নিবন্ধবিজ্ঞান-প্ৰযুক্তি

বেঙুনীয়া চাউল বা পাৰ্পল ৰাইচৰ বিষয়ে চমুকৈ কিছু কথা ।। মানসী বৰুৱা

বেঙুনীয়া চাউল (Purple Rice) কি?
বেঙুনীয়া চাউল (Purple Rice) হৈছে এছিয়া মহাদেশত উৎপত্তি হোৱা এক প্ৰকাৰৰ শস্য/ধান। এই চাউলবোৰ চিয়াঁহীৰ দৰে ক’লা আৰু সিজালে চাউলবিধৰ ৰং গাঢ় বেঙুনীয়া হয়। বেঙুনীয়া চাউলবিধক ইম্পেৰিয়েল চাউল বুলিও কোৱা হয়। কিংবদন্তি অনুসৰি অতীজৰে পৰা বেঙুনীয়া ৰঙৰ চাউল চীনৰ প্ৰাচীন সম্ৰাটসকলকহে আগ বঢ়োৱা হৈছিল। ইয়াৰ কাৰণটো হ’ল বেঙুনীয়া ৰঙৰ ধানৰ খেতি বিৰল আৰু যত্ন লোৱাটো কঠিন আছিল। অনুমান কৰা হয় যে খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰ পৰা বেঙুনীয়া ধানৰ খেতি কৰা হৈছিল।
বেঙুনীয়া চাউল সাধাৰণতে দুইধৰণৰ থাকে: আঠাযুক্ত চাউল আৰু সাধাৰণচাউল। এই দুয়ো প্ৰকাৰৰ চাউলেই গ্লুটেনমুক্ত।

বেঙুনীয়া চাউলৰ স্বাস্থ্যজনিত উপকাৰিতা
সাম্প্ৰতিক সময়ত বজাৰত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা বেঙুনীয়া ৰঙৰ চাউলত বিভিন্ন পুষ্টিকৰ উপাদান তথা স্বাস্থ্যজনিত উপকাৰিতা আছে:
১) এণ্টিঅক্সিডেণ্টসম্পন্ন : বেঙুনীয়া চাউলবোৰত এন্থ’চাইনিন নামৰ কণিকা (পিগমেণ্ট) বহু পৰিমাণে থাকে। এই ৰঞ্জক পদাৰ্থটো ব্লুবেৰী, বেঙেনা আৰু আন বহুতো ফল-মূল, শাক-পাচলিতো থাকে। এন্থ’চাইনিন হৈছে উদ্ভিদত পোৱা ফাইট’কেমিকেল। ইহঁতৰ প্ৰদাহ প্ৰতিৰোধী আৰু কেন্সাৰ প্ৰতিৰোধী গুণ আছে। এন্থ’চাইনিনৰ দৰে শক্তিশালী এণ্টিঅক্সিডেণ্টে ডায়েবেটিছ, হৃদৰোগ, মেদবহুলতাৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।
২) আঁহযুক্ত : বেঙুনীয়া চাউলত আঁহৰ পৰিমাণ বেছি আৰু বাদামৰ দৰে সোৱাদ থাকে। ই ওজন হ্ৰাস, কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
৩) প্ৰ’টিনৰ উৎস : বেঙুনীয়া চাউল প্ৰ’টিনৰ এক উত্তম উৎস। ই নিৰামিষ খাদ্যত এক উত্তম সংযোজন। বেঙুনীয়া চাউলত থকা প্ৰ’টিনে শৰীৰৰ পেশীৰ গঠন আৰু পুন:উৎপাদনত সহায় কৰি পেশীৰ ক্ষতি হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই কোষৰ বৃদ্ধিৰ সহায়ক আৰু হাড়বোৰক মজবুত কৰি ৰাখে।
৪) আইৰণৰ উৎস: বেঙুনীয়া চাউল হৈছে এটি উত্তম আইৰণৰ উৎস। আইৰণ হৈছে দেহত ৰক্তকণিকা উৎপাদনৰ বাবে আৰু অক্সিজেন পৰিবহণৰ বাবে প্ৰয়োজনীয় খনিজপদাৰ্থ। গতিকে ই আইৰণৰ অভাৱত হ’ব পৰা ৰক্তহীনতা প্রতিৰোধ কৰে। সাধাৰণতে বেঙুনীয়া ৰঙৰ চাউলত মুগাবৰণৰ চাউলতকৈও আইৰণৰ পৰিমাণ বেছি থাকে।
৫) বেঙুনীয়া ৰঙৰ চাউলবোৰ গ্লুটেনমুক্ত।



বেঙুনীয়া ৰঙৰ চাউল অন্য ব’গা চাউলতকৈ কিয় বেলেগ?
মুগা বৰণৰ চাউলৰ (ব্ৰাউন ৰাইচ) দৰে বেঙুনীয়া চাউলো এবিধ গোটা শস্য। ব’গা চাউলবোৰ হ’ল মিলত পৰিষ্কাৰ কৰি লোৱা চাউল, অৰ্থাৎ ইয়াৰ ব্ৰণবোৰ আঁতৰাই পেলোৱা হয়, যাৰ ফলত ইয়াৰপুষ্টি কম হয়। গতিকে, পুষ্টিৰ দৃষ্টিকোণৰ পৰা ব’গা চাউলতকৈ মুগাবৰণৰ চাউল আৰু বেঙুনীয়া চাউল ভাল।
বগা চাউলত এন্থ’চাইনিন পিগমেণ্ট নাথাকে, কিন্তু বেঙুনীয়া চাউলত এইবিধ এণ্টিঅক্সিডেণ্টি পোৱা যায়। মুগা বৰণৰ চাউলত এণ্টিঅক্সিডেণ্ট থাকে যদিও বেঙুনীয়া চাউলৰ দৰে উচ্চ মাত্ৰাত নাথাকে।

বেঙুনীয়া চাউলৰ কিছু গুৰুত্বপূৰ্ণ দিশ
সকলোধৰণৰ চাউলত প্ৰচুৰ পৰিমাণে কাৰ্ব’হাইড্ৰেট থাকে। ডায়েবেটিছ ৰোগীয়ে তেজত গ্লুক’জৰ মাত্রা নিয়ন্ত্রিত কৰি ৰাখিবলৈ অধিক আঁহযুক্ত খাদ্য বাছি ল’ব লাগে। মুগা বৰণৰ চাউল আৰু বেঙুনীয়া চাউলত প্ৰায় একে পৰিমাণৰ আঁহ থাকে, কিন্তু ই দৈনিক প্ৰয়োজন হোৱা আঁহৰ এটা অংশহে যোগান ধৰিব পাৰে। কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ (ICMR) পৰামৰ্শ অনুসৰি খাদ্যত মহিলাৰ বাবে দৈনিক ২০–২৫ গ্ৰাম আৰু  পুৰুষৰ বাবে দৈনিক ৩০-৪০ গ্ৰাম আঁহৰ প্ৰয়োজন। গতিকে ভাতৰ উপৰিও খাদ্যত আঁহজাতীয় অন্য খাদ্যৰ উৎস যোগ কৰাটো অতি প্ৰয়োজন।
বেঙুনীয়া চাউল কেতিয়াবা সামান্য পৰিমাণত আৰ্ছেনিকযুক্ত হ’ব পাৰে। এই বিষাক্ত পদাৰ্থবিধ ধানখেতি কৰা মাটিৰ পৰা শোষিত হ’ব পাৰে। ব’গা চাউল এই ক্ষেত্রত কম ক্ষতিকাৰক হয় কাৰণ মিলিং প্ৰক্ৰিয়াৰ সময়ত ইয়াৰ বাহিৰৰ তৰপটো আঁতৰাই পেলোৱা হয়। কিন্তু বেঙুনীয়া চাউলত আৰ্ছেনিক থকাকলৈ চিন্তিত হোৱা কোনো প্ৰয়োজন নাই। তাৰবাবে ভাত ৰন্ধাৰ আগতে চাউলখিনি কেইবাবাৰো ভালদৰে ধুই এই উপাদানটো আঁতৰাই পেলাব পৰা যায়।

বেঙুনীয়া ৰঙৰ চাউল কেনেকৈ ব্যৱহাৰ কৰিব‌?
চাউলখিনি ৰন্ধাৰ আগতে পৰিষ্কাৰ ঠাণ্ডা পানীৰে ৩-৪-বাৰ ভালদৰে ধুব লাগে। ১ কাপ চাউল ২.৫ কাপ পানীৰ লগত উতলাই ল’ব লাগিব। সিজোৱা চাউলৰ সোৱাদ বৃদ্ধি কৰিবলৈ ১/২ চামুচ নিমখৰ সৈতে ১ চামুচ অলিভ অইল (বা মাখন) দিব পাৰি। বেঙুনীয়া ৰঙৰ চাউল সিজিলে প্ৰথমতে অলপ কঠিন হৈ থাকে, কম জুইত ৰান্ধিলে সি লাহে লাহে কোমল হৈ পৰে। পুষ্টিকৰ উপাদানৰ এক উত্তম উৎসৰ সৈতে বেঙুনীয়া ৰঙৰ চাউলৰ ব্যৱহাৰৰ জৰিয়তে আমি দৈনন্দিন খাদ্যৰ সোৱাদ কিছু সলনি কৰিব পাৰোঁ।

আমাৰ ৰাজ্যত বেঙুনীয়া চাউলৰ উদ্ভাৱন আৰু সফলতা
অসমৰ কৃষিখণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই ‘লাবণ্য’ নামৰ এবিধ বেঙুনীয়া চাউল উদ্ভাৱন কৰি উলিয়াইছে। মধুমেহ ৰোগীৰ বাবে যথেষ্ট ফলদায়ক হ’ব বুলি আশা কৰা এই ‘লাবণ্য’ (LABANYA) নামৰ বেঙুনীয়া চাউলবিধে আন্তঃৰাষ্ট্ৰীয় বজাৰত ভূমুকি মাৰিবলৈ সাজু হৈ উঠিছে। বৰ্তমান এই চাউলবিধ এমাজন (Amazon) ই-প্লেটফৰ্মৰ জৰিয়তে ক্ৰয় কৰাৰ সুবিধাৰ্থে মুকলি কৰি দিয়া হৈছে। অনাগত দিনবোৰত বেঙুনীয়া চাউলৰ উৎপাদনৰ জৰিয়তে কৃষকসকলো অধিক লাভাম্বিত হ’ব বুলি কৃষিগৱেষণাকেন্দ্ৰৰ জ্যেষ্ঠবিজ্ঞানীসকলে আশা কৰিছে। ইতিমধ্যে তিতাবৰৰ ফালেঙীচুক অঞ্চলৰ প্ৰায় এশবিঘা ভূমিত তিতাবৰৰ আঞ্চলিক কৃষি গৱেষণাকেন্দ্ৰৰ উদ্যোগত স্থানীয় কৃষকৰ জৰিয়তে বেঙুনীয়া চাউল উৎপাদনৰ প্ৰাৰম্ভিক কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আহিবলগীয়া দিনবোৰত এই বেঙুনীয়া চাউলৰ খেতিয়ে অসমৰ ভিন ভিন অঞ্চলৰ কৃষিভূমিলৈ সম্প্রসাৰিত হোৱাৰ লগতে অধিক সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *