ৰামবুটান : এটি প্ৰাথমিক আলোচনা (মানসী বৰুৱা)
আমাৰ ৰাজ্যত নতুনকৈ চৰ্চা তথা সমাদৰ লাভ কৰিবলৈ আৰম্ভ কৰা এবিধ ফল হৈছে ৰামবুটান (Rambutan)। ই মূলতঃ মালেচিয়ান তথা ইণ্ডোনেছিয়ান মূলৰ। শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, ফিলিপাইন আদি দেশত বহুলভাৱে বহু বছৰৰ পৰা ইয়াৰ খেতি কৰি অহা হৈছে। ভাৰতবৰ্ষৰ কেৰালা ৰাজ্যৰ পথানামিত্থা জিলাত পোন প্ৰথমে থাইলেণ্ডৰ পৰা আমদানি কৰি ৰামবুটান খেতি আৰম্ভ কৰা হৈছিল। কিন্তু আমাৰ ৰাজ্যত এই ফলবিধক এক নতুন সংযোজন বুলিয়ে ক’ব লাগিব, কিয়নো অসমৰ মাত্ৰ দুই-এক স্থানতহে ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰা হৈছে। বহুতেই হয়তো ফলবিধৰ বিষয়ে অৱগতই নহয়। কিন্তু আমাৰ কৃষক-ৰাইজৰ মাজত এইবিধ নতুন আৰু চাহিদাপূৰ্ণ ফলৰ সংযোজনে তেওঁলোকক যথেষ্ট লাভাম্বিত কৰাৰ থল আছে। গতিকে এই ৰামবুটাননো কি, কেনেদৰে ইয়াৰ খেতি কৰা হয়, খাবলৈ কেনেকুৱা, লগতে ইয়াৰ স্বাস্থ্যজনিত উপকাৰিতা ইত্যাদিৰ বিষয়ে থুলমূল কৈ কিছু কথা আলচ কৰা উচিত বুলি বিবেচনা কৰা যায়।
ৰামবুটান (বৈজ্ঞানিক নাম, Nephelium lappacium L.) হৈছে ইণ্ডোনেছিয়াত উৎপত্তি হোৱা এবিধ অতি সুস্বাদু মিঠা ফল। দেখিবলৈ লিচুৰ লগত কিছু সাদৃশ্য থকা মধ্যমাকৃতিৰ এই গ্ৰীষ্মকালীন ফলবিধ Sapindaceae গোত্ৰৰ অন্তৰ্ভুক্ত। ৰামবুটানৰ গছবোৰ প্ৰায় ১৫-২০ মিটাৰ উচ্চতাযুক্ত হয়। ফলবোৰ ডিম্বাকৃতিৰ আৰু প্ৰায় দুই ইঞ্চি দৈৰ্ঘ, এক-ডেৰ ইঞ্চি প্রস্থযুক্ত হয়। গড় ওজন হিচাপত ফলবোৰ ১৪-৪৫ গ্ৰাম হয়। ফলৰ বহি:আৱৰণীখন প্ৰায় ২-৪ মি.মি. ডাঠ আৰু কোমল, তাত দীঘলীয়া কাঁইট থাকে। যেতিয়া পকিবলৈ ধৰে, এই বহি:আৱৰণীখন ৰঙা বা হালধীয়া বৰণৰ হৈ পৰে। বগা বৰণৰ খোৱাৰ উপযোগী ফলৰ অংশটো অন্তঃভাগত থকা লিচুৰ দৰে এটা গুটিত আবৃত হৈ থাকে। ৰামবুটান ফলৰ সোৱাদক আঙুৰৰ সোৱাদৰ লগত বহুতে তুলনা কৰা দেখা গৈছে।
