প্ৰকৃতি-প্ৰেমিক যাদৱ পায়েঙৰ সৈতে এটি সাক্ষাৎকাৰ— (ৰেখা শৰ্মা)
ভোগবাদী সমাজৰ সকীৰ্ণ মানসিকতাৰ পৰা শত যোজন আঁতৰত অৱস্থান কৰা প্ৰকৃতিৰ প্ৰেমিক এইগৰাকী ব্যক্তিৰ নাম যাদৱ পায়েং। পদ্মশ্ৰী সন্মানেৰে ৰাষ্ট্ৰই স্বীকৃতি দিয়াৰ (২০১৫ চন) বহু আগৰে পৰাই তেখেত হৈ পৰিছিল সমগ্ৰ বিশ্বৰেই প্ৰকৃতি আৰু পৰিৱেশকৰ্মীসকলৰ বাবে এটা পৰিচিত আৰু প্ৰেৰণাদায়ক নাম। এইগৰাকী ব্যক্তিৰ সৈতে আমি এক আন্তৰিক বৈঠকত মিলিত হৈছিলোঁ। স্থান, ককিলামুখ ঘাটৰ তেখেতৰ বাসগৃহ। তেখেতৰ সৈতে হোৱা আমাৰ কথা-বতৰাখিনিকেই আমি প্ৰশ্নোত্তৰভিত্তিক সাক্ষাৎকাৰৰ ৰূপত লিপিবদ্ধ কৰিবলৈ প্ৰয়াস কৰিছোঁ।
প্ৰশ্ন:- আপোনাৰ জন্ম ক’ত হৈছিল? আপোনাৰ শৈশৱকাল আপুনি ক’ত অতিবাহিত কৰিছিল?
উত্তৰ:- মোৰ ঘৰটো সৰুতে ইয়াৰ পৰা ১০ কিলোমিটাৰমান আঁতৰত আছিল। এতিয়া গৰা খহালে। যোৰহাট জে. পি. আৰ. ৰেলষ্টেচনটো আৰু ঢাকা, কলিকতা আদিলৈ জাহাজ চলা জাহাজ-ঘাটটোও তাতেই আছিল। সেইখনি সময়ত তাত দুমহলীয়া ঘৰ পাবলৈ নাই। কিন্তু ১৯৬৫-১৯৭০ চনৰ ভিতৰত সেই জাহাজঘাট, আমাৰ গাঁওখন, ম’হগড় খুঁতি সকলোবোৰ ব্ৰহ্মপুত্ৰত বিলীন হৈ গ’ল। ওচৰ-পাজৰৰ জেগাখিনি বালিচৰলৈ ৰূপান্তৰিত হ’ল।
প্ৰশ্ন:- শৈশৱতেই আপোনাৰ মনত বন সংৰক্ষণৰ প্ৰতি আগ্ৰহৰ জন্ম হৈছিলনে? নে, পৰৱৰ্তী সময়ত তেনে ধাৰণা আপোনাৰ মনলৈ আহিছিল? বন সংৰক্ষণৰ প্ৰতি আগ্ৰহ আপোনাৰ মনৰ গভীৰলৈ কেনেদৰে আহিছিল, সেইটো কথা আমাক অৱগত কৰিলে বৰ ভাল হয়।
উত্তৰ:- মই বামুণগাঁৱত থাকি ডাঙৰ হোৱা। সেই সময়ত ৯০ নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত ৩য় শ্ৰেণীত পঢ়ি আছিলোঁ। তেতিয়া যদুনাথ বেজবৰুৱা নামৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ এজন গৱেষক আছিল। এতিয়া তেওঁৰ বয়স হয়তো ৯২ বছৰমান হ’ব। সেই সময়ত তেওঁৰ ল’ৰা-ছোৱালী আৰু আমি একেলগে একেখন বেঞ্চতে বহোঁ। তেওঁ পৰিৱেশৰ বিষয়ে এখন কিতাপ লিখিছিল, ২৫ বছৰ আগলৈ পৃথিৱীখনত কি কি হ’ব তাৰ বিষয়ে। যদুনাথদেৱে আমাক সৰুৰে পৰা হাতে-কামে শিকাইছিল আৰু কৈছিল “গছপুলি ৰুলেই নহ’ব, গছপুলি ৰুঁই প্ৰতিপালন কৰি ডাঙৰ-দীঘল কৰিব লাগিব, গছৰ গুণাগুণ আৰু গছৰ নামো জানিব লাগিব”। তেওঁ আমাক পাণৰ পুলি ৰুবলৈ দিয়ে। সকলোৰে হাততে কিন্তু পাণপুলি ডাঙৰ নহয়, যত্ন লাগে। পিছে মোৰ ক্ষেত্ৰত কথাটো আছিল ওলোটা, মই লগোৱা পাণপুলিবোৰ দোপতদোপে ডাঙৰ-দীঘল হৈ যায়। সেয়েহে এদিন তেওঁ মোক মাতি নি কৈছিল, “তই এইটো কামকে কৰিবি। কিন্তু চাবি, এইবোৰ কৰোঁতে সাৱধান। অসমীয়া জাতিটো হেনো কেঁকোৰাৰ জীৱন লোৱা। কুকুৰে ভুকি থাকিব, হাতীয়ে কিন্তু ঘূৰি নাচায়। তোৰ কামটোকে তই কৰি যাবি”। সেই তেনেকৈয়ে গছক মৰম কৰিবলৈ শিকিছিলোঁ। এতিয়াও বিশ্ব সন্মিলনবোৰত গ’লেও তাত গৈ কি ক’ম বুলি তেওঁক সুধিহে যাওঁ।
প্ৰশ্ন:- বন সংৰক্ষণৰ কামত আপুনি প্ৰথম অৱস্থাত কেনেদৰে আগ বাঢ়িছিল?
উত্তৰ:- ১৯৭৯ চনত এক ভয়ংকৰ বানপানী হৈছিল। ব্ৰহ্মপুত্রই ওচৰ-পাজৰৰ সকলো ঠাই উটুৱাই নিছিল। কিন্তু ৰাতিটোৰ ভিতৰত পানী শুকাই যোৱাত তাত বালিচৰৰ সৃষ্টি হৈছিল। শ শ বিঘা মাটিত কোনো গছ-গছনিৰ চিন মোকাম নোহোৱা হৈ পৰিছিল। সেই সময়ত তাত সাপ আৰু মাটি খান্দি সোমাই থকা বহুত প্রাণী পোৱা গৈছিল আৰু তাতেই মোৰ গৰু-ম’হৰ খুটিও আছিল। এবাৰ জুন-জুলাই মাহত বহুদিন ধৰি বৰষুণ দিয়া নাছিল, কেতিয়াবা হয়তো ১২ দিন ধৰি খৰাং, তাৰ পাছত অলপ বৰষুণ, আকৌ ধৰা ২৩ দিনমানৰ খৰাং। তাত সূর্যৰ প্ৰখৰ উত্তাপে সকলো যেন দহি নিছিল। ফলত এদিন মই গৰু-ম’হ চৰাবলৈ গৈ দেখিলোঁ যে তাত থকা শ শ সাপ বালিচৰত পৰি মৰি আছে। লক্ষ্য কৰিলোঁ যে বালিচৰৰ বালি ইমান তপত যে তাত খালী ভৰিৰে খোজ দিবই নোৱাৰি! গৰু-ম’হ আনকি কুকুৰবোৰেও বালিত নাথাকি নদীৰ পানীতহে সোমাই থকাটো পছন্দ কৰে। তেতিয়া মনত বহুত দুখ অনুভৱ হোৱাত ওচৰৰে দেউৰী সম্প্রদায়ৰ মানুহখিনিৰ পৰামর্শ লৈ বালিচৰতে বাঁহগছ ৰোৱাৰ ব্যৱস্থা কৰিলোঁ। বন বিভাগৰ মতে তাত এই প্ৰচেষ্টা নিৰর্থক আছিল যদিও মোক বাঁহগছৰ কিছুমান সঁচ আৰু বাঁহৰ মূৰা দি তেওঁলোকে সহায় কৰিলে। তেনেকৈয়ে সদায় কিবা নহয় কিবা এবিধ গছ তাৰ মাটিখিনিত ৰুবলৈ আৰম্ভ কৰিলোঁ আৰু পানী দিয়াৰ ব্যৱস্থা কৰিলোঁ।
প্ৰশ্ন:- বনাঞ্চল গঢ়ি তোলাৰ ক্ষেত্ৰত আপুনি সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ কেনেকুৱা আছিল? সেইবোৰ আপুনি কেনেদৰে অতিক্ৰম কৰিছিল? এইক্ষেত্ৰত আপুনি কাৰোবাৰ পৰা সহায় পাইছিলনে?
উত্তৰ:- মই মিচিং সম্প্রদায়ৰ মানুহ। কেতিয়াবা কিন্তু মোৰ ককাই-ভাই সম্পর্কৰ এই মানুহবোৰেও মোক খং কৰে। কয় যে তোৰ গোটেই হাবি-বন কাটি পেলাম। কিয়নো হাতীৰ জাক আহি তেওঁলোকৰ খেতি-বাতি নষ্ট কৰে আৰু বাঘবোৰে এতিয়ালৈ বহুকেইটা গৰু-ছাগলী ভক্ষণ কৰিছে। পিছে মই তেওঁলোকক কওঁ, “এডাল গছো কাটিব নোৱাৰ, প্রথমে মোকহে কাটিব লাগিব। গছে তহঁতৰ কি ক্ষতি কৰিলে! বন্যপ্ৰাণীবোৰেহে তহঁতৰ ফচল আৰু পোহনীয়া জীৱ-জন্তুসমূহ খায়, তাত গছ-গছনিৰ কি দোষ? তাকো তহঁতে নিজৰ মাটি-বাৰী আনক বেচি ঘৰ বনাবলৈ এৰি দিছ। গছ-গছনি দিনক দিনে কাটি কাটি নোহোৱা কৰিছ, সেই কাৰণেহে বন্যপ্রাণীবোৰে বসতিস্থললৈ আহি উৎপাত কৰে”। সেই তেনেকৈয়ে কিছু সংঘাত, প্রত্যাহবান নোহোৱা নহয়।
প্ৰশ্ন:- আপুনি গঢ়ি তোলা বনাঞ্চলখনিৰ কথা অলপ জনাওকচোন। জীৱজন্তু, উদ্ভিদ, চৰাই আদিৰ ক্ষেত্ৰত বনাঞ্চলখনিৰ জৈৱ বৈচিত্ৰ্য কেনেধৰণৰ? এনেদৰে গঢ়ি তোলা বনাঞ্চল প্ৰাকৃতিক বনতকৈ কেনেধৰণে পৃথক?
উত্তৰ:- তাত ৩০০ একৰ মাটিত বাঁহৰ গছ আছে। তাৰ বাহিৰেও অর্জুন, এজাৰ, কৃষ্ণচূড়া, কৰৈ আদি গছ পোৱা যায়। হাতী, এশিঙীয়া গঁড়, ঢেঁকীয়াপতীয়া বাঘ, হৰিণা, বান্দৰ, বনৰীয়া গাহৰি, শহাপহু, বিলুপ্ত পৰ্যায়ৰ শগুণ এইবোৰ পোৱা যায় তাত। তাত আনকি বিভিন্ন বিচিত্র প্রজাতিৰ চৰাইয়ো পোৱা যায়। তদুপৰি বিভিন্ন ধৰণৰ ঔষধি গুণযুক্ত তৃণ বা গছ-গছনি পোৱা যায়।
প্রাকৃতিক বনতকৈ পৃথক বুলি ক’লে, এইখন হাবি যিহেতু মই নিজ হাতে গঢ়া আৰু ওচৰ-পাজৰৰ উপলব্ধ গছৰ পুলিবোৰ সংগ্রহ কৰি ৰোপন কৰা, সেয়েহে হয়তো প্রাকৃতিক বনতকৈ ইয়াৰ বৈচিত্ৰ্য কিছু কম আছিল। কিন্তু ইতিমধ্যে ৪৩ বছৰ অতিক্রম কৰাৰ বাবে হয়তো জৈৱ বৈচিত্র্যৰ ক্ষেত্ৰত প্ৰাকৃতিক হাবিতকৈ ইয়াৰ বৰ বেছি পার্থক্য এতিয়া আৰু পোৱা নাযাব।
প্ৰশ্ন:- অসমৰ ক্ষেত্ৰত বনাঞ্চলৰ লগতে অৰণ্য-জীৱনৰ সামগ্ৰিক চিত্ৰখনিৰ ৰেহৰূপ কেনেকুৱা? কাকতে-পত্ৰই অৰণ্যৰ কালিৰ লগতে জৈৱ বৈচিত্ৰ্যও অতি দ্ৰুতগতিত উদ্বেগজনকভাৱে হ্ৰাস পাই আহিছে বুলি পঢ়িবলৈ পোৱা যায়। এই প্ৰসংগটো আপুনি কেনেদৰে বিচাৰ-বিশ্লেষণ কৰিব?
