অনুবাদকবিতা

ময়েই সেই ছোৱালীজনী (মূল: শুভ দাশগুপ্ত; ভাবানুবাদ: চয়নিকা চাংমাই)

ময়েই সেই ছোৱালীজনী
বাছত, ৰেলত, ৰাস্তাত আপুনি যাক সদায় দেখে
যাৰ শাৰী, কঁপালৰ ফোঁট, কাণফুলি আৰু ভৰিৰ সৰুগাঁঠি
আপুনি সদায় দেখে।
আৰু
আৰু বহুত কিবাকিবি চাবলৈ পোৱাৰ সপোন দেখে।
সপোনত যাক ইচ্ছামতে সজায় চায়।
ময়েই সেই ছোৱালীজনী।

বিহাৰৰ ঘোকোট গাঁৱত দিনৰ পোহৰত যাৰ ছাঁ গচকাও
আপোনাৰ ধৰ্মত নিষিদ্ধ,আৰু গভীৰ ৰাতি যাক বস্তিৰপৰা
উঠাই আনিবলৈ আপুনি পালি পহৰীয়া পঠিয়ায়
আৰু সুসজ্জিত বিছনাত যাৰ কাৰণে অপেক্ষাত অধীৰ হয়
আপোনাৰ ৰাজকীয় ব্যভিচাৰ
ময়েই সেই ছোৱালীজনী।

ময়েই সেই ছোৱালীজনী–অসমৰ চাহবাগানৰ
মজদুৰৰ বস্তিৰপৰা মাজৰাতি যাক আপুনি লৈ যাব খোজে চাহাবৰ বঙলালৈ
চিমনিৰ জিলিকি উঠা পোহৰত মাতাল চকুৰে চাব বিচাৰে
যাৰ নগ্ন শৰীৰ
ময়েই সেই ছোৱালীজনী।

ৰাজস্থানৰ শুকান ঠাইৰপৰা পিয়াহৰ পানী আনিবলৈ
যাক আপুনি
পঠিয়াই দিয়ে দহমাইল দূৰৰ চৰকাৰী কুঁৱালৈ–আৰু
কুৰি মাইল খোজকাঢ়ি ক্লান্ত বিধ্বস্ত হৈ কলহ লৈ উভতি আহিলেই
আখলৰ জুইৰ সমুখত ৰুটী সেকিবলৈ বহুৱাই দিয়ে
ময়েই সেই ছোৱালীজনী।

ময়েই সেই ছোৱালীজনী–
যাক লৈ আপুনি গংগাৰ ঢৌত ডুবি যাব খোজে অথবা
চিনেমাহলৰ নীলা এন্ধাৰত,
যাৰ চকুত আপুনি আঁকি দিব খোজে মিছা সপোনৰ কাজল
আৰু শেষ হৈ যোৱা চিগাৰেটৰ পেকেটৰ দৰে যাক
পথৰ কাষত দলিয়াই থৈ আপোনাৰ পুষ্পসজ্জিত গাড়ী
শুভবিবাহ সম্পন্ন কৰিবলৈ গুচি যায় চহৰৰ পথেৰে–
সন্ধ্যাৰ হেঙুলীয়া পোহৰত অকলে ৰৈ থকা
ময়েই সেই ছোৱালীজনী।

ময়েই সেই ছোৱালীজনী যাক আনকি দেৱতাইও
ক্ষমা নকৰে। অহংকাৰ আৰু শক্তিৰ দম্ভৰে যাৰ গৰ্ভত
থৈ যায় কুমাৰীৰ অপমান আৰু চকুৰ পানীৰে কুন্তী হৈ
নদীৰ পানীত বিসৰ্জন দিবলগীয়া হয় কৰ্ণক। সন্তানক।
ময়েই সেই ছোৱালীজনী।

সংসাৰৰ দুঃসময়ত ময়েই ভৰসা।
মোৰ পঢ়িবলৈ থোৱা টকাৰে মাৰ ঔষধ কিনা হয়।
মোৰ সৰ্বশৰীৰ বৰষুণত তিতি থাকে।
ক'লা আকাশ মূৰত লৈ মই ছাতি হৈ থাকোঁ।
ছাতিৰ তলত সুখত থাকে সংসাৰ।

আপুনি
আপোনালোকে
মোৰ বাবে বহুত কৰিছে।
সাহিত্যত কবিতাত শাস্ত্ৰত লোকাচাৰত মোক
মাতৃ বুলি পূজা কৰিছে
প্ৰকৃতি বুলি গুণ-গান কৰিছে–আৰু
চহৰৰ বজাৰৰ বন্ধগলিত ওঁঠত ৰং সানি
হাতত চাকি লৈ থিয় কৰাইও দিছে।
হয়, ময়েই সেই ছোৱালীজনী।
এদিন হয়তো
হয়তো এদিন– হয়তো অন্য কোনো এদিন
মোৰ সকলো মিছা পোছাক দলিয়াই থৈ
মই হৈ উঠিম সেই অসামান্যা!
খোলা চুলিয়ে মেঘৰ দৰে ঢাকিব মোৰ উন্মুক্ত পিঠি।
দুচকুত জ্বলিব তীব্ৰ জুই।
কপালেৰে বিচ্ছুৰিত হৈ ওলাব ভয়ংকৰ তেজৰশ্মি
হাতত জিলিকি উঠিব সেই তৰোৱাল।
দুভৰিৰ নূপুৰত বাজি উঠিব ৰণদুন্দুভি।
নৃশংস অট্টহাস্যত ভৰি উঠিব আকাশ।
দেৱতাইও আতংকত থৰ হৈ আঁওৰাই থাকিব
মহামেঘপ্ৰভাংঘোৰাং মুক্তকেশীং চতুর্ভুজাং
কালিকাং দক্ষিণাং মুণ্ডমালা বিভুষিতাং।

বিভৎস অগ্নিৰ দৰে
মই আগুৱাই থাকিম।
আৰু মই আগুৱাই যোৱা পথৰ দুয়োকাষে
মুণ্ডহীন অসংখ্য দেহে ছট্‌ফটাই থাকিব–
সভ্যতাৰ দেহ–
প্ৰগতিৰ দেহ–
উন্নতিৰ দেহ–
সমাজৰ দেহ।

হয়তো ময়েই সেই ছোৱালীজনী! হয়তো! হয়তোবা।

(আমিই সেই মেয়ে: শুভ দাশগুপ্ত)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *