শিল্প-কলা-সংস্কৃতি

ৰূপান্তৰৰ বালিচন্দা – (মমিন বৰা)

প্ৰাককথন :

কিছুমান ব্যক্তিৰ নাম যেতিয়া হৃদয়ত নিৰৱভাৱেও উচ্চাৰণ কৰা হয়, স্বতঃস্ফূৰ্তভাৱে এক সুতীব্ৰ অনুভূতিয়ে সমগ্ৰ হৃদয় জুৰি বিচৰণ কৰিবলৈ ধৰে। এই অনুভূতিৰ উপকৰণসমূহলৈ যেতিয়া আমি অন্তৰ্দৃষ্টি নিক্ষেপ কৰোঁ, সেই চিৰ দীপ্তিময় ব্যক্তিত্বৰ ওচৰত কৃতজ্ঞতাৰ ভাষা বিচাৰি মূক হৈ ৰ‌ওঁ। আত্মবিভোৰভাৱে তেনে লোকসকলে প্ৰতিষ্ঠা কৰি যোৱা সমদলৰ অংশীদাৰ হৈ মানুহ আৰু জীৱনৰ জয় যাত্ৰাত চামিল হোৱাৰ সুখ ল’বলৈ হেঁপাহ জাগে। তেনে জীৱনে এইটোও শিকায় যে বয়স কেৱল মাত্ৰ সংখ্যাৰ হিচাপ আৰু সেই সংখ্যা জীৱনৰ বিশালতাৰ কাষত অতি নগণ্য! সিদিনা জ্যোতি ভাৰতীত সংৰক্ষিত বিভিন্ন সমলসমুহৰ সৈতে আত্মিক সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰি থাকোঁতে অহা ভাৱ বিলাস বিলাকৰ এয়া হ’ল এক আন্তৰিক অনুভৱী স্নেপ। হয়, “জ্যোতিপ্ৰসাদ” তেনে নামসমূহৰ ভিতৰত এটা নাম, “জ্যোতিপ্ৰসাদ” তেনে ব্যক্তিত্বৰ ভিতৰত এক ব্যক্তিত্ব, অসমৰ উজ্জ্বল নক্ষত্ৰ সংস্কৃতিৰ ৰূপকোঁৱৰ‌। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামটো উচ্চাৰণ কৰিলে মনৰ ভিতৰত এক ঝংকাৰ শুনা পাওঁ। ডাঠ ফ্ৰেমৰ চচমা এযোৰেৰে যেন তেওঁ প্ৰচণ্ড ইচ্ছাশক্তি আৰু অকুণ্ঠ আদৰেৰে লিৰিকি বিদাৰি আছে শেহতীয়া কথাছবি খনৰ এটা ফিল্ম। বিষ্ণুপ্ৰসাদৰ নাম ল’লে যিদৰে মই হৃদয়ত এক বজ্ৰসম হুংকাৰ শুনো, জ্যোতিপ্ৰসাদৰ নাম ল’লে তাৰ কিছু বিপৰীত। সাংঘাতিক কৰ্মস্পৃহাৰে, নিৰৱে, নিৰৱচ্ছিন্নভাৱে যেন তেওঁ লাগি আছে গান এটাত, নাটক এখনত, কথাছবিৰ শ্বট্ এটাত। এই প্ৰতিটো গান, প্ৰতিটো কবিতা বা প্ৰতিটো চৰিত্ৰই প্ৰকাশ কৰে জ্যোতিপ্ৰসাদৰ হৃদয়ৰ বজ্ৰসম ভাষাক। তেওঁৰ এই অপূৰ্ব সৃষ্টিসমূহে ব্যক্ত কৰি যায় তেওঁৰেই মৌন ওঁঠৰ অযুত সন্মোহিনী সংলাপ। এই মহান ব্যক্তিত্বৰ বিষয়ে লিখিবলৈ লৈ এই সময়ত পিছে মোৰ মন গৈছে, যেন কল্পনাৰ কাৰেংঘৰ সাজি সৰগৰ পৰা সাদৰেৰে আমন্ত্ৰণ কৰি আনিম আৰু অনৰ্গলভাৱে কথা পাতি যাম আমি! আমাৰ এই কাল্পনিক মত-বিনিময়ৰ যাত্ৰাত, সাংস্কৃতিক পৃথিৱীৰ এই মহান পথ-প্ৰদৰ্শক প্ৰবাদপ্ৰতীম পুৰুষজনক চাব বিচাৰোঁ কোনো মুহূৰ্তত এক ঐশ্বৰিক অভিভাৱক হিচাপে, কোনো মুহূৰ্তত জন্মভূমিৰ বহু প্ৰজন্মৰ আগৰ এক সহোদৰ হিচাপে বা আন কোনো এক মুহূৰ্তত গান কবিতা চিনেমাৰ কথাৰে মুখৰিত হৈ থকা এক পূৰ্ণাংগ মজলিছৰ বন্ধু হিচাপে। তেওঁ মোৰ এইবাবেও প্ৰিয় যে তেওঁৰ কৰ্ম আৰু চিন্তাধাৰা তথাকথিত উগ্ৰ জাতীয়তা তথা শ্ৰেণীবিভাজিত পৃথিৱীৰ সংকীৰ্ণতাৰ ওপৰত মৰা এটা পূৰ্ণহতীয়া চৰ। এই ৰচনাত তেখেতৰ বিশাল কীৰ্তি বা প্ৰতিভাৰ প্ৰতি আলোকপাত কৰাৰ বিপৰীতে, এক আত্মিক কথোপকথনৰ মাজেৰে সেই সাংস্কৃতিক আগ্নেয়গিৰিক পুনৰবাৰ ৰোমন্থন কৰিবলৈ চেষ্টা কৰিম, চেষ্টা কৰিম এক সাংস্কৃতিক যাত্ৰাৰ মাজেৰে সেই অভূতপূৰ্ব ব্যক্তিসত্তাক অনুধাৱন কৰিবলৈ!

পোহৰলৈ:

হেমাংগ বিশ্বাসে তেখেতৰ ৰচনৱলীত জ্যোতিপ্ৰসাদৰ প্ৰসংগত এক ৰচনাত লিখিছে – ” ১৯৪৭ চনৰ নৱেম্বৰত অসম ছাত্ৰ সন্মিলনীৰ কৃষ্টি শাখাৰ উদ্বোধন কৰিবলৈ জ্যোতিপ্ৰসাদে অসুস্থ শৰীৰতো মোৰ বিশেষ অনুৰোধত ডিব্ৰুগড়ৰ পৰা লৱৰি গুৱাহাটীলৈ আহিছিল। তেওঁ অভিভাষণখিনি নিজে লিখি ছপাই লৈ আনিছিল- নাম দিছিল ‘পোহৰলৈ’।” ‘পোহৰলৈ’ – এই শিৰোনামটোত মই ৰৈ গৈছিলোঁ। জ্যোতিপ্ৰসাদৰ গীতবোৰ, কবিতাবোৰ শুনিলে বা পঢ়িলে বাৰে বাৰে এটা ধাৰণা স্পষ্ট ৰূপে পোৱা যায় যে প্ৰতিমুহূৰ্ততে তেওঁ পোহৰ অভিমুখী এক যাত্ৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। জ্যোতিপ্ৰসাদৰ জীৱনৰ শেষৰ গীতি-কাব্যত সমাজৰ প্ৰতি মানুহৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি হেমাংগ বিশ্বাসে লিখিছে – ” তেখেতৰ এই গণ-চেতনা বিমূৰ্ত বা abstract Humanism নাছিল”। জ্যোতিপ্ৰসাদে লিখিছিল –

“জনতা তোৰ প্ৰাণৰো প্ৰাণত
মনৰো মনত
শিল্পী যে মই লুকাই লুকাই আছোঁ”‌।

তাৰ পিছত লিখিছে –

“তোৰ আন্ধাৰক নাশিবলৈ
তোৰ বুকুতেই বিপ্লৱী হৈ জাগিম”

সেই আন্ধাৰ জিনি পোহৰ অভিমুখী যাত্ৰাৰ গুমগুমনি। হেমাংগ বিশ্বাসৰ ভাষাৰে, দৃষ্টিৰে জ্যোতিপ্ৰসাদক চালে তেওঁৰ ব্যক্তিত্বৰ অন্য এক দিশ দেখা যায়। হেমাংগ বিশ্বাস বাঁও চিন্তাধাৰাত বিশ্বাসী হোৱা বাবে জ্যোতিপ্ৰসাদৰ সেই দৃষ্টিৰে অৱলোকণ কৰাটো স্বাভাৱিক। সাধাৰণ দৃষ্টিত জ্যোতিপ্ৰসাদক আমি ৰূপকোঁৱৰৰ দৃষ্টিৰে চাওঁ আৰু প্ৰায়বোৰ আলোচনাই তেওঁৰ সেই দৃষ্টিকোণকেই প্ৰতিফলিত কৰে, যিদৰে বিষ্ণুপ্ৰসাদ ৰাভাক সাধাৰণতে এক বৈপ্লৱিক দৃষ্টিভংগীৰে চোৱা যায়। সেই বাবেই সুন্দৰ কোঁৱৰৰ এক সৰ্বজন স্বীকৃত আৰু সমাদৃত ৰূপ এটাৰ বিপৰীতে হেমাংগ বিশ্বাসৰ দৃষ্টিৰ এই জ্যোতিপ্ৰসাদ জন মোৰ বাবে নতুন। সমাজ আৰু জীৱনৰ অন্তৰ্নিহিত অৰ্থক মানুহৰ চিন্তালৈ বোৱাই আনিবলৈ গান কবিতা নাটকৰ এক অপূৰ্ব সংমিশ্ৰণেৰে জ্যোতিপ্ৰসাদে এক ৰূপৰ বিজুলীৰ সৃষ্টি কৰিছিল। তেওঁৰ গীত সমুহৰ শব্দ চয়নৰ যি অপূৰ্ব ব্যৱহাৰ দেখা যায়, সেয়া মানুহক এক বিমূৰ্ত জগতলৈ টানি নিয়াত একেবাৰতেই সফল, সেইবাবেই ” ৰূপহ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়” – যেতিয়া শুনোঁ, স্বতঃস্ফূৰ্ত ভাৱে আমি সেই চৰিত্ৰৰ লগত, সেই পৰিবেশৰ লগত একাত্ম হৈ পৰোঁ। পাৰ্থিৱ পৃথিৱীৰ পৰা মানুহক অন্য এক বিমূৰ্ত জগতলৈ লৈ যোৱাত যেতিয়া এজন শিল্পী সফল হয়, সেই শিল্প চিৰদিনৰ বাবে খোদিত হোৱাটো নিশ্চিত। জ্যোতিপ্ৰসাদৰ এই অপূৰ্ব শব্দচয়নৰ সৈতে সুৰ বা বাদ্যযন্ত্ৰৰ যি সমাহাৰ, সি সকলোকে আৰু বিমুগ্ধ কৰি তোলে।

সৌজন্য : সংস্কাৰ :

সংস্কৃতি এক চিৰপ্ৰৱাহমান নদী। কৃষ্টিৰ সংস্কাৰৰ প্ৰতি আছিল তেওঁ যথেষ্ট সজাগ আৰু সংবেদনশীল। গীতৰ যি কথা আৰু চেতনা, তাক মানুহৰ কেৱল হৃদয়তেই নহয়, মগজুতো তাৰ ক্ৰিয়া কৰিব পৰাকৈ যিমান খিনি অহোপুৰুষাৰ্থ কৰিছিল তাক আপাতদৃষ্টিৰে অনুধাৱন কৰাটো অতি কঠিন।

পুনৰ আহিছোঁ জ্যোতি ভাৰতীৰ এটা কথালৈ। জ্যোতি ভাৰতীত সিদিনা মোক আটাইতকৈ আকৰ্ষিত কৰিছিল তেওঁ ব্যৱহাৰ কৰা বিভিন্ন দেশৰ বাদ্যযন্ত্ৰসমূহে। ই তেওঁৰ ব্যক্তিত্বৰ সাংঘাতিক অধ্যয়নশীল দিশটো আমাৰ সন্মুখত দাঙি ধৰে। দেশ-বিদেশৰ কৃষ্টি-সংস্কৃতি অধ্যয়ন কৰি, তাক থলুৱা পটভূমিত ব্যৱহাৰ কৰাটো, তাকো প্ৰচলিত থলুৱা বৈয়াকৰণিক ষ্টাইলৰ হেৰ-ফেৰ নোহোৱাকৈ‌। জ্যোতিপ্ৰসাদৰ দৰে ব্যক্তিৰ বাবেহে এইটো সম্ভৱ। সেই সময়তে বিশ্বৰ বিভিন্ন দেশৰ সংগীতৰ অধ্যয়ন আৰু ব্যৱহাৰ কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰা বিষয়টো কম প্ৰতিকূল নাছিল। গীত কবিতা বা নাটকৰ মূৰ্ত চেতনাৰ মোল বা তাৰ ৰূপ-সুধা পান কৰাৰ লগতে দৃশ্যপটৰ আঁৰত থকা তেওঁৰ জন্মভূমিৰ প্ৰতি, ভাষাৰ প্ৰতি , নিজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি প্ৰদৰ্শন কৰা এই আশাশুধীয়া নিৰলস প্ৰচেষ্টাক হৃদয়ংগম কৰাটো আমাৰ বাবে বিশেষকৈ আজিৰ প্ৰেক্ষাপটত অতি প্ৰয়োজনীয়।

চেলুলয়দী চিন্তা :

গীত-কবিতা এৰি যেতিয়া আমি জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ চেতনাৰ লগত একাত্ম হ’বলৈ চেষ্টা কৰোঁ, তেওঁৰ বহুমাত্ৰিক প্ৰতিভাৰ কাষত আমি উৱাদিহ নোপোৱাৰ দৰে ভাৱ হয়। গীত আৰু ইয়াৰ প্ৰায়োগিক পৰিবেশৰ বিৱৰ্তনৰ কথা যেতিয়া আমি পাতোঁ, আচৰিত হ‌ওঁ সময়ৰ সীমাক অতিক্ৰম কৰি কেনেকৈ তেওঁ সংস্কৃতিৰ পথাৰত জাগৰণ আনিবলৈ সক্ষম হৈছিল। কাৰিকৰী ভাৱে অতি পিছপৰা এখন ঠাইত বসবাস কৰিও চেলুলয়দৰ চিন্তা আৰু তাক বাস্তৱত প্ৰতিস্থাপিত কৰাৰ যি চমৎকাৰ কৰি দেখুৱালে, সেয়া আছিল তেওঁৰ অসাধাৰণ প্ৰতিভা আৰু কৰ্মস্পৃহাৰ এক উৎকৃষ্ট উদাহৰণ। “জয়মতী”ৰ নিৰ্মান আৰু পৰৱৰ্তী পদক্ষেপ সমূহে জ্যোতিপ্ৰসাদক সেই স্থানলৈ উত্তৰণ ঘটালে, যাৰ পৰা মানুহৰ মনত প্ৰতিস্থাপিত হ’ল যে তেওঁ প্ৰকৃতাৰ্থতে এজন সংস্কৃতিৰ যাদুকৰ! কাৰিকৰী কৌশল সমূহৰ ব্যৱহাৰৰ দক্ষতা আৰু চিত্ৰায়িত কাহিনী সমূহৰ সংবেদনশীল উপস্থাপনে অসমৰ নাম চেলুলয়দৰ জগতত এক সোনালী আখৰেৰে লিখাবলৈ সক্ষম হ’ল। সেই বৈপ্লৱিক যাত্ৰাৰ পৰিবেশ আৰু প্ৰেক্ষাপটক সাৰথি কৰি পৰৱৰ্তী সময়ত আমি অসমীয়া ছবিৰ এক স্বৰ্ণময়ী যুগ লাভ কৰোঁ, যি হয়টো কাৰিকৰী কৌশলক বাদ দি, প্ৰায় প্ৰতিটো ক্ষেত্ৰতে ভাৰতৰেই নহয়, বিশ্বৰ লগত সমানে ফেৰ মাৰিছিল। “জয়মতী”য়ে অসমীয়াৰ বাবে যি মাইলৰ খুঁটি স্থাপন কৰিলে, তাৰ বাবে জ্যোতিপ্ৰসাদে অতিক্ৰম কৰা প্ৰতিকূলতা আৰু ত্যাগ অসমৰ বাবে সদায়েই চিৰস্মৰণীয়।

ৰূপান্তৰৰ মই, যুগান্তৰৰ মই :

জ্যোতিপ্ৰসাদৰ নাটক ‘লভিতা’ সম্পৰ্কে হেমাংগ বিশ্বাসে তেখেতৰ ৰচনা ‘লভিতাৰ প্ৰথম নিশা’ত লিখিছে- ” লভিতা কেৱল এখন chronicle নহয়, মহাযুদ্ধৰ এখন দলিলেই নহয়, ই এপিক সংঘাতত ক্ষত-বিক্ষত আৰু বিক্ষুব্ধ অসমৰ অন্তৰাত্মাৰ সাৰ্থক প্ৰতিমা “।

জ্যোতিপ্ৰসাদৰ নাটকত কাহিনীৰ ব্যাপকতা মনকৰিবলগীয়া। এই বিষয়ে বিশ্বৰ বিভিন্ন ঠাইৰ অভিজ্ঞতা, অধ্যয়ন আৰু তাৰ পৰা লাভ কৰা শিক্ষা আৰু জন্মগত প্ৰতিভাৰ সংমিশ্ৰণ যেন এক ধ্ৰুপদী ৰসায়ন। অৱশ্যে ইয়াৰ মূল আত্মা আছিল তেওঁৰ উচ্চাকাংক্ষী মন, সেই উচ্চাকাংক্ষাক ধাৰণ কৰিব পৰাকৈ সমানে দৃঢ়তা আৰু জন্মভূমিৰ প্ৰতি হৃদয়ত প্ৰতিস্থাপিত দায়বদ্ধতা। জ্যোতিপ্ৰসাদৰ নাটকত দেখা যায় মধ্যবিত্তীয় চেতনাৰ যি বলয় তাক প্ৰতি মুহূৰ্ততে প্ৰত্যাহ্বান জনাই সমাজৰ মাজত প্ৰচলিত সামন্তবাদী ধ্যান ধাৰণাক নস্যাৎ কৰিবলৈ কৰা প্ৰচেষ্টা। লভিতাৰ প্ৰটাগনিষ্টক (যদিও প্ৰটাগনিষ্ট সম্পৰ্কে জ্যোতিপ্ৰসাদে পাতনিত লিখিছিল – ” নায়ক-নায়িকা হিচাপে ইয়াত চৰিত্ৰ নাই, ইয়াৰ নায়ক গোটেই অসমীয়া ৰাইজেই) কৰুণাৰ প্ৰতীক হিচাপে প্ৰক্ষেপ কৰা নাই, কৰিছে স্বদেশৰ বাবে সশস্ত্ৰ সংগ্ৰামৰ দীক্ষা লৈ জীৱন দিয়া এক আইৰনী হিচাপে। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত নাটকখন সম্পৰ্কে হেমাংগ বিশ্বাসে লিখিছে ” নাটক খন যেন লানি নিচিগা ঘটনাৰ মন্টাজ”। জ্যোতিপ্ৰসাদৰ নাটকৰ আৰু এটা দিশ মন কৰিবলগীয়া, সমাজৰ বিভিন্ন প্ৰসংগক উপস্থাপন কৰিবলৈ যাওঁতে প্ৰায় প্ৰতিখন নাটকত তেওঁ অনুসৰণ কৰা মূল দৃষ্টিকোনটো হ’ল এগৰাকী নাৰীৰ, সেয়া লাগিলে হ‌ওক লভিতা, ৰূপালীম অথবা কাৰেঙৰ লিগিৰী।

জ্যোতিপ্ৰসাদৰ কবিতাই তেওঁৰ গীতৰ ভাষাৰ চয়নক অনুসৰণ কৰা নাই। গীতৰ লিৰিকেল ধৰ্মীতাৰ কথা উল্লেখ কৰিও ক’ব লাগিব যে গীতৰ কথাত, শব্দৰ কোমলতাৰ প্ৰতি অতি সজাগ জ্যোতিপ্ৰসাদ যেন কবিতাত অন্য ৰূপত আত্মপ্ৰকাশ কৰে। ইংগিতময়তা বা ৰূপকৰ প্ৰায় সহায় নোলোৱাকৈ কবিতাত অতি স্পষ্ট আৰু ৰূঢ় ভাষাৰ ব্যৱহাৰ দেখা যায়। বিশেষকৈ শাসক সকলক উদ্দেশ্য কৰি লিখা কবিতাবোৰ পঢ়িলে গম পোৱা যায় সমাজৰ শোষণ আৰু বঞ্চনাৰ প্ৰতি তেওঁৰ হৃদয়ত আছিল তীব্র ক্ষোভ। সমাজৰ নিম্ন বৰ্গীয় বুলি চিহ্নিত মানুহৰ দুখ-দুৰ্দশাৰ প্ৰতি চিন্তিত জ্যোতিপ্ৰসাদে সেয়ে লক্ষ্য কৰি লৈছিল শাসক গোষ্ঠীক। শ্ৰেণীবিভাজিত সমাজৰ প্ৰতি হৃদয়ৰ সমষ্ট ভ্ৰূকুটিৰে তেওঁ সেই কবিতাবোৰ লিখিছিল। সেইবাবেই তেওঁ গণ-শিল্পী। এই শ্ৰেনীবিভাজন আৰু ধৰ্মবিভাজনৰ পংকিল পথাৰৰ পৰা অসমীয়া সমাজক আঁতৰাই মানৱতাৰ মূল্যবোধৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ তেওঁ লিখিছিল –

ময়েই হিন্দু
ময়েই মুছলমান
ময়েই ন-জোৱান
মোৰ ভগৱান মন্দিৰে-মছজিদে
অন্তৰে-বাহিৰে
মোৰ ভগৱান নৈয়ে বনে
আকাশে-আছমানে …” (অসমীয়া ডেকাৰ উক্তি)

সমাজত মানৱতাৰ মূল্যবোধৰ প্ৰতি সেই সময়তে অতি সজাগ এই মহান শিল্পী জনৰ এই ধ্যান-ধাৰণাক কেৱল গান বা কবিতাৰ বেষ্টনীতে সীমাবদ্ধ ৰখাটো মুঠেই উচিত নহয়। অসমীয়া সমাজে আন্তৰিকতাৰে এই ধ্যান-ধাৰণাক হৃদয়ংগম কৰা উচিত, কাৰণ ই হ’ল, মানুহক মানুহ হিচাপে উত্তৰণৰ পথ নিৰ্দেশ কৰা এক ধাৰণা।

স্মৃতিকাতৰতা অথবা স্বগতোক্তি :

এটা দীঘল পদূলিৰে এখন চোতাল, এজোপা গছৰ ছাঁত বহি আছে তেওঁ। হাতত স্পেনিছ গীটাৰ এখন লৈ একেথৰে চাই আছে সন্মুখলৈ । নিৰৱতাৰ সমষ্ট কলৰৱ ভাঙি মই ঘপকৈ সুধি পেলালোঁ
-: আপুনি এতিয়াও স্মৃতিৰ সেউজ পথাৰত সজীৱ কৰি ৰাখিছেনে ‘শেৱালি’ৰ সেই ৰঙা গোলাপৰ পাহিবোৰ?
তেওঁৰ ওঁঠত কোনো কম্পণ হোৱা দেখা নগল। স্থিৰ দুচকুৰে অসীমৰ স্মৃতিৰ চাকনৈয়াত যেন বিচাৰি ফুৰিছে অৰ্ধসমাপ্ত কোনো ফিল্মৰ এক দৃশ্যসজ্জা। যাৰ সমাপ্তিৰ সাম্ভাব্য সূচী হয়টো তেওঁৰ কাষত নাছিল‌।
মই পুনৰ সুধিলোঁ –
: আপুনি কিয় শৈশৱত সপোনলৈ পঠিয়াই দিছিল সেই ভূতৰ পোৱালি দুটা আৰু পিলিকা পিলিকা যখিনী ছোৱালী জনি? শুই উঠি কিমান কান্দিছিলোঁ , শোৱাৰ পৰা উঠি সিহঁতক নাপাই। কিয় বাৰু সপোনৰ শেষত সদায় গুচি গৈছিল সিঁহত!
এইবাৰ তেওঁ মোলৈ চাই মিছিকিয়াই হাঁহিলে। আৰু হাতৰ স্পেনিছ গীতাৰত ঝংকাৰ তুলি “কাবালিট’ ব্লাংক”ৰ (১) সুৰটোৰ আধাৰত গাবলৈ ধৰিলে –

“মই, মই সপোনতদেখিলো দুটা
ভূতৰ পোৱালি
আৰু দুজনী – নাক জিলিকা
চকু টেলেকা
তিলিকা তিলিকা
পিলিকা পিলিকা
যখিনী ছোৱালী…..”

লাহে লাহে সোমাই আহিল এখুজি দুখুজিকৈ বহু কেইটা শিশু। কাৰোবাৰ হাতত গীটাৰ, কাৰোবাৰ হাতত মেণ্ড’লিন অথবা কাৰোবাৰ হাতত বাঁহী। লাহে লাহে সময়ে ত্বৰিত ৰূপ ল’লে আৰু প্ৰতিটো শিশু কৈশোৰ পাৰ হৈ পূৰ্ণাংগ প্ৰাপ্তিৰে যৌৱনত ভৰি দিলে আৰু এক অলৌকিক আলোছায়াৰ মাজত আপোন পাহৰা হৈ গাবলৈ ধৰিলে –
” বনৰীয়া আমি বনৰ চৰাই
বনে বনে ফুৰো
অনাই বনাই
অনাই বনাই আমি
অনাই বনাই আমি
অনাই বনাই অ’
অনাই বনাই৷
উ- উ-উ-উ….উ-উ…উ-উ-উ “

এয়া ৰূপান্তৰৰ বিপ্লৱী জ্যোতিপ্ৰসাদৰ সৈতে বিমূৰ্ত ভাৱে কটোৱা কেইটামান কাল্পনিক ক্ষণ। অপূৰ্ব শব্দচয়ন আৰু সেই শব্দচয়নক সম্পূৰ্ণ সুবিচাৰ কৰিব পৰাকৈ আৰোপিত সুৰৰ গীতবোৰ যেতিয়া শুনা যায়, তাক ভাষাৰে বুজাবলৈ প্ৰায় অপাৰগ। কিন্তু বাস্তৱত এই মেটাফৰিকেল দৃশ্যৰ অভিযোজনা প্ৰায় শূন্যতাৰ সমকক্ষ। বিশেষকৈ ‘জ্যোতি সংগীত’ বা সমকালৰ আন এজন কিংবদন্তি বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ৰাভাসংগীত’ আৰু তেওঁ লোকৰ মানৱীয় ধ্যান-ধাৰণা কেৱল নিৰ্দিষ্ট দিন, নিৰ্দিষ্ট সজ্জাৰ বৃত্তত আৱদ্ধ হৈ ৰ’ব লগীয়া হোৱাটো বা এনে উৎকৃষ্ট সংগীতৰ ধাৰাৰ একনিষ্ঠ অনুগামীৰ শূন্যতা অসমীয়া সমাজৰ বাবে আজি এক বেদনাদায়ক বাস্তৱ।

শেষত এক আন্তৰিক স্বীকাৰোক্তি – আনুষ্ঠানিকতা শব্দটোৰ লগত আমি সংপৃক্ত হোৱাত অসুবিধা পাও, গতিকে তাক স্ব-স্থানতে ৰখা হ’ল। তাৰ বাবে আমি নিতান্তই ক্ষমাপ্ৰাৰ্থী।

(১) কাবালিট’ ব্লাংক: এক পৰম্পৰাগত স্পেনিছ শিশু গীত।

চিন্তাৰ সমল :
১) হেমাংগ বিশ্বাস ৰচনাৱলী – সম্পাদনা: পৰমানন্দ মজুমদাৰ।
২) হীৰেন গোহাঁই ৰচনাৱলী – প্ৰথম খণ্ড।
৩) জ্যোতিপ্ৰসাদৰ পৰা জাহ্নু-জাংদাও আৰু অন্যান্য – মনোজ বৰপূজাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *