কোৱাণ্টাম ভালপোৱা – (বিতোপন গগৈ)
আহা আমি কোৱাণ্টামৰ কথা পাতো
ভালপোৱাৰ কোৱাণ্টাম
–
ঘৃণাৰ ফ’টন কণাবোৰক
হৃদয় তৰংগৰে শুহি লওঁ আহা
আৰু বতাহত এৰি দিওঁ
ভালপোৱাৰ তৰংগ
–
ঘৃণাৰ আণৱিক কণাবোৰক
নিদিওঁ আহা ঘৃণাৰ আচৰণ কৰিবলৈ
সলনি কৰি দিওঁ সিহঁতক
ভালপোৱালৈ
–
আহা সকলোৰে হৃদয়
ভালপোৱাৰ তৰংগৰে ত্বৰান্বিত কৰি
জাগ্ৰত কৰো
ভালপোৱাৰ কলেক্টিভ কনচিয়াচনেছ্!
–
আহা মেক্স প্লাংকক কামত লগাই দিওঁ
আৰু ঘৃণাৰ কোৱাণ্টাক সলনি কৰি পেলাওঁ
ভালপোৱাৰ কোৱাণ্টালৈ
–
আহা প্লাংক,
মনৰ বল বিজ্ঞান আলোচনা কৰো
আৰু এই বিজ্ঞানৰ নাম দিওঁ
কোৱাণ্টাম ভালপোৱা