অনুবাদকবিতা

সাগ্নিক (মূল: বীৰেন্দ্ৰ চট্টোপাধ্যায় :: অনুবাদ:  ৰুমা অধিকাৰী)

অস্থিৰ নহ’বা;
কেৱল প্ৰস্তুত হোৱা!
এতিয়া সময় চকু-কাণ
মুকলি কৰি
সময়ক তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰাৰ।
এই সময়ত
স্থিতধী হ’ব নোৱৰাৰ
অৰ্থই হ’ল, জলন্ত জুইত নিজকে সঁপি দিয়া।
তোমাৰ কাম হ’ব
জুইৰ প্ৰেমত উন্মাদ হৈ  যোৱা নহয়—
জুইক ব্যৱহাৰ কৰিবলৈ শিকা।
অস্থিৰ নহ’বা,
মাথোঁ প্ৰস্তুত হোৱা।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *