কেন্দ্ৰীয় নিবন্ধ

ৰিচাৰ্ড ড’কিন্স :: যুক্তিৰ সপক্ষে এক অক্লান্ত যোদ্ধা – (পূৰৱী দেৱী)

২০০৭ চনত “Galaxy British Book Award” লাভ কৰা এখন কিতাপে ইংলেণ্ডত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। কিতাপখনৰ সপক্ষে আৰু বিপক্ষে ওকালতি কৰা মানুহৰ সংখ্যা কম নাছিল। পণ্ডিতমহলৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজতো পুথিখনে তৰ্ক-বিতৰ্কৰ পাতনি মেলিছিল। আমাৰ ঘৰৰ কাষৰ স্থানীয় গিৰ্জা ঘৰত গিৰ্জাৰ যাজকে দিয়া এক বক্তৃতা শুনাৰ সৌভাগ্য আমাৰ হৈছিল। বক্তৃতাৰ শিৰোনামা আছিল “Darwin, Dawkins and Daftness”। বক্তৃতাৰ বিষয়টো আছিল উক্ত কিতাপখনৰ সৈতে সম্পৰ্কিত। অৰ্থাৎ কিতাপখনৰ বিষয় যিয়েই নহওক, কিতাপখনে মানুহক চিন্তা-চৰ্চা কৰিবলৈ উৎসাহিত আৰু কোনো কোনো ক্ষেত্ৰত বাধ্য কৰিছিল। কিতাপখনৰ নাম হ’ল “The God Delusion”।

পণ্ডিতমহলৰ মাজত অগাধ পণ্ডিত আৰু ধৰ্মভীৰু সৃষ্টিবাদীৰ দৃষ্টিত মূৰ্খ ৰূপে বিবেচিত এই লিখকজন কোন? তেখেতৰ জন্ম ক’ত হৈছিল? লিখকৰ মুখতে শুনক –

“Africa was my personal cradle. But I left when I was seven, too young to appreciate –indeed the fact was then not known – that Africa is also humanity’s cradle. The fossil of our species’ formative years are all from Africa, and molecular evidence suggests that the ancestors of all today’s people stayed there until as recently as last hundred thousand years or so. We have Africa in our blood and Africa has our bones. We are all Africans.”

বৈজ্ঞানিক অনুসন্ধানৰ ভিত্তিত একেশাৰী বাক্যৰে সমগ্ৰ মানৱ জাতিক ভ্ৰাতৃত্বৰ ডোলেৰে বান্ধিব পৰা, মৌলবাদ, অন্ধবিশ্বাস, কু-সংস্কাৰ, বৰ্ণ, জাতি, লিংগ বৈষম্যৰ বিৰুদ্ধে আৰু বৈজ্ঞানিক মানসিকতাৰ সপক্ষে আজীৱন যুঁজ কৰা এই যোদ্ধাজনৰ নাম ৰিচাৰ্ড ড’কিন্স।

১৯৪১ চনত আফ্ৰিকাৰ নাইৰোবিত তেখেতৰ জন্ম হয়। প্ৰথমে আফ্ৰিকাৰ “Eagle School”ত শিক্ষা আৰম্ভ কৰিলেও ১৯৪৯ চনত ইংলেণ্ডলৈ ঘূৰি অহাৰ পিছত “Salisbury School” ত তেওঁ ভৰ্তি হয়। অৱশেষত বিখ্যাত “Oundle School”ত স্কুলীয়া শিক্ষা সাং কৰি তেখেতে অক্সফ’ৰ্ড বিশ্ব-বিদ্যালয়ৰ “Balliol College”ত জীৱবিজ্ঞান অধ্যয়ন কৰিবলৈ ধৰে। ন’বে’ল বঁটা বিজয়ী নিকো টিনবাৰজেনৰ নিৰ্দেশনাত গৱেষণা কৰি তেখেতে ডক্টৰেট উপাধি লাভ কৰিছিল। কিছুদিন আমেৰিকাৰ কেলিফ’ৰ্নিয়া বিশ্ব-বিদ্যালয়ত কাম কৰাৰ পিছত তেখেত পুনৰ অক্সফ’ৰ্ডলৈ ঘূৰি আহে আৰু “Fellow of New College” সন্মানৰ অধিকাৰী হয়। অক্সফ’ৰ্ডত “Charles Simonyi Chair of Public Understanding of Science” পদবী লাভ কৰা তেখেত প্ৰথম ব্যক্তি। “Fellow of the Royal Society” সন্মানৰ লগতে “Fellow of the Royal Society of Literature” সন্মানৰো তেখেত অধিকাৰী।

উপৰিউক্ত চমু পৰিচয়ৰ পৰা নিশ্চয় গম ধৰিব পৰা গৈছে যে ৰিচাৰ্ড ড’কিন্স এজন বিশিষ্ট বিজ্ঞানী। বৰ্তমান বিজ্ঞানৰ যিকোনো এটা শাখাত কাম কৰা বা বিজ্ঞান চৰ্চা কৰা লোককে বিজ্ঞানী বোলা হয়। সেয়েহে পৃথিৱীত এনে বিজ্ঞানী অসংখ্য। কিন্তু নিজস্ব জ্ঞান বা নিজস্ব গৱেষণা ক্ষেত্ৰৰ জ্ঞান সহজ-সৰল ভাষাত জন-সাধাৰণৰ মাজত বিলাই দিবলৈ চেষ্টা কৰা সমাজসচেতন বিজ্ঞানীৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি। ৰিচাৰ্ড তেনে এজন বিৰল বৈজ্ঞানিক। তেখেতে লিখা বিজ্ঞান বিষয়ক পুথিসমূহ মনোমুগ্ধকৰ সাহিত্য। সহজ-সৰল ভাষাত লিখা এনে পুথিৰ সংখ্যা বিজ্ঞান সাহিত্যত অতি কম।

অৱশ্যে প্ৰথমে ক’ব লাগিব যে তেওঁ এজন পৃথিৱী বিখ্যাত জীৱ-বিজ্ঞানী। “Animal Behaviour”ৰ ওপৰত গৱেষণা কৰিবলৈ আৰম্ভ কৰি তেওঁ ডাৰউইনৰ ক্ৰমবিকাশ তত্ত্বৰ ওপৰত মনোনিৱেশ দিবলৈ ধৰে। তেখেতৰ নিজস্ব ভাষাত –“Charles Darwin is my greatest scientific hero…………Every biologist treads in Darwin’s footsteps and, in all humility, none of us could do better than to follow his example”.

প্ৰকাশৰ প্ৰায় লগে-লগে আন্তৰ্জাতিক খ্যাতি লাভ কৰা, নিজস্ব অধ্যয়নৰ ওপৰত ভিত্তি কৰি লিখা প্ৰথম পুথি “The Selfish Gene” ১৯৭৬ চনত প্ৰকাশ হয়। এইখিনিতে থোৰতে ডাৰউইনৰ ক্ৰমবিকাশ তত্ত্ব সম্পৰ্কে দুআষাৰমান উনুকিয়ালে সম্ভৱতঃ কিতাপখনৰ বিষয়বস্তু বুজিবলৈ পাঠকৰ সুবিধা হ’ব।

চাৰ্লছ ডাৰউইন (১৮০৯-১৮৮২) আছিল এজন প্ৰকৃতিবিদ। ১৮৩১ চনত কেপ্টেইন ফিজ ৰয় (Fitz Roy) পৰিচালিত বিগ’ল (Beagle) নামৰ জাহাজত প্ৰকৃতিবিদ হিচাপে ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰাত পৃথিৱীৰ বিভিন্ন স্থানৰ জীৱ-জন্তু নিৰীক্ষণ আৰু সংগ্ৰহ কৰিবলৈ তেখেত সমৰ্থ হৈছিল। দক্ষিণ আমেৰিকাৰ গালাপোগাচৰ দৰে দ্বীপসমূহত কিছুমান বিৰল প্ৰাণী আৰু প্ৰজাতি অধ্যয়ন কৰিবলৈ আৰম্ভ কৰাত তেওঁ অনুভৱ কৰে যে মূল ভূ-ভাগৰ প্ৰাণীবোৰেই এনে প্ৰজাতিৰ উপৰিপুৰুষ আৰু কেনেবাকৈ এইবোৰৰ ভিন্নধৰণে বিকাশ হৈছে। অৱশ্যে কিয় বা কেনেকৈ হৈছে ব্যাখ্যা কৰিবলৈ তেখেতে প্ৰায় সমগ্ৰ জীৱন বহু প্ৰাণী আৰু উদ্ভিদ নিৰীক্ষণ কৰি বহু তথ্য সংগ্ৰহ কৰিছিল। অৱশেষত তেখেত এই সিদ্ধান্তলৈ আহিছিল যে প্ৰাণী আৰু উদ্ভিদে যিমান পাৰে সিমান বংশ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। স্বাভাৱিকতেই খাদ্য সংগ্ৰহ কৰি জীয়াই থাকিবলৈ প্ৰতিযোগিতাত নামিবলৈ প্ৰতিটো প্ৰাণী আৰু উদ্ভিদ বাধ্য হয়।

প্ৰতিটো প্ৰজাতিৰ ব্যক্তিগত ক্ষেত্ৰত নিজ বৈশিষ্ট্য থাকিব পাৰে। ব্যক্তিগত বৈশিষ্ট্য আৰু মূল প্ৰজাতিৰ বৈশিষ্ট্যৰ মাজত কিছু তাৰতম্য (variation) থাকিব পাৰে। কিছুমান ক্ষেত্ৰত বিশিষ্ট গুণৰ বাবেই বিশেষ জীৱই পৰিবেশৰ লগত খাপ খুৱাই বংশ বৃদ্ধি কৰি অস্তিত্ব ৰক্ষা কৰিবলৈ সক্ষম হয়। ইয়াকে তেখেতে কৈছিল “Survival of the fittest”। অৱশ্যে এই “fittest” শব্দই আমি সাধাৰণতে বুজা উপযুক্ত বা বলৱান নুবুজায়। নিজৰ বংশ ৰক্ষা কৰিব পৰা ক্ষমতাহে বুজায়। নিজস্ব বিশিষ্ট গুণ বংশানুক্ৰমে বাগৰি অহাৰ ফলতেই এটা জাতিৰ পৰা বিভিন্ন প্ৰজাতিৰ সৃষ্টি হয়। ই এক অতি ধীৰ প্ৰণালী। ইয়াৰ বাবে হাজাৰ হাজাৰ বছৰৰ প্ৰয়োজন হ’ব পাৰে। তদুপৰি উপযুক্ত পৰিবেশৰো প্ৰয়োজন।

উন্নত জাতৰ গৰু, ভেড়া আদি প্ৰজননৰ বাবে মানুহে “কৃত্ৰিম নিৰ্বাচন” পদ্ধতি ব্যৱহাৰ কৰে। এনেধৰণে প্ৰজনন কৰা প্ৰাণী আৰু উদ্ভিদত তেওঁ বহু ধৰণৰ পৰিবৰ্তন লক্ষ্য কৰিছিল। প্ৰকৃতিয়ে “প্ৰাকৃতিক নিৰ্বাচন” অনুসৰি বিভিন্ন জাতি-প্ৰজাতিৰ সৃষ্টি কৰিব পাৰে আৰু কৰে – ইয়েই আছিল ডাৰউইনৰ মত।

১৮৫৯ চনত বিখ্যাত পুথি “On the Origin of Species” প্ৰকাশ হয়। “ক্ৰম বিকাশ তত্ত্ব” অনুসৰি পৃথিৱীৰ জীৱিত প্ৰাণী আৰু উদ্ভিদ একে পূৰ্বপুৰুষৰ মাধ্যমেৰে ইটোৰ লগত সিটো সম্পৰ্কিত। সম্ভৱতঃ মানুহৰ পূৰ্বপুৰুষ আৰু বান্দৰসদৃশ প্ৰাণীৰ উপৰিপুৰুষ একেজনেই আছিল। হেজাৰ হেজাৰ বছৰৰ ক্ৰম বিকাশৰ ফল-ক্ৰমে মূল উৎসৰ পৰা বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ সৃষ্টি হৈছে।

ধৰ্মভীৰু সৃষ্টিবাদীৰ মূৰত কুঠাৰাঘাত পেলাব পৰা এই তত্ত্ব প্ৰকাশ কৰিবলৈ ডাৰউইনে বিশ বছৰ পৰ্যন্ত সাহস গোটাব পৰা নাছিল। (খৃষ্ট ধৰ্মপুথি “বাইবেল” অনুসৰি সমগ্ৰ বিশ্ব-ব্ৰক্ষ্মাণ্ডৰ লগতে পৃথিৱীৰ সকলো জীৱ-জন্তু ভগৱানে ছয় দিনৰ ভিতৰতে সৃষ্টি কৰি সাত দিনৰ দিনাখন ভগৱানে জিৰণি লৈছিল)। ঊনৈশ শতিকাত জীৱ-বিজ্ঞানক কথমপিহে বিজ্ঞানৰ শাৰীত পেলাব পৰা গৈছিল। তদুপৰি ডাৰউইনৰ হাতত কোনো পৰীক্ষাভিত্তিক প্ৰমাণ নাছিল। নিৰীক্ষণ আৰু যুক্তিৰ ভিত্তিতে তেখেত নিজ সিদ্ধান্তত উপনীত হৈছিল।

বৰ্তমান আণৱিক জীৱ-বিজ্ঞানীৰ (Molecular Biology) হাতত ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ আছে আৰু ৰিচাৰ্ড তেনে এজন বিজ্ঞানী। ধৰ্মভীৰু সৃষ্টিবাদীৰ মূৰত কুঠাৰৰ দ্বিতীয় আঘাত পেলাবলৈ বিশ বছৰ অপেক্ষা কৰা দূৰৈৰ কথা, এই তথ্য তেখেতে মাথোঁ গৱেষণাপত্ৰৰ মাজত আবদ্ধ নাৰাখি “The Selfish Gene” আৰু  “River Out of Eden” নামৰ পুথিৰ যোগে জন-সাধাৰণৰ মাজত সগৰ্বে ঘোষণা কৰিছে। তেখেতে কৈছে – “Living organisms had existed on earth, without ever knowing why, for over three thousand million years before the truth finally dawned on one of them. His name is Charles Darwin.”

সকলো আণৱিক জীৱ-বিজ্ঞানীয়ে এই মত পোষণ কৰে যে ক্ৰম-বিকাশৰ মূলতে সকলো জীৱিত প্ৰাণীৰ কোষত থকা “জিন”। জিন এটা অতি জটিল ৰাসায়নিক যৌগ। ইয়াৰ প্ৰধান অংশ “Deoxy Ribonucleic Acid”, (DNA) অণুৰ দ্বাৰা গঠিত। এই অণুত Adenine (A), Thymine (T), Cytosine(C) আৰু Guanine(G) নামৰ চাৰিটা অণু থাকে। “A” সদায়েই “T”ৰ লগত আৰু “C”,“G”ৰ লগত যুক্ত হৈ থাকি এটা “base pair” গঠন কৰে। কোষ বিভাজনৰ সময়ত এই “base pair”কেইটাৰ মাজৰ আকৰ্ষণ ভাঙিবলৈ আৰম্ভ কৰে, কিন্তু ইয়াৰ পিচত ইহঁত পুনৰ মিলিত হয়। ই এক জটিল প্ৰক্ৰিয়া, আমাৰ চমু পৰিসৰত আমি বহলাই আলোচনা নকৰো। মুঠ কথাত ক’বলৈ গ’লে, নিজৰ এক হুবহু নকল সৃষ্টি কৰিব পৰা ক্ষমতা DNA অণুৰ এক বৈশিষ্ট্য। প্ৰজনন প্ৰক্ৰিয়াত শুক্ৰকীট আৰু ডিম্বকোষ মিলিত হোৱাৰ সময়ত জিনৰ ঈষৎ সাল-সলনি হ’ব পাৰে আৰু হয়। কিন্তু মুঠ সংখ্যাৰ একো সলনি নহয়। DNA অণুৰ সংখ্যাৰ পৰিমাণৰ আভাস দিবলৈ ক’ব পাৰি যে দুই শতাংশ DNA অণুৰ দ্বাৰা প্ৰায় ৩০,০০০ জিন গঠন হয়। প্ৰতিজন মানুহৰ জিনৰ মাথোঁ এক শতাংশহে অদ্বিতীয় (unique) আৰু এই সামান্য অংশৰ বাবেই আমি সকলো অদ্বিতীয়। মানুহ আৰু চিম্পাঞ্জীৰ DNA প্ৰায় সৰহভাগেই হুবহু একে। মাথোঁ দুই শতাংশৰ মাজতহে পাৰ্থক্য আছে।

ৰিচাৰ্ড ড’কিন্সে কয় যে স্বৰ্গীয় বাগিচা “ইডেন”ৰ পৰা বৈ অহা নদীখন প্ৰকৃততে DNA অণুৰ নদী। কোটি কোটি বছৰ ধৰি এই অণুত হোৱা ঈষৎ সাল-সলনিৰ বাবেই নদীখনৰ শাখা-প্ৰশাখা সৃষ্টি হৈছে। মূল উৎস একেটায়েই। এই সৃষ্টিৰ কাৰণ লৈ পণ্ডিত মহলৰ মাজত মতভেদ থাকিলেও পৰিবেশ, বিশেষকৈ ভৌগোলিক পৰিবেশে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি তেওঁলোকে মত পোষণ কৰে। ৰিচাৰ্ডৰ মতে প্ৰকৃতিয়ে নিৰ্বাচন কৰে “ভাল জিন”, যিটো জিনে পৰিবেশৰ লগত খাপ খাই বংশ বৃদ্ধি কৰিব পাৰে সিয়েই প্ৰকৃতিৰ দ্বাৰা নিৰ্বাচিত হয়। ইয়েই “প্ৰাকৃতিক নিৰ্বাচন”।

DNA অণুৱে আন এটা কাম কৰে। জীৱ কোষৰ প্ৰ’টিনসমূহৰ সংশ্লেষণ প্ৰক্ৰিয়া ই নিয়ন্ত্ৰিত কৰে। এইদৰেই জীৱৰ বিভিন্ন বৈশিষ্ট্য (যেনে ক’লা বা নীলা চকু আদি) DNA অণুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। কেৱল সেয়ে নহয়, এই তথ্য অণুটোৱে পিতৃ-মাতৃৰ পৰা সন্তানলৈ সৰবৰাহ কৰিব পাৰে।

জীৱবিদসকলে “Genetic Code” বুলি আৰু এটা শব্দ ব্যৱহাৰ কৰে। তেখেতসকলে প্ৰমাণ কৰিছে যে একে শাৰীতে থকা তিনিটা “base” অণুৱে এটা বিশেষ প্ৰ’টিন অণু গঠনৰ তথ্য বহন কৰে। ইয়াকেই বোলা হয় “Triplet Code”। বিজ্ঞানীসকলে ইয়াকো প্ৰমাণ কৰিছে যে বেক্টেৰিয়াৰ পৰা আৰম্ভ কৰি স্তন্যপায়ী জীৱলৈকে সকলোৰে “Genetic Code” একে। ৰিচাৰ্ড ডকিন্সে কয়­­­– “ডাৰউইন তত্ত্বৰ প্ৰত্যক্ষ প্ৰমাণ আমি ইয়াৰ মাজতেই বিচাৰি পাওঁ। ইয়াতকৈ ডাঙৰ সাক্ষ্য প্ৰমাণ আৰু কি হ’ব পাৰে?”

ৰিচাৰ্ড ড’কিন্স এজন শিক্ষক। তেখেতৰ শিক্ষাৰ সংজ্ঞা সুকীয়া। পাঠ্যপুথি আৰু পৰীক্ষাসৰ্বস্ব শিক্ষাক তেওঁ শিক্ষা বুলিব নোখোজে। তেখেতৰ মতে ছাত্ৰ-ছাত্ৰীক যুক্তিসহ চিন্তা-চৰ্চা কৰিবলৈ আৰু সকলো বিষয়তে অনুসন্ধিৎসু কৰি তুলিবলৈ হাতে-কামে দিয়া শিক্ষাহে প্ৰকৃত শিক্ষা। প্ৰকৃত শিক্ষাই মানুহক চিন্তাশীল, উদাৰ, বহল মনৰ অধিকাৰী, মানৱ-প্ৰেমী আৰু মানৱ-হিতৈষী ব্যক্তিলৈ ৰূপান্তৰিত কৰে। ৰিচাৰ্ডৰ আদৰ্শ শিক্ষক হ’ল আউণ্ডল স্কুলৰ প্ৰধান শিক্ষক উইলিয়াম ছেণ্ডাৰছন (১৮৫৭-১৯২২)। এইজন শিক্ষকে ছাত্ৰক কেতিয়াও “গাধা” বুলি নকৈছিল। তেখেতে কৈছিল যে যদিহে কোনো এজন ছাত্ৰ “গাধা” তেন্তে বুজিব লাগিব যে তেওঁক অশুদ্ধ পথত ভৰি দিবলৈ বাধ্য কৰা হৈছে। যুক্তিবাদী, চিন্তাশীল উইলিয়াম আছিল এজন নিৰ্ভীক ব্যক্তি। প্ৰথম যুদ্ধৰ শেষত স্কুলত এক যুদ্ধ-বিৰোধী বক্তৃতা দিবলৈ তেওঁ অকণো কুন্ঠাবোধ কৰা নাছিল।

এইজন শিক্ষকৰ আদৰ্শ গ্ৰহণ কৰি ৰিচাৰ্ডে মাজে-সময়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক হাতে-কামে শিক্ষা দিছিল। সাধাৰণ পাঠকৰ উদ্দেশ্যে লিখা “The Magic of Reality” এখন সহজ, সুখপাঠ্য পুথি। কিতাপখনৰ আৰম্ভণিতে উত্থাপন কৰা প্ৰশ্ন হ’ল– প্ৰথম ব্যক্তি কোন আছিল? পৃথিৱীত বিভিন্ন জীৱ-জন্তু কিয় আছে? পদাৰ্থ কিহেৰে গঠিত? দিন-ৰাতি কিয় হয়? সূৰ্য কি? ৰামধেনু কি? জীৱনলৈ বিপদ-আপদ কিয় আহে? ইত্যাদি। পৃথিৱীৰ বিভিন্ন দেশৰ অতিকথাই এনে প্ৰশ্ন উত্থাপন কৰে আৰু উত্তৰ দিবলৈকো চেষ্টা কৰে। তেনে অতিকথাৰে প্ৰতিটো প্ৰশ্ন আৰম্ভ কৰি অৱশেষত বিজ্ঞান-সন্মত উত্তৰ দিবলৈ চেষ্টা কৰি তেখেতে বৈজ্ঞানিক মানসিকতাৰে সকলো তথ্য বিচাৰ কৰিবলৈ পাঠকক উৎসাহিত কৰিব পাৰিছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মনত গভীৰ ৰেখাপাত কিতাপখনে নিশ্চয় কৰিব পাৰিব।

যুক্তিবাদী ডকিন্সে জ্যোতিষ চৰ্চা, অন্ধ-বিশ্বাস, কু-সংস্কাৰ আৰু মৌলবাদৰ বিৰুদ্ধে অহৰহ যুদ্ধ কৰি আহিছে।

ইংলেণ্ডত আমাৰ দেশৰ তুলনাত জৰা-ফুকা, বেজ-ওজা বা জ্যোতিষ চৰ্চাৰ মাত্ৰা কম যদিও নিচেই তাকৰ নহয়। কিছুমান বাতৰিকাকতত জ্যোতিষৰ শিতান নিয়মিতভাৱে প্ৰকাশিত হয়। ইয়েই প্ৰমাণ কৰে যে জ্যোতিষীৰ সংখ্যাও তাকৰ নহয়। “Faith healing”, “Crystal gazing” আদিৰ অপাৰ মহিমাৰ বাতৰি মাজে-সময়ে শুনিবলৈ পোৱা যায়। ই একো আচৰিত নহয়। আমাৰ দেশৰ দৰে এইখন দেশতো ৰোগ-ব্যাধি, আপদ-বিপদ, অনিশ্চয়তা, আৰ্থিক আৰু পাৰিবাৰিক সমস্যা জীৱনৰ সদা-লগৰী (অৱশ্যে আমাৰ দেশৰ তুলনাত মাত্ৰা কম)। বহু লোকৰ ৰুঢ় বাস্তৱৰ সন্মুখীন হোৱাৰ সাহস আৰু মানসিক শক্তি নাথাকে। সেয়েহে  দুৰ্বল মনৰ সুযোগ লৈ নানা তৰহৰ ভেল্কী-বাজিৰে মানুহক ঠগিবলৈ জ্যোতিষীৰ সহজ।

ৰিচাৰ্ড ড’কিন্সৰ মতে সকলোতকৈ ডাঙৰ বিপদ এইখিনিতেই যে বৰ্তমান এই ভণ্ডবাজসকলে বিজ্ঞানৰ এখন ভুৱা আৱৰণেৰে আবৃত কৰি তেখেতসকলৰ কাণ্ড-কাৰখানাক বিজ্ঞানসন্মত বুলি জাহিৰ কৰিব খোজে। উদাহৰণস্বৰূপে বহু ভণ্ডবাজে “Quartz Crystal” (বিশেষ ধৰ্ম থকা এবিধ স্বচ্ছ স্ফটিক) ব্যৱহাৰ কৰি ভৱিষ্যৎবাণী কৰিব পৰা যায় বুলি দাবী কৰে। ইয়াকে কৰিবলৈ গৈ তেওঁলোকে প্ৰগ্ৰেম, ধনাত্মক শক্তি আদি কিছুমান শব্দ ব্যৱহাৰ কৰি এই ভেল্কীবাজি বিজ্ঞানসন্মত বুলি প্ৰতিপন্ন কৰে। বিজ্ঞান জগতত এনে শব্দৰ সুকীয়া অৰ্থ আছে। যিহেতুকে সৰহসংখ্যক লোকেই বিজ্ঞান শিক্ষাৰে শিক্ষিত নহয় বা অৰ্ধশিক্ষিত, সেয়েহে তেওঁলোকক আভুৱা ভাঁৰিবলৈ সহজ।

ড’কিন্সৰ মতে সাধাৰণ মানুহক ঠগি এনে লোক চহকী হয়, লগতে তেওঁলোকে কৰে বিজ্ঞান আৰু বৈজ্ঞানিক শব্দৰ অপব্যৱহাৰ। তেখেতৰ মতে সাধাৰণ মানুহক বিজ্ঞান শিক্ষাৰ পৰা বঞ্চিত কৰি প্ৰকৃতিৰ ৰহস্য উদঘাটন কৰি লাভ কৰা বিমল আনন্দৰ পৰা বঞ্চিত কৰা অতি দুখৰ বিষয়। সেয়েহে বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিবলৈ অন্ততঃ সচেতন বৈজ্ঞানিকে চেষ্টা কৰা উচিত। অৱশ্যে বিজ্ঞান চৰ্চা কৰা সকলো লোকক তেওঁ বিজ্ঞানী বুলিব নোখোজে। বহু বৈজ্ঞানিকো সৃষ্টিবাদী আৰু প্ৰকৃতিৰ ৰহস্যৰ মাজতে তেওঁলোকে ভগৱানৰ অস্তিত্ব বিচাৰি উলিয়াব খোজে। এওঁলোক বিজ্ঞানী নে?

অৱশেষত আমাৰ কেইশাৰীমান বাক্যৰে প্ৰবন্ধৰ মোখনি মাৰিব খোজো। বিজ্ঞানৰ গৱেষণা ক্ষেত্ৰত কাম কৰোতে কেইবাজনো তাবিজ-কৱচধাৰী, অন্ধ মৌলবাদী বিজ্ঞানী লগ পোৱাৰ লগতে বৰ্ণ, জাতি, নাৰীবিদ্বেষী তথাকথিত বিজ্ঞানী লগ পোৱাৰ দুৰ্ভাগ্য আমাৰ হৈছে। আমাৰ বোধেৰে বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বলৈ “ৰকেট বিজ্ঞানী” হোৱাৰ প্ৰয়োজন নাই। সমাজত কি হৈছে, কিয় হৈছে আৰু আমি কি কৰা উচিত, আদি প্ৰশ্ন চালি-জাৰি চাব জনা লোকেই বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী। এনে মানসিকতা জন-সাধাৰণৰ মাজত গঢ়ি তুলিবলৈ অহৰহ চেষ্টা কৰা বাবেই ৰিচাৰ্ড ড’কিন্স আমাৰ ধন্যবাদৰ পাত্ৰ। আশা কৰো, আমাৰ লিখনিয়ে পাঠকক তেখেতৰ “The God Delusion” কিতাপখন পঢ়াৰ লগতে যুক্তিৰে কিতাপখনক বিচাৰ কৰিবলৈ পাঠকক উৎসাহিত কৰিব।

সহায়ক গ্ৰন্থপঞ্জী :

ৰিচাৰ্ড ড’কিন্স লিখিত –

1) An Appetite For Wonder

2) The Selfish Gene

3) River Out of Eden

4) A Devil’s Chaplain

5) The Magic of Reality

6) The Blind Watchmaker

7) Unweaving the Rainbow

One thought on “ৰিচাৰ্ড ড’কিন্স :: যুক্তিৰ সপক্ষে এক অক্লান্ত যোদ্ধা – (পূৰৱী দেৱী)

  • Kalyani Barman

    ভাল পালোঁ লেখাটো পঢ়ি। কিতাপখন সংগ্ৰহ কৰাৰ তালিতাকত ৰাখিলোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *