পৃথিৱী ।। বিমল কুমাৰ শৰ্মা
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৬ষ্ঠ সংখ্যা
যান্ত্রিকতাৰ দংশনত তুমি আহত
সপ্তৰথীৰ কুটিলতাত দিগভ্ৰান্ত অভিমন্যু
হে পৃথিৱী, একবিংশ শতিকাৰ পদদলিত
কৰবেটৰ দিবাস্বপ্নৰ কামনা
তুমি নাইনিতালৰ বাঘ।
জুদাছৰ প্ৰতাৰণাত ক্রুছবিদ্ধা
আগ্নেয়াস্ত্ৰৰ আলিংগনত ক্রন্দনৰতা
সভ্যতাৰ আৱিষ্কাৰ, তুমি হিৰোশ্বিমা
মমতাৰ দৰেই চিৰনিদ্রিত,
ছাহজাহানৰ প্ৰেমৰ গিৰিসংকটত
মহামানৱৰ কল্পনাৰ ৰামৰাজ্য
আদাম আৰু ইভ্।
দ্রোণাচাৰ্য্যৰ ক্রুৰতাত স্তব্ধ
পথভ্রষ্ট একলব্য তুমি
(দুৰ্য্যোধনৰ অন্তেষপুৰৰ ৰক্ষিতাসদৃশ)
চম্বলৰ ফুলনদেৱী
ধর্ষিতা কলম্বাছৰ নিউইয়র্কত।
শ্বেইক্সপিয়েৰৰ সাম্ৰাজ্যৰ বাসিন্দা
তুমি প্ৰতাৰিতা ওফেলিয়া,
পিতৃহত্যাৰ প্ৰতিশোধত জান্তৱ
আত্মঘাতী, মেঘনাদ অথবা লস্কৰ-ই-তৈবা।
শ্রেষ্ঠত্বৰ তুলাচনীত কালজয়ী
ভিন্সিৰ তুলিকাৰ ৰামধেনু
হাঁহিৰ স্ফূলিংগত গর্ভসম্ভূতা
তুমি ফ্লোৰেন্সৰ মনালিছা
বৰাহৰূপী বিষ্ণুৰ বাগদত্তা
প্রাগজ্যোতিষৰাজৰ অবৈধ জননী তুমি!
হে পৃথিৱী, তোমাৰ অন্ত্যেষ্টিক্ৰিয়াৰ
যাজক, মই একবিংশ শতিকাৰ কবচাবৃত
দুধর্ষ আলেকজেণ্ডাৰ।

