ধৰ্ম, ঐতিহ্য আৰু নেহৰু – (প্রসেনজিৎ চৌধুৰী)
কৰোনা-কালৰ কথা। উত্তেজিত ভংগীৰে এজন সুগঢ়ী ডেকাই ঘোষণা কৰিলে: ‘আমি কৰোনা মহামাৰীৰ কবলত পৰাৰ কাৰণে নেহৰু জগৰীয়া। ‘শ্রোতাবৃন্দ হতবাক: ‘নেহৰু জগৰীয়া?’ আত্যন্তিক আত্মপ্রত্যয়েৰে ডেকাজনে ক’লে : ‘এয়াৰ পৰ্টবোৰ কোনে সাজিছিল? নেহৰুৱে। সেই বাটেৰেই জানো বিদেশৰ পৰা কালান্তক কৰোনা আহি আজি আমাৰ সৰ্বনাশ কৰা নাই?”
নেহৰু-নিন্দা বিশেষ এটা মহলত প্ৰায় ফেচন হৈ পৰিছে। পত্ৰালোচনাৰ মজিয়ালৈ যিটো কৰোনা-কালৰ কৌতুকেৰে তোমাক আদৰণি জনালোঁ তাতেই এই ফেচনৰ আভাস সুস্পষ্ট। পিছে এটা কথাত তুমি নিশ্চিত থাকিব পাৰা ফেচনবশতঃ নেহৰুক নিন্দা কৰাৰ মানসেৰে হাতত কলম তুলি লোৱা নাই। নেহৰু নিশ্চয় সমালোচনাৰ উর্ধ্বত নহয়। কিন্তু নিন্দা আৰু সমালোচনা সমার্থক জানো? তোমাৰ টেবুলৰ এচুকত সসন্মানে স্থায়ী আসন লাভ কৰা ‘হেম-কোষ’-ৰ পাত লুটিয়াই চোৱাচোন। দেখিবা, ‘সমালোচনাৰ’-ৰ এটা আভিধানিক অর্থ হ’ল ‘দোষ-গুণৰ বিচাৰ’। নিন্দাত পিছে সমদৰ্শিতাৰ চিন-মোকাম পাবলৈ নাই। “‘নিন্দা’-ৰ অৰ্থ—‘গৰিহণা, দুর্নাম, তিৰস্কাৰ।” তুমি নিশ্চয় জানা যে বিভিন্নজনে ভিন ভিন দৃষ্টিকোণৰ পৰা নেহৰুৰ ‘দোষ-গুণৰ বিচাৰ’ কৰিছে। এই ধৰণৰ সমালোচনাত্মক পৰ্য্যালোচনাই ঐতিহাসিক পটভূমি, ৰাজনৈতিক পৰিস্থিতি, নেহৰুৰ শ্ৰেণী-অৱস্থান আৰু তৎজনিত সীমাবদ্ধতা অতিক্ৰম কৰাৰ দুৰ্বল/দ্বিধাগ্ৰস্ত প্রয়াস, তেওঁৰ ভাবধাৰাৰ বিৱৰ্তন, ৰাজনীতিৰ বাধ্যবাধকতা আৰু অন্যান্য হেঁচাৰ ওচৰত সেও মনাৰ মানসিকতা আদি বহু দিশ সাঙুৰি লোৱা দেখা যায়। কিন্তু এইবোৰ আমাৰ প্ৰস্তাৱিত পত্ৰালোচনাৰ বিষয় নহয়। শিৰোনামৰ পৰা নিশ্চয় তুমি অনুমান কৰিব পাৰিছা যে নেহৰুৰ চিন্তা আৰু আচৰণৰ বিশেষ এটা দিশৰ ওপৰত আমি সামান্য পোহৰ পেলাবলৈ যত্ন কৰিম। আনুষ্ঠানিক বিনয় দেখুৱাবলৈ এই প্ৰচেষ্টাক ‘সামান্য’ আখ্যা দিছোঁ বুলি নাভাবিবা। সঁচা কথা ক’বলৈ গ’লে আমাৰ মস্তিষ্কৰ ক্ষুদ্র-ক্ষয়িত গুদামত যি পৰিমানৰ মাল-মচলা মজুত আছে তাৰ আলমত প্ৰস্তাৱিত বিষয়টোত ‘সামান্য’ পোহৰ পেলোৱাহে সম্ভৱ, ‘আলোকপাত’ কৰা বুলি ক’লে দম্ভালি মৰা হ’ব।
তুমি নিশ্চয় লক্ষ্য কৰিছা যে যুক্তিবাদৰ জেউতি বা বিজ্ঞানমস্কতাৰ বাৰ্তা বিয়পাই যি সকলে ভাৰতীয় মানসৰ অগ্ৰগতিত অৰিহনা যোগাই আহিছে তেওঁলোকৰ বহুতেই শ্রদ্ধা সহকাৰে নেহৰুৰ বিজ্ঞানমুখী মনন আৰু বক্তব্যৰ বিষয়টো বিশেষভাৱে উল্লেখ কৰে। শংকিত নহ’বা, বিজ্ঞানমস্কতাৰ এইসকল বার্তাবাহকৰ ৰচনাৰ ৰেফাৰেন্সেৰে পত্ৰালোচনাৰ পথ কণ্টকিত কৰি তোমাক বিৰক্ত নকৰোঁ। পিছে নৰেন্দ্ৰ ডাভোলকাৰৰ ‘The Case for Reason’ নামৰ কিতাপখনৰ কথা তোমাক জনোৱা সমীচীন হ’ব বুলি ভাবিছোঁ (তোমাৰ সুৰঞ্জিত বুক-শ্বেলফত কিতাপখন স্পষ্টদৃষ্ট হৈ আছে আজিও।)। ডাভোলকাৰে তেওঁৰ কিতাপখনত ১৯৫৩ চনত নেহৰুৱে National Science Policy সন্দৰ্ভত ব্যক্ত কৰা মূল্যৱান মত উদ্ধৃত কৰিছে : ‘Scientific temperament is a process of thinking, method of action, search of truth, way of life, spirit of a freeman; (N. Dabholkar, P.32) বিজ্ঞানমনস্কতাৰ সমাদৰ-সম্প্ৰসাৰণ কামনা কৰা মানুহচামৰ বাবে নেহৰুৰ এনে দ্ব্যর্থহীন বক্তব্য অবিমিশ্র অনুপ্ৰেৰণাৰ উৎস হৈ পৰাটোৱেই স্বাভাৱিক।
বিশিষ্ট বিজ্ঞানী পুষ্প মিত্ৰ ভাৰ্গৱৰ ‘Nehru and the Scientific Temper’ নামৰ প্ৰবন্ধটো পঢ়িলে তুমি এই অনুপ্ৰেৰণাৰ নিভাঁজ পৰিচয় পাবা। ভাৰ্গৱৰ মতে অধুনা-জনপ্রিয় ‘Scientific Temper’ শব্দযুগলৰ উদ্ভাৱন দৰাচলতে নেহৰুৰেই অৱদান (P.M. Bhargava / Chandana Chakrabarti, P.36)। তোমালোকৰ প্ৰজন্মৰ নিত্যসংগী গুগল-এও একেই তথ্য দিয়ে। ভাৰ্গৱৰ প্ৰবন্ধটোত যে বিজ্ঞানমনস্কতা আৰু নেহৰু সম্পৰ্কে বহু আপুৰুগীয়া কথা আছে তাত কোনো সন্দেহ নাই। পিছে আমাৰ এই পত্ৰালোচনা পঢ়াৰ পিছত তুমি নিশ্চয় অনুভৱ কৰিবা যে বিজ্ঞানী ভাৰ্গৱে নেহৰুৰ কেতবোৰ সীমাবদ্ধতাৰ প্ৰতি চকু দিয়া নাই বা দিয়াটো প্রয়োজন বুলি ভবা নাই। যথাৰ্থপক্ষে কেৱল প্ৰেৰণাৰ কাৰণে কোনো ব্যক্তিক বা কোনো যুগ, ব্যৱস্থা, ধর্ম, ভাবাদর্শ ইত্যাদিক—আৰ্হিৰূপে প্ৰক্ষেপ কৰাৰ প্ৰয়াসত ইতিবাচক/প্রয়োজনীয় দিশবোৰৰ ওপৰতহে সর্বাধিক/একমাত্ৰ গুৰুত্ব দিয়া হয়। ফলস্বৰূপে বৃত্তান্ত হৈ পৰে নিৰ্বাচনাত্মক (Selective)। ভাৰ্গৱৰ উল্লিখিত লেখাটোত এই বৈশিষ্ট্য একেবাৰে নথকা নহয়। অৱশ্যে ইয়াক নিশ্চয় গুৰুতৰ খুঁত বুলিব নোৱাৰি। কিয়নো তেওঁৰ নিবন্ধৰ শিৰোনামে বহু পৰিমাণে বিষয়টোৰ সীমা নিৰ্ধাৰণ কৰি দিছে। তদুপৰি তেওঁৰ সদিচ্ছা-প্ৰসূত উদ্দেশ্যৰ, বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ, কথাও তুমি আওকান কৰিব নোৱাৰা ।
(আভ্যন্তৰীণ টোকাঃ বৃত্তান্ত ৰচনাৰ বেলিকা সাধাৰণতে নিৰ্বাচনৰ প্ৰশ্নটো আহি পৰেই। এই প্ৰসংগত দুটা বিবেচ্য প্ৰশ্ন হ’লঃ নিৰ্বাচনৰ প্ৰকৃত উদ্দেশ্য কি আৰু বস্তুনিষ্ঠতাৰ কাম্য মানদণ্ড যথাসম্ভৱ ৰক্ষা কৰা হৈছে নে নাই? এই দুটা প্ৰশ্নৰ আলমত আলচ কৰিলে তুমি জাতীয়তাবাদী ইতিহাস-ৰচনাত তথ্যৰ অতিৰঞ্জনৰ/অৱদমনৰ চিত্তাকর্ষক চানেকি পাবা। এনে ইতিহাস-ৰচনাৰ উদ্দেশ্য প্ৰেৰণা-উৎপাদনহে, অতীতৰ দোষ-গুণ বিচাৰ কৰি তাৰ পৰা শিক্ষা লোৱা নহয়। আমাৰ আলোচ্য বিষয়টোৰ লগত সংগতি থকা এটা তথ্য তোমাক জনাই থওঁ। জাতীয়তাবাদী উচ্ছ্বাস-উদ্দীপনাই নেহৰুৰ দৰে চিন্তককো কেতিয়াবা গৌৰৱাকাংক্ষী কৰি তুলিছিল। এঠাইত তেওঁ কৈছে যে জাতীয়তাবাদ মানৱ-প্ৰকৃতিত গভীৰভাৱে প্রোথিত আৰু ইয়াৰ উৎপাটনো বাঞ্চনীয় নহয়, ‘Because nationalism ultimately depends on all that is best in us.’ (S.I Habib ed., P.176) এই ধৰণৰ দৃষ্টিভংগীয়ে অতীতৰ বৃত্তান্ত-ৰচনাৰ প্ৰক্ৰিয়াক প্ৰভাৱিত নকৰিব জানো? অন্যত্র নেহৰুৱে অৱশ্যে শ্লাঘনীয় ঔদার্য্য্যৰ পৰিচয় দিছে আৰু জাতীয়তাবাদী অতীত-চৰ্চাৰ আত্ম- প্ৰতাৰণামূলক চৰিত্ৰৰ কথাও উল্লেখ কৰিছে। (Ibid., PP. 179-80)
যিমান দূৰ মনত পৰে, অমর্ত্য সেন আৰু অনীশ্বৰবাদৰ বিষয়ে তোমালৈ লিখা পত্ৰালোচনাত নাস্তিকতা সম্পৰ্কে চূৰ্চুৰীয়াকৈ কিছু কথা জনাইছিলোঁ। বিষয়টো গুৰুত্বপূৰ্ণই নহয়, ঔৎসুক্য উদ্রেককাৰীও। সুস্বাদু বিৰিয়ানিৰ বিনিময়ত তোমাক উপহাৰ বা উপঢৌকন দিয়া বাগ্গিনিৰ নাস্তিক্য বিষয়ক পুথিখনত তুমি এই সম্পর্কে চিন্তাৰ যথেষ্ট খোৰাক পাবা। যেনে, নাস্তিক্যৰ ভূমিকা যে কেৱল ঈশ্বৰৰ নাস্তিত্ব প্ৰতিপন্ন কৰাতেই সীমিত নহয় সেই উপেক্ষিত তথ্যটো তেওঁ সুন্দৰভাৱে উপস্থাপন কৰিছে (J. Baggini, PP.3-4)। পিছে এইবোৰ তত্ত্বগন্ধী কথাত লাগি থাকিলে কেৰেলাতকৈ গুটি দীঘল হ’ব! পোনছাটে নেহৰুৰ প্ৰসংগলৈ অহা যাওক। বহুতে নেহৰুক নিৰীশ্বৰবাদী আখ্যা দিছিল/দিয়ে। প্রাপ্ত তথ্য অনুযায়ী, ৰাজকুমাৰী অমৃত কৌৰ নেহৰুৰ গুণমুগ্ধ আছিল যদিও তেওঁৰ ব্যক্তিত্বৰ এটা বৈশিষ্টৰ প্ৰতি কৌৰৰ বিৰাগ আছিল ‘his inability to believe in God’ (Kamlesh Mohan, P. 205)। সাম্প্রতিক কালতো নেহৰুক নাস্তিক বুলি অভিহিত কৰা লেখক আছে (Bhavdeep Kang, P.36)। আনহাতে নেহৰুৰ মনন আৰু মনোভাবত অজ্ঞেয়বাদ (agnosticism) বিচাৰি পোৱা লেখক-পৰ্য্যালোচকৰ অভাৱ নাই। প্ৰসিদ্ধ লেখক মুল্ক ৰাজ আনন্দ—যি নেহৰুৰ সান্নিধ্যলৈ অহাৰ সুযোগ পাইছিল—তেওঁ নেহৰুৰ মানৱতাবাদত আৱিষ্কাৰ কৰিছে ‘undeclared agnosticism’ (MR. Anand, P.ix)। ৰফিক জাকাৰিয়াইও নেহৰুক অজ্ঞেয়বাদী আখ্যা দিছে (R.Zakaria, P.272)। এইখিনিতে এটা জঁট লগা জটিল প্ৰশ্নৰ সৈতে তোমাক পৰিচয় কৰাই দিওঁ বুলি ভাবিছোঁ। কিতাপে-পত্রই কেতিয়াবা ‘agnostic atheist’- ৰ উল্লেখ পোৱা যায়। এওঁলোকে ঈশ্বৰত বিশ্বাস নকৰে (=atheist), কিন্তু এই কথাও স্বীকাৰ কৰে যে নিজৰ বিশ্বাসহীনতাৰ সমৰ্থনত তেওঁলোকৰ হাতত কোনো প্রমান নাই (=agnostic) (R.L. Poidevin, P.9)। তোমাক জনাব বিচৰা আহুকলীয়া প্ৰশ্নটো হ’লঃ নেহৰু বাৰু ‘agnostic atheist’ আছিল নেকি? এই তৰহৰ মস্তিষ্ক-পীড়নকাৰী প্ৰশ্নৰ উত্তৰ দিয়াৰ ক্ষমতা তথা দক্ষতা আমাৰ নাই। সমিধানৰ সন্ধান যদি পোৱা, জনাবা।
ঈশ্বৰৰ অস্তিত্ব-অনস্তিত্ব সন্দৰ্ভত নেহৰুৱে স্পষ্টকৈ আৰু পোনপটীয়াভাৱে কিবা কৈছে নে নাই সেই বিষয়ে তেওঁৰ ৰচনা, ভাষণ আৰু চিঠিপত্ৰ খৰচি মাৰি পঢ়া নেহৰু-বিশেষজ্ঞসকলেহে ক’ব পাৰিব। কিন্তু এই কথাত কোনো সংশয় নাই যে ধৰ্মৰ প্ৰসংগত নেহৰুৰ অধিকাংশ অভিমত আছিল নির্মোহ, বলিষ্ঠ আৰু প্ৰাঞ্জল। নেহৰুৰ প্ৰসিদ্ধ পুস্তকৰ পৰা যি কেইটা মন্তব্য সযত্নে বুটলি আনি তোমালৈ পঠিয়াম বুলি ঠিৰাং কৰিছোঁ তাৰ মৰ্ম অনুধাবন কৰিলে তুমি এই মীমাংসালৈ আহিব পাৰিবা—মানুহৰ চেতনাৰ চৰিত্ৰ আৰু সামাজিক প্ৰগতিৰ সঞ্চলনৰ ওপৰত বৃহৎ প্রাতিষ্ঠানিক ধৰ্মবোৰৰ ক্ষতিকৰ প্ৰভাৱ সম্পৰ্কে নেহৰুৰ ধাৰণা আছিল পৰিষ্কাৰ আৰু মতামত পোনপটীয়া।
পিছে চিগাৰেটাৰ পেকেটৰ ওপৰত থকা সতর্কবাণীৰ নিচিনাকৈ এইখিনিতে পত্ৰালোচনাৰ পাঠত এটা সতর্কবাণী গাঁঠি দিব বিচাৰিছোঁ: ‘তর্কাতীত যেন লগা সৰলীকৃত সিদ্ধান্তবোৰ গোটে গোটে গিলি পেলোৱাটো বৌদ্ধিক স্বাস্থ্যৰ বাবে হানিকৰ।’ ধৰ্মীয় ঐতিহ্যৰ প্ৰতি নেহৰুৱে দেখুওৱা সপ্রশংস মনোভাৱৰ পৰিচয় পালে তুমি সদ্য-লিখিত সতর্কবাণীৰ সাৰ উপলব্ধি কৰিব পাৰিবা। নেহৰু বিৰচিত আৰু বহুচর্চিত Discovery of India (1946) ৰ অসমীয়া অনুবাদ ‘ভাৰত-সম্ভেদ’ৰ পৰা সংগ্ৰহ কৰা এই দুটা বাক্য পঢ়ি চোৱাচোন : ‘মানৱতাৰ বিকাশ সাধনত ধৰ্ম্মবিলাকে ডাঙৰ সহায় দিছে। সেইবিলাকে মূল্য আৰু মানদণ্ড নিৰ্ধাৰিত কৰি দিছে আৰু মানৱ জীৱন পৰিচালিত হ’বলৈ নীতি নিৰ্দ্দেশ কৰি দিছে’ (জৱাহৰলাল নেহৰু, ২০২০, পৃ : ৫২৪)। খুব সম্ভৱ এইধৰণৰ মত-মন্তব্যৰ কাৰণে ভাৰতৰ যুক্তিবাদী আন্দোলন সম্পর্কে গৱেষণা কৰা জে.কোৱেকে কৈছে : “Nehru’s stance with respect to “religion” is much more ambivalent than that of most rationalists” (J.Quack,P.87)। অর্থাৎ ধৰ্মৰ বেলিকা নেহৰু আকর্ষণ-বিকৰ্ষণৰ দোমোজাত পৰি দ্বিধাগ্ৰস্ত হৈ পৰিছিল। পত্ৰালোচনাৰ পৰৱৰ্তী পৰ্যায়ত আমি এই সন্দৰ্ভত অধিক পৰ্যালোচনাৰ সুযোগ পাম৷ কোৱেকৰ মতে বিজ্ঞানমনস্কতাৰ প্ৰয়োগৰ পৰিসৰ হিচাপে ভাৰতৰ যুক্তিবাদীসকলে ব্যক্তিগত আৰু ৰাজহুৱা জীৱনৰ সকলো দিশ সাঙুৰি লয়। নেহৰুৰ আঁচনি আৰু আকাংক্ষা ইমান ৰেডিকেল নাছিল। নেহৰুৰ ভাৱধাৰাই আচলতে বিজ্ঞান আন্দোলনকহে অনুপ্ৰাণিত কৰে—যি আন্দোলনৰ লক্ষ্য আৰু কাৰ্য-কলাপৰ লগত যুক্তিবাদী আন্দোলনৰ ভালেখিনি সাদৃশ্য দেখা যায় (Ibid., PP.86-87)।
এই কথা বোধহয় জোৰ দি ক’ব পাৰি যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃবৃন্দৰ ভিতৰত ধর্মমুক্ত ব্যক্তি হিচাপে নেহৰুৰ নাম নিঃসন্দেহে লেখত ল’বলগীয়া। অৱশ্যে তেওঁ ভগত সিঙৰ দৰে দৃঢ়কণ্ঠে আৰু দ্ব্যর্থহীনভাৱে ঈশ্বৰৰ অস্তিত্বক নাকচ কৰা নাই। ভগত সিঙে ইতস্ততঃ নকৰাকৈ ঈশ্বৰৰ অস্তিত্ব সন্দৰ্ভত নিজৰ নিকপটীয়া অভিমত ব্যক্ত কৰিছে তেওঁৰ Why I am an Atheist নামৰ বিসম্বাদব্যঞ্জক প্ৰবন্ধত : ‘I deny the very existence of … Almighty Supreme Being; ( S.Verma ed. P.140) ৰাজ-ৰোষত পৰি মৃত্যুৰ দুৱাৰ-ডলিত থিয় হৈ সকাহ-সান্ত্বনাৰ ধৰ্মীয় উৎসক এইদৰে নাকচ কৰাৰ দৃঢ়তা, নিষ্ঠা আৰু সাহস আমাৰ কেইজনৰ আছে? (পত্নীৰ সামান্য জ্বৰ হ’লেই তোমালোকৰ প্রতিবেশী পদার্থ বিজ্ঞানৰ অধ্যাপক গৰাকীয়ে পূজাৰীৰ কাষলৈ দৌৰ মৰাৰ আমোদজনক দৃষ্টান্তটো নিশ্চয় তোমাৰ মনলৈ আহিছে!) নাস্তিক ভগত সিঙৰ দৰে ঈশ্বৰৰ নাস্তিত্ব সন্দৰ্ভত জংগী মনোভাৱ নেদেখুৱালেও নেহৰুৰ Glimpses of World History (১৯৩৪) আৰু Autobiography(১৯৩৬)ত ধৰ্মীয় ঐতিহ্যৰ বিভিন্ন দিশ সম্পর্কে সমালোচনাত্মক মন্তব্য আৰু মূল্যায়নৰ একাধিক নমুনা আছে। নেহৰুৰ ভাব-সমৃদ্ধ মনোভূমিত ভুমুকি মাৰিবলৈ সুচল হ’ব বুলি কেইটামান নমুনা উল্লিখিত গ্ৰন্থ দুখনৰ পৰা সংগ্ৰহ কৰি তোমালৈ পঠিয়ালোঁ :
- বুদ্ধই জন্ম গ্ৰহণ কৰা কালত পুৰণি বৈদিক ধৰ্ম্ম ভাৰতত প্ৰচলিত আছিল। কিন্তু ইতিপূৰ্ব্বে ই পৰিৱৰ্ত্তিত আৰু উচ্চ আসনৰ পৰা স্খলিত হৈছিল৷ ব্ৰাহ্মণ পুৰোহিতসকলে সকলো বিধৰ পাৰ্ব্বন, পূজা আৰু কুসংস্কাৰ প্ৰৱৰ্ত্তন কৰিছিল; কাৰণ পূজা যিমান বেছি হ’ব, পুৰোহিতসকলো সিমান শক্তিশালী হৈ উঠিব। জাতিভেদ কঠোৰতৰ হৈ আহিছিল….. (জৱহৰলাল নেহৰু, ১৯৬৫, পৃঃ ৪৬)
- বুৰঞ্জীত মাজে সময়ে আমি লক্ষ্য কৰিবলৈ পাওঁ যে আমাক উন্নীত আৰু অধিকত ভাল বা সজমনা কৰিবৰ অৰ্থে যি ধৰ্ম্ম অভিপ্রেত হৈছিল, সিয়েই মানুহক জন্তুৰ দৰে আচৰণ কৰিবলৈ উদগায়। তেওঁলোকক কৃতবিদ্য কৰাৰ পৰিৱৰ্ত্তে অন্ধকাৰাচ্ছন্ন কৰি ৰাখিবলৈহে ই যত্নপৰ হোৱা দেখা যায় ৷ তেওঁলোকৰ মন বহল কৰক চাৰি ই তেওঁলোকক প্ৰায়েই সংকীর্ণমনা আৰু আনৰ প্ৰতি অসহনশীল কৰি তোলে। ( উক্ত গ্রন্থ, পৃঃ ৪৬-৪৭)
- ধৰ্ম্ম বুলিলে যি দেখা যায়, অন্ততঃ প্রণালীবদ্ধ যি ধৰ্ম্ম ভাৰত আৰু আন আন দেশত দেখিবলৈ পোৱা যায়, সি মোৰ মনত বিভীষিকাৰ সৃষ্টি কৰে। মই প্ৰায়েই তাৰ নিন্দা কৰি আহিছোঁ আৰু তাক সমূলঞ্চে উঘালি পেলাবৰ মোৰ ইচ্ছা হয়। ই সদায় অন্ধবিশ্বাস আৰু প্রতিক্রিয়াশীলতা, যুক্তিহীন মতবাদ আৰু গোঁড়ামি, কুসংস্কাৰ আৰু শোষণ আৰু ন্যস্ত স্বার্থক লাই দিয়ে। (জৱহৰলাল নেহৰু,১৯৭১,পৃঃ ৩৫১)
- ধৰ্ম্ম সাধাৰণতে ঈশ্বৰ বা পৰমাত্মাৰ লগত মিলিত হ’বৰ কাৰণে অনুসন্ধান আৰু ধাৰ্ম্মিক মানুহে সমাজৰ কল্যানতকৈ নিজৰ মুক্তি লৈয়েই বেছি ব্যস্ত থাকে। নৈতিক আদৰ্শৰ লগত সামাজিক প্রয়োজনৰ কোনো সম্পৰ্ক নাই। …এই কাৰণেই প্ৰণালীবদ্ধ আনুষ্ঠানিক ধৰ্ম্ম স্বাভাৱিকতে ন্যস্ত স্বাৰ্থত পৰেগৈ আৰু সকলো ধৰনৰ পৰিৱৰ্ত্তন আৰু উন্নতিৰ বিৰোধী শক্তি ৰূপে কাৰ্য কৰি থাকে। (উক্ত গ্রন্থ, পৃ : ৩৫৪ )
(আভ্যন্তৰীণ টোকা: নেহৰুৰ উল্লিখিত গ্ৰন্থকেইখনৰ অসমীয়া অনুবাদ উত্তৰাধিকাৰীসূত্রে পোৱা গ্ৰন্থ-সংগ্ৰহত থকাৰ কাৰণে উদ্ধৃতি কেইটা নিজৰ ভাষাতেই তোমালৈ পঠিয়াব পাৰিলোঁ। অনুবাদৰ কামটো বৰ সহজ নহয়। বিশ্বাসযোগ্যতা আৰু সুখপাঠ্যতাৰ সুষম সহঅৱস্থান অনুবাদ-কৰ্মৰ সাফল্যৰ মাপকাঠি। নেহৰুৰ গ্ৰন্থৰ অনুবাদ কিমান দূৰ সফল হৈছে সেই বিষয়ে মন্তব্য দিয়াৰ সামৰ্থ্য আমাৰ নাই। পিছে এটা কথা নিশ্চয়কৈ ক’ব পাৰোঁ— অগা-পিছাকৈ চাৰিটা ইংৰাজী উদ্ধৃতি পত্ৰালোচনাত ঠাই দিয়া হ’লে তোমাৰ ককৰ্থনাৰ কাঁড়ে এই অভাজনক ধৰাশায়ী কৰিলেহেতেঁন। অনুবাদে সেই দশাৰ পৰা ৰক্ষা কৰিলে।)
ওপৰৰ উদ্ধৃতি চাৰিটা পঢ়ি নিশ্চয় তোমাৰ মনলৈ এটা প্ৰশ্ন আহিছেঃ নেহৰুৰ অন্য এখন প্রসিদ্ধ পুস্তক Discovery of India-ৰ পৰা এটাও বাক্য উদ্ধৃত নকৰাৰ কাৰণ কি? গুৰুতৰ কাৰণ একো নাই। পত্ৰালোচনাৰ যথাস্থানত বহুপঠিত এই গ্ৰন্থখনৰ প্ৰসংগ বিশেষভাৱে উল্লেখ কৰা হ’ব কাৰণে তাৰ পৰা বক্তব্য বুটলি আনি তোমালৈ পঠোৱা নাছিলোঁ। পিছে এইখিনিতে উনুকিয়াই থোৱা সমীচীন হ’ব যে Discovery of India তো ধর্মীয় ঐতিহ্যক নেহৰুৱে সমালোচনাত্মক দৃষ্টিকোণৰ পৰা বিচাৰ কৰাৰ দৃষ্টান্ত আছে। এঠাইত তেওঁ ‘মানৱতাৰ বিকাশ সাধনত ধৰ্ম্মবিলাকে ডাঙৰ সহায় দিছে’ বুলি প্রসন্নচিত্তে প্রশংসাসূচক মন্তব্য দিছে। কিন্তু ইয়াতেই তেওঁ ৰৈ যোৱা নাই। ধর্মীয় বিশ্বাসে কেনেকৈ চিন্তা-চেতনাক শৃঙ্খলিত কৰে, সামাজিক অগ্ৰগতিত বাধা দিয়ে তাৰ স্বৰূপ উদঙাই তেওঁ লিখিছে যে মনন আৰু সন্ধিৎসাক উদগনি নিদি ধৰ্মবিলাকে ‘প্ৰকৃতিৰ বশ্যতা, প্রতিষ্ঠিত ধৰ্ম্মমতৰ বশ্যতা, প্রচলিত সমাজ-ব্যৱস্থাৰ বশ্যতা আৰু যি য’ত যেনে আছে সেই সকলোৰে বশ্যতা স্বীকাৰৰ দৰ্শনহে শিক্ষা দিয়ে।’ (জৱাহৰলাল নেহৰু, ২০২০, পৃঃ ৫২৪) এই নির্মোহ-নিৰ্ভয় সমালোচনাৰ লগত যুক্তিবাদী/মার্ক্সবাদী বিচাৰ-বিশ্লেষণৰ সাদৃশ্য মন কৰিবলগীয়া। অৱশ্যে কোনোবাই — আনকি তুমিও — আমি ব্যৱহাৰ কৰা ‘নির্মোহ’ শব্দটো পছন্দ নকৰিব পাৰা। কিয়নো ধৰ্মৰ নৈতিক উদ্দেশ্যক/ভূমিকাক কৰা প্ৰশংসাৰ আঁৰত এক ধৰণৰ মোহ-মিশ্রিত মনোভাবৰ কিছু অৱদান থকাটো আচৰিত নহয়। তোমালৈ পঠিওৱা উদ্ধৃতি চাৰিটাৰ দ্বিতীয়টোত পুনৰ এবাৰ চকু ফুৰাই চালে তুমি দেখিবা যে নেহৰুৰ দৃষ্টিত আদ্য পর্বত ধৰ্মৰ উদ্দেশ্য আছিল মানুহক ‘অধিকতৰ ভাল বা সজমনা’ কৰা। কোনো সন্দেহ নাই যে ধৰ্মৰ বুকুত কিছুমান শ্লাঘনীয় নৈতিক মত আৰু মূল্যবোধক ঠাই দিয়া হৈছে। কিন্তু এইবোৰৰ প্ৰচাৰ আৰু প্ৰয়োগেই ধৰ্মৰ উদ্দেশ্য বুলি ক’লে ধৰ্মৰ জন্ম-বৃত্তান্ত তথা মূল্যায়নৰ সমস্যাটো জটিলতৰ হৈ পৰাৰ সম্ভাৱনা প্ৰচুৰ।
নেহৰুৰ ধৰ্ম বিষয়ক ধ্যান-ধাৰণাৰ বুজ ল’বলৈ যি পত্ৰালোচনাৰ সূচনা তাত প্ৰসংগক্ৰমে গান্ধীৰ কথা আহিবই। স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি উচ্চকুলৰ স্কলাৰ সকলোৰে বাবে এটা তথ্য সুবিদিত— গান্ধী আছিল ধর্মপ্রাণ ব্যক্তি, ঈশ্বৰৰ ঐকান্তিক ভক্ত৷ অৱশ্যে অধিকাংশ ক্ষেত্ৰত তেওঁৰ ধৰ্মৰ সংজ্ঞা আছিল শিথিল, নমনীয় — আনুষ্ঠানিকতাতকৈ অন্তৰাত্মাৰ উপলব্ধি তথা নীতিবোধৰ নিৰংকুশ প্রাধান্য তাৰ এক লেখত ল’বলগীয়া বৈশিষ্ট্য। কিন্তু এই ধৰণৰ ঔদার্য্য- উদ্ভাসিত ধর্মবোধেও গান্ধী আৰু নেহৰুৰ ধৰ্ম-চিন্তাৰ মাজৰ দূৰত্ব দূৰ কৰিব পৰা নাছিল। ১৯৩৩ চনত গান্ধীলৈ লিখা এখন চিঠিত নেহৰুৱে অকুণ্ঠ কণ্ঠে তেওঁৰ বিসম্বাদী বক্তব্য ব্যক্ত কৰা দেখা যায়। তেওঁ লিখিছিল, ধৰ্মবোৰ ‘unreliable guides’ আৰু এইবোৰে মানুহক আৱেগপ্ৰৱনতা আৰু ভাব-বিলাসৰ পিনে লৈ যায়। (A.Dev ed.,P98) একে বছৰতে লিখা অন্য এখন চিঠিত ধর্মনিষ্ঠ গান্ধীক নেহৰুৱে কোনো আবুৰ নোহোৱাকৈ জনাইছিল যে তেঁও যিমান দূৰ সম্ভৱ ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ পৰা আঁতৰি থাকিবলৈ বাঞ্চা কৰে– যথাৰ্থপক্ষে তেঁও ‘wholly non-religious’ হ’ব বিচাৰে। (Ibid.,P.101) বীক্ষণীয় বিষয় হ’ল, ধৰ্ম সন্দৰ্ভত গান্ধী আৰু নেহৰুৰ মাজত মত- বৈসাদৃশ্য থাকিলেও মত-বিনিময়ৰ বাট বন্ধ হৈ যোৱা নাছিল। নেহৰুৱে আনকি মনৰ ভিতৰ- চ’ৰাৰ বিৱৰ্তন-পৰিৱৰ্তনৰ বাৰ্তা গান্ধীক জনাবলৈও ইতস্ততঃ কৰা নাছিল : ‘Religion is not familiar ground for me, and as I have grown older I have definitely drifted away from it;(I.bid.,P98) বাক্যটোত এটা ঔৎসুক্য-উদ্রেককাৰী তথ্যৰ ইংগিত পোৱা যায় আৰু তাৰ ভিত্তিত তুমি প্ৰশ্ন কৰিব পাৰা : জীৱনৰ এটা পৰ্য্যায়ত বাৰু নেহৰু ধৰ্মৰ ওচৰ চাপি গৈছিল নেকি? এই ধৰণৰ আহুকলীয়া প্ৰশ্নৰ আধৰুৱা উত্তৰ দিয়াৰ সামৰ্থ্যও আমাৰ নাই । পিছে গৱেষক ৰামচন্দ্ৰ গুহৰ হাতত ধৰি তুমি নেহৰুৰ পত্ৰৰ পৃথিৱীত ভুমুকি মাৰিলে আপদীয়া প্ৰশ্নটোৰ উত্তৰৰ কিঞ্চিৎ আভাস পাব পাৰা ৷
The Telegraph (15 November, 2014) ত ছপা হোৱা Nehru, the Spiritualist? নামৰ তথ্যপূর্ণ লেখাটোত ৰামচন্দ্ৰ গুহই ১৯২২ চনত নেহৰুৱে গান্ধীলৈ লিখা দুখন চিঠিৰ সম্ভেদ আমাক দিছে। নেহৰুৰ নিৰ্বাচিত ৰচনা-সংগ্ৰহত চিঠি দুখন পাবলৈ নাই, তেওঁৰ চৰিত্ৰকাৰসকলেও আমাক এই বিষয়ে একো জনোৱা নাই। এই গুৰুত্বপূৰ্ণ চিঠি দুখনৰ পৰা জানিব পাৰি যে আগ্ৰাৰ কাৰাগাৰত আবদ্ধ হৈ থাকোঁতে নেহৰুৱে বাইবেলৰ উপৰি ৰামায়ণ, কবীৰৰ ভজন, গীতা আদি গ্ৰন্থৰ অধ্যয়নত মনোনিবেশ কৰিছিল। গান্ধীক তেওঁ এই বুলিও জনাইছিল যে তেওঁৰ যি অলপ ধর্মযুক্ত গ্রন্থ আছিল সেইবোৰ তেওঁৰ বাবে গৌণ (subordinate) হৈ পৰিছিল। ৰামচন্দ্ৰ গুহই সঠিকভাৱেই অনুমান কৰিছে ‘It may have been the Mahatma’s influence that made the young Nehru, in jail, soak himself in the texts and traditions of Hinduism, Islam, Christianity and Sikhism;’ এই বহুধর্মীয় স্থিতিত অৱশ্যে স্থিৰ হৈ নাথাকিল নেহৰু। ধৰ্মৰ প্ৰতি তেওঁৰ মনোভাৱ বিৰূপ হৈ পৰিল। এই ভাবান্তৰৰ আঁৰত দুটা কাৰণ থকা বুলি গুহই ইংগিত দিছে — এক, হিন্দু-মুছলমানৰ সংঘাতৰ তিক্ত অভিজ্ঞতাই নেহৰুক ধৰ্ম- বিমুখ কৰি তুলিলে; দুই, বিজ্ঞানমনস্কতা আৰু ধৰ্মমুক্ততাৰ ধ্বজাধাৰী পশ্চিমীয়া সমাজবাদে নেহৰুৰ চিন্তা-চেতনাক নকৈ গঢ় দিলে। ৰামচন্দ্ৰ গুহৰ মতে কুৰি শতিকাৰ চল্লিশ আৰু পঞ্চাশৰ দশকত মননপৰায়ণ নেহৰুৰ মনস্কামনা আছিল ভাৰতীয় জনসাধাৰনৰ মাজত বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰণ। The Telegraph- ত লিখা প্ৰবন্ধটোৰ শেষাংশত গুহই এটা স্বল্পজ্ঞাত অথচ গুৰুত্বপূর্ণ তথ্য উল্লেখ কৰিছে। জীৱনৰ বিয়লি-বেলাত ডেৰাডুনলৈ গ’লে নেহৰুৱে আনন্দময়ী মা নামৰ এগৰাকী উদাৰমনা ‘spiritual teacher’ ক দেখা কৰিছিল –– যি, গান্ধীৰ দৰেই, ধৰ্মীয় সাৰ্বজনীনতাত বিশ্বাস কৰিছিল। (তেওঁলোকৰ কথোপকথনৰ বিষয় কি আছিল সেই সম্পর্কে একো জনা নাযায় যদিও তুমি যুক্তিসংগতভাৱে অনুমান কৰিব পাৰা যে ধৰ্মীয় দৰ্শনৰ নিগূঢ় তত্ত্ব আৰু তাৰ নিভাঁজ নিৰ্য্যাসৰ স্বৰূপানুসন্ধানেই আছিল আলোচনাৰ বিষয়বস্তু।) ৰামচন্দ্ৰ গুহই তেওঁ লেখাটোৰ মোখানি মাৰিছে এইবুলি —বয়সৰ বোজা বাঢ়ি অহাৰ লগে লগে স্বাস্থ্যৰ অৱনতি আৰু মৃত্যুৰ নৈকট্য অনুভৱ কৰি নেহৰু ‘turned once more to the consolations of religion; অনুমান কৰিছোঁ, গুহৰ এই সিদ্ধান্তৰ শুদ্ধতা সম্পৰ্কে তোমাৰ জিজ্ঞাসু মনত নিশ্চয় সংশয়ৰ সূচনা হৈছে। কিয়নো ধৰ্মীয় দৰ্শনৰ বহুমাত্রিক ব্যঞ্জনাৰ অনুধাবনৰ প্ৰয়াস ধৰ্মীয় সান্ত্বনাৰ সন্ধান নহবও পাৰে।
(আভ্যন্তৰীণ টোকা: আনন্দময়ী মাৰ প্ৰতি নেহৰু-নন্দনা ইন্দিৰা গান্ধীৰ ভক্তিপূৰ্ণ অনুৰক্তি আছিল৷ মৃত্যুৰ দুবছৰ পূৰ্বে শ্ৰদ্ধাৰ্য্য যাচিবলৈ তেওঁ সপৰিয়ালে আনন্দময়ী মাৰ ওচৰলৈ গৈছিল। (Bhavdeep Kang, P.36) ধৰ্ম-গুৰুৰ লগত ইন্দিৰা গান্ধীৰ যি দহৰম-মহৰম তাৰ ভিত্তিত তুমি অৱলীলাক্রমে এই সিদ্ধান্তত উপনীত হ’ব পাৰা: ধৰ্মীয় আচাৰ-সৰ্বস্বতাক নেহৰুৱে যি দৃষ্টিভংগীৰে সমালোচনা কৰিছিল তাৰ ধাৰাবাহিকতা ৰক্ষা কৰাত জীয়েক ব্যৰ্থ হৈছিল। প্ৰথম পৰ্বত ধীৰেন্দ্ৰ ব্ৰহ্মচাৰীৰ অন্ধবিশ্বাসৰ প্ৰতি কিছু বিতুষ্টি ব্যক্ত কৰিলেও ‘Indira Gandhi later developed a deep and personal attachment to godmen, talismans and rituals; (Ibid, P.36) তোমাৰ জ্ঞাতাৰ্থে আৰু এটা তথ্য এই টোকাত গাঁঠি দিছো: জৰুৰীকালীন অৱস্থাৰ জুলুম-জবৰদস্তি পিছত ক্ষমতাচ্যুত হৈ পুনৰ যেতিয়া ইন্দিৰা গান্ধীয়ে ক্ষমতা লাভ কৰিলে তেওঁ জ্যোতিষ-অনুমোদিত শুভক্ষণত ঈশ্বৰৰ নামত শপত লৈছিল। ইয়াৰ পূৰ্বে তেওঁ কেৱল সংবিধানৰ প্ৰতি দায়বদ্ধতা ঘোষণা কৰিহে অংগীকাৰবদ্ধ হৈছিল বুলি জনা যায়। (S. Muralidharan, P. 101) খুব সম্ভৱ ৰাজনৈতিক আপদ-অনিশ্চয়তাই ইন্দিৰা গান্ধীৰ উদ্বেগ-উৎকণ্ঠাৰ মাত্ৰা বঢ়াইছিল –– যাৰ ফলত তেওঁ অন্ধবিশ্বাসৰ অন্ধকাৰ গুহাৰ ভিতৰলৈ বেছিকৈ সোমাই গৈছিল। আমোদজনক কথা হ’ল, ইন্দিৰা গান্ধীৰ প্ৰধান মন্ত্ৰীত্বৰ কলছোৱাতেই, ১৯৭৬ চনত নাগৰিকৰ কৰ্তব্য হিচাপে ‘Scientific temper’ ৰ চৰ্চাৰ বিষয়টো সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। সংবিধানৰ এই ৪২তম সংশোধন ইন্দিৰা গান্ধীয়ে স্বতঃপ্ৰবত্ত হৈ কৰিছিল বুলি ভাবানে? বিজ্ঞানী পি.এম. ভাৰ্গৱৰ লেখাৰ পৰা তুমি জানিব পাৰিবা যে বিজ্ঞানপৰায়ণ বিজ্ঞলোকে ইন্দিৰা গান্ধীক ‘persuade’ কৰাৰ ফলতহে সংবিধানত সংযোজিত হ’ল ভাৰতীয় নাগৰিক শ্লাঘ্য কর্তব্যসমূহ। (P.M. Bhargava / Chandana Chakrabati, P. 42) অৱশ্যে এই কর্তব্যসমূহ, যেনে, ‘scientific temper’-ৰ চৰ্চা/পালন কৰাৰ ক্ষেত্ৰত নাগৰিকৰ মনোভাৱ আৰু চৰকাৰৰ ভূমিকা হতাশাজনক। পত্ৰালোচনাৰ অভ্যন্তৰত ঠাই পোৱা টোকাত বিষয়টো ফঁহিয়াই চোৱাৰ অৱকাশ নাই।)
তোমাক ইতিপূর্বে জনাইছোঁ যে নেহৰুৰ ‘Discovery of India’ৰ প্ৰসংগ বিশেষভাৱে উল্লেখ কৰাৰ সুযোগ আমি পাম। এইখন গ্ৰন্থৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ কাৰণ হ’ল, কুৰি শতিকাৰ চল্লিশৰ দশকৰ মাজভাগত, ভাৰত-ত্যাগ আন্দোলনৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা Discovery of India ত নেহৰুৰ চিন্তা-চেতনাৰ বিৱৰ্তনৰ বাৰ্তা প্রকট। বুৰঞ্জীৰ পাতত বৰ্তমানৰ বীজ বিচাৰি ফুৰা তুমি ভালদৰেই জানা যে জাতীয়তাবাদী ভাবাদর্শই সাধাৰণতে ইতিহাস-চৰ্চাৰ চৰিত্ৰ নিৰ্ধাৰন কৰে৷ এনে ইতিহাসত অতীত হৈ পৰে গৌৰৱময় স্বর্ণযুগ।দ্বন্দ্বহীন, দুর্ভাবনা-ৰহিত এখন দুৰ্লভ পৃথিৱীৰ ছবি জিলিকি উঠে জাতিৰ অতীতৰ বৃত্তান্তত। এই ধৰণৰ জাতীয়তাবাদী ইতিহাসক এগৰাকী সমাজ-বিজ্ঞানীয়ে ‘Myth-history’ আখ্যা দিছে যাৰ অন্যতম বৈশিষ্ট হ’ল, ‘The longest possible genealogy is claimed for the society and culture, the continuity of the present with such antiquity is established non-problematically…’ (G.Aloysius, P.155)
জাতীয়তাবাদী ইতিহাস-ৰচনাৰ এই জাতীয় লক্ষণৰ পৰা নেহৰুৰ Discovery of India সম্পূৰ্ণ মুক্ত বুলি ক’ব নোৱাৰি। জানো, বিজ্ঞানমস্কতাৰ অবিমিশ্ৰ অনুৰাগী হিচাপে তুমি আমাৰ মন্তব্যৰ সমৰ্থনত বিশ্বাসযোগ্য সাক্ষ্য-প্রমাণ বিচাৰিবা। গতিকে অতিৰঞ্জন-ৰঞ্জিত অতীত-চৰ্চাৰ প্ৰমাণ নেহৰুৰ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰি তোমাৰ বিচাৰৰ দৰবাৰত হাজিৰ হৈছোঁ :
- যদি ভাৰতৰ বুকুত কিবা এটা অসীম শক্তি আৰু অটল স্থায়ীত্ব গুণ নেথাকিলেহেঁতেন, ভাৰতে কেতিয়াও হেজাৰ বছৰ ধৰি সাংস্কৃতিক জীৱন প্ৰবাহিত কৰিব নোৱাৰিলেহেঁতেন। (জৱাহৰলাল নেহৰু, ২০২০, পৃঃ ৩৭)
- কোনো জ্ঞান আয়ত্ত কৰিবলৈ নাইবা কোনো বিষয়ত জয়লাভ কৰিবলৈ হ’লে সংযম, আত্ম-নিগ্রহ, আত্ম-ত্যাগৰ প্ৰয়োজন। এই যে মনৰ কঠিন ব্রত বা তপস্যাৰ বিষয়ে অশিক্ষিত জনসাধাৰণ আৰু ওখ খাপত থকা ভাবুকসকলৰ মাজত এটা অনুভৱ আছে, সি ভাৰতীয় চিন্তাৰ জন্মগত সংস্কাৰ। এই অনুভৱটো আজিও তেনেকৈ আছে, যেনেকৈ কিছু হেজাৰ বছৰৰ আগেয়ে আছিল। (উক্ত গ্রন্থ, পৃঃ ৮৬)
- আমি জানো পাহৰিব পাৰোঁ সেই হেজাৰ-বিজাৰ অভিজ্ঞতাবিলাক, যিহেৰে এই প্রাচীন জাতিটো গঢ়া হ’ল আৰু যিবিলাক আমাৰ অৰ্দ্ধচেতন মনোৰাজ্যত পোত খাই আছে। আমি কেতিয়াও তেওঁলোকক নেপাহৰোঁ আৰু সেই সকলৰপৰা যি মহৎ অধিকাৰ তেওঁলোকৰেই সতি-সন্ততি হিচাপে লাভ কৰিছোঁ, সেই অধিকাৰ লৈ গৌৰৱ কৰিবলৈকো নেৰোঁ। যদি ভাৰতবৰ্ষই তেওঁলোকক পাহৰে, ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষ হৈ নাথাকে…. । (উক্ত গ্রন্থ, পৃঃ ৫২২)
প্রাচীন পূৰ্বপুৰুষৰ নিঃচৰ্ত বন্দনাত নেহৰুৰ জাতীয়তাবাদী অতীত-বীক্ষণৰ পৰিচয় সুস্পষ্ট। ধৰ্মীয় পৰম্পৰাৰ বিচাৰৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা কেতিয়াবা পৰিলক্ষিত হয়। কুম্ভ মেলালৈ ভাৰতৰ নানা ঠাইৰ পৰা ‘পূৰ্ব্বপুৰুষসকলৰ পদাঙ্ক অনুসৰন কৰি গঙ্গা স্নান কৰিবলৈ’ অহাৰ সুপ্রাচীন পৰম্পৰাৰ কথা উল্লেখ কৰি নেহৰুৱে দিয়া মন্তব্যটো তাৎপৰ্যপূৰ্ণ – “কি বিপুল শক্তিশালী বিশ্বাস বা ধৰ্ম্মবোধে পুৰুষ পৰম্পৰা জুৰি আমাৰ মানুহক এই বিখ্যাত নদীখনৰ পাৰলৈ টানি আনিব পাৰিছে, তাক ভাবি বিচুৰ্ত্তি খাওঁ।’(উক্ত গ্রন্থ, পৃঃ৩৮) খৰচি মাৰি পঢ়িলে তুমি Discovery of India-ত অতিশয়োক্তি আৰু ধৰ্মীয় ঐতিহ্যৰ প্ৰতি কোমল মনোভাৱৰ আৰু নমুনা পাবা যিবোৰক তুমি ‘discovery’ নুবুলি কোনো কোনো ক্ষেত্ৰত invention বুলিবলৈ হয়তো ভাল পাবা। কোৱা বাহুল্য যে অতীতৰ বৃত্তান্তত সোমাই পৰা উদ্ভাৱন, অতিৰঞ্জন, অতিশয়োক্তিবোৰ আচলতে সাংস্কৃতিক জাতীয়তাবাদৰেই অভিব্যক্তি। Discovery of India-ত নেহৰুৱে মুকলিকৈ এই মত প্ৰকাশ কৰিছে যে অতীতৰ ‘ভালেখিনিৰ লগতো ভাৰতবৰ্ষই সম্পর্ক ছেদ কৰিব লাগিব’, কিন্তু তাৰ অৰ্থ এই নহয় যে অতীতৰ ‘যিটো গুৰুত্বপূৰ্ণ আৰু সঞ্জীৱনী শক্তি’ তাকো আমি বিস্মৃতিৰ গৰ্ভত বিসৰ্জন দিব লাগিব। (উক্ত গ্ৰন্থ, পৃঃ ৫২২) সাধাৰণভাৱে ক’বলৈ গ’লে এই অভিমতৰ লগত সহমত পোষন কৰাত কোনো আপত্তি থাকিব নালাগে। কিন্তু অতীতৰ কোনবোৰ দিশ ‘গুৰুত্বপূৰ্ণ’, অতএব গ্রহনীয়, সেই জটিল প্রশ্নটো অতিশয় জৰুৰী। অলপ অপ্রাসংগিক যেন লাগিলেও এইখিনিতে তোমাক এটা কথা জনাই থওঁ। নেহৰুৰ বিচাৰ অনুযায়ী ‘যি জাতীয় পৰম্পৰাই মানুহৰ হিয়া পূৰ্ণ কৰি থৈছে’ তাৰ লগত ভাৰতৰ কমিউনিষ্টসকলৰ পূৰ্ণ বিচ্ছেদ ঘটিছে – ‘এই দলে বিশ্বাস কৰে যে অতীতৰ প্ৰতি ঘৃণা সাম্যবাদৰ এটা প্রয়োজনীয় অংগ।’ (উক্ত গ্রন্থ, পৃঃ ৫৩০) এই আক্রমনাত্মক অভিযোগৰ ভিত্তি কি সেই বিষয়ে তৎকালীন সাম্যবাদীসকলৰ ৰচনা আৰু ভাষণসমূহ অধ্যয়ন কৰা গৱেষকেহে ক’ব পাৰিব। জকাইচুকত বহি আলোচনীৰ পাতত মাজে-সময়ে ভুমুকি মৰা ব্যক্তিয়ে এই সন্দৰ্ভত মাত নমতাই ভাল। পিছে পৰ্য্যবেক্ষণ আৰু অন্যান্য উৎসৰ পৰা প্ৰাপ্ত এটা সত্যৰ আভাস তোমাক দি থওঁ ঃ নেহৰুৰ যি অবুৰহীন অভিযোগ সি সাম্প্রতিক কালৰ ৰাজনৈতিক বাতাৱৰণৰ পৰা প্ৰতিদিনে প্ৰচুৰ পুষ্টি আহৰণ কৰি এক কালান্তক ৰূপ ধাৰন কৰিছে।
চল্লিশৰ দশকৰ মাজভাগত প্ৰকাশ পোৱা Discovery of India ৰ অতীত আখ্যানত মাজে মাজে যি অতিৰঞ্জনৰ আভাস পোৱা যায় তাৰ আঁৰত সাংস্কৃতিক জাতীয়তাবাদৰ উপৰি অন্য ধৰনৰ ভাবাদর্শগত কাৰকৰ অৰিহনা থকাটো সম্ভৱ। এগৰাকী ৰুছ গৱেষকে নেহৰুৰ ভাবধাৰাৰ বিৱৰ্তন আৰু সমাজবাদৰ সৈতে তাৰ সমন্ধৰ বিষয়ে লিখা কথাখিনি তোমাক জনালে কথাটো কিছু পৰিষ্কাৰ হ’ব। তথ্যনিষ্ঠ গৱেষক গৰাকীৰ মতে ত্ৰিশৰ দশকৰ প্ৰথম পিনে বৈজ্ঞানিক সমাজবাদৰ প্রতি নেহৰুৰ আগ্রহ-আকৰ্ষন শীৰ্ষাৱস্থা পাইছিলগৈ, চল্লিশৰ দশকৰ মাজভাগৰ পৰা এই প্ৰৱণতাৰ প্রাবল্য হ্ৰাস পাবলৈ ধৰে। সমাজবাদৰ প্ৰতি ক্রমে কমি অহা আগ্রহ-আকুলতাৰ ব্যাখ্যা প্ৰসংগত তেওঁ অৰ্থগৰ্ভ আৰু ভাবোদ্দীপক মন্তব্য দিছে : ‘This was caused not only by Nehru’s changing world outlook, but also by the considerations of political expediency; (O.Martyshin, P.78) ধাৰনা হয়, নেহৰুৰ ভাবৰাজ্যলৈ অহা পৰিৱৰ্তনে তেওঁৰ অতীত-বীক্ষণক কোনো কোনো ক্ষেত্ৰত প্ৰভাৱিত কৰিছিল, নির্মোহ আৰু বস্তুনিষ্ঠ দৃষ্টিভংগীৰে দেশীয় অতীতৰ চেহেৰা-চৰিত্ৰ ফঁহিয়াই চোৱাৰ বিচক্ষনতা কেতিয়াবা দেখুৱাব পৰা নাছিল। আগৰ পৰিচ্ছেদত ভাৰতৰ সাম্যবাদীসকলক নেহৰুৱে ছিন্নমূল আখ্যা দিয়াৰ কথা তোমাক জনাইছোঁ। এই অভিযোগাত্মক অভিমতৰ এটা উৎস সম্ভৱত সমাজবাদৰ প্ৰতি নেহৰুৰ আগ্ৰহৰ ক্ষয়িষ্ণুতা।
১৯৬৮ চনত মুল্ক ৰাজ আনন্দই বিশ্ব-ভাৰতীত দিয়া ‘জৱাহৰলাল নেহৰুৰ বক্তৃতা’-ত তুমি Discovery of India সন্দৰ্ভত তেওঁৰ সূক্ষ্মদর্শী মন্তব্য কেইটামান পঢ়িবলৈ পাবা। আনন্দই কৈছে, এইখন গ্ৰন্থত নেহৰুৱে ভাৰতৰ অখণ্ড অতীতৰ তাৎপৰ্য্য অনুধাবন কৰিবলৈ যত্ন কৰা দেখা যায়, যি অতীতৰ প্ৰতি, সমাজবাদী হিচাপে, তেওঁ পূৰ্বে সহমর্মিতা অনুভৱ কৰা নাছিল। (M.R. Anand, P.28) তুমি তো জানাই, নেহৰুৰ ভাবৰাজ্য আছিল মূলতঃ eclectic তেওঁৰ ভাবনাৰ ভূবনত ভিন ভিন উৎসৰ পৰা সংগ্ৰহ কৰা উপাদানৰ সমাবেশ দেখা যায়। নেহৰুৰ স্ববিৰোধিতাৰ স্বৰূপ অনুধাবন কৰিবলৈ মুল্ক ৰাজ আনন্দৰ উল্লিখিত ভাষণৰ এই কথাষাৰে নিশ্চয় তোমাক সহায় কৰিব : ‘The scientist in him seems not to give assent to mysticism, though he feels the pressure of the past heritage in which so many sages have acquiesced.'(Ibid., P. 28 ) এই ‘past heritage’ৰ প্ৰসংগত নেহৰুৰ জাতীয়তাবাদী অতীত-অন্বেষনৰ কথা তোমাক ইতিপূর্বে জনাইছোঁ। আমাৰ সেই বক্তব্য আংশিকভাৱে ইৰফান হাবিৰৰ ‘Jawaharlal Nehru’s Historical Vision’ নামৰ এটা চিন্তাগৰ্ভ নিবন্ধৰ পৰা ধাৰ কৰা।( ঋনেই জানো ৰিক্ত মানুহৰ মূলধন নহয়? আমাৰ ঋনগ্ৰস্ততাৰ বিতং সমাচাৰ তুমি পত্ৰালোচনাৰ পুচ্ছাংশত পাবা।) প্রথিতযশা ঐতিহাসিক হাবিবে নির্মোহ-নিৰপেক্ষ দৃষ্টিভংগীৰে Discovery of India ৰ বস্তুনিষ্ঠ পৰ্যালোচনা দাঙি ধৰি নিবন্ধটোত নিজৰ অকপট অভিমত প্রকাশ কৰিছেঃ ‘As far as india is concerned, it is suddenly elevated to a much higher position than it occupies in the Glimpes of World History and Autobiography; (I. Habib, PP;54- 55) নেহৰুৰ ভাব-জগতৰ ভাবান্তৰৰ আৰত যে জাতীয়তাবাদৰ প্ৰেৰণা-প্ৰৰোচনা সক্ৰিয় তাত কোনো সংশয় নাই। হাবিবৰ লেখাটো পঢ়িলে তুমি অনুভৱ কৰিব পাৰিবা যে Discovery of India ত বিম্বিত জাতীয়তাবাদী অতীত-কাতৰতা (nationalistic nostalgia)ৰ প্ৰৱণতাক তেওঁ মৃদুসুৰীয়া সমালোচনাৰে পৰোক্ষভাৱে নাকচ কৰিছে। আত্মা, জন্মান্তৰবাদ আৰু সংশ্লিষ্ট মতক/বিশ্বাসক ভাৰতীয় ঐতিহ্যৰ গুৰুত্বপূৰ্ণ অংগ বুলি মুক্তকণ্ঠে স্বীকাৰ কৰিও ইৰফান হাবিবে প্ৰচ্ছন্ন আৰু সংযত অসন্তুষ্টিৰে কৈছে যে ঐতিহ্যৰ এই দিশটোক নেহৰুৱে ‘toweringly high position’ দিছে তেওঁৰ ভাৰত বিষয়ক গ্ৰন্থখনত। (Ibid.,P.55)
তোমাৰ বিস্ময়-বিস্ফাৰিত চকু নিশ্চয় কপালত উঠিছে। ভাবিছা, নেহৰুৰ দৰে আধুনিকমনা বিজ্ঞান-অনুৰক্ত মনীষীয়ে আত্মা, জন্মান্তবাদ আদিৰ দৰে অস্বচ্ছ-অপ্রমাণিত ধাৰণাৰ ওপৰত মাত্ৰাধিক গুৰুত্ব দিয়াটো জানো সম্ভৱ? তোমাক নিশ্চয় বহলাই কোৱাৰ সকাম নাই যে জাতীয়তাবাদৰ প্রয়োজন আৰু প্ৰেৰণাই মননশীল মানুহৰো দৰ্শন আৰু দৃষ্টিভংগীলৈ উল্লেখনীয় পৰিৱৰ্তন আনিব পাৰে। নেহৰুৰ প্ৰসংগত এই দিশটোৰ কিঞ্চিৎ আভাস তোমাক ইতিপূর্বে দিছোঁ। এইখিনিতে সাধাৰনতে বিচাৰ-ব্যাখ্যাৰ চৌহদত প্ৰৱেশাধিকাৰ নোপোৱা এটা কথাৰ প্ৰতি তোমাৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰিছোঁ। প্ৰশ্নৰ পোছাক পিন্ধাই উপেক্ষিত কথাটো এইদৰে উপস্থাপন কৰিব পাৰি : যি উচ্চ বর্ণ সাংস্কৃতিক বাতাৱৰণত নেহৰু ডাঙৰ-দীঘল হৈছিল তাত চৰ্চিত কেতবোৰ আধা-ধৰ্মীয়, আধা-দার্শনিক ধাৰণা তেওঁৰ চেতনাত ক্ষেত্রবিশেষে অৱচেতনতো সোমাই পৰিছিল বুলি জানো যুক্তিসংগতভাৱে অনুমান কৰিব নোৱাৰি? খুব সম্ভৱ পাৰি। নেহৰুৰ ৰচনাৰ পৰা সংগ্ৰহ কৰি কেইটামান বাক্যৰ পিছতেই যি উদ্ধৃতি দিম তাতেই তুমি আমাৰ এই অনুমানৰ সমৰ্থনত আভ্যন্তীণ সাক্ষ্য পাবা। কাৰণ আশৈশৱ যি ‘পৰিৱেষ্টন’ত নেহৰু লালিত-পালিত হৈছিল তাৰ প্ৰভাৱ সন্দৰ্ভত প্রাঞ্জল ইংগিত দিছে তেওঁ নিজেই। নেহৰুৰ আত্ম-সমীক্ষণৰ ই এক অৰ্থগৰ্ভ উদাহৰণ। নেহৰুৰ বক্তব্য পঢ়ি তোমাৰ মনলৈ এই ভাব অহাটো স্বাভাৱিক : বৌদ্ধিক যাত্ৰাৰ ক্ষেত্ৰত মনীষী গৰাকীৰ উত্তৰণ ঘটিলেও আৱেগিক স্তৰত সাংস্কৃতিক পৰিমণ্ডলৰ পৰা আহৰিত/অনুপ্রৱিষ্ট ধাৰণা কিছুমান মনৰ কোনোবা স্তৰত সঞ্চিত আছিল। (এই ধৰণৰ ব্যাখ্যাই অপ্রত্যাশিত স্ববিৰোধিতাৰ ৰহস্যোদ্ধাৰ কৰাত তোমাক কেতিয়াবা কিছু সহায় কৰিব পাৰে।) এতিয়া অন্য কথা বাদ দি Discovery of India ৰ পৰা সংগ্ৰহ কৰা কথাখিনি আৰু ব্ৰেকেটৰ ভিতৰত আমাৰ মন্তব্য ও তোমাক জনাওঁ :
- স্বৰূপাৰ্থত মই এই পাৰ্থিৱ জগত আৰু এই জীৱনৰ কাৰণেহে আগ্রহান্বিত। ভৱিষ্যৎ জীৱন বা আন কোনো জগতৰ প্ৰতি মই আস্থাৱান নহওঁ। [এই গৰাকী নেহৰু জীৱনমুখী, যুক্তি- অনুৰাগী।] আত্মা বুলি কিবা পদার্থ আছে নে নাই অথবা মৃত্যুৰ পিচতো জীৱনৰ প্ৰকাশ হয় নে নহয়, মই নাজানো; আৰু এই গুৰু প্ৰশ্নবোৰে মোক অলপো আহুকাল নকৰে৷ [সংশয়বাদৰ ছাঁ মন কৰিছানে?] যি পৰিবেষ্টনৰ মাজত মই উপজিছোঁ সি আত্মা, ভৱিষৎ জীৱন, কাৰ্য্য-কাৰণৰ কৰ্মবাদ আৰু পুনৰ্জ্জন্ম এনেয়েই মানি লয়। মই ইয়াৰ প্ৰভাৱত পৰিছোঁ আৰু সেই দেখি একপ্ৰকাৰ মই এইবোৰ মতৰ সপক্ষেই বুলি ক’ব লাগিব। [নির্মোহ আত্ম-নিৰীক্ষণ হিচাপে এই উক্তি শ্লাঘনীয়। কিন্তু তোমাৰ জিজ্ঞাসু মনলৈ অন্য ধৰনৰ প্রশ্নও আহিব পাৰে। ই বাৰু পৰিৱেষ্টনৰ প্ৰভাৱৰ ওচৰত আত্ম-সমর্পন নেকি? নে নিজৰ ভাবান্তৰৰ সমৰ্থনত যুক্তি-উদ্ভাৱন?] শৰীৰ ধ্বংসৰ পিচতো তিষ্ঠি থকা আত্মাৰ কল্পনা আৰু কাৰ্য্য-কাৰণৰ মতবাদ যি জীৱনটোৰ কাৰ্য্যাৱলী নিয়ন্ত্ৰণ কৰে, যুক্তিপূৰ্ণ বুলি ভাবিব পাৰি। কিন্তু সৰ্ব্বশেষ কাৰণৰ কথা ভাবিলে দেখাদেখিকৈয়ে আহুকালত পৰিবলগীয়া হয়। [তাৰমানে, ‘সৰ্ব্বশেষ কাৰণ’ অর্থাৎ ঈশ্বৰৰ প্ৰশ্নটোহে আহুকলীয়া, আত্মাৰ মৰণোত্তৰ অস্তিত্বৰ ধাৰনাটো ‘যুক্তিপূর্ণ’?] আত্মাৰ কল্পনা কৰিলে পুনৰ্জ্জন্মবাদত অলপ ন্যায় সঙ্গতি থকা যেন লাগে।
- কিন্তু এইবোৰ মতৰ এটাকো নাইবা আন কোনো মত বা অনুমানকো মই ধৰ্মৰ বিষয়বস্তু বুলি নেভাবোঁ। এইবোৰ কেৱল অজ্ঞাত জগত সম্পর্কে বুদ্ধিসুলভ গননা, যি জগতক নজনাটোৱেই আমাৰ একমাত্ৰ সত্য তথ্য। [আত্মা, জন্মান্তৰবাদ আদি বিষয়ক ধৰ্মৰ ধূসৰ প্ৰাংগনৰ পৰা বহিষ্কাৰ কৰাটো জানো সম্ভৱ? এইবোৰৰ দাৰ্শনিক/নৈতিক মাত্রা নিশ্চয় আছে। পিছে নেহৰুৰ সদ্য-উদ্ধৃত বাক্য দুটাৰ ভিত্তিত তুমি প্ৰশ্ন কৰিব পাৰা আত্মা, জন্মান্তৰবাদক ধৰ্মৰ লগত সম্পর্কহীন বুলি ঘোষনা কৰি নেহৰুৱে বাৰু নিজকে ‘অজ্ঞাত জগত’ৰ ধৰ্মমুক্ত অভিযাত্ৰী ৰূপে সংজ্ঞায়িত কৰিব বিচাৰিছে নেকি? যদি বিচাৰিছে, তেনেহ’লে ক’ব লাগিব যে নেহৰুৰ যুক্তি-বিন্যাসত আত্ম-প্ৰতাৰণাৰ উপাদান সোমাই পৰিছে।] (জৱাহৰলাল নেহৰু, ২০২০, পৃ : ১৪)
এইবাৰ নেহৰুৰ ঐতিহ্য-বিচাৰৰ অন্য এটা দিশৰ অলপীয়া পৰিচয় দিম বুলি ভাবিছোঁ। বেদান্তৰ বাৰ্তাৰ প্ৰতি নেহৰুৰ সহানুভূতিশীল মনোভাব তুমি তেওঁৰ ভিন ভিন বক্তব্যত অনুভব নকৰাকৈ নাথাকা ৷ তেওঁ ইতঃ স্তত নকৰাকৈ কৈছে, বেদান্তৰ অদ্বৈতবাদে মোৰ মন আকৰ্ষণ কৰিছে, যদিও তেওঁ এই দাবী কৰা নাই যে সেই সম্পৰ্কে তেওঁৰ গভীৰ জ্ঞান আছে। (উক্ত গ্ৰন্থ, পৃঃ১৫) অৱশ্যে তেওঁ বৈদান্তিক পুনৰুথানৰ কথা কোৱা নাই – ‘সেই দিনৰ মনোভূমিত আমাৰ আৰু প্ৰৱেশ নঘটে। উপনিষদৰ কেতবোৰ উক্তি যে তেওঁৰ বাবে দুর্বোধ্য তাৰ ইংগিতো তেওঁ দিছে। (উক্ত গ্রন্থ, পৃঃ৮৪) পিছে Discovery of India ৰ পাত লুটিয়াই চালে তুমি কেইবা ঠাইতো ঔপনিষদিক ঐতিহ্যৰ মৰ্মবস্তুৰ প্ৰতি নেহৰুৰ আকৰ্ষণৰ সাক্ষ্য পাবা। এটা উদাহৰণ দিও : ‘যি সকলোতে ব্রহ্মক দেখা পায় আৰু ব্ৰহ্মত সকলোকে দেখে তেওঁ কোনো প্রাণীকে আৰু ঘিণ কৰিব নোৱাৰে। যদিও এইটো মাত্র ভাবহে, এইটো নি:সন্দেহ যে, ই জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সহনশীলতা আৰু যুক্তিবাদপ্রিয়তাৰ বাতাবৰণ সৃষ্টি কৰিছে।’(উক্ত গ্ৰন্থ, পৃঃ ৮৪) অনুমান কৰিছোঁ, কপাল কোঁচাই তুমি উদ্ধৃতিটো পুনৰ পঢ়িবা। একদেশদর্শিতা/অতিৰঞ্জনে হয়তো তোমাক কিছু বিৰক্তও কৰিব। তোমাৰ সাম্ভাব্য প্ৰতিক্ৰিয়া খুবেই স্বাভাৱিক। কি ধৰণৰ বিশ্বাস আৰু ব্যৱস্থাক বহুবন্দিত ঔপনিষদিক ঐতিহ্যই কেতিয়াবা প্রশ্রয় দিছিল/দিয়ে তাৰ দুটা নমুনা আমি এইখিনিতে উল্লেখ কৰিব পাৰোঁ-
১) বৃহদাৰণক্য উপনিষদত কোৱা হৈছে যে ব্ৰহ্মই উন্নততৰ মানুহ হিচাপে ক্ষত্ৰিয় আৰু ব্ৰাহ্মণসকলক সৃষ্টি কৰিছিল;
২) ছান্দোগ্য উপনিষদত চন্ডালক কুকুৰ আৰু গাহৰিৰ সমগোত্রীয় বোলা হৈছে। (নৰেন্দ্ৰনাথ ভট্টাচার্য্য, পৃঃ১১৪-১৫)
দাৰ্শনিকতাৰে যিমানেই উদ্ভাসিত নহওক, ঔপনিষদিক ঐতিহ্যৰ এই দিশটো নিশ্চয় ‘সহনশীলতা আৰু যুক্তিবাদপ্রিয়তা’ৰ অনুকূল নাছিল৷ যিমান দূৰ জানো, এই সন্দৰ্ভত নেহৰু নিমাত৷ অতীতৰ পুননিমাৰ্নত নীৰৱতাৰ যে এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে সেই কথা নিশ্চয় তুমি নজনা নহয় । এই নীৰৱতাক তুমি বাঙ্ময় আখ্যা দিব পাৰা ৷
বীক্ষণীয় বিষয় হ’ল, জাতীয়তাবাদী দৃষ্টি আৰু দৰ্শনে নেহৰুৰ মত-মননত ক্ৰমে আধিপত্য বিস্তাৰ কৰাৰ পূৰ্বেই – যেতিয়া মার্ক্সীয় সমাজ-সমীক্ষাৰ প্ৰভাৱ প্ৰবল আছিল, তেতিয়াই আমি তেওঁৰ বেদান্ত-বিমোহিত মনোভাৱৰ অলপীয়া আভাস পাওঁ। ১৯৩১ চনত তেওঁ ডুৰান্টলৈ এই বুলি লিখিছিল : ‘Life for me is real as I belive it to be a spark of the Divine’ (O.Martyshin,P.95) অৱশ্যে এই উপলব্ধিয়ে তেওঁক ধর্মীয় গোড়ামি তথা আনুষ্ঠানিকতাৰ আৱেষ্টনীৰ ভিতৰত আবদ্ধ কৰি ৰখা নাছিল। জীৱনৰ বিয়লি বেলাৰ এটা সাক্ষাৎকাৰতো নেহৰুৱে divine essence বিষয়ক old Hindu idea-ৰ উল্লেখ কৰিছে = ‘that appeals to me in terms of a life force; (Ibid., P.96) [এই ‘life force’ বৈদান্তিক ‘divine essence’ ৰ ‘secularised’ সংস্কৰণ নেকি?] উল্লিখিত সাক্ষাৎকাৰটোত তেওঁ কোনো আবুৰ-আড়ষ্টতা নোহোৱাকৈ কৈছে যে তেওঁ নিজে ধার্মিক ব্যক্তি নহয়। কিন্তু ‘ধর্ম’ শব্দটো শিথিল অৰ্থত প্ৰয়োগ কৰি তেওঁ কৰা ঘোষণাটো বিশেষভাৱে অর্থবহ – my religion is tolerence of all religions, creeds and philosophies; (Ibid, P.96) বেদান্তৰ পৰা বিদায় লোৱাৰ আগতে নেহৰুৱে ১৯৫৮ চনত লিখা ‘The Basic Approach’ শীর্ষক প্রবন্ধটোৰ পৰা সংগৃহিত প্ৰাসংগিক কেইটামান বাক্য তোমালৈ পঠিয়াব বিচাৰিছোঁ। তেওঁ লিখিছে: ‘This argument leads to the old Vedantic conception… that everything has a spark of what might be called the divine impulse or the basic energy or life force which pervades the Universe,… If we really believed in this all pervading concept of the principle of life, it might help us to get rid of some of our narrowness of race, caste or class and make us more tolerant and understanding in our approaches to life’s provlems; (Ibid.,p.98)’ জাতীয় গৌৰৱ আৰু দার্শনিক সন্ধিৎসাৰ বিষয়টো বাদ দিলে সদ্য-উদ্ধৃত কথাখিনি পঢ়ি তুমি অক্লেশে এটা চিত্তাকর্ষক সিদ্ধান্তত উপনীত হ’ব পাৰা: সামাজিক সংহতি আৰু সম্প্ৰীতিৰ স্বাৰ্থতো বৈদান্তিক ঐতিহ্যৰ প্ৰতি নেহৰুৱে সশ্ৰদ্ধ মনোভাৱ দেখুৱাইছিল। সংকীর্ন জাতীয়তাবাদৰ সুতীব্র চাইৰেন বজাই দপদপাই ফুৰা নেতাসকলৰ মনন আৰু মতবাদত তুমি জানো ঐতিহ্যৰ এই ধৰণৰ মূল্যাঙ্কন আশা কৰিব পাৰা ?
(আভ্যন্তৰীণ টোকা: সমাজৰ ক্ষয়-ক্ষতিৰ নিৰাময়ৰ/উপশমৰ উদ্দেশ্যে বৈদান্তিক চিকিৎসা কিমান দূৰ যুক্তি-সমর্থিত আৰু তাৰ সাফল্যৰ সম্ভাৱনা কিমান সেই সন্দৰ্ভত সন্দেহ থকাটো স্বাভাৱিক। পিছে বৈদান্তিক ব্যৱস্থা-পত্ৰৰ সহায়ত সামাজিক ব্যাধি দূৰ কৰাৰ চেষ্টা বহুতেই কৰিছিল/কৰিছে। বিবেকানন্দৰ উক্তি এই প্ৰসংগত স্মর্তব্য : ‘The idea that one man is born superior to another has no meaning in the Vedanta; (Swami Vivekananda, P.43) বেদান্ত সম্পৰ্কে সমসুৰীয়া বক্তব্য পৰৱৰ্তীকালৰ ভাষণ আৰু ৰচনাতো তুমি পঢ়িবলৈ পাবা। কোৱা হৈছে, উপনিষদৰ শিক্ষা আন্তৰিকতাৰে আত্মস্থ কৰিব পাৰিলে ‘আপন-পৰ-ভেদজ্ঞান দূৰ হয়, স্বার্থ-পৰাৰ্থ সংঘাতেৰ বিৰাম ঘটে।’ (যোগীৰাজ বসু, পৃঃ ৭) কেইবছৰমানৰ আগতে প্ৰকাশ পোৱা গ্ৰন্থত শশী থৰুৰে এই বুলি লিখিছে : ‘Advaita Vedanta … lays the philosophical groundwork for the fundamental equality of all human beings; (S. Tharoor, P. 100) কিছু প্ৰাসংগিক যেন লগা আৰু এটা তথ্য তোমাক জনাই থওঁ। বিশ্রুত বিদ্বান পল ডিউছেনে আত্মপ্রত্যয়েৰে কৈছে: ‘….the highest and purest morality is the immediate consequence of the Vedanta; (P. Deussen, P.56)
তোমাৰ বোধহয় মনত আছে, পত্ৰালোচনাৰ প্ৰথমাংশত জে. কোৱেক নামৰ এগৰাকী লেখকৰ গৱেষণাৰ কথা উনুকিয়াইছিলোঁ। তেওঁৰ মতে ধৰ্ম সন্দৰ্ভত নেহৰুৰ স্থিতি আছিল দ্বিধাগ্রস্ত, ‘ambivalent’। (J.Quack,P.87) নিজৰ মতৰ সমৰ্থনত কোৱেকে নেহৰুৰ ৰচনাৰ/ভাষণৰ পৰা কোনো প্রমাণ দিয়া নাই যদিও আমি সহজেই অনুমান কৰিব পাৰোঁ যে মানুহৰ মৰ্মস্থলত ‘divine impulse’ আৱিষ্কাৰ কৰা বৈদান্তিক বীক্ষণৰ সপক্ষে নেহৰুৰ যি সশ্ৰদ্ধ-সমর্থনসূচক স্থিতি সি সম্ভৱতঃ কোৱেকৰ অভিমতৰ অন্যতম উৎস। আনহাতে কোৱেকৰ উল্লিখিত অভিমতৰ অন্য এটা উৎস হ’ব পাৰে ধৰ্ম আৰু নৈতিকতাৰ আন্তঃসম্পর্ক সন্দৰ্ভত নেহৰুৰ ধাৰণা। ধৰ্মৰ লগত নৈতিকতাৰ যি বহুচৰ্চিত সমন্ধ তাৰ চৰিত্ৰ জটিল, বিচিত্ৰ আৰু বিতৰ্কমূলক। এই বিষয়ে তোমাক নজনালেও হ’ব, কিয়নো সেই বিষয়টো সম্পৰ্কে তোমাৰ আগ্ৰহ-অধ্যয়নৰ কথা ভালদৰে জানো৷ আমাৰ এই পত্ৰালোচনাৰ একাধিক ঠাইত নেহৰুৱে ধৰ্মৰ চৰিত্ৰ আৰু ভূমিকাক বিচক্ষণ আৰু বলিষ্ঠ দৃষ্টিভংগীৰে বিশ্লেষণ কৰাৰ দৃষ্টান্ত দিছোঁ৷ পিছে নেহৰুৰ মনে এই ধাৰণাকো প্রশ্রয় দিছিল যে ধৰ্মৰ এটা ইতিবাচক নৈতিক ভূমিকা আছিল। ভুল কৈছোঁ, কেৱল আছিলেই নহয়, আছেও ৷ Discovery of India-ত তেওঁ মুক্তকণ্ঠে ধৰ্মৰ নৈতিক ভূমিকাৰ শলাগ লৈছে। (জৱহৰলাল নেহৰু, ২০২০,পৃঃ ৫২৮)। ডুৰান্টলৈ লিখা চিঠিতো নেহৰুৱে ‘divine essence’-ৰ স্বৰূপোপলদ্ধি লগত নীতিবোধৰ পৰিপূৰ্ণ বিকাশক সম্পৃক্ত কৰিছে। (O.Martyshin,P.95) ১৯৫৩ চনত নেহৰুৱে ব্যক্ত কৰা বক্তব্যত তেওঁৰ মনোভাৱ পৰিষ্কাৰকৈ প্ৰতিফলিত হোৱা দেখা যায় : ‘Religion may be all right when applied to ethics and morals, but if it enters the political sphere it has a minus effect on morals;(Ibid., P.95) গান্ধীয়ে হয়তো এই উক্তি পছন্দ নকৰিলেহেঁতেন৷ পিছে মন কৰিবলগীয়া কথা হ’ল, নেহৰুৱে এই সকীয়নী উচ্চাৰণ কৰাৰ পাঁচ বছৰ পূৰ্বেই ধৰ্মান্ধ লোকৰ হাতত গান্ধী নিহত হৈছিল।
নৈতিকতাৰ উৎস, আধাৰ আৰু ৰক্ষক ধৰ্ম,- আমাৰ সমাজৰ প্ৰায় সকলোৰে মনত কম বেছি পৰিমাণে এই ধাৰণাটো বিদ্যমান। নীৰৱ ব্যতিক্ৰম বা সৰৱ বিসম্বাদী নিশ্চয় আছে তুমি বা তোমাৰ মনস্বী বন্ধু মৈনাক। পূৰ্বৱৰ্ত্তী পৰিচ্ছেদটো পঢ়ি নিশ্চয় অনুমান কৰিব পাৰিছা যে ধৰ্ম আৰু নৈতিকতা সন্দৰ্ভত আমাৰ বহুতৰে মনত যি ধাৰণা আছে তাৰ এটা পৰিশোধিত ৰূপ নেহৰুৰ বাবে গ্রহণযোগ্য আছিল। এই কথা অনস্বীকাৰ্য্য যে কিছু ধৰ্মীয় বিশ্বাস আৰু বিধানৰ নৈতিক মূল্য নথকা নহয়। কিন্তু এইবোৰক নৈতিকতাৰ একমাত্ৰ বা সৰ্বাধিক গুৰুত্বপূৰ্ণ উৎস/আধাৰ বুলি অভিহিত কৰিব পাৰি জানো? (বাক্যটো সতর্কভাৱে পঢ়িবা, অন্যথা বক্তব্য বিকৃত হ’ব!) তুমি ভালদৰে জানা যে নৈতিকতাৰ প্ৰাক-ধৰ্মীয় জন্মেতিহাস আছে আৰু ধৰ্ম-ধৃত সমাজতো তাৰ ধর্মমুক্ত অস্তিত্ব থাকে। এগৰাকী লেখকে প্রাক-ধৰ্মীয় নৈতিকতাৰ বিষয়ে লিখা দুটামান কথা তোমাক এই ছেগতে জনাওঁ ঃ ‘It is likely that it [morality] far pre-dated any form of religion. It would have emerged from the rules of behaviour that governed early hunter- gatherer societies…’ (M Kneale, P. 34) পুনৰাবৃত্তিৰ দোষে চুব বুলি জানিও কৈছোঁ, ধর্ম আৰু নৈতিকতাৰ আন্তঃসম্পৰ্কৰ বিষয়টো বেছ জটিল আৰু বহুমাত্রিক। নেহৰুৰ বেদান্ত-প্ৰীতিৰ প্রসংগত আমি উল্লেখ কৰিছোঁ যে ঔপনিষদিক ঐতিহ্যত বৰ্ণ-ব্যৱস্থাৰ অনমনীয়তা আৰু জাত-প্রথাৰ নিৰ্বিবেক নিষ্ঠুৰতাক সমৰ্থন কৰা শাস্ত্ৰোক্তিও আছে। প্ৰেমৰ বিনন্দীয়া ধৰ্ম হিচাপে বন্দিত খ্রীষ্টীয় ধর্মতো প্রেমহীন নীতি-নিৰ্দেশৰ সাক্ষ্য থকাৰ কথা জনা যায়। যিশুৰ বিষয়ে এগৰাকী লেখকৰ এই নির্মোহ মন্তব্যটো পঢ়াচোন : ‘He wants us to be gentle, meek, and mild, but he himself is far from it; (S. Blackburn,P.12) ছাম হেৰিছেও ল’ৰা-ছোৱালীৰ প্ৰতি খ্ৰীষ্টীয় নীতি-নিৰ্দেশনাৰ মমতাশূণ্য মনোভংগীৰ কথা উল্লেখ কৰিছে। (S.Harris,P.38) ইচলাম ধৰ্মতো তুমি উচ্চতৰ প্ৰমূল্যৰ লগত সম্পৰ্ক নথকা কথা পাবা। পিছে কথা হ’ল, বিষয়টো গুৰুত্বপূৰ্ণ হ’লেও বর্তমান পত্ৰালোচনাত তাৰ পৰ্য্যালোচনা প্রাসংগিক নহ’ব। কেৱল এটা জৰুৰী কথা তোমাক জনাই থওঁ: নেহৰুৰ দৰে মনীষীয়ে যেতিয়া ধৰ্ম আৰু নৈতিকতাক নিঃচৰ্তভাৱে একাকাৰ কৰি পেলায় তেতিয়া ধৰ্মৰ নীতি-নিৰ্দেশৰ অনৈতিক দিশটো অস্পষ্ট/অদৃশ্য হৈ পৰে।
সন্দিগ্ধ হৈ তুমি হয়তো ভাবিছা, ফেচনবশতঃ নেহৰু-নিন্দাত অজানিতেই নিমজ্জিত হৈছোঁ! দৰাচলতে আমি কম পৰিসৰত অলপীয়া সামর্থ্যেৰে নেহৰুৰ ভাব-ভুবনৰ বিশেষ এটা দিশৰ স্বৰূপ অনুধাবন কৰিবলৈ যত্ন কৰিছোঁ সমালোচনাত্মক দৃষ্টিভংগীৰে। দৃষ্টিভংগীৰ এই বৈশিষ্ট্যৰ বাবেই আমাৰ আলোচনাৰ মাজলৈ নেহৰুৰ চিন্তা-ভাবনাৰ সমালোচ্য কথা কিছুমান আহি পৰিছে। পিছে এইখিনিতে পুনৰ তোমাক সোঁৱৰাই দিয়া সমীচীন হ’ব যে ধৰ্মীয় ঐতিহ্যৰ মননশীল মূল্যায়নৰ একাধিক বলিষ্ঠ দৃষ্টান্তও নেহৰুৰ ৰচনাত আছে। এইবোৰৰ আংশিক পৰিচয় তোমাক যথাস্থানত দিছোঁৱেই। এই ইতিবাচক দিশটোক প্রতিনিধিত্ব কৰা আৰু দুটামান দৃষ্টান্ত দিলে আমনি পাবা নেকি? Discovery of India-ত তেওঁ কৈছেঃ ‘হিন্দু ধৰ্ম ধৰ্মবিশ্বাসৰূপে অস্পষ্ট, নিৰ্দ্দিষ্টতাহীন, বহুমুখী আৰু সকলোৰে বাবে সৰ্ব্বজ্ঞাপক।’ (জৱহৰলাল নেহৰু, ২০২০, পৃঃ ৬৫-৬৬)। সনাতন ধৰ্ম সম্পৰ্কে তেওঁৰ যি অভিমত তাত বিসম্বাদৰ বলিষ্ঠ অভিব্যক্তি বিৰাজমান। তেওঁ কোনো দ্বিধা নোহোৱাকৈ কৈছে যে ‘সনাতন ধর্ম’ এই শব্দ দুটা ‘আজি-কালি গোঁড়া সম্প্রদায়ে’ একচেটিয়া কৰি লৈছে। অথচ শব্দদ্বয় বৌদ্ধ আৰু জৈন ধৰ্মৰ ক্ষেত্ৰতো প্রযোজ্য যদিও এই দুটা ধর্ম ‘কেতিয়াও হিন্দু ধর্ম নহয়, বৈদিক ধৰ্মও নহয়।’ (উক্ত গ্রন্থ,পৃঃ ৬৫) এই ধৰণৰ মোহৰহিত মন্তব্য দিয়াৰ সাহস আৰু সততা সম্প্ৰতি প্ৰায় দুৰ্লভ হৈ পৰা নাই জানো? আনহাতে বিসম্বাদৰ বিপ্রতীপ স্থিতিও তেওঁৰ ৰচনাত কেতিয়াবা চকুত পৰে। এঠাইত তেওঁ কৈছে, ‘প্রাচীন শাস্ত্ৰসমূহত যি কথা লেখা আছে, সি এই [ভাৰতীয়] সংস্কৃতিৰেই চিৰউজ্জ্বল প্রকাশ।’ (উক্ত গ্রন্থ, পৃঃ ৬৬) তোমাক বোধহয় নক’লেও হ’ব যে প্রাচীন শাস্ত্ৰসমূহত এনে বহু উক্তি/নির্দেশ আছে যিবোৰক পোনছাটে অনুদাৰ-অনুজ্জল আখ্যা দিব পাৰি, ‘চিৰউজ্জ্বল’ বিশেষণেৰে সিবোৰক বিভূষিত কৰাৰ প্ৰশ্নই নুঠে। নেহৰুৰ এই প্ৰকাৰ শাস্ত্ৰ-শলাগক সমালোচনাৰ পৰা ৰেহাই দিয়াৰ অৰ্থ জানো সমালোচনাত্মক বস্তুনিষ্ঠতাক বিসর্জন দিয়া নহ’ব?
ধৰ্মীয় ঐতিহ্যৰ সমালোচনাত্মক পৰ্য্যালোচনাৰ বেলিকা নেহৰুৰ অন্যতম সহায়ক আৰু সম্বল আছিল বিজ্ঞানমনস্কতা। এই বিজ্ঞানমনস্কতাৰ প্ৰতি আমৃত্যু তেওঁৰ ধাউতি সজীৱ থকা দেখা যায়। অৱশ্যে নেহৰুৰ বিচাৰ অনুযায়ী বিজ্ঞানৰ যি সীমাবদ্ধতা তাৰ সম্ভেদ দিবলৈ সংকোচবোধ কৰা নাই তেওঁ – ‘বিজ্ঞানে মানৱ জীৱনৰ উদ্দেশ্যৰ বিষয়ে সৰহ কোনো কথা নকয়।’ (উক্ত গ্রন্থ, পৃঃ১৩) তুমি কবা, জীৱনৰ উদ্দেশ্যৰ উৱাদিহ দিয়াটো বিজ্ঞানৰ কাম নহয়। কিন্তু সেইটো এটা বেলেগ বিষয়। সেই জটিল বিষয়টোত প্ৰৱেশ বা অনুপ্ৰৱেশ কৰাৰ ধৃষ্টতা আমাৰ নাই। তথাপি তোমাক জনাই থওঁ, বহুতে ভাবে যে জীৱনৰ উদ্দেশ্যৰ প্রগাঢ় প্রশ্নটো আধ্যাত্মিকতাৰ সৈতে সম্পৃক্তা। আনহাতে অনেকে এই মত পোষণ কৰে যে বিজ্ঞান আৰু আধ্যাত্মিকতা (spirituality)ৰ সম্পৰ্ক বৈৰীমূলক। নেহৰুৱে পিছে মৃত্যুৰ দুবছৰমানৰ আগতে বিজ্ঞান আৰু আধ্যাত্মিকতাৰ মিশ্ৰণৰ কথা কৈছিল। আধ্যাত্মিকতা সন্দৰ্ভত তেওঁৰ ব্যাখ্যা আছিল এই ধৰণৰ : ‘I mean by spirituality something deeper and broader than mere religion. It is a part of religion, but is a deeper and broader part of it; (O. Martyshin, P.96) তোমাক অৱশ্যে কৈ থোৱা সমীচীন হ’ব যে ঈশ্বৰ-বিশ্বাস আধ্যাত্মিকতাৰ ‘human self- transcendence’ ৰ নির্বিকল্প পূর্বচত নহয়। (P. Sheldrake, P. 120) অবিমিশ্র অনীশ্বৰবাদত অটল আস্থা থকা চিন্তকৰ লেখাতো তুমি আধ্যাত্মিকতাৰ ধৰ্মবিমুক্ত সংস্কৰণৰ সশ্ৰদ্ধ উল্লেখ পাবা: ‘… Coming out of one’s egocentric shell is the essence of spirituality; (D.D. Bandiste, P.113) এই সংজ্ঞা অনুযায়ী ঐশ্বৰিকতাৰ সৈতে আধ্যাত্মিকতাৰ সম্পৰ্ক নাথাকিবও পাৰে। ওপৰত উল্লেখ কৰা নেহৰুৰ ভাষ্যৰ লগত উক্ত সংজ্ঞাৰ বৈসাদৃশ্য মন কৰিবলগীয়া। খুব সম্ভৱ বৈদান্তিক ঐতিহ্যৰ কথা মনত ৰাখিয়েই নেহৰুৱে আধ্যাত্মিকতাক ধৰ্মৰ গভীৰতৰ আৰু বৃহত্তৰ অংগ বুলি ঠাৱৰ কৰিছিল।
প্রনিধাণযোগ্য কথা হ’ল, বিজ্ঞানৰ কেতবোৰ সীমাবদ্ধতাৰ কথা ক’লেও নেহৰুৱে বিজ্ঞানক গৌণ জ্ঞান কৰা নাই, বৰঞ্চ তাৰ কালোপযোগী গুৰুত্ব আৰু কল্যানকৰ ভূমিকাই তেওঁৰ বক্তব্যত মুখ্য স্থান পাইছে- ‘ভাৰতবৰ্ষই তেনেহ’লে ধৰ্ম্মৰ প্ৰাচুৰ্য্যতা কমাব লাগিব আৰু বিজ্ঞানলৈ মন দিব লাগিব।’ (জৱহৰলাল নেহৰু, ২০২০, পৃঃ ৫৩৪) নেহৰুৱে কৈছে যে ‘জীৱন-ৰহস্য ভেদ’ কৰাৰ বৃথা চেষ্টাত ব্যস্ত থকাতকৈ ‘সত্যৰ অলপকৈ উপলব্ধি কৰি তাকেই আমাৰ জীৱনৰ ব্যৱহাৰত লগোৱাটোহে বেচি ভাল।’ পিছে বিজ্ঞানৰ অৱদান আৰু অপৰিহাৰ্য্যতাৰ কৈয়েই নেহৰুৱে তেওঁৰ বক্তব্য সামৰা নাই। তীক্ষ্ণধী নেহৰুৱে সঠিকভাৱে উপলব্ধি কৰিছিল যে কেৱল বিজ্ঞানৰ বিস্তাৰ আৰু ব্যৱহাৰেই মানুহৰ তমসাচ্ছন্ন মনোভূমি উদ্ভাসিত কৰিব নোৱাৰে। তেওঁৰ সুচিন্তিত সুস্পষ্ট অভিমত হ’ল : ‘ কিন্তু [বিজ্ঞানৰ] ব্যৱহাৰতকৈয়ো বেচি আৰু কিবা এটাৰ প্ৰয়োজন। সেইটো হৈছে বৈজ্ঞানিক দৃষ্টিভংগী…।’ এই সাৰগর্ভ উক্তিৰ পিচত নেহৰুৱে বৈজ্ঞানিক দৃষ্টিভংগীৰ কতিপয় কাঙ্খিত বৈশিষ্ট্যলৈ আঙুলিয়াইছে। যেনে, ‘দুঃসাহসিক কিন্তু যুক্তিমূলক মনোভাব’, ‘পৰীক্ষা নকৰাকৈ কামে-কাজে লগাই নোচোৱাকৈ একোকে গ্ৰহণ কৰিবলৈ অমান্তি,’ ‘মনৰ কঠিন নিয়মানুৱৰ্তিতা’। (উক্ত গ্রন্থ, পৃঃ ৫২৫) বিজ্ঞানমনস্কতাৰ এই চুম্বক চিনাকি দি নেহৰুৱে লিখা কথাখিনি পঢ়ি তুমি নিশ্চয় আহ্লাদিত হ’বা, কিয়নো বিজ্ঞানৰ পোহৰ পোৱা মানুহৰ সৈতে ডিগ্ৰীৰ দীঘল নেজ থকা বিজ্ঞানীৰো দ্বিচাৰিতা দেখি তুমি অত্যন্ত ক্ষোভিত হোৱাৰ চাক্ষুষ প্ৰমাণৰ অভাৱ নাই । নেহৰুৱে লিখিছেঃ ‘আজিৰ দিনৰ অসংখ্য বৈজ্ঞানিকেই বিজ্ঞানৰ নাম লৈ শপত খায়, কিন্তু তেওঁলোকৰ বিশেষ বিশেষ কাৰ্য্যক্ষেত্ৰৰ বাহিৰ হ’লেই বিজ্ঞান একেবাৰেই পাহৰি পেলায়।’ (উক্ত গ্রন্থ, পৃঃ ৫২৫) নেহৰুৰ ক্ষোভোক্তিত তেওঁৰ আক্ষেপ আৰু আকাংক্ষা দুয়োটাৰে বিম্ব বিদ্যমান।
(আভ্যন্তৰীণ টোকা : বিজ্ঞানমনস্কতা বিষয়ক আলোচনা-বিলোচনাত তুমি প্ৰায়ে দুটা শব্দ পাবা ‘scientific temper’ পুষ্পমিত্ৰ ভাৰ্গৱে লিখিছে যে এই শব্দযুগল নেহৰুৰ নিজা উদ্ভাৱন৷ ইয়াৰ প্ৰথম ব্যৱহাৰ পোৱা যায় Discovery of India (১৯৪৬) ত। (P.M Bhargava/Chandana Chakrabarti, P.36) তথ্যটো শুদ্ধ জানো? দুসপ্তাহমানৰ আগতে তুমি পঢ়িবলৈ দি যোৱা সমীক্ষণ নামৰ সুসম্পদিত আলোচনীখনত কমলেশ গুপ্তৰ এটা নিবন্ধ প্ৰকাশ পাইছে। গুপ্তই এঠাইত নেহৰু সম্পর্কে তাৎপর্যপূর্ণ মন্তব্য দিছে। তেওঁ কৈছে, বিজ্ঞানমনস্কতাৰ বিষয়টো ভালদৰে বুজা সত্বেও নেহৰুৱে ‘ইয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথাযোগ্য ভূমিকা লোৱা নাছিল নাইবা ল’ব পৰা নাছিল বুলি ক’লে ভুল নহ’ব।’ (সমীক্ষণ, জানুৱাৰী-মাৰ্চ,২০২৪,পৃঃ৪৮) বৰ্তমান টোকাত অৱশ্যে আমি বেলেগ এটা কাৰণেহে নিবন্ধটোৰ প্ৰসংগ উল্লেখ কৰিছোঁ। গুপ্তৰ লেখাটোৰ পৰা জনা যায় যে ‘scientific temper’ শব্দযুগল ১৯২২ চনত বাৰ্ট্রান্ড ৰাছেলে ব্যৱহাৰ কৰিছিল। (সমীক্ষণ, পৃঃ৪৭) খেলি-মেলি লাগি গ’ল! ইমান দিনে শুদ্ধ বুলি ভাবি অহা তথ্যটো এটা প্রশ্নবোধক চিনৰ সন্মুখীন হ’ল। কমলেশ গুপ্তলৈ ফোন কৰিলোঁ। তেওঁ জনালে যে ৰাছেলে ‘On Education’ নামৰ লেখা এটাত শব্দযুগল ব্যৱহাৰ কৰিছে। অধিক তথ্যৰ সন্ধানত অনুজ- প্রতিম কৌশিক দাসৰ সাহায্য-প্রার্থী হলো। বিচিত্ৰ তথ্যৰ অন্বেষণত ইন্টাৰনেটৰ পথ-উপপথেৰে সপ্রতিভ বিচৰণত অভ্যস্ত কৌশিকে ততালিকে যোগান ধৰা তথ্যৰ ভিত্তিত তোমাক এই কেইটা কথা ক’ব পৰা হৈছোঁ: ১৯২৩ চনত প্ৰকাশ পোৱা ‘On Education’ নামৰ গ্ৰন্থত ৰাছেলে ‘scientific temper’ শব্দযুগল ব্যৱহাৰ কৰিছে। এবছৰ পূৰ্বে তেওঁ South Place Institute- Free Thought and Official Propaganda শীৰ্ষক ভাষণত উল্লিখিত শব্দ দুটা একাধিক বাৰ প্ৰয়োগ কৰা দেখা যায় ৷ এই নতুন তথ্যৰ আলমত ভাৰ্গৱ-পৰিৱেশিত তথ্যটো শুধৰাই আমি ক’ব পাৰোঁ: এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুযায়ী নেহৰুৰ বহু পূৰ্বে ১৯২২ চনত ৰাছেলে ‘scientific temper’ শব্দদ্বয় ব্যৱহাৰ কৰে ৷ ভাৰতত ইয়াৰ প্ৰচলন সম্ভৱতঃ নেহৰুৱে আৰম্ভ কৰে। তোমাক নিশ্চয় সোঁৱৰাই দিয়াৰ দৰকাৰ নাই যে নতুন তথ্যৰ পোহৰত পুৰণি ধাৰণাৰ/সিদ্ধান্তৰ সংশোধন (বা বাতিলকৰণ) বিজ্ঞানমনস্কতাৰেই লেখত ল’বলগীয়া লক্ষণ।)
পত্ৰালোচনাৰ এঠাইত এই বুলি লিখিছোঁ যে বিজ্ঞানমনস্কতাৰ প্ৰতি নেহৰুৰ ধাউতি আমৃত্যু সজীৱ আছিল ৷ তুমি নাভাবিবা যে ‘আমৃত্যু’ শব্দটো আমি আৱেগাধিক্যবশতঃ অথবা অসাৱধানতাবশতঃ ব্যৱহাৰ কৰিছোঁ। ধৰ্মীয়-দাৰ্শনিক ঐতিহ্যৰ দুই-এটা দিশৰ প্ৰতি নেহৰুৱে কোমল/সশ্রদ্ধ মনোভাৱ দেখুৱালেও ধৰ্ম-বিশ্বাসৰ গোড়ামি, স্থূলতা তথা সংকীৰ্ণতা আৰু সেই বিশ্বাসৰ লগত জড়িত আচাৰ-অনুষ্ঠানৰ প্ৰতি নেহৰুৰ আছিল অবিমিশ্ৰ বিৰাগ-বিৰূপতা। ইয়াৰ দ্ব্যর্থহীন দৃষ্টান্ত তেওঁ থৈ গৈছে শেষ ইচ্ছা-পত্ৰত। গতিকে তুমি নিশ্চয় অনুমান কৰিব পাৰিছা যে ঘাইকৈ নেহৰুৰ ইচ্ছা-পত্ৰৰ বক্তব্যৰ আধাৰতেই আমি ‘আমৃত্যু’ শব্দটো প্ৰয়োগ কৰাৰ যুক্তিযুক্ততা বিচাৰি পাইছোঁ। কি আছিল নেহৰুৰ ইচ্ছা-পত্ৰত? মৃত্যুৰ পিছত সুপ্রাচীন ধৰ্মীয় ঐতিহ্যৰ লগত সংগতি ৰাখি পৰম্পৰা- অনুমোদিত ক্রিয়া-কাণ্ড হোৱাটো তেওঁ বিচাৰিছিল নেকি? তেওঁৰ মন-মনন-মনোভাবৰ কি পৰিচয় পৰিস্ফুট হৈছে উল্লিখিত ইচ্ছা-পত্ৰত? প্রশ্নবোৰৰ উত্তৰ পাবা তেওঁৰ অন্তিম পত্ৰত সন্নিৱিষ্ট অন্তিম অকপট নির্দেশত :
- I wish to declare with all earnestness that I do not want any religious ceremonies performed for me after my death… I do not belive in any such ceremonies and to submit to them, even as a matter of form would be hypocrisy and an attempt to delude ourselves and others. (J.Quack, P. 235)
নেহৰুৰ মত আৰু মনস্কামনা উপেক্ষিত হ’ল, তেওঁৰ অন্তিম অভীপ্সাক কোনেও গুৰুত্ব নিদিলে। ধর্মীয় বিশ্বাস আৰু বিধান অনুসাৰেই নেহৰুৰ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠিত হ’ল। আচৰিত হৈছা? নেহৰুৰ একমাত্ৰ সন্তান ইন্দিৰা গান্ধীয়ে যে দেউতাকৰ বিসম্বাদী চিন্তাধাৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাছিল তাৰ ইংগিত এটা টোকাত তোমাক দিছোঁৱেই। নেহৰুৰ ৰাজহুৱা ভাবমূৰ্তি (public image) ত যাতে ধর্মদ্রোহিতাৰ চেকা নালাগে তালৈ তেওঁৰ দলৰ নেতৃবৃন্দই চকু দিছিল বুলি অনায়াসে অনুমান কৰিব পাৰি। এই সতর্কতাৰ অন্যতম উদ্দেশ্য নিশ্চয় ৰাজনৈতিক স্বাৰ্থৰ সুৰক্ষা। গতিকে নেহৰুৰ ইচ্ছাপত্ৰৰ বিৰুদ্ধাচৰণ কোনো অপ্রত্যাশিত ঘটনা নহয়।
পত্ৰালোচনা সামৰিব হ’ল যদিও আৰু এটা কথা তোমাক জনোৱাৰ লোভ সম্বৰণ কৰিব পৰা নাই। নেহৰুৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হোৱাৰ পিছত ‘জৱহৰ-জ্যোতি’ লৈ সমগ্ৰ দেশ ভ্রমণ কৰাৰ আঁচনি লোৱা হৈছিল। সেই সময়ত সাদিনীয়া নৱযুগ-ত সু সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই এটা ভাবগৰ্ভ সাৰুৱা সম্পাদকীয় লিখিছিল। সম্পাদকীয়টোৰ এই দুটা বাক্য পঢ়াচোন : ‘[লাল বাহাদুৰ] শাস্ত্ৰীজীয়ে একুৰা জুইত জৱাহৰলালক পুনৰ জনম দিয়াটো অযুক্তিকৰ হৈছে…. । তদুপৰি এই ‘জৱাহৰ-জ্যোতি’ জ্বলাই শাস্ত্রীজীয়ে নেহৰুৰ অন্তিম ইচ্ছা-পত্ৰখনৰ ইচ্ছাকো অৱমাননা কৰিছে।” (১৯৬৪ চনৰ ডিচেম্বৰ মাহৰ ২৩ তাৰিখৰ ‘সাদিনীয়া নৱযুগ’-ত প্ৰকাশিত এই সম্পাদকীয়টোৰ পুনর্মুদ্রন তুমি সমীক্ষণৰ উল্লিখিত সংখ্যাটোত পাবা।) ভট্টাচাৰ্য্যই লিখা সম্পাদকীয়টোত তুমি আৰু এটা তাৎপৰ্যপূৰ্ণ তথা দূৰদৃষ্টি-সমৃদ্ধ উক্তি (নে সতৰ্কীকৰণ?) পঢ়িবলৈ পাবা : ‘ৰাজনৈতিক ক্ষেত্ৰত অন্ধবিশ্বাস সোমালে অন্ধ জাতীয়তাবাদৰ সৃষ্টি হৈ একনায়কত্ববাদ আৰু ফেছীবাদৰ জন্ম হয়।’ পিছে অন্ধবিশ্বাসত নিমজ্জিত আৰু ক্ষমতাৰ ক্ষুধাত মত্ত নেতৃবৃন্দৰ পৰা ইমান গভীৰলৈ গৈ চিন্তা-চৰ্চা কৰাৰ আগ্ৰহ আৰু সামৰ্থ্য জানো আশা কৰিব পাৰি? নেহৰুৰ নিজৰ মনতো নিশ্চয় তেনে আশা নাছিল। তেওঁৰ নিজৰ বক্তব্যতেই তুমি আমাৰ এই অনুমানৰ সমৰ্থন পাবা। ঋজু ভংগীৰে তেওঁ লিখিছেঃ ‘আমাক কোৱা হয় যে আজি আমি বিজ্ঞানৰ যুগত বাস কৰিছোঁ, কিন্তু এই মনোভাবৰ প্ৰমাণ কোনো ঠাইৰেই মানুহৰ মনত নাই বুলিলেই হয়; অইন কি তেওঁলোকৰ নেতৃবৃন্দৰো নাই বুলিব পাৰি।’ (জৱাহৰলাল নেহৰু, ২০২০, পৃঃ ৫২৬) সম্প্রতি এই ধৰণৰ খেদোক্তিৰ প্রাসংগিকতা অবিশ্বাস্যভাৱে বাঢ়িব ধৰিছে। ফলস্বৰূপে বিজ্ঞানমনস্কতাৰ চৰ্চা, জনপ্ৰিয়কৰণ আৰু অনুশীলনৰ প্ৰয়োজনো অধিক জৰুৰী হৈ পৰিছে ।
গ্রন্থপঞ্জী::
১) O. Martyshin, Jawaharlal Nehru and His Political Views, Moscow 1989
২) M.R. Anand, The Humanism of Jawaharlal Nehru, Calcutta, 1978
৩) I. Habib, The National Movement: Studies in Ideology and History, New Delhi, 2013.
8) J.Quack, Disenchanting India: Organised Rationalism and Criticism of Religion in India, New York, 2012
৫) P.M. Bhargava / Chandana Chakrabarti, Angles, Devil and Science : A Collection of Article on Scientific Temper, New Delhi, 2010
৬) A. Dev ed., Gandhi Nehru Correspondence: A Selection, New Delhi, 2011
৭) S.Verma ed., Selected Writings of Shaheed Bhagat Singh, New Delhi,1986
৮) S.I.Habib ed., Indian Nationalism : The Essential Writings, New Delhi, 2017
৯) G. Aloysius, Nationalism without a Nation, New York, 2000
১০) M. Kneale, An Atheist’s History of Belief : Understanding Our Most Extraordinary Invention, London, 2013
১১) S.Harris, The Moral Landscape : How Science Can Determine Human Values, New York, 2011
১২) Bhavdeep Kang, Gurus : Stories of India’s Leading Babas, New Delhi, 2016
১৩) N. Dabholkar, The case for Reason: Understanding the Anti-Superstition Movement, Chennai, 2018
১৪) S. Muralidharan, The Nation and its Citizens : Tales of Bondage and Belonging, New Delhi, 2022
১৫) K. Mohan, Towards Gender History : Images, Identities and Roles of North Indian Women, Delhi, 2007
১৬) D.D Bandiste, Lighthouses in the Dark Seas: Essays in Rationalism, Dombivali, 2005
১৭) R.L. Poidevin, Agnosticism : A Very Short Introduction, Oxford, 2010
১৮) S.Blackburn, Ethics : A Very Short Introduction, Oxford, 2003
১৯) P. Sheldrake, Spirituality : A Very Short Introduction, Oxford, 2012
২০) J. Baggini, Atheism: A Very Short Introduction, Oxford, 2003
২১) R. Zakaria, Discovery of God, Mumbai, 2000
২২) P.Deussen, Outlines of Indian Philosophy, New Delhi, 1999
২৩) Swami Vivekananda, Caste, Culture and Socialism, Calcutta, 1978
২৪) S. Tharoor, Why I am a Hindu, New Delhi, 2018
২৫) জৱাহৰলাল নেহৰু, বিশ্ব ইতিহাসৰ জিলিঙনি, প্রথম খণ্ড, গুৱাহাটী, ১৯৬৫
২৬) জৱাহৰলাল নেহৰু, আত্মজীৱন চৰিত, গুৱাহাটী, ১৯৭১
২৭) জৱাহৰলাল নেহৰু, ভাৰত সম্ভেদ, গুৱাহাটী, ২০২০
২৮) নৰেন্দ্ৰনাথ ভট্টাচাৰ্য্য, ভাৰতীয় ধৰ্মেৰ ইতিহাস, কলিকতা, ১৯৭৭
২৯) যোগীৰাজ বসু, উপনিষদে ভাবাদর্শ ও সাধনা, শান্তিনিকেতন, ১৯৭৫
কাকত/আলোচনীঃ
The Telegraph, 15 November, 2014
সমীক্ষণ, (সম্পাদক : পৰমানন্দ মজুমদাৰ), জানুৱাৰী-মাৰ্চ, ২০২৪
(প্ৰচ্ছদ অংকন: অজিত শইকীয়া)