উত্তৰ:- এই কথাটো ভাবি মাজে মাজে মোৰ খুব দুখ লাগে। তোমালোকৰ দৰে উঠি অহা ল’ৰা-ছোৱালীবোৰ দেখিলে মই শুব নোৱাৰোঁ। আমাৰ আৰু আমাৰ আগৰ প্রজন্মসমূহৰ দোষৰ বাবেই এই ধুনীয়া পৃথিৱীখনিৰ আজি এই অৱস্থা। ভাৰতৰ দৰে “পিতা স্বর্গ, পিতা ধর্ম, পিতাহি পৰম তপঃ”-ৰ মন্ত্র জপ কৰা সমাজ খনতো “টকা স্বর্গ, টকা ধর্ম, টকাই পৰম তপ:” হৈ পৰিছে। লোভৰ বাবেই এশিঙীয়া গঁড়ৰ নিচিনা ইমান নিমাখিত প্রাণীবোৰৰ খৰ্গবোৰ কাটি নিবলৈও মানুহে কুণ্ঠাবোধ নকৰে। লগতে, বিশেষকৈ উন্নত দেশবোৰে, উন্নয়নৰ নামত কৰা ধ্বংসলীলাসমূহৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধিৰ নিচিনা সমস্যাই দেখা দিছে। সেয়েহে মাজে মাজে বৰ দুখ লাগে। তথাপি আজিৰ নৱপ্রজন্মৰ লগত বহুত কাম কৰিছোঁ, মই তেওঁলোকৰ কর্মোদ্যম দেখি আশাবাদী।
প্ৰশ্ন:- হাতী আৰু মানুহ, অথবা বান্দৰ আৰু মানুহৰ মাজৰ সংঘাতৰ ক্ষেত্ৰত আপোনাৰ মতামত পালে আমি বৰ ভাল পাম। এইবোৰ সংঘাত আঁতৰাবলৈ আমি কি কৰা উচিত?
উত্তৰ:- মই ইতিমধ্যে কৈছোঁৱেই সেয়া জীৱ-জন্তুবোৰৰ দোষ নহয়। মানুহৰ দোষ, অতিমাত্রা জনসংখ্যা বৃদ্ধিৰ দোষ, বেদখলকাৰীসকলৰ দোষ, লুভীয়া ব্যৱসায়ীসকলৰ দোষ। যাৰ বাবে জীৱ-জন্তুবোৰৰ বসতিস্থানৰ মাত্রা কমি গৈছে। সংঘাত আঁতৰাবলৈ মানুহবোৰে গছ-গছনি, চৰাই-চিৰিকতি আৰু অন্যান্য জীৱ-জন্তুবোৰক ভাল পাবলৈ শিকিব লাগিব। লগতে সহনশীল হোৱাটো অত্যন্ত জৰুৰী। তাৰবাবে সৰুকালৰ পৰাই ছাত্র-ছাত্রীসকলক প্রকৃতিখনক ভাল পাবলৈ শিকাব লাগিব।
প্ৰশ্ন:- আপুনি গঢ়ি তোলা বনাঞ্চলখনিৰ ক্ষেত্ৰত আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি?
উত্তৰ:- তেনে একো পৰিকল্পনা নাই, গছ ৰুই ভাল পোৱা মানুহ মই গছ ৰুই যাম । এতিয়াও বহুত জেগাত মোক গছ ৰুবলৈ মাতে, পিছলৈও সেইবোৰেই কৰি যাম।
প্ৰশ্ন:- গঢ়ি তোলা বনাঞ্চলক কেন্দ্র কৰি কোনো পর্যটন উদ্যোগ গঢ় লৈ উঠাৰ পৰিকল্পনা আছেনে?
উত্তৰ:- নাই, পর্যটন উদ্যোগ গঢ়াৰ পৰিকল্পনা মুঠেও নাই। যান্ত্ৰিকতা তাত সুমুৱাবলৈ দিয়া নহ’ব। যদি কোনোবা পর্যটকৰ সেই ঠাইডোখৰ চাবলৈ মন, তেন্তে অইল ইণ্ডিয়াই যোগান ধৰা ৫-খন গৰুগাড়ী, ৫-খন ঘোঁৰাগাড়ী আৰু ২০-খন চাইকেলৰ সহায়ত তালৈকে যাব পাৰিব। তাত প্রদূষণ সৃষ্টি কৰা কোনো কার্য কৰিবলৈ দিয়া নহ’ব।
প্ৰশ্ন:- আপোনাৰ অৰণ্যখনৰ সৈতে জড়িত কিবা এটি ভাল লগা ঘটনা কওঁকচোন।
উত্তৰ:- লক-ডাউনৰ সময়ত মই মেক্সিকোলৈ গৈছিলোঁ। সেইখিনি সময়ত গোটেই পৃথিৱীতে কোভিডৰ জোৱাৰ। তেতিয়াই তাত এটা এৱার্ড শ্ব’ত মোক তাৰ গৱর্ণৰে গবা মাৰি ধৰি চুমা খালে। তাৰ পৰা ঘৰলৈ ঘূৰি আহিলোঁ। ঠাণ্ডা পাই অকণ অকণ চৰ্দি লাগিল। এতিয়া মোক গাঁৱৰ ৰাইজে কভিড লৈ অনা বুলি ঘৰত সোমাবলৈকে নিদিয়ে। তেতিয়া টালি-টোপোলা লৈ মই হাবিলৈকে গুচি গ’লোঁ। তেনেকৈয়ে আৰামত হাবিৰ মাজতে গৰুখুঁটি, ম’হখুঁটিবোৰতে এমাহ থাকি আহিলোঁ। বন বিভাগে মোৰ সহায়ৰ বাবে ৩-টা হাতী পঠিয়াই দিছিল। তাত থাকি দেখিলোঁ লকডাউনৰ সময়তে গছবোৰ যেন নতুন হৈ পৰিছে, জীৱ-জন্তুবোৰ, চৰাই-চিৰিকতিবোৰে যেন মুক্তভাৱে বিচৰণ কৰিবলৈ ধৰিছে আৰু জলাশয়বোৰো পৰিষ্কাৰ হৈ পৰিছে।
প্ৰশ্ন:- পৰিৱেশৰ প্ৰসংগত জনসচেতনতা বৃদ্ধি কৰিবলৈ কি কৰা উচিত? বিশেষকৈ নতুন প্ৰজন্মক এই ক্ষেত্ৰত আপুনি কেনেদৰে আগ বাঢ়িবলৈ পৰামৰ্শ দিব?
উত্তৰ:- মুখস্থ বিদ্যাতকৈ ব্যৱহাৰিক জ্ঞান আহৰণত গুৰুত্ব দিব লাগিব। পৰিৱেশ, প্ৰকৃতি আৰু সমাজ-সংস্কৃতি এৰি কোনো ডাঙৰ মানুহ হোৱা নাই। সকলো কামতে হাতে-কামে লাগিব লাগিব। শেষত আটাইতকৈ গুৰুত্বপূর্ণ কথা হ’ল, এই গোটেই পৃথিৱী, আৰু ইয়াৰ বতাহ, বৰষুণ, কেঁচু, চৰাই-চিৰিকটি সকলোকে ভাল পাবলৈ শিকিব লাগিব।
আমাৰ আৰু কথা পাতিবলৈ বহুত আছিল। বিস্ময়কৰ মানুহগৰাকীৰ চিত্তাকৰ্ষক কথাবোৰ আমি তবধ মানি মাত্ৰ শুনি গৈছিলোঁ। পিছে সময় হোৱাত আমি উভতিবলৈ বাধ্য হৈছিলোঁ। তেখেতলৈ যেতিয়া অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি বিদায় লৈছিলোঁ, তেতিয়া আমাৰ মনত অহৰহ খুন্দিয়াই আছিল তেখেতে তেনেই সহজ-সৰলকৈ কোৱা গুৰুগম্ভীৰ কথাসমূহে।