উত্তৰ-সত্য যুগত ভাৰত ।। শিৱজিত দত্ত
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা
তাহানি নীৎসেই কৈছিল যে সত্য বুলি একো নাই, মাথোন তাৰ ব্যাখ্যাহে আছে। উত্তৰ-আধুনিক তাত্ত্বিকসকলেও সত্য আৰু প্ৰমূল্যৰ মাজৰ সীমাৰেখা আঁতৰাই দিবলৈ যত্ন কৰিছিল। অৰ্থাৎ সত্যৰ প্ৰতি বৌদ্ধিক আৰু দাৰ্শনিক সংশয় নতুন কথা নহয়। তথাপি সৰ্বসাধাৰণৰ ব্যৱহাৰিক জীৱনত বস্তুনিষ্ঠভাৱে উপলব্ধ আৰু সৰ্বজনগ্ৰাহ্য ‘সত্য’ৰ আদৰ সৌ সিদিনালৈকে আছিল আৰু আজিও উপান্ত হোৱা নাই। কিন্তু, ক্ৰমাগতভাৱে যেন এই সাধাৰণ ব্যৱহাৰিক জীৱনতো বস্তুনিষ্ঠ সত্যৰ প্ৰতি স্পৃ্হা বিশ্বজুৰি নাইকিয়া হৈ আহিছে। ফলত দৰ্শন আৰু ৰাজনীতিৰ তাত্ত্বিক আলোচনাত এক নতুন পৰিভাষাৰ উৎপত্তি হৈছে। সেয়া হৈছে “উত্তৰ-সত্য” (post-truth)। ২০১৬ চনত অক্সফ’ৰ্ড অভিধানে শব্দটোক “বছৰটোৰ শব্দ”ৰূপে স্বীকৃতি দিছে।
কি এই উত্তৰ-সত্য? পূৰ্বে জনমত গঢ়াত বস্তুনিষ্ঠ সত্যৰ এক বিশেষ ভূমিকা আছিল। আখ্যানসুলভ চিন্তাৰ প্ৰভাৱ পূৰ্বেও আছিল, কিন্তু নিৰাবেগ, নিৰলস অন্বেষণৰ জৰিয়তে আখ্যানৰ কুঁৱলী ফালি বস্তুনিষ্ঠ সত্যৰ ৰ’দালি প্ৰকট কৰিব পৰা গৈছিল। কিন্তু, শেহতীয়াকৈ যেন বিশ্বৰ বুজন অংশত বস্তুনিষ্ঠ সত্য অন্বেষণৰ সেই ভূমিকাৰ ঠাই লৈছে নিতান্তই আবেগিক আবেদন আৰু ব্যক্তিগত, বিষয়ীগত বিশ্বাসে। যৌক্তিক আৰু সমালোচনাত্মক চিন্তাক ঠেলি আঁতৰাই যেন আসনাধিষ্ঠ হৈছে অৰ্ধসত্যৰ প্ৰতি আবেগিক আহ্বান আৰু বাৰম্বাৰ প্ৰচাৰেৰে সুবিধাজনক মিথ্যাৰ প্ৰতি গণবিশ্বাস। ৰাজনৈতিক-দাৰ্শনিক তাত্ত্বিক এচামৰ মতে আমেৰিকা-ৰাছিয়া-ভাৰতত ট্ৰাম্প-পুটিন-মোদীৰ শাসন অহাৰেপৰা উত্তৰ-সত্যৰ ৰাজনীতি চলিছে বা উত্তৰ-সত্যযুগ চলিছে।
ভাৰতৰ কথাকে ধৰক। চুইচ্ বেংকত ভাৰতীয়ই জমা ৰখা বিশাল অংকৰ ক’লাধন ঘূৰাই আনি প্ৰত্যেক ভাৰতীয়ৰ একাউণ্টত ১৫ লাখকৈ জমা কৰিব বুলি মোদীয়ে দিয়া আশ্বাসে ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত খলক লগাইছিল। তেওঁ অভূতপূৰ্ব জনসমৰ্থন পোৱাৰ আঁৰত ইয়ো আছিল এক শক্তিশালী কাৰক। আজি মোদীৰাজৰ সাত বছৰ পাৰ হ’ল। মোদীৰ পিছতেই যিজন নেতা সৰ্বাধিক ক্ষমতাশালী সেইজন অমিত শ্বাহে সাংবাদিকক ক’লে যে ১৫ লাখৰ কথাটো আছিল এক নিৰ্বাচনী ‘জুমলা’! ইয়াৰ পাছতো দেশৰ গৰিষ্ঠ সংখ্যক জনতাই মোদীক মিছলীয়া বুলি ভবা নাই, মহামানৱ বুলিয়ে বিবেচনা কৰি আহিছে। মোদীয়ে তেওঁলোকৰ বিশ্বাস আবেগেৰে জিনিছে।
বিমুদ্ৰাকৰণৰ ঘটনালৈ চাওক। মোদীয়ে কৈছিল যে তেওঁক ৫০ দিন মাত্ৰ দিব লাগে – তেওঁ পৰিস্থিতি স্বাভাৱিক কৰি তুলি তুলিব। সন্ত্ৰাস নিয়ন্ত্ৰণ কৰি, ক’লাধন নাইকিয়া কৰি, দেশৰ প্ৰগতি সাধিবলৈ দেশৰ জনতাই কিছু ত্যাগ কৰক। জনতাই ত্যাগ কৰিলে, দুশ-আঢ়ৈশই এটিএমৰ সমুখৰ শাৰীত থিয় দি প্ৰাণো ত্যাগ কৰিলে। সন্ত্ৰাস শেষ নহ’ল, ক’লাধন শেষ নহ’ল। শেষ হ’ল বহুতৰ চাকৰি, ব্যৱসায়, জীৱন। দেশৰ জিডিপি তেতিয়াৰেপৰা যি নামিল সেয়া আৰু উঠাৰ লক্ষণ দেখা নগ’ল।
বালাকোটত ভাৰত চৰকাৰে চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা ভাবক। কোৱা হ’ল যে ৩০০/৪০০/৫০০ জেইছ্ ই মহম্মদ সংগঠনৰ সন্ত্ৰাসবাদী নিহত হৈছে। পিছে তাৰ একো ফটো, ভিডিও ফুটেজ বা আন কিবা প্ৰমাণ আজিলৈকে নোলাল। এই বিষয়ে প্ৰশ্ন কৰোতাক সেই সময়ত বোলা হৈছিল এণ্টি নেশ্যনেল! সেই বস্তুনিষ্ঠ প্ৰমাণবিহীন সন্ত্ৰাসবাদী-নিধনৰ ঘটনাই এনে আবেগ সৃষ্টি কৰিলে যে নানান অৰ্থনৈতিক ব্যৰ্থতাৰে নজিৰ সৃষ্টি কৰা মোদী চৰকাৰক পূৰ্বতকৈও অধিক আসন দি নিৰ্বাচন জিকাই আনিলে দেশৰ জনতাই।
কোভিড-১৯-ৰ প্ৰথম ঢৌৰ সময়ত দিয়া অপৰিকল্পিত লকডাউনে জনজীৱন দুৰ্বিষহ কৰি তুলিছিল। দ্বিতীয় ঢৌত বিশ্বৰ ভিতৰতে বৃ্হৎ মাত্ৰাত বিপৰ্যস্ত অন্যতম দেশ হৈছে ভাৰত। বৃ্হৎ বৃহৎ নিৰ্বাচনী ৰেলী অনুষ্ঠিত কৰি, লক্ষ লক্ষ মানুহেৰে কুম্ভমেলা পাতি, ক’ৰৌনা ভাইৰাছ বিয়পাই দিয়া হৈছিল বিপুল মাত্ৰাত। অক্সিজেনৰ যোগান যথাযোগ্য নোহোৱাত হাজাৰ-বিজাৰ মানুহ মৃত্যুমুখত পৰিল। গংগাত উটি আহিল অনেক মৰাশ। বিভিন্ন ৰাজ্যত কোভিডত মৰা লোকৰ যি সংখ্যা দিয়া হ’ল শ্মশানত জ্বলোৱা তেনে লোকৰ মৃতদেহৰ সংখ্যা তাতকৈ বহুগুণে বেছি পোৱা গৈছে বুলি নানা ৰিপ’ৰ্ট ওলাল। এতিয়া মানুহক যথোচিতভাৱে ভেকচিন দিব পৰা নাই। দেশৰ মানুহৰ বাবে ভেকচিন নিশ্চিত নকৰাকৈয়ে দেশৰ কোম্পানীক বিদেশত ভেকচিন বেচিবলৈ সুবিধা কৰি দিয়া হ’ল। প্ৰত্যেক নাগৰিকৰ বিপৰীতে আমেৰিকাই ৫ টাকৈ, কানাডাই ১২ টাকৈ, ইংলেণ্ডে ৮ টাকৈ আৰু অষ্ট্ৰেলিয়াই ৭ টাকৈ ভেকচিন মজুত কৰিছে। ভাৰতে দুটাকৈও মজুত কৰিব পৰা নাই। তৎসত্ত্বেও জনতাৰ বুজন অংশই ভাবে যে মোদীৰ বাবেহে কোভিড-১৯ নিয়ন্ত্ৰণ কৰা সম্ভৱ হৈছে আৰু মোদীৰ বাবেইহে সম্ভৱ হ’ব। ক’ৰৌনাৰ বিৰুদ্ধে যুদ্ধত মোদী এক বিৰল, বিচক্ষণ আৰু কৃতকাৰ্য সেনাপতি বুলি বহুতেই ভাবে – মৰি গ’লেও ভাবিবলৈ নেৰে।
“মোদী হেই ত মুমকিন হেই” এক জনপ্ৰিয় শ্লোগান। আগৰবাৰ লোকসভা নিৰ্বাচনৰ আগত এইটো বেচ চলিছিল আৰু এতিয়াও এইটোত বিশ্বাস ৰখা মানুহৰ সংখ্যা বুজন। মোদীৰ দিনত “বহুত হো গেয়া পেট্ৰ’ল-ডিজেল কা মাৰ, পেট্ৰ’ল হাণ্ড্ৰেড্ কা বাহাৰ, ফিৰ ভি মোদী চৰকাৰ!” বছৰি দুই কোটিকৈ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা মোদীৰ দিনতে নিবনুৱাৰ হাৰ বৃদ্ধিয়ে আভিলেখ গঢ়িলে – ৪৫ বছৰৰ ভিতৰতে সৰ্বাধিক! মনমোহন সিঙৰ দিনত যি জিডিপিয়ে ১০% ছোওঁ ছোওঁ হৈছিল সেই জিডিপি মোদীৰ দিনত শূণ্যৰ তললৈ গৈ ঋণাত্মক হ’ল – এবাৰতো ঋণাত্মকভাৱে ২৩% চুইছিলগৈ – মানে পাতাল চুইছিলগৈ। কেৱল কোভিড পৰিস্থিতিৰ বাবে এইটো হোৱা নাই। কোভিড নাহোতেও ভাৰতৰ জিডিপি হৈছিলহি ৩%। আকৌ চুবুৰীয়া বাংলাদেশে কোভিড পৰিস্থিতিৰ মাজতে ৮% জিডিপি চুবলৈ আগবাঢ়িছে। আমেৰিকান ডলাৰৰ সৈতে তুলনাত ভাৰতীয় টকাৰ মূল্য ঐতিহাসিকভাৱেই সৰ্বনিম্ন হৈ পৰিছে। পৰিতাপৰ কথা যে বাংলাদেশৰ টাকাৰ তুলনাতো ভাৰতীয় টকা পিছ পৰিছে – ভাৰতীয় এটকাৰ মূল্য হৈছেগৈ বাংলাদেশৰ ৮৮ পইচা মাত্ৰ! পিছে এইবোৰ বস্তুনিষ্ঠ তথ্যই মোদীৰ জনপ্ৰিয়তাত বিশেষ তাৰতম্য ঘটাব নোৱাৰে। উত্তৰ-সত্যৰ প্ৰভাৱত আজিও অধিকাংশ লোকে ভাবে – “মোদী হেই তো মুমকিন হেই”!
পিছে এই উত্তৰ-সত্য আকাশৰপৰা সৰি পৰা বস্তু নহয়। পুঁজিবাদৰ ফেচিষ্ট্ পৰ্যায়ৰ ইএক বিশেষ বৈশিষ্ট্য মাথোন। বস্তুনিষ্ঠ সত্য সদায় জনগণৰ পক্ষত, জনগণৰ স্বাৰ্থবাহী ৰাজনীতিৰ পক্ষত। পুঁজিবাদৰ মৰ্মমূলতে আছে মিথ্যাচাৰ। শ্ৰমিকৰ উৎবৃত্ত শ্ৰম আৰু সময় চুৰি কৰি তথাকথিত মালিকে সাজে লাভৰ পাহাৰ। অৰ্থাৎ এই ব্যৱস্থাই চোৰক মালিক সাজে আৰু আচল মালিকক সাজে মজুৰিখোৰ শ্ৰমিক। নিপীড়িত জনতাই আচল সত্য ফট-ফটীয়াকৈ দেখা পালে পুঁজিবাদী ব্যৱস্থাই তেওঁলোকক প্ৰতাৰণা কৰি থাকিব নোৱাৰিব। আজি পুঁজিবাদ ঘোৰ সংকটত নিমজ্জিত, এনে সময়ত সি ফেচিষ্ট ৰূপ লয়। তেতিয়া তাৰ বুনিয়াদী মিথ্যাচাৰী চৰিত্ৰ আৰু বেছি কদাকাৰ হৈ পৰে। সংবাদ মাধ্যমৰ দৰে আহিলাসমূহ কুক্ষিগত কৰি তেতিয়া সি সত্যৰ বিৰুদ্ধে কুৰুক্ষেত্ৰৰ আয়োজন কৰে। ভাৰতত শেহতীয়াকৈ বিজ্ঞান, বুৰঞ্জী আৰু বৌদ্ধিকতাৰ ওপৰত এইবাবেই আক্ৰমণ নমাই অনা হৈছে – কাৰণ ইবোৰ হৈছে সত্যৰ পথৰ পথিক।

