নিবন্ধবিজ্ঞান-প্ৰযুক্তি

জার্মান পতংগবিদ মেৰিয়া ছিবিলা মেৰিয়ান ।। ড০ অদিতি বেজবৰুৱা

মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা

মাৰিয়া (Maria Sibylla Merian)

১৬৯৯ চনৰ জুন মাহত এগৰাকী বাৱন্ন বছৰীয়া মহিলাই দক্ষিণ আমেৰিকাৰ উত্তৰ পশ্চিম উপকূলৰ ওলন্দাজ কলনি ছুৰিনামলৈ বুলি আমষ্টাৰডামত জাহাজত উঠিছিল। লগত আছিল তেওঁৰ নুমলীয়া কন্যা। প্ৰকৃততে এয়া এটা দুঃসাহসী কৰ্ম আছিল। তেওঁ এগৰাকী সাধাৰণ মহিলা নাছিল, তেওঁ আছিল পুৰুষ অধ্যুষিত বিজ্ঞানৰ জগতখনৰ এগৰাকী মহিলা জীৱবিজ্ঞানী বা প্রকৃতিবিদ। তেওঁৰ এই যাত্ৰাৰ উদ্দেশ্য আছিল কেৱল বৈজ্ঞানিক অনুসন্ধান। তেতিয়ালৈকে ৰাজনৈতিক, অর্থনৈতিক বা সামৰিক উদ্দেশ্যৰে মানুহে এনে যাত্ৰা কৰিছিল। কিন্তু বৈজ্ঞানিক আৱিষ্কাৰৰ বাবে? তাকো এগৰাকী অকলশৰীয়া মহিলাই কোনো সুৰক্ষা নোলোৱাকৈ? তেওঁৰ এই অভিযানৰ কাৰণে অর্থ যোগাৰ কৰিবলৈ তেওঁ নিজৰ চিত্ৰ কৰ্ম বিক্ৰী কৰিছিল। সঁচাকৈয়ে অনন্যা আছিল সেই নাৰী। সোতৰ শতিকাৰ সেই গৰাকী নাৰীয়ে শৈশৱৰ পৰাই কীট-পতংগৰ প্ৰতি আকর্ষণ অনুভৱ কৰিছিল অথচ তেতিয়ালৈকে বিজ্ঞানীসকলে কীট-পতংগবোৰৰ জীৱন ৰহস্য উন্মোচনেই কৰা নাছিল। আচলতে বেছিভাগ মানুহেই এই নধর্তব্য, ঘিণ লগা বস্তুবোৰৰ প্ৰতি কোনো আগ্রহ অনুভৱ কৰা নাছিল। তেনে সময়তে ১৬৪৭ খ্ৰীষ্টাব্দত জার্মানিৰ ফ্ৰেংকফুৰ্টত এটা পৰিয়ালত এই ছিবিলা নামৰ ছোৱালীজনীৰ জন্ম হৈছিল। তেওঁৰ দেউতাক মেথৌছ মেৰিয়ান এজন প্ৰকাশক আৰু মুদ্ৰক আছিল। সেইসময়ত ফ্ৰেংকফুর্ট চহৰ ৰেচমী কাপোৰৰ বেহা-বেপাৰৰ বাবে বিখ্যাত আছিল। পাট-পলুবোৰ সেই চহৰত যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। যি কি নহওঁক ছিবিলা নামৰ ছোৱালীজনীয়ে সৰুৰে পৰাই পোক-পৰুৱা বৰ ভাল পাইছিল। পতংগবোৰৰ মসৃণ অৱয়ববোৰ, চিক্‌মিকাই থকা গুড়গুড়ীয়া পাখিবোৰ, সন্ধিযুক্ত ঠেংবোৰে অকণমান ছোৱালীজনীৰ মনটো বৰকৈ আকৃষ্ট কৰিছিল। তেওঁৰ সম্বন্ধীয় আৰু চিনাকী মানুহবোৰ এই কথাত বৰকৈ আচৰিত হৈছিল। তেওঁলোকে কোৱা-কুই কৰিছিল যে তেওঁৰ মাকে হেনো ছিবিলা গৰ্ভত থাকোতেই কীট-পতংগৰ সংগ্ৰহালয় এটা চাবলৈ গৈছিল। তেওঁলোকৰ মতে সেইটোৱেই ছিবিলাৰ এই অদ্ভুত আসক্তিৰ কাৰণ।

ছিবিলাৰ তিনিবছৰ বয়সতে তেওঁৰ দেউতাকৰ মৃত্যু হয়। দেউতাকৰ মৃত্যুৰ এবছৰৰ পাছত, ১৬৫১ চনত মাকে এজন ফুল আৰু ৰঙীণ স্থিৰ ছবি অকা চিত্ৰকৰক পুনৰ বিবাহ কৰে। সুকুমাৰ শিল্পৰ ব্যৱসায়ী সতীয়া দেউতাকৰ সংগ আৰু উৎসাহে মেৰিয়া ছিবিলাকো ছবি আঁকিবলৈ অনুপ্ৰাণিত কৰিলে। দেউতাকৰ পৰাই তেওঁ পেন্সিলেৰে ছবি আঁকিবলৈ শিকিলে। পানী ৰং বা বালি, ৰঙৰ গুড়ি ব্যৱহাৰ কৰাৰ লগতে একেছিয়া গছৰ আঠাৰে সেইবোৰ লগাই ৰঙ কৰিবলৈও শিকিলে। অৱশ্যে পিছলৈ দেউতাক বেছিভাগ সময় হলেণ্ডত থকাৰ কাৰণে তেওঁৰ ছাত্ৰ আব্ৰাহাম সিংনোৱে মেৰিয়ানক ছবি আঁকা আৰু ৰঙ কৰা শিক্ষা দিবলৈ ধৰিলে। ছবি আঁকিব পৰা হোৱাৰ লগে লগে মেৰিয়াই তেওঁ ভাল পোৱা সৰু সৰু প্ৰাণীবোৰ আৰু সিহঁতৰ পছন্দৰ গোপন আশ্রয়স্থলবোৰৰ ছবি আঁকি ৰাখিবলৈ আৰম্ভ কৰিলে। শৈশৱৰ পৰাই মেৰিয়ানে কীট-পতংগবোৰ ঘৰলৈ লৈ আহিছিল, পাটপলু পুহিছিল, নুনিগছৰ পাতবোৰ আৰু কেতিয়াবা অৰবেট লেটুছ ( চীনা লাই শাক সদৃশ এবিধ কেঁচাই খোৱা শাক) পাতবোৰ টুকুৰা টুকুৰ কৰি সিহঁতক খাবলৈ দিছিল। পলুবোৰে সেইবোৰ থপিয়াই খোৱাৰ দৃশ্যকে আৰম্ভ কৰি সিহঁতৰ এটা এটা ৰূপ আৰু প্ৰতিটো পৰ্য্যায় তেওঁ আঁকি গৈছিল। তেওঁৰ চিত্ৰত বিভিন্ন কীট-পতংগই প্ৰাণ পাই উঠিছিল। ফৰিঙৰ ঠেং, কুমজেলেকুৱাৰ চুঁচৰি যোৱাৰ দাগ, ফুল-পাত সকলো তেওঁ আঁকিছিল। লেটাৰ পৰা কি ওলাব, চকৰি, পখিলা নে আন কিবা তাকে চাবলৈ তেওঁ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। প্ৰতিটো পৰ্য্যায় পৰ্য্যবেক্ষণ কৰি তেওঁ এইবোৰৰ ৰঙীণ ছবি আঁকি গৈছিল। মেৰিয়ানে এই কীট-পতংগবোৰ অধ্যয়ন কৰাৰ সময়লৈকে প্ৰকৃতিবিজ্ঞানী, জীৱবিজ্ঞানীসকলে পতংগৰ জীৱনৰ প্ৰতি সমূলি মনোযোগ দিয়া নাছিল। পঁচা মাংস বা গোবৰত যেতিয়া মাখিৰ জাক পৰিছিল, বহুতে বিশ্বাস কৰিছিল সেইবোৰ স্বতঃস্ফূর্তভাৱে ওলাইছিল। মানুহৰ এনে ধাৰণা আছিল যে কিছুমান প্ৰণালীৰে সাধাৰণ উপকৰণৰ পৰা মৌমাখি বা বৃশ্চিকৰ (কেকোঁৰা বিছা) দৰে প্ৰাণী তৈয়াৰ কৰিব পাৰি। কাৰোবাক কেঁচু লাগিলে এখন তামৰ থালত মৌ, পানী আৰু মৰা মাখি লৈ ধোঁৱা ওলোৱাকৈ উমি উমি জ্বলিবলৈ দিলেই কেঁচু পোৱা যাব বুলি সাধাৰণ মানুহে বিশ্বাস কৰিছিল। আনকি এজন জনাজাত প্রকৃতিবিদে কৈছিল যে তেওঁ ভূঁৰ পোক, ভিনেগাৰ আৰু গৰম পানী মিহলাই পখিলা উলিয়াই দেখুৱাব পাৰে ।

মেৰিয়ানে কিন্তু এই প্রচলিত কথাবোৰ বিশ্বাস কৰা নাছিল। তেওঁ এজন প্রকৃত বিজ্ঞানীৰ ধৰ্মৰে এটা পোকৰ জীৱন চক্ৰৰ প্ৰতিটো পৰ্যায় বিৰামহীনভাৱে সাৱধানে নিৰীক্ষণ কৰিছিল। তেওঁ প্ৰজাতিবোৰ পাতত বগাই থাকোঁতে, গছৰ ঠেঙুলিৰ মাজত, নহ’লে গছৰ কাষৰ চাৰিওফালে ঘূৰোঁতে, নহ’লে ফুলৰ মৌ চুহোঁতে, মুঠতে বিভিন্ন সময়ত, বিভিন্ন পৰিৱেশত লক্ষ্য কৰি ৰঙীন ছবি আঁকিছিল। তেৰ বছৰ বয়সৰ পৰা (১৬৬০) তেওঁ এনেদৰে কীট-পতংগ সংগ্ৰহ কৰাৰ লগতে পাট পলু পুহিছিল। তেওঁ পতংগ আৰু গছ-বনৰ ছবি আঁকিছিল। আজীৱন তেওঁ বিভিন্ন প্রজাতি ৰাখি সেইবোৰৰ জীৱন চক্ৰ নিৰীক্ষণ কৰিছিল।

১৬৬৫ খ্ৰীষ্টাব্দত তেওঁৰ লুৱেমবাৰ্গৰ জহান এম্বিয়াছ গ্ৰালৰ লগত বিয়া হয় আৰু অলপ দিনৰ পিছতে তেওঁ এটি কন্যা সন্তানৰ মাতৃ হয়। তেওঁ তেওঁৰ ছবি অঁকা কাৰ্য্য অব্যাহত ৰাখে আৰু সম্ভ্ৰান্ত মানুহৰ কন্যাসকলক ৰঙীন ছবি অঁকা শিকাবলৈ লয়। অভিজাত লোকসকলৰ ফুলনিত তেওঁ বিভিন্ন প্ৰজাতিৰ কীট-পতংগ সংগ্ৰহৰ কামো চলাই থাকিল। ১৬৭৫ চনত তেওঁ ‘নিউ বুক অৱ ফ্লাৱাৰ্ছ’ নামেৰে তেওঁৰ প্ৰথমখন সচিত্ৰ গ্ৰন্থ প্ৰকাশ কৰিলে। ১৬৭৭ চনত তেওঁ পতংগৰ বিষয়ে আন এখন সচিত্র গ্রন্থ প্রকাশ কৰিলে। এইখন গ্ৰন্থত ছবিৰ সৈতে কীট-পতংগবোৰৰ খাদ্য আৰু ক্ৰিয়াকাণ্ড সম্পর্কে টোকা সংলগ্ন কৰা হ’ল। এই গ্ৰন্থখনৰ নাম আছিল ‘দি কেটাৰপিলাৰ, মার্ভেলাছ ট্রেন্সফর্মেছন এণ্ড স্ট্রেঞ্জ ফ্লৰেল ফুড’ (The Caterpillar, Marvelous Transformation and Strange Floral Food)। এই গ্ৰন্থখনত মেৰিয়ানে পখিলাৰ জীৱন চক্ৰ সুন্দৰকৈ ব্যাখ্যা কৰিলে। কিতাপখনে এটা লেটাৰ পৰা কেনেকৈ এটা পূর্ণাঙ্গ পখিলা হৈ উঠে সেই ৰহস্যৰ সন্ধান দিলে। এই গ্ৰন্থৰ প্ৰকাশে মেৰিয়া ছিবিলা মেৰিয়ানক এগৰাকী প্রকৃতিবিদ হিচাপে সুদৃঢ়ভাৱে প্রতিষ্ঠা কৰিলে।

মধুৰী গছৰ ডালত পৰুৱা, মকৰা আৰু হামিংবাৰ্ড: মেৰিয়া চিবিলাই অঁকা ছবি

১৬৮৫ খ্ৰীষ্টাব্দত মেৰিয়ানে স্বামীক এৰি থৈ মাক আৰু দুজনী জীয়েকৰ সৈতে হলেণ্ডলৈ গুচি আহে। তেওঁৰ ছোৱালীহঁতৰ নাম আছিল জ’হান্না হেলেন আৰু ডৰথিয়া মেৰিয়া। হলেণ্ডত তেওঁলোকে এটা নতুন ধর্মীয় সম্প্রদায়ত যোগ দিয়ে। ইউৰোপত সেই সময়ত কিছুমান দেশত উৎপাদন যন্ত্ৰত সমূহীয়া অধিকাৰ স্বীকাৰ কৰি, লগ লাগি বাস কৰা একোটা সম্প্রদায়ে ক্ষুদ্র প্রশাসনিক ক্ষেত্ৰত বাস কৰিছিল। এইবোৰক কমিউন বুলি কোৱা হৈছিল। মেৰিয়ানহঁতে এনে কমিউনতে বাস কৰিবলৈ ল’লে। এই সম্প্রদায়টো ইমান সমৃদ্ধিশালী নাছিল গতিকে মেৰিয়ানৰ সুকুমাৰ কলাৰ সাধনা ব্যাহত হ’ল। ১৬৯১ খ্ৰীষ্টাব্দত এই প্রজা সমাজ বিপদৰ সন্মুখীন হ’ল। তেওঁলোকে হলেণ্ডৰ উপনিৱেশ, দক্ষিণ আমেৰিকাৰ চুৰিনামলৈ প্ৰব্ৰজন কৰাৰ চিন্তা কৰি নিজৰ সদস্যসকলক তালৈ গৈ বাৰী-ঘৰ পাতিবলৈ ক’লে। পিছে এটা দলে জাহাজেৰে যাত্ৰা কৰোঁতে জলদস্যুৰ সন্মুখীন হ’ল। তেওঁলোকক লুট-পাত কৰি ইমান অত্যাচাৰ কৰা হ’ল যে তেওঁলোক উলংগ অৱস্থাৰে চুৰিনামত নামিব লগা হ’ল। সিমানতে সেই সম্প্রদায়টোৰ কাৰ্য্যক্ৰমণিকাৰ ইতি পৰিল।

১৭১০ চনত মেৰিয়ানৰ মাকৰ মৃত্যুৰ পিছত তেওঁ কন্যাহঁতক লৈ আমষ্টাডামত থাকিবলৈ ল’লে। উল্লিখিত সম্প্ৰদায়ৰ লগত চুৰিনামলৈ যোৱাৰ পৰিকল্পনা বাতিল হ’ল যদিও মেৰিয়াই মনতে তালৈ যোৱাৰ আশা এটা পুহি ৰাখিলে। কাৰণ তেওঁ ছুৰিনামৰ জীৱবৈচিত্ৰ্যৰ কথা শুনিছিল। তেওঁক যেন ছুৰিনামে হাত বাউল দি মাতি থাকিল। ইতিমধ্যে তেওঁৰ জ্যেষ্ঠা কন্যাই বিবাহৰ পিছত স্বামীৰ সৈতে ছুৰিনামত থাকিবলৈ লৈছিল। মেৰিয়াই সদায় তেওঁৰ সংগ্ৰহ কাৰ্য্য চলাই থাকিছিল। মানুহৰ ঘৰৰ পিছ চোতালত, গাঁৱৰ পথাৰবোৰত, দলংবোৰত আৰু ধনী মানুহৰ ঘৰৰ সুন্দৰকৈ ৰখা, সমানভাৱে কাটি ৰখা ফুলনিবোৰত তেওঁৰ কীট-পতংগৰ সন্ধান চলি থাকিল। তেওঁৰ বন্ধুবিলাকে তেওঁলোকে পোৱা নতুন বিদেশী প্ৰাণীবোৰ বাকচত ভৰাই জাহাজেৰে তেওঁলৈ পঠিয়াই দিছিল। গোটেই জীৱন ইউৰোপৰ একেখিনি প্ৰজাতিৰ নমুনাকে অধ্যয়ন কৰি থকা মেৰিয়ানে নতুন ঠাইলৈ গৈ নতুন কীট-পতংগ আৱিষ্কাৰ কৰিবলৈ আৰু নিৰীক্ষণ কৰিবলৈ বৰকৈ হেঁপাহ কৰিলে। সেই অনুসৰি ১৬৯৯ চনত বাৱন্ন বছৰ বয়সত মেৰিয়ান আৰু তেওঁৰ কনিষ্ঠা কন্যাই তেওঁৰ সুকুমাৰ কলাৰ সামগ্ৰীবোৰ লৈ চুৰিনামলৈ বুলি জাহাজত উঠিল। ২৫৫ খন ৰঙীণ চিত্র বেচি আৰু কেইবাবছৰো ধৰি ইটো সিটো কাম কৰি তেওঁ তাৰ বাবে যাৱতীয় খৰছ গোটাইছিল। তেওঁৰ লক্ষ্য আছিল তেওঁ পাঁচবছৰৰ কাৰণে বিদেশৰ পতংগবোৰ অন্বেষণ কৰিব আৰু সিহঁতৰ ছবি আঁকিব। অৱশ্যে কিছুমানে আমষ্টাৰডাম প্রশাসনে এই ভ্ৰমণৰ পৃষ্ঠপোষকতা কৰিছিল বুলি কয়।

মেৰিয়া ছিবিলা মেৰিয়ানে অঁকা ছবি
মেৰিয়া ছিবিলা মেৰিয়ানে অঁকা চিত্ৰ

চুৰিনামত মেৰিয়ানৰ সন্মুখত পতংগৰ এক নতুন পৃথিৱী উন্মোচিত হ’ল। পোক-পৰুৱাৰ নতুন প্রজাতিবোৰ লৈ তেওঁ ব্যস্ত হৈ পৰিল। ছুৰিনামৰ ঘন হাবিত মাজে মাজে তেওঁ বিপদৰো সন্মুখীন হৈছিল। এবাৰ ৰঙা-বগা পোক এটাৰ আকৰ্ষণীয় ৰেচমী আঁহবোৰৰ ৰূপত থকা বিষাক্ত শুঙবোৰে তেওঁৰ বিঘিনি ঘটাইছিল। পিছে এনে বিলাই বিপত্তিয়ে যেন তেওঁৰ কাৰণে পতংগবোৰ অধিক আকৰ্ষণীয় কৰিহে তুলিছিল। ছুৰিনামৰ বৰ্ষাৰণ্যত ঘূৰি- পকি এইগৰাকী প্রকৃতিবিদে প্ৰকৃতিৰ আৰু জীৱ-জন্তুবোৰৰ অধিক ওচৰ চাপি গ’ল। তেওঁ দাসবিলাকে ব্যৱহাৰ কৰা বিপদসংকুল পথেৰে গৈ এনেদৰে কীট- পতংগ সংগ্ৰহ কৰি ফুৰিছিল ।

কীট-পতংগবোৰৰ বাবেই তেওঁ ছুৰিনামলৈ গৈছিল। এই কীটবোৰেই নিৰ্ধাৰিত পাঁচবছৰৰ তিনিবছৰ বাকী থাকোতেই তেওঁক ইউৰোপলৈ ঘূৰাই পঠালে। তেওঁ মেলেৰিয়াত আক্ৰান্ত হ’ল আৰু চুৰিনামৰ অসহ্য গৰম তেওঁ সহিব নোৱৰা হ’ল। কিন্তু সেই দুবছৰতে তেওঁ জীৱনৰ আটাইতকৈ বৃহৎ কামটো সমাধা কৰিলে। ‘দি মেটামৰফ’ছিছ অৱ দি ইনছেক্টছ অৱ ছুৰিনাম’ ( (.. The Metamorphosis of the insects of Surinam: ছুৰিনামৰ পতংগসমূহৰ ৰূপান্তৰ) নামেৰে ১৭০৫ চনত তেওঁ এখন গ্ৰন্থ প্ৰকাশ কৰিলে। সেইসময়ত তেওঁৰ বয়স আছিল আঠাৱন বছৰ। এই কিতাপখনত ৬০ খন খোদাই কৰি উলিওৱা চিত্ৰ আছিল। প্ৰতিখন চিত্রই এবিধ এবিধকৈ প্ৰাণীৰ গোটেই জীৱন চক্ৰটো সুন্দৰকৈ প্ৰদৰ্শন কৰিছিল। প্ৰত্যেকখন চিত্ৰৰ লগতে সিহঁতৰ অভ্যাস, খাদ্য আৰু পৰিৱেশ সম্পৰ্কে টোকা সংলগ্ন কৰা হৈছিল। এই চিত্ৰসমূহ ইমানেই জীৱন্ত হৈছিল যে ৰঙচঙীয়া, চাটিফুটি কৰি থকা যেন লগা প্ৰাণীবোৰ কিতাপৰ পৃষ্ঠাৰ পৰা বগাই ওলাই আহিব যেন লাগিছিল। এই গ্ৰন্থখনে মেৰিয়ানৰ জীৱনত চূড়ান্ত বিৱৰ্তন ঘটালে। পতংগৰ নিৰীক্ষণ কৰি ফলাফলবোৰ প্রামাণিকভাৱে লিপিবদ্ধ কৰি মেৰিয়ানে পতংগৰ জীৱন চক্রও সম্যক অধ্যয়নৰ বিষয় হ’ব পাৰে বুলি প্ৰতিষ্ঠা কৰিলে। তেওঁক অনুসৰণ কৰি এদল নতুন বিজ্ঞানীয়ে পতংগৰ জগতখনত প্ৰৱেশ কৰিলে। ‘ছুৰিনামৰ পতংগ’ প্ৰকাশ হোৱাৰ তিনিটা দশকৰ পাছত এজন ফৰাচী বিজ্ঞানীয়ে প্ৰথমবাৰৰ বাবে পতংগৰ শ্ৰেণী বিভাজন প্ৰণালীৰ বিকাশ ঘটালে। মেৰিয়া ছিবিলাই চুৰিনামৰ ভিতৰুৱা অঞ্চলত কেইবাটাও নতুন জন্তু আৱিষ্কাৰ কৰিছিল। মেৰিয়া ছিবিলা মেৰিয়ানে পতংগ বিজ্ঞানৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি নিজকে কালজয়ী কৰি থৈ গ’ল।

১৭১৫ খ্ৰীষ্টাব্দত মেৰিয়ান সন্ন্যাসৰোগত (ষ্ট্র’ক) আক্রান্ত হয় আৰু তাৰফলত তেওঁ আংশিকভাৱে পক্ষাঘাত হয়। জীৱনৰ শেষ সময়খিনিত কাম কৰিব নোৱৰা হৈ তেওঁ দাল-দৰিদ্ৰ হৈ পৰে। ১৭১৭ খ্ৰীষ্টাব্দৰ জানুৱাৰি, মাহত আমষ্টাৰডামত তেওঁৰ বৰ্ণিল জীৱনৰ অৱসান ঘটে। কলা আৰু বিজ্ঞানৰ সুসমন্বয়ৰে এইগৰাকী মহিলাই প্ৰাণীবিজ্ঞানৰ ক্ষেত্ৰখনলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ গ’ল।

(প্ৰৱন্ধটো লেখিকাৰ ‘বিজয়িনী’ শীৰ্ষক অসম বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰা গ্ৰন্থত সংকলিত হৈছে)

Leave a Reply

Your email address will not be published. Required fields are marked *