাণ্ডিত্যপূৰ্ণ গ্ৰন্থসমূহ সহজ-সৰল আৰু জনপ্ৰিয় ৰুচ ভাষাত ৰচনা কৰিছিল।

ডাৰউইনৰ “অৰিজিন” প্ৰকাশ হোৱাৰ পাঁচ বছৰ পাছত পিচাৰভে অবিশেষজ্ঞ মানুহৰ বাবে ডাৰউইনৰ বিৱৰ্তন তত্ত্বৰ এটি সহজবোধ্য ভাষ্য লেখি উলিয়ালে। ৰাজনৈতিকভাৱে তেওঁ আছিল নিহিলিষ্ট মতাৱলম্বী। অৰ্থড’ক্স গীৰ্জাৰ সংস্রব তেওঁ ত্যাগ কৰিছিল। ৰাষ্ট্ৰবিৰোধী, গীৰ্জাবিৰোধী কথাবতৰাৰ বাবে কাৰাগাৰত সোমাই আছিল কেইবছৰমান। অকল পাভলভেই নহয়, লেনিনৰ প্ৰজন্মৰো বহুতো মানুহ এই অতি স্বল্পায়ু লেখকজনৰ দ্বাৰা প্রভাৱিত হৈছিল। তেতিয়াৰ পৰাই তৰুণ পাভলভৰ মনৰ গতিপ্রকৃতি পৰিষ্কাৰ হৈ পৰে।

বুজিবলৈ অসুবিধা নহয়, ধৰ্মতত্ত্ব আৰু মানবিকী বিদ্যাৰ ছাত্র ইভান পাভলভৰ মনত এইসকল লেখকৰ জীৱবৈজ্ঞানিক যুক্তিসমৃদ্ধ ব্যাখ্যাই গভীৰ প্ৰভাৱ পেলাইছিল। বিজ্ঞানক তেওঁ মানুহৰ মননৰ মহত্তম বহিঃপ্রকাশ বুলি বিবেচনা কৰিছিল—, “মই বিশ্বাস কৰোঁ, বিজ্ঞানৰ প্রগতিয়ে মানুহক সুখ দিব। মই বিশ্বাস কৰোঁ, মানুহৰ মনন আৰু তাৰ মহত্তম বহিঃপ্রকাশ—বিজ্ঞানে—মানৱপ্রজাতিক ৰোগভোগ, বুভুক্ষা, বৈৰিতাৰ পৰা মুক্তি দিব, মানুহৰ দুখ-কষ্ট কমি যাব। এই বিশ্বাসটোৱেই মোক কাম কৰি যাবলৈ শক্তি যোগাইছিল, এতিয়াও যোগাই আছে”।

বলছেভিক বিপ্লবৰ পাছত চোৱিয়েট ৰাষ্ট্ৰৰ সৈতে তেওঁৰ সম্পৰ্ক যথেষ্ট উত্থান-পতনৰ মাজেদি গৈছিল।

বিপ্লৱৰ ঠিক পাছতেই ৰাচিয়াৰ দুঃসহ পৰিস্থিতি দেখি তেওঁ লেনিনক অনুৰোধ কৰিছিল—বিদেশৰ ক’ৰবালৈ তেওঁৰ গৱেষণাগাৰটো স্থানান্তৰিত কৰি দিবলৈ। সকলোৱে জানে, লেনিন তাত মান্তি হোৱা নাছিল; কিন্তু পাভলভৰ বিজ্ঞানৰ গবেষণাক সৰ্বোচ্চ অগ্রাধিকাৰ দি সেই দুৰ্ভিক্ষৰ পৰিস্থিতিতো সকলোধৰণৰ সুযোগ-সুবিধা আৰু বিশেষ “ৰেচন”-ৰ ব্যবস্থা কৰি দিছিল। কমিউনিজমক খুব প্রসন্ন চিত্তে ল’ব পৰা নাছিল পাভলভে; কিন্তু চোৱিয়েট ৰাচিয়াতেই নিশ্চিন্ত মনে তেওঁৰ কাম চলাই গ’ল তেওঁ।

জোচেফ স্তালিনৰ সৈতে ১৯২৪ চনত তেওঁৰ তীব্ৰ মতবিৰোধ হয় কেইজনমান  যাজকপুত্রক বৰখাস্ত কৰাক কেন্দ্ৰ কৰি। লেনিনগ্রাডৰ যি সামৰিক অকাডেমিত তেওঁ এসময়ত ছাত্র আছিল, সেই অকাডেমিৰ পৰা কেইগৰাকীমান পাদ্রীপুত্রক বহিষ্কাৰ কৰা হয়। তেতিয়া তেওঁ তাত শৰীৰতত্ত্বৰ অধ্যাপক। প্ৰতিবাদত পদত্যাগ কৰিলে পাভলভে। সেই উপলক্ষত তেওঁৰ বিখ্যাত উক্তিটি বহুতেই জানে,“মোৰ দেউতাও যাজক আছিল। অন্যক যদি বহিষ্কাৰ কৰে, ময়ো পদত্যাগ কৰিম”। কিন্তু ইমান দ্বিধা সত্ত্বেও জীৱনৰ শেষৰ ফালে তেওঁ চোৱিয়েট ৰাষ্ট্র আৰু কমিউনিজম সম্পৰ্কে যথেষ্ট কোমল মনোভাব পোষণ কৰিছিল। নিজৰ দেশৰ প্ৰতি তেওঁৰ ভালপোৱা আৰু বিজ্ঞানৰ প্ৰতি চোৱিয়েট ৰাষ্ট্ৰৰ অকুণ্ঠ সমর্থনে তেওঁৰ মত সলাই পেলাইছিল।

কিন্তু ধৰ্মনীতিৰ ক্ষেত্ৰত চোৱিয়েট ৰাষ্ট্ৰৰ সৈতে তেওঁৰ মত কাহানিও নিমিলিল। নিমিলাৰ আঁৰত মাত্ৰ মানৱিকতাই নাছিল, আছিল বিজ্ঞানো। মানুহৰ উচ্চতৰ স্নায়ুতন্ত্ৰৰ বিষয়ে পাভলভৰ গৱেষণা তেওঁৰ মানৱীয় মূল্যবোধৰ সৈতে সংগতিপূৰ্ণ আছিল। ধৰ্মৰ প্ৰতি সৰ্বাত্মক অসহিষ্ণুতাই ধর্মান্ধতাৰ জন্ম দিব—এইটো আছিল তেওঁৰ বৈজ্ঞানিক সিদ্ধান্ত। প্ৰতিখন সমাজতেই এনেকুৱা কিছুমান “দৃঢ়” স্বভাৱৰ মানুহ আছে আৰু ভৱিষ্যতেও থাকিব—যিসকলে যুক্তিবাদী বিশ্বদৰ্শনক আঁকোৱালি লৈ প্রতিকূল পৰিৱেশৰ সৈতে যুঁজ কৰিও স্বচ্ছন্দে জীৱন কটাবলৈ সক্ষম; কিন্তু গোটেই মানৱপ্রজাতিৰ সম্বন্ধে সেইটো কথা নাখাটে—যিসকল “দুৰ্বল” স্বভাৱৰ মানুহ, তেওঁলোকে ধৰ্মৰ আশ্ৰয় বিচাৰিবই। এইটোও মানুহে বিৱৰ্তনৰ মাধ্যমতেই লাভ কৰিছে। পাভলভ মাৰ্ক্সবাদী নাছিল, কিন্তু সংকট-কালত দৃঢ় মস্তিষ্ক আৰু দুর্বল মস্তিষ্কৰ এই টনা-আঁজোৰা মাৰ্ক্সবাদী তত্ত্বৰ সৈতে বঢ়িয়াকৈ খাপ খাই পৰে। কিন্তু যান্ত্ৰিক বস্তুবাদৰ সৈতে এইটো একেবাৰেই খাপ নাখায়। পাভলভ যান্ত্ৰিক বস্তুবাদী নাছিল। সেইবাবেই তেওঁ বুজিছিল যে ধৰ্মক জোৰ কৰি বাতিল কৰি দিলে ওলোটা ফলহে হ’ব। ধৰ্মাচৰণৰ প্ৰতি আঘাত আহিলে ধাৰ্মিকসকলে আনকি ছহিদ হ’বলৈও পিছ নুহুহুকিব; আৰু তেনেকুৱা হ’লে “দুৰ্বল” মস্তিষ্কৰ অধিকাৰী অধিকাংশ মানুহৰ ধৰ্মপ্ৰৱণতা বাঢ়িবহে, নকমে।

পাভলভ নিজে আছিল কট্টৰ নাস্তিক; কিন্তু বিপুল সংখ্যক মানুহৰ ধৰ্মবিশ্বাসক তেওঁ বৈজ্ঞানিক আৰু মানৱিক কোণৰ পৰা বিচাৰ কৰিছিল। তেওঁৰ স্পষ্ট কথা—,“ যেতিয়ালৈকে অধিকাংশ মানুহে অন্য কোনো বিশ্বাসৰ এটা শক্তিশালী ভিত্তি নিৰ্মাণ কৰি ল’ব নোৱাৰে, তেতিয়ালৈকে জোৰ কৰি মানুহক ধৰ্মপালনৰ অধিকাৰৰ পৰা বঞ্চিত কৰাটো অবৈজ্ঞানিক আৰু অন্যায়”।

তেওঁ কৈছিল—“বহুতেই কয়, মই হেনো ঈশ্বৰবিশ্বাসী, ধৰ্মবিশ্বাসী; কিয় কয় তেনেকৈ? কাৰণ মই গীৰ্জা আৰু ধৰ্মৰ ওপৰত উৎপী‌ড়নৰ প্ৰতিবাদ কৰোঁ। মই বিবেচনা কৰোঁ, মানুহক তাৰ আচৰিত ধৰ্মৰ সলনি অন্য কোনো ধৰ্ম প্ৰদান নকৰি তাৰ ধৰ্ম কাঢ়ি অনাটো ঠিক নহয়। এজন বলচেভিকৰ বাবে ঈশ্বৰবিশ্বাস অপ্ৰয়োজনীয়, কাৰণ তেওঁ যে অন্য এটা ধৰ্ম লাভ কৰিছে, যাৰ নাম কমিউনিজম”।

উক্ত বক্তব্যত এইটো স্পষ্ট যে ধর্মক টিকাই ৰখাৰ পক্ষপাতী তেওঁ নহয়, কিন্তু বল প্ৰয়োগ কৰি সেইটো কাম কৰিবলৈ গ’লে ধৰ্মৰ হাতহে অধিক শক্তিশালী হ’ব। চোৱিয়েট য়ুনিয়নৰ বেদনাদায়ক পৰিণাম জানোঁ পাভলভৰ এই দূৰদৰ্শী চিন্তাৰ বাস্তৱসিদ্ধ সত্যতাৰ প্রমাণ নহয়? গোর্কিয়ে কিন্তু তেওঁৰ এই মতটি সঠিকভাৱে ধৰিব পাৰিছিল—

গোর্কিঃ মই আপোনাৰ কথাটো বুজি পাইছোঁ, ইভান পেত্ৰোভিচ। আপুনি নিজে ঈশ্বৰবিশ্বাসী নহয়, কিন্তু আপুনি অন্য লোকৰ ঈশ্বৰবিশ্বাসক শ্রদ্ধা কৰে।

পাভলভঃ ঠিক কৈছে। নিখুঁতভাৱে কৈছে কথাটো। মোক্ষম কথাটো হ’ল সেই শ্রদ্ধা। কিন্তু এই ঈশ্বৰবিশ্বাস এনেকুৱাই এটা বস্তু, যিটোক আপুনি জ্ঞানবুদ্ধিৰ পোহৰত বিচাৰ কৰিব পাৰে। শেষ বিচাৰত ঈশ্বৰত বিশ্বাসতো কৰ্মশীল মস্তিষ্কৰ মাজৰ পৰাই জন্ম লয়।

অন্যৰ ধৰ্মবিশ্বাসৰ প্ৰতি শ্ৰদ্ধা ৰাখিয়েই তেওঁৰ বিশ্বাসক “জ্ঞানবুদ্ধি”-ৰ অৰ্থাৎ যুক্তিতৰ্কৰ পোহৰত বিচাৰ কৰিব লাগিব। তেতিয়াহে লাহে লাহে ধৰ্মবিশ্বাসৰ অযৌক্তিকতা প্ৰতিপন্ন কৰা যাব। যাজক-পুত্র, যাজক-বিদ্যালয়ৰ ছাত্র কিশোৰ পাভলভৰ ক্ষেত্রত সেয়াই ঘটিছিল। কিন্তু ব্যাপক জনমানসত পাইকাৰী হাৰত সেইটোতো পট্‌ককৈ হোৱাৰ কথা নহয়; তাৰ বাবে সময় লাগিব, লাগিব ধৈর্য। চোৱিয়েট আমোলত ধুমুহাৰ গতিৰে ধৰ্মক নিশ্চিহ্ন কৰি পেলোৱাৰ প্ৰয়াস যে ব্যৰ্থ—আনকি যে বিপৰীত ফলহে হৈছিলগৈ—তাৰ প্ৰমাণ, ৰাষ্ট্ৰই যেতিয়া নিজকে ধৰ্মবিযুক্ত বুলি ঘোষণা কৰিছিল, জনগণৰ বিপুল অংশই তেতিয়া নিজকে ধৰ্মভীৰু বুলিহে ভাবি লৈছিল। লোকপিয়লত তাৰ প্ৰমাণ আছে। অৰ্থাৎ, ধৰ্মবিশ্বাসৰ ক্ষেত্ৰত জনগণৰ পৰা ৰাষ্ট্ৰ বিচ্ছিন্ন হৈ পৰিছিল। বল প্ৰয়োগ কৰি ধৰ্মপ্ৰতিষ্ঠান বন্ধ কৰিবলৈ গৈ অৱধাৰিতভাৱে জনগণৰ এটা ডাঙৰ অংশৰ মনত বিৰূপতাৰ সৃষ্টি হৈছিল। পাভলভে সেইটো মানি ল’ব পৰা নাছিল। তেওঁ প্ৰতিবাদ কৰিছিল। বিজ্ঞানী হিচাপে চোৱিয়েট ৰাষ্ট্ৰই তেওঁক মহত্তম সন্মান দিছিল; কিন্তু এইটোত তেওঁৰ কথা মানি ল’ব পৰা নাছিল। মানি ল’লে বোধহয় ভালেই হ’লহেতেন।

One thought on “পাভলভ আৰু “ধর্মবিযুক্ত” চোৱিয়েট ৰাষ্ট্ৰ (মূল: আশিস লাহিড়ী; অনুবাদ: কৌশিক দাস)

  • Debananda Borah (Dadu)

    ভাল লাগিল। ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *