ৰশ্মিৰেখা বৰাৰ ‘ইয়াত নদী আছিল’ গল্পৰ শিল্পচেতনা-(বিতু বড়া)
প্ৰতিটো শিল্প বা সৃষ্টিশীল কৰ্মৰ মান নিৰ্ধাৰিত হয় তাৰ নান্দনিক ক্ষমতাৰ ওপৰত ভিত্তি কৰি৷ সৃষ্টিশীল সাহিত্য হিচাপে গল্পও তাৰ ব্যতিক্ৰম নহয়৷ ২০১০ চনত প্ৰথম প্ৰকাশ পোৱা ৰশ্মিৰেখা বৰাৰ এখন উল্লেখযোগ্য গল্প সংকলন হৈছে ‘শিঙৰাজানৰ ৰূপকথা’৷ এটা সাৰ্থক চুটিগল্পৰ বাবে সুবিন্যস্ত কাহিনী এটাৰ লগতে শিল্পগুণৰ দিশটোও অতি প্ৰয়োজনীয়৷ কাহিনীটোৰ সমান্তৰালভাৱে শিল্প সৌন্দৰ্যই গল্পটো নিটোল ৰূপত উপস্থাপন কৰাত সহায় কৰে৷ ৰশ্মিৰেখা বৰাৰ ‘ইয়াত নদী আছিল’ গল্পটো গল্পকাৰৰ সমাজচেতনাৰ লগতে শিল্পচেতনাৰে বিশেষভাৱে সমৃদ্ধ৷ সোৱণশিৰি নদীৰ বৃহৎ নদীবান্ধক মূল উপজীৱ্য হিচাপে লৈ মাণিক বন্দোপাধ্যায়ৰ ‘শিল্পী’ গল্পটোৰ অৱতাৰণাৰে আৰম্ভ কৰা আলোচ্য গল্পটোত আছে মানৱীয় আত্মিক শক্তিৰ টান৷
নদীয়ে সভ্যতাৰ গতি নিৰ্ধাৰণ কৰে৷ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে একোটা সভ্যতা বৰ্তাই ৰাখিবলৈ সুস্থিৰ আৰু সুস্থ নদীতন্ত্ৰৰ প্ৰয়োজন যুগে যুগে স্বীকৃত হৈ আহিছে৷ ‘ইয়াত নদী আছিল’ গল্পটোৰ নামকৰণলৈ লক্ষ্য কৰিলে এটা কথা নিশ্চিত হ’ব পৰা যায় যে, যদিও প্ৰকৃতাৰ্থত সোৱণশিৰি নদীখনৰ মৃত্যু হোৱা নাই ভৱিষ্যৎদ্ৰষ্টা গল্পকাৰে নদীখনৰ আসন্ন মত্যু দেখিছে৷
শিৰোনামৰ লগে লগে গল্পটোৰ অন্য এটা দিশ উল্লেখযোগ্য আৰু এই দিশটোৱে গল্পটোক বিশেষভাৱে সমৃদ্ধ কৰিছে৷ মূল গল্পটোৰ আৰম্ভণিতে গল্পকাৰে বাংলা গল্পকাৰ মাণিক বন্দোপাধ্যায়ৰ ‘শিল্পী’ নামৰ গল্পটো নিজা ভাষাৰে উপস্থাপন কৰিছে৷ গল্পটোৰ লগত ‘ইয়াত নদী আছিল’ মূল গল্পটোৰ কোনো পোনপটীয়া সাদৃশ্য নাই যদিও ‘শিল্পী’ নামৰ গল্পটোৰ মুখ্য চৰিত্ৰ মদন তাঁতীৰ লগত মূল গল্পৰ জালিৰাম চৰিত্ৰৰ বহু দিশত সাদৃশ্য পৰিলক্ষিত হয়৷ দুয়োটা চৰিত্ৰৰ সমাজ দুখন ভিন্ন যদিও মনস্তাত্ত্বিক দিশৰ পৰা মিল দেখা যায়৷ জালিৰাম চৰিত্ৰক অংকন কৰিবলৈ যাওঁতে গল্পকাৰে মদন তাঁতীক সূক্ষ্মভাৱে অনুধাৱন কৰিবলগীয়া হৈছে আৰু ইয়াৰ ফলতেই জালিৰাম চৰিত্ৰটোও অনুভূতিপ্ৰৱণ হৈ উঠিছে৷ আধুনিক সাহিত্যৰ কবিতা, গল্প যিকোনো শাখাতে অন্য কোনো লেখকৰ ৰচনাৰ উদ্ধৃতিৰে মূল ৰচনা আৰম্ভ কৰাৰ শৈলী এটা গঢ় লৈ উঠিছে যিয়ে মূল বক্তব্যক বুজি পোৱাত সহায় কৰে৷ ৰশ্মিৰেখা বৰাৰ গল্পটোত এই উপস্থাপন কৌশলৰ সঠিক প্ৰয়োগ দেখা গৈছে আৰু ই গল্পটোৰ শিল্পগুণ বৃদ্ধি পোৱাত সহায় কৰিছে৷
গল্পটোত সোৱণশিৰি আৰু ৰঙানদী সম্পৰ্কীয় কিছুমান তথ্যগত বিভ্ৰান্তি পৰিলক্ষিত হয় যদিও সেয়া গল্পকাৰে পাঠকৰ মনত এটা আৱেগ সৃষ্টি কৰিবলৈ নাইবা শিল্পৰ প্ৰয়োজনত উদ্দেশ্যপ্ৰণোদিতভাৱে কৰা বুলিও ধৰি ল’ব পাৰি৷ সেয়া যি কি নহওক, এই নিবন্ধটিত গল্পটোৰ ভাষাশৈলী, আংগিক দিশ (যেনেঃ প্ৰতীক, চিত্ৰকল্প, অলংকাৰ, ব্যঞ্জনা আদি)ৰ সম্পৰ্কে আলোচনা কৰা হ’ব৷
ৰশ্মিৰেখা বৰাৰ ‘ইয়াত নদী আছিল’ গল্পটোত অতি সহজ-সৰল কাব্যিক ভাষা ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷ এই বৈশিষ্ট্যৰ বাবে তেওঁ সহজে সাধাৰণ পাঠকৰ ওচৰ চাপি যাব পাৰিছে৷ অসমীয়া গল্প সাহিত্যত তত্ত্ব আৰু বাদৰ আদৰ বাঢ়ি আহিছে যদিও সাধাৰণ পাঠকে এটা গল্প কেৱল গল্প হিচাপেই বিচাৰে, তত্ত্ব হিচাপে নহয়৷ এই ক্ষেত্ৰত গল্পকাৰে সফলতাৰ পৰিচয় দিছে এনেদৰে- ‘‘তাঁতৰ পাতত ৰিবিগাছেঙৰ ৰং গালে-মুখে সানি ন-বোৱাৰীহঁতে মূৰ দুপিয়ায়৷’’ সেইদৰে, “জালিৰামৰ গাটো কঁপি উঠিল৷ বৰ মায়ালগা নাম এই সোৱণশিৰি৷ বৰ যাদুসনা নাম৷ অতিকৈ বলিয়া, অতিকৈ খেয়ালি এইখন নদী৷ একাঁঠু পানীৰ নৈখন কোন মুহূৰ্তত হিলদল ভাঙি আহে, কোন মুহূৰ্তত শুকাই চিন-চাব নাইকিয়া হয় কোনেও নাজানে৷ কোনো নৰমনিচে ইয়াৰ ওৰ নাপায়৷’’ বাস্তৱ ক্ষেত্ৰত সোৱণশিৰি নদীৰ এনে ৰূপ কেতিয়াও দেখা নাই যদিও গল্পকাৰে পাঠকৰ মনত আৱেগৰ সৃষ্টি কৰি শিল্প সৌন্দৰ্য্য বৃদ্ধি কৰাত সফল হৈছে বুলিব পাৰি৷
‘ইয়াত নদী আছিল’ গল্পৰ শিল্পসৌন্দৰ্য বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আন এটি দিশ হৈছে লোকভাষাৰ প্ৰয়োগ৷ লোকভাষা হ’ল এখন সমাজৰ তথাকথিত আধুনিকতাই স্পৰ্শ নকৰা অনাখৰী মানুহৰ মাজত প্ৰচলিত অকৃত্ৰিম আৰু পাৰিপাৰ্শ্বিক পৰিৱেশ নিয়ন্ত্ৰিত ভাষা৷ যুগ যুগ ধৰি লোকসমাজৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ অকৃত্ৰিম প্ৰাণৰ অফুৰন্ত প্ৰকাশৰ মাধ্যম এই লোকভাষা, যাৰ সৈতে সেই শ্ৰেণীৰ মানুহৰ দেহ-মন-প্ৰাণৰ সম্পৰ্ক সূক্ষ্মতকৈয়ো সূক্ষ্মতম আৰু গভীৰতকৈয়ো গভীৰতম৷ এজন লেখকৰ জৰিয়তে সমসাময়িক সমাজৰ গভীৰতালৈ প্ৰবেশ কৰাৰ ক্ষেত্ৰত অন্যান্য উপাদানৰ লগতে লোকভাষাৰ জ্ঞানৰ পৰাও বহুখিনি উমান পাব পাৰি৷ লোকজীৱনৰ যিকোনো প্ৰকাশভংগী সজীৱ আৰু তথ্যৰ সত্যাসত্য নিৰূপণত লোকভাষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ আলোচ্য গল্পটিত মিছিং লোকজীৱনৰ লগত জড়িত বিভিন্ন শব্দ, সংস্কৃতি আদিৰ উল্লেখ পোৱা যায়৷ এই ক্ষেত্ৰতঃ দঞিঃ-পল’, মুৰংঘৰ, গুমৰাগ, আপং, ৰিবিগাছেং, এগেগাছৰ, কনেং, ঐনিতম, কাবান আদিৰ কথা ক’ব পাৰি৷ ইয়াৰ উপৰিও ঐনিতমৰ কেইবাটাও উদ্ধৃতি গল্পটোত পোৱা যায়৷
‘ইয়াত নদী আছিল’ গল্পৰ বৰ্ণনা ইমানেই শক্তিশালী যে ই একো একোখন ছবি পাঠকৰ মনলৈ আনি দিয়ে, যিয়ে গল্পটো সহজে আকোৱালি ল’বলৈ বাধ্য কৰে৷ গল্পটোত বহুতো চিত্ৰকল্পৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়৷ অধিকসংখ্যক ঠাইতে একোখন সুন্দৰ চিত্ৰ প্ৰস্ফুটিত হৈছে৷ উদাহৰণস্বৰূপে, “জুহালৰ গুৰিত আইতাকৰ সোলা মুখৰ তামোলৰ ৰাগী লগা কথা৷’’ এনেধৰণৰ বৰ্ণনাই এজনী সাৰ্বজনীন আইতাৰ ছবি পাঠকৰ মনলৈ সহজে আনি দিয়ে৷ ক’ব পাৰি যে, চিত্ৰকল্পৰ সাৰ্থক প্ৰয়োগে গল্পটোক সমৃদ্ধ কৰিছে৷
প্ৰতীকৰ প্ৰয়োগ গল্পটোৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য৷ গল্পটোৰ পৰিৱেশ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা প্ৰতীকসমূহৰ ভিতৰত ‘সোৱণশিৰিৰ আকাশত ম’হৰ পালৰ দৰে এজাক ডাৱৰে দুৰ্বল জোনটোৰ লগত লুকা-ভাকু খেলিছে’, ‘শেহ নিশাৰ জোনটো জুইকুৰাৰ পোহৰত আৰু উজ্জ্বল হৈ পৰিছে’ ইত্যাদি বাক্যসমূহ সোৱণশিৰিৰ পাৰৰ লোকসকলৰ আশা-নিৰাশাৰ এক দোদুল্যমান পৰিস্থিতি আৰু আশাবাদৰ প্ৰতীক হিচাপে ব্যৱহাৰ হৈছে৷
অলংকাৰৰ প্ৰয়োগে গল্পটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ গল্পটোৰ আৰম্ভণিতে পোৱা উপমা অলংকাৰৰ এটি সুন্দৰ উদাহৰণ হ’ল, ‘হঠাৎ হেনো পৃথিৱীখনে খঙাল তিৰোতা এজনীৰ দৰে জোকাৰ মাৰি উঠিছিল৷’ সেইদৰে ৰূপক অলংকাৰৰ প্ৰয়োগৰ উদাহৰণ হ’ল, ‘বৰষুণৰ পাছত ডাৱৰৰ মুখেদি আকাশৰ পৰা পোনে পোনে নামি আহিব গলা সোণৰ সূতা৷’
ব্যঞ্জনাময় ভাষাৰ প্ৰয়োগো বৰাৰ গল্পৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য৷ উদাহৰণস্বৰূপে, “কিন্তু ৰূপহীৰ মাটিৰ দৰে ঐনিতমবোৰো যেন শুকাই আহিছে৷ শুকাই কৰ্কৰীয়া মাৰিছে৷ নদীখনে যিমানেই বাট সলাইছে সিমানে নোহোৱা হৈছে সৰিয়হৰ পথাৰবোৰ, মাটিমাহৰ পথাৰবোৰ৷ নিয়ৰত তিতা পুৱাৰ ৰ’দজাকক জিলিকাই তুলিবলৈ ফুলা সৰিয়হৰ পথাৰবোৰ আৰু নাই৷ আৰু দঞিঃ পল’ই জনা কথাবোৰ যেতিয়া মানুহৰ মুখে মুখে বিয়পিল তেতিয়া সকলোৱে বুজি পাইছেঃ নাই, সোৱণশিৰিৰ পাৰত আৰু এটাও ঐনিতম নাথাকিবগৈ৷’’ ঐনিতমবোৰ শুকাই অহা বা ঐনিতম নথকা এনেধৰণৰ বৰ্ণনাৰ পৰা বুজিব পাৰি যে নদীখনৰ মৃত্যুৰ লগে লগে ৰূপহী গাঁৱৰ খেতি-পথাৰ নাথাকিব৷ ঐনিতম যিহেতু কৃষিকেন্দ্ৰীক লোক উৎসৱত পৰিৱেশন কৰা হয়৷ কৃষি নাথাকিলে এই গীতবোৰো লুপ্ত হৈ যোৱাই স্বাভাৱিক৷ এনেধৰণৰ পূৰ্বাভাস ইয়াৰ পৰা পাব পাৰি৷
১৯৫০ চনৰ ভূমিকম্প, ১৯৮৩ চনৰ গুপ্তহত্যা আৰু জংকী-পানে লোককথাৰ প্ৰসংগ উত্থাপন কৰি সমাজৰ এটা জ্বলন্ত সমস্যা দাঙি ধৰা ‘ইয়াত নদী আছিল’ গল্পটোৰ সামাজিক মূল্যও অনস্বীকাৰ্য৷ গল্পকাৰ ৰশ্মিৰেখা বৰাৰ সমাজ চেতনাৰ আভাসো গল্পটোৰ মাজেৰে পাব পৰা যায়৷ এনেবোৰ দিশলৈ লক্ষ্য ৰাখি আন্তঃপাঠগত অধ্যয়ন বা মাণিক বন্দোপাধ্যায়ৰ ‘শিল্পী’ গল্পটোৰ লগত তুলনামূলক অধ্যয়ন আদি বিভিন্ন দৃষ্টিভংগীৰে গল্পটো মূল্যায়ন কৰাৰ থল আছে৷ মুঠৰ ওপৰত শিল্পচেতনাৰে চহকী ‘ইয়াত নদী আছিল’ গল্পটোক সোৱণশিৰিৰ পাৰৰ (ৰূপহী গাৱঁৰ) মিছিং জনজীৱনৰ জীৱন্ত দলিল আখ্যা দিব পাৰি৷