নিবন্ধবিজ্ঞান-প্ৰযুক্তি

আধুনিক জীৱাণুতত্বৰ অন্যতম প্ৰতিষ্ঠাপক  ৰবাৰ্ট কখ্ (শতাব্দী বৰা)

পৃথিৱীত জীৱৰ উদ্ভৱৰ ধাৰণাটোক লৈ বহু দিনৰ আগৰে পৰাই মানুহে বিভিন্ন মত আগ বঢ়াই আহিছে। গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলে সুদূৰ অতীততেই স্বতঃজননতত্ত্বৰ (Spontaneous generation) প্ৰস্তাৱ কৰিছিল। এই তত্ত্বটোৰ মতে, জীৱৰ উদ্ভৱ ঘটে স্বতঃস্ফূৰ্তভাৱে, আপোনা-আপুনি। আমি আজি জানোঁ যে এৰিষ্ট’টলৰ উক্ত তত্ত্বটো একেবাৰেই শুদ্ধ নাছিল। কিন্তু বৌদ্ধিক জগতখনত এৰিষ্ট’টলৰ প্ৰভাৱ আছিল বৰ গভীৰ। বছৰ বছৰ ধৰি জীৱৰ উদ্ভৱৰ কথাটোক বিচাৰ-বিশ্লেষণ কৰা হৈছিল এৰিষ্ট’টলৰ মত অনুসৰিহে। যুগ যুগ ধৰি বৰ্তি থকা, প্ৰায় প্ৰশ্নাতীত সত্যৰ মৰ্যাদা পোৱা স্বতঃজননতত্ত্বৰ ধাৰণাক প্ৰত্যাহ্বান জনাই শুদ্ধ সংবৃদ্ধিৰ (Pure culture) দৰে বিজ্ঞানসন্মত এটা পদ্ধতি আগবঢ়োৱা এগৰাকী মহান পথিকৃৎ বিজ্ঞানী আছিল ৰবাৰ্ট কখ। জীৱাণু বিদ্যাৰ গৱেষণাত অসামান্য কৃতিত্বৰ অধিকাৰী ৰবাৰ্ট কখক আধুনিক জীৱাণুতত্বৰ প্ৰতিষ্ঠাপক হিচাপে মান্য কৰা হয়৷ তেওঁৰ গৱেষণাই মানুহৰ লগতে জীৱ-জন্ত্তৰ সংক্ৰমিত ৰোগৰ কাৰক চিনাক্তকৰণ আৰু ইয়াৰ প্ৰতিকাৰত এক নতুন দিশৰ সূচনা কৰিলে৷

জাৰ্মান জীৱাণু বিজ্ঞানী হেনৰিক হেৰমান ৰবাৰ্ট কখৰ জন্ম হয় ১৮৪৩ চনৰ ডিচেম্বৰ মাহৰ ১১ তাৰিখে ক্লউস্থেল নামৰ ঠাইত৷ পিতৃ হেৰমান কখ্ আছিল এগৰাকী খনন অভিযন্তা। ৰবাৰ্ট কখৰ মাতৃৰ নাম আছিল মেটিল্ডি’ জুলি হেনৰিট৷ শৈশৱৰ পৰাই মেধাবী কখে বিদ্যালয়ত নামভৰ্তি কৰাৰ পূৰ্বেই পঢ়িবলৈ আৰু লিখিবলৈ শিকিছিল৷ ১৮৬২ চনৰ মেট্ৰিকৰ দেওনাত তেওঁৰ পাৰদৰ্শিতা প্ৰতিফলিত হয় বিজ্ঞান আৰু গণিত বিষয়ত। একে বছৰতে তেওঁ প্ৰাকৃতিক বিজ্ঞান পঢ়াৰ মানসিকতাৰে গ’টিনজেন বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত হয়৷ কিছুকালৰ পিছত চিকিৎসাবিজ্ঞানৰ প্ৰতি আকৃষ্ট হৈ তেওঁ ঔষধৰ বিষয়ে অধ্যয়ন কৰাৰ মন মেলে আৰু জেকব্ হেনলিৰ তত্বাৱধানত তেওঁ কাম কৰাৰ সুযোগ লাভ কৰে৷ ইয়াৰ পিছত তেওঁ জাৰ্মানীৰ বিখ্যাত চিকিৎসক ৰুড’ল্ফ ৱিৰচ’উৰ সান্নিধ্য লাভ কৰে আৰু বিভিন্ন গৱেষণামূলক কাৰ্যত নিজকে জড়িত ৰাখি ১৮৬৬ চনত সৰ্বোচ্চ অনাৰ্চ সহ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছতে তেওঁ হেম্বাৰ্গৰ চিকিৎসালয়ত সহকাৰী হিচাপে যোগদান কৰে আৰু পিছলৈ লেনজেনহে’গʼনৰ চিকিৎসালয়ত চিকিৎসক হিচাপে নিযুক্ত হয়। ১৮৬৯ চনত ৰেকউইটজ্ নামৰ ঠাইলৈ আহি  তাত জিলাৰ মেডিকেল অফিচাৰ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়৷ সেইসময়তে আৰম্ভ হোৱা ফ্ৰান্স-পাৰ্চিয়ান যুদ্ধত তেওঁ এজন স্বেচ্ছাসেৱক হিচাপে কৰ্তব্য কৰি গৈছিল৷

সেই সময়চোৱাতেই তেওঁ এমা এড’লফাইন্ ফ্ৰেট্‌জৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলিছিল৷ ১৮৬৮ চনত তেওঁলোকৰ মাজলৈ আহিছিল গেৰট্ৰোড্ নামেৰে এগৰাকী কন্যা সন্তান৷ কখৰ গৱেষণামূলক কাৰ্যত পত্নী এমাই যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল৷ গৱেষণাত সহায়ক হ’বলৈ কখক পত্নীয়ে এটা অনুবীক্ষণ যন্ত্ৰ উপহাৰ দিছিল৷ এই উপহাৰৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ নিজাববীয়াকৈ এটা পৰীক্ষাগাৰ স্থাপন কৰে আৰু সেই অনুবীক্ষণ যন্ত্ৰৰ সহায়তেই জীৱাণু-বিজ্ঞান বিষয়ত তেওঁ স্বাধীনভাৱে গৱেষণা কাৰ্য আৰম্ভ কৰে৷  এই গৱেষণাগাৰত প্ৰাৰম্ভিক স্তৰত কৰা পৰীক্ষা- নিৰীক্ষাৰ ফলশ্ৰুতিত তেওঁ যি ফলাফল উদ্ঘাটন কৰিবলৈ সক্ষম হৈছিল সেয়া আছিল জীৱাণু বিজ্ঞানলৈ তেওঁৰ এক মহৎ  অৱদান। তেওঁৰ প্ৰায় সকলোখিনি গৱেষণাবোৰৰ মূল বিষয়বস্তু আছিল জীৱাণু।

ৰবাৰ্ট কখৰ সমান্তৰালকৈ জীৱাণুতত্বৰ বিষয়ে গৱেষণা কৰি চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়াই যাবলৈ সক্ষম হোৱা আন এজন মহান বিজ্ঞানী আছিল লুই পেস্তেৰ। আগতে উল্লেখ কৰি অহাৰ দৰেই এই বিজ্ঞানীসকলৰ গৱেষণা তথা আৱিষ্কাৰৰ পূৰ্বতে জীৱৰ উদ্ভৱৰ প্ৰক্ৰিয়াত এৰিষ্ট’টলে উত্থাপন কৰা স্বত:জননতত্ত্বৰ ধাৰণাকে সত্য হিচাপে মানি লোৱা হৈছিল। এই তত্ত্ব অনুসৰি বিবিধ জীৱাণুৰ (যেনে, বেক্টেৰিয়া) নিৰ্জীৱ বস্তুৰ পৰা আপোনা-আপুনি জন্ম হয়। অৱশ্যে লাহে লাহে এৰিষ্ট’টলৰ উক্ত তত্ত্বটোৱে প্ৰশ্নৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰিছিল। কেইজনমান বিজ্ঞানীয়ে স্বত:জননতত্ত্বৰ বিৰোধিতা কৰিছিল আৰু প্ৰকৃত সত্যটো উদ্ঘাটন কৰিবলৈ যথেষ্ট চেষ্টা চলাই গৈছিল।

১৯ শতিকাৰ মধ্যভাগত স্বত:জননতত্ত্বৰ ধাৰণাক গৱেষণামূলক তথ্য সহ ভুল বুলি প্ৰমাণিত কৰি জীৱাণুতত্ত্বক এক নতুন দিশলৈ গতি কৰাইছিল বিজ্ঞানী লুই পেস্তেৰে। তেওঁ জীৱ উদ্ভৱৰ ধাৰণাক জৈৱজননতত্বৰ (biogenesis) সহায়েৰে ব্যাখ্যা কৰিছিল। পেস্তেৰে দেখুৱাইছিল যে পূৰ্বৰে পৰা থকা জীৱ নাইবা জৈৱিক উপাদানৰ পৰাহে নতুন জীৱৰ উৎপত্তি সম্ভৱ হয়। কেৱল এয়ে নহয়, জীৱাণুতত্ত্বৰ আন কিছু ক্ষেত্ৰতো পেস্তেৰৰ অৱদান উল্লেখযোগ্য। এটা সময়ত ফ্ৰান্সত প্ৰস্তুত কৰা সুৰা নাইবা আন পানীয় পদাৰ্থত সোমাই পৰা বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত বহুতো ব্যৱসায়ীয়ে প্ৰস্তুত কৰা সুৰাৰ ব্যৱসায়িক মান নিম্নগামী হʼবলৈ আৰম্ভ হৈছিল। তেনে বেক্টেৰিয়াই সুৰাৰ সোৱাদ সলনি কৰি তাক খোৱাৰ অনুপযোগী কৰি তুলিছিল। এই সমস্যা সমাধানৰ অৰ্থে লুই পেস্তেৰে গৱেষণা আৰম্ভ কৰে আৰু শেষত এই সিদ্ধান্তত উপনীত হয় যে এক নিৰ্দিষ্ট উষ্ণতাত পদাৰ্থসমূহ গৰম কৰিলে উৎপত্তি হোৱা বেক্টেৰিয়া ধ্বংস হয় আৰু ই পদাৰ্থৰ গুণাগুণৰ কোনো পৰিৱৰ্তন নঘটায়। এই পদ্ধতিক  পেষ্ট্যুৰাইজেশ্যন হিচাপে নামাকৰণ কৰা হৈছিল। তেওঁ এই পদ্ধতি গাখীৰৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিছিল আৰু আজিও ই বিশ্বব্যাপী ব্যৱহৃত হৈ আছে।

ফ্ৰান্সৰ লুই পেস্তেৰৰ পিছতেই  জাৰ্মানীৰ ৰবাৰ্ট কখ আছিল এনে এজন প্ৰখ্যাত বিজ্ঞানী যিজনে জীৱাণুতত্ত্বৰ ক্ষেত্ৰখনক আৰু এটা স্তৰ আগবঢ়াই নিছিল। জৈৱজননতত্ত্বক আধাৰ হিচাপে লৈ কখে নিজৰ গৱেষণা অব্যাহত ৰাখিছিল আৰু তেওঁৰ সহযোগী জুলিয়াচ্ ৰিকাৰ্ডোৰ সৈতে গৱেষণা কৰি পৰীক্ষাগাৰতে বেক্টেৰিয়া সংবৰ্ধনৰ পদ্ধতি আৱিষ্কাৰ কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ বাবে তেওঁ গ্লাছৰ প্লেট (পেট্ৰিডিচ্) আৰু ‘অগৰ-অগৰ’ (সাগৰীয় উদ্ভিদৰ পৰা তৈয়াৰ কৰা জেলি সদৃশ পদাৰ্থ) মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁৰ এই পৰীক্ষাটি স্বত:জননতত্বৰ ধাৰণাক ভুল বুলি প্ৰমাণিত কৰাত এক অনন্য সমল হিচাপে পৰিগণিত হৈছিল। এই পদ্ধতিক তেওঁ ‘শুদ্ধ সংবৃদ্ধি’ (pure culture) বুলি অভিহিত কৰিছিল। এইটো পৰীক্ষাৰ মাজেদিয়েই ৰবাৰ্ট কখে পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষাগাৰত কৃত্ৰিমভাৱে বেক্টেৰিয়াৰ সংবৃদ্ধি ঘটাৱলৈ সক্ষম হোৱা প্ৰথম ব্যক্তি হিচাপে স্বীকৃতি প্ৰাপ্ত হৈছিল। এই তাৎপৰ্যপূৰ্ণ কাৰ্যৰ প্ৰতি সন্মান জনাই তেওঁক ১৮৮০ চনত ইম্পেৰিকেল হেলথ্ অফিচত চৰকাৰৰ পৰামৰ্শদাতা হিচাপে, ১৮৮৫ চনত বাৰ্লিন বিশ্ববিদ্যালয়ত ঔষধ বিভাগৰ অধ্যাপক ৰূপে আৰু ৰ’য়েল পাৰ্চিয়ান প্ৰতিষ্ঠানত সংক্ৰমিত ৰোগ বিভাগৰ অধ্যাপক হিচাপে নিযুক্তি দিয়া হৈছিল।

ৱ’লষ্টেইন নামে ঠাইত যেতিয়া ৰবাৰ্ট কখ জিলাৰ মেডিকেল অফিচাৰ হিচাপে নিযুক্ত হৈ আছিল, তেতিয়াই সেই অঞ্চলত প্ৰাদুৰ্ভাৱ হোৱা মাৰাত্মক এনথ্ৰাক্স ৰোগৰ বিষয়ে গৱেষণাত মনোনিৱেশ কৰিছিল তেওঁ।  সেই অঞ্চলত ইতিমধ্যেই ৪ বছৰত এনথ্ৰাক্সে প্ৰায় ৫২৪ জন‌ লোকৰ আৰু ৫৬,০০০ জীৱ জন্তুক মৃত্যু মুখত পেলাইছিল। এই ৰোগ সংক্ৰমিত জীৱ জন্তুৰ পৰা  মানুহৰ দেহলৈ বিয়পিছিল আৰু প্ৰকৃত কাৰণ জ্ঞাত নোহোৱাৰ বাবে ইয়াৰ প্ৰতিকাৰ সম্ভৱপৰ হৈ উঠা নাছিল। কখে এই ৰোগ চিনাক্তকৰণৰ বাবে শুদ্ধ সংবৃদ্ধি পদ্ধতিৰ সহায়ত গৱেষণা কাৰ্য আৰম্ভ কৰে। তেওঁ ইতিমধ্যে সংক্ৰমিত জীৱৰ দেহৰ পৰা সংগ্ৰহ কৰা বেমাৰৰ জীৱাণুৰ পৰীক্ষাগাৰত সংবৃদ্ধি ঘটাইছিল। জীৱাণুৰ সংক্ৰমিত স্তৰত তাক নিৰোগী জীৱৰ শৰীৰত সুমুৱাই দি পৰীক্ষাৰ অন্তত এনথ্ৰাক্সৰ কাৰণ বেক্টেৰিয়া বুলি প্ৰমাণিত কৰিছিল। এই বেক্টেৰিয়াই সংবৃদ্ধি প্ৰক্ৰিয়াত কোনো ধৰণৰ বৈশিষ্ট্যৰ পৰিৱৰ্তন কৰা নাছিল, গতিকে বেক্টেৰিয়াটোৰ চিনাক্তকৰণত আহুকাল হোৱা নাছিল। এটা নিৰ্দিষ্ট ৰোগ যে সদায় এটা নিৰ্দিষ্ট জীৱাণুৰ লগত জড়িত সেই কথা পোনপ্ৰথমবাৰৰ বাবে প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল ৰবাৰ্ট কখ। এনথ্ৰাক্সৰ বেক্টেৰিয়াসমূহ প্ৰধানকৈ মাটিত জন্ম হৈছিল আৰু গৰম, সেমেকা তথা বায়ু চলাচল কৰা পৰিৱেশত ইয়াৰ দ্ৰুত বৃদ্ধি ঘটিছিল। সেয়েহে কখে সংক্ৰমিত জীৱসমূহক মাটিৰ কিছু তললৈ ঠাণ্ডাত পুতি ৰাখিবলৈ পৰামৰ্শ দিছিল।

টিবি (টিউবাৰকুলচিচ্) ৰোগৰ কাৰক চিনাক্তকৰণ আৰু প্ৰতিকাৰৰ ক্ষেত্ৰতো কখৰ অৱদান উল্লেখযোগ্য। সেই সময়ত টিবি ৰোগক বংশগত ৰোগ হিচাপে গণ্য কৰা হৈছিল। কিন্তু এই ধাৰণা ভুল বুলি প্ৰমাণিত কৰি তাৰ প্ৰকৃত কাৰণ যে ক্ষিপ্ৰ গতিৰে বৃদ্ধি ঘটা এবিধ বেক্টেৰিয়া— মাইক’বেক্টেৰিয়াম টিউবাৰকুলচিচ্ (Mycobacterium tuberculosis), সেইটো প্ৰতিষ্ঠা কৰিলে। এই কথা আৱিষ্কাৰৰ লগে লগে তেওঁ নিজৰ গৱেষণা ৰোগটোৰ‌ প্ৰতিকাৰৰ দিশলৈ ‌আগ বঢ়াই নিছিল আৰু ইয়াৰে ফলশ্ৰুতিত ১৮৯০ চনত তেওঁ আৱিষ্কাৰ কৰিছিল ‘টিউবাৰকুলিন’ প্ৰ’টিন। প্ৰথম অৱস্থাত ইয়াক টিবি ৰোগৰ প্ৰতিকাৰক হিচাপে ব্যৱহাৰ কৰা হৈছিল যদিও পাছলৈ টিউবাৰকুলিনক টিবি ৰোগ চিনাক্তকৰণৰ এটা সমল হিচাপেহে পৰিগণিত হৈছিল।

