সবৰিমালা :: বিশ্বাসৰ সংঘাত (দ্বিজেন্দ্ৰ মোহন বর্মন)
সামগ্ৰিকভাৱে কেৰেলা এখন উন্নত আৰু শিক্ষিত নাগৰিকৰ জনবহুল ৰাজ্য৷ এই ৰাজ্যৰ নাগৰিকৰ জীৱনশৈলী যথেষ্ট উন্নত আৰু সামাজিক সহিষ্ণুতা উচ্চখাপৰ৷ ভাৰতবর্ষৰ অন্য ৰাজ্যৰ গাঁৱৰ সকলোবোৰ বৈশিষ্ট্য কেৰেলাৰ গাঁৱত বিচাৰিলে পোৱা নাযায়৷ সাধাৰণতে এই ৰাজ্যৰ গাঁওবোৰ সৰু নগৰৰ দৰে৷ ঘৰবোৰ আটক-ধুনীয়া৷ আধুনিক জীৱনধাৰণৰ পৰিকাঠামো সময়ৰ স’তে আগ বঢ়া৷ অন্যহাতে কেৰেলাৰ প্ৰাকৃতিক সৌন্দৰ্য অতুলনীয়৷ পাহাৰ, নদী, সাগৰ— সকলো আছে। ইয়াৰ সুবাদতে পর্যটন উদ্যোগৰ বিশাল পৰিসৰ৷ কৃষি-বনানিত এইখন ৰাজ্যই বিশেষ সফলতা আর্জিছে৷ দেশৰ ভিতৰতে এখন উন্নত ৰাজ্য হিচাবে বিবেচিত হোৱাৰ মূল কাৰক হ’ল কেৰেলাৰ নাগৰিকৰ আত্মসচেতনতা আৰু সামাজিক সচেতনতা৷ ধর্মৰ অৱস্থিতিৰ কথা ক’বলৈ গ’লে দেশৰ অন্য প্ৰান্তৰ দৰে কেৰেলাও অত্যাধিক জাগ্ৰত৷ অলিয়ে-গলিয়ে মন্দিৰ-মজজিদ-গীর্জা বিৰাজমান৷ সব্ৰিমালা হ’ল বিশ্বৰ ভিতৰতে সকলোতকৈ বেছি মানুহে দর্শন কৰা অন্যতম সার্বজনীন মন্দিৰ৷ বছৰি ৪০-৫০ লাখ দর্শনার্থীয়ে দর্শন কৰে সব্ৰিমালা৷ বিশ্বাস-অবিশ্বাস আৰু পৰম্পৰাৰ দোহাইদি এই সব্ৰিমালাৰ প্ৰসংগই মাননীয় উচ্চতম ন্যায়ালয়ৰ মজিয়া গৰকি এক ৰক্তাক্ত সংঘর্ষৰ সৃষ্টি হৈছিল যোৱাটো বছৰত৷ দেশ-বিদেশত চর্চিত হৈছিল বিষয়টো৷ সংঘাত হৈছিল বিশ্বাসত বিশ্বাসী আৰু সামাজিক বৈষম্যৰ প্ৰাচীৰ ভাঙি সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবলৈ বিচৰা দুটা উলম্বভাৱে বিভাজিত ফৈদৰ মাজত৷ নিৰাপদ দূৰত্বত সাক্ষী হৈ ৰৈছিল নিৰপেক্ষসকল৷
কেৰেলাৰ পাথনমথিট্টা জিলাৰ পেৰিনাদ গাঁওৰ পেৰিয়াৰ ব্যাঘ্ৰ সংৰক্ষণ এলেকাত সব্ৰিমালা মন্দিৰ অৱস্থিত৷ এই অঞ্চলটো ১৮-টা পাহাৰে আৱৰি আছে৷ সাগৰপৃষ্ঠৰ পৰা ৪৮০ মিটাৰ উচ্চতাত আছে মন্দিৰটো৷ ঘন অৰণ্যৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ অঞ্চল৷ সব্ৰিমালাত “ভগৱান আয়েপ্পা’-ৰ পূজা কৰা হয় অদ্বিতীয়ভাৱে৷ তেওঁ স্থানীয় মানুহৰ বাবে আছিল নায়কসদৃশ৷ কথিত আছে আয়েপ্পা আছিল শিৱ আৰু বিষ্ণুৰ ৰূপ মোহিনীৰ পুত্ৰ আৰু তেওঁ হ’ল নৈষ্ঠিক ব্ৰহ্মচাৰী৷ গতিকে ১০-ৰ পৰা ৫০ বছৰৰ নাৰীৰ প্ৰৱেশ মন্দিৰত নিষিদ্ধ৷ এয়া বিশ্বাস আৰু পৰম্পৰা৷ এই বিশ্বাস আৰু পৰম্পৰাৰ ধ্বজা কেতিয়াৰ পৰা উৰিছিল, তাৰ সঠিক উত্তৰ পাবলৈ নাই৷ কোনোৱে কয় এই পৰম্পৰা মাজভাগত আৰোপিত৷ এটা সময়ত হেনো ৰজাঘৰৰ মহিলাসকলৰ প্ৰৱেশত বাধা নাছিল৷ কিন্তু পট-পৰিৱর্তন হৈছিল আৰু মন্দিৰত ৰজস্বলা নাৰীৰ প্ৰৱেশ নিষিদ্ধকৰণৰ পৰম্পৰা কপকপীয়া হৈছিল৷ এই বিষয়টোলৈয়ে বাক-বিতণ্ডা, অৰিয়াঅৰি চলি আছিল৷ বিষয়টো নিষ্পত্তিৰ নিমিত্তে ন্যায়ালয়ৰ কাষ চপা হৈছিল৷ ১৯৯১ চনত কেৰেলা উচ্চ ন্যায়ালয়ে পৰম্পৰা ৰক্ষাৰ সপক্ষে ৰায় প্ৰদান কৰিছিল৷ ২৮ ছেপ্তেম্বৰ, ২০১৮ চনত উচ্চতম ন্যায়ালয়ে ৰায় দান কৰাৰ পাছত, সেই ৰায় পালন কৰিবলৈ যাওঁতেই লাগিল কেনা৷ মন্দিৰৰ হর্তা-কর্তা আৰু একান্ত ধর্মৰক্ষকসকল নাচোৰবান্দা, কোনো কাৰণতে পৰম্পৰাৰ প্ৰাচীৰ ভাঙিবলৈ দিয়া নহ’ব!
বিশ্বাস আৰু পৰম্পৰাৰ কট্টৰপন্থীসকলে ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনালে আৰু পৰিস্থিতি ৰক্তাক্ত হ’ল৷ ওলাই পৰিল তথাকথিত শিক্ষিতৰ স্বৰূপ৷ দেশৰ উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে সকলো লিংগৰ দর্শনার্থীয়ে সব্ৰিমালাত আয়েপ্পাক দর্শন কৰিব পাৰিব৷ এয়া যেন ৰায় নহয়—, লিংগ বৈষ্যমৰ ওপৰত এক প্ৰচণ্ড হাতুৰীৰ কোবহে যেন! বিশ্বাস আৰু পৰম্পৰাৰ ধ্বজাবাহীসকল গুজৰি উঠিল৷ তাৰ বিপৰীতে প্ৰগতিশীল আৰু লিংগ বৈষ্যমৰ প্ৰাচীৰ ভাঙিব খোজাসকলে প্ৰকাশ্যে সমদল কৰি আৰু গোপন পৰিকল্পনাৰে আয়েপ্পা দর্শনৰ পৰম্পৰা ভংগ কৰিবলৈ বদ্ধপৰিকৰ হ’ল৷ অৱশেষত ২০১৯ চনৰ জানুৱাৰীৰ দুই তাৰিখে শ্ৰীমতী বিন্দু আমিনি (৪২) আৰু শ্ৰীমতী কনকাদুৰগা (৪৪) নামৰ দুগৰাকী মহিলা ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ সহযোগিতাত পুৱা ৩.৩৮ বজাত গোপনে মন্দিৰত প্ৰবেশ কৰে৷ এই কামটো ইমানেই সংগোপনে কৰা হৈছিল যে বিশ্বাস আৰু পৰম্পৰাৰ পহৰাদাৰীসকলে তলকিবই নোৱাৰিলে৷ যেতিয়া সেইদিনা পুৱা ৮ বজাত বৈদ্যুতিন মাধ্যমসমূহে বিষয়টো সম্প্ৰচাৰ কৰিলে আৰু খবৰটো ৰাষ্ট্ৰহৈ পৰিল, তেতিয়া কেৰেলাৰ ৰাজপথত আৰম্ভ হ’ল এক ভূমিকম্পৰ জোঁকাৰণি! আৰম্ভ হৈ গৈছিল হৈ-চৈ৷ মন্দিৰৰ পূজাৰীয়ে ঘোষণা কৰিলে তিৰোতা মানুহে মন্দিৰত প্ৰৱেশ কৰা হেতুকে মন্দিৰ বন্ধ থাকিব আৰু মন্দিৰ বিশুদ্ধিকৰণ কৰা হ’ব৷ ৰাজপথত নামিল সমর্থক আৰু প্ৰতি সমর্থকৰ প্ৰতিবাদী মিছিল৷
বিন্দু আৰু কনকাদুৰগাই সব্ৰিমালাত প্ৰবেশ কৰাটো ঐতিহাসিক মুহূর্ত হৈ ৰ’ব আৰু লিংগবৈষম্যৰ বিৰুদ্ধে কৰা আন্দোলনসমূহৰ ভিতৰত অন্যতম সাহসী পদক্ষেপ ৰূপে চিহ্নিত হৈ থাকিব৷ এই সমগ্ৰ ঘটনাৰাজিত ৰাজনীতি সংপৃক্তহৈ থাকিলেও এটা কথা অনস্বীকার্য যে দল-সংগঠন আৰু ব্যক্তিৰ মানসিক পৰিমণ্ডল দুটা মেৰুত উলম্বভাবে বিভক্ত হৈ গ’ল৷ প্ৰগতিশীল নাৰীসকলৰ উপৰিও প্ৰকৃত শিক্ষাৰে শিক্ষিত দলীয় ৰাজনীতিকেও তথাকথিত বিশ্বাসৰ সোঁতৰ বিপৰীতে অৱস্থান কৰিলে৷ ‘ভূমাতা বিগ্ৰেড’ৰ ত্ৰুপ্তি দেশায়ে স্পষ্টকৈ কৈছে যে মহিলা দুগৰাকী মন্দিৰত প্ৰবেশ কৰা বাবে মন্দিৰৰ বিশুদ্ধিকৰণ কৰিব নালাগে, বৰঞ্চ যিসকল পূজাৰী আৰু তথাকথিত কট্টৰ ভক্তই এই কাম কৰিব খুজিছে তেওঁলোকৰ মানসিকতাৰহে বিশুদ্ধিকৰণ কৰা উচিত৷ শ্ৰীমতী ৰেখাৰাজ নামৰ নাৰীবাদী সমাজকর্মীগৰাকীয়ে কৈছে যে দুগৰাকী মহিলাই আমাৰ সংবিধানৰ মূল্যক দাঙি ধৰিলে৷ বি.জে.পি সাংসদ শ্ৰী উদিৎ ৰাজে প্ৰশ্ন কৰিছে যে যিগৰাকী মহিলাৰ পেটত মানুহৰ জন্ম, তেওঁ কিদৰে অশুদ্ধি হ’ব পাৰে! কেৰেলাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়ানে কৈছে যে তেওঁ ভোট আৰু আসনৰ বাবে সব্ৰিমালাৰ ওপৰত থকা তেওঁৰ আদর্শগত অৱস্থান সলনি নকৰে৷ মন কৰিবলগীয়া যে ধর্মক্ষেত্ৰ একপ্ৰকাৰ যুদ্ধক্ষেত্ৰলৈ পৰিৱর্তনহৈ ৰাজনীতিৰ শ্লোগানৰে ভৰি পৰিল বাতৰিৰ শিৰোনাম৷ শাসকীয় আৰু বিৰোধীৰ এই বিষয়বোৰৰ ওপৰত হোৱা ৰছি টনা খেলখন এনেও ভাৰতীয় ৰাজনীতিৰ অলংকাৰ! এটা কথা সত্য যে কাৰোবাৰ বিশ্বাসৰ বিপৰীতে কাৰোবাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ‘ধর্মনিৰপেক্ষ গণতান্ত্ৰিক’ দেশ এখনত পুলিচৰ সহায় ল’ব লগা হৈছে—এইটোৱে সমঅধিকাৰৰ গণতান্ত্ৰিক বুলি জহাই থকা সমাজ ব্যৱস্থাটোত চূণ সানিলে৷
সামাজিক অভিযন্তাসকল সমাজ সংস্কাৰক নহয়৷ বহু ক্ষেত্ৰত তেওঁলোকে সামাজিক আৱেগৰ লগত খেলা কৰি এক অবুজ আনন্দ ল’বলৈ বিচাৰে৷ উৎসতে যিয়েই নাথাকক লাগিলে, সময়ৰ লগে লগে ধর্মৰ উদ্দেশ্য, চৰিত্ৰ, পন্থা আদিবোৰ বহুধা বিভক্ত হৈছে ব্যক্তি স্বার্থৰ তালে তালে৷ ধর্মৰ মূল আধাৰেই হৈছে বিশ্বাস৷ দুখ-কষ্ট-অনিশ্চয়তাৰে পৰিপূৰ্ণ জীৱনটো চলাই নিবলৈ দুর্বল অসহায় মানুহৰ বাবে এনে বিশ্বাসৰ হয়তো উপযোগিতামূলক মূল্য আছিল। বহুক্ষেত্ৰত এই বিশ্বাস যুক্তিহীন আৰু সর্বত্ৰ এই যুক্তিহীন বিশ্বাসে সীমা চেৰাই যায়৷ তেতিয়াই সৃষ্টি হয় অথন্তৰৰ৷ ক্ষমতালিপ্সু আৰু ন্যস্ত স্বার্থৰ লবীয়ে বিশ্বাসক ঢাল বনাই যেতিয়া ধর্মক্ষেত্ৰক ৰণক্ষেত্ৰলৈ ৰূপান্তৰ কৰে, তেতিয়া ধর্মৰ তথাকথিত নিষ্কলুষ (?) উদ্দেশ্যই বাট হেৰুৱায়৷ তাতে আকৌ ঋষিৰ শাপৰ লগত ধানৰ ভাপ দিয়াৰ দৰে ধর্মৰ শ্লোগান ৰাজনীতিৰ শ্লোগানৰ স’তে সংপৃক্ত কৰি এচামে ভাৰতীয় গণতন্ত্ৰক হতাশজনক অৱস্থালৈ লৈ গৈছে৷ তদ্ৰুপ সামাজিক ন্যায়ৰ নামত ৰাজনৈতিক মুনাফাৰ চক্ৰান্ত সমগ্ৰ মানৱৰ জাতিসত্তাৰ স্বাভিমানত কুঠাৰঘাত৷ বিশ্বাসৰ মেটমৰা বোজা বৰ সহজতে নোহোৱা কৰিব নোৱাৰি৷ তাতে যদি গোপন অভিসন্ধিৰে কার্য-নিৰ্ণয় কৰা হয়, বিশ্বাস-অবিশ্বাসৰ মায়াজাল ভেদি কাৰোবাক উলিয়াই অনাটো কঠিনেই নহয় অসম্ভবো ৷