ৰামবুটান নামটোৰ উৎপত্তি হৈছে মালয় শব্দ “ৰামবুট”-ৰ পৰা, যাৰ অৰ্থ হ’ল “কেশ বা চুলি”। ফলবিধৰ বহি:আৱৰণীত অসংখ্য কেশ বা চুলি সদৃশ গঠনৰ উপস্থিতিয়ে তাকেই সূচায়। এতিয়ালৈকে উদ্ভৱ হোৱা ফলবিধৰ বিভিন্ন জাতৰ ভিতৰত উন্নত জাত কিছুমান হ’ল, লিবাক বুলুচ, বিঞ্জাই, ৰপিয়া, চিমাচন, বি. আৰ ১, আৰ্কা কুৰ্গ অৰুণ, সম্পু ইত্যাদি।
এই গ্ৰীষ্মকালীন ফলবিধক সঠিক বৃদ্ধিৰ বাবে ২২-৩০°ছে. উষ্ণতাৰ পৰিৱেশৰ আৱশ্যক। লগতে ৬০-৮০% আপেক্ষিক আৰ্দ্ৰতাৰ দৰকাৰ। ৰামবুটানৰ গছ ৰোপণৰ বাবে জৈৱিক পদাৰ্থত চহকী বালিচঁহীয়া তথা পলসুৱা মাটি অতি উপযোগী। পানী বৈ যাব পৰা সুবিধা সম্পন্ন পাহাৰীয়া এঢলীয়া ভূমিটো গছবোৰ ৰুৱ পাৰি। ৰামবুটানৰ গছবোৰ গ্ৰাফটিং (grafting), এয়াৰ লেয়াৰিং (air layering), বাডিং (budding) আৰু বীজৰ পৰা প্ৰসাৰণ হয়। বীজৰ পৰা সৃষ্ট গছবোৰক ফল ধৰিবলৈ ৬-৭ বছৰ লাগে। আনহাতে গ্ৰাফটিঙৰ পৰা উৎপন্ন গছবোৰক ফল ধৰিবলৈ ২-৩ বছৰ লাগে।
এতিয়া প্ৰশ্ন হৈছে, ৰামবুটান গছ কেনেদৰে ৰোপণ কৰিব? পুলিবোৰ ৰুবলৈ ৬০ ছে.মি.X৬০ ছে.মি.X৬০ ছে.মি. আকাৰৰ গাঁত প্ৰস্তুত কৰিব লাগিব। তাৰ পাছত, ৰোপনৰ সময়ত দুজোপা গছৰ মাজৰ ব্যৱধান ৬ মি.X৬ মি. ৰাখিব লাগে। ৰোপণৰ পিছতে গছজোপাৰ ওচৰত খুঁটা এটা পুতি দি (staking) গছজোপাক বাঢ়ি আহিবৰ বাবে সুবিধা কৰি দিয়া হয়। বৃদ্ধিৰ প্রথম অৱস্থাত সূৰ্যৰ প্ৰখৰ তাপৰ পৰা পৰিত্ৰাণাৰ্থে গছবোৰক ছাঁৰ প্ৰয়োজন।
পুলি ৰোপণৰ সময়ত খান্দি লোৱা গাঁত বোৰত ০.৫-১ কি.গ্ৰা. গোৱৰ/পচন সাৰৰ লগত ২০০ গ্ৰাম চুপাৰ ফছফেট আৰু ১০০ গ্ৰাম ড’ল’মাইট প্ৰয়োগ কৰি ভালদৰে মিহলি কৰিব লাগে। মনকৰিবলগীয়া যে এইখিনিৰ উপৰিও অন্যান্য কিছুমান অত্যাৱশ্যকীয় সাৰ ৰামবুটানৰ খেতিত প্ৰয়োগ কৰিব লাগে। ৰোপণৰ সময়ত প্ৰতি জোপাতেই ইউৰিয়া ১২০ গ্ৰাম, মিউৰেট অব পটাছ ১১০ গ্ৰাম আৰু ৰক ফছফেট ১১৫ গ্ৰাম প্ৰয়োগ কৰা যুগুত। লক্ষ্যনীয় কথা, ৰোপণৰ ৬ মাহ পিছত প্ৰতি জোপাত ইউৰিয়া- ৬০ গ্ৰাম, মিউৰেট অব পটাছ ৫৫ গ্ৰাম আৰু ৰক ফছফেট ১১৫ গ্ৰাম প্ৰয়োগ কৰিব লাগে। তেনেদৰেই, ৰোপণৰ ১ বছৰ পিছত পুনৰ প্ৰতি জোপাত ইউৰিয়া ৬০ গ্ৰাম, মিউৰেট অব পটাছ ৫৫ গ্ৰাম আৰু ৰক ফছফেট ১১৫ গ্ৰাম দিব লাগে। তাৰ পাছতো কিন্তু সাৰ প্ৰয়োগ কৰি থাকিব লাগিব। ৰোপণৰ ২ বছৰ পিছত প্ৰতি জোপাত ইউৰিয়া ১৮০ গ্ৰাম, মিউৰেট অব পটাছ ৩৪৫ গ্ৰাম আৰু ৰক ফছফেট ১৬৫ গ্ৰাম প্ৰয়োগ কৰাৰ বিধান আছে। ৰোপণৰ ৩ বছৰ পিছত ইউৰিয়া-প্ৰতি জোপাত ৩০০ গ্ৰাম, মিউৰেট অব পটাছ-প্ৰতি জোপাত ২৭৫ গ্ৰাম আৰু ৰক ফছফেট-প্ৰতি জোপাত ৫৭৫ গ্ৰাম প্ৰয়োগ কৰিব লাগে। চতুৰ্থ বছৰৰ পৰা প্রতি ছমাহৰ মূৰে মূৰে সাৰ প্ৰয়োগ কৰি থাকিব লাগে।
পানীৰ ব্যৱস্থাপনা হৈছে ৰামবুটানৰ খেতিৰ এটা দৰকাৰী দিশ। গছৰ বয়স ২-৩ বছৰ হোৱালৈ খৰালি কালছোৱাত নিয়মিতভাৱে পানী যোগান ধৰিব লাগে। ফুল ফুলাৰ সময়ত উপযুক্ত পৰিমাণৰ পানী যোগান নাপালে ফুলবোৰ সৰি যায়, পিছলৈ উৎপাদনত প্ৰভাৱ পৰা পৰিলক্ষিত হয়। Canal বা Drip irrigation-ৰ (টোপাল জলসিঞ্চন) জৰিয়তে গছবোৰক পানী যোগান ধৰিব পাৰি।
ৰামবুটানৰ খেতিত অপতৃণ আৰু পোক-পতংগৰ নিয়ন্ত্ৰণৰ দিশটোক সতৰ্কতাৰে লক্ষ্য ৰখা যুগুত। অপতৃণ নহ’বলৈ গছজোপা ৰোপণৰ সময়তেই ‘mulching’ (মালচিং) পেপাৰ ব্যৱহাৰ কৰা হয়। এই ব্যৱস্থাই বন-বাতৰ বৃদ্ধি হ’ব নিদিয়াৰ লগতে মাটিত থকা পানীখিনি সংৰক্ষিত কৰি ৰাখে। ফল খোৱা পোক (Fruit weevil) নিয়ন্ত্ৰণ কৰিবলৈ পাইৰেথ্ৰাম (৫ ইচি) @ ০.২% প্ৰয়োৰ দিহা দিয়া হয়। গছৰ বাকলি ফুটা কৰা পোক (Bark Borer) নিয়ন্ত্ৰণ কৰিবলৈ ফুটা কৰা অংশটো বোকাৰে ঢাকি দিব লাগে নাইবা কপাহৰ টুকুৰাত/কাপোৰত কেৰচিন তেল লগাই লৈ ফুটা কৰা অংশটোত প্লাগ্ (plug) কৰি দিব লাগে। লিচি ষ্টিংক বাগ (Litchi stink Bug) হৈছে অন্য এটা অনিষ্টকৰ কীট। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ ক্ল’ৰ’পাইৰিফছ (৫০ ইচি)@ ০.২% প্ৰয়োগ কৰাৰ দিহা দিয়া হয়।
