অনুবাদপ্ৰবন্ধ

ৰাজস্থানৰ ‘কোটা’-ৰ অকথিত কাহিনী (দ্বিতীয় অংশ) (মূল : মৃদুলিকা ঝা; ভাবানুবাদ : পংকজ কুমাৰ নেওগ)

ৰাজস্থানৰ কোটা কোচিং চেণ্টাৰৰ বাবে বিখ্যাত আৰু এতিয়া ছাত্ৰ আত্মহত্যাৰ বাবে কুখ্যাত….। হেল্পলাইন, পৰামৰ্শদাতা আৰু মনোবিজ্ঞানীসকল থকা সত্বেও কোটাত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ সংখ্যা কিয় বৃদ্ধি পাইছে? কিদৰে ছাত্ৰ-ছাত্ৰী সকলৰ আত্মহত্যাৰ ভয়ে চহৰখনত এটা নতুন ব্যৱসায়ৰ জন্ম দিছে?

“মোৰ ল’ৰাটো কোটালৈ যাব বুলি আনন্দত অধীৰ হৈ আছিল আৰু বজাৰ-সমাৰ কৰিবলৈ আৰম্ভ কৰিছিল। নতুন কাপোৰ আৰু বেগ কিনিছিল। ডাক্তৰ হোৱাৰ সপোন লৈ সি কোটালৈ গৈছিল কিন্তু মাত্ৰ ৪৫ দিনৰ ভিতৰতে তাৰ নিথৰ শৰীৰ ঘৰলৈ উভতি আহে। তাৰ সুকোমল ডিঙিটো যিটোত মই প্ৰায়ে পৱিত্ৰ মন্ত্ৰপূত কপাহী সূতা সাৱধানে বান্ধি দিছিলো—সেই ডিঙিটোৰ চাৰিওফালে ফান্দৰ ক’লা, গভীৰ দাগ আছিল। সকলোৱে মিলি তাক হত্যা কৰিলে”, পুত্ৰক হেৰুওৱা মহিলাগৰাকীয়ে ফোনত কান্দোনত ভাঙি পৰে। এইয়া আছিল জীৱনৰ আটাইতকৈ মূল্যৱান সম্পত্তি হেৰুৱাই পেলোৱা এগৰাকী মাতৃৰ হিয়াভঙা বিলাপ। যোৱা ১১ মে’ত কোটাৰ কুনহাৰী হোষ্টেলৰ কোঠা এটাৰ চিলিং ফেনত ফাঁচী লৈছিল ১৬ বছৰীয়া উমেশ ভাৰ্মাই। ১০ মে’ত কেইবাবাৰো ফোন কৰাৰ পিছতো যেতিয়া উমেশে ফোন নধৰে তেতিয়া তাৰ পিতৃ-মাতৃয়ে এজন আত্মীয়ক উমেশৰ হোষ্টেললৈ খবৰ কৰিবলৈ পঠিয়ায়। কোঠাটো ভাঙি সোমোৱাৰ লগে লগে তেওঁলোকে চিলিঙৰ ফেনৰ পৰা উমেশৰ মৃতদেহটো ওলমি থকা দেখে। তাৰ কাষৰ সকলোবোৰ কোঠাতে অন্য ছাত্ৰ আছিল যদিও কোনেও ঘটি যোৱা ঘটনাৰ ফুটকে নাপালে। কোটাত NEET আৰু JEEৰ বাবে প্ৰস্তুতি চলাই থকা ২৪ গৰাকী শিক্ষাৰ্থীয়ে মাত্ৰ এই বছৰতে আত্মহত্যা কৰিছে; ইয়াৰে ৯ গৰাকীয়ে মে’-জুন মাহত আত্মহত্যা কৰিছিল। বেছিভাগ ক্ষেত্ৰতে ছাত্ৰই আত্মহত্যা কৰাৰ কেইবাঘণ্টাৰ পিছলৈ কোনেও একো গম পোৱা নাছিল। কিন্তু আত্মহত্যা কোটাৰ বাবে নতুন কথা নহয়, আনকি ইয়াক বাধা দিবলৈ চেষ্টা কৰি থকা দাবীও একো নতুন নহয়।

কোচিং চেণ্টাৰৰ বিজ্ঞাপনৰ বাহিৰেও কোটাত সৰ্বব্যাপী আন এটা বস্তু হ’ল হেল্পলাইন নম্বৰ। ছাত্ৰ-ছাত্ৰীসকলৰ কথা শুনি ২৪x৭ পৰামৰ্শ দিবলৈ কেইবাটাও ফোন নম্বৰ সমগ্ৰ চহৰখনতে জাগ্ৰত বুলি শুনা যায়। ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ পুলিচ বুথো আছে। কোচিং ইনষ্টিটিউটসমূহেও পেছাদাৰী মনোবিজ্ঞানীক নিযুক্তি দিছে। কিন্তু কোটাত এতিয়াও ছাত্ৰৰ আত্মহত্যা নিয়মিতভাৱে দেখা যায়। কিন্তু কিয়? এই প্ৰশ্নৰ পৰা হাত সাৰিবলৈ গোটেই চহৰখনে যেন চেষ্টা কৰে। কোটাৰ এজন স্থানীয় লোকে কয়, “প্ৰতি বছৰে লাখ লাখ ছাত্ৰ-ছাত্ৰী কোটালৈ আহে, সিহঁতৰ দুজনমানৰ মৃত্যু হোৱা কিনো ডাঙৰ কথা? আপোনালোক দিল্লীৱালাসকল সকলো কথা লৈ অনাহকত চিন্তিত”। মই মোৰ উত্তৰ বিচাৰি দেৰদিন কোটাত ঘূৰি ফুৰোঁ। ছাত্ৰ-ছাত্ৰী, অভিভাৱক, হোষ্টেলৰ মালিক, আৰক্ষী বিষয়া আৰু কাউন্সেলাৰ সকলোকে লগ পাইছিলোঁ কিন্তু বেছিভাগেই ‘মিডিয়া’ শব্দটো শুনাৰ লগে লগে আলোচনা বা কথা-বতৰাৰ পৰা বিৰত থাকে। কিছুমানে নিজৰ পৰিচয় প্ৰকাশ নকৰাৰ চৰ্ততহে কথা কবলৈ আগবাঢ়ি আহে। বহুতে আত্মহত্যাৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক সম্পূৰ্ণৰূপে দোষাৰোপ কৰে। লেণ্ডমাৰ্ক চিটি হোষ্টেল এছ’চিয়েশ্যনৰ সভাপতি ভগৱান বিৰলাই কয়, “এগৰাকী ছাত্ৰ স্কুলৰ টপাৰ হোৱাৰ লগে লগে অভিভাৱকে সপোন দেখিবলৈ আৰম্ভ কৰে। তেওঁলোকে ভাবে যে তেওঁলোকৰ সন্তানে দেশৰ অন্যতম কঠিন পৰীক্ষাতো টপ কৰিবলৈ সক্ষম হ’ব। যেতিয়া ছাত্ৰগৰাকী কোটাত উপস্থিত হয় তেতিয়া তেওঁ উপলব্ধি কৰে যে তেওঁ নিজৰ স্কুলৰ টপাৰ হ’লেও ইয়াত তেওঁৰ কোনো সুযোগ নাই। ইয়াৰ ফলত সাধাৰণতে ছাত্ৰগৰাকী ঘৰলৈ উভতি যাবলৈ বাধ্য হয় বা আত্মহত্যাৰ পথ বাচি লয়”। বিৰলাই ইয়াকো প্ৰকাশ কৰে, “আমি যিসকল ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে জীৱিকা উপাৰ্জন কৰোঁ তেওঁলোকৰ সন্দৰ্ভত আমাৰ কি বেয়া উদ্দেশ্য থাকিব পাৰে? পৰিয়ালৰ সদস্যসকলে তেওঁলোকক প্ৰচণ্ড চাপত ৰাখে আৰু কিছুমান ছাত্ৰই সেই চাপ চম্ভালিব নোৱাৰি ভাঙি পৰে”। এনে ল’ৰা-ছোৱালীৰ কাহিনীৰ সন্ধানত আৰু সঠিকভাৱে কি হৈছিল জানিবলৈ যোৱা কেইমাহমানত আত্মহত্যা কৰা কেইগৰাকীমান শিক্ষাৰ্থীৰ পিতৃ-মাতৃৰ ফোন নং বিচাৰি লৈছিলোঁ।

তেনে এজন ছাত্ৰ আছিল উমেশ। উত্তৰ প্ৰদেশৰ খুৰ্জাৰ আৰু পৰিয়ালৰ আটাইতকৈ সৰু। কোটাত ৪০ দিন থকাৰ পিছত নিজৰ হোষ্টেলৰ কোঠাৰ চিলিং ফেনত ওলমি আত্মহত্যা কৰিছিল। উমেশৰ মাকৰ লগত ফোনত কথা পাতিলোঁ। উমেশৰ মাকে কয়, “মোৰ ল’ৰাটো পঢ়া-শুনাত ভাল আছিল। মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ কোচিং লৈছিল। আমি মাহে ১৫ হাজাৰ টকা দি তাক হোষ্টেলত থৈছিলোঁ। তেওঁলোকে খাদ্য, কাপোৰ-কানি ধোৱা সকলোবোৰ চম্ভালিছিল। আমি কৈছিলোঁ তুমি মাত্ৰ পঢ়-শুনা কৰা”। ফোনটোৰ সিটো মূৰে মাকৰ মাতটো নিস্তব্ধ হৈ পৰে। উশাহ বন্ধ কৰি কিছু সময় ৰৈ নিস্তব্ধতা ভাঙো, “তাৰ পিছত”? “মৃত্যুৰ দুদিন আগতে সি খুব মূৰৰ বিষৰ অভিযোগ কৰিছিল। আমি ভিডিঅ’ কল এটাত তাৰ লগত কথা পাতিছিলোঁ আৰু বিষ কমোৱাৰ বাবে মূৰত কি তেল সানিব পাৰি সুধিছিল। ফোনত কথা পাতি থাকোঁতেই মূৰৰ বিষৰ টেবলেট এটা খাইছিল। আমাৰ সকলো ঠিক আছে যেনেই লাগিছিল”, উমেশৰ মাকে কয়। “মই তাক মৃত্যুৰ আগদিনা কেইবাবাৰো ফোন কৰিছিলোঁ কিন্তু সি ফোন ধৰা নাছিল। তাৰ পিছত ১১ মে’ৰ পুৱা ৬ বজাত (মৃত্যুৰ দিনা) ফোন কৰিছিলোঁ, ফোনটো ৰিং হৈ বন্ধ হৈ গৈছিল। আমি কোটাত ঘটি থকা কৰুণ খবৰবোৰ শুনিছিলোঁ গতিকে আমি আত্মীয় এজনক তাৰ হোষ্টেললৈ লৰালৰিকৈ পঠিয়াও কিন্তু তেতিয়ালৈকে সকলো শেষ হৈ গৈছিল”। উমেশৰ পৰিয়ালে পিছত বন্ধুবোৰৰ পৰা গম পায় যে ক্লাচত শিক্ষকসকলে তাক বহুত বকা-বকি কৰিছিল। তেওঁলোকে হেনো কৈছিল, “মা-দেউতাৰৰ ধন অবাবতে কিয় অপচয় কৰি আছ”? সম্ভৱতঃ সি সেই কথাবোৰ সহ্য কৰিব পৰা নাছিল। কোচিং চেণ্টাৰ, হোষ্টেলৰ মানুহ এই সকলোবোৰ মিলি মোৰ ল’ৰাটোক মাৰিলে— অথচ ভাল হওক বুলি আমি সিহঁতৰ হাততেই তাক গটাইছিলোঁ। মাকগৰাকী আবেগত ভাঙি পৰে আৰু কয়, “দয়া কৰি কিবা এটা কৰক”। এনে লাগিছিল যেন মাতৃ এগৰাকীয়ে সঁচাকৈয়ে সাহায্য বিচাৰি হাতদুখনি আগ বঢ়াইছে। মই তেওঁক আশ্বস্ত কৰি মোবাইল হেং-আপ কৰোঁ।

