চাহ গছৰ চকুলো—(মণিকংকণা বৰবৰা)
ধূলিময় চোতালখনতে ঢাচ্ কৈ পৰি গ’ল হীৰামতী। লৰা-ঢপৰাকৈ কোনোবাই চোতালৰ এচুকত থকা পানী বাল্টিটোৰ পৰা পানী অলপ আনি তাইৰ মূৰত ছটিয়াই দিলে। শীতল পানীৰ স্পৰ্শত অলপ সময়ৰ পিছতে হেৰুওৱা সম্বিত ঘূৰাই পালে তাই। গাটো লৰচৰ কৰিব নোৱৰাকৈ অসম্ভৱ ধৰণেৰে গধূৰ হৈ পৰিল। পানীৰে আঠা বন্ধা চকুৰ পাহি দুটা তাই জোৰকৈ মেলি দিবলৈ চেষ্টা কৰিলে। আধা খোলা চকুৰে ছোমৰাৰ ঘামত ভিজা মুখখন ভাহি অহাত তাইৰ বিষালি বুকুখন কোনোবাই মচক্ মচক্ কৈ ভাঙি দিয়া যেন অনুভৱ হ’ল।
এতিয়াও মানুহবোৰৰ সেই একেই হা-হুমূনিয়াহেৰে ভৰা চিঞৰ-বাখৰ। আবতৰতো জ্বলি থকা জুইৰ আঙঠা হেন বলি থকা চৌপাশৰ বতাহ। উশাহত কেচেমা কেচেম গোন্ধ।
কেইবাটাও বছৰৰ মূৰত কেতিয়াবা অসুখত পৰি চুবুৰীয়া কোনোবা ঢুকালে গোটেইখন নিজান-নিতাল হৈ পৰে। শোকে-বেজাৰে দুদিন-তিনিদিনলৈ পেটলৈ ভাত-ৰুটী নোসোমায়। কিন্তু সেই দুদিনীয়া শোকৰ লগত আজিৰ পৰিৱেশ একেবাৰে নিমিলা। এই তিনিটা দিনৰ ভিতৰত বাগানৰ আধা অংশ মানুহ মৰি শেষ হৈ গৈছে। জী থকাবোৰৰ বুকুত জ্বলি আছে মৰিশালীৰ কেঁচা মঙহ পোৰা ৰঙা লেলিহান। কাৰোৰ পেটত একো নাই। খালী। অনবৰতে পেট ওফন্দি অহা ওকালি। এনেকৈয়ে আৰু কিছু দিন থাকিব লগা হ’লে বাগানখনৰ জীয়া মানুহবোৰ তেজ বমিয়াই বমিয়ায়েই নিঃশেষ হৈ যাব।
আপোনজনক হেৰুওৱাৰ শোক যে ইমান কঠিন! ইমান যাতনাকাতৰ! এনে যাতনা হীৰামতীৰ কল্পনাৰো অগোচৰ আছিল। মানুহৰ মৃত্যুও যে ইমান ভয়ানক, ইমান বীভৎস!
ঘৰৰ কাষৰে ৰামচৰণৰ ঘৈণীয়েক আৰু জীয়েক দুজনীৰ হিয়াভগা কান্দোনত হীৰামতীহঁতৰ ঘৰটোও কঁপি উঠা যেন লাগিল। বিছনাখনতনো কেনেকৈ আহি শুলেহি টলকিবই নোৱাৰিলে তাই। মাকে ভৰি দুখনত মিঠাতেলেৰে মালিচ কৰি আছে। ৰামচৰণৰ ঘৈণীয়েকে মাজে মাজে হাড়িয়া খাই দেওলীয়া হোৱা স্বৰ্গগামী গিৰিয়েকক চিঞৰি চিঞৰি এসোপামান শাও-শপনিও এৰি আছে।
ৰামচৰণৰ ঘৈণীয়েকৰ চিঞৰক তল পেলাই হীৰামতীয়েও হাউ হাউকৈ কান্দিবলৈ ধৰিল। ৰাজহুৱা শ্মশানৰ চিতাত অলপ আগতে তাইৰ দেহলাউটো ছোমৰাক নিজহাতেৰে তেল-হালধি সানি শুৱাই থৈ আহিছে। ছোমৰাৰ ক’লা পৰি যোৱা ওঁঠত যাঁচি থৈ আহিছে কেইবাটাও তপত চুমা। কপালখন ঢাকি থোৱা তাৰ কেকোঁৰা চুলিবোৰতো হাত বুলাই আহিছে তাই। ছোমৰাৰ তিলফুলীয়া নাকটোত ধৰি এবাৰ জোৰকৈ টানি দিবলৈ মন গৈছিল, কিন্তু ইমানবোৰ মানুহৰ মাজত কিবা এক লাজ অনুভৱ কৰি ৰৈ গ’ল তাই। ছোমৰাৰ মৌন মুখখনলৈ চাই তাইৰ বুকুখন ফালি-চিৰি কান্দোন এটা ওলাই আহিব খুজিও বুকুতে খুন্দা মাৰি ৰৈ গ’ল। সৰসৰাই বৈ অহা চকুলো দেখি হীৰামতীক মাকে বাৰে বাৰে কৈ আছিল—
“নাই কান্দবি হীৰা, নাই কান্দবি। ছোমৰাই কষ্ট পাবেক ৰে। বহুত দূৰ যাতে অলাইছে উ।”
ছোমৰাক দুখ নিদিয়াৰ স্বাৰ্থতে নকন্দাকৈ ৰৈ গৈছিল তাই। কেৱল বুকুৰ ভিতৰত বা-মাৰলী এজাক লৈ হীৰামতী নামৰ ভৰ-যৌৱনা গাভৰুজনীয়ে কৰম পূজাত ছোমৰাৰ মাদলৰ তালে তালে গোৱা গীতৰ কলিটো গাই আছিল—
“শিশিৰে কি ফুটে ফুল বিনা বৰিষণে
বচন কি মানে মন বিনা দৰিশণে।”
হীৰামতীয়ে আজি কেইবাটাও দিন ধৰি মুখলৈ একো এটা নিব পৰা নাই। বিবাহিত জীৱনৰ ছয়টা মাহত ছোমৰাক এৰি অকলে এবাতিও চাহ খোৱাৰ কথা মনত নপৰে তাইৰ। বাগানৰ অন্য মৃত ব্যক্তিসকলৰ দৰে ছোমৰাৰ নামতো ‘তিতা ভাত দিয়া’ পাতিবলৈ মানুহৰ অভাৱ ঘটিছে। জী থকাবোৰৰ কাৰোৰ মুখত মাত নাই, উৎসাহটো নায়েই, অনুৎসাহকণো দেখা গৈছে চৰম স্থবিৰতাৰ ৰূপত। একাকাৰ হৈ পৰিছে বাগানৰ জী থকা মানুহবোৰৰ পেটৰ জ্বালা, মনৰ জ্বালা।
কাম নকৰিলে পইচা নাই। পইচা নাথাকিলে ৰেচন নাই। মৰি যোৱা বা জী থকা মানুহবোৰৰ কাৰোৰ খবৰ ল’বলৈ বাগানৰ মেনেজাৰে ইচ্ছা প্ৰকাশ কৰা নাই। বাগানৰ পাত ছিঙা হোৱা নাই, কাৰখানা চলা নাই তাকে লৈহে মেনেজাৰৰ মন-মগজু উতলি আছে।
হীৰামতীহঁতে সদায়ে ভাবি আহিছে, সিহঁতবোৰ সৰু সৰু মানুহ। অসম দেশকহে সিহঁতে প্ৰাণভৰি ভাল পায়। অসম দেশৰ উন্নতিৰ বাবে সিহঁতে কাম কৰে। চাহপাত টুকি টুকি অসম দেশক লৈ সিহঁতে গান ৰচে, গায়। কিন্তু সিহঁত সৰু মানুহ বাবেই বাগানৰ বাহিৰৰ মানুহে সিহঁতৰ জীয়া-মৰা খবৰ নাৰাখে। ৰাখিব নোখোজে। বাগানৰ মালিক কোন সিহঁতে আজিও দেখা নাই। মেনেজাৰে যি কয়, চৰ্দাৰে যি কয় তাকে শুনি আহিছে। ভাত-ৰুটী খিনিৰ যোগাৰকণ হৈ থাকিলেই জীৱন চলি যায়।
হীৰামতী আৰু ছোমৰাই অৱশ্যে ভাত-ৰুটীখিনিৰ উপৰিও বাগানৰ মাজত এটা সেউজীয়া ভৱিষ্যতে কোঁহ মেলা সপোন দেখিবলৈ লৈছিল। চাহকলিতকৈয়ো কোমল। কিন্তু হীৰামতী-ছোমৰাৰ নিচিনা নিৰক্ষৰ নহ’ব। সিহঁতে কৰিব নজনা গণনাবোৰ জানিব, পঢ়িব নজনা চিহ্নবোৰ চিনিব। ঝুমুই গাবলৈ শিকিব। বগা মানুহে কোৱা ভাষাও জানিব। স্কুল-কলেজ সৱতে পঢ়িব সিহঁতৰ সন্তানে।
পেটৰ জ্বালাই হীৰামতীৰো মনৰ জ্বালা দুগুণে বঢ়াই তুলিছে। দিনে-ৰাতিয়ে বাগানৰ জীয়া মানুহবোৰ মৰাশ এটাহৈ ঘৰলৈ উভতি আহি আছে। মৰাশ কঢ়িওৱা বাহনৰ শব্দ, শিয়াল-কুকুৰৰ চিঞৰৰ লগত কান্দোনৰ ধ্বনি মিলিত হৈ সৃষ্টি হোৱা এক অদ্ভুত আৰ্তনাদত কঁপি উঠিছে গোটেই বাগানখন। কেইবাটাও দিন ধৰি নিচিঙা চাহ কলিবোৰে উমাল হাতবোৰৰ পৰশ পাবলৈ আকুল হৈ পৰিছে।
কামিয়াল মানুহবোৰ নাই, উমাল হাতবোৰো নাই।
ভাগৰৰ হুমূনিয়াহ নাই, কামৰ অন্তত চাহগছবোৰ কঁপাই তোলা হাঁহিৰ খিল্ খিলনিবোৰো নাই।
ভৰিত নাই ঝুমুইৰ ছন্দ!
হীৰামতী, চম্পাহঁতৰ ভৰুণ ওঁঠৰ গুণগুণনিও নাই— মেনেজাৰ-চৰ্দাৰৰ প্ৰতি বিদ্ৰোহ কৰোঁতাও নাই।
নাই প্ৰেমৰ ৰাগিত মতলীয়া হোৱা মহুৱা ফুলৰ বেজাৰ!
চিৰসেউজ বাগিচাৰ এটি কলি দুটি পাতত এতিয়া অকাল মৃত্যুৰ ছাঁ ।
অঃসহনীয়! অৱৰ্ণনীয়!
“চুলাই খোৱা মানুহবোৰহে মৰিছে, ভাল মানুহবোৰ মৰা নাই নহয়।”
উপহাস! তীব্ৰ বিতৃষ্ণা। চুলাই খাই বাগানৰ মানুহবোৰেই মৰে। অসমলৈ গিৰমিটত অহা ক’লা মানুহবোৰেই বগা চাহাবৰ চাবুকৰ কোব খাই মৰে। পঁচা চাউল খাই মৰে। তেজ হাগনি হৈ মৰে।
এইয়া হেনো সিহঁতৰ সমষ্টিৰ বিধায়কজনৰ মন্তব্য। মহমাৰা বাগানৰ পৰা হীৰামতীৰ দুখৰ সমভাগী হ’বলৈ অহা ল’ৰালি কালৰ বান্ধৱী মালতীয়ে নিজ কাণেৰে টিভিৰ নিউজ চেনেলত বিধায়কজনে এনেকৈ কোৱা শুনিছিল আৰু দেখিছিল হেনো। কথাষাৰ শুনি হীৰামতীৰ বুকুৰ জুইকুৰা ভমক্কৈ জ্বলি উঠিল। বুকুৰ আমঠু ছোমৰাটোক কোনোবাই বেয়াকৈ কিবা এটা ক’লেও সহ্য নহয় তাইৰ। কোনোদিনেই মদ-ভাং মুখত নিদিয়া ছোমৰাক মংগলৰ সন্তানটোৰ ‘একৈশা’ পতাৰ দিনা লগৰ কেইটাই জোৰকৈ চুলাই আধাগিলাচ খাবলৈ দিছিল। এঢোক খায়েই বাকীখিনি পেলাই দিয়া নিজ চকুৰে দেখিছিল তাই। সেয়াই কাল হ’ল ছোমৰাৰ। চহৰৰ লালী গুড়ৰ ব্যৱসায়ীয়ে অধিক লাভ অৰ্জনৰ লোভত ‘মিথানল’ নামৰ বিহ মিহলাই বাগানখনকে মৰিশালি কৰি তুলিলে। মংগলৰ ‘একৈশা’ত ভাগ লোৱা বুঢ়া-বুঢ়ী, ডেকা আদি সৰহ সংখ্যকৰ লগতে বাগানৰ বহুকেইজনলোক একেটা ৰাতিৰ ভিতৰতে চিৰকাললৈ বাগানখন, পৃথিৱীখন এৰি গুচি গ’ল। কাৰখানাত চাহৰ টুকুৰিবোৰ জমা দিবলৈ গৈ পাতি থকা শাৰীটোৰ দৰেই এতিয়া চিতাত উঠি জ্বলিবলৈ ৰৈ আছে লানি লানি মৰাশ।
‘একৈশা’ পতা ৰংচঙীয়া কাপোৰেৰে বেৰাই থোৱা মংগলৰ ৰভা ঘৰটি এতিয়াও জনশূন্যভাৱে থিয় দি আছে। যেন খন্তেক পিছতে মানুহ এজুমে আহি গান-বাজনাৰে ভৰাই তুলিবহি মংগলৰ চোতাল খন! একৈশদিনীয়া পিতৃ-মাতৃহাৰা সন্তানটোক, অন্য এখন বাগানলৈ বিয়া দিয়া মংগলৰ ভনীয়েক জনীয়ে আহি বুকুত বান্ধি লৈ গৈছেহি।
মালতীয়ে কোৱা কথাখিনিয়ে বাৰে বাৰে হীৰামতীৰ মনৰ ভিতৰখনৰ পৰা ঠেতালি পেলাইছে। চুলাইত মিহলোৱা বিহ খাই মৰা মানুহবোৰ হঠাতে কেনেকৈ বেয়া মানুহৰ শাৰীত পৰিল! নিৰ্বাচনৰ সময়ত দেখোন সেইজন বিধায়কেই ভোট খুজিবলৈ আহি বাগানৰ শ্ৰমিকসকলেই দেশৰ গুৰুত্বপূৰ্ণ ব্যক্তি বুলি মন ভুলাইছিল। সুৰাৰ বটলো বিলাই ফুৰিছিল প্ৰতিজন শ্রমিকৰ ঘৰত। কাম খতি কৰি সেইজন বিধায়কৰ নির্বাচনী সভাত গাড়ীয়ে গাড়ীয়ে এইখন বাগানৰ শ্ৰমিকে ভাগ লৈছিলগৈ। এতিয়া এই মানুহবোৰৰ মৃত্যুক লৈ বিধায়কজনে কৰা অপমানসূচক মন্তব্য সহ্য কৰিবলৈ টান পালে তাই।
আনকালেও বছৰটোত কোনোবা নহয় কোনোবা এখন বাগানৰ মানুহ মৰে। খোৱা পানীৰ অভাৱত। পুষ্টিকৰ দ্ৰব্যৰ অভাৱত। মেলেৰিয়াত। ডায়েৰীয়াত।
কেতিয়াবা কাৰখানাতো যন্ত্ৰ-পাতিৰ চেপা-খুন্দাত কোনোবা শ্ৰমিক মৰে। নহ’লেবা চিৰকাললৈ হাত-ভৰি হেৰুৱাই ঘূণীয়া হয়। মহিলাবোৰ মৰে ৰক্তহীনতাত। অথচ বাগানৰ এই মানুহবোৰ মৰি যোৱাৰ খবৰহে পৃথিৱীৰ আন কোনেও নাপায়। কোনেও নাৰাখে। ৰাখিব নোখোজে।
হীৰামতী যেন নিজেই জুই একুৰা হৈ দাউ দাউকৈ জ্বলি উঠিব। সহনৰ সীমা পাৰ হৈ গৈছে তাইৰ। ছোমৰাহীন উদং বুকুখনৰ দুখেই তাই সহিব, নে মানুহহীন বাগানখনৰ যন্ত্ৰণাকে সহিব? তাতে আকৌ জ্বলা জুইত ঘিঁউ ঢলা কথা!
চাহ বাগানৰ শ্রমিকসকলৰ প্ৰতিটোপাল ‘তেজ আৰু ঘাম’ৰ বিনিময়তে অসম দেশ চলিছে, অসমৰ মন্ত্ৰী-মহাজনৰ পেট ভৰি আছে বুলি কেইদিনমানৰ আগতে কৃষক-শ্রমিক সংগঠন এটাৰ সভা এখনত ভাগ লওঁতে শুনা পাইছিল তাই। সকলো কথাৰ অৰ্থ মাত্র পঞ্চম শ্ৰেণীলৈকে স্কুলৰ মুখ দেখা হীৰামতীৰ বাবে কঠিন যেন লাগিলেও দুটা শব্দ সদায়ে মনলৈ আহি থাকে তাইৰ। শ্ৰমিকৰ তেজ আৰু ঘাম। তেজ আৰু ঘাম।
এই তেজ সিহঁতৰ। এই ঘামো সিহঁতৰ ।
অসম দেশৰ মাটিত সিহঁতৰ দেহৰ এই তেজ-ঘাম চিৰকাল ধৰি বৈ আছে।
আবেলি চাইৰেণৰ শব্দত বাগানখন কঁপি উঠিল। পুলিচৰ গাড়ীৰ লগত ট্ৰাকে ট্ৰাকে অনা পুৰুষ-মহিলা, শিশুৰে সৈতে নতুন মানুহ এদল বাগানখনত নামি পৰিল। হীৰামতীৰ মাকে পিৰালীতে বহি কিনো হৈছে বুলি চাবলৈ ৰাস্তালৈ ওলাই গ’ল। কাইলৈৰ পৰা নতুন মানুহবোৰ বাগানৰ কামত নিয়োজিত হ’ব। আকৌ কাৰখানা চলিব। দেশ-বিদেশলৈ ৰপ্তানি হ’ব বিখ্যাত ৰঙাগড়া চাহ বাগিচাৰ পনীয়া সোণৰ অকণি অকণি টুকুৰাবোৰ। ঠিক আগৰদৰেই।
আকৌ কৰম পূজাত মাদল বাজিব। দূৰ্গা পূজাত নতুন পোছাক পিন্ধি ৰঙীন হ’ব, আনন্দত উত্ৰাৱল হৈ পৰিব ৰঙাগড়া বাগান।
আকৌ নিৰ্বাচনী ধুমুহা চলিব। গাড়ীয়ে গাড়ীয়ে গৈ বাগানৰ ডেকা-গাভৰুৱে মন্ত্ৰী-বিধায়কৰ সভাত ঝুমইৰ নাচিব।
আৰু আকৌ চুলাই খাই মৰিব বাগানৰ মানুহ!
সন্ধ্যা লাগিছে। শ্মশান থলীৰ ফালৰ পৰা অহা চেঁচা বতাহ এছাটি লাগি সেউজীয়া চাহগছৰ পাতবোৰ জৰজৰাই উঠিল। ভৰ দুপৰীয়াতে আহি হীৰামতীয়ে শিৰীষ গছ এজোপাৰ তলতে অকলে বহি আছেহি। ছোমৰাৰ কাম শেষ হ’লেই একেলগে ঘৰলৈ উভতিব!
হীৰ…..আ !
মাকে চিঞৰিছে তাইক। অ’ৰ পৰা তলৈ মাকে তাইক বিচাৰি বিচাৰি হায়ৰাণ হৈ আছে। মাকক নোকোৱাকৈ ঘৰৰ পৰা ভৰ দুপৰীয়াখনতে গুচি আহিছিল তাই। মাকৰ চিঞৰত তন্দ্ৰা ভঙাত ঢলং-পলংকৈ শিৰীষজোপাৰ গাতে ধৰি থিয় হ’ল তাই। বাগানখনৰ যিমান দুৰলৈ চকু দিব পাৰি সিমান দুৰলৈকে দৃষ্টি নিক্ষেপ কৰি ছোমৰাৰ অৱস্থিতিৰ উমান ল’লে তাই। দূৰৈৰ পৰা ছোমৰাৰ মুখৰ ঝুমুইৰ কলি এটাও ভাহি অহা নাই। ছোমৰাৰ গাৰ ছাঁটোকো দেখা পাবলৈ নাই অতপৰে।
– হীৰা! এই হীৰ্ ৰা!
ছোমৰাৰ মাতষাৰো শুনা পাবলৈ নাই।
ছোমৰাটো কত দিনতে জ্বলি ছাই হৈ গ’ল। ছাই হৈ উৰি গ’ল।
হীৰামতীৰ চেনেহৰ ছোমৰাটো বতাহ হ’ল। তৰা হ’ল। পখিলা হ’ল। চৰাই হ’ল।
ছোমৰা গছ হ’ল। কথা নোকোৱা গছ। শিৰীষ গছ হ’ল ছোমৰা।
হঠাতে শিৰীষজোপাকে হীৰামতীয়ে ছোমৰা যেন অনুভৱ কৰি জোৰেৰে সাৱট মাৰি ধৰিলে। শিৰীষজোপাৰ গাত মূৰটো খুন্দিয়াই খুন্দিয়াই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে তাই। বহুদিনৰ পৰা শিল বান্ধি থকা চকুলোবোৰ গলি গলি বাহিৰলৈ বৈ আহিল। তাইৰ মুৰৰ তেজ লাগি ৰক্তাক্ত হৈ পৰা শিৰীষজোপা দেখি এই মুহূৰ্ততো মনলৈ আহিল তাইৰ—
তেজ আৰু ঘাম। তেজ আৰু ঘাম।
শব্দকেইটাই তাইক মুহূর্ততে জ্বলন্ত জুই একুৰালৈ সলনি কৰি পেলালে। দুৰ্বল শৰীৰটোৰেই এইবাৰ তাই ঘৰলৈ বুলি দৌৰি দৌৰি গ’ল।
ঘৰত সোমায়েই হীৰামতীয়ে পাকঘৰৰ বেৰত ওলোমাই থোৱা ছোমৰাৰ প্ৰাণতকৈ প্রিয় মাদলটো নমাই আনি ডিঙিত ওলোমাই পুনৰ চোতাললৈ ওলাই আহিল। নতুনকৈ সজা বাঁহৰ বেৰখনৰ তাঁৰ এডালত লাগি ধৰি গাৰ চাদৰখন মজিয়াতে খহি পৰি আহিল। মাকে পাছফালৰ পৰা সাৱটি ধৰিব বিচাৰিলে, কাৰোবাৰ সহায় বিচাৰি চিঞৰ-বাখৰ লগালে। নাই! কাৰোলৈকে ভ্ৰুক্ষেপ নকৰিলে তাই।
ছোমৰাৰ মাদলত হীৰামতীৰ হাতৰ পৰশ লাগি বাগানখনলৈ এজাক জোৱাৰ নামি পৰিল। মাদলৰ তালে তালে জী উঠিব ধৰিছে মৰি যাব ধৰা বাগানৰ প্ৰতিজোপা চাহগছ। যেন মৃতপ্ৰায় ৰঙাগড়া চাহবাগানখনলৈ প্ৰাণ উভতি আহিছে। আকৌ জী উঠিছে মৰাশ হ’ব ধৰা মানুহবোৰ। যেন ৰঙাগড়া বাগিচাত এইয়া কৰম পূজাৰ আখৰা!
চোতালখনতে ঘূৰি ঘূৰি ধূলি উৰুৱাই আউলি-বাউলি চুলিৰে হীৰামতীয়ে একেৰাহে মাদল বজাই থাকিল। য’ত যেনেকৈ আছিল জী থকা মানুহবোৰ হীৰামতীৰ চোতাল পালেহি।