ৰাজহাড় ।। নিৰোদ শৰ্মা
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
নাথাকিলে ৰাজহাড়
সুবিধা বুজি হাউলি দিব পাৰি যেনি তেনি
পিন্ধি ল’ব পাৰি অনায়াসে
বশ্যতাৰ শিকলি
নিজৰেই ভীতিগ্ৰস্ততাত
পকাব পাৰি শংখকুণ্ডলী
কেৰেলুৱা এটাৰ দৰে
নাথাকিলে ৰাজহাড়
মূৰ তল কৰিব পাৰি
প্ৰয়োজন যিমান সিমানলৈ
লেতু সেতু হ’ব পাৰি নিজৰ ইচ্ছামতে
এডাল কেঁচুৰ দৰে
অথবা আত্মগোপন কৰিব পাৰি নিজকে
খোলাৰ ভিতৰত
শামুক এটাৰ দৰে
ৰাজহাড় নাথাকিলে
ৰৈ যাব পাৰি য’তে তʼতে
খুলি থৈ স্বাধীনতাৰ পোছাক
খামুচি থাকিব পাৰি আদিম নগ্নতাক
এটা আদিম জীৱৰ দৰে।