মই কথা পাতিবলৈ চেষ্টা কৰা দ্বিতীয় পৰিয়ালটো আছিল বিহাৰৰ ৰোহতাছৰ নিশান্তৰ। নিশান্তই NEET-ৰ বাবে প্ৰস্তুতি চলাইছিল আৰু কোটাত থকা এবছৰৰো অধিক হৈছিল, কিন্তু তাৰ পিছত ফাঁচ লগাই আত্মহত্যা কৰে। তাৰ টেবুলত এখন ছুইচাইড নোট উদ্ধাৰ কৰা হয়। “মামী-পাপা, তোমালোকে মোৰ বাবে বহুত কষ্ট কৰিলা, মই একো কৰিব নোৱাৰিলোঁ, প্লিজ মোক ক্ষমা কৰি দিবা”। কোটাৰ এখন থানাত এনেধৰণৰ চুইচাইড নোটবোৰ চাই থাকোঁতে এজন আৰক্ষী বিষয়াক সুধিলোঁ, “মাক-বাপেকে নিজৰ সন্তানৰ স্মৃতি হিচাপে এই নোটবোৰ লগত লৈ নাযায়নে”? “এইবোৰ স্মৃতি নহয় বৰঞ্চ তেওঁলোকৰ মৃত্যুৰ স্মাৰক। কোনজন অভিভাৱকে এই নোটবোৰ লগত ৰাখিব খুজিব? সেইবাবে আমিয়েই ৰেকৰ্ডৰ লগতে ৰাখোঁ”, আৰক্ষী বিষয়াজনে উত্তৰ দিলে। মোৰ ফোন কলটো নিশান্তৰ দেউতাকে ৰিচিভ কৰে। মই যেতিয়া নিজৰ পৰিচয় দিওঁ, তেওঁ প্ৰথমতে কথা-বতৰা পাতিবলৈ অস্বীকাৰ কৰে। বাৰে বাৰে অনুৰোধ কৰাত তেওঁ কথা পাতিবলৈ সৈমান হয় কিন্তু লগে লগে তেওঁৰ ওচৰত কোনোবাই কন্দা আৰম্ভ কৰা শুনিবলৈ পাওঁ। “নিশুৰ (নিশান্তৰ) মাকে কান্দিছে। সেইবাবেই মই কাৰো লগত তাৰ বিষয়ে একো কথা নাপাতো। নিশান্তৰ নাম উলিয়ালে প্ৰতিবাৰেই তেওঁ বাউলী হৈ পৰে”, ক্ষমা বিচৰাৰ সুৰত তেওঁ কয়।

আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়াললৈ ফোন কৰা বন্ধ কৰোঁ আৰু তাৰ পৰিৱৰ্তে চাকৰি আৰু নিজৰ চহৰ এৰি ল’ৰা-ছোৱালীৰ লগত থাকিবলৈ অহা মানুহৰ এপাৰ্টমেণ্টবোৰলৈ ৰাওনা হওঁ। এপাৰ্টমেণ্টৰ মেনেজাৰ এজনে মোক এটা বেডৰূমৰ ফ্লেট এটালৈ নি তাতে এৰি দিয়ে। মই দুৱাৰত টোকৰ মৰাৰ লগে লগে এগৰাকী মহিলাই দুৱাৰখন খুলি দিয়ে। তেখেতৰ ঘৰ উত্তৰ প্ৰদেশৰ ঝান্সীত। কোটাত কিয় আছেহি বুলি সোধাত তেওঁ কয়, “মোৰ ছোৱালীজনীৰ খোৱা-বোৱাৰ বাচ-ৰিচাৰ বৰ বেছি। হোষ্টেলত থাকিলে তাইৰ অসুখ হ’লহেঁতেন আৰু মই লগতে থকা বাবে এতিয়া কোনো ধৰণৰ ভয়ো নাই”। “ভয়, কিহৰ ভয়”‌? “কোটাৰ পৰা যিবোৰ কথা আমি নিয়মিতভাৱে শুনিবলৈ পাওঁ তাৰ ভয়। অনুগ্ৰহ কৰি এই বিষয়ে আৰু কথা নুসুধিব, মোৰ ছোৱালীজনীয়ে এতিয়া যিকোনো সময়তে কোচিং ক্লাছৰ পৰা উভতি আহিব”, মোক ফ্লেটটোৰ চাৰিওফালে দেখুৱাই তেওঁ কয়। মহিলাগৰাকীৰ স্বামী ডাক্তৰ আৰু তেওঁলোকৰ ঝান্সীত এটা প্ৰাসাদোপম ঘৰ আছে। “বন্ধু-বান্ধৱী আৰু পৰিয়ালক এৰি ইয়াত ছোৱালীজনীৰ লগত অকলে থাকি কেনে লাগে”‌? “একপ্ৰকাৰ তপস্যা কৰিছো বুলিয়েই ভাৱোঁ”, তেওঁ হাঁহি এটা মাৰি উত্তৰ দিয়ে। কেইবাটাও ফ্লেট ঘূৰি ফুৰো। কোনোবাটোত কোনো ছাত্ৰই যদি ককা-আইতাকৰ লগত থাকে, আন এটাত আইতাকৰ সৈতে নাতিনী থাকে। এটা ফ্লেটত পশ্চিম বংগৰ মানুহ এজনক লগ পাওঁ। তেওঁ নিজৰ ছোৱালীজনীৰ লগত আছে যাতে তাই নিজৰ মিছনৰ পৰা বিচ্যুত নহয়। বাংলা মিহলি হিন্দীত তেওঁ কয়, “চেন্নাইত তাইৰ মাকৰ চাকৰি আছে। মোৰো এটা ব্যৱসায় আছে আৰু মই ইয়াৰ পৰাই যেনে-তেনে চলাই আছোঁ”। কোটাৰ পৰা আত্মহত্যাৰ খবৰ নিয়মিতভাৱে ওলাবলৈ আৰম্ভ কৰোতে এই এপাৰ্টমেন্টৰ ধাৰা আৰম্ভ হৈছিল। হোষ্টেল আৰু পি.জিৰ বাহিৰেও এতিয়া পৰিয়ালৰ লোকে ফ্লেট ভাড়া কৰি সন্তানৰ সৈতে কোটাত থাকিবলৈ লৈছে। তেওঁলোকৰ একমাত্ৰ ভয়— ল’ৰা-ছোৱালী বিপথে যোৱা উচিত নহয়, বিচ্যুত হোৱা উচিত নহয়। কোটাই আনকি এই ভীতিকো ব্যৱসায়লৈও ৰূপান্তৰিত কৰিছে।

এই ১-বিএইচকে ফ্লেটবোৰ হঠাতে বিয়পি পৰাৰ একমাত্ৰ কাৰণ এইটোৱেই। কাৰো একো চিন্তা কৰাৰ প্ৰয়োজন নাই— মাত্ৰ কিতাপ আৰু কাপোৰৰ টোপোলা লৈ এই ফ্লেটবোৰৰ এটালৈ স্থানান্তৰিত হ’লেই কাম শেষ। বিল্ডিং মেনেজাৰে ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি পানীৰ ফিল্টাৰলৈকে সকলো বস্তুৰ ব্যৱস্থা কৰি দিয়ে। আনকি ফ্লেটত লুকাই চুৰকৈ সোমোৱা জেঠিবোৰো আঁতৰোৱাৰ ব্যৱস্থা কৰে। কোটাৰ প্ৰত্যেক চুকে-কোণে ‘ভাড়াৰ কোঠা’ৰ হ’ৰ্ডিং আৰু প্ৰতিটো কেণ্টিনত ‘ঘৰত ৰন্ধা খাদ্য’ৰ প্ৰতিশ্ৰুতি দিয়া পোষ্টাৰ দেখা পোৱা যায়। এই সকলোবোৰৰ মাজত ঘৰলৈ কাহানিও উভতি যাব নোৱাৰা ল’ৰা-ছোৱালীবোৰো আছে যাৰ নাম কোটাৰ স্থানীয় লোকে আলোচনাৰ পৰা এৰাই চলে বা কেতিয়াবা কিবা থাকিলেও বেছ গোপনীয়তা ৰক্ষা কৰি চলে!

(অহা সংখ্যাত পৰৱৰ্তী অংশ প্ৰকাশ পাব)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *