অনুবাদকবিতা

পহিলা মেইৰ কবিতা মূল : সুকান্ত ভট্টাচাৰ্য :: অনুবাদ : ৰুমা অধিকাৰী

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

ৰক্তিম অগনিশিখা বিয়পি পৰিছে দিগন্তৰ পৰা দিগন্তলৈ,
কুকুৰৰ দৰে জীয়াই থকাৰ অৰ্থ আছে জানো?
কিমান দিনলৈ সন্তোষ লভিবা কোনোবাই দলিয়াই দিয়া এটুকুৰা এৰেহা হাড়ত?
মনৰ ভাব ক্ষীণ অস্ফুট মাতেৰে বুজাবা?
ভোকাতুৰ দেহাটোৰে কেলঢোপ-কেলঢোপকৈ
কিমান দিনলৈ জীয়াই থাকিবা বাৰু?
ওলমি পৰা তোমাৰ জিহ্বাৰে,
ভাগৰুৱা উশাহ টানি টানি জীয়াই নো থাকিবা কতকাল?
গায়ে মূৰে আলফুলীয়া হাতৰ পৰশে
কিমান সময় পাহৰাই ৰাখিব পাৰিব
তোমাৰ পেটৰ অগনি  আৰু ডিঙিৰ শিকলিডালক?
কিমান পৰেই বা পাৰিবা নেজ জোকাৰিবলৈ?

তাতকৈ পোহ মানি ল’বলৈ অস্বীকাৰ কৰা,
অস্বীকাৰ কৰা বশ্যতাক।
আহা শুকান হাড় এডালৰ সলনি
বিচাৰি লওঁ সতেজ মাংস,
প্ৰস্তুত হওক ৰক্তিম অগনিত সেকা আমাৰ খাদ্য।
শিকলিৰ দাগ ঢাকি গজি উঠক
সিংহৰ কেশৰ প্ৰত্যেকৰে কান্ধত।

Leave a Reply

Your email address will not be published. Required fields are marked *