নিবন্ধশিল্প-কলা-সংস্কৃতি

ৰাজনৈতিক শিল্পচৰ্চা: যেতিয়া শিল্পকলা জনসাধাৰণৰ পৰা বহুদূৰ— (শান্তনু কোঁৱৰ)

(টোকা: পাঠকসকলক স্পষ্ট কৰিব খোজোঁ যে এই লেখাটোত শিল্পকলাৰ তত্বগত ব্যাখ্যা এৰাই চলি শিল্পীৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু ৰাজনৈতিক শিল্পচৰ্চাৰ বিষয়ে উনুকিয়াব খোজা হৈছে। ভাৰতবৰ্ষৰ বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট সামৰি এই দিশত অৱলোকন কৰাটো অতি জৰুৰী যদিও তাৰ ব্যাখ্যা পিছলৈ থলোঁ। এই নাতিদীৰ্ঘ লেখাত অসমৰ পৰিস্থিতিগত শিল্পকলাৰ পৰিমণ্ডলটো পৰ্যালোচনাৰ আওঁতাত থাকিব।)

শিল্পচৰ্চাত আগ্ৰহী পাঠকসকলে নতুবা অধ্যয়নশীল পাঠকেও নিশ্চয় এই কথাটো মানি ল’ব যে শ্ৰদ্ধাৰ কবি নীলমণি ফুকন দেৱৰ “শিল্পকলা দৰ্শন”, “ৰূপ-বর্ণ-বাক”, “লোক-কল্পদৃষ্টি”, “শিল্পকলাৰ উপলব্ধি আৰু আনন্দ” আদিকে ধৰি শিল্পকলা সম্বন্ধীয় তথ্যভিত্তিক তথা সমীক্ষাভিত্তিক যিসমূহ গ্ৰন্থ আমালৈ আগবঢ়ায় থৈ গ’ল প্ৰতিজন শিল্পচৰ্চাকাৰী, শিল্পকলাৰ শুভাকাংক্ষী জনসাধাৰণে সেইসমূহ শিল্পক বুজাৰ এক সঁজুলি তথা অসমৰ শিল্প-ঐতিহ্য সঞ্চিত দলিল বুলি ভাবিব পাৰে। এই গ্ৰন্থসমূহে একেসময়তে আমালৈ কঢ়িয়াই আনে— শিল্পৰ যি এক মৌলিক ধাৰা আদিম কালৰ পৰা প্ৰৱাহমান সেই সুঁতিত প্ৰাচীন অসমৰ শিল্পচৰ্চাৰ উৎকৃষ্ট নিদৰ্শন আৰু তাৰ চৰ্চা। সেই কিতাপৰ পাতে পাতে, উদাহৰণস্বৰূপে কামাখ্যাৰ “শিশু মাতৃৰ ভাস্কৰ্য” হওক বা অন্য শিল্পসৃষ্টিৰ প্ৰাঞ্জল ব্যাখ্যাই সঁচাই অসমীয়াৰ শিল্পকলাৰ বাতাবৰণক সজীৱ আৰু উত্তৰণৰ বাট দেখুৱাব নে? এই প্ৰশ্নসমূহ আমাৰ নিজলৈও। নীলমণি ফুকনদেৱৰ প্ৰচুৰ অনুসন্ধিৎসা আৰু আগ্ৰহে শিল্পকলাৰ পৰ্যবেক্ষণ আৰু তাৰ নিৰ্মাণ কেনেকৈ গ্ৰহণ কৰিব লাগে তাৰ উদাহৰণো আমালৈ থৈ গৈছে। উত্তৰসূৰী হিচাপে মৌচুমী কন্দলীৰ শিল্প আলোচনাৰ পাছৰ পৰ্যায়ত চেগা-চোৰোকাকৈহে এই দিশসমূহৰ গভীৰ চৰ্চা পৰিলক্ষিত হয়।
চিত্ৰ শিল্পকলাগত চৰ্চা অনাদৰ আৰু অৱহেলিত নেকি? জনবিচ্ছিন্ন নে জনসাধাৰণৰ কাষ চপাই নিবলৈ আমি অপাৰগ। এনে বহু জ্বলন্ত প্ৰশ্ন হয় ঢাক খাই আছে নতুবা আমাৰ চেতনালৈ ই উঠি অহা নাই।
অসমৰ বিভিন্ন সামাজিক দ্বন্দ আৰু সংকটকালত প্ৰশ্ন উঠে লেখক তথা কবিসকলৰ সামাজিক ৰাজনৈতিক অৱস্থানৰ কথা। তেওঁলোক ভাগ হয়— ৰজাঘৰীয়া আৰু প্ৰজাঘৰীয়া। চিত্ৰশিল্প তথা শিল্পচৰ্চাকাৰীসকলক এই আওতালৈ অনা হয় নে? যদি কবিতা উচ্চতম সংবেদনশীলতাৰ নিৰ্যাস, ছবি কিন্তু একেসময়তে আটাইতকৈ পুৰণি প্ৰভাৱী কলা। পাঠকে সেয়েহে ইয়াকো চাগে ৰেহাই যোগ্য বুলি নাভাবে।
কথাবোৰ ভালদৰে ফঁহিয়াই ল’বলৈ ‘শিল্পী’ আৰু ‘শিল্পকলা’ক কেনেদৰে সংজ্ঞায়িত কৰা হৈছে সেই সম্বন্ধে আলোচনা কৰা যাওক। এই সন্দৰ্ভত প্ৰখ্যাত চিত্ৰকৰ পাবলো পিকাছোৰ নিজৰ বিষয়ে উল্লেখ কৰা মত এটা আগবঢ়ালোঁ— “My devotion to the communist party is the logical outcomes of my whole life. For I am glad to say that I have never considered painting simply as an art that gives pleasure and serves as a kind of distraction from problems. I have always wanted, through drawing and color, since they are my weapons, to penetrate as far and deeper as possible into the consciousness of the world and individuals in such a way that this understanding could liberate us even more every day… The past years of terrible oppression have proved to me that I have to fight not only with my art, but with my whole being. তেওঁ নিজকে অভিহিত কৰে এইদৰে— “I am a communist and my painting is a communist painting.”
শিল্পীৰ মতাদৰ্শগত অৱস্থান শিল্পীৰ নিজ চৰ্চাৰে অবিচ্ছিন্ন অংশ, তেওঁ কোনটো শ্ৰেণীক প্ৰতিনিধিত্ব কৰে তেওঁৰ শিল্পচৰ্চা তাৰেই প্ৰতিফলন। বাংলা ভাষাৰ লেখক নিমাল্য নাগৰ (অনুবাদ: ৰাতুল গোস্বামী) “শিল্প চেতনা” গ্ৰন্থৰ একাংশ আগবঢ়ালোঁ— “প্ৰকৃত দায়ৱদ্ধতা ভাবাদৰ্শ অবিহনে সম্ভৱ নহয়। ভাৱাদৰ্শগত ভিত্তি শিল্পী জীৱনৰ প্ৰতিটো সামাজিক আৰু পেছাগত গুৰুত্ব গভীৰভাৱে ভাবিবলৈ শিকায়, চাবলৈ শিকায়। দৃষ্টিকোণ সলনি কৰি দিয়ে। শিল্পীক বিচ্ছিন্ন অৱস্থানৰ পৰা প্ৰকৃত সামাজিক অৱস্থালৈ উন্নীত কৰে। শিল্পীক প্ৰতিমুহূৰ্ততে অনুভৱ কৰিবলৈ বাধ্য কৰায় যে, আমি সমূহৰ অংশ, সমূহৰ মাজতহে বাছি আছোঁ। তেতিয়াই ব্যক্তিকেন্দ্ৰিকতা জীৱনকেন্দ্ৰিকতালৈ পৰ্যবসিত হয়।”
শিল্পীক এই প্ৰসংগত কেইটামান ভাগত বিভক্ত কৰিছে এইদৰে— “লক্ষ্য কৰিলে দেখা যায়, হয়তো এজন শিল্পী পেছাগতভাৱে অত্যন্ত নিষ্ঠাৱান আৰু দায়িত্বশীল কিন্তু তেওঁৰ সমাজ চেতনা নাই অথবা নাই কোনো ভাবাদৰ্শগত দৃষ্টিভংগী। আকৌ দেখা যায়, এজন শিল্পীৰ হয়তো যথেষ্ট সমাজ সচেতনতা আছে, ভাবাদৰ্শ আছে, কিন্তু তেওঁৰ কোনো পেছাগত দৃষ্টিভংগী আৰু কুশলতা নাই। ইয়াৰোপৰি এক তৃতীয় মানসিকতা লক্ষ্য কৰা যায়, অন্য এক ধৰণৰ শিল্পী আছে যাৰ সামাজিক, পেছাগত আৰু আদৰ্শগত কোনো দায়ৱদ্ধতা নাই। আমাৰ সমকালত নি:সন্দেহ এই বিষয়টো এটা জ্বলন্ত সমস্যা।”
আলোচনাৰ সমান্তৰালভাৱে শিল্পৰ ঐতিহ্যলৈ ঘূৰি চালে আমি নিম্নোল্লিখিত দিশসমূহ পৰিলক্ষিত হয়। শিল্পকলা কেতিয়াও কাল নিৰপেক্ষ নাছিল। আমি যিসমূহ প্ৰাচীন শিল্পকলা তথা স্থাপত্যৰ সৈতে পৰিচিত, যেনে: অজন্তাৰ গুহা চিত্ৰ, অসমৰ বিভিন্ন দৌল-দেৱালয় ইত্যাদি সকলোৱে সেই সময় সাপেক্ষে প্ৰায়োগিক প্ৰয়োজনভিত্তিত নিৰ্মিত (গৰিষ্ঠসংখ্যক)। অৱশ্যে সেইসময়ত ব্যক্তিগত শিল্পচৰ্চাতকৈ সামূহিক শিল্পচৰ্চাৰ প্ৰয়োগহে বেছি আছিল। শিল্পীৰ স্বাধীনতাও আছিল সীমিত, ৰজাঘৰীয়া ফৰমাইচ আৰু হেঁচাই শিল্পীৰ ব্যক্তিগত নিপুণতা-কুশলতাৰ অন্যান্য কোনো ফলাফল কঢ়িয়াব নোৱাৰিছিল। তথাপিও শিল্পীৰ নিজা চেতনা আৰু প্ৰয়োগ একেবাৰে নাই হোৱা বুলিলে ভুল হ’ব। কিন্তু একে সময়ৰ সৃষ্টিসমূহৰ মাজত থকা সাদৃশ্যই তাৰ বিপৰীতটোহে আমাক পতিয়ন নিয়ায়। প্ৰকৃততে যেতিয়া শিল্পই জনগণৰ পৰা বিচ্ছিন্ন হৈ সম্ভ্ৰান্ত শ্ৰেণীৰ বিলাস তথা উচ্চ পৰ্যায়ৰ সংস্কৃতি চৰ্চালৈ পৰ্যবেসিত হ’ল তেতিয়াৰপৰাই শিল্পৰ ধৰণ ছিন্নমূলক সদৃশ হ’ল।
শ্ৰেণী সংগ্ৰাম তথা শ্ৰেণী চেতনাই শিল্পৰ ওপৰত অভূতপূৰ্ব প্ৰভাৱ পেলালে।

এজন দায়ৱদ্ধ শিল্পীয়ে শিল্পক জনসাধাৰণৰ কাষ চপাই আনিবলৈ অহোপুৰুষাৰ্থ কৰে, সেই চেতনাই বৰ্তমান সময়ৰ শিল্পৰ সংগ্ৰামী চেতনা বুলি অভিহিত কৰিব পাৰি। ( ক্ৰমশঃ)

Leave a Reply

Your email address will not be published. Required fields are marked *