ৰামবুটানৰ কিছুমান ৰোগো দেখা যায়। সাধাৰণতে পাউদাৰী মিলদিও (Powdery mildew) নামৰ ভেঁকুৰে ৰামবুটান ফলত অনিষ্ট সাধন কৰা পৰিলক্ষিত হয়। পাউদাৰী মিলদিওৰ আক্ৰমণৰ ফলত ফলবোৰ ক’লা হৈ পৰে আৰু পৰিপক্ক হোৱাৰ আগতেই সৰি যায়। ইয়াৰ প্ৰতিকাৰৰ বাবে ফল ধৰাৰ প্ৰথম পৰ্যায়ৰ পৰাই ছালফাৰ (ভেঁকুৰনাশক) প্ৰয়োগ কৰিব লাগে।
ৰামবুটানৰ ফুল ফুলাৰ পৰা ফল ধৰি পৰিপক্ক অৱস্থা পাবলৈ ১২-১৬ সপ্তাহ সময়ৰ দৰকাৰ হয়। পৰিপক্ক অৱস্থাত বহি:আৱৰণীখন ৰঙা বা হালধীয়া বৰণৰ হৈ পৰে। তেতিয়া ফলবোৰ ছিগিব লাগে। গড় হিচাপত এজোপা গছে বছৰি ২০০-৫০০ ফল উৎপাদন কৰে। ভালদৰে প্ৰতিপালন কৰা এজোপা গছে বছৰি ৫০০-১৫০০ পৰ্যন্ত ফল দিব পাৰে।
ৰামবুটানৰ ফলৰ সংৰক্ষণৰ দিশটোও যথেষ্ট গুৰুত্ত্বপূৰ্ণ। গছৰ পৰা ছিগি অনাৰ পিছত ২৫-৩০°ছে. উষ্ণতাত সাধাৰণতে ৪-৫ দিনলৈ ফলবোৰ ভালে থাকে। নিম্ন উষ্ণতাত (১২° ছে.) ফলবোৰ সংৰক্ষণ কৰাৰ আগত কম ঘনত্বৰ পলিথিন বেগত কিছুমান সৰু বিন্ধা কৰি ভৰাব লাগে। এই পদ্ধতিয়ে ফলৰ আয়ু (shelf life) ১৮ দিনলৈ বঢ়ায়।
এতিয়া শেষৰ প্ৰশ্নটো হ’ল, ৰামবুটান ফলক ব্যৱহাৰ কেনেকৈ কৰা হয়? এই ফলৰ উপকাৰীতাই বা কি? উত্তৰ হ’ল, ৰামবুটানক সতেজ ফল হিচাপে নাইবা অন্য ফলৰ লগত মিহলাই (dessert হিচাপে) খাব পাৰি। তদুপৰি, ইয়াৰ বীজৰ পৰা উৎপাদিত তেল চাবোন প্ৰস্তুত কৰাত ব্যৱহৃত হয়। গছজোপাৰ শিপাও ঔষধি গুণসম্পন্ন। ৰামবুটান ফলৰ বিভিন্ন উপকাৰিতা আছে। ফলটোৰ ৭৮% পানী; লগতে ই ১% প্ৰটিন, আৰু ২১% কাৰ্ব’হাইড্ৰেটে সমৃদ্ধ। তদুপৰি ফলবিধ আৱশ্যকীয় শৰ্কৰা, ভিটামিন B3, ভিটামিন C, মিনাৰেল আৰু এণ্টি-অ’ক্সিডেণ্টত চহকী। ই আইৰণৰ এক উত্তম উৎস হোৱাৰ লগতে ফলবিধে মানুহৰ দেহৰ কলেষ্টেৰ’ল নিয়ন্ত্ৰণত ৰাখে। ৰামবুটানে মানুহৰ হজম শক্তি আৰু শৰীৰৰ ৰোগ-প্ৰতিৰোধী ক্ষমতা (immunity) বঢ়ায়। মধুমেহ, ৰক্তচাপ, হাৰ্টৰ সমস্যা আদিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ইয়াক লাভদায়ক বুলি কোৱা হয়।
(আলোকচিত্ৰসমূহ ইণ্টাৰনেটৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা)