পুৰণি অসমৰ আৰ্থ সামজিক ব্যৱস্থা (দ্বিতীয় খণ্ড)- (টুনুজ্যোতি গগৈ)
আহোম প্ৰশাসনৰ আৰ্থ-সামাজিক ব্যৱস্থাটো মূলতঃ অৰ্ধসামন্তীয় আৰু অৰ্ধজনজাতীয় আছিল। আহোম ৰাজতন্ত্ৰ বৰ্তি আছিল শ্ৰম শোষণৰ ওপৰত। উৎপাদন পদ্ধতিবোৰ নিম্নমানৰ হোৱাৰ উপৰি মুদ্ৰা অৰ্থনীতিৰ প্ৰচলনো তেনেকৈ হোৱা নাছিল। প্ৰজাসকলে চাৰিমাহ ৰজাৰ ঘৰত গা খাটি দিয়াৰ বিনিময়ত দুপুৰা মাটিত খেতি কৰিবলৈ সুবিধা পাইছিল। এই প্ৰসংগত লক্ষ্মীনাথ তামুলীয়ে কৈছে — ‘আহোম যুগৰ আৰ্থ-সামাজিক ব্যৱস্থাটোক সামন্তীয় বুলি কোৱা হয় যদিও সামন্তবাদৰ বিকাশো পয়া লগা হৈয়ে ৰৈছিল। মুদ্ৰা-অৰ্থনীতিৰ অনুপস্থিতিয়ে আহোম যুগৰ অসমক জনজাতীয় স্তৰতে স্থবিৰ কৰি ৰাখিছিল। ‘আকালো নাই ভঁৰালো নাই’ প্ৰকৃতিৰ অৰ্থনৈতিক বুনিয়াদটো আৰু তাৰ ওপৰত বৰ্তি থকা সামাজিক ব্যৱস্থাটোক সামন্তবাদী বুলিও নামকৰণ কৰিব নোৱাৰি। … ঊনৈশ শতিকাৰ আৰম্ভণিলৈকে তেনে এটা পৰিস্থিতিৰ বিশেষ গুণগত পৰিৱৰ্তন হোৱা নাছিল। মুদ্ৰা অৰ্থনীতি আহোম যুগৰ অসমত অপ্ৰচলিত, আনকি অপৰিচিত হৈ ৰৈছিল কাৰণে সৰ্বসাধাৰণ ৰাইজ চৌখিন, খৰচী, জাকজমকীয়া জীৱনযাত্ৰাৰ লগত অপৰিচিত হৈয়েই ৰৈছিল৷’ ১০
মীৰজুম্লাৰ সৈন্য বাহিনীৰ সৈতে অসমলৈ অহা চিহাবুদ্দিন তালিচে ফতিয়া-ই-ইব্ৰিয়া গ্ৰন্থত অসম সম্পৰ্কে লিখি থৈ যোৱা বিৱৰণৰপৰা আহোম প্ৰশাসনৰ আৰ্থ-সামাজিক দিশৰ কিছু আভাস পোৱা যায়। তালিচৰ মতে, কলিয়াবৰৰ গাঁওবোৰৰপৰা গড়গাঁও নগৰীলৈকে লানি নিছিগাকৈ মানুহৰ ঘৰ আৰু গুটি লগা গছ-গছনিৰে ভৰা বাৰীবিলাক আছিল। বাটৰ দুয়োকাষে জোপোহা বাঁহবোৰো আকাশলংঘী আছিল। বাৰীত বিভিন্ন প্ৰজাতিৰ সুগন্ধি বনৰীয়া আৰু ঘৰুৱা ফুলবোৰ ফুলিছিল। গড়গাঁৱলৈকে যাতায়তৰ বাবে ওখ বহল এটা বাট বন্ধোৱা আছিল। বংগ আৰু হিন্দুস্থানত থকা বহুবোৰ সুগন্ধি ফল বা শস্য গছ আদি অসমত আছিল। অসমত থকা কিছুমান জাতৰ বনৰীয়া আৰু ঘৰুৱা ফল-ফুল গোটেই পৃথিৱীতে পোৱা নগৈছিল। ভালেমান সঁচৰ আম আছিল। ৰস কম হ’লেও সোৱাদভৰা, আঁহ নাথাকিলেও পুকীয়া। মাটি কঠাঁলবোৰ বৰ ডাঙৰ, খাবলৈ ভাল আৰু ৰসেৰে ভৰা। কুঁহিয়াৰবোৰ ক’লা, ৰঙা আৰু বগাজাতৰ। সোৱাদভৰা হ’লেও দাঁত ভঙা টান। আদাবোৰ ৰসাল। কুকুৰা, ডাউক, হাঁহ, ছাগলী, পঠা আদি ডাঙৰ আৰু খাবলৈ ভাল। ওখ আৰু বিশাল হাতীবোৰ অৰণ্য আৰু পাহাৰত আছিল। অৰণ্যত হৰিণা, শৰ, যুজাঁৰু ছাগলী, হাইঠা আদি ধেৰ পোৱা গৈছিল। তালিচৰ বিৱৰণৰপৰাই বুজা যায় যে টাই-আহোমসকলে ঘৰৰ চাৰিওপিনে ঢাপ মাৰি বাৰী পাতিছিল আৰু বাৰীত বিভিন্ন লাগতিয়াল গছ ৰুইছিল।১১
আহোম ৰাজ্যৰ প্ৰতিজন কৰ্মঠ পুৰুষকে পাইক বোলা হৈছিল। এজন পুৰুষে ১৬ বছৰ বয়সত ভৰি দিয়াৰ পাছতেই ৰাজ্যৰ বাবে বা ৰজাৰ বাবে কাম কৰিব লাগিছিল। অৱশ্যে, পাইকজন বিশ বছৰীয়া হ’লেহে তেওঁক সম্পূৰ্ণ কাৰ্যক্ষম বুলি ধৰা হৈছিল। তেওঁ বছৰত তিনি মাহ ৰজা বা ডা-ডাঙৰীয়াৰ ঘৰত গা-খাটি দিব লাগিছিল। গা-খাটি দিয়া পাইকে বিনা খাজানাই খেতি-বাতি কৰিবলৈ দুপুৰা মাটি পাইছিল। গা-খাটি নিদিলে তেওঁলোকে বছৰি দুটকা খাজানা দিব লাগিছিল। ঘৰ-বাৰী থকা বামমাটিৰ কোনো নিৰ্দিষ্ট পৰিমাণ নাছিল। তেনে মাটিৰ বাবে কোনো নিৰ্ধাৰিত খাজানাও নাছিল। অৱশ্যে, নিৰ্ধাৰিত খেলৰ পাইকে নিৰ্ধাৰিত কৰ্তব্যহে সম্পাদন কৰিছিল। পাইকসকলে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিলে পদোন্নতি লাভ কৰিছিল।
মনোৰঞ্জন দত্তই পাইকভিত্তিক সংস্কাৰক ‘আহোম যুগৰ যুগান্তৰকাৰী অৰ্থনৈতিক পৰিক্ৰমা’ বুলি অভিহিত কৰি কৈছে— ‘পাইক প্ৰথা থাই ‘প্ৰায়’ পৰম্পৰাৰ পৰা উদ্ভৱ। অসমত এই প্ৰথা প্ৰয়োগৰ ফলত বিশেষকৈ উজনি অসমত, কৃষিৰ ব্যাপক বিস্তাৰেই যে হৈছিল, কেৱল সেয়ে নহয়, বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণেৰে ভাৱীকালৰ অসমীয়া জাতি গঠনতো সহায় কৰিছিল। ৰাস্তাঘাট নিৰ্ম্মাণ আৰু যুদ্ধ বিগ্ৰহতো এই পাইকসকলেই আছিল শ্ৰমিক আৰু যোদ্ধা। এই ৰাজহুৱা কামবিলাক আৰু যুদ্ধৰ সময়ত, ৰজাঘৰৰ ফালৰ পৰা পাইকসকলৰ খাদ্য আৰু ৰচদপাতিৰ যোগান ধৰা হৈছিল। … কোচ ৰাজত্বকালতো নামনি অসমত পাইক প্ৰথাৰ প্ৰয়োগ হৈছিল যদিও, আহোম ৰাজত্ব কালৰ দৰে ব্যাপক নাছিল।’ ১২
কৰ্ম অনুসৰি পাইকসকলক বিভিন্ন ভাগত ভাগ কৰা হৈছিল— লোণপুৰীয়া, চৰাইমৰীয়া, পহুমৰীয়া, কুকুৰাপহীয়া, শেনচোৱা, শিলাকুটীয়া, খাৰঘৰীয়া, তাঁতী, কমাৰ, কুমাৰ, সোণাৰী, কঁহাৰ, গুণাকটীয়া, খনিকৰ আদি। নৈৰ বালিৰপৰা সোণ কমোৱাসকলক ‘সোণোৱাল’ আৰু পাহাৰৰপৰা ৰূপ কমোৱাসকলক ‘ৰূপোৱাল’বোলা হৈছিল। লো উৎপাদনৰ কামত জড়িতসকলক ‘তিৰোৱাল’ আৰু ‘লো-শলীয়া’ পাইক বোলা হৈছিল। গন্ধিয়া খেলৰ লোকে ৰজাৰ পৰিয়ালৰ বাবে গন্ধক তৈয়াৰ কৰিছিল। তেওঁলোকৰদ্বাৰা সুগন্ধি তেলো প্ৰস্তুত কৰোৱা হৈছিল। তেওঁলোকক গন্ধিয়া ফুকন আৰু গন্ধিয়া বৰুৱাই তদাৰক কৰিছিল। তেওঁলোকে গন্ধিয়া ভঁৰালত থোৱা সকলো ৰজাঘৰীয়া শাস্ত্ৰ আৰু হিচাপ-পত্ৰৰ কাকতৰো তত্ত্বাৱধান ল’ব লাগিছিল। ৰজা ঘৰৰ কাঠৰ পালেং, সিংহাসন, হাতী দাঁতৰ কাকৈ আদি সজা কামৰ দায়িত্বত আছিল খনিকৰ খেল। ১৩ আহোম ৰজাসকলে মনোৰঞ্জনৰ বাবে ম’হ যুঁজ, হাতী যুঁজ, শেন যুঁজ, কুকুৰা যুঁজ আদি ৰাজহুৱাভাৱে আয়োজন কৰিছিল। জীৱ-জন্তুৰ এনে যুঁজৰ বাবেও এশ্ৰেণী মানুহে অৰণ্যৰপৰা জীৱ-জন্তু ধৰি আনি জীৱিকাৰ বাট মোকলাইছিল।
অসমত সোণৰ খনি নাথাকিলেও ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো নৈৰ বালিত সোণৰ গুৰি পোৱা গৈছিল। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সকলো নৈৰ বালিতে কম-বেছি পৰিমাণে সোণৰ গুৰি আছিল। আহোম যুগত এই নৈবোৰৰ বালিৰ পৰা সোণ কমোৱা হৈছিল। এই কামত ১০-১২ হাজাৰ বনুৱাক লগোৱা হৈছিল আৰু তেওঁলোকে প্ৰত্যেকেই বছৰত এতোলাকৈ সোণ ৰজাঘৰত জমা দিব লাগছিল। এই সোণবোৰ নিম্নমানৰ আছিল। এতোলাত মাথোন ৮-৯ টকা পাইছিল। ১৮০৯ চনত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ পৰা ১,৮০,০০০ তোলা সোণ উৎপাদন হোৱাৰ তথ্যৰ পৰা অনুমান কৰিব পাৰি যে আহোম ৰাজত্বৰ সময়ত অসমত বছৰি প্ৰায় চাৰি লাখ তোলা সোণ উৎপাদন হৈছিল। ৰুদ্ৰ সিংহৰ দিনত ধনশিৰি, দিচৈ, সোৱণশিৰি আদি নৈৰ পৰা সোণ কমাইছিল। আহোম যুগত গাৰো পাহাৰ আৰু খাছি পাহাৰৰপৰা ৰূপ আহৰণ কৰা হৈছিল। চৰাইদেউ পাহাৰৰ আশে-পাশে আৰু নগা পাহাৰৰ দাঁতিত লোৰ খনি আছিল।১৪ নামবৰ, দেওপানী, হাৰিয়াজান আৰু যমুনা নৈত চূণশিলো পোৱা গৈছিল।
আহোম ৰাজত্বৰ সময়ত হস্তশিল্পৰ সৈতে জড়িত বিভিন্ন সম্প্ৰদায়ৰ লোকসকল অৰ্ধকৃষকহে আছিল। স্মৰ্তব্য যে গদাধৰ সিংহৰ ৰাজত্ব কালত ইটাখুলিত আহোম আৰু মোগলৰ মাজত শেষ বাৰৰ বাবে ৰণ হৈছিল। ইটাখুলি ৰণত বন্দী হোৱা প্ৰায় ৫০০ মুছলমান সেনাক গদাধৰ সিংহই ৰাজধানীৰ ওচৰত থাপিছিল। সেই সেনাসকলে পকা আৰু কাঠৰ কাম কৰিব জানিছিল বাবে ৰজাই তেওঁলোকক ৰাজমিস্ত্ৰীৰ খেলত অন্তৰ্ভুক্ত কৰিছিল। ৰজাই তেওঁলোকৰ মুখৰপৰাই গৌড় দেশত ভালদৰে ৰং ব্যৱহাৰ কৰিব জনা মানুহ আছে বুলি জানিব পাৰি গৌড়ৰপৰা ৰং কৰা মানুহ আনি ৰহণ খেলত থাপিছিল।১৫ মোমাই তামুলী বৰবৰুৱাই গাঁওসমূহত কৰ্ম সংস্কৃতি প্ৰতিষ্ঠা কৰি প্ৰতিজন পুৰুষক দৈনিক এটাকৈ পাচি বনাবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰতিগৰাকী মহিলাক একোটাকৈ সুতলাহী কটাৰ নিয়ম বাধ্যতামূলক কৰিছিল।
জ্ঞাতব্য যে পাইকে অতিৰিক্ত মাটিৰ বিনিময়ত দিয়া খাজনা, গা-খাটনিৰ ৰেহাই ধন অৰ্থাৎ কাটল, কৃষকৰ নাঙল কৰ, জল কৰ আদি আহোম প্ৰশাসনৰ আয়ৰ উৎস আছিল। হাটত বেচা বস্তুৰ বিশ ভাগৰ এভাগ কাটল দিব লাগিছিল। হাটবোৰ সাধাৰণতে ৰজাই পাতি দিছিল। ৰজা ঘৰে হাটবোৰত বেচা-কিনা কৰাৰ বাবদ পোনপটীয়াকৈ কৰ লোৱাৰ উপৰি একোখন হাটৰপৰা নিৰ্ধাৰিত পৰিমাণৰ ধন লৈছিল। প্ৰতিখন হাটত একোজন হাটখোৱা আছিল। হাটখোৱাক সহায় কৰিছিল দহগোট পাইকে। বেহা-বেপাৰ কৰা মানুহৰপৰা নিৰ্ধাৰিত নিৰিখত কৰ লোৱা হৈছিল। ৰাজ্যৰ উত্তৰাধিকাৰীহীন সম্পদৰ লগতে ৰণত লাভ কৰা সম্পত্তি ৰাজ ভঁড়াললৈ গৈছিল।১৬ উল্লেখ্য যে ১৬৬২ চনত জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মীৰজুমলাৰ সৈতে শিৱসাগৰৰ ঘিলাধাৰী ঘাটত সম্পন্ন হোৱা এক চুক্তি অনুসৰি জয়ধ্বজ সিংহই মোগল সম্ৰাটৰ পুত্ৰলৈ নিজ কন্যা ৰমণী গাভৰুক বিয়া দিয়াৰ লগতে তিনি লাখ টকা, ৯০ টা হাতী, অলেখ সোণ-ৰূপ আৰু ওল হিচাবে বহু অসমীয়া প্ৰজা মোগলক দিব লগা হৈছিল।১৭ এই চুক্তিখনেই আহোম প্ৰশাসনৰ অৰ্থনৈতিক অৱস্থাৰ উমান দিয়ে।
আহোম ৰাজত্বৰ সময়ত অসমত পৰিলক্ষিত হোৱা শিল্প বা উদ্যোগবোৰক সাধাৰণভাবে ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডত ভাগ কৰিব পাৰি। ৰাজহুৱা খণ্ডৰ শিল্পবোৰ আছিল — ১. বৰটোপ, হিলৈ, গুলী, যখাৰ, হেং-দান্, বাৰুদ আদি প্ৰস্তুত কৰা; ২. এইবোৰৰ বাবে লো-পুংসমূহৰ পৰা লো সংগ্ৰহ কৰি পগোৱা; ৩. নদীৰ বালিৰপৰা সোণ-ৰূপ কমোৱা; ৪. ইটা প্ৰস্তুত কৰা আৰু শিলাকুটি; ৫. ৰহ প্ৰস্তুত কৰা; ৬. শিল-চূণ, শামুক-চূণ সংগ্ৰহ কৰা; ৭. লা প্ৰস্তুত কৰা; ৮. ৰাজ মোহৰ প্ৰস্তুত কৰা আদি। ৰাজ্যৰ প্ৰতিৰক্ষা, অৰ্থনীতি আৰু ৰাজকীয়তা সংৰক্ষণৰ খাতিৰত উল্লিখিত উদ্যোগসমূহ ৰজাই নিজৰ হাতত ৰাখিছিল আৰু বাকীবোৰক ব্যক্তিগত খণ্ডলৈ এৰি দিছিল। কহাঁৰ, কমাৰ, কুমাৰ, সাঁচি পাত প্ৰস্তুতকাৰী, তুলাপাত প্ৰস্তুতকাৰী, বাঁহ-বেতৰ শিল্পী আদি ব্যক্তিগত খণ্ডৰ শিল্পী আছিল।১৮ উল্লেখ্য যে মোমাই তামুলী বৰবৰুৱাই গাঁওসমূহত কৰ্ম সংস্কৃতি প্ৰতিষ্ঠা কৰি প্ৰতিজন পুৰুষক দৈনিক এটাকৈ পাচি বনাবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰতিগৰাকী মহিলাক একোটাকৈ সুতলাহী কটাৰ নিয়ম বাধ্যতামূলক কৰিছিল।
বস্ত্ৰশিল্পই আহোম ৰাজ্যৰ অৰ্থনীতি টনকীয়াল কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল। আহোম ৰজাসকলে বস্ত্ৰ শিল্প উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছিল। আহোম ৰাজ পৰিয়ালৰ লোকসকলে আদিৰে পৰা পাট কাপোৰ ব্যৱহাৰ কৰিছিল। ৰজাসকলে পাটৰ চোলা, পটলুং, টãালি আদি পিন্ধিছিল। ৰাজ পৰিয়ালৰ মহিলাসকলে সোণালী গুণাৰে বন কৰা পাটৰ মেখেলা, ৰিহা, চেলেং খনিয়া আদি কাপোৰ পৰিধান কৰিছিল। তেওঁলোকে কঁকালৰপৰা ওপৰ অংশত পাটৰ হাতদীঘল চোলা পিন্ধিছিল আৰু মূৰত এখন পাটৰ কাপোৰ মেৰাই ৰাখিছিল। অন্যান্য ৰাজ বিষয়াসকলে পদ মৰ্যাদা অনুসৰি ক্ৰমাৎ চুটি পটলুং পিন্ধিছিল। ৰাজ বিষয়াসকলে পাটৰ চোলা পিন্ধাৰ লগতে মূৰত পাটৰ পাগুৰি মাৰিছিল। অৱশ্যে, সাধাৰণ প্ৰজাই পাট কাপোৰ ব্যৱহাৰ কৰিব নোৱাৰিছিল। সাধাৰণ পুৰুষসকলে ক’লা ৰঙৰ চোলা আৰু ক’লা চুটি পটলুং পিন্ধিছিল। কপাহী আৰু এৰী কাপোৰো ব্যৱহাৰ কৰিছিল। বেছিভাগ পুৰুষেই ডিঙিত ফাচিত অৰ্থাৎ গামোচা ওলোমাই লৈছিল। গামোচাখন বগা আৰু আঁচুবোৰ ৰঙা আছিল। গামোচাৰ এটা মূৰত ধুনীয়া ফুল দিয়া হৈছিল। সেইদৰে, সাধাৰণ মহিলাই ক’লা ৰঙৰ কপাহী কাপোৰৰ হাত দীঘল চোলা আৰু ক’লা ৰঙৰ মেখেলা পিন্ধিছিল। তেওঁলোকে মূৰত এখন ৰঙা আঁচু থকা গামোচা মেৰাই বান্ধিছিল। জাৰকালি গাত ল’বৰ বাবে এৰী কাপোৰ আৰু খনীয়া কাপোৰ বৈ লৈছিল।১৯
ছ্যু-কা-ফাই চৰাইদেউত ৰাজধানী পাতি থাকিবলৈ লোৱাৰ পাছত তেওঁৰ প্ৰজা আৰু বিষয়াসকলক কৈছিল— ‘বৰাহী চুৰিয়াৰ পোন্ধ ৰঙা, ক’লা, ধৱলা। এনেধৰণৰ নেজ লুটি খায়। পাছে আমাৰ মানুহে তেনেকৈ চুৰিয়া নিপিন্ধিবি।’ এই উক্তিৰপৰাই অনুমান কৰিব পাৰি যে সৌমাৰ পীঠৰ পুৰণি অধিবাসী বৰাহী আৰু মৰাণ জনগোষ্ঠীৰ পুৰুষসকলে ক’লা আৰু ৰঙা ৰঙৰ আঁচু থকা চুৰিয়া পিন্ধিছিল। তেওঁলোকক অনুসৰণ কৰিয়েই পৰৱৰ্তী সময়ত টাই-আহোম পুৰুষসকলে চুৰিয়া পিন্ধিছিল। থলুৱা ভাষা-সংস্কৃতিক আদৰি ল’বলৈ কৃপণালি নকৰা ছ্যু-কা-ফাই কোনে, কেনেকৈ চুৰিয়া পিন্ধিব, তাৰো নিয়ম বান্ধি দিছিল। সেই মৰ্মে কেৱল ৰজাইহে গোৰোহা লেটিয়াই চুৰিয়া পিন্ধিব পাৰিছিল। ডা-ডাঙৰীয়াসকলে পানী গাঁঠিলৈ চুৰিয়া পিন্ধিছিল। সাধাৰণ লোকে আঁঠু ঢাকি আৰু কলাফুল উলিয়াই চুৰিয়া পিন্ধিছিল। উল্লেখ্য যে টাই-আহোমসকল অহাৰ আগলৈকে অসমৰ মানুহে চিলাই কৰা কাপোৰ পিন্ধা নাছিল। তেওঁলোকে দীঘল কাপোৰ এখনহে পিন্ধিছিল — যিখন পুৰুষে পিন্ধিলে ধূতি আৰু মহিলাই পিন্ধিলে শাৰী হৈ পৰিছিল। পৰৱৰ্তী সময়ত সেই কাপোৰখনৰ পাৰিটো বহল বা ঠেক কৰি শাৰী বা ধূতিৰ মাজত এটা পাৰ্থক্য অনা হৈছিল।২০ ৰুদ্ৰ সিংহই অসমীয়া মানুহৰ সাজ-পাৰক নতুনকৈ গঢ় দিবলৈ যত্ন কৰিছিল। তেওঁ প্ৰতিষ্ঠা কৰা বৈৰাগী খেলৰ লোকসকল বিভিন্ন ৰাজ্যলৈ গৈ সেই ৰাজ্যবোৰৰ সাজ-পোছাকৰ নমুনাৰ বিষয়ে তেওঁক জনাব লাগিছিল। তেওঁ দৰ্জীসকলৰদ্বাৰা তেনেধৰণৰ পোছাক চিলোৱাই পিন্ধিছিল।২১ ৰুদ্ৰ সিংহই মুগা শিল্পৰ উৎকৰ্ষ সাধন কৰিবলৈ জনসাধাৰণক যথেষ্ট উৎসাহ যোগাইছিল। তেওঁ মুগা পুহিবলৈ ৰাজ সাহায্য দি মুগাচুঙীয়া নামৰ এটা খেলৰো সৃষ্টি কৰিছিল।
অসমত খুঁটি পুতি তাঁত বোৱাৰ পদ্ধতি টাই-আহোমসকলে প্ৰচলন কৰে বুলি বুৰঞ্জীত উল্লেখ আছে। টাই-আহোমসকলে প্ৰচলন কৰা ‘তাঁতশালখন স্থানীয়ভাৱে উৎপাদিত বাঁহ-কাঠেৰে সজাই লোৱা হৈছিল। এনেধৰণৰ বাঁহ-কাঠেৰে সজা তাঁতশাল অসমৰ বাহিৰেও দক্ষিণ-পূব এছিয়াৰ টাই বসতি প্ৰধান অঞ্চলৰ গাঁওসমূহতো দেখা পোৱা যায়। অসমৰ টাই-আহোমৰ তাঁতশালখনৰ সৈতে চীন দেশৰ ছিয়েংছংবান্না আৰু থাইলেণ্ডৰ ছিয়েংমাই অঞ্চলৰ তাঁতশালৰ সাদৃশ্য পৰিলক্ষিত হয়। তাঁতশিল্পৰ লগত জড়িত বিভিন্ন সঁজুলি; যেনে—উঘা, চেৰেকী, ফুল, কাঠী, বৰচুঙা, মাকো, মহুৰা, যঁতৰ আদিও টাই-আহোমসকলে সৌমাৰলৈ লৈ আহিছিল।২২
আহোম ৰাজত্ব কালত অসমত বহু আলি বা বাট-পথ নিৰ্মাণ কৰা হৈছিল। প্ৰতাপ সিংহৰ দিনত জবকাৰ আলি, বকতাৰ আলি, বৰ আলি, চটাই আলি, হাৰিপাৰা আলি, পৰ্বতৰ আলি, মেকুৰীখোৱা আলি, শুকতি আলি; জয়ধবজ সিংহৰ দিনত চেউনী আলি, ভোমোৰাগুৰি আলি; উদয়াদিত্য সিংহৰ দিনত বৈৰাগী আলি; গদাধৰ সিংহৰ দিনত ধোদৰ আলি, বৰবৰুৱা আলি, ৰহদৈ আলি; ৰুদ্ৰসিংহৰ দিনত দুবৰণি আলি, মেটেকাৰ আলি, খৰিকটীয়া আলি, দৰিকী আলি, বৰপাত্ৰ গোহাঁই আলি; শিৱসিংহৰ দিনত ধাই আলি; ৰাজেশ্বৰ সিংহৰ দিনত বহিখোৱা বৰফুকন আলি, লুঠুৰী কাঠকটীয়া বৰুৱা আলি, ডেকাবৰুৱা আলি; গৌৰীনাথ সিংহৰ দিনত আইদেউ আলি; কমলেশ্বৰ সিংহৰ দিনত ম’হেবন্ধা আলি, কমাৰ বন্ধা আলি আদি বন্ধোৱা হৈছিল। এই আলিবোৰে মধ্যযুগত অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থাক সুগম কৰি তুলিছিল।
আহোম ৰাজত্বৰ সময়ত ডাঙৰ ডাঙৰ শিল কাটি দৌল-সাঁকো আদি নিৰ্মাণ কৰা হৈছিল। আহোম ৰাজত্ব কালত নিৰ্মাণ কৰা সাঁকোবোৰ যথেষ্ট শক্তিশালী আছিল। সৰু নৈ, খাল, জান, জুৰি আদিত প্ৰজাৰ যাতায়তৰ সুবিধাৰ কাৰণে গোটা কাঠৰ খুঁটা পুতি সাঁকো নিৰ্মাণ কৰিছিল। দিচাং নদীৰ ওপৰত থকা এখন ডাঙৰ সাঁকোৱে বকতা মৌজাক সংযোগ কৰিছিল। বৰ্তমান সেই সাঁকোখনৰ নাম পাটসাঁকো। নামদাং নৈৰ ওপৰত ওপৰত অৱস্থিত শিলৰ সাঁকোখন এতিয়াও ব্যৱহাৰ উপযোগী হৈ আছে। এই সাঁকোখনৰ তলত পাঁচটা পানী যোৱা সুৰংগ আছে। ইয়াৰ প্ৰতিটো খুঁটাত প্ৰতিমূৰ্তি খোদিত আছে। আহোম ৰজাসকলে ধোদৰ আলি, ধাই আলি, দিখৌ কাষৰ বৰআলি, নিতাই ফুকন আলি আদিত সাঁকো সাজিছিল।
ৰুদ্ৰ সিংহৰ ৰাজত্বকালত অসমৰ স্থাপত্য আৰু ভাস্কৰ্যই উন্নত শিখৰলৈ গতি কৰিছিল। তেওঁৰ দিনতে পকীঘৰ নিৰ্মাণৰ বাবে চূণশিল ব্যৱহাৰ কৰা হৈছিল। কাঠৰ ছটি-খুঁটাবোৰত লতা-ফুল, জীৱ-জন্তু আদিৰ মূৰ্তি কাটি হেঙুল-হাইতালৰ ৰহণ সানি জেউতি চৰোৱা হৈছিল। ৰুদ্ৰ সিংহৰ ৰাজত্ব কালত বছৰত দুবাৰ অৰ্থাৎ ব’হাগ-জেঠ আৰু আহিন-কাতি মাহত প্ৰচুৰ পৰিমাণে লা উৎপাদন কৰা হৈছিল। এই ছেগতে ক’ব পাৰি যে অসমৰ বহু সম্পদ সেমেকা জলবায়ু, ভূমিকম্প আৰু বানপানীৰ গৰাহত পৰি কালৰ বুকুত হেৰাই গ’লেও ৰংঘৰ, তলাতল ঘৰ, শিলৰ সাঁকো আদি স্থপতি আজিও জিলিকি আছে। এইবোৰ স্থপতি ৰীতি আহোমসকলৰ নিজা আছিল। আহোম ৰাজত্বকালত কৰাল তৈয়াৰ কৰিবলৈ গুৰ, চূণ, শন, ধূনা, গাখীৰ, বৰালি মাছ, মিঠাতেল, মাটিমাহ, হাঁহ কণীৰ কুহুম আদি ব্যৱহাৰ কৰিছিল। অৰণ্যৰপৰা কাঠ সংগ্ৰহ, কাঠৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ আদি কামত বহু মানুহৰ প্ৰয়োজন হৈছিল। এই মানুহসকলক চোৱা-চিতা কৰিবৰ বাবে আহোম ৰজাসকলে চাংৰুং ফুকন, কাঠকটীয়া বৰুৱা, কাঠবৰুৱা, কাঠভঁৰালী বৰুৱা আদি নানা বিষয়া নিয়োগ কৰিছিল। অসমৰ হাবিত উৎপন্ন হোৱা বিভিন্ন গছৰ কাঠৰ দ্বাৰা নাও, বঠা, দলং, মৈদাম, চালপীৰা, বৰপীৰা, তামুলী পীৰা, দোলা, শৰাই, পেৰা, কুঁহিয়াৰ-শাল, তাঁতৰ শাল, গৰু গাড়ীৰ সঁজুলি, নাঙল-যুঁৱলি আদি তৈয়াৰ কৰিছিল।
ৰুদ্ৰ সিংহই বংগ, পঞ্জাব, তিববত আদি ৰাজ্যৰ শাসকসকলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ লগতে সেই ৰাজ্যবোৰৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিছিল। তেওঁ নিজৰ ৰাজ্যত উৎপন্ন হোৱা হাতী দাঁত, মুগা সূতা, পাটৰ সূতা, মুগা কাপোৰ, পাট কাপোৰ, এৰী কাপোৰ আদি অন্য ৰাজ্যবোৰলৈ ৰপ্তানি কৰাৰ পৰিৱৰ্তে অন্য ৰাজ্যৰপৰা হীৰা, মাণিক, বাখৰ আদি নিজ ৰাজ্যলৈ আমদানি কৰিছিল।২৩ তেওঁৰ ৰাজত্ব কালতে মিচিমিসকলে হুকং আৰু লামা উপত্যকাত বেহা-বেপাৰ চলাইছিল। চিংফৌসকলেও য়ুন আৰু হুকং উপত্যকাৰপৰা তাম আনি অসমত বিক্ৰী কৰিছিল। ৰুদ্ৰ সিংহই ‘চিমলীয়া বাৰীত অসম আৰু ভোটানৰ মাজত বেপাৰ চলাইছিল আৰু তাতে আহোম বিষয়াই বছৰি ১,০০,০০০ (এক লাখ) টকা মাচুল তুলি অসম দেশৰ আৰ্থিক উন্নয়ন ঘটাইছিল। দলিছা, মুগা সূতা, মুগা কাপোৰ, এড়ী কাপোৰ, শুকান মাছ, ঊল, সোণ, কস্তুৰি, লোণ, ঘোঁৰা, হাতী, লা, মাজঠি আৰু চীন দেশৰ পছম আদি ভোটানসকলৰ লগত আৰু অসমীয়াসকলৰ মাজত বাণিজ্য ঘটিছিল।’২৪
সি যি হওক, আহোম ৰাজত্বৰ শেষৰ ফালে চাৰিজনীয়া পাইক গোট তিনিজনীয়া কৰাৰ পাছৰপৰা প্ৰজাৰ ওপৰত সামন্তীয় শ্ৰম শোষণে চূড়ান্ত ৰূপ ধাৰণ কৰে। আগতে এজন পাইকে ৰজাঘৰত তিনিমাহ গা-খাটি দিয়াৰ পৰিৱৰ্তে এই নতুন ব্যৱস্থাত চাৰিমাহৰ বাবে গা-খাটিব লগীয়া হৈছিল। প্ৰতিজন সাধাৰণ প্ৰজাই খেতি কৰাৰপৰা যুদ্ধ কৰালৈকে সকলো কামেই কৰিবলগীয়া হৈছিল। পাইক প্ৰথাত পাইকৰ পলায়নক গুৰুতৰ অপৰাধ হিচাবে গণ্য কৰা হৈছিল আৰু তেনে অপৰাধীক কঠোৰ শাস্তি বিহা হৈছিল। এনেবোৰ কথাত পাইকসকল ৰজাঘৰৰ প্ৰতি ভিতৰি ভিতৰি ক্ষুদ্ধ হৈ পৰিছিল।২৫
ডা-ডাঙৰীয়াসকলৰ ক্ষমতাকেন্দ্ৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ লগে লগে প্ৰজাৰ ওপৰত অন্যান্য নিৰ্যাতনো বৃদ্ধি পাইছিল। প্ৰজাৰ ওপৰত চলোৱা নিৰ্যাতনে প্ৰজাসকলক ক্ষোভিত আৰু একত্ৰিত কৰি তুলিব পাৰে বুলি তৎকালীন ৰজা ৰাজেশ্বৰ সিংহই আশংকা প্ৰকাশ কৰিছিল। তেওঁ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক কৈছিল—‘প্ৰজাবোৰ একগোট হ’লেই আমাৰ ফালে উদি।’ তেওঁ আশংকা কৰাৰ দৰেই প্ৰজাসকল সময়ত একত্ৰিত হ’বলৈ বাধ্য হৈছিল। আহোম ৰাজতন্ত্ৰৰ শোষণ-নিৰ্যাতনৰ বিৰুদ্ধে জাত-পাত নিৰ্বিশেষে একত্ৰিত হোৱা প্ৰজাই উপৰ্যুপৰি তিনিটা গণ অভ্যুত্থান অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহৰ জৰিয়তে আহোম প্ৰশাসনিক ব্যৱস্থাক থৰক-বৰক কৰি তুলিছিল। উল্লেখ্য যে প্ৰথমটো মোৱামৰীয়া বিদ্ৰোহ ১৭৬৯ চনত সূত্ৰপাত হৈছিল। দ্বিতীয় আৰু তৃতীয় বিদ্ৰোহ ক্ৰমে ১৭৮২ চন আৰু ১৭৮৬ চনত সংঘটিত
মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বেছি সংখ্যক প্ৰজাই সুকলমে খেতি-বাতি কৰিব নোৱাৰিছিল বাবে অসমত ভীষণ আকালে দেখা দিছিল। ৰজাঘৰৰ অধীনত থকা প্ৰজাবোৰতকৈ বিদ্ৰোহীৰ অধীনত থকা প্ৰজাবোৰৰ আলৈ-আথানি বেছি হৈছিল। জীৱন নিৰ্বাহৰ বাবে বহুতেই গৰু-ম’হৰ মাংস ভক্ষণ কৰিছিল আৰু ফলমূল বিচাৰি অৰণ্যত থাকিবলৈ লৈছিল। ইপিনে, বিদ্ৰোহৰ ফলত বিতত হৈ পৰা আহোম প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত একোজন মুখিয়াল তাৰে ৰজা হৈ পৰিছিল আৰু সমান্তৰাল শাসন চলাইছিল। তেনে এক বিষম পৰিস্থিতিত তৎকালীন আহোম ৰজা গৌৰীনাথ সিংহই তেতিয়ালৈ সমগ্ৰ ভাৰতত শাসন আৰম্ভ কৰা ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শৰণাপন্ন হৈছিল আৰু ১৭৯২ চনত কোম্পানীৰ আধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত সেনাৰ সহায়ত মোৱামৰীয়া বিদ্ৰোহৰ লগতে অন্যান্য সৰু-সুৰা বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল।
মোৱামৰীয়া বিদ্ৰোহৰ পৰৱৰ্তী সময়ছোৱাত পুনৰ আহোম ৰাজতন্ত্ৰৰ ডা-ডাঙৰীয়াসকলৰ ক্ষমতাকেন্দ্ৰিক সংঘাতৰ বাবেই মানে অসম অধিকাৰ কৰাৰ সুবিধা লাভ কৰে। ১৮১৭ চনত বদন বৰফুকনৰ অনুৰোধ মতে মানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। ১৮১৯ আৰু ১৮২১ চনত মানে ক্ৰমে দ্বিতীয় আৰু তৃতীয় বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। মানৰ আক্ৰমণৰ ফলত অসমৰ সমাজ জীৱন একেবাৰেই ঠান-বান হৈ পৰিছিল। মানে অসমৰ জনসাধাৰণৰ ওপৰত চলোৱা অবৰ্ণনীয় অত্যাচাৰ আৰু লুণ্ঠনৰ বিষয়ে হৰকান্ত বৰুৱা সদৰামিনে এনেদৰে লিখি থৈ গৈছে — ‘… অনেক লোক সৰ্ব্বস্ব পৰিত্যাগ কৰি দক্ষিণ পৰ্ব্বত হাবি ও কছাৰী দেশত সপৰিবাৰে পলাই গল। ইদানীকো সেই স্থানে কতো কতো বসতবাস হৈ থাকিল। ও দেৱালয়সকলৰ দলৈ বা অথবা বিষয়াক ধৰি কতো কতো ধন আগ্ৰহি নিলে। যিসকল পলাল সেইসকল দেৱালয়ত নিজে মান যাই ধন-দ্ৰব্য আগ্ৰহি নিলে, আৰু কোনো দেৱালয়ও সত্ৰৰ দ্ৰব্যবস্ত স্থানান্তৰ কৰি ৰাখিছিল, মানে বিষয়াসকলক ধৰি অনেক শাস্তি-বন্দী কৰি ধন-দ্ৰব্য ললে ও কোনো কোনো সকল শাস্তি-বন্দীতে মৰিল।’২৬
মান সেনাই কেৱল আহোম ৰাজ্যৰ পাইকসকলৰ পৰাই নহয়; ৰাজ পৰিয়াল আৰু পুৰোহিতসকলৰপৰাও নীতি বৰ্হিভূতভাবে বহু টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল। ব্ৰিটিছ প্ৰশাসনে প্ৰকাশ কৰা এক তথ্য অনুসৰি ১৮২২ চনত মান সেনাই অসমত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল —
১. গা খাটি দিয়া পাইকৰ পৰা : ৪০৫, ৯৩০.০০ টকা
২. মন্দিৰৰ মাটিত নতুন ৰাজহ লগাই : ১৮,৬৬৬.০০ টকা
৩. ডাঙৰীয়া, পণ্ডিত, মৌলবীৰ পৰা : ১,২৭২.০০ টকা
৪. গোহাঁইৰ শিষ্যৰ পৰা: ১১,৪৪৭.০০ টকা
৫. ভিত্তিহীন দাবী কৰি : ১০,৬২৫.০০ টকা২৭
পাদ টীকা :
১০. মোৱামৰীয়া বিদ্ৰোহ : সহিষ্ণুতাৰ বিস্ফোৰণ, জনমভূমি, (সম্পা. : দুলাল শৰ্মা), ৰঙালী বিহু সংখ্যা, ২০১৫, পৃ.- ১১
১১. https://shodhganga.inflibnet.ac.in!bitstream/10603/151982!18
১২. দত্ত, মনোৰঞ্জন : অসমৰ উত্তৰ-মধ্যযুগত অৰ্থনৈতিক উত্তৰণ আৰু সামন্ততান্ত্ৰিক স্খলন, আগকথা, স্বপ্না পাব্লিচাৰ্চ; প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০০২
১৩. গগৈ, অণিমা : স্বৰ্গদেৱ ছ্যু-হুম-মং ওৰফে স্বৰ্গনাৰায়ণ, পৃথিৱী প্ৰকাশন; প্ৰথম প্ৰকাশ, ২০১৭, পৃ.-৮৭
১৪. গগৈ, অণিমা : ৰুদ্ৰসিংহ, অসম লেখিকা সংস্থা; প্ৰথম প্ৰকাশ, ২০০৯, পৃ.-৫৭
১৫. ভূঞা, সূৰ্য কুমাৰ (সম্পা.) : তুংখুঙ্গীয়া বুৰঞ্জী, পৃ.-২৩
১৬. ভূঞা, সূৰ্য কুমাৰ (সম্পা.) : অসম বুৰঞ্জী; বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, চতুৰ্থ সংস্কৰণ, ২০১০ চন, পৃ.-৯২
১৭. গগৈ, অণিমা : ৰুদ্ৰসিংহ, পৃ.-১৮
১৮. হাজৰিকা, চাও নগেন : উদ্যোগ : তেতিয়াৰ আৰু এতিয়াৰ, অবৌৰঞ্জিক; পৃথিৱী প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০১৩, পৃ.-৯৫৬
১৯. গগৈ, অণিমা : বৰ অসম গঢ়োতা চাওলুং ছ্যু-কা-ফা; পৃ.-৬৭
২০. গগৈ, অণিমা : বৰ অসম গঢ়োতা চাওলুং ছ্যু-কা-ফা; পৃ.-৭০
২১. গগৈ, অণিমা : ৰুদ্ৰসিংহ, অসম লেখিকা সংস্থা; প্ৰথম প্ৰকাশ, ২০০৯, পৃ.-৫৩
২২. গগৈ, অণিমা : বৰ অসম গঢ়োতা চাওলুং ছ্যু-কা-ফা; পৃথিৱী প্ৰকাশন, গুৱাহাটী, দ্বিতীয় প্ৰকাশ, ২০১৭, পৃ.-৬৭
২৩. গগৈ, অণিমা : ৰুদ্ৰসিংহ, অসম লেখিকা সংস্থা; প্ৰথম প্ৰকাশ, ২০০৯, পৃ.-৫৫
২৪. গোহাঁই বৰুৱা, পদ্মনাথ : অসম বুৰঞ্জী, পৃ.-৭১ (গৌ. উ.)
২৫. গগৈ, টুনুজ্যোতি : ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী অসমৰ অৰ্থনৈতিক অৱস্থা, ১৮২৬ : ইয়াণ্ডাবু সন্ধিৰপৰা ‘কা’ বিৰোধী আন্দোলনলৈ; জে এছ পাব্লিকেশ্বন্ছ, দ্বিতীয় প্ৰকাশ, ২০২১, পৃ.-২৫৯
২৬. ভূঞা, সূৰ্য কুমাৰ (সম্পা.) : আসাম বুৰঞ্জী; বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, চতুৰ্থ সংস্কৰণ, ২০১০ চন, পৃঃ ৯৩
২৭. হাজৰিকা, চাও নগেন : অসমৰ বেলি পশ্চিমত মাৰ যায়, অবৌৰঞ্জিক; পৃ.-৬৬৭