কখে গৱেষণাৰ অন্তত যি শুদ্ধ সংবৃদ্ধি পদ্ধতিৰ উদ্ভাৱন কৰিছিল তাৰ বিভিন্ন প্ৰণালীসমূহক একেলগে ‘কখ পষ্ট্যুলেট’ (Koch’s Postulate) বুলি নামকৰণ কৰা হয়। ১৮৮৩ চনত কখৰ সহকাৰী ফ্ৰেডৰিক ল’ফলাৰে যুগুতোৱা তিনিটা পষ্ট্যুলেট আছিল এনেধৰণৰ—

১. ৰোগ সৃষ্টিকাৰী জীৱাণুসমূহ কেৱল ৰোগাক্ৰান্ত শৰীৰতহে উপস্থিত থাকে। সুস্থ শৰীৰত ৰোগটোৰ জীৱাণু নথকাটোহে সম্ভৱ।
২.  সংক্ৰমিত দেহৰ পৰা বেমাৰৰ জীৱাণু আহৰণ কৰি পৰীক্ষাগাৰত ইয়াৰ সংবৃদ্ধি ঘটাব পৰা যায়।
৩. এনেদৰে সংবৃদ্ধি ঘটোৱা জীৱাণু সুস্থ শৰীৰ এটাত যেতিয়া সুমুৱাই দিয়া হয়,  ৰোগাক্ৰান্ত শৰীৰত ই যি যি লক্ষণ দেখুৱায়, সেই একেই লক্ষণসমূহ সুস্থ শৰীৰত প্ৰৱেশ কৰাৰ পিছতো দেখুওৱা উচিত।
আৰু অন্তিম পষ্ট্যুলেটটো দিছিল আৰউইন ফ্ৰেংক  স্মিথে ১৯০৫ চনত। তেওঁ কৈছিল যে পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা বিভিন্ন জীৱাণুসমূহ একেধৰণৰ জীৱৰ শৰীৰৰ পৰা আহৰণ কৰা উচিত।

টিউবাৰকুলচিচ ৰোগৰ সন্দৰ্ভত সম্পন্ন কৰা যুগান্তকাৰী আৱিষ্কাৰৰ স্বীকৃতি স্বৰূপে ৰবাৰ্ট কখক ১৯০৫ চনত ন’বেল বঁটাৰে সন্মানিত কৰা হয়। ইয়াৰ উপৰিও বাৰ্লিনৰ সংক্ৰমিত ৰোগৰ সংস্থাত তেওঁক নিৰ্দেশক ৰূপে নিযুক্তি দিয়া হয়।  ১৯১০ চনৰ ৯ এপ্ৰিল তাৰিখে তেওঁ হৃদৰোগত আক্ৰান্ত হয়। ইয়াৰ পিছৰে পৰা তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব পৰা নাছিল আৰু সেই‌ একে বছৰৰে ২৭ মে’ তাৰিখে ৬৬ বছৰ এই মহান বিজ্ঞানীগৰাকীয়ে মৃত্যুক সাৱটি লয়।  তেওঁৰ মৃত্যুৰ পিছত বাৰ্লিনৰ সংক্ৰমিত ৰোগৰ সংস্থাক “ৰবাৰ্ট কখ সংস্থা”  হিচাপে নামাকৃত কৰা হৈছিল। ১৯৮২ চনৰ পৰা ২৪ মাৰ্চ তাৰিখটো ‘বিশ্ব টিউবাৰকুলচিচ’ দিৱস হিচাপে পালন কৰি কখৰ মহৎ অৱদানক সন্মান জনাই অহা হৈছে।  তেওঁৰ দৰে এজন মহান বিজ্ঞানী চিৰনমস্য আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত আগবঢ়োৱা তেওঁ অনবদ্য অৱদান ‌চিৰস্মৰণীয় বুলি পৰিগণিত।

Leave a Reply

Your email address will not be published. Required fields